ঐক্য (মূল গল্পকাৰ : ইটালো কালভিনো; অনুবাদ : ‍কৌশিক দাস)

মূল ইটালো কালভিনোৰ (Italo Calvino) গল্প Solidarity (টিম পাৰ্কছ-ৰ ইংৰাজী অনুবাদৰ আলমত)

 

সিহঁতক দেখি মই থমকি ৰ’লোঁ। এই ৰাতিখন নিৰ্জন ৰাস্তাটোৰ দাঁতিৰ দোকান এখনৰ শ্বাটাৰখনত সিহঁতে কিবা এটা কৰি আছে। সেইখন এখন মজবুত শ্বাটাৰ। সিহঁতে এডাল লোহাৰ মাৰি ব্যৱহাৰ কৰিছে যদিও শ্বাটাৰখনে কেটকুটেই কৰা নাই। মই এনেই খোজ কা‌ঢ়ি খোজ কা‌ঢ়ি পাক এটা মাৰিছিলোঁ, কোনো বিশেষ লক্ষ্য নাছিল মোৰ। শ্বাটাৰখন খোলাত ময়ো আগ বা‌ঢ়ি গৈ হাত লগালোঁ। সিহঁতে মোৰ কাৰণে জেগা উলিয়াই দিলে।

আমি আটাইকেইটাই আচলতে লোহাৰ মাৰিডালত একেই সময়তে জোৰ দিয়া নাছিলোঁ। “আৰে....কথাটো গম পাইছা?” এইবুলি মই ক’বলৈহে পালোঁ, মোৰ সোঁ-ফালে থকাটোৱে কিলাকুটিৰে মোক খোঁচ এটা মাৰি ফুচ্‌ফুচাই উঠিল, “চুপ! চুপ! বলিয়া হৈছ নেকি? সিহঁতে শুনিলে কি হ’ব, পাগল”। মই মূৰটো লৰাই লৰাই এনেকুৱা এটা ভাব দিলোঁ যেন কথাটো মোৰ মুখৰপৰা পিছলিহে ওলাই গৈছিল।

আমি ঘামেৰে তিতি গ’লোঁ। শেষত যেনিবা মানুহ এটা ভিতৰলৈ সোমাব পৰাকৈ শ্বাটাৰখন দাং খালে। আমি ইটোৱে সিটোলৈ চাই নিঃশব্দে ফূৰ্তিৰ হাঁহি মাৰিলোঁ। তাৰ পাছত আমি এটা এটাকৈ দোকানখনৰ ভিতৰলৈ সোমাই গ’লোঁ।

মোক ডাঙৰ মোনা এটা ধৰিবলৈ দিয়া হ’ল। বাকীকেইটাই নানান বয়-বস্তু আনি আনি তাত ভৰাবলৈ আৰম্ভ কৰিলে।

“পুলিচ গাহৰিকেইটা এতিয়া নাহিলেই হয়....”, সিহঁতৰ এটাই ফুচফুচাই ক’লে।

“ঠিকেই কৈছা, পুলিচকেইটা সঁচাই গাহৰিয়েই....”, মই ক’লোঁ।

“চুপ !! তই খোজৰ শব্দ শুনিছনে নাই”।

মই ভয়তে কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিলোঁ। ক’লোঁ, “নাই নাই, সেইটো পুলিচৰ ভৰিৰ শব্দ নহয়।”

“সেই গাহৰি পুলিচকেইটা সদায় হঠাতেই আহি ওলায়”, সিহঁতৰ এটাই কৈ উঠিল।

সিহঁতে মোক অলপ বাহিৰলৈ ওলাই গৈ, চুকটোৰপৰা কোনোবা আহিছে নেকি চাবলৈ ক’লে। মই লাহেকৈ বাহিৰলৈ ওলালোঁ।

বাহিৰৰ চুকটোত, দুৱাৰৰ আঁৰ লৈ, দোকানৰ বেৰত কাণ পাতি আছে এদল মানুহ। মই সিহঁতৰ মাজত সোমাই পৰিলোঁ।

“দোকানৰপৰা শব্দ আহিছে, শুনিছ”? কাষৰ এজনে মোক ক’লে।

মই ডিঙি মেলি, মূৰটো ওপৰলৈ উঠাই শব্দটো শুনিবলৈ চেষ্টা কৰিলোঁ।

“অই মূৰ্খ ! মূৰটো তললৈ নমা। সিহঁতে দেখিলে আকৌ পলাব” !

“মই চাইছিলোহে অলপ...” মই বেৰৰ কাষত কুঁজা হৈ লুকাবলৈ চেষ্টা কৰিলোঁ।

“সিহঁতৰ বৰ বেছি এটা নাই”, অন্য এটাই ক’লে, “আমি যদি সিহঁতে গম নোপোৱাকৈ ঘেৰি পেলাওঁ তেতিয়াহে সিহঁত ফান্দত পৰিব”।

আমি হাতত সাৰে ভৰিত সাৰে, মেকুৰীৰ নিচিনাকৈ, লাহে লাহে উশাহ বন্ধ কৰি আগ বা‌ঢ়ি গ’লোঁ। প্রতিটো পলতে আমি চকু ডাঙৰ কৰি ইটোৱে সিটোক চাই আছিলোঁ।

“এতিয়া আৰু সিহঁত পলাব নোৱাৰিব”, মই ক’লোঁ।

“অৱশেষত আমি সিহঁতক হাতে-লোটে ধৰা পেলাম”, কোনোবা এটাই ফুচ্‌ফুচালে।

“ঠিক সময়তেই সিহঁতক আমি ধৰিম”, ময়ো ফুচ্‌ফুচাই ক’লোঁ।

“হাৰামজাদাকেইটাই কেনেকৈ দোকানখন কেনেকৈ ভাঙিছে দেখিছ”, সি আকৌ ভোৰভোৰালে।

ময়ো খঙতে দাঁত কামুৰি কামুৰি ক’লোঁ, “হাৰামজাদা দগাবাজ”।

সিহঁতে ভিতৰৰ কথাটো আৰু ভালকৈ চাবলৈ মোক অকণমান আগলৈ যাবলৈ দিলে। মই আকৌ দোকানখনৰ ভিতৰত সোমাই পৰিলোঁ।

“সিহঁতে আৰু আমাক ধৰিব নোৱাৰে”, কান্ধত মোনাটো ওলোমাই লৈ এটাই ক’লে।

“সোনকালে কৰ, সোনকালে”, এটাই কৈ উঠিল, “আমি পিছফালৰ দুৱাৰেদি ওলাই যাম। সেইফালেদি আমি সিহঁতৰ নাকৰ আগেদি পলাম”।

আমাৰ গোটেইকেইটাৰ ওঁঠত বিজয়ৰ হাঁহি বিৰিঙি উঠিল।

মই ক’লোঁ, “সিহঁতৰ তিতা-কেঁহা লাগি যাব”।

আমি নিঃশব্দে বগুৱা বাই বাহিৰলৈ ওলাই আহিলোঁ। কোনোবাই কৈ পেলালে, “সিহঁতক আকৌ বুৰ্বক বনাই পেলালোঁ”!

তেনেতে নিৰ্জনতা ভেদ কৰি এটা তীক্ষ্ন কন্ঠই চৌ-দিশ কঁপাই তুলিলে, “হেই...হেই...কোন সেইকেইটা....চোৰ চোৰ....ধৰ ধৰ....”। ঘিটমিটীয়া এন্ধাৰ ফালি আমাৰ গাত আহি পৰিল টৰ্চৰ তীব্র পোহৰ।

ভয়তে বিবৰ্ণ হৈ, ইটোৱে সিটোৰ হাতত খামুচি ধৰি, আমি কুঁজা হৈ কিবা এটাৰ আঁৰত লুকাই পৰিলোঁ।

সিহঁত সেই কোঠাটোলৈ সোমাই আহিল। কিন্তু আমাক নেদেখি তাৰপৰা ওলাই গ’ল। আমি লুকাই থকা জেগাটোৰপৰা ওলাই পাগলৰ দৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

“জিকি গ’লোঁ, জিকি গ’লোঁ”, আমি কৈ উঠিলোঁ।

ফোঁপাই ফোঁপাই দৌৰি থাকোঁতে মই দুবাৰমান উজুটি খাই অলপ পিছ পৰি গ’লোঁ। তেনেতে দেখিলোঁ, খেদি থকা মানুহৰ দলটোৰ মাজত সোমাই পৰিছোঁ মই।

“বেগাই...আৰু বেগাই ব’ল”, সিহঁতে ক’লে, “আমি সিহঁতক ধৰিমেই ধৰিম এইবাৰ”। আমি সকলোৱে ঠেক ৰাস্তা এটাৰে সিহঁতৰ খেদি যাবলৈ ধৰিলোঁ।

সিহঁত বেছি দূৰত নাই কাৰণে আমি চিঞৰিবলৈ ধৰিলোঁ, “এইফালে এইফালে.....এইফালে ঘূৰ....দৌৰ লগা জোৰচে...এইবাৰ এইকেইটা সাৰি যাব নোৱাৰে”।

মই সিহঁতৰ এটাক খামুচি ধৰিবলৈ সক্ষম হ’লোঁ। সি কৈ উঠিল, “বঢ়িয়া! চাব্বাচ!! তই পলাব পাৰিলি! এইফালে দৌৰ....এইফালে। আমি সিহঁতক হৰুৱাই দিম”। মই তাৰ লগত দৌৰি পলাবলৈ ধৰিলোঁ।

অলপ সময়ৰ পাছত গম পালোঁ যে এটা ঠেক গলিৰ মাজত মই অকলশৰীয়া হৈ পৰিছোঁ।

তেনেতে দৌৰ মাৰি অহা কোনোবা এটাই আহি মোক ক’লে, “এইফালে…এইফালে….মই সিহঁতক দেখিছোঁ......বেছি দূৰৈত নাই.....দৌৰ লগা.....সিহঁতক ধৰিবই লাগিব”।

মই অলপ পৰ মানুহটোৰ পাছে পাছে দৌৰি গ’লোঁ। তাৰ পাছত থমকি ৰ’লোঁ। গোটেই গাতে ঘাম। মোৰ ওচৰত কোনো নাই। কোনো চিঞৰ-বাখৰ নাই, সকলো নিস্তব্ধ, শান্ত। মই অলপ সময় পেন্টৰ পকেটত হাত ভৰাই ৰৈ থাকিলোঁ আৰু তাৰ পাছত যাবলৈ আৰম্ভ কৰিলোঁ। এনেই খোজ কা‌ঢ়ি খোজ কা‌ঢ়ি পাক এটা মাৰিম বুলি, কোনো বিশেষ লক্ষ্য নাই মোৰ।

 

 

 

 

 

Share Button
Print Friendly, PDF & Email

No Comments : "ঐক্য (মূল গল্পকাৰ : ইটালো কালভিনো; অনুবাদ : ‍কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *