চৰ: শোষণ-পীড়নৰ এক ৰম্যভূমি (পৰিশ্মিতা নাথ)

‘মুক্ত চিন্তা’ গোটৰ পোন্ধৰজনীয়া দল এটাৰে শুভাৰম্ভণি হৈছিল প্ৰথম যাত্ৰা। যাত্ৰীবোৰ প্ৰায়ভাগে আছিল মোৰ বাবে অচিনাকি, কিন্তু দুৰ্গম চৰবোৰ চোৱাৰ হেপাহে মনবোৰ এক কৰি দিছিল সকলোকে। ১০ জুলাই, ২০১৬ তাৰিখে ৰাতিপুৱা গুৱাহাটীৰ পৰা ২.৩০ ঘন্টা বাট অতিক্ৰমৰ অন্তত বৰপেটা জিলাৰ বহৰিৰ নিকটৱৰ্তী গোমাফুলবাৰী-হৰিপুৰত উপস্থিত হওঁ। তালৈ গৈ একাংশ স্থানীয় ব্যক্তিৰ লগত আমি বিভিন্ন আলোচনাত মিলিত হওঁ। অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক তাজুদ্দিন আহমেদে আমাক কৈ গৈছিল যাযাবৰী হৈ ইখনৰ পিছত সিখন ঘৰ ভঙা-পতাৰ ইতিহাস, স্কুল-স্বাস্থ্য কেন্দ্ৰবোৰ ইপাৰ-সিপাৰ হোৱাত ক্ৰমে হেৰাই যায়, নাম মাত্ৰ অৱশিষ্ট বুলি ৰৈ যায় চৰকাৰী ফাইলবোৰৰ মাজত, শোষণ, বঞ্চনা, অৱহেলা ইত্যাদি।

আমাক লৈ যোৱা হৈছিল গৰাখহনীয়াত ভেটি-মাটি উচন হোৱা প্ৰায় পাঁচশটা পৰিয়ালক চৰকাৰী সাহায্যৰ নমুনা হিচাপে কাকধোৱা-গণকপাৰা ৰিজাৰ্ভত বাসস্থানৰ নামত পোৱা ঠাই টুকুৰালৈ। সাহায্যৰ নামত পানীৰ ওপৰত সহবাস তেওঁলোকৰ, বছৰৰ ৯ মাহেই পানীত ডুব গৈ থাকে এই ৰিজাৰ্ভখন, বিদ্যালয় স্বাস্থ্য-কেন্দ্ৰ ইত্যাদি মাথোঁ সপোন। তাৰ পিছত আমি অচিন গ্ৰহলৈ যোৱাৰ সময় আহি পৰে, একমাত্ৰ যাতায়তৰ মাধ্যম হিচাপে ব্যৱহৃত যন্ত্ৰ চালিত নাওঁখনেৰে আমি ব্ৰহ্মপুত্ৰ বুকুয়েদি যাৱলৈ আৰম্ভ কৰোঁ। বিস্তৃত অঞ্চল কেৱল পানী, কৰবাত দেখা পাওঁ পানীয়ে ধুই নিয়া জুপুৰিৰ অৱশিষ্ট। আমি চেঙা ব্লকৰ অন্তৰ্গত গোমা পঞ্চায়ত এলেকাৰ ভিতৰত পৰা মহিশখুটী আৰু তাৰপৰা অকণমান দূৰত অৱস্থিত থকা লক্ষীপুৰ চৰ দুটাৰ ক্ষেত্ৰ অধ্যয়ন কৰিছিলোঁ। মৰিচাকান্দিৰ ম: আমছেৰ আলি, আবুল বাসাৰ আদি লোকসকলৰ পৰা লোৱা তথ্য অনুসৰি ১৫০ টা পৰিয়ালৰ জনসংখ্যা প্ৰায় ৭০০ মান হ’ব। স্কুল বুলিবলৈ এখন আজিৰ পৰা ২০ বছৰ আগত পতা ভেঞ্চাৰ স্কুল, আজিলৈ চৰকাৰী কৃপা দৃষ্টি পৰা নাই। শিক্ষক বুলিবলৈ একো নাই দশম শ্ৰেণীলৈ পঢ়া এজনী ছোৱালী আৰু মাজে-মাজে অহা-যোৱা কৰা প্ৰধান শিক্ষক জনৰ প্ৰচেষ্টাত কেৱল নামমাত্ৰ জীয়াই আছে বিদ্যালয়খন।

শুকান মুখবোৰ দেখি দুখ লাগিছিল। সৰু ল'ৰা কেইটাই চকলেট পাওঁতে সিহঁতৰ উজ্জ্বল চকুহাল চাই ভাল লাগিছিল। অনুপ্ৰৱেশকাৰী, প্ৰব্ৰজনকাৰী, সন্দেহযুক্ত বাংলাদেশী আদি প্ৰশ্নবানেৰে থকাসৰকা কৰি থকা আমিবোৰে মানৱীয় দৃষ্টিৰে উপলব্ধি কৰিলে জানিব পাৰি তেওঁলোকৰ প্ৰকৃত অৱস্থা কিমান শোচনীয় হৈ আছে। জীয়াই থকাৰ যি সংগ্ৰাম, সেয়া নিজ চকুৰে নেদেখিলে অনুভৱ কৰিব বা বৰ্ণনাৰে বুজাব নোৱাৰি। স্বাস্থ্য খণ্ডৰ নামত কেতিয়াবা অহা আশাকৰ্মী জনীয়ে আশা আৰু একমাত্ৰ ভৰষা। উন্নত চিকিৎসাৰ বাবে অকল যাতায়তৰ নামত ফেৰীৰে অহা যোৱা বাবদ খৰচ হয় যথেষ্ট টকা। তেওঁলোকৰ নামত অতীতৰ পৰা ৰাজনীতি চলিছে। শিক্ষা নথকা অজলা মানুহবোৰক লৈ তেওঁলোকৰে মাজৰ অলপ জনা-বুজা নিজা মানুহখিনিয়ে মধ্যভোগীৰ দৰে দালালি কৰি আছে। কোনো চৰকাৰী অভিলাষী আচঁনিয়ে ঢুকি পোৱা নাই চৰবাসীক। প্ৰতিটো পঞ্চায়তত লাখ-লাখ টকাৰ আৱন্টন হৈ আছে। এনৰেগা আচঁনিৰ কোনো কামৰ নমুনা নেদেখিলো। জৱকাৰ্ডত আজিলৈ পইচা পোৱা নাই বুলি অভিযোগ কৰিছিল আমাক। পি.ম.আই ঘৰৰ কথা নকলো যেনিবা। বহু বিচাৰ-খোচাৰ কৰিও এজনো বৃদ্ধ পেন্সন পোৱা মানুহ লগ নাপালো। বৃদ্ধ পেন্সন আজিকালি NEFT ৰ যোগেদি বেংকৰ একাউণ্টত টকা ট্ৰেন্সফাৰ হয়। বছৰে একোটা গাওঁ পঞ্চায়তত 'ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য আঁচনি' (NSAP)ৰ অধীনত চলা বৃদ্ধ পেন্সন, বিধৱা পেন্সন আৰু এককালীন বিশ হাজাৰ টকাৰ টাৰ্গেট সীমা বৃদ্ধি কৰি আছে। সেই অনুপাতে গোমা পঞ্চায়তত নাপাবলগীয়া কোনো কথাই হ’ব নোৱাৰে। তদুপৰি এতিয়া ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে। চৰ্তুদশ বিত্তীয় আঁচনিত গাওঁসভাৰ যোগেদি নিজৰ আৱশ্যকীয় কাম-কাজসমূহ তালিকা প্ৰস্তুত কৰি প্ৰতিটো ৱাৰ্ডৰ সদস্যই ধন মুকলি কৰি ল'ব পাৰে। শুনি আচৰিত হলোঁ, মানুহখিনিয়ে যেতিয়া ক'লে পঞ্চায়তৰ সদস্য তথা সচিবে ক’ত কেতিয়া গাওঁসভা পাতে এই দুই চৰৰ সাধাৰণ ৰাইজে গম নাপায়। আজিলৈকে ৰেচন কাৰ্ডৰ চাউল পোৱা নাই বুলি তেওঁলোকে অভিযোগ দিছিল আমাক। অশিক্ষিত হোৱাৰ বাবেই তেওঁলোকৰে এচাম নিজা মানুহৰ হাতত শোষণৰ বলি হৈছে। জানি আচৰিত হ’ব পঞ্চায়তৰ সভাপতিজন অশিক্ষিত, তেওঁ এজন দালালৰ দ্বাৰা কাম চলায়। যেতিয়া অভিযোগ দিবলৈ কৈছিলোঁ, তেতিয়া কৈছিল তেওঁলোকে অভিযোগ লিখি দিবলৈ জনা মানুহজনক লিখি দিয়াৰ নামত দিব লাগে ফিজ। মূলত: তেওঁলোকৰ মাজৰ অকণমান জনা-বুজা নিজা মানুহখিনিয়ে শোষণ কৰি আছে। শিক্ষাৰ পোহৰ নপৰালৈ তেওঁলোকৰ অৱস্থাৰ কোনো পৰিবৰ্তন নঘটে। মানুহবোৰে বুজি উঠিছে শিক্ষাৰ প্ৰয়োজনীয়তা। তেওঁলোকে আহি থকা প্ৰজন্মৰ স্বাৰ্থত আমাক কৈছিল কিবা এটা কৰি দিয়াৰ কথা। কোনো দল-সংগঠন, চৰকাৰী আমোলা-বিষয়া, বেচৰকাৰী সংস্থা আদিৰ দৃষ্টি পৰক এওঁলোকৰ ওপৰত। এখন দেশৰ উন্নয়ন সাধৰণ মানুহৰ জীৱনৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। স্মাৰ্ট চিটিৰ তালিকা যিমান দীঘলীয়া নহওঁক কিয়, এনে একোটা চৰৰ প্ৰতিচ্ছবিয়েই নিৰ্ধাৰণ কৰি দিব আমি যে তৃতীয় বিশ্বৰে বাসিন্দা। সকলোৱে ওলাই আহক, এওঁলোকক চাওক ওচৰৰ পৰা, আদিম সভ্যতাৰ মানুহ আৰু এওঁলোকৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। আমি যোৱা দলটোৰ প্ৰতিজন সদস্যই নিজা নিজা দৃষ্টিৰে তেওঁলোকক প্ৰশ্ন কৰিছিল। বেছিভাগ নিৰাশজনক উত্তৰ পোৱা গৈছিল। এইদৰে আশা-নিৰাশাৰ প্ৰশ্নবোৰ বুকুত লৈ প্ৰথম যাত্ৰাৰ সামৰণি পৰিছিল।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ: শোষণ-পীড়নৰ এক ৰম্যভূমি (পৰিশ্মিতা নাথ)"

Leave a Comment

Your email address will not be published. Required fields are marked *