সম্পাদকীয়

সম্পাদকৰ টোকা :: সাংস্কৃতিক অৱক্ষয় বনাম জনসংস্কৃতিৰ পুনৰ্জাগৰণ- (কৌশিক দাস)

অসমীয়া সংগীত, নাটক আদিৰ আলোচনাত প্ৰায়েই নেতিবাচক দৃষ্টিকোণৰ পৰা কথা এটা গুৰুত্ত্বসহকাৰে উত্থাপিত হোৱা দেখা যায়। অভিযোগ কৰা হয় যে অসমৰ সাংস্কৃতিক জগতখন ক্ৰমাৎ অৱক্ষয়ৰ গৰাহত নিমজ্জিত হৈছে। তেনে অৱক্ষয়ৰ বাবে উদ্বেগ প্ৰকাশ কৰা হয় যদিও, সৰহভাগ আলোচনাতে তেনে “অৱক্ষয়”-ৰ কাৰণ আৰু স্বৰূপৰ সন্দৰ্ভত সন্তোষজনক ব্যাখ্যা-বিশ্লেষণ কৰা চকুত নপৰে। সাধাৰণতেই তেনে আলোচনাত “অসমৰ সাংস্কৃতিক জগতখনলৈ অৱক্ষয় আহিছে”—এইটো এটা স্বতঃসিদ্ধ সত্য বুলি ধৰি লৈ কথাটোৰ বিচাৰ-বিশ্লেষণৰ প্ৰয়াস কৰা হয়। কিন্তু সাংস্কৃতিক ক্ষেত্ৰত “অৱক্ষয়” শব্দটোৱে বহন কৰা অৰ্থৰ সন্দৰ্ভত স্পষ্ট ধাৰণা নথকাৰ বাবে তেনে আলোচনা-বিলোচনা বহু ক্ষেত্ৰত নিজেই বিভ্ৰান্তি-বিসংগতিৰো উৎস হৈ পৰে। এই সংক্ৰান্তত দুটিমান একেবাৰেই প্ৰাৰম্ভিক কথা চমুকৈ আলোচনা কৰা যাওক।

বিজ্ঞানৰ অংগনত ভৌতিক জগতখনৰ “অৱক্ষয়”-ৰ ধাৰণাটো সুসংজ্ঞায়িত। হাততে পোৱা সহজ উদাহৰণ এটা লোৱা যাওক। আমাৰ চৌপাশৰ প্ৰকৃতিত বিভিন্নধৰণৰ কঠিন শিল উপলব্ধ। এই শিলসমূহৰ ওপৰত হেজাৰটা প্ৰাকৃতিক কাৰক, যেনে বৰষুণ, উত্তাপ, জলস্ৰোত, বতাহ আদিয়ে হেজাৰ হেজাৰ বছৰধৰি অবিৰতভাবে ক্ৰিয়া কৰি থাকে। এই প্ৰক্ৰিয়াটোক কোৱা হয় চূৰ্ণীভৱণ (Weathering)। চূৰ্ণীভৱণৰ ফলত শিলবোৰ ক্ষয়প্ৰাপ্ত হয়, শিলসমূহৰ “অৱক্ষয়” (Deformation / Disintegration) ঘটে। তেনে অৱক্ষয় নো কি, সেই কথাটো কোনো দ্বিধা-দ্বন্দ্ব নোহোৱাকৈ সহজেই বুজিব পাৰি। তদুপৰি, তেনে অৱক্ষয়ৰ আঁৰৰ ভৌত-ৰাসায়নিক শক্তিসমূহৰ প্ৰাৱল্য, অৱক্ষয়ৰ দ্ৰুতি আদিৰ জোখ-মাপ কৰা সম্ভৱ। কণিকা পদাৰ্থ-বিজ্ঞানত “প্ৰ’টনৰ অৱক্ষয়” পদাৰ্থৰ বিভংগনৰ এটা প্ৰকল্প (Hypothesis) যদিও তাৰ গাণিতিক আৰ্হি আছে। গতিকে আমি ক’ব পাৰোঁ যে ভৌতিক অৱক্ষয় পৰিমাপযোগ্য (Quantifiable)। লগতে আৰু এটা দৰকাৰী কথা, ভৌতিক অৱক্ষয়ৰ ব্যাখ্যা-বিশ্লেষণ পৰ্যবেক্ষক নিৰপেক্ষ। অৰ্থাৎ, পৰ্যবেক্ষকৰ ব্যক্তিগত কিম্বা গোষ্ঠীগত মত-মতাদৰ্শ, সামাজিক অৱস্থান আদিয়ে ভৌতিক অৱক্ষয়ৰ পৰিমাপযোগ্যতাৰ গুণটোৰ লগতে অন্যান্য বিচাৰ-বিশ্লেষণত অকণো প্ৰভাৱ পেলাব নোৱাৰে।

কিন্তু “সাংস্কৃতিক অৱক্ষয়”-ৰ বেলিকা কথাটো বাৰু একেই হয়নে? অতি গভীৰ স্তৰত মানুহৰ সাংস্কৃতিক চেতনাৰ সৈতে ভৌতিক জগতখনৰ জটিল সম্পৰ্ক থাকিলেও, সংস্কৃতি মূলতঃ হৈছে এটা সামাজিক প্ৰপঞ্চ। সামাজিক কৰ্মকাণ্ডসমূহ— ভৌতিক বিজ্ঞানত পৰিলক্ষিত হোৱাৰ দৰে— সুসংজ্ঞায়িতভাবে পৰিমাপযোগ্য নহয়। তাতোতকৈও ডাঙৰ কথা, সামাজিক কথা-বতৰা, ক্ৰিয়াকাণ্ডসমূহৰ ব্যাখ্যা-বিশ্লেষণ সাধাৰণতেই পৰ্যবেক্ষক নিৰপেক্ষ নহয়। আলোচক-পৰ্যবেক্ষকৰ নিজস্ব মতাদৰ্শ, সামাজিক অৱস্থান, ৰুচিবোধ আদিয়ে আলোচনাৰ দিশ বহুদূৰলৈ নিৰ্ণয় কৰি দিয়ে। সেইবাবেই, দুজন পৃথক মতাদৰ্শৰ আলোচকৰ ব্যাখ্যা-বিশ্লেষণ-সিদ্ধান্ত আদিত প্ৰচুৰ ভিন্নতাই দেখা দিয়ে ; কেতিয়াবা সেইসমূহ আনকি সম্পূৰ্ণ বিপৰীত হৈ পৰিবও পাৰে। এই কথাটোক সাধাৰণতেই “সাংস্কৃতিক অৱক্ষয়”-ৰ আলোচনাত যথোচিত গুৰুত্ত্ব দিয়া নহয়, কেতিয়াবা সম্পূৰ্ণ অগ্ৰাহ্য কৰা হয়। কথাটোৱে বিভ্ৰান্তিৰো জন্ম দিয়ে। অসমৰ পটভূমিত, ঘাইকৈ অসমীয়া সংগীতৰ প্ৰসংগত কথাটো জুকিয়াই চাবলৈ প্ৰয়াস কৰা যাওক।

অসমীয়া সংগীতৰ প্ৰগতিশীল ধাৰাটোৰ এক গৌৰৱময় উজ্জ্বল ইতিহাস আছে। এই অসমৰেই সম্তান কিম্বা অসমকেই কৰ্মক্ষত্ৰ কৰি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা আদিৰ সাংস্কৃতিক অৱদানসমূহ সমগ্ৰ বিশ্বৰেই সংগ্ৰামী আৰু প্ৰগতিশীল জনগণৰ বাবে অতি আপুৰুগীয়া অনন্য সম্পদ বুলি পৰিগণিত হৈ ৰ’ব। অদূৰ অতীতত তেনে দ্যুতিময়, অনুপম আৰু বৈচিত্ৰ্যপূৰ্ণ শক্তিশালী উপাদান থকাৰ পাছতো তৰ্কাতীতভাবে বিগত কেইটিমান দশকত অসমীয়া গীতৰ সেই প্ৰগতিশীল ধাৰাটো ক্ৰমাৎ স্তিমিত হৈ পৰিছে। তাৰ সলনি, সাধাৰণতেই আঙুলিয়াই দিয়া হয় যে একধৰণৰ তৰল, অগভীৰ আৰু স্থূলৰুচিৰ গানে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে। এইখিনি কথাৰ পৰা প্ৰায়েই—অলপ আগতে উনুকিয়াই অহাৰ দৰে— কোৱা হয় যে অসমীয়া সংগীতৰ জগতখন সম্প্ৰতি অৱক্ষয়ৰ গৰাহত।

এইখিনিতেই অলপ থমকি আমি কথা এটা গমি চোৱা উচিত। সাম্প্ৰতিক সময়চোৱাত সংখ্যাগত দিশৰ পৰা কিন্তু অসমৰ সংগীতৰ জগতখনলৈ যথেষ্ট চাঞ্চল্য আহিছে, শ্ৰোতাৰ কাণত আহি পৰিছেহি অজস্ৰ অসমীয়া গান। এইধৰণৰ নতুন গানৰ কথা-সুৰত মুগ্ধ হোৱা অগণন শ্ৰোতাও আছে। এইসকলে বাৰু “অসমীয়া সংগীতৰ জগতত অৱক্ষয় আহিছে”– এই কথাটোক গ্ৰহণযোগ্য বুলি ভাবেনে? উনুকিয়াই আহিছিলোঁ যে সাংস্কৃতিক ক্ষেত্ৰত অৱক্ষয়ৰ ধাৰণাটো মতাদৰ্শ-নিৰপেক্ষ নহয়। লগতে কথাটো ৰুচিবোধ সংক্ৰান্তৰ এটা মহাজটিল সমস্যাৰ সৈতেও সম্পৰ্কিত। গতিকে প্ৰশ্ন উঠিব, অসমীয়া গীতৰ অৱক্ষয়ৰ কথা কোনটো শ্ৰেণীৰ, কোনটো মতাদৰ্শৰ পক্ষৰ পৰা উত্থাপিত হৈছে? দেখদেখ কথা, অৱক্ষয় আহিছে প্ৰগতিশীল গীত-মাতৰ ধাৰাটোত। গতিকে এই অৱক্ষয়ৰ বাবে উদ্বেগ প্ৰকাশ কৰা শ্ৰেণীটো হৈছে প্ৰগতিশীল মতাদৰ্শৰ অনুগামী আৰু সমৰ্থক। অৱক্ষয়ৰ আপত্তি-অভিযোগ আহিছে সাম্প্ৰতিক গানসমূহৰ গুণগত দিশটোৰ দীনতাৰ প্ৰসংগত। এই “দীনতা”, “অৱক্ষয়”, “স্থূল ৰুচি” আদিৰ ধাৰণাবোৰ মতাদৰ্শগত ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। বিপৰীত মতাদৰ্শৰ লোকৰ বাবে এইবোৰ কোনো সমস্যাই নহয়, বৰঞ্চ তেনে লোকৰ চকুত এই গীত-মাতবোৰ সংস্কৃতিত নতুন সংযোজনহে।

গতিকে সাংস্কৃতিক অৱক্ষয়ৰ ধাৰণাটো কোনো বিশ্বজনীন, সৰ্বজনগ্ৰাহ্য সংজ্ঞাৰে উপস্থাপন কৰা নাযায়। সমাজত অহৰহ পৰিলক্ষিত হোৱা বিবিধ দ্বন্দ্ব আৰু বৈৰীমূলক মতাদৰ্শৰ বাবে সাংস্কৃতিক অৱক্ষয়ৰ ধাৰণাটো আপেক্ষিক। কোনোবা এটি মতাদৰ্শৰ লোকৰ বাবে যিটো পৰিত্যাজ্য “অপসংস্কৃতি”, অন্য এটা মতাদৰ্শৰ মানুহৰ বাবে সেইটো হয়তো নতুন দিনৰ আদৰণীয় উদ্দীপক। সেইবাবেই, সাংস্কৃতিক অৱক্ষয়ৰ কথা ক’বলৈ যাওতে আমি মতাদৰ্শগত পক্ষপাতী দিশটোৰ কথা প্ৰতিটো ক্ষণতে মনত ৰাখিব লাগিব।

উনুকিয়াই আহিছিলোঁ, সাম্প্ৰতিক অসমীয়া সংগীতৰ জগতত অৱক্ষয়ৰ যি অভিযোগ উত্থাপিত হৈছে, সেইটো আহিছে দেখদেখকৈ প্ৰগতিশীল মহলৰ পৰা। এইসকল লোকৰ বাবে কথাটো নিঃসন্দেহে গভীৰ উদ্বেগ আৰু শংকাৰ কাৰণ। কিন্তু তাৰ বিপৰীতে, প্ৰতিক্ৰিয়াশীল মতাদৰ্শৰ দৃষ্টিকোণৰ পৰা সাম্প্ৰতিক গীত-মাতবোৰ আদৰণীয়হে। গতিকে, প্ৰগতিশীল মহলে উত্থাপন কৰা সাংস্কৃতিক পুনৰ্জাগৰণৰ প্ৰসংগটো অৱধাৰিতভাবে মতাদৰ্শগত সংঘাত-সংগ্ৰামৰ সৈতে জ‌ড়িত হৈ আছে। লক্ষনীয় কথা, অসমীয়া গীতৰ প্ৰগতিশীল ধাৰাটোৰ শ্ৰীবৃদ্ধি ঘটিছিল প্ৰগতিশীল মতাদৰ্শগত আৰ্থ-ৰাজনৈতিক সংগ্ৰামৰ সৈতে সংগতি ৰাখিহে। সংস্কৃতিৰ সৈতে সমাজ-বাস্তৱতাৰ তেনে নিবি‌ড় সম্পৰ্কৰ কথা অগ্ৰাহ্য কৰি আমি সাংস্কৃতিক পুনৰ্জাগৰণৰ পৰিকল্পনাৰ কথা বাদেই, সাংস্কৃতিক অৱক্ষয়ৰ মৰ্মকথাৰ সামান্য ইংগিত পাবলৈও সমৰ্থ নহ’ম।

অসমৰ তদানীন্তন সাংস্কৃতিক জগতখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবিৰ্ভাৱ আক্ষৰিক অৰ্থত আছিল অনন্য আৰু অভিনৱ। জ্যোতিপ্ৰসাদৰ বহুমাত্ৰিক সৃষ্টিয়ে অসমৰ সাংস্কৃতিক পৰিমণ্ডলত এটা প্ৰচণ্ড অভিঘাতেৰে কঢ়িয়াই আনিছিল নতুনৰ প্ৰাণস্পন্দন। সহজ কথাত, জ্যোতিপ্ৰসাদৰ হাতত ধৰি সংস্কৃতিৰ অন্যান্য দিশৰ লগতে অসমীয়া সংগীতৰ জগতলৈ এটা উলম্ফন, এটা বিপ্লৱ আহিল। কথাটোৰ বিচাৰ কৰোতে আমি জ্যোতিপ্ৰসাদৰ অতুলনীয় মহাপ্ৰতিভাৰ লগতে সেই সময়ৰ উদ্দীপনাময়, গতিশীল আৰু সংগ্ৰামমুখৰ সামাজিক পৰিৱেশটোৰ কথাও বিবেচনা কৰি চাব লাগিব। ঔপনিবেশিক শোষণ-শাসনৰ প্ৰতিমুখে স্বাধীনতাৰ উদ্দীপনাময় সংগ্ৰাম, সমগ্ৰ বিশ্বক কঁপাই থৈ যোৱা দুখনকৈ মহাসমৰ আৰু তৎজনিত বিবিধ সংকট আদিৰে সেই সময়টো আছিল সঁচাই এটা অগ্নিযুগ। জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক চেতনা আৰু কৰ্ম সেই আৰ্থ-সামাজিক-ৰাজনৈতিক পটভূমিৰ সৈতে একাত্ম হৈ আছে। ঔপনিৱেশিক শোষণ-শাসনৰ বিৰুদ্ধে চলা নিৰন্তৰ সংগ্ৰামৰ সৈতে জ্যোতিপ্ৰসাদৰ শৈল্পিক-সাংস্কৃতিক চেতনা একাত্ম হৈ পৰিছিল। এইখিনিতে আৰু এটা কথালৈ আমি গুৰুত্ত্বসহকাৰে লক্ষ্য কৰা উচিত হ’ব। সেই সময়চোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত সমাজবাদী-সাম্যবাদী আন্দোলনে লাভ কৰিছিল অভাৱনীয় আৰু চমকপ্ৰদ অগ্ৰগতি। তাৰ প্ৰভাৱ জ্যোতিপ্ৰসাদৰ দৰে প্ৰখৰ সমাজচেতনাসম্পন্ন, জিজ্ঞাসা-উন্মুখ প্ৰতিভাৰ সাংস্কৃতিক চেতনাত পৰাটো আছিল অৱধাৰিত।

সেই একেই কথা সেই সময়ৰ অন্য প্ৰগতিশীল শিল্পীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। যোৱা শতিকাৰ গৰ্জনমুখৰ চল্লিছৰ বছৰকেইটিৰ আৰম্ভণিতেই “ভাৰতীয় গণনাট্য সংঘ”-ৰ প্ৰতিষ্ঠা কৰা হৈছিল। বহুতো প্ৰতিভাশালী শিল্পী-সাহিত্যিক আহি সমবেত হৈছিল সেই মঞ্চখনিত। অভূতপূৰ্ব আৱেগ-উদ্দীপনা, গভীৰ আশাবাদ আৰু অফুৰন্ত কৰ্মোদ্যম সম্পৃক্ত হৈ পৰিছিল গণসংস্কৃতিৰ সেই মহাআলো‌ড়নত। গণনাট্য আন্দোলন-আলো‌ড়নৰ কাণ্ডাৰী হেমাংগ বিশ্বাসৰ ৰচনাৰ পৰা তাৰ এটি উদাহৰণ দিওঁ। গণনাট্য সংঘই অসমৰ ভিতৰুৱা গ্ৰামাঞ্চলসমূহত বহুতো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল। তেনে অনুষ্ঠানে সৰ্বসাধাৰণ মানুহৰ ৰাজনৈতিক সচেতনতা প্ৰখৰ কৰাত অনুঘটকৰ ভূমিকা লৈছিল। বহুতো বিখ্যাত শিল্পীয়ে—তেখেতসকল আছিল গণনাট্য সংঘৰেই সদস্য—তেনে অনুষ্ঠান পৰিৱেশন কৰিছিল। হেমাংগ বিশ্বাসৰ ৰচনাৰ পৰা আমি জানিবলৈ পাওঁ যে মঞ্চত যেতিয়া কোনোবা এগৰাকী প্ৰখ্যাত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি আছিল, তেনে সময়ত অন্য বিখ্যাত শিল্পীসকলে—লোক-বিচ্ছিন্নতাৰ সংকীৰ্ণ পৰিধি অতিক্ৰমী,—সাধাৰণ মানুহৰ ঘৰে ঘৰে গৈ, সেই অঞ্চলৰ পৰা লোকসংগীত সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছিল। এই কথাবোৰে সমগ্ৰ গণনাট্য আন্দোলনটিৰ সজীৱতাৰ কথা স্পষ্টকৈ নিৰ্দ্দেশ কৰে।

গণনাট্যৰ যুগত সৃষ্টি হোৱা গীতসমূহৰ সৈতে সৰ্বসাধাৰণ শ্ৰোতা একাত্ম হৈ পৰিছিল, প্ৰগতিশীল গীতসমূহ বাগৰি ফুৰিছিল অসংখ্যজনৰ কণ্ঠত। আমাৰ ধাৰণা, উদ্দীপনাময় সামাজিক পৰিস্থিতিৰ উপৰিও তাৰ আৰু এটা কাৰণ আছে। গণনাট্যৰ বহুতো গীতৰ সুৰ আহিছিল লোকসংগীতৰ বিস্ময়কৰ আৰু অফুৰন্ত ভঁ‌ড়ালটিৰ পৰা। জনজীৱনৰ সৈতে অভিন্ন, মানুহৰ শ্ৰম আৰু সংগ্ৰাম মূৰ্ত্ত হোৱা গণসংগীতৰ আৱেশেৰে সৃষ্টি কৰা হৈছিল গণনাট্যৰ বহুতো নতুন গীত। তেনে গীতত সৰ্বসাধাৰণ মানুহে বিচাৰি পাইছিল নিজৰেই প্ৰাণৰ সুৰ। স্বাভাবিকতেই সাধাৰণ মানুহ সহজেই তেনে গীতৰ সৈতে একাত্ম হৈ পৰিছিল, গীতসমূহে লাভ কৰিছিল অভাৱনীয় জনপ্ৰিয়তা।

প্ৰগতিশীল আন্দোলনৰ বাবে দুখৰ কথা যে পৰৱৰ্তী সময়ত তেনে সাংস্কৃতিক উৎসাহ-উদ্দীপনা আৰু সজীৱতা ক্ৰমাৎ নিস্তেজ হৈ পৰিল। এই কথাটোও সমাজবাস্তৱতাৰ সৈতে জ‌ড়িত হৈ আছে। যোৱা শতিকাত ষষ্ঠ দশকত প্ৰগতিশীল শিৱিৰটোত প্ৰচণ্ড অন্তৰ্দ্বন্দ্ব আৰম্ভ হয়। ফলত বাঁওপন্থী আন্দোলনটোও বহুধাবিভক্ত হৈ পৰে। লগে লগে ৰাষ্ট্ৰৰ অৱদমনেও নতুন মাত্ৰা লাভ কৰে। পৰৱৰ্তী সময়ত কোনোদিনেই এই শিৱিৰটোৱে অসমৰ ৰাজনীতিত কেন্দ্ৰীয় স্থান দখল কৰিবলৈ সক্ষম নহ’ল। তাৰ লগতে আৰু এটা গুৰুতৰ কথা আছে। “সাংস্কৃতিক বিপ্লৱ”-ৰ ধাৰণাটোৱে বাঁওপন্থী দলসমূহত যথোচিত গুৰুত্ত্ব লাভ নকৰিলে। এই কথাটোৰ কাৰণে যে কিমান গভীৰ আৰু স্থায়ী ক্ষতি হ’ল, সেইটো কথা আমি অন্যত্ৰ চমুকৈ আলোচনা কৰিছোঁ।

যি কি নহওঁক, তেনে পটভূমিত গণনাট্যৰ পূৰ্বৰ উৎসাহ-উদ্দীপনা মোলান পৰিল। অলপ মন কৰিলেই আমি দেখিম, সেই অনুদ্যম সামাজিক পৰিৱেশৰ সময়তেই ভূপেন হাজৰিকাৰ দৰে অসামান্য প্ৰতিভাইয়ো সৃষ্টি কৰিছিল বহুতো আত্মকেন্দ্ৰিক গীত। “গুপুতে গুপুতে কিমান খেলিম”, “কি যে তোমাৰ সংগ প্ৰিয়া”, “মই যেন আজীৱন”, “মই যেতিয়া এই জীৱনৰ” আদি তাৰ উদাহৰণ। সুৰ, কথা আৰু অতুলনীয় কণ্ঠৰ গুণত তেনে গীতসমূহ ৰসোত্তীৰ্ণ হৈছিল সঁচা ; কিন্তু সেইসমূহ আছিল প্ৰগতিশীল ধাৰাটোৰ পৰা নিলগত। মন কৰা ভাল, গীতমাতত ব্যক্তিগত প্ৰেম-ৰাগ-বিৰহ আদি থকা উচিত নে, শিল্প-গীত মতাদৰ্শগত সীমাৰে আবদ্ধ কৰা যুগুত নে—এইধৰণৰ দৃষ্টিকোণৰ পৰা কথাটো আলোচনাৰ এই অংশত আমি উত্থাপন কৰা নাই। এই দিশটো উনুকিয়াইছোঁ এইটো কথা ব্যক্ত কৰিবলৈ যে তেনে গীতসমূহে পূৰ্বৰ প্ৰগতিশীল ধাৰাটোৰ সাক্ষৰ বহন কৰা নাছিল।

সপ্তম দশকৰ শেষত আৰু অষ্টম দশকত সমগ্ৰ অসম জোকাৰি গৈছিল অহিংসাৰ নামাৱলী গাত মেৰিয়াই লোৱা জাতীয়তাবাদী ভয়ংকৰ হিংস্ৰতাই। সেই সময়ৰ জাতীয়তাবাদীৰ উৎপী‌ড়নে অসমত প্ৰগতিশীল শিৱিৰটোক নিচিহ্ন-প্ৰায় কৰি পেলালে। স্বাভাবিকতেই তাৰ প্ৰভাৱ প্ৰগতিশীল গীতৰ জগততো পৰিছিল। নতুন সৃষ্টি প্ৰায় নোহোৱাৰ দৰে হৈছিল। ভূপেন হাজৰিকাৰ “মেঘে গিৰগিৰ কৰে” আদি আঙুলিৰ মূৰত লেখিব পৰা কেইটিমান গীততহে মাত্ৰ পূৰ্বৰ সেই গণচেতনা আৰু শ্ৰেণী-সংগ্ৰাম মূৰ্ত্ত হৈছিল। তেনে প্ৰতিকুল পৰিস্থিতিৰ মাজতো একাংশ প্ৰগতিশীল লোকে “জনসাংস্কৃতিক পৰিষদ” গঠন কৰি সাংস্কৃতিক সংগ্ৰামখন পুনৰুজ্জীৱিত কৰাৰ আন্তৰিক প্ৰয়াস কৰিছিল। প্ৰথমতে তেনে প্ৰচেষ্টাই যথেষ্ট গতিও লাভ কৰিছিল। পৰিতাপৰ কথা, কম সময়ৰ ভিতৰতেই তেনে প্ৰচেষ্টাই ধাৰাবাহিকতাৰ সৈতে সজীৱতাও হেৰুৱাই পেলালে।

তাৰ পৰৱৰ্তী দশকটোত ভাৰতবৰ্ষই ভৰি দিলে এটা সম্পূৰ্ণ ভিন্নতৰ যুগত। সূচনা কৰা হ’ল তথাকথিত গোলকীকৰণৰ। প্ৰগতিশীল শিৱিৰৰ পৰা গোলকীকৰণৰ বিৰোধ কৰা হ’ল সঁচা, কিন্তু তেতিয়াই বুজা গৈছিল, নিশকতীয়া আৰু বহুক্ষেত্ৰত বিভ্ৰান্ত বাঁওপন্থী মহলৰ বিৰোধিতা ফলপ্ৰসূ নহ’ব, বিশ্ব-পুঁজিবাদৰ আগ্ৰাসন হ’বগৈ অৱধাৰিত। গোলকীকৰণৰ সৈতে সংগতি ৰাখি আৰম্ভ হ’ল সাংস্কৃতিক আগ্ৰাসনৰ, সাংস্কৃতিক সাম্ৰাজ্যবাদৰ। প্ৰগতিশীল শ্ৰেণীটোৰ বাবে যেনেকুৱা গান-কথা স্থূল ৰুচিৰ, অসমতো তেনেকুৱা গানৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিলে। এই সংক্ৰান্তত বহুজনে গভীৰ আলোচনা কৰিছে, ইয়াত সেইসমূহৰ পুনৰাবৃত্তি নিস্প্ৰয়োজন। এই প্ৰসংগত আমি মাত্ৰ দুটা স্পল্পালোচিত দিশলৈ দৃষ্টি আকৰ্ষণ কৰাৰ যত্ন কৰিম। প্ৰথম, ইতিমধ্যেই অসমৰ প্ৰগতিশীল গীতৰ জগতখনত নতুন সৃষ্টি বন্ধ হৈ গৈছিল। দুই-একে (যেনে হৰেন্দ্ৰ নাথ বৰঠাকুৰ, লোকনাথ গোস্বামী) ঐকান্তিক প্ৰয়াস চলাই গ’লেও তেনে প্ৰচেষ্টা বিশ্বায়নৰ বিৰাট-বিপুল আগ্ৰাসনৰ তুলনাত তেনেই অপ্ৰতুল আছিল। মুঠতে প্ৰগতিশীল গীতৰ জগতখন সম্পূৰ্ণ স্তিমিত হৈ পৰিছিল। তদুপৰি— প্ৰগতিশীল গীতৰ বাহিৰেও— পূৰ্বৰ ধাৰা বহন কৰা অন্যান্য গীতসমূহৰ সুৰ-কথা আদি বহুতো শ্ৰোতাৰ বাবে হৈ পৰিছিল নতুনত্ববিহীন একঘেয়ামি। এই পটভূমি আছিল বিজতৰীয়া সাংস্কৃতিক আগ্ৰাসনৰ বাবে বৰ উপযোগী। দ্বিতীয় কথাটো অধিক গুৰুতৰ। সাংস্কৃতিক আগ্ৰাসনৰ পটভূমিত জন্ম লাভ কৰা গীতসমূহৰ ব্যৱসায়িক দিশটো পুঁজিবাদী বজাৰ-ব্যৱস্থাৰ সৈতে অতি সুন্দৰভাবে সম্পৃক্ত হৈ পৰিছিল। এই কথাটো বিশ্বায়নৰ পূৰ্বৱৰ্তী যুগত অসমত ইমান ব্যাপক ৰূপত কাহানিও পৰিলক্ষিত হোৱা নাছিল। বেপাৰ-বাণিজ্যৰ লাভালাভৰ অংক তেনে গীতৰ সৃষ্টিৰ অন্যতম চালিকা শক্তি হৈ পৰিছিল। কথাটো আজিও অপৰিৱৰ্তিত হৈ আছে।

গতিকে সাম্প্ৰতিক সময়ত অসমৰ গীতৰ প্ৰগতিশীল ধাৰাটো মহাদুৰ্যোগৰ কবলত পৰাৰ আঁৰত আছে বহুতো জটিল সামাজিক দ্বন্দ্ব আৰু সংকট। এই কথাসমূহে জনসংস্কৃতিৰ পুনৰ্জাগৰণৰ প্ৰসংগত প্ৰগতিশীল মহলত গুৰুত্ত্বসহকাৰে স্থান পোৱা উচিত। কথাটোৱে নিশ্চয় অতি ব্যাপক আলোচলা-বিলোচনা, বিচাৰ-বিশ্লেষণৰ দাবী কৰিব। আলোচনাৰ পৰৱৰ্তী অংশত এই সন্দৰ্ভত দুটিমান প্ৰাৰম্ভিক কথা উল্লেখ কৰিবলৈ প্ৰয়াস কৰিম।

প্ৰগতিশীল মহলটোৱে গীত-মাতৰ বাবে এতিয়াও ঘাইকৈ নিৰ্ভৰ কৰি আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকাৰ সেই অবিস্মৰণীয় আৰু নজহা-নপমা সৃষ্টিসমূহৰ ওপৰত। পুৰণিকেই সম্বল কৰি থকা এই কথাটোৱে কিন্তু শিবিৰটোৰ সজীৱতাৰ কথা নিৰ্দ্দেশ নকৰে। স্থবিৰতাৰ এই পৰিস্থিতিটো অতিক্ৰম কৰাৰ প্ৰয়াস কৰিব লাগিব। কামটো অতিশয় কঠিন, কিয়নো প্ৰতিক্ৰিয়াশীল শক্তিৰ জয়যাত্ৰাৰ গতি এতিয়া অতি বেছি, তুলনাত প্ৰগতিশীল আন্দোলন স্তিমিত আৰু নিস্তেজ। সঁচা কথা, এই নিৰুদ্যম পৰিস্থিতিত সেই তেতিয়াৰ গণনাট্যৰ যুগত কৰাৰ দৰে নতুন গীতমাতেৰে আলো‌ড়িত ব্যাপক আন্দোলন এটা গ‌ঢ় দিয়া টান। কিন্তু সেইবুলি পৰিস্থিতিৰ ওপৰত আত্মসমৰ্পণ কৰিলে জানোঁ সমস্যাটোৰ সমাধান হ’ব?

এই ক্ষেত্ৰত সংগঠিত প্ৰচেষ্টাই কিছু সহায় কৰিব বুলি ধাৰণা হয়। অতি কম হলেও দুই-একে এই পৰিস্থিতিতো সুন্দৰ গীতৰ সৃষ্টি কৰি আহিছে। কিন্তু তেনে প্ৰয়াস সাধাৰণতেই বিক্ষিপ্ত, সেইসমূহৰ প্ৰচাৰো কম। অলপতে “মুক্ত চিন্তা”-ৰ অনুষ্ঠান এটিত ভিতৰুৱা অঞ্চলৰ কণকণ ল’ৰা-ছোৱালীৰ দল এটিয়ে কঠিন প্ৰশিক্ষণ লৈ সুনিপুনভাবে সুন্দৰ সংগ্ৰামী গীত পৰিৱেশন কৰিছিল। তেনে সৰু সৰু দল অসমৰ বিভিন্ন স্থানত আছে, সেইসমূহ আগবা‌‌ঢ়িছে এককভাবে—হয়তো কিছু গাইগুটীয়াকৈ। স্বকীয়তা অটুট ৰাখি তেনে প্ৰগতিশীল গোটসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টা আৰু প্ৰয়াসে গণসংস্কৃতিৰ পুনৰ্জাগৰণত যথেষ্ট সহায় কৰিব।

সাংস্কৃতিক ক্ষেত্ৰত ঐক্যবদ্ধ হোৱাৰ পথত নিৰন্তৰ আত্মসমালোচনা আৰু পৰিস্থিতিৰ নিৰ্মোহ বিশ্লেষণ যে অতি প্ৰয়োজনীয়, সেইটো বহলাই কোৱাৰ সকাম নাই। কিন্তু এই কথাটোক কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাৰ পথত আভ্যন্তৰীণ আৰু বাহ্যিক—দুয়োবিধ বাধা যথেষ্ট শক্তিশালী। নেতৃত্ব, যশ, অৰ্থ আদিৰ প্ৰতি থকা অত্যধিক আসক্তি, ব্যক্তিগত বিভেদক আদৰ্শগত দ্বন্দ্বৰ আৱৰণ দিয়াৰ ধূৰ্ত্তামি, আত্মম্ভৰিতা ইত্যাদিৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা সাধাৰণতে কলিতেই মৰহি যায়। এইসমূহ সামন্তীয়-পুঁজিবাদী উপাদানৰ পৰা মুক্ত হ’বলৈ মননগত দিশত গুণগত এক মৌলিক আৰু আমূল পৰিৱৰ্তন অত্যাৱশ্যকীয়। তাৰবাবে লাগিব কঠোৰ, নিৰাৱেগ আৰু অবিৰত আত্মমন্থন। কথাটো এটা সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱৰ সৈতে সম্পৰ্কিত। এই কথাটো আমি অন্যত্ৰ বহুবাৰ আলোচনা কৰিবলৈ যত্ন কৰি আহিছোঁ। কথাটোৰ গুৰুত্ত্ব বুজিবলৈ, এই আলোচনাৰ প্ৰসংগত, এটি সৰু উদাহৰণৰ সহায় লোৱা যাওক।

অন্যৰ কথা বাদেই, বহুতো প্ৰগতিশীল লোকৰ বাবেও “জনগণৰ সুস্থ সংস্কৃতি”-ৰ ধাৰণাটো অস্পষ্ট। বহুতেই ধাৰণা কৰে, যে আমাৰ জনজীৱনৰ সৈতে একাত্ম হৈ থকা লোকগীত, লোকবাদ্য, লোকনৃত্য আদিক অবিকৃতৰূপত সংৰক্ষণ কৰাটো, সেইসমূহৰ ব্যাপক প্ৰচাৰ চলোৱাটো জনসংস্কৃতিৰ পুনৰ্জাগৰণ প্ৰধান লক্ষ্য। তাৰবাবে সেই আপুৰুগীয়া উপাদানসমূহৰ সংগ্ৰহ আৰু পুনৰুদ্ধাৰত গুৰুত্ত্ব প্ৰদান কৰা হয়। এই দিশটো নিশ্চয় অতি গুৰুত্ত্বপূৰ্ণ আৰু জৰুৰী। কিন্তু প্ৰগতিশীল সংগ্ৰামী সংস্কৃতিৰ পুনৰুজ্জীৱনৰ সৈতে সি কেনেদৰে সম্পৰ্কিত?

প্ৰত্যেক ক্ষেত্ৰতে নহ’লেও, পুৰণি লোকসংস্কৃতিৰ সংগ্ৰহ আৰু সংৰক্ষণৰ দিশটোৰ সৈতে সাঙোৰ খাই থকা তাৎপৰ্যপূৰ্ণ প্ৰৱণতা এটা সাধাৰণতেই চকুত পৰে। সেইটো হৈছে, আধুনিক সংগীতৰ প্ৰতি—বিশেষকৈ বিদেশী সংগীতৰ প্ৰতি অনীহা। কেতিয়াবা আনকি তেনে অনীহা বিতৰাগলৈও অধ:পতিত হোৱা দেখা যায়। এইটো প্ৰগতিশীল আন্দোলনৰ সৈতে, সংস্কৃতিৰ সজীৱতাৰ সৈতে একেবাবেই বিসংগতিপূৰ্ণ কথা। কথাটো বুজিবলৈ হাততে পোৱা এটা চমৎকাৰ উদাহৰণলৈ আমি লক্ষ্য কৰিব পাৰোঁ। গণনাট্যৰ যুগত ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল বহুতো কালজয়ী সংগ্ৰামী গীত। তাৰ মাজৰ এটা হৈছে “নামি আহা সুন্দৰৰে সেনা শিল্পীদল”। গীতটোৰ কথাংশ অনুপম, সেই প্ৰসংগ বেলেগ। গীতটোৰ আৰম্ভ হয় পাশ্চাত্যৰ দ্ৰুত লয়ৰ জৰিয়তে। কিন্তু হঠাৎ তাৰ মাজত সোমাই পৰে শংকৰদেৱৰ ব্যতিক্ৰমী বৰগীত “শুন শুন ৰে শুন বৈৰী প্ৰমাণা”-ৰ সুৰৰ আৱেশ। মাত্ৰ কেইটিমান পল, তাৰ মাজতেই মেজিকৰ দৰে সংঘটিত হৈ যায় এই সুৰ-সংশ্লেষণৰ অভাৱনীয় ঘটনাটো। এইটো মাত্ৰ এটা উদাহৰণহে। তাৰো আগতে জ্যোতিপ্ৰসাদে অসমৰ বিয়ানাম আদিৰ সৈতে পাশ্চাত্য-সংগীত একাত্ম কৰি অপূৰ্ব গীতৰ সৃষ্টি কৰিছিল। হেমাংগ বিশ্বাসৰ যুগজয়ী নিৰ্মাণ “শংখচিল”-ত ঝুমুৰকে আদি কৰি নানান সুৰৰ সমল পাশ্চাত্যৰ সংগীতৰ সৈতে মিহলি হৈ পৰিছিল। ভাবিলে বিস্ময়াভূত হ’ব লাগে, ভূপেন হাজৰিকাৰ চিৰনতুন, চিৰআধুনিক গীত “অগ্নিযুগৰ ফিৰিঙতি মই”-ৰ সুৰটো আহিছিল পুৰণি লোকগীতৰ পৰা। এইসমূহ কিন্তু যথেচ্ছভাবে, য’ৰ ত’ৰ পৰা সুৰ থপিয়াই আনি, সেইবোৰ মিহলাই জন্ম দিয়া গীত নাছিল। কথা, সুৰ, গায়কী আদি হৈ পৰিছিল ইটো সিটোৰ পৰিপূৰক, ইটোৰ পৰা সিটোক বিচ্ছিন্নকৈ চাবই নোৱাৰি। পূৰ্ব-পাশ্চাত্যৰ সুৰ অংগীভূত হৈ পৰিছিল স্ৰষ্টাৰ নিজস্ব সংযোজনৰ সৈতে, গীতৰ কথাৰ সৈতে সুৰ হৈ পৰিছিল একাত্ম। নানান সাংগীতিক উপাদানৰ তেনে সংশ্লেষণ-প্ৰক্ৰিয়াটো ইমান সূক্ষ্ম আছিল যে সেইসমূহক পৃথককৈ বিচাৰি উলিয়াবলৈ অতি টান। সংগ্ৰাম আৰু ৰূপান্তৰৰ স্বপ্নৰ সৈতে একাত্ম হ’ব নোৱাৰিলে তেনে সৃষ্টি সম্ভৱ হ’ব বুলি ধাৰণা নহয়। মন কৰিবলগীয়া কথা, বিগত দশককেইটিত অসমৰ লোকসংগীতসমূহ বহুতো গায়কে বৃহৎ মঞ্চত, বহুল প্ৰচাৰিত ইলেক্ট্ৰনিক মিডিয়াত পৰিৱেশন কৰি আহিছে। কথাটোত বহুতেই ঊৰ্ধবাহু হৈ সন্তোষ প্ৰকাশ কৰিলেও আমি লক্ষ্য কৰিব লাগিব, তেনে কাৰ্য সংগীতৰ পণ্যকৰণৰ নিদৰ্শনহে মাত্ৰ। প্ৰগতিশীল আন্দোলনত তেনেবোৰে কিবা সহায় কৰিব বুলি ভাবিব নোৱাৰি।

উক্ত কথাটোৰ সৈতে কিন্তু অন্য এটা স্বল্পালোচিত দিশলৈ আমি লক্ষ্য কৰা যুগুত। সংগীতৰ পণ্যকৰণ প্ৰগতিশীল আন্দোলনৰ সৈতে বিসদৃশ, সেইটো কোৱা বাহুল্য। কিন্তু মন কৰা ভাল, সেইজাতীয় গান গোৱা লোকসকল বহু বেছি পেশাদাৰী, কামকাজত অতি সতৰ্ক আৰু চিৰিয়াছ। পুঁজিবাদী বজাৰত পণ্য-বিপণনৰ দক্ষতা অবিহনে টিকি থকাটো সম্ভৱ নহয়; বজাৰ হৈছে তেনে গায়ক-গীতিকাৰৰ মূল চালিকাশক্তি। বিপৰীতপক্ষে, প্ৰগতিশীল শিৱিৰটোৰ সাংস্কৃতিক কৰ্মকাণ্ডবোৰ মুঠেই পেশাদাৰী নহয়। কথাটো যে আমি বজাৰ দখল কৰাৰ দিশৰ পৰা উত্থাপন কৰা নাই, সেইটো কোৱা বাহুল্য হ’ব। কামকাজত পেশাদাৰীত্ব অনাটো হৈছে এই সময়ৰ আহ্বান। বহু সময়ত তৎমূহুৰ্ত্তৰ আৱেগৰ বাবে কিছু গীতমাত বাণীবন্ধ হোৱা দেখা যায়, নানান অনুষ্ঠান আদিৰো আয়োজন কৰা হয়। কিন্তু তেনে প্ৰচেষ্টাৰ ধাৰাবাহিকতা নাথাকেগৈ। পেশাদাৰী মনোভাবেৰে কৰা দীৰ্ঘম্যাদী পৰিকল্পনা এইক্ষেত্ৰত বৰ দৰকাৰী বুলি ধাৰণা হয়।

আলোচ্য প্ৰসংগৰ সাংস্কৃতিক আধোগমনৰ বাবে প্ৰগতিশীলমহলৰ বৰ্ষীয়ান লোকসকলে সততেই নতুন প্ৰজন্মক দোষাৰোপ কৰা চকুত পৰে। নতুন প্ৰজন্মক দোষ দি কোনো লাভ নাই, নতুন প্ৰজন্মৰ মনস্তত্বৰ গভীৰ বিচাৰ-বিশ্লেষণ কৰিলেহে সি অৰ্থবহ কাৰ্য হ’ব। নতুন প্ৰজন্মৰ প্ৰতি বিতৰাগী মনোভাৱ পুৰণি প্ৰজন্মৰ এটা বহু যুগধৰি চলি থকা সমস্যা। এই সমস্যাত প্ৰগতিশীল, মুক্ত মনৰ মানুহ আক্ৰান্ত হ’লে শোভা নাপায়। কাৰ্যক্ষেত্ৰত দেখা যায়, নতুন প্ৰজন্মৰ নতুন ধাৰাৰ সৃষ্টি বহুতেই আদৰি ল’বলৈ সচেষ্ট নহয়। কোৱা বাহুল্য, কথাটো নতুন চামৰ তৰল গীতমাতৰ প্ৰসংগত উল্লেখ কৰা নাই। বিশ্বায়নে ক‌ঢ়িয়াই অনা এটি দিশলৈ আমি লক্ষ্য কৰিলে কথাটো পৰিষ্কাৰ হ’ব। আমি পূৰ্বে সাংস্কৃতিক সাম্ৰাজ্যবাদ আৰু তৎজনিত সাংস্কৃতিক আগ্ৰাসনৰ কথা উল্লেখ কৰি আহিছিলোঁ। তৰল, বজাৰকেন্দ্ৰিক, স্থূল ৰুচিৰ গীতমাতৰ আগমণ দ্ৰুততৰ হৈ আহিছিল বিশ্বায়নৰ লগে লগে। ইলেক্ট্ৰনিক মিডিয়াৰ জহত তেনে আগ্ৰাসন দিনে দিনে ত্বৰাণ্বিত হৈ আহিছে। কিন্তু লগতে আমি মন কৰিব লাগিব— অতি দ্ৰুত যোগাযোগৰ মাধ্যম, উন্মুত্ত হৈ পৰা তথ্যৰ ভাণ্ডাৰ আদিৰ বাবে আমাৰ সমাজখনে বিভিন্ন দেশৰ সুস্থ আৰু প্ৰগতিশীল সাংস্কৃতিক উপাদানৰ সৈতে পৰিচিত হোৱাৰ সুযোগো লাভ কৰিলে। ইন্টাৰনেটৰ ব্যৱহাৰ সুগম হোৱাৰ আগলৈকে পল ৰবচন, পীট ছিগাৰ, বব মাৰ্লি, জন বায়াজ, বব ডিলান, জন লেনন আদিৰ গীত অসমত দুৰ্লভ আছিল। আজি ঘৰে ঘৰে তেনে উদ্দীপনাময় গীতমাত মন গ’লেই শুনাটো সম্ভৱ হৈ পৰিছে। কিন্তু অলপ গমি চালেই ধৰিব পাৰি, এই দিশটোক প্ৰগতিশীল শিৱিৰটোৱে বৰ এটা গুৰুত্ত্ব দিয়া নাছিল, খুব সম্ভৱ শিৱিৰটোৰ পুৰণিচামৰ বহুতেই এতিয়াও গুৰুত্ত্ব দিয়া নাই। বহুক্ষেত্ৰত গীতমাত আদি বিদেশী হ’লেই সেইবোৰক অনাহুত উৎপাত বুলিহে গণ্য কৰা হয়। তেনে মনোভাৱ আৰু ৰুচিৰে নতুন চামৰ মাজত সোমাবলৈ টান। পূৰ্বতে আমি উনুকিয়াই অহা নিৰন্তৰ আত্মমন্থনৰ প্ৰয়োজনীয়তাৰ সৈতে কথাটো বিচাৰ কৰি চাব পাৰি। প্ৰগতিশীল লোকসকলে চিন্তাৰ মুক্ততাৰ সৈতে ৰুচিবোধৰ নমনীয়তাৰ প্ৰতিও যথোচিত গুৰুত্ত্ব প্ৰদান কৰিব লাগিব। একমাত্ৰ নিজৰ ৰুচিৰ সৈতে নিমিলাৰ বাবেই কোনো নতুন সৃষ্টিক অগ্ৰাহ্য কিম্বা পৰিত্যাগ কৰাটো মুক্ত চিন্তাৰ সাক্ষৰ নহয়। নতুন বস্তু এটা স্থূল ৰুচিৰ প্ৰতিক্ৰিয়াশীল নে শৈল্পিক গুণেৰে সমৃদ্ধ প্ৰগতিশীল, সেই কথাটো তৎমূহুৰ্ত্ততে চিনাক্ত কৰিব পৰাটো সাংস্কৃতিক সংগ্ৰামৰ এটা জৰুৰী দিশ। এইটোৰ বাবে অবিৰত অনুশীলন আৰু আত্মসংশোধন অপৰিহাৰ্য। কথাটো মানুহৰ মননগত উত্তৰণৰ সৈতে সম্পৰ্কিত। তেনে নিৰ্মোহ আত্মমন্থনৰ কঠিন-কঠোৰ-বন্ধুৰ পথত আগবাঢ়ি যোৱাৰ প্ৰসংগত—পূৰ্বতে উল্লেখ কৰা—সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজনীয়তাৰ কথাটো বাৰম্বাৰ আহি পৰে। প্ৰগতিশীল লোকে সেইবাবে হৃদয়ংগম কৰিব লাগিব যে সাংস্কৃতিক বিপ্লৱৰ মৰ্মাৰ্থ মাত্ৰ গীত-নাট-চলচ্চিত্ৰ আদিৰ সৃষ্টিত নিহিত হৈ থকা নাই, জনতাৰ মননগত দিশৰ আমূল পৰিৱৰ্তন হৈছে তাৰ মৰ্মবস্তু।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *