চৰ-চাপৰি, জাতীয়তাবাদ আৰু উত্তৰ-ঔপনিবেশিক ৰাষ্ট্ৰ (প্ৰফুল্ল নাথ)

অসমৰ, বিশেষকৈ নামনি অসমৰ ব্ৰক্ষ্মপুত্ৰৰ চৰ-চাপৰিত থকা পূৰ্ববংগীয় মূলৰ মুছলমান মানুহখিনিক লৈ তথাকথিত মূলসুঁতিৰ অসমীয়া সমাজ তথা প্ৰভাৱশালী মিডিয়াৰ নেৰেটিভবোৰ ভয়ানকভাৱে অনৈতিহাসিক (ahistorical), বৰ্ণবাদী (racist)  আৰু সাম্প্ৰদায়িক (communal) সময়ে সময়ে নতুন নতুন নেৰেটিভ চৰ-চাপৰিৰ লোকৰ সৈতে সাঙুৰি থকা হয়৷ এই বিভিন্ন নেৰেটিভবোৰৰ ভিতৰত চৰ-চাপৰিৰ লোকসকলক বাংলাদেশী বোলাটো হৈছে আটাইতকৈ প্ৰভাৱশালী৷ চছিয়েল মিডিয়াৰ ব্যাপক প্ৰচাৰৰ সময়ত নতুন নতুন বৰ্ণবাদী মন্তব্য যেনে বাংলাদেশীৰ লগতে মিঞা, গেদা, গেদী ইত্যাদিবোৰ শব্দ উগ্ৰজাতীয়তাবাদী বা হিন্দুত্ববাদী সোঁপন্থী কিছু লোকে ব্যাপকভাৱে ব্যৱহাৰ কৰা দেখা গৈছে৷  আজিৰ পৰা ১০-১৫ বছৰ আগেয়ে চৰ-চাপৰিত থকা বহু মুছলমানলোকক ক্ৰিমিনেলাইজ কৰিবলৈ পাকিস্তানী গুপ্তচৰ সংস্থা আই. এছ. আইৰ লগত সংযুক্ত কৰি আই. এছ .আই বা সেই সংস্থাৰ এজেন্ট বোলা হৈছিল৷ সম্প্ৰতি  আই. এছ. আই. ৰ দিন উকলি গৈছে আৰু নতুনকৈ যোগ হৈছে আইচিছৰ নাম৷ চৰ-চাপৰিৰ মুছলমানক জেহাদী বুলি আৰু চৰ-চাপৰিত ব্যাপকভাৱে জেহাদী কাৰ্য-কলাপ চলে বুলি বহুল প্ৰচাৰো চলে৷ এনেধৰণৰ বাংলাদেশী বা আই. এছ. আই বা জেহাদীৰ মিথ নিমাৰ্ণত উৎসাহেৰে সহায়-সহযোগ কৰে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ একাংশ সংবাদ গোষ্ঠীয়েও৷ একধৰণৰ ধুঁৱলি-কুঁৱলী পৰিৱেশ তথা অভিযোগৰে সিদ্ধান্ত নিৰ্মাণে মূলসুঁতিৰ সমাজত চৰ-চাপৰিৰ লোকৰ অংশগ্ৰহণত বাধাৰ সৃষ্টি কৰাৰ লগতে পল লেনৰে ১৯৭৪ চনত জনপ্ৰিয় কৰা ধাৰণা সামাজিকভাৱে বহিৰ্ভুক্তকৰণ (social exclusion) ৰ পথ প্ৰশস্ত কৰি আহিছে আৰু বহিৰ্ভুক্তকৰণ কৰিও আহিছে৷ উগ্ৰ জাতীয়তাবাদী, সোঁপন্থী তথা সংবাদ মাধ্যমৰ এনে ভূমিকাই দুটা গোষ্ঠী বা জনসমষ্টিৰ স্বাভাৱিক সাংস্কৃতিক আদান-প্ৰদানত বাধা দিছে৷ কিন্তু, একে সময়তে ভিন্ন অৰ্থনৈতিক প্ৰয়োজনত চৰ-চাপৰিৰ লোকসকল অন্য লোকসকলৰ  সংস্পৰ্শলৈ আহিছে যদিও মানসিকভাৱে সহজাত আদান-প্ৰদানত অসুবিধাৰ সৃষ্টি কৰে৷

ঊনবিংশ শতিকাৰ শেষৰ ফালৰ পৰা পৰা ঔপনিৱেশিক উৎসাহ আৰু কৃষিভূমিৰ সন্ধানত অসমলৈ আগমন হোৱা পূৰ্ববংগীয় মূলৰ মুছলমান লোকসকলৰ গৰিষ্ঠসংখ্যক লোকেই ব্ৰক্ষ্মপুত্ৰৰ চৰ-চাপৰিত থিতাপি লয়৷ কষ্টসহিষ্ণু তথা কৃষি কৰ্মত আপেক্ষিকভাৱে অসমৰ থলুৱা লোকসকলতকৈ পাকৈত এইসকল লোকে বান, খহনীয়া ইত্যাদি প্ৰাকৃতিক দুৰ্যোগৰ লগত প্ৰতিবছৰে হোৱা সংঘাতৰ সৈতে সহৱস্থান কৰি আহিছে৷ ঔপনিৱেশিক সময়ৰ পৰাই প্ৰবহমান বিভিন্ন সাহিত্যত উল্লিখিত বৰ্ণবাদী কথাবোৰক আমি আজিৰ তাৰিখলৈ চলাই থাকিব পৰাটো এক জাতীয় লজ্জা যদিও অসমীয়া জাতীয়তাবাদ নিৰ্মাণত বহু সময়ত প্ৰয়োজনীয় এনে ধ্যান ধাৰণবোৰ বেছ গৌৰৱৰেই উদযাপন কৰা হয়৷ নৃগোষ্ঠীয়তা, খিলঞ্জীয়া ইত্যাদিবোৰৰ লগত জড়িত বিভিন্ন একাডেমিক বিৰ্তক বা বাকধাৰাবোৰলৈ নগৈ - আধুনিক ৰাষ্ট্ৰ, সংবিধান,  নাগৰিক বা নাগৰিকত্ব ইত্যাদিৰ মৌলিক কথাবোৰকে আমি বহু সময়ত ভেঙুচালি কৰি আছো৷ সন্দেহ নাই, নৃগোষ্ঠীয়তা, খিলঞ্জীয়া ইত্যাদিবোৰ উপনিৱেশিক কেটেগৰী৷ উপনিৱেশবাদে সৃষ্টি কৰা সেই  বিভিন্ন ধাৰণাসমূহৰ পৰা অহা বৰ্তমানৰ এই বাকধাৰাবোৰক  আমি সমালোচনাত্মকভাৱে নলৈ গোটে গোটে হজম কৰিলে সি আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাত আমাৰ সমস্যাৰ সমাধানৰ বাট দিয়াৰ বিপৰীতে পাকঘূৰণি খাই থকাৰ সম্ভাৱনাই প্ৰৱল৷ একে সময়তে আধুনিক ৰাষ্ট্ৰ, সংবিধান, নাগৰিক বা নাগৰিকত্ব ইত্যাদিও পশ্চিমীয়া ধাৰণা যিবোৰ আমি উপনিৱেশবাদৰ পিছৰ পৰ্যায়ত লাভ কৰিলো৷  কিন্তু জাতি নিৰ্মাণ বা নৃগোষ্ঠীয়তা, খিলঞ্জীয়া, নাগৰিকত্বৰ সংজ্ঞাকৰণত আমি চিলেকটিভ হৈ পৰো- এফালে নিজৰ সুবিধা অনুযায়ী ঔপনিৱেশিক কথা-বতৰাবোৰক কিছু গ্ৰহণ কৰোঁ আৰু একেসময়তে আধুনিক ৰাষ্ট্ৰৰ অন্য কিছু সুবিধা ল’বলৈ ঔপনিৱেশিক কথা-বতৰাবোৰকে  উপনিৱেশিকবাদৰ আগৰ ধাৰণা বুলি প্ৰচাৰৰে জাতি নিৰ্মাণ, খিলঞ্জীয়া আদি ধাৰণাৰে এচামক বহিৰ্ভুক্তকৰণৰ প্ৰক্ৰিয়াত অংশ লওঁ৷

অসমৰ চৰ-চাপৰি সম্পৰ্কে অসমত জনপ্ৰিয় অথবা একাডেমিক ধৰণৰ লেখা মেলা যথেষ্ট কম৷ ইযাৰ হয়তো ভিন্ন কাৰণ থাকিব পাৰে৷ অসমীয়া সমাজ জীৱনত বিংশ শতিকাৰ প্ৰাৰম্ভিক দশকৰ পৰাই চলি থকা ‘সৰ্বত্ৰে বাংলাদেশী’ ধাৰণাটো আৰু তাৰ লগত থকা জাতীয়াতাবাদী ভয় বহু সময়ত গজগজীয়া হৈছে  অথবা কেতিয়াবা সি পাতল হৈছে৷ ব্ৰিটিছ অফিচাৰৰ আশংকাৰ পৰা আৰম্ভ হোৱা এই ধৰণৰ শংকা উত্তৰ ঔপনিৱেশিক সময়ত অসম আন্দোলনে তাক ভালকৈ কেপিটেলাইজড কৰিলে৷ প্ৰব্ৰজন মানৱ সভ্যতাৰ ইতিহাসৰ এক স্বাভাৱিক পৰিঘটনা যদিও আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ সময়ত নিৰ্দিষ্ট নিয়ম বা আইনৰ মাজেৰে নোহোৱা আন্তঃদেশীয় প্ৰব্ৰজন এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়৷ পূৰ্ববংগ বা বাংলাদেশৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন বিশেষকৈ উত্তৰ ঔপনিৱেশিক সময়ত কিমান হৈছে তাৰ কোনো নিৰ্দিষ্ট তথ্য পাতি আজিলৈ মুকলি হোৱা নাই৷ একধৰণৰ সংশয়, আশংকা আৰু অনুমানৰ ভিত্তিতহে ভিন্ন সংখ্যাসমূহ  বিভিন্ন সংগঠনে দিয়ে যদিও তাক সিদ্ধ কৰিবলৈ প্ৰমাণৰ অভাৱ৷ সেয়ে সি সদায় ৰেট'ৰিক ধৰণেই থাকি যায়৷ কিন্তু প্ৰমাণৰ অভাৱে প্ৰব্ৰজন হোৱা নাই বুলিও প্ৰতিপন্ন নকৰে৷ অসমত বাংলাদেশী ধাৰণাটো সেয়ে হৈ পৰিছে একধৰণৰ ৰেট'ৰিক, যি ৰেট'ৰিকেৰে জাতীয়তাবাদ চলাই যোৱা হয়, নিৰ্বাচন খেলা হয়৷ সেই প্ৰক্ৰিয়াৰ আটাইতকৈ দুৰ্ভাগ্যজনক দিশটো হ'ল বৃহৎ সংখ্যক জনসমষ্টিক সন্দেহৰ দৃষ্টিৰে চোৱা আৰু সেই নেৰেটিভ সমাজৰ প্ৰতি অংশলৈ বিয়পি পৰা৷ এইধৰণৰ পপুলাৰ নেৰেটিভ অথবা থলুৱা-বহিৰাগত বায়'নেৰীয়ে স্বতঃস্ফুৰ্ত সাংস্কৃতিক আদান-প্ৰদানৰ বিপৰীতে সংঘাতৰ বাতাবৰণ সৃষ্টি কৰে৷ সুখৰ কথা যে  এই পপুলাৰ নেৰেটিভবোৰৰ বাহিৰত ভিন্ন সময়ত চৰ-চাপৰি বা পূৰ্ববংগীয় মুলৰ মুছলমান লোকসকলক জনাৰ ভিন্ন প্ৰচেষ্টা বা তেওঁলোকৰ কাহিনীসমূহ মূলসুঁতিলৈ আনিবলৈ পৰাগ কুমাৰ দাসকে আদি কৰি ভিন্নজনে চেষ্টা কৰিছিল৷ অসমৰ অৰ্থনীতি, সমাজ ব্যৱস্থাত তেওঁলোকৰ অৱদান সম্পৰ্কেও এপাচি শাকত এটা জালুক হলেও কিছু লেখা-মেলা নোহোৱা নহয়৷ কিন্তু এই প্ৰক্ৰিয়াটো একধৰণৰ mass participation পৰ্যায়লৈ সম্ভৱ হৈ উঠা নাই৷

চৰ-চাপৰি বিষয়ত তথাকথিত মূলসুঁতিৰ অসমীয়া লোকৰ ধাৰণা কি, তাৰ ভিন্ন ব্যক্তিগত অভিজ্ঞতাই কয়– কিদৰে তেওঁলোকক criminalized কৰা হয়৷ পৰিবহন, স্বাস্থ্য, শিক্ষা ইত্যাদিৰ অসুবিধাৰে ভাৰাক্ৰান্ত লোকসকলক উন্নয়নৰ ন-ন বাটেৰে আগুৱাই লৈ অনাৰ পৰিৱৰ্তে আমি একধৰণৰ মিথ বা নেৰেটিভ নিৰ্মাণতে ব্যস্ত থাকোঁ৷ আধুনিক শিক্ষা ব্যৱস্থা, চিকিৎসা বা অনান্য সা-সুবিধাবোৰ চৰ-চাপৰিসমূহলৈ গৈ নোপোৱাত বহু সময়ত পৰম্পৰা, অন্ধবিশ্বাস, অবৈজ্ঞানিক ধাৰণাসমূহে তাত শিপাবলৈ অধিক সুবিধা পায়৷ তাৰ আটাইতকৈ ভয়ানক ফলটোৱেই হল ৰেডিকেল ইছলাম, মছজিদ ইত্যাদিৰ প্ৰভাৱ চৰ-চাপৰিসমূহ বৃদ্ধি হোৱাটো৷ এই প্ৰক্ৰিয়াৰ ভিন্ন আনুষাংগিক দিশ থাকে যেনে cultural lag অপৰাধ প্ৰৱণতা ইত্যাদি৷ কিয়নো পুঁজিবাদৰ সুফল-কুফল আৰু ন-ন বৈজ্ঞানিক উপকৰণসমূহ দৈনিক সকলোৱে লাভ কৰিব ধৰিছে৷  সেয়ে হয়তো বহু সময়ত অন্য এক বৰ্ণবাদী মন্তব্য মূলসুঁতিৰ বহু লোকৰ মাজত শুনা যায় –‘মুছলমান লোকসকল অপৰাধী, বা বিভিন্ন অপৰাধমুলক কাম-কাজত জড়িত’৷ এনে এক অভিজ্ঞতা লাভ কৰিছিলোঁ ছিপাঝাৰৰ কাষৰ কেইটামান চৰত এক বিশেষ অধ্যয়নৰ বাবে যাওঁতে৷ মূলসুঁতিৰ বহু অসমীয়া লোকে আমাক যিমান পাৰি সোনকালে বিশেষকৈ বেলি ডুবাৰ আগেয়ে চৰৰ পৰা ওলাই আহিৱলৈ পৰামৰ্শ দিছিল৷ তেওঁলোকে বিশ্বাস কৰিছিল যে সেই চৰসমূহ অপৰাধীৰ বাহ৷ আমি তাৰ পৰা কোনো একো ক্ষতি নোহোৱাকৈ ৰাতিহে ঘূৰি আহিছিলোঁ আৰু চৰৰ দুজনমান ডেকাই আমাক একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থৈ গৈছিলহি ৷ (ছিপাঝাৰৰ চৰ সম্পৰ্কে আমাৰ এক যুটীয়া প্ৰতিবেদন  পিছত আমাৰ অসম কাকতত বিস্তৃতভাৱে  প্ৰকাশ পাইছিল৷)

অসামাজিক কাৰ্যকলাপ ইত্যাদি এক জন্মসুত্ৰে পোৱা বস্তু নহয়, বৰং তাৰ নিৰ্দিষ্ট সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক প্ৰেক্ষাপট থাকে৷ চৰৰ লোকৰ মাজত অপৰাধপ্ৰৱণতা বেছি, এই ধাৰণাটো মিছা নহ'বও পাৰে৷  যদি সি সচাঁ, তাক একধৰণৰ সামাজিক সমস্যাৰূপে গ্ৰহণ কৰিব নোৱাৰাটো বা সমাধানৰ বাবে কোনো উপায় বা উদ্যোগ গ্ৰহণ কৰিব নোৱাৰাটো আমাৰেই ব্যৰ্থতা৷ উপযুক্ত শিক্ষাৰ অভাৱ বা স্বাস্থ্য, শিক্ষাৰ উন্নয়নত বৈপ্লৱিক পৰিৱৰ্তন আনিব নোৱাৰা পৰ্যন্ত চৰ-চাপৰিসমূহত এইধৰণৰ কিছু অপৰাধী ব্যক্তি ওলায়েই থাকিব৷ একেসময়তে ধাৰ্মিক প্ৰভাৱ থকা পৰ্যন্ত কোনো সমাজেই আগুৱাই যাৱ নোৱাৰে আৰু একে সময়তে লিংগ উদাসীনও [gender neutral] হৈ উঠিব নোৱাৰে সেয়া কেৱল মুছলমান সমাজেই নহয়; হিন্দু, খ্ৰীষ্টান বা অন্য ধৰ্মৰ ক্ষেত্ৰতো প্ৰযোজ্য৷

আমি শেহতীয়াকৈ লক্ষ্য কৰিছোঁ, চৰ-চাপৰিত ডাঙৰ-দীঘল হোৱা তথা নকৈ শিক্ষিত হোৱা এচাম প্ৰগতিশীল যুৱক-যুৱতীয়ে তেওঁলোকৰ সমাজৰ মাজত থকা অন্ধবিশ্বাস তথা অনান্য বিষয়বোৰক মূলসুঁতি আৰু নিজা সমাজত সাহসেৰে উত্থাপন কৰা আৰম্ভ কৰিছে৷ অপ্ৰিয় হলেও সত্য চৰ-চাপৰিৰ লোকসকলক স্বাধীনতাৰ ৭০ বছৰে তেনেদৰেই ৰাখি কেতিয়াবা নাগৰিকত্ব কৰ্তনৰ ভয়, বাংলাদেশী, সুৰক্ষা ইত্যাদি কথাৰে শোষণৰ লগতে বিভিন্ন ৰাজনৈতিক দলে ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ যাৰ বিৰূপ ফল হ’ল তেওঁলোকক মূলসুঁতিলৈ আনিব পৰা হোৱা নাই৷  আমি আশা কৰিম, নকৈ ওলাই অহা চৰ-চাপৰিৰ এইচাম যুৱক-যুৱতী যাতে সম্প্ৰদায়টোৰ ন-এলিট নহৈ (সাধাৰণতে কোনো এক সম্প্ৰদায়ৰ এলিটসকলে যিটো কৰে, নিজৰ স্বাৰ্থত সম্প্ৰদায়ৰ আৱেগক ব্যৱহাৰ) সচাঁ অৰ্থত সম্প্ৰদায়টোৰ উন্নয়নত মনোনিৱেশ কৰে৷

জাতি আৰু জাতীয়তাবাদ নামৰ উনবিংশ শতিকাৰ প্ৰপঞ্চটোৱে অসমীয়া সমাজ জীৱন বহু সময়ত আন্দোলিত কৰি ৰাখিছে৷ কেৱল অসমতে নহয় জাতি আৰু জাতীয়তাবাদে সকলো ঠাইতে মূলত একেধৰণৰ কামেই কৰে৷ সেয়া বৃহত্তৰ চিভিক জাতীয়াতাবাদেই হওক বা নৃগোষ্ঠীয় জাতীয়তাবাদেই হওক৷  মাৰ্ক্সে হয়তো ১৮৪২ চনতে জাতি সম্পৰ্কে কোৱা কথাটো আজিও প্ৰযোজ্য৷ তেওঁ কৈছিল  ““I assure you that if one can feel no national pride one does feel national shame. ” জাতি বা জাতীয়তাবাদৰ আদৰ্শত বিশ্বাস নকৰিলেও প্ৰতিজন ব্যক্তিয়ে জাতীয় লজ্জাক মূৰ পাতি লবই লাগিব৷ অসমীয়া জাতীয়তাবাদেও চৰ-চাপৰিৰ মুছলমানৰ প্ৰতি কৰা অন্যায়ৰ যি লজ্জা, সেয়া আজি নহয় কাইলৈ মূৰ পাতি ল’বই লাগিব৷ সাম্প্ৰতিক সময়ত যিদৰে ৰেডিকেল সোঁ-পন্থী শক্তি শক্তিশালী হৈ উঠিছে  আৰু তাৰ ব্যাপক প্ৰভাৱ দৈনিক জনজীৱনত বৃদ্ধি হৈছে, তাৰ বায়নেৰী হিচাপে প্ৰগতিশীল শক্তিও সমানেই মুৰ দাঙি উঠিছে৷ অসমৰ প্ৰেক্ষাপটত সোঁ-পন্থী হিন্দু জাতীয়তাবাদৰ এক ক্ষীণ সুঁতি অসমীয়া জাতীয়তাবাদত উপলব্ধ হৈ আছিল, যাৰ মূল কাম মুছলমান বিৰোধিতা আৰু তাক শক্তিশালী কৰিবলৈ আজি যৎপৰোনাস্তি চেষ্টা কৰিছে, সিয়ে একে সময়তে মুলছিল সোঁ-পন্থাকো শক্তিশালী কৰিব৷ সেয়ে প্ৰগতিশীল শক্তিসমূহে অসমীযা জাতি আৰু জাতীয়তাবাদ ধাৰণাক ঐতিহাসিকৰণ কৰি তাৰ বিভিন্ন  temporalities বোৰৰ লগতে উপনিৱেশিক ধাৰণা, নাগৰিক, নাগৰিকত্ব বা আধুনিক ৰাষ্ট্ৰ ইত্যাদিবোৰ জনপ্ৰিয় মাধ্যমত ব্যাপক আলোচনাৰে ইয়াৰ চেকুলাৰ চৰিত্ৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো জৰুৰী হৈ পৰিছে৷

Share Button
Print Friendly, PDF & Email

2 Comments : "চৰ-চাপৰি, জাতীয়তাবাদ আৰু উত্তৰ-ঔপনিবেশিক ৰাষ্ট্ৰ (প্ৰফুল্ল নাথ)"

  1. Anowar hussain

    Extremely nice, its all politics particularly right wing trying to divide nation on religious line... Keep writing all d best

Leave a Comment

Your email address will not be published. Required fields are marked *