কেন্দ্ৰীয় নিবন্ধ

ডাঃ দীননাথ শৰ্মা আৰু ‘আৱাহন যুগ’ (পৰমানন্দ মজুমদাৰ)

পৰমানন্দ মজুমদাৰৰ পুনৰ্সম্পাদনাত আৱাহন। প্ৰকাশক, অসম প্ৰকাশন পৰিষদ।
দীননাথ শৰ্মা

অসমৰ সংবাদপত্ৰৰ ইতিহাসতেই নহয় আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসতো ‘আৱাহন’ এক বৰ্ণিল অধ্যায়। বিংশ শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত ‘আৱাহন’ আলোচনীয়ে নতুন সমৃদ্ধি আনিছিল। ‘আৱাহন’ত অনুভূত হৈছিল বিষয়বস্তুৰ বিচিত্ৰতা, অনুসন্ধিৎসা, ৰূপান্তৰকামী চেতনা— যি ইয়াৰ আগতে বৰকৈ প্ৰতিফলিত হোৱা নাছিল। ঊনবিংশ শতিকাত ‘অৰুনোদই’ কাকতে অসমীয়া ভাষা প্ৰতিষ্ঠাত লোৱা ভূমিকা আছিল যুগান্তকাৰী। ‘মৌ”, ‘আসাম বন্ধু’ আলোচনীৰ মাজেৰে ‘জোনাকী’-ত অসমীয়া সাহিত্যই প্ৰতিষ্ঠা লাভ কৰিছিল। ‘জোনাকী’-ৰ সৌৰভকে ‘বাঁহী’-য়ে বিলাই গৈছিল। কংগ্ৰেছ প্ৰতিষ্ঠাৰ আগে আগে প্ৰকাশিত ‘চেতনা‘-ই অসমীয়াৰ জাতীয়তাবোধ জগাই তোলাত ব্ৰতী হৈছিল। ইয়াৰ পিছতেই আৱাহনে ভূমুকি মাৰি সাহিত্য, সমাজ, ইতিহাস, ৰাজনীতি, অৰ্থনীতি—সকলো বিষয়বস্তুৰ সমাবেশ ঘটাই সামগ্ৰিকভাৱে অসমৰ জাতীয় জীৱনলৈ এটা নতুন আলোড়ন আনিছিল।

আৱাহন’ প্ৰকাশৰ সময়ছোৱা আছিল বৰ গুৰুত্বপূৰ্ণ। ইতিমধ্যে প্ৰথম মহাসমৰ সংঘটিত হৈ গৈছে। ৰুছ বিপ্লৱে সমগ্ৰ পৃথিৱীতে এক নতুন প্ৰেৰণা আনিছে। ইফালে ভাৰতত স্বাধীনতা আন্দোলনে প্ৰসাৰ লাভ কৰিছে। অসহযোগ আন্দোলনে সমগ্ৰ দেশকে জোকাৰি গৈছে। এনে সময়তে, আইন অমান্য আন্দোলনৰ প্ৰাক্‌ মুহূৰ্তত ১৯২৯ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত (কাতি, ১৯৫১ শক) ‘আৱাহন’ প্ৰকাশ হ’ল কলকাতাৰ ৩নং গোবিন্দ বোস লেনৰ এটি ভাৰা ঘৰৰ পৰা। আটকধুনীয়া প্ৰচ্ছদেৰে সুসজ্জিত হৈ ওলোৱা ‘আৱাহন‘-ত কেৱল গল্প, কবিতা, প্ৰৱন্ধ শিতানত উচ্চ মানবিশিষ্ট ৰচনাই প্ৰকাশ পোৱা নাছিল, সমসাময়িক দেশীয় তথা আন্তৰ্জাতিক ঘটনা প্ৰৱাহৰ সম্যক ছৱি এখন দিয়াৰ বাবে ‘আৱাহনে‘ মুকলি কৰিছিল— বিশ্ব প্ৰৱাহ, বিজ্ঞান জগত, মহিলা জগত, বিবিধ, খেল ধেমালি, পুথি সমালোচনাকে ধৰি নানা শিতান। ইয়াৰ উপৰি আলোচনীখনত মাজে সময়ে প্ৰকাশ পাইছিল প্ৰসিদ্ধ গীতিকাৰৰ গীত আৰু ইয়াৰ সুৰ চানেকি।

আৱাহন’-ত অতি আকৰ্ষণীয়কৈ প্ৰকাশ পাইছিল একোজন চিত্ৰ শিল্পীৰ ৰঙীন চিত্ৰ, যিয়ে ‘আৱাহন’-ৰ সৌন্দৰ্য বঢ়াই তুলিছিল। ইয়াৰ লগতে আছিল স্বাধীনতা আন্দোলনৰ স্বনামধন্য ব্যক্তিৰ আলোকচিত্ৰ একোখন। ‘আৱাহন’-ত সততে পঢ়ুৱৈৰ চকুত পৰা আন এটা দিশ আছিল ইয়াৰ বিজ্ঞাপন। এই চকুৰোৱাকৈ ওলোৱা বিজ্ঞাপনসমূহে সেই সময়ৰ ছৱিখন আমাৰ চকুত পৰিস্পুট কৰি তোলে। সকলো ফালৰ পৰাই চাবলৈ গ’লে ‘আৱাহন’ আছিল আধুনিক চিন্তন আৰু মননৰ বাহন। এই কথা বিস্ময়াভিভূত হৈ লক্ষ্য কৰিছিলোঁ সম্প্ৰতি অসম প্ৰকাশন পৰিষদে ছোৱা ছোৱাকৈ গ্ৰন্থৰূপত প্ৰকাশ কৰি থকা আৱাহনৰ সম্পাদনাৰ দায়িত্ব বহন কৰি। পৃষ্ঠা লুটিয়াই আমাৰ ধাৰণা হৈছে এনে এখন সকলো ফালৰ পৰা সমৃদ্ধ দ্বিতীয়খন আলোচনী আজিও প্ৰকাশ পোৱা নাই।

আৱাহনৰ স্ৰষ্টা আৰু দ্ৰষ্টা আছিল ডাঃ দীননাথ শৰ্মা। তেওঁৰ জীৱন পৰিক্ৰমালৈ চালে দেখা পাওঁ— তেওঁ পঢ়িছিল চিকিৎসাবিদ্যা, কিন্তু তেওঁ হ’লগৈ অসমীয়া ভাষা সাহিত্যৰ নিৰৱছিন্ন সেৱক। অভিভক্ত কামৰূপ জিলাৰ বজালী অঞ্চলৰ বামুণকুছি গাঁৱত ১৮৯৪ খ্ৰীষ্টাব্দৰ ১৭ জুলাইত দীননাথৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল চণ্ডীচৰণ শৰ্মা আৰু মাতৃ ৰামেশ্বৰী দেৱী। দীননাথে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গাঁৱৰ নিকটৱৰ্তী পাঠশালাত। পাঠশালাৰ শিক্ষা তেওঁ লৈছিল সন্তোৰাম চৌধুৰীৰ তত্বাৱধানত। সন্তোৰাম চৌধুৰীক পাঠশালা অঞ্চলৰ এগৰাকী স্বনামধন্য শিক্ষক তথা ভ্ৰাম্যমাণ নাট্য আন্দোলনৰ পথিকৃৎ হিচাপে সকলোৱে শ্ৰদ্ধা কৰিছিল। ইয়াৰ পিছত ওচৰৰে পাটাছাৰকুছিৰ স্কুলৰ পৰা এম ই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে গোৱালপাৰা জিলাৰ গৌৰীপুৰ হাইস্কুলত। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ  কলেজীয়া শিক্ষা গ্ৰহণ কৰে কোচবিহাৰত। ইয়াৰ পিছত তেওঁ কলকাতাৰ নেশ্বনেল মেডিকেল কলেজৰ পৰা ডাক্তৰী শিক্ষা সম্পূৰ্ণ কৰে।

চিকিৎসাবিদ্যা গ্ৰহণ কৰি কিছুদিন দীননাথে গাঁৱতে চিকিৎসা আগবঢ়াইছিল যদিও মন বেছিকৈ ধাবিত হ’ল কলা-সংস্কৃতিৰ প্ৰতিহে। সৰুৰে পৰা সাহিত্যৰ প্ৰতি তেওঁৰ ৰাপ আছিল। নাট্যচৰ্চাৰ লগতো তেওঁ যুক্ত হৈছিল। নিৰ্বাক থিয়েটাৰশৈলীৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল। তেওঁ এনে ধাৰাৰ নাটক প্ৰস্তুত কৰাৰ কথা জনা যায়, যি নাটক গঢ় লৈ উঠিছিল ধৰ্মমূলক, পৌৰাণিক আখ্যানৰ অৱলম্বনত। এম, ই স্কুলত পঢ়া কালতে তেওঁ হাতে লিখা ‘বীণা’ নামৰ এখন শিশু আলোচনী সম্পাদনা কৰিছিল। গৌৰীপুৰত পঢ়াকালত তেওঁ ৰূপহী আৰু গোৱালপাৰাৰ জমিদাৰৰ পৰিয়ালৰ সান্নিধ্য ল’বলৈ সুযোগ পাইছিল। গোৱালপাৰাৰ প্ৰসিদ্ধ

জমিদাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাতে তেওঁ কোচবিহাৰ আৰু কলকাতাত ডাক্তৰীবিদ্যা সম্পূৰ্ণ কৰিছিল। সাহিত্যানুৰাগী নগেন্দ্ৰনাৰায়ণে দীননাথৰো সাহিত্যানুৰাগৰ কথা জানিছিল সেয়ে শিক্ষা সমাপ্ত হোৱাৰ পিছত দুয়োজনৰ মাজত এখন ৰুচিসন্মত অসমীয়া আলোচনী উলিওৱাৰ পৰিকল্পনা চলিল। কলকাতাত থাকোঁতে দীননাথৰ এই চিন্তা মনলৈ আহিছিল। প্ৰায় চাৰিটা বছৰৰ চিন্তা-চৰ্চাৰ অন্তত ‘আৱাহন’ ওলাল যাৰ আৰ্থিক দিশটো চম্ভালি লৈ নগেন্দ্ৰনাৰায়ণ হ’ল মূল হোতা। দীননাথ হ’ল ইয়াৰ সম্পাদক। আৰম্ভণিৰে পৰা গল্প লিখি নগেন্দ্ৰনাৰায়ণে ‘আৱাহন‘-ৰ পাততে এজন সুপ্ৰসিদ্ধ গল্পকাৰৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। বৃহৎ অসমীয়া সমাজখনৰ লগত প্ৰথমবাৰৰ বাবে গোৱালপাৰাৰ সমাজ জীৱনৰ প্ৰৱাহ তেওঁৰ গল্পৰ মাজেৰে সংযোজিত হ’ল। তেওঁ প্ৰথম বছৰটোত ‘আৱাহন‘-লৈ আৰ্থিক সাহায্য আগ বঢ়াইছিল। প্ৰথম বছৰটি সম্পূৰ্ণ কৰাৰ পিছত দ্বিতীয় বছৰত দীননাথে নিজেই অৰ্থৰ দিশটোও চম্ভালি ল’লে।

আৱাহন’ প্ৰকাশৰ লগে লগে ক’বলৈ গ’লে অসমীয়া সাহিত্যত নতুন দিগন্তৰ সূচনা হ’ল। দীননাথে সাহিত্যক জনজীৱনৰ ওচৰলৈ লৈ যাবলৈ প্ৰয়াস কৰিলে। সাহিত্য যে সমাজবিচ্ছিন্ন এটা বিমূৰ্ত বিষয় নহয়, সমাজ আৰু জাতিৰ বিকাশত যে সাহিত্যইও নিৰ্দিষ্ট ভূমিকা লয় সেই কথা ‘আৱাহন’-ৰ প্ৰথম সংখ্যাতে তেওঁ স্পষ্ট কৰি দিলে। সম্পাদকীয় নিৱেদনত তেওঁ লিখিলে, জাতীয় উত্থান বা দেশৰ উন্নতিৰ মূলতেই হৈছে সাহিত্য। সাহিত্য উন্নতিৰ প্ৰাণ। ইয়াৰ ভিতৰেদিয়েই জাতিৰ প্ৰকৃত আশা আকাংক্ষা আৰু তাৰ আচল সভ্যতাৰ ৰূপ দেখা দিয়ে। জাতীয় আদৰ্শপূৰ্ণ তেজীয়ান সাহিত্য জাতি গঠনৰ অপৰিহাৰ্য উপাদান। দীননাথে নিৱেদনত আৰু এষাৰ সোণসেৰীয়া কথা কৈছে সেয়া হ’ল, সাহিত্যৰ মোহন পৰশত সংকীৰ্ণতা স্বাৰ্থপৰতা আঁতৰি এক উদাৰ ত্যাগী জীৱন গঢ়ি উঠে। সাহিত্যৰ দুৱাৰেদি নতুন চিন্তাৰ সোঁত আহি মনোৰাজ্যত প্ৰৱেশ কৰে। নতুন ভাবত, নতুন সাজত জীৱনক ৰূপ দি গঢ়ি তোলে। তেওঁৰ দৃষ্টিত, এইখিনিতেই কি ব্যক্তি কি জাতিৰ জীৱনত সাহিত্যৰ প্ৰভাৱ।

সম্পাদক দীননাথৰ এই স্পষ্ট আৰু দৃঢ় দৃষ্টিভংগীৰ পৰশ পৰিছিল ‘আৱাহন’-ৰ পাতে পাতে। কোনোধৰণৰ সংকীৰ্ণতাক তেওঁ প্ৰশ্ৰয় দিয়া নাছিল। নতুন চিন্তা আৰু নতুন চেতনাক ‘আৱাহন’-ৰ পাতলৈ বোৱাই অনাত তেওঁ কোনো দ্বিধা কৰা নাছিল। পৃথিৱীৰ প্ৰতিবাদী মানুহৰ কণ্ঠস্বৰক তেওঁ আৱাহনত ঠাই দিছিল। য’তেই কুংস্কাৰৰ বিৰুদ্ধে, অস্পৃশ্যতাৰ বিৰুদ্ধে মানুহৰ জাগৰণ দেখিছে তাক তেওঁ ‘আৱাহন’-ৰ পৃষ্ঠাত ঠাই দি সমাজ ৰূপান্তৰৰ পৃষ্ঠপোষকতা কৰিছিল। গান্ধীৰ অস্পৃশ্যতাবিৰোধী আন্দোলনক তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। স্বাধীনতা আন্দোলনৰ বুকুত প্ৰসাৰ ঘটা হিন্দু-মুছলমানৰ বিৰোধক তেওঁ ধিক্কাৰ দিছিল, তেনে বিৰোধক প্ৰশ্ৰয় দিয়াসকলক তীব্ৰ ভাষাৰে নিন্দা কৰিছিল। ভাৰতীয় ঐক্যৰ ঐতিহ্য সোঁৱৰাই দি তেওঁ ভাল পাইছিল। সমাজতান্ত্ৰিক চেতনাৰ প্ৰতি মুকলিকৈ আগ্ৰহ প্ৰকাশ কৰি তেনে লেখাৰ বাবে ‘আৱাহন’-ত ঠাই উলিয়াই দিছিল। বিশেষকৈ ৰুচ-বিপ্লৱ আৰু বিপ্লৱোত্তৰ ৰুচ দেশৰ বিষয়ে ভালেমান লেখা ‘আৱাহন‘-ত প্ৰকাশ পাইছিল (তেওঁ নিজে ‘ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য‘ পুথি লেখি ‘ছোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল)। অসমৰ পমুৱা সমস্যাটো যুক্তিৰ তুলাচনীত লৈ তেওঁ আলোচনাত প্ৰবৃত্ত হৈছিল আৰু তেনে বহু লেখা তেওঁ প্ৰকাশ কৰিছিল।

গোৱালপাৰা আৰু কাছাৰক বংগৰ চামিলকৰণৰ বাবে এচাম বাংলাভাষীৰ প্ৰয়াসক তীব্ৰ সমালোচনাত ব্ৰতী হৈ তেওঁলোকৰ একাংশৰ অসমত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰস্তাৱৰ বিৰোধকো ধিক্কাৰ দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনেদৰে শংকৰদেৱৰ শেষ জীৱনৰ আশ্ৰয় কোচবিহাৰক অসমৰ অন্তৰ্ভূক্তিৰ বাবে বিষ্ণু ৰাভা প্ৰমুখ্যে লেখকৰ লেখা ছপাই তেওঁ এক আলোচনাৰ পাতনি মেলিছিল ‘আৱাহন’-ৰ পাতত।

আৱাহন’-ৰ পাতত অসমীয়া চুটিগল্পই সমৃদ্ধি লাভ কৰিছিল। সামাজিক, মনস্তাত্ত্বিক, আৰু ৰোমাণ্টিক চেতনাৰ কলাত্মক প্ৰকাশ কৰা নগেন্দ্ৰনাৰায়ণৰ উপৰি আনসকল গল্পকাৰ আছিল লক্ষ্মীধৰ শৰ্মা, মহীচন্দ্ৰ বৰা, ৰমা দাশ, কৃষ্ণ ভূঞা, বীণা বৰুৱা, হলীৰাম ডেকা, ত্ৰৈলোক্য নাথ গোস্বামী, নকুল চন্দ্ৰ ভূঞা আদি। তেনেদৰে বেজবৰুৱাৰ পৰা আৰম্ভ কৰি হিতেশ্বৰ বৰবৰুৱা, ৰজনীকান্ত বৰদলৈ, সৰ্বেশ্বৰ কটকী, সূৰ্য কুমাৰ ভূঞা, পদ্মেশ্বৰ গগৈ, আনন্দ চন্দ্ৰ আগৰৱালা, কমলাকান্ত ভট্টাচাৰ্য, জ্ঞান নাথ বৰা, বিষ্ণুপ্ৰসাদ ৰাভা, গোপিকাবল্লৱ গোস্বামী প্ৰমুখ্যে লেখকসকলে সাহিত্য, ধৰ্মতত্ত্ব, বুৰঞ্জী, অৰ্থনীতি, নৃতত্ত্ব আদি নানা বিষয়ত ‘আৱাহন’-ত চৰ্চা কৰিছিল। তেনেদৰে যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধাৰী, গণেশ গগৈ, দেৱকান্ত বৰুৱা আদিৰ কবিতাই ‘আৱাহন’-ৰ শ্ৰী বঢ়াইছিল। যিসকলৰ চিত্ৰশিল্পই ‘আৱাহন’-ৰ জেউতি আনিছিল সেইসকল হ’ল, প্ৰতাপ বৰুৱা, মুক্তা বৰদলৈ, জগত সিং কছাৰী, বিষ্ণুপ্ৰসাদ ৰাভা, হেমন্ত কুমাৰ মিশ্ৰ, প্ৰকাশ বৰুৱা আদি।

এইগৰাকী কৃতবিদ্য সম্পাদক দীননাথ শৰ্মাৰ ‘আৱাহন’ আছিল নিজৰ শ্বাস-প্ৰশ্বাস সদৃশ। আলোচনীখনৰ প্ৰতিটো পৃষ্ঠা যেন তেওঁৰ পৰিশীলিত হাতৰ স্পৰ্শত প্ৰাণ পাইছিল। নিজৰ কলমতো সদায় দেশ আৰু জাতিৰ দায়বদ্ধতা প্ৰকাশ পাইছিল। ১৯২৯-ৰ পৰা ১৯৪২-লৈ নিয়মীয়াকৈ আৱাহন ওলোৱাৰ পিছত তেওঁ স্বৰাজোত্তৰ কালত কেতিয়াবা গুৱাহাটী, কেতিয়াবা কলকাতাৰ পৰা অনেক কষ্টেৰে সত্তৰৰ দশকলৈ আৱাহন উলিয়াই আছিল। এইজনা স্থিতপ্ৰজ্ঞ ব্যক্তিৰ মৃত্যু হৈছিল ১৯৭৮ চনত।

(প্ৰবন্ধটোৰ সৈতে দিয়া ছৱিসমূহ পুৰণি আৱাহনত প্ৰকাশ হৈছিল)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *