চৰ-চাপৰিৰ এক চমু ইতিহাস (ড° হাফিজ আহমেদ)

এক দীৰ্ঘকাল ধৰি চৰ-চাপৰিবাসী মুছলমানসকলক বাংলাদেশী বুলি এচামলোকে নানাধৰণে তুচ্ছ তাচ্ছিল্য কৰি থকা দেখা গৈছে। অৱস্থাটো এনে এক পৰ্যায় পাইছেগৈ যে অপপ্ৰচাৰৰ ফলত এচাম নিৰীহলোকেও চৰ-চাপৰিবাসী মানেই বাংলাদেশী, এনে ধাৰণা পোষণ কৰিবলৈ  লৈছে। সেয়ে চৰ-চাপৰিবাসী মুছলমানসকলৰ বিষয়ে আমি কেতবোৰ কথা খুব চমুকৈ কোৱাৰ প্ৰয়োজনবোধ কৰিছোঁ।

চৰ-চাপৰিবাসী মুছলমানসকল কোন? তেওঁলোকৰ ইতিহাসেইবা কি? অৱশ্যেই এইবোৰ প্ৰশ্নৰ উত্তৰ সকলোৱে জনা প্ৰয়োজন। ব্ৰিটিছে ১৮৫৯ চনৰ পিছত উৰিষ্যা, বিহাৰ, মধ্যপ্ৰদেশৰ পৰা অসমৰ চাহ বাগিচাবোৰলৈ বনুৱা আমদানি কৰাৰ সমান্তৰালকৈ বংগৰ পৰা মুছলমান খেতিয়কৰ আমদানিও আৰম্ভ কৰে। উনৈশ শতিকাৰ মাজভাগৰ পৰা গোৱালপাৰা জিলাৰ ভূস্বামী আৰু জমিদাৰসকলে বংগৰ পৰা মুছলমান খেতিয়কসকলক নিজৰ দায়িত্বতে আনিবলৈ আৰম্ভ কৰে। ১৮৯১ চনত গেইট চাহাবৰ তত্বাৱধানত যেতিয়া লোকপিয়ল হয়, তেতিয়া তেওঁ এক বিশেষ সমীক্ষা চলাইছিল, অসমলৈ তদানীন্তন ভাৰতৰ কোন প্ৰদেশৰ পৰা কিমান লোক আহিছিল সেই সম্পৰ্কে। সেই সমীক্ষামতে গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও জিলালৈ সৰ্বমুঠ ৮৫২০৭ জন বংগৰ খেতিয়কক অনা হৈছিল বুলি তথ্যত প্ৰকাশ আছে। ১৯১১ চনত পূৰ্ববংগৰ পৰা প্ৰব্ৰজিত লোকৰ সংখ্যা ব্ৰহ্মপুত্ৰ উপত্যকাত ২৫৮০০০ জন আৰু পাহাৰীয়া অঞ্চলত ৬০০০ জন আছিল। এই লোকসকলৰ ৮৫% আছিল মুছলমান। ১৯৩১ চনত অসমত বংগমূলীয় খেতিয়কৰ সংখ্যা হয়গৈ ৫৭৫০০০। ১৯৪১ চনত লোকপিয়ল হোৱা নাছিল।১৯৪৩-৪৫ চনৰ কালছোৱাত Grow more food আঁচনিমতে ১৭৪৫৪৬ বিঘা ভূমিত পূৰ্ববংগৰ পৰা অসমলৈ অনা খেতিয়কক সংস্থাপিত কৰা হয়। এই সময়ছোৱাত সৰ্বমুঠ ৬২২৪২৭ বিঘা মাটিত বংগৰ পৰা অহা খেতিয়কক সংস্থাপিত কৰা হয়। সমাজতত্ববিদ এম কৰৰ মতে এই কালছোৱাত অসমত বংগীয়মূলৰ ১২৪৪৮৫ টা পৰিয়ালৰ ৬২২৪২৫ জনলোকক সংস্থাপিত কৰা হৈছিল। ১৯৩১ চনৰ ৫ লাখ ৭৫ হেজাৰ আৰু ১৯৪৩-৪৫চনৰ কালছোৱাৰ ৬২২৪২৫ গৰাকী লোক বাঢ়ি গৈ যিমান হৈছিলগৈ সিমানসংখ্যক বংগীয়মূলৰ মুছলমানলোক ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত আছিল। এওঁলোক আৰু এওঁলোকৰ সতি-সন্ততিসকল অকল ভাৰতীয়ই নহয়, খিলঞ্জীয়াও। মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈ সকলোৱে খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৯৫১চন নিৰ্ণয় কৰিছে‌। সেই মৰ্মেও এইলোকসকলৰ সতি-সন্ততি খিলঞ্জীয়া চৰ-চাপৰিবাসী। অৱেশ্যে ১৯৫০ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত ৪ লাখ ৭০ হাজাৰ মুছলমান খেতিয়ক প্ৰাণ ৰক্ষা কৰিবলৈ পূব পাকিস্তানলৈ পলাই গৈছিল। এইলোকসকলৰ অধিকাংশ নেহৰু-লিয়াকত চুক্তিমতে ১৯৫৮ চনৰ ৩১ আগষ্টলৈকে উভতি আহে যদিও তেওঁলোকৰ নাম ১৯৫১ চনৰ লোকপিয়লত নাই। সেয়া এক বেলেগ অধ্যায়। অসমৰ পৰা পূব পাকিস্তানলৈ বংগমূলীয় খেতিয়কৰ প্ৰব্ৰজনৰ অধ্যায়।

ওপৰত আমি ১৮৫৯ চনৰ পৰা ১৯৪৫ চনলৈ অবিভক্ত ভাৰতবৰ্ষৰ বংগ আৰু পিছলৈ গৈ পূৰ্ববংগৰ পৰা অসমলৈ হোৱা বংগমূলীয় মুছলমান খেতিয়কসকলৰ প্ৰব্ৰজনৰ কথা চমুকৈ আলোচনা কৰিলোঁ। আমি এই আলোচনাত উল্লেখ কৰিছোঁ যে ১৯৩১ চনৰ লোকপিয়লত অসমত ৫ লাখ ৭৫ হাজাৰ বংগীয়মূলৰ মুছলমান খেতিয়ক থকা বুলি কোৱা হৈছে। অন্যহাতে ১৯৪৩-৪৫ চনৰ কালছোৱাত Grow More Food আচনিমতে ব্ৰিটিছে ১,২৪,৪৮৫টা পৰিয়ালৰ ৬,২২,৪২৫ গৰাকী বংগীয়মূলৰ খেতিয়কক অসমলৈ আমদানি কৰিছিল। ১৯৩১ চনৰ ৫লাখ ৭৫ হেজাৰ আৰু ১৯৪৩-৪৫ চনৰ কালছোৱাৰ ৬,২২,৪২৫ জন বংগীয়মূলৰ খেতিয়কসকলৰ সতি-সন্ততিসকলেই আজিৰ বংগীয়মূলৰ মুছলমানসকল। এইসকলৰ সতি-সন্ততিৰ সংখ্যা বৰ্তমানে অসমত যিমান আছে তাতোকৈ বহুত বেছি হলেহেতেন যদিহে এওঁলোকৰ  একাংশক অসম ত্যাগ কৰাবলৈ বাধ্য কৰা নহলেহেতেন। আমি সততে অসমলৈ হোৱা অবৈধ মুছলমান প্ৰব্ৰজনৰ কথা কওঁ। কিন্তু অসমৰ পৰা স্বৰাজোত্তৰ কালত পূব পাকিস্তানলৈ হোৱা Forced and reversed migrationৰ  কথা সুবিধাজনকভাৱে পাহৰি যাওঁ।

ভাৰতবৰ্ষ বিভাজিত হৈ দুখন ৰাষ্ট্ৰত পৰিণত হোৱাৰ সময়ত অসমত পাঞ্জাৱ আৰু বেংগলৰ দৰে ব্যাপকহাৰত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত নহলেও গোৱালপাৰা জিলাত অৱশ্যেই ব্যাপক সংঘৰ্ষ সংঘটিত হৈছিল। গোৱালপাৰা মহকুমাৰ বগুলামাৰী, জপেয়া, মূলাবাৰী, তাপেশ্বৰা, নদীয়ালপাৰা, কীৰ্তনপাৰা, দাবানদিয়া, চাকলা, নম্বৰপাৰা আদি গাঁৱত দুটা পৰ্যায়ত হোৱা আক্ৰমণৰ ফলত দুই শতাধিক লোকৰ মৃত্যু হৈছিল। ১৯৫০ চনৰ ৮এপ্ৰিল তাৰিখে অৰ্থাৎ নেহৰু-লিয়াকত চুক্তি সম্পাদনৰ দিনাখন বগুলামাৰী গাঁওখনত তিনিকুৰিৰো অধিক লোকক হত্যা কৰা হৈছিল। বৰ্তমানৰ বৰপেটা জিলাৰ মন্দিয়া অঞ্চলৰ গোবিন্দপুৰ ৰিজাৰ্ভতো ২৭জন লোকক হত্যা কৰা হৈছিল। এনে হত্যাকাণ্ড সংঘটিত কৰাৰ অপৰাধত ৩০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল‌। চৌদিশে এক আতংকময় পৰিৱেশ বিৰাজ কৰিছিল। এনে পৰিস্থিতিত প্ৰাণৰ মায়াত কেবালাখো মুছলমান লোকে অসম ত্যাগ কৰিবলৈ বাধ্য হৈছিল। The Red River and The Blue Hill নামৰ গ্ৰন্থত হেম বৰুৱাই লিখিছে এই সময়ত ৫৩০০০ মুছলিম পৰিয়াল পূব-পাকিস্তানলৈ পলাই গৈছিল। সদৌ অসম ছাত্ৰ সন্থাই ১৯৮৩ চনত The foreigners problem:why a solution is still elusive নামৰ গ্ৰন্থখনতো এইদৰে পূৱ পাকিস্তানলৈ হোৱা প্ৰব্ৰজনৰ কথা কৈছে। এইদৰে পলাই যোৱা লোকসকলৰ অধিকাংশই নেহেৰু-লিয়াকত চুক্তিমতে অসমলৈ ১৯৫৮ চনৰ ৩১ আগষ্টলৈকে উভতি আহে। এইসকলৰ নাম ১৯৫১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত হোৱা নাছিল। ১৯৬১ চনৰ লোকপিয়লত এইসকলৰ নাম অন্তৰ্ভুক্ত হোৱাত অসমত মুছলমানৰ বৃদ্ধিৰ হাৰ বাঢ়ি যায়। এই কথাৰ চেলু লৈ অসমত পাকিস্তানী মুছলমানৰ অনুপ্ৰৱেশ হৈছে বুলি কেতবোৰ ব্যক্তি আৰু সংগঠনে হুলস্থুল লগায় আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনমতে বিনা বিচাৰে ৪ লক্ষাধিক মুছলমান লোকক পাকিস্তানলৈ পঠিয়ায়। বাংলাদেশে বৰ্তমানেও সেইদেশখনত ৫ লাখ অবৈধ ভাৰতীয় লোক আছে বুলি দাবী কৰি আছে।

গতিকে অসমলৈ বাংলাদেশীৰ প্ৰব্ৰজনৰ কথা কবলৈ যাওঁতে এই কথাবোৰো মনত ৰখা ভাল। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰতিজন বিদেশী, তেওঁ যিদেশৰ পৰাই নাহক কিয়, তেওঁৰ ধৰ্ম যিয়েই নহওঁক কিয়, অসমৰ পৰা তেওঁ বহিষ্কৃত হবই লাগিব। সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে বিদেশী বহিষ্কাৰৰ বাবে চৰ-চাপৰিবাসী দৃঢ় প্ৰতিজ্ঞ।

Share Button
Print Friendly, PDF & Email

1 Comment : "চৰ-চাপৰিৰ এক চমু ইতিহাস (ড° হাফিজ আহমেদ)"

  1. বাহাৰুল হক

    অতি তথ্য সমৃদ্ব লেখনি.... ভাল লাগিল পঢ়ি

Leave a Comment

Your email address will not be published. Required fields are marked *