চৰ-চাপৰিৰ মুছলমান সমাজ আৰু লোক সংস্কৃতি (আনোৱাৰ হোছেইন)

জন্মৰ পৰা মৃত্যুলৈকে মানুহে কৰা কৰ্ম, চিন্তা অথবা দৈনন্দিন দিনলিপিৰ সমষ্টিয়েই লোক সংস্কৃতি৷ সংস্কৃতিত জাতি বা জনগোষ্ঠীৰ সমুদায় প্ৰতিভা অন্তৰ্নিহিত হৈ থাকে আৰু ই গতিশীল ৷ ভাৰতীয় জাতীয় সংস্কৃতিত আবিদ হুছেইনে,"সংস্কৃতি হ’ল কোনো সমাজে লাভ কৰা এক চূড়ান্ত প্ৰমূল্যবোধ; যাৰ প্ৰকাশ ঘটে ইয়াৰ সামুহিক অনুষ্ঠান সমূহত, ইয়াৰ ব্যক্তিগত সদস্য সকল স্বভাৱত, অনুভূতিত, মনোভংগীত, আচৰণত আৰু পাৰ্থিৱ বস্তুক তেওঁলোকে দিয়া তাৎপৰ্যপূৰ্ণ ৰূপত" বুলি প্ৰকাশ কৰিছে৷ খ্যাতি সম্পন্ন পণ্ডিত ড° সুনীতি চট্টোপাধ্যায়ৰ মতে,  “একেধাৰে সভ্যতা তৰলপুষ্প আৰু তাৰ অভ্যন্তৰৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যিটো, সেইটোৱেই সংস্কৃতি৷” ড° মহেশ্বৰ বিহাৰীৰ মতে,"মানুহৰ সামাজিক জীৱন যাত্ৰাই হ’ল সংস্কৃতি"৷ আনহাতে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই "জাতিৰ লোক সংস্কৃতিৰ স্বৰূপ লোক সাহিত্য আৰু লোক বিশ্বাস সমূহত প্ৰকাশ পায়" বুলি উল্লেখ কৰিছে।

অসমৰ সাংস্কৃতিক বুৰঞ্জীত চৰ-চাপৰিৰ লোক সংস্কৃতিৰ কথা উল্লেখ নাথাকিলেও অসমৰ জাতীয় জীৱনত চৰ-চাপৰিৰ মুছলমানৰ লোক সংস্কৃতিয়ে ঠাহ খাই আছে৷ অৰ্থনৈতিক দিশত সবল হোৱাৰ মানসেৰে পৰাধীন ভাৰতৰ অঙ্গৰাজ্য পূৰ্ববংগৰ পৰা সস্তীয়া ফেমিলি কাৰ্ডৰ জৰিয়তে অসমৰ অনাবাদী মাটিত থিতাপি লোৱা লোক সকলৰো আছিল এক নিজস্ব ভাষা-সংস্কৃতি। অসমৰ নদী কাষৰীয়া অঞ্চলত থাকি, স্থানীয় লোকৰ সৈতে ভাব বিনিময়, বেহা-বেপাৰ সূদৃঢ়কৰণ আৰু কেতবোৰ ৰাজনৈতিক কাৰকৰ বাবে তেওঁলোকৰ অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষা সংস্কৃতিক আকোৱালি লোৱাৰ প্ৰয়াস কৰিছিল৷ তেওঁলোকে নিজস্ব ভাষা সংস্কৃতি বিসৰ্জন দি অসমীয়া সংস্কৃতিৰ লগত বিলীন হোৱাৰ প্ৰয়াস অব্যাহত ৰাখি আহিলেও আজিলৈ কিজানি বহুতৰ দৃষ্টিত পূৰ্ণাংগ অসমীয়া হ'ব নোৱাৰিলে৷ মিঞা, চৰুৱা, পমুৱা, ভাটিয়া ,লৌহিত্য, ন-অসমীয়া আদি বিশেষণ পোৱা এই লোক সকলে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক আকোৱালি ল’লেও জনগোষ্ঠীটোৰ এক পৰম্পৰাগত লোক সংস্কৃতি আছে। আধুনিক শিক্ষাৰে দীক্ষিত সমাজক বাদ দিলে চৰ-চাপৰিৰ অনাক্ষৰী, অৰ্ধশিক্ষিত লোক সকলে নিতৌ পুৱা পোৰা মাটিৰে দাঁত চাফা কৰি, নিশা ঢাৰি বা খেজুৰৰ পাতেৰে তৈয়াৰ কৰা ঢাৰিত শোৱালৈকে, শ্ৰমজীৱি লোকসকলৰ প্ৰতিচ্ছবি ভাহি উঠে৷ প্ৰকৃততে তেওঁলোকেই ধৰি ৰাখিছে চৰ-চাপৰিৰ লোক সংস্কৃতি৷

অৱশ্যে লোক সংস্কৃতি আৰু পৰম্পৰাৰ লগতে কেতবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ নথকা নহয়। আমি আমাৰ নিবন্ধত সকলো ধৰণৰ বিশ্বাসকে আশ্ৰয় দিছোঁ যদিও কুসংস্কাৰ আৰু অন্ধবিশ্বাস বৰ্জন কৰিব লগীয়া। ধৰ্মান্ধতা আৰু বিজ্ঞানমনস্কতাৰ অভাৱত চৰবাসীৰ জীৱন এতিয়াও এক কলা দিনৰ মাজতেই বুলি কব পাৰি। এক বিজ্ঞান সন্মত বাতাবৰণ সৃষ্টিৰ বাবে সামাজিক আন্দোলন একান্তই প্ৰয়োজন।

চৰ চাপৰিৰ সমাজ ব্যৱস্থা;

অসমৰ চৰ-চাপৰিৰ অধিকাংশ লোকেই কৃষিজীৱি৷ ২০০৩ চনৰ চৰকাৰী তথ্য মতে অসমৰ ১৪ খন জিলাৰ মুঠ ২২৫১খন চৰ গাঁৱৰ সন্মিলিত জনসংখ্যা প্ৰায় ২৫ লাখ। চৰাঞ্চলৰ ৮০.৭ শতাংশ লোক নিৰক্ষৰ৷ বাকী ১৯.৩ শতাংশ লোকহে স্বাক্ষৰ। এই সমাজ ব্যৱস্থাত অদ্যাপী দেৱানী, মাতাব্বৰ, গাঁওবুঢ়া, মোল্লা-মৌলবী আদিৰ প্ৰভাৱ অধিক। এই সমাজত সংঘটিত কাজিয়া পেচালৰ সমাধান দিয়ে দেৱানী-মাতাব্বৰ সকলে। এনেবোৰ সমাধানৰ নামতো চলে অবাধ ধনৰ লেন-দেন। মুঠতে এতিয়াও চৰাঞ্চলত এক উদ্বেগজনক পৰিৱেশ বিৰাজমান।

বাসস্থান:

 ছ'নেৰ চাল, কাইশাৰ বেৰা

 ঐডাই হৈলো চৰ পাৰা।

অসমৰ চৰ-চাপৰিৰ সমাজ খনক চিনাক্তকৰণৰ ক্ষেত্ৰত এনে প্ৰভৃতিৰ ফকৰা-যোজনা সচৰাচৰ ব্যৱহৃত হোৱা দেখা যায়। সাধাৰণতে চৰ-চাপৰিৰ জনগোষ্ঠীৰ লোকে তেওঁলোকে নিৰ্মাণ কৰা ঘৰৰ চাল আৰু বেৰা ছ'ন খেৰ আৰু কহুঁৱাৰে নিৰ্মাণ কৰা দেখা যায়৷ পূৰ্বে ছ'ন খেৰ,কহুঁৱাৰে, পাটখৰি আদিৰে নিৰ্মাণ কৰিলেও আজিকালি প্ৰায়বোৰ ঘৰ টিনপাতেৰে নিৰ্মাণ হ'ব ধৰিছে। আজিৰ পৰা ৩০-৪০ বছৰ পূৰ্বে  তেওঁলোকে আবাদী মাটিত মৰাপাট, ধানৰ খেতি কৰাৰ ওপৰিও ১/২ বিঘা মাটি ছন পেলাই ৰাখি তাৰ পৰা ছ'ন খেৰ (বনজাতীয় ঘাঁহ) আৰু মৰাপাটৰ খৰি ঘৰৰ বেৰা বন্ধা কামত ব্যৱহাৰ কৰি আহিছিল৷ কিন্তু সেই মান্দাকলীয়া প্ৰথা বৰ্তমান প্ৰায় বিলুপ্ত ঘটিছে।

যৌথ পৰিয়ালৰ সংখ্যাধিক্যৰ চৰ-চাপৰিৰ লোকে বাৰী বা বাসস্থান নিৰ্মাণ কৰোতে ডেৰ-দুবিঘা মাটি আগুৰি লোৱা দেখা গৈছিল৷ উক্ত মাটিডৰাৰ এটা অংশ খান্দি তাৰে মাটিৰে ওখ ভেটি সদৃশ তৈয়াৰ কৰি বড় ঘৰ (প্ৰধান ঘৰ) উত্তৰৰ ভেটিত দক্ষিণমুৱাকৈ নিৰ্মাণ কৰাটো তাহানিৰ পৰা প্ৰচলিত। বড় ঘৰত পিতৃ-মাতৃ বা অভিভাৱক থাকি অহাটো এক পৰম্পৰা৷ তদুপৰি উক্ত গৃহতেই আহাৰ গ্ৰহণৰ বাবে আহল বহল ঠাই ৰখাৰ বিপৰীতে পশ্চিম প্ৰান্তত ধান-চাউল ৰখাটোও অতীতৰ পৰম্পৰা। স্মৰ্তব্য যে-চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত বড় ঘৰৰ পশ্চিম দিশত বাঁহ, উওৰ দিশত তামোল পাণ, নাৰিকল গছ ৰোৱে। আনহাতে ৰান্ধনীঘৰ আৰু গোঁহালি গৃহ প্ৰয়োজন মতে বনোৱাৰ লগতে ইষ্ট-কুটুম্ব অৰ্থাৎ আলহী থকাৰ বাবে পৃথকে বাংলা ঘৰ বা কাছাৰী ঘৰ প্ৰতিটো পৰিয়ালতে থকাটো প্ৰায় বাধ্যতামূলক। কৃষি প্ৰাধান অঞ্চলবাসীৰ প্ৰতিটো ঘৰৰ আগচোতালৰ এচুকত খ্যাৰেৰ পালা (খেৰৰ পূজি) থাকে।

চৰ-চাপৰিৰ অধিবাসী সকলৰ অধিকাংশ দৰিদ্ৰ সীমাৰেখাৰ বাসিন্দা হ’লেও তেওঁলোক অতিকৈ অতিথি পৰায়ণ। তেওঁলোকৰ গৃহত কোনো দূৰণি বটীয়া লোক বা আলহী আহিলে কাছাৰী বা বাংলাঘৰত থাকিব দিয়ে। পৰিয়ালৰ লোক অন্য কোনোৱে গৃহত প্ৰৱেশ কৰাৰ পূৰ্বে জাননী সূচক হিচাপে "মৃদু কাহ" বা "অমুক" ঘৰত আছেনে বুলি মাত দি প্ৰৱেশ কৰে। চৰ-চাপৰিবাসীৰ ঘৰত প্ৰবেশ কৰিব গ’লে আউলী বেৰ বা বাইৰ বেৰ অতিক্ৰম কৰি যাব লগীয়া হয়৷

চৰ-চাপৰিৰ প্ৰায় পৰিয়াতে গৰু, ছাগলী, ভেৰাৰ লালন পালন নতুবা পৰিয়ালটোৰ কাম কাজত সহায়কৰ বাবে দৰমহা দি এগৰাকী 'ৰাখাল' (লিগিৰি) ৰাখি আহিছিল। ধলপুৱাতে ৰাখাল গৰাকীয়ে টোপনীৰ পৰা উঠি গোঁহালি গৃহৰ পৰা গৰু-ছাগলী বাহিৰ উলিয়াই আওলা গৃহত বান্ধি ঘাঁহ, খেৰ, দানা, পানী খুৱাবলগীয়া কাৰ্য কৰিবলগীয়া হৈছিল। সম্প্ৰতি চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত ৰাখাল ৰখা আৰু থকা ব্যৱস্থা বিলুপ্ত ঘটিছে৷ নব্বৈৰ দশকৰ পিছৰে পৰা এনে দাসত্ব বৃত্তি ক্ৰমশ:বিলুপ্ত হ’ব ধৰে। অৱশ্যে ইয়াৰ অন্তৰালত অৰ্থনৈতিক দিশ জড়িত আছে। সমাজৰ অৰ্থনৈতিক দিশত দুৰ্বল শ্ৰেণীৰ লোকে অসম তথা দেশৰ চহৰ-নগৰত ক্ষুদ্ৰ ব্যৱসায় নতুবা দিন হাজিৰা কৰি অধিক উপাৰ্জন কৰাৰ সুযোগ পোৱাৰ বাবে ক্ৰমাৎ চহৰমুখী হ'ব ধৰে চৰুৱা, যাৰ বাবেই ক্ৰমশঃ ৰাখাল প্ৰথা বিলুপ্তি ঘটিল।

শিক্ষা-দীক্ষাত পিছপৰা চৰ-চাপৰি সমাজত পূৰ্বৰে পৰা "জাগীৰ বা জায়গীৰ" ৰখা প্ৰথা আছিল। শিক্ষানুৰাগী সকলে ঘৰৰ পৰা বহু দূৰৈত থকা বিদ্যালয়ত অধ্যায়নৰ বাবে লোকৰ ঘৰত থাকি লিখা-পঢ়া কৰিব লগা হোৱা প্ৰথাকে জাগীৰ বা জায়গীৰ প্ৰথা বুলি কোৱা হয়। বৰ্তমান সময়ত চৰ-চাপৰি অঞ্চলত কম পৰিমানে হলেও স্কুল-কলেজ স্থাপন হোৱাত জাগীৰ বা জায়গীৰ কমি আহিছে।

জীৱিকা:

চৰ-চাপৰি বা অন্যান্য অঞ্চলত বসবাস কৰা বঙ্গীয়মূলৰ মুছলমান সকলৰ অধিকাংশই কৃষিজীৱি৷ দক্ষিণ পূব এছিয়া মহাদেশৰ ভিতৰত অতি কৰ্মঠ জনগোষ্ঠী হিচাপে স্বীকৃত বঙ্গীয়মূলৰ মুছলমান সকলে কামক ভয় নকৰে। ৰ'দ-বৰষুণ নেওচি তেওঁলোকে কাম কৰিব পাৰে,তাত দ্বিধা নাই৷ জনগোষ্ঠীটোৰ লোকে ঘৰ-বাৰী বনোৱাৰ সময়ত "পশ্চিমে বাঁশ, পূবে’ বেত, উত্তৰে পাণ-তামোল আৰু দক্ষিণে খেত" প্ৰবাদ বাক্যক অনুসৰণ কৰে। চৰ-চাপৰিৰ জনগোষ্ঠীয় লোকে নিজৰ পালান (বাৰী )ত ৰোপন কৰা লাউ, কোমোৰা, জিকা, আলু, ভেন্দী, জলকীয়া, আদা, নহৰু, হালধি আদি খাদ্যৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰে৷ অন্যহাতে নিজ ঘৰৰ  পুখুৰী, ৰাজহুৱা বিল, নদী আদিৰ মাছ খায়। তদুপৰি ঘৰতে পালন কৰা হাঁহ-কুকুৰা, ছাগলী-ভেড়া, পাৰৰ মাংস আদিও খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ নিজ ঘৰৰ খৰছৰ বাবে প্ৰয়োজনীয় খিনি ৰাখি অতিৰিক্ত ধান-চাউল, শাক-পাচলি, মাছ, হাঁহ-কুকুৰা আদি হাট-বজাৰত বিক্ৰী কৰি নিজৰ অভাৱ পূৰণ কৰে অথবা ধন ৰাহি কৰে।

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বান আৰু খহনীয়া সমস্যা চৰ-চাপৰিৰ লোক সকলৰ বাবে এক অভিশাপ সদৃশ। নদীৰ খহনীয়াই আঢ্যবন্ত গৃহস্থক কঙাল দুখীলৈ ৰূপান্তৰিতকৰণৰ ধাৰা দীৰ্ঘদিনীয়া৷ নদীৰ খহনীয়াত নিজৰ ঘৰ-বাৰী, মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা লোক সকলে ক’ত আৰু কেনেকুৱা পৰিস্থিতিত থাকি জীৱিকা নিৰ্বাহ কৰি আহিছে, সেয়া অনুধাৱন কৰা উচিত। নদীৰ খহনীয়াত সকলো হেৰুওৱা লোক সকলে অন্ন-বস্ত্ৰ-বাসস্থানৰ তাগিদাত চহৰ-নগৰলৈ গৈ ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, দিন হাজিৰা, যোগালী, শ্ৰমিক আদি কামত নিয়োজিত হ’ব লগাত পৰিছে। চহৰ নগৰৰ হোটেল-ৰেষ্টুৰেন্টত বাচন-বৰ্তন ধোৱা, দিন হাজিৰা, মিস্ত্ৰীৰ যোগালি, গেৰেজত কাম কৰা, ড্ৰাইভাৰ, হেন্দিমেন আদিত নিয়োজিতসকলক সন্দেহযুক্ত বিদেশী বুলি বা আজিকালি বাংলাদেশী বুলি ইতিকিং কৰিবলৈ কুন্ঠাবোধ নকৰে ৷ কিন্তু এচাম ভণ্ড তথাকথিত জাতীয়তাবাদী সকলৰ অপবাদ নেওঁচি তেওঁলোকে সন্মুখৰ পিনে আগুৱাই গৈ আছে ৷

ঘৰুৱা শিল্প:

চৰ-চাপৰিৰ বংগীয় মূলৰ মুছলমান সকলৰ অথনীতিৰ মূল ভেটি কৃষি ,যদিও জনগোষ্ঠীটোৰ অধিকাংশই কুটিৰ শিল্পৰ লগত জড়িত৷ দিনৰ কাম সম্পন্ন কৰি পুৰুষ সকলে নিশাৰ আহাৰ গ্ৰহণ কৰি বাঁহ-বেতৰ সামগ্ৰী যেনে- খৰাহি, পাচি, (থলুৱা ভাষাত হাঝি), খালৈ, জাপি, চংগ (জখলা), গৰু বন্ধা খুটা, নৰি(বাহৰ ডাং ), ঢাৰি, মৰাপাটৰ আহেৰে তাইতা (ৰচী ), বিভিন্ন ধৰণৰ মাছ মাৰা জাল, তৰ্জাৰ বেৰা আদি তৈয়াৰ কৰা দেখা যায়। ইয়াৰে কিছুমান ঘৰুৱা কামত ব্যৱহাৰৰ উপৰি ৰাহি হোৱা খিনি হাট-বজাৰত বিক্ৰী কৰি পোৱা ধনৰাশি ঘৰৰ অন্যান্য লাগতিয়াল খা-খৰচত ব্যৱহাৰ কৰে। জনগোষ্ঠীটোৰ মহিলা সকলেও আজৰি সময়ত ৰুমাল ,টেবুল ক্লথ, বিচনী, চালনি, ওলৰ সুতাৰে ছুৱেটাৰ, মাফলাৰ, ফটাছিঙা শাড়ী-লুঙিৰে খ্যাতা (কাঁথা) চিলাই কৰি কৰ্মনিপুণতাৰ পৰিচয় দিয়ে। মৰাপাটৰ আঁহেৰে তেওঁলোকে "শিকিয়া" তৈয়াৰ কৰি তাত বাচন-বৰ্তন, বটল আদি সা-সামগ্ৰী সুন্দৰ কৈ সজাই ৰাখে৷ অৱশ্যে মহিলা সকলে ঘৰতে তৈয়াৰ কৰা এনে সামগ্ৰী বজাৰত বিক্ৰী কৰি একাংশ আৰ্থিক দিশত স্বাৱলম্বী হোৱাও দেখা গৈছে৷ দুখৰ বিষয় যে বৰ্তমান বজাৰত প্লাষ্টিক, ষ্টীল, কাঁচৰ আচবাবৰ প্ৰচলন ঘটাত চৰ-চাপৰিৰ মহিলা সকলৰ দ্বাৰা তৈয়াৰীকৃত বস্তুৰ চাহিদা কমি গৈছে৷

চৰ-চাপৰিৰ লোক সকল অত্যন্ত পৰিশ্ৰমী৷ ধল পুৱাতে ফজৰৰ নামাজৰ আজানৰ "আচ্ছালাতুল খায়ৰুম মিনান্ নাউম (টোপনিত কৈ এবাদত শ্ৰেষ্ঠ) শব্দত সাৰ পাই উঠা লোক সকলে পান্তা(পইতা) ভাত বা কৰ্কৰা ভাত খাই কান্ধত নাঙল-যুৱলি লৈ পথাৰলৈ যায়৷ আনহাতে ঘৰৰ মহিলা সকলেও কাউৰীৰ "কা কা" শব্দ শুনাৰ পূৰ্বে শোৱা পাটী ত্যাগ কৰি পোৰা মাটি, কয়লা, টুথপেষ্ট আদিৰে দাঁত মঞ্জন কৰি চৌকাৰ ছাই পেলোৱা, ঝাৰুৰে ঘৰ -চোতাল চাফা কৰা,বাচন-বৰ্তন ধোৱা, ঘৰ মছা আদি কাৰ্যৰে দিনটোৰ কামৰ শুভাৰম্ভ কৰে৷ গোহালি গৃহৰ গোবৰ পেলোৱা, গৰু-ছাগলীক বাহিৰলৈ উলিয়াই দানা-পানীৰ যোগান ধৰা, ল’ৰা-ছোৱালীৰ আলপৈচান ধৰা, পৰিয়ালৰ সমুদায় সদস্যৰ বাবে খাদ্য প্ৰস্তত কৰা কাৰ্যত নিয়োজিত থাকি ওৰে দিনটো পাৰ কৰিব লগীয়া হয়৷ দেহৰ যতন নতুবা সৌন্দৰ্য চৰ্চা কৰিবলৈ চৰ-চাপৰিৰ মহিলা সকলে সময় নাপায় বুলিয়েই কব পৰা যায়।

খাদ্য সম্ভাৰ :

সেই ঠাই ডোখৰৰ পৰিৱেশ আৰু আৰ্থিক স্বচ্ছলতা আদিৰ ওপৰত মানুহৰ দৈনন্দিন খাদ্যভাস ভালেখিনি নিৰ্ভৰ কৰে। চৰ-চাপৰি অঞ্চলত ধানৰ উৎপাদন অধিক হোৱাত ভাতেই চৰ-চাপৰিৰ সমাজৰ মূল খাদ্য৷ অৰ্থনৈতিক দিশত দুৰ্বল লোক সকলে ৰাতিপুৱা উঠিয়েই ঠাণ্ডাৰ দিনত কৰকৰা ভাত (জকৰা ভাত), গৰমৰ দিনৰ পন্তা বা পইতা ভাত, মুৰি, খৈ, চিৰা, গম ধানৰ ছাতুগুৰি আদি খাইয়েই কৃষি কৰ্মত লিপ্ত হয়। তদুপৰি পুৱা ৮-১০ বজাত ভাত, খিচিৰি, ৰুটি, একেদৰে দুপৰীয়াৰ পাছত এসাঁজ আৰু ৰাতি এসাঁজ ভাত খোৱা দেখা যায়। অৱশ্যে আজিকালি চৰাঞ্চলতো পুৱাৰ ভাগত চাহ খোৱাৰ প্ৰচলন পৰিলক্ষিত হয়।

আলু, বেঙেনাৰ ভত্বাৰে (পিটিকা) ৰাতিপুৱাৰ ভাগত নতুবা দুপৰীয়াৰ ভাগত চৰ-চাপৰিবাসীয়ে তৃপ্তি পায়। তদুপৰি খুদেৰ ভাত (ভঙা চাউলৰ ভাত), মাছৰ পিটিকা, শাক আদিৰেও খাই ভাল পায়। বতুৱা শাক, নেটাপেটা শাক, কলমৌৰ শাকেৰে ভাত খোৱাৰ সময়ত পকা শুকান জলকীয়া কামুৰি খাই বৰ তৃপ্তি পায় চৰ-চাপৰিৰ লোক সকলে। মাছ-মাংস নাথাকিলে শুকান মাছ, নতুবা মচুৰ, মাটিমাহ, খেচাৰী আদিৰ ডাইল খায়। গৰৈ মাছৰ লগত পানীলাও, বেঙেনা, মাংসৰ লগত চাল কোমোৰাৰে তৰকাৰী বনাই খাই তৃপ্তি পায়। বছৰটোৰ নানা সময়ত জনগোষ্ঠীটোৱে ভিন্ন প্ৰকাৰৰ খাদ্য পিঠাপনা আদি খোৱা দেখা যায়। চ’ত-বহাগত গমধানৰ আটাৰ ৰুটি, ছাতুগুৰি, আহাৰ মাহত আম-কঠাল, ভাদ মাহত তালৰ পিঠা, আঘোন-পুহ মাহত বড় পিঠা(টেকেলি পিঠা), চিতৈপিঠা, দুগ্ধেৰ পিঠা, কুলিপিঠা(ভাজা কুলি,সিদ্ধ কুলি), সংশেৰ পিঠা, উৎসৱ পাৰ্বণ বা বিয়া সবাহত পায়স, খীৰ(নাস্তা), পোলাও, লাড়ু, তেলৰ পিঠা, পাহন পিঠা আদি খায় চৰ-চাপৰিবাসীয়ে।

সাজ-পোছাক আৰু আ-অলংকাৰ:

চৰ-চাপৰিৰ মুছলমান সমাজত সাজ-পোছাকত এক সুকীয়া বৈশিষ্ট্য থকা দেখা যায়। সাধাৰণতে পুৰুষে ঘৰুৱা পৰিবেশত লুংগী, গেঞ্জি, আণ্ডাৰপেন, পায়জামা, পাঞ্জাবী, শ্বাৰ্ট আদি পিন্ধে। লোকগোষ্ঠীটোৰ সৰু-ডাঙৰ সকলোৱে ঘৰুৱা পৰিৱেশত লুঙী-গামোচা আদি পিন্ধি ভাল পায়। আনহাতে সামাজিক অনুষ্ঠান বিয়া, ধৰ্মসভা, বিচাৰ ব্যৱস্থা, ঈদ আদিত উন্নত মানৰ লুঙী পিন্ধি আনন্দ পায়। এওঁলোকৰ আত্মীয়-স্বজন সকলেও লুঙী, গেঞ্জি, পাঞ্জাবীৰ কাপোৰ আদি উপহাৰ স্বৰূপে দিয়ে। আজিকালি অৱশ্যে লংপেণ্ট-চাৰ্টৰ কাপোৰ, টি চাৰ্ট আদিও প্ৰদান কৰা দেখা যায়। অৱশ্যে বৰ্তমানৰ সমাজ ব্যৱস্থাত লংপেণ্ট-চাৰ্ট, ট্টাউজাৰ,পায়জামা পিন্ধে। ধৰ্মীয় অনুষ্ঠান, উৎসৱ-পাৰ্বনত পুৰুষে পায়জামা-পাঞ্জাবী, টুপী, ডিঙিত গামোচা পিন্ধে। আনহাতে জাৰকালিত অতিৰিক্ত ভাৱে ছুৱেটাৰ, চাদৰ, মাফলাৰ, জেকেট, মূৰ আৰু ডিঙি ঢাকি থকা টুপী আদি পিন্ধা দেখা যায়। চৰ চাপৰিৰৰ মুছলমান মহিলাই সাধাৰণতে শাৰী, ব্লাউজ, পেটিকোৰ্ট(ছাঞা) ,ফ্ৰক, ছেলোৱাৰ কামিজ, ওৰণি আদি ব্যাৱহাৰ কৰে। বৃদ্ধা মহিলাই (স্বামীৰ মৃত্যুৰ পিছত) বগা বা অনাৰঙীন শাৰী কাপোৰ পৰিধান কৰে।

অলংকাৰে নাৰীক সুশোভিত কৰাৰ উপৰি সুন্দৰ্য বৃদ্ধি কৰে। অতীজৰে পৰা প্ৰচলিত অলংকাৰ বিপদ আৰু ভবিষ্যতৰ সম্বল বুলিও নাৰী সমাজত প্ৰচলিত। চৰ চাপৰিৰ মুছলমান সমাজত মহিলাই অনেক ধৰণৰ গহনা পিন্ধা দেখা যায়। ইয়াৰ ভিতৰত নাকত পালিশপাত, বুল্লাক, এছ, তৰা, নাকঠাশা, চুংগী, পাণ আদি। কাণত মাৰকি, ফুল, পদ্যা, বালা, দোল, পাশা, জোমকা আদি। হাতত-শাখা, বিউটি, পালা, ৰুলি, চুৰি, বয়লা, মুঠি খাৰু, ব্ৰেছলেট, বালা আদি। হাতৰ বাহুত কাটাবাজু, বিজঠা, অনন্ত আদি। ডিঙিত- হাৰ, মালা, তাৰাখুটি, হাসলি, আধুলি চাববা, শিকি চাববা আদি। ককালত মাঞ্জাহাৰ, পাণাহাৰ, কেকৰ বিছা, বিছা আদি। আঙুলিত আঙঠি, কপালত সিন্নি পাটি আদি। এই সমুদায় গহণাৰ অধিকাংশই সোণৰ দ্ধাৰা নিৰ্মিত। অৱশ্যে কোমৰ আৰু ভৰিত পিন্ধা অলংকাৰবোৰৰ অধিকাংশই ৰূপেৰে তৈয়াৰ কৰা হয়।

পৰম্পৰাগত খেল-ধেমালি:

চৰ-চাপৰিৰ কৃষি কেন্দ্ৰিক সমাজ ব্যৱস্থাত অতীজৰে পৰাই বিভিন্ন খেল-ধেমালিৰ প্ৰচলন আছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ পানী আৰু সমতল ভূমিত চৰ-চাপৰিৰ ল’ৰা-ছোৱালী তথা যুৱক-যুৱতীয়ে পৰম্পৰাগত খেল-ধেমালিৰ দ্বাৰা দেহ মন সবল কৰি ৰাখি আহিছে। চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ শিশুৱে খেলি থকা পৰম্পৰাগত খেলৰ ভিতৰত টংকীবাৰী, গোল্লাখেল, ছিবা ছাওছি খেল, লাটুম খেল, কচুগুটি খেল, জুলংগী খেল, লৱনদাৰী, পাছৰা গুটি, ছননৰী খেল, আপ্পন-জাপ্পন, কাইয়া-কাউৰী, পলানতি (লুকা-ভাকু), জাট্টীখেল, মাৰ্বল খেল, কুত-কুত, চোৰ-পুলিচ খেল, হা-ডু-ডু, বান্দৰ-বান্দৰ খেল, মইল খেল, ছাগলদাবী খেল, চকু বন্ধা খেল, দিয়াচলাইৰ খাপ খেল আদিয়েই প্ৰধান। তদুপৰি যুৱক-যুৱতীৰ মাজত সাঁতোৰ, হা-ডু-ডু, লাঠীবাৰী খেল, নাওখেল আদি খেলৰ দ্ধাৰা সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰি আছে।

গীত-মাত :

সংগীতত সুখ-দুখ, হাঁহি-ফুৰ্তি, প্ৰেম তথা আধ্যাত্মিকতা লুকাই থাকে। চৰ-চাপৰিৰ সমাজে অন্তৰৰ ভাৱ-বিনিময়ৰ এক মাধ্যম হিচাপে সংগীতক বিবেচনা কৰি আহিছে। তদুপৰি মুখেৰে প্ৰকাশ কৰিব নোৱাৰা অনেক কথা গীত মাতৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি। চৰ-চাপৰিৰ মুছলমান সমাজৰ 'লোক-সংস্কৃতি'ত সংগীত লুকাই থকা দেখা যায়। চৰ-চাপৰিৰ লোক গীতত প্ৰকৃতি, কৰ্ম, হাঁহি-ফুৰ্তিৰ লগতে প্ৰেম নিবেদনৰ খোৰাক পোৱা যায়। অঞ্চল ভেদে ভিন্ন প্ৰকাৰৰ গীতৰ সুৰ আৰু কথা বেলেগ বেলেগ হয়। চৰাঞ্চলৰ গীত সমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

(ক) ভাৱাইয়া: চৰাঞ্চলৰ লোক-সংস্কৃতিৰ উপাদানত ভাৱাইয়া, ভাটিয়ালি, পল্লী গীতত অন্তৰ্নিহিত হৈ থাকে। দৈনন্দিন জীৱনৰ কৰ্ম, প্ৰেম, সুখ-দুখ আদি এই গীত সমূহত পোৱা যায়। জনজীৱনৰ দুৰৱস্থাৰ দিশ গীতৰ মাজেৰে প্ৰস্ফুটিত হয়।

"ভাঙলো আশাৰি বান্ধ

হাৰালাম ঠিকনা,

বালুৰ চৰে ঘৰ বেধেছি

আগে জানিনা.....।"

(খ) কৰ্ম সংগীত: চৰ-চাপৰিৰ সহজাত প্ৰভৃতিৰ লোক সকল নানা অভাৱ-অনাটন, ঘাত-প্ৰতিঘাত, প্ৰাকৃতিক দুৰ্যোগ আদিৰ লগত সংগ্ৰাম কৰি হ'লেও কৃষি ব্যৱৱস্থা ধৰি ৰাখি আহিছে। আধুনিক কৃষিৰ স্পৰ্শ নপৰা তথা কঠোৰ শ্ৰম কৰি উৎপন্ন কৰা শস্যনবোৰ খৰালিৰ প্ৰখৰ ৰদত, বৰষুণৰ অভাৱত সৰি যাওঁ যাওঁ অৱস্থা হয়। তেনে অৱস্থাত গোৱা গীতৰ এছোৱা-

"চাউল খোৱাৰ পানী নাই

দাইল খোৱাৰ পানী নাই,

হৰেক চন্দেৰ গোপালৰে

অধৰে মেঘ ছাইৰা দাও।"

(গ) নাওখেলৰ গীত: চৰ-চাপৰিৰ জনসমাজত নাওখেলৰ গীত, ভূই নিকোৱা গীত আদিকো কৰ্ম সংগীতৰ ভিতৰত পেলাব পাৰি। কৃষিজীৱী ৰাইজে বাৰিষা কালত বা স্বাধীনতা দিৱসৰ সময়ত বিভিন্ন অঞ্চলত নাওখেল অনুষ্ঠিত কৰে। তাৰে এটি গীতৰ কলি এনে ধৰণৰ-

"বইঠা মাৰো, বইঠা মাৰোৰে

অ'বাইছাল ভাইৰে

ঝাৰিয়া বইঠা, মাৰিয়া ঝাও ৰে....."

(ঘ) সামাজিক অনুষ্ঠানৰ গীত: চৰ-চাপৰিৰ কৃষি ভিত্তিক সমাজ ব্যৱস্থাত অনেক গীত-মাতৰ প্ৰচলন থকা দেখা যায়। কৃষি কৰ্মৰ উপৰি সামাজিক অনুষ্ঠানৰ ভিতৰত 'বিবাহ' এটি সু-মাঙ্গলিক মধুৰ মিলনৰ অনুষ্ঠান বুলি স্বীকৃত। ঘটকে অনুঘটকৰ মূখ্য ভূমিকা গ্ৰহণ কৰা সামাজিক অনুষ্ঠান 'বিয়া'ৰ সময়ত মহিলা সকলে অনেক গীত গায়, তাৰে এক গীতৰ কিয়দাংশ-

"চান গেলো বিয়া কৰত

কে কে যাব সাথে

আমাৰ সোণাৰ চান,

আসিও গো,সাত সকলে"

(ঙ) মাগুন গীত: চৰ-চাপৰিৰ মুছলমান সমাজত আঘোণ-পুহ মাহত ধান কাটি ভড়ালত জমা কৰাৰ পিছত জনগোষ্ঠীটোৰ প্ৰাপ্তবয়স্ক যুৱক সকলে ভোজভাত খোৱাৰ লক্ষ্যৰে প্ৰতিটো ঘৰত 'মাগুন গীত' গাই ধান-চাউল, টকা-পইচা আদি সংগ্ৰহ কৰে। সন্ধিয়া পৰত দলবদ্ধভাৱে ঘৰৰ গৃহস্থক এনে গীতৰ জৰিয়তে জগাই তোলে-

"যে দেবো কাটা কাটা

তাৰ হব পাচ বেটা,

যে দেবো ছালা ছালা

তাৰ হব মেয়েৰ পালা....।"

(চ) আধ্যাত্মিক গীত: চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত নিশাৰ অৱসৰ বিনোদনৰ সময়ত মুৰশিদী গান, কবি গান আদি গোৱা শুনা যায়। এনে গীতে সাধাৰণতে পৰকাল (মৃত্যুৰ পিছত) কেন্দ্ৰিক কথা-বতৰাবোৰৰ বাৰ্তা দিয়

"আমি ডাকি ও দয়াল চান্দ,

ডাকি বাৰে বাৰ

আমাৰ মত নাই অভাজন,

ত্ৰিভূবনে আৰ......।

(ছ) ধৰ্মীয় অনুষ্ঠানৰ গীত:  ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত গীত-মাতৰ প্ৰচলনত কেতবোৰ বাধা নিষেধ থকাৰ কথা শুনা যোৱাৰ পাছতে সমূলি বন্ধ হৈ যোৱা নাই এই প্ৰথা। মহৰম মাহটো শোকে ভৰা আৰু মহৰম মাহৰ ১০ তাৰিখত "মহৰম পৰ্বত'' পুৰুষ মহিলাই কাৰবালাৰ ঘটনাক সুঁৱৰি 'জাৰী গীত' গায়৷ গীতৰ জৰিয়তে মহাপুৰুষ হজৰত মহম্মদৰ (ছঃ) নাতি হাছেন-হুছেনক য়াজিদ বাহিনীয়ে কাৰবালাত সংঘটিত কৰা কৰুণ ঘটনাক সুঁৱৰাৰ লগতে কাশেম আৰু ছাকিনা বিবিৰ এক ৰাতিৰ বৈবাহিক জীৱন কাহিনীও মৰ্মান্তিক ভাবে দাঙি ধৰে। তলত জাৰী গীতৰ একাংশ দিয়া হ'ল-

"আগা ৰাইতে হইল মোৰ বিয়া,

পাছা ৰাইতে (শেষৰাতি) বিধুৱা

কান্দেছেৰে হুছেন আলী,

ভাইৰে লাগিয়া..........। "

চৰ-চাপৰিৰ উৎসৱ-পাৰ্বনঃ চৰ-চাপৰিৰ মুছলমান জনগোষ্ঠীয়ে জন্মৰ পৰা মৃত্যুলৈকে অনেক নীতি-নিয়মৰ মাজেৰে দিন অতিবাহিত কৰে৷ নিৰাকাৰ আল্লাহক উপাসনা কৰি পৰকালৰ সম্বল যোগোৱাৰ উপৰিও দৈনন্দিন জীৱনত হোৱা ভুলভ্ৰান্তিৰ বাবে নিতৌ পাচ ৱাক্ত নামজ ক্ৰমে- ফজৰ, জহৰ, আছৰ, মাগৰিব আৰু ঈশাৰ নামজ আদায় কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে৷ আল্লাহৰ বাণী লিপিবদ্ধ ধৰ্মগ্ৰন্থ 'কোৰআন শ্বৰীফ' আৰু ৰছুলৰ বাণী লিপিবদ্ধ 'হাদিছ শ্বৰীফ' মানি চলা মুছলমান লোকে পাঁচ ৱাক্ত নামাজৰ ওপৰিও প্ৰতিটো শুক্ৰবাৰে মছজিদত গৈ "জুম্মাৰ" নামজ পৰাটো বাঞ্চনীয়। উচ্চ-নীচৰ ভেদাভেদ বিচাৰ নকৰা এই লোকসমাজত বাদশ্বাহেও ফকিৰৰ পিছত থিয় হৈ নামাজ আদায় কৰাত আপত্তি নাই৷

মুছলমান লোকসমাজে ইছলামী চন্দ্ৰমাহ মানি চলে আৰু তেওঁলোকৰ সমূহীয়া ধৰ্মীয় উৎসৱ সমূহ চন্দ্ৰ উদয়ৰ লগত সম্পৰ্কিত। ইছলামীয় মাহ 'ৰমজানৰ' ত্ৰিশ দিনেই ৰোজা (উপবাস) আৰু শাওয়াল মাহৰ পহিলা তাৰিখত 'ঈদুল-ফিতৰ' উৎসৱ পালন কৰে৷ নিৰ্দিষ্ট স্থানত থকা "ঈদগাহ ময়দানত" ঈদৰ নামজ আদায় কৰাৰ লগতে ঈদ উল ফিতৰত তেওঁলোকে ফিৎৰাহৰ ধন গৰীৱ-দুখীয়াক দান দিয়াৰ জৰিয়তে আদায় দিয়ে৷ সমাজৰ স্বচ্ছল লোকে দৰিদ্ৰক ফিৎৰা আদায় দি ঈদৰ নামাজ আদায় কৰাটো বাধ্যতামূলক৷ তদুপৰি সিদিনা দুখীয়া লোকেও যাতে আনন্দৰ দিনত ল’ৰা ছোৱালীক নতুন কাপোৰ পৰিধান কৰোৱাৰ উপৰিও মিঠাজাতীয় খীৰ, নাস্তা, পায়স, চেৱাই আদি খুৱাই আনন্দ উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰখা দেখা যায়৷ আনন্দৰ দিনা ৰাতিপুৱা গা-পা ধুই মা-দেউতা, ককাইদেউ, আতা-আবু অৰ্থাৎ সৰুৱে ডাঙৰক সেৱা কৰি ঈদৰ নামজ আদায় কৰিবলৈ যায়৷ তদুপৰি নামাজৰ অন্তত বন্ধু - বান্ধৱৰ ঘৰত গৈ আনন্দ ফুৰ্তিৰে দিন পাৰ কৰে৷ উল্লেখ্য যে ৰমজান মাহৰ ২৭ তাৰিখ "শ্ববে কদৰ" পালন অৰ্থাৎ এই ৰাতি অইন দিনৰ এবাদততকৈ শ্ৰেয় বুলি হাদিছত বৰ্ণিত আছে৷ ইছলামীয়া 'জিলহজ্জ' মাহৰ ১০ তাৰিখে বিশ্বৰ সৰ্বপ্ৰান্তৰ লগতে চৰ-চাপৰিৰ মুছলমানেও "ঈদুল আজহা" পালন কৰে৷ ঈদুল ফিতৰৰ দৰে ঈদুল আজহাৰ দিনাও ঈদগাহ ময়দানত গৈ নামাজ আদায়ৰ নিয়ম৷ স্মৰ্তব্য যে এই নামাজৰ অন্তত উট, দুম্বা, ম'হ, গৰু, ছাগলী, ভেৰা আদি নিখুঁত জন্তুক "কোৰবানী" কৰি গঞাঁৰ মাজত বিতৰণ কৰে ৷

ইছলামীয় মাহ শ্বাবানৰ ১৪ দিন পাৰ কৰি ১৫ তাৰিখত "শ্ববে বৰাত" পালন কৰাৰ লগতে বিশ্ব নবী হজৰত মহম্মদৰ জন্ম আৰু মৃত্যু দিৱসটোক ফাতেহা-ই-দোৱাজ-দাহম হিচাপে চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত পালন কৰা দেখা যায়৷

চৰ-চাপৰিৰ পৰম্পৰাগত প্ৰথাঃ চৰ-চাপৰিৰ দৈনন্দিন জীৱন-যাত্ৰাত সৰুৱে ডাঙৰক শ্ৰদ্ধা আৰু ডাঙৰে সৰুক মৰম-চেনেহ কৰি অতিবাহিত কৰে৷ জনগোষ্ঠীটোৰ ইজনৰ লগত-সিজনৰ দেখা দেখি হলে দূৰৰ পৰাই চকুত চকু মিলাই ছালাম অৰ্থাৎ আচ্ছালামু আলাইকুম দিয়ে আৰু প্ৰতি উত্তৰত আনজনে "ওৱালাইকুম ওৱাচ্ছালাম "প্ৰদান কৰে৷ দুয়োগৰাকীৰ ওপৰতেই শান্তি বৰ্ষিত হওঁক বুলি কামনা কৰা প্ৰথাক ছালাম প্ৰথা বুলি জনা যায়৷ উল্লেখ্য যে, ছালাম প্ৰথাৰ লগত "হাত মুছাফা" কৰাটো জড়িত৷ অৰ্থাৎ দুয়োগৰাকীয়েই ছালাম কৰাৰ অন্তত দুয়োজনৰ সোঁ-হাতেৰে কৰমৰ্দন কৰাকেই মুছাফা কৰা বুজায়। তদুপৰি দীঘলীয়া দিনৰ অন্তত নতুবা বিশেষ মুহূৰ্ত সমূহত পুৰুষে-পুৰুষক সাক্ষাৎ পোৱাৰ পিছত পৰস্পৰে পৰস্পৰৰ বাহুৰে আকোঁৱালি ধৰি বুকুত-বুকু মিলাই কোলা কুলি কৰা দেখা যায় ৷

শ্ৰদ্ধাসূচক প্ৰথা (সেলাম প্ৰথা)ঃ অসমৰ চৰ-চাপৰিৰ মুছলমান সমাজত পিতৃ-মাতৃ, গুৰুজনৰ ভৰিত চুই সেৱা কৰি দোৱা বা আশীৰ্বাদ বিচৰা কাৰ্যক 'সেলাম প্ৰথা' বুলি জনা যায়৷ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ ছেলাম প্ৰথাত অধিক।

সন্তান জন্মঃ মানুহৰ সৃষ্টি হৈছে মাতৃগৰ্ভত আৰু ই পৰম কৰুণাময় আল্লাহ-তালাহৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত বহুতে বিশ্বাস কৰি আহিছে। চৰ- চাপৰিৰ নাৰীয়ে ১০ মাহ ১০ দিন গৰ্ভত সন্তান ৰখা সময়ছোৱাত অনেক নিয়ম-কানুন মানি চলা দেখা যায়। বিশেষকৈ খোৱা-বোৱা, চলন-ফুৰন আদিত একাধিক নিয়ম কানুন মানি দিবা-নিশা পাৰ কৰে। চন্দ্ৰ বা সূৰ্য্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই আহাৰ গ্ৰহণ নকৰে আৰু শুই নাথাকে। চন্দ্ৰ গ্ৰহণ বা সূৰ্য্য গ্ৰহণৰ সময়ত আহাৰ খালে গৰ্ভস্থ সন্তানৰ অঙ্গক্ষত হয় বুলি পৰম্পৰাগত লোক বিশ্বাসত প্ৰকাশ। অৱশ্যে গৰ্ভবতী মহিলাৰ সমজোখৰ মৰাপাটৰ খৰি বেৰত গুজি থৈ খোৱা-বোৱা আনকি যিকোনো কাম কৰিলেও গৰ্ভস্থ সন্তানৰ কোনো ক্ষতি নহয় বুলিও বিশ্বাস কৰি আহিছে। তদুপৰি গৰ্ভৱতী মহিলাই একেটা কাৰণতেই ডাঙৰ মাছ, পানী লাও, চাল কোমোৰা, ঘৰচীয়া মুৰ্গী আদিও কটাৰ পৰা বিৰত থাকে।

গৰ্ভৱতী মহিলাৰ সপ্তম-অষ্টম মাহত ঘৰখনৰ মহিলাই গাখীৰ আৰু চেনী বা গুড়ৰ দ্বাৰা চাউলৰ গুড়িৰে "চেৱৈপিঠা" তৈয়াৰ কৰি সকলোৱে ভগাই খাই তৃপ্তি লাভ কৰে। চৰ চাপৰিৰ পূৰ্ববংগীয় মুছলমান সমাজত 'বিধৱা বা বৃদ্ধাৰ' ব্যতিৰেকে যমজ কল, পাণ, তামোল আদি ফলমূল অন্য মহিলাই নাখায়। কাৰণ মহিলাই এনে বস্তু খালে হেনো তেনে মহিলাৰ 'যমজ  সন্তান' হয় বুলি বিশ্বাস কৰি আহিছে। জনগোষ্ঠীটোৰ মহিলাই প্ৰসৱ বেদনাৰ সময়ত গাঁৱলীয়া ধাইৰ সহায় লয়, সম্প্ৰতিও চিকিৎসা বিজ্ঞানে চৰাঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাত চিকিৎসালয়ৰ সলনি ঘৰতে সন্তান প্ৰসৱ কৰিব লগা হৈ আছে। মহিলাই প্ৰসৱ কৰা সন্তান-'পুত্ৰ' হলে গাঁৱলীয়া মৌলবী বা অন্য পুৰুষৰ দ্বাৰা চোতালত থিয় দি পশ্চিম ফালে মূখ কৰি আজান দিয়ে। শিশুৰ কাণত আজানৰ শব্দ গলে হেনো সন্তান সৎ চৰিত্ৰ আৰু ধাৰ্মিক হয় বুলি লোক বিশ্বাস আছিল। উল্লেখ্য যে কন্যা সন্তান হলে আজান দিয়াৰ পৰিবৰ্তে কোৰাণৰ আয়াত পঢ়ি সন্তানৰ কাণত ফুৱাই দিয়ে। কোনো কোনো অঞ্চলত কন্যা সন্তান হলে ঘৰৰ চালে-বেৰে লাঠিৰে কোবায় বুলিও শুনা যায়।

সন্তান জন্মৰ পিছত যাতে ভূত-প্ৰেতৰ দৃষ্টি নপৰে,  তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰসৱ হোৱা কোঠালিৰ দৰ্জাৰ সন্মুখত বগৰী গছৰ ডাল, গৰুৰ হাড়, ঝাৰু আদি আঁৰি ৰখা দেখা যায়। আনহাতে সন্তানৰ মূৰৰ ফালে দা-কটাৰী ৰখাৰ উপৰিও ঘৰৰ ভিতৰত খৰি, ধানৰ তুঁহ আদিৰে হাঞ্জাল (জুই) জ্বলাই ৰখা দেখা যায়। দিন বা ৰাতি কোনোবা লোকে সন্তান জন্ম হোৱা ঘৰত প্ৰৱেশ কৰিব বিচাৰিলে উক্ত জুইত হাত ভৰি গৰম কৰি ভিতৰলৈ যাব লাগে এতিয়াও বহু ঠাইত নিয়ম আছে।

হাটুৱা অনুষ্ঠানঃ সন্তান জন্ম হোৱাৰ সপ্তম দিনা উদযাপিত অনুষ্ঠানক 'হাটুৱা অনুষ্ঠান' বা সাত পাহাৰি অনুষ্ঠান বুলি কোৱা হয়। সিদিনা প্ৰসৱ হোৱা মহিলা গৰাকীয়ে ভালদৰে গা পা ধুই ছাফ-চিকুণ হোৱাৰ উপৰিও মহিলাগৰাকীৰ কাপোৰ কানিও ধোৱা হয়। তদুপৰি সন্তান প্ৰসৱ কৰা গৃহটোও সৰা মছা কৰে। উল্লেখ্য যে সন্তানৰ ভাগ্য নিৰ্ণয়ৰ নিশা বুলি গণ্য কৰা ষষ্ঠম নিশাত সন্তানৰ মূৰৰ কাষত কাগজ, কলম, অভিধান, ধান, দুবৰিবন, হালধি, নাঙল, যুৱলি আদি ৰাখি মাতৃ আৰু ঘৰটোত থকা চাউনী (ধাই)য়ে উৰে নিশা উজাগৰে থাকে। আনহাতে নিশা পাৰ হলেই মুৰ্গী, হাঁহ, আদি কাটি আত্মীয়-স্বজনক এসাঁজ খুৱায়। স্মৰ্তব্য যে হাটুৱা অনুষ্ঠানতেই 'চাউনি' গৰাকীক সামৰ্থ অনুযায়ী শাৰী, কাপোৰ আদি উপহাৰ দি সন্মানিত কৰাও দেখা যায়।

আকিকা অনুষ্ঠানঃ সন্তানৰ জীৱনৰ বিনিময়ত পোহনীয়া জন্তু উৎসর্গা কৰা অনুষ্ঠানক থলুৱা ভাষাত আকিতা(আকিকা) বুলি জনা যায়। সন্তান গৰাকীৰ অদূৰ ভৱিষ্যতে যাতে অপায়-অমঙ্গল বা বাধা বিঘিনি নঘটে তাৰ বাবে জন্মৰ ২১ দিনত নিখুঁত গৰু, ছাগলী কাটি  ৰাইজৰ মাজত মাংস বিলাই দিয়া হয়। অৱশ্যে অক্ষম পিতৃ মাতৃয়ে সন্তানৰ আকিকা নিৰ্দিষ্ট সময়ত কৰিব নোৱাৰিলে সন্তান গৰাকী ডাঙৰ দীঘল হোৱাৰ পিছতো "আকিকা" কৰিব পাৰে। আনহাতে নিজৰ আকিকা নিজেও কৰিব পাৰে। ইয়ে পৰকালত পিতা-পুত্ৰৰ চিনাকি দিয়ে বুলিও বহুতে বিশ্বাস কৰি আহিছে। উল্লেখ্য যে কোনো কোনো অঞ্চলত এই আকিকা অনুষ্ঠানতেই সন্তানৰ নামাকৰণ কৰে৷ তদুপৰি সন্তানৰ নাড়ি কটাৰ সময়ত ধাইয়ে ৰখা নামটোৰ দ্বাৰাও সন্তানগৰাকী পৰিচিত হয়৷

ছুন্নতকৰণ বা মুছলমানী পৰ্বঃ পুত্র সন্তানৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে ছুন্নতকৰণ বা মুছলমানী পৰ্বক বিবেচনা কৰা হয়। সাধাৰণতে পুত্ৰ সন্তানৰ ৫/৬ বছৰ বয়সত ছুন্নতকৰণ অৰ্থাৎ পুৰুষাঙ্গৰ আগফালে থকা বৰ্দ্ধিত ছাল থলুৱা ভাষাত হাজাম, বাইদা বা খৰঙাৰ দ্বাৰা কাটি কাপোৰ পুৰি বান্ধি দিয়া হয়৷ এই ছাল ছেদন কৰাৰ সময়ত হাজামে শিশুটোৰ মনস্ক অন্য দিশত নিয়াৰ বাবে ইছলাম ধৰ্মৰ স্তম্ভ- কালেমা তৈৱবা নতুবা, ইটো - সিটো প্ৰশ্ন কৰি থকা দেখা যায়৷ বিজ্ঞান সন্মত এই "খাতনা" কাৰ্য বৰ্তমান যুগত শৈল্য চিকিৎসকৰ দ্বাৰা চিকিৎসালয়ত কৰাও দেখা যায়৷ সন্তানৰ ছুন্নতকৰণক কেন্দ্ৰ কৰি চৰ-চাপৰিৰ মুছলমান সমাজ ব্যৱস্থাত এক উৎসৱমুখৰ অনুষ্ঠান পতা দেখা যায়৷ খাতনা কাৰ্য সম্পন্ন কৰা ৭/৮ দিন পিছত ল’ৰাজনক ভালদৰে গা ধুৱাই কৰা কাৰ্যটোক কোনো কোনো অঞ্চলত "ধোৱানি" বুলি কয়৷ ছেদন কৰাৰ দিনা নতুবা গা ধুওৱাৰ দিনা প্ৰতিবেশী, আত্মীয় - স্বজনক নিমন্ত্রণ কৰি এসাজ আহাৰ খুওৱা দেখা যায়। নিমন্ত্রণ খাবলৈ অহা অতিথি লোকেও শিশুজনৰ বাবে ইচ্ছানুসৰি কাঁহি-বাটি, চাৰ্ট-পেন্টৰ কাপোৰ আদি উপহাৰ দি আশীৰ্বাদ, ভৱিষ্যত মঙ্গল কামনা কৰে ৷ ইফালে, শিশুৰ অভিভাৱক বা পিতৃ-মাতৃয়েও খাতনা কৰা হাজাম জনক সামৰ্থ অনুযায়ী নগদ ধন, কাপোৰ আদি প্ৰদান কৰি তৃপ্তি লাভ কৰে৷

কোল বিয়া বা গা-চুৱা কৰা পৰম্পৰাঃ চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত সন্তান জন্ম হৈ বাৰাম্বাৰ মৃত্যু হলে এক পৰম্পৰা মানি চলা দেখা যায়৷ বিশেষকৈ দুই-এবাৰ সন্তান মৃত্যুৰ শোকত ভোগা অভিভাৱকে পৰৱর্তী জন্ম হোৱা সন্তানটোৰ কাণলতি ফুটা কৰি "সোণ"ৰ বালি পিন্ধাই দিয়ে৷ আনহাতে কন্যা সন্তান হ'লে সম্পৰ্কীয় আতাৰ লগত পান-তামোল দি "কৌল বিয়া" দিয়ে৷ তদুপৰি কাৰোবাৰ পৰা ৫-১০ টকালৈ প্ৰতীকী বিক্রী কৰে৷ অঞ্চল বিশেষে এনে সন্তানৰ নাম- ফেলানী, কিনি, কালুঠি আদি নাম ৰখা দেখা যায়৷ লক্ষনীয় যে এনে প্ৰথা বৰ্তমানে প্ৰায় নাইকিয়া হৈ গৈছে।

ছোৱালীৰ পুস্পিতাঃ চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত ছোৱালী পুস্পিতা হলে সাধাৰণতে তাইৰ মাক বা বৌ আইতা সম্বন্ধীয় লোকৰ বাদে অন্য কোনো লোকে গম নাপায়৷ শৰীৰ বেয়া বুলি সকলোৱে জনা ছোৱালী গৰাকীক ঘৰুৱা ৰীতি-নিয়মৰ মাজেৰে পাৰ কৰে৷ অৱশ্য এই সময় চোৱাত পুস্পিতা ছোৱালী মাছ-মাংস আদি খাদ্য প্ৰদান নকৰাৰ নিয়ম এসময়ত আছিল৷ আনহাতে ছোৱালীজনীয়ে ন্যূনতম দিনকেইটাত পুৰুষক স্পৰ্শ নকৰে আৰু হাতে হাতে পান-তামোল পৰ্যন্ত দিব নিদিয়ে। তদুপৰি ছোৱালীজনীক ঘৰৰ ধান চাউল ৰখা ভঁৰালতো উঠিব নিদিয়ে৷ একেদৰে ছোৱালীজনীক মূৰত তেল পানী প্ৰদান কৰাৰ লগতে মূৰৰ চুলি ফনিয়াব নিদিয়ে৷ অৱশ্য ৫ দিনৰ অন্তত তাই ব্যৱহাৰ কৰা কাপোৰ কানি ছ'ডা-খাৰৰ দ্বাৰা ধোৱাৰ লগতে ঘৰ চোতাল গোবৰ মাটিৰে লেপি-মচি শুদ্ধি কৰাৰ নিয়ম আছিল যদিও আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে বুলিয়েই কব পাৰি।

বিয়া অনুষ্ঠানঃ বিশ্বৰ প্ৰতিটো সমাজৰ বাবেই বিবাহ এক মাঙ্গলিক কাৰ্য। বংশ ৰক্ষাৰ ঐতিহ্যবাহী কাৰ্য সম্পাদন নহলে যেন জীৱনটো আধৰুৱা হৈ থাকে৷ সামাজিক অনুষ্ঠান "বিবাহ" পৰিচালনা কৰাৰ বাবে পূৰ্ববংগীয় মুছলমান সমাজত ঘটকৰ ভূমিকা উল্লেখযোগ্য। দুয়োপক্ষৰ যাবতীয় প্ৰস্তাৱ ঘটকে মধ্যস্থতা কৰি এক উমৈহতীয়া মতামতৰ অন্তত বিবাহ কাৰ্যৰ দিন-তাৰিখ সম্পন্ন হয়৷ দুগৰাকী সাক্ষীৰ উপস্থিতিত দৰা-কইনাৰ মৌখিক সন্মতিৰ অন্তত "কবুল" বাক্যৰ দ্বাৰা বিয়া হয়৷ শিক্ষিত সমাজত ভাৰতীয় বিবাহ আইন (বিবাহৰ ক্ষেত্ৰত পুৰুষৰ নুন্যতম বয়স ২১ বছৰ আৰু নাৰীৰ ১৮ বছৰ) অনুসৰণ কৰা দেখা যায়, যদিও নিৰক্ষৰ সমাজত বয়সৰ সীমাৰেখা মানি চলা দেখা নাযায়৷ ফলস্বৰূপে অতি কম বয়সতে বাল্য বিবাহ সম্পন্ন হোৱাত ৩-৪ টা সন্তানৰ মাতৃ হৈ শিশু আৰু মাতৃয়ে ৰক্তহীনতা, পুষ্টিহীনতা, তথা অন্যান্য অহেতুক বেমাৰ আজাৰৰ দ্বাৰা আক্ৰান্ত হয়৷ পূৰ্বে দৰা পক্ষই "পন" (যৌতুক) দি ঘৰলৈ কইনা অনা প্ৰথাৰ বিলুপ্ত ঘটি বৰ্তমান চৰ-চাপৰিৰ পূৰ্ববংগীয় মুছলমান সমাজত কন্যাৰ ঘৰৰ পৰা যৌতুক লৈ হোৱা বিবাহ প্ৰথাই প্ৰভাৱ বিস্তাৰ কৰিবলৈ আগবাঢ়িছে ৷

মৃত্যুঃ "জন্মিলে মৃত্যু অনিবার্য" এই চিৰসত্যক বিশ্বাস কৰি চৰ-চাপৰিৰ পূৰ্ববংগীয় মুছলমান লোকে সামাজিক জীৱন যাত্ৰাত সৎপথত থকাৰ প্ৰচেষ্টা অব্যাহত ৰাখে । পূৰ্ববংগীয় মুছলমান সকলে কাৰোবাৰ মৃত্যু হলে কবৰ দিয়ে৷ মানুহৰ মৃত্যু হলে চোতালত খাটৰ ওপৰত শুৱাই গৰম পানী, চাবোনেৰে পৰিষ্কাৰকৈ অন্তিম বাৰৰ বাবে গা-ধুৱায়। অৱশ্য লোকগোষ্ঠীটোত পুৰুষ মৃতকক পুৰুষে আৰু মহিলা মৃতকক মহিলাই গা-ধুওৱাৰ নিয়ম। গোছল বা গা ধুওৱাৰ পিছত কাফনৰ বগা কাপোৰ মেৰোৱা হয়। পুৰুষক চাৰি টুকুৰা কাপোৰ আৰু মহিলাক পাচ টুকুৰা কাপোৰৰ দ্বাৰা ঢাকি ওপৰত আঁতৰ (সুগন্ধি), গোলাপজল ছটিয়াই দিয়ে। পিছত চাৰিজনৰো অধিক লোকে চাঙৰ দ্বাৰা কান্ধত কৰি শৱদেহটোক জানাজাৰ বাবে লৈ যায়। জানাজা সম্পন্ন হোৱাৰ পাছত মৃত দেহটো কবৰ দিয়া স্থানলৈ লৈ যোৱা হয়। মৃত্যুদেহটো কঢ়িয়াই নিয়াৰ যাত্ৰাপথত মৃতুকৰ চাঙৰ আগে-আগে কোনো ব্যক্তি যোৱা নিষেধ। শৱদেহটোক নিয়াৰ সময়ত আৰু কবৰৰ দিয়াৰ সময়ত ইছলামীয়া আয়াত 'কলেমা শ্বাহদত' পাঠ কৰিব লাগে। মৌলবীয়ে ধৰ্মীয় নীতি-নিয়ম মতে জানাজাৰ নামাজ সম্পন্ন কৰা মৃতকক কবৰত শুৱাই দি কবৰৰ ভিতৰত বাঁহৰ বাধা থিয় কৰাই দিয়াৰ লগতে তাৰ ওপৰেৰে বাঁহৰ ঢাৰিৰে ঢাকি দিয়া হয়, যাতে ওপৰৰ পৰা দিয়া মাটি তৎক্ষণাৎ মৃতকৰ গাত নপৰে। মাটি দিয়া পৰ্ব শেষ হোৱাৰ পাছত বাঁহ বা কাঠেৰে কবৰৰ চাৰিওপিনে বেৰ দিয়া হয়। মৃতকক সৎকাৰ কৰা সময়ত 'মিনহা খালাকনাকুম..... দোৱা পাঠ কৰা হয়। অৰ্থাৎ ‘এই মাটিতে তোমাৰ জনম, এই মাটিতেই শয়ন কৰিলা আৰু এই মাটিৰ পৰাই জী উঠিবা'। আনহাতে মাটি দিয়া শেষ হ'লে কবৰৰ চাৰি কোনত চাৰি কুল (এখলাছ, ফালাক, নাছ আৰু কাফেৰুণ) পাঠ কৰি খেজুৰ গছৰ চাৰি টুকুৰা খেজুৰৰ ডাল পুতি দিয়া হয়। পিছলৈ মৃতকৰ আত্মাৰ সদগতিৰ বাবে সমূহীয়া মোনাজাত (প্ৰাৰ্থনা) কৰে।

উল্লেখ্য যে মানুহৰ মৃত্যুৰ তিনিদিনত ফকিৰ(মিছকিন); সাতদিনত'মুন্সী' আৰু চল্লিশ দিনত চল্লিশা অনুষ্ঠান কৰা হয়।তদুপৰি, আজিকালি 'বাৰ্ষিক মৃত্যু' দিৱস পালন কৰি পাৰ্শবৰ্তী লোকক এসাঁজ খোওৱা দেখা যায়। মনকৰিবলগীয়া যে চৰ-চাপৰিৰ মুছলমান সমাজত সদ্যজাত শিশুৰ পৰা বৃদ্ধলৈ যিকোনো ব্যক্তিৰ মৃত্যু হ'লে ঘৰখনত তিনিদিন শোক পালন কৰে। এই সময়ছোৱাত ঘৰখনৰ চৌকাত জুই নজ্বলায় আৰু নিকটৱৰ্তী (আত্মীয় নহয়) লোকে ভাত পানীৰ ব্যৱস্থা কৰে।মৃতকৰ শোকত ম্ৰিয়মান হৈ ঘৰৰ সকলো লোকেই চাবুন-তেল ব্যৱহাৰৰ পৰা বিৰত থাকে। অৱশ্যে তিনিদিনত মৃতুকৰ ঘৰত মিছকিন খোৱাই দোৱা-দৰুদ পাঠ, কোৰআন পাঠ কৰোৱাই জুই জ্বলায়। আনহাতে ঘৰৰ মুখ্য মুৰব্বীৰ মৃত্যু হ'লে এবছৰলৈকে বিয়া-বাৰুৰ দৰে উল্লেখযোগ্য অনুষ্ঠান পতা দেখা নাযায়। এনেদৰেই অসমৰ চৰ-চাপৰিৰ মুছলমান সমাজ ব্যৱস্থাত জন্মৰ পৰা মৃত্যু পৰ্যন্ত পৰম্পৰাগতভাবে আচাৰ-আচৰণ পালন কৰা দেখা যায়।

ইউনিকোড: হুছেইন আহমদ মাদানী, ছাদ্দাম হুছেইন, শ্বাহানুৰ ইছলাম, জাকিৰ হুছেইন, ৰবিউল ইছলাম।

Share Button
Print Friendly, PDF & Email

1 Comment : "চৰ-চাপৰিৰ মুছলমান সমাজ আৰু লোক সংস্কৃতি (আনোৱাৰ হোছেইন)"

  1. শিৰাজুল ইছলাম

    আমি খেতিঘৰীয়া মিঞাসকলে ব্যৱহাৰ কৰা গামোচাখন হৈছে #মিঞা_গামোচা।
    ৰাজহুৱা স্থানত আমি অসমীয়া গামোচা ব্যৱহাৰ কৰো, আৰু সন্মান ও কৰো। কিন্তু খেতি পথাৰত বা ঘৰুৱা কাম কৰাৰ সময়ত অসমীয়া গামোচা ব্যৱহাৰ কৰিব নোৱাৰো। কাৰণ ধুলি, কণা আদিৰ ফলত অসমীয়া গামোচা বেছি লেতেৰা হৈ যায়।
    আমাৰ উত্তৰপুৰুষ সকলে সেইসময়ৰ পৰাই আৰু বৰ্তমান ও আমাৰ মিঞাসকলে এইখন ৰঙা গামোচা ব্যৱহাৰ কৰি আহিছে। মিঞা সমাজ ব্যৱস্থাৰ দৰ্শন কৰিলে এইখন গামোচাৰ ব্যৱহাৰ নিশ্চয় দেখা পাব।
    আমাৰ মিঞাসকলৰ কিছুমানে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি নজনাকৈ অসমীয়া ভাষাক আকোঁৱালি লৈছিল। বৃহত্তৰ অসমীয়া জাতিৰ বৃহত্তম জনগোষ্ঠী হৈছে মিঞা জনগোষ্ঠী। গতিকে মিঞা জনগোষ্ঠীৰ কিছুমান সংস্কৃতি অইন জনগোষ্ঠীৰ মানুহৰ আগত দাঙি ধৰাটো আমাৰ নৈতিক দায়িত্ব। আমাৰ ভাষা সংস্কৃতি আমি দাঙি ধৰিলেহে ইয়াৰ প্ৰচলন হব।
    ধন্যবাদ।

Leave a Comment

Your email address will not be published. Required fields are marked *