ইউটোপীয় সমাজবাদ সম্পৰ্কে কিছু কথা (প্রথম ভাগ)

(প্রবন্ধটোৰ ৰচনাকাল জানুৱাৰি-জুলাই, ১৯৮৯ চন। উৰ্মিৰোল নামৰ এখন আলোচনীত প্রবন্ধটো সংক্ষিপ্তভাবে প্রকাশ হৈছিল।)

 

প্রাক্‌কথন

১৮৪৭ চনৰ ডিচেম্বৰৰপৰা ১৮৪৮ চনৰ জানুৱাৰিৰ ভিতৰত এখন সৰু কিতাপ ৰচনা কৰা হৈছিল। ৰচনা কৰিছিল দুজন মানুহে, যৌথভাৱে। ১৮৬৭ চনত সেই মানুহ দুজনৰ এজনে আৰু এখন কিতাপ লিখাৰ কাৰ্য সমাপ্ত কৰিছিল—এখন প্রকাণ্ড, গুৰু-গম্ভীৰ কিতাপ।

এই কিতাপ দুখন হৈ পৰিছিল নিষ্পেষিত, নিৰ্যাতিত জনতাৰ হাতৰ এক মাৰাত্মক, অপ্রতিৰোধ্য অস্ত্র—শোষকশ্রেণীৰ চকুৰ টোপনি কঢ়া এক ভয়াৱহ দু:স্বপ্ন। প্রথম কিতাপখন হ’ল—কমিউনিষ্ট মেনিফেষ্টো; ৰচকদ্বয় হ’ল—কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিড্‌ৰিখ এংগেলছ ; দ্বিতীয়খন হ’ল—ডাছ কেপিটেল ; লেখক কাৰ্ল মাৰ্ক্স।

মানৱ-সাগৰত উদ্দীপনা তৰংগৰ সৃষ্টি কৰা সমাজবাদে পোন-প্রথমে এটা নিটোল তাত্ত্বিক ৰূপ লাভ কৰিছিল মাৰ্ক্স আৰু এংগেলছৰ ৰচনাত। কিন্তু তাৰো পূর্বে, মানুহক ভাল পোৱা, নিষ্পেষিত চামৰ মংগল কামনা কৰা এমুঠি চিন্তানায়কৰ মানসপটতো সমাজবাদী সমাজ এখনৰ চিত্র কিছুমান চকামকাকৈ জিলিকি উঠিছিল। তেওঁলোকৰ বিচাৰ-বিশ্লেষণ-সমাধানসমূহ আছিল বিক্ষিপ্ত আৰু কল্পনাৰ বোলেৰে বোলোৱা— বাস্তৱৰপৰা সেইবোৰ আছিল নিলগত, কেতিয়াবা হয়তো বহুত আঁতৰত। তেওঁলোকৰ চিন্তাধাৰা মাৰ্ক্স-এংগেলছৰ চিন্তাধাৰাৰপৰা বহু যোজন আঁতৰত থাকিলেও, মাৰ্ক্স আৰু এংগেলছে বিকশিত কৰি তোলা বৈজ্ঞানিক সমাজবাদ নামৰ ফুলপাহৰ মুকুল আছিল কিন্তু এইদল কল্পনাপ্রৱণ, মানৱদৰদী চিন্তানায়কৰ চিন্তাধাৰা। তেওঁলোকে ব্যাখ্যা কৰা সেই সমাজবাদক আখ্যা দিয়া হয় ইউটোপীয় সমাজবাদ (Utopian Socialism) হিচাপে।

টমাছ মুৰ আৰু টমাছো কাম্পানেল্লা

গ্রীক ভাষাত ইউটোপিয়া শব্দৰ অর্থ হ’ল– ক’তোৱেই নহয়, বা এনে এখন ঠাই যাৰ অস্তিত্বই নাই, অদ্ভূত কল্পনা, এটা সপোন (১)। ১৫১৬ চনত ইংৰাজ দার্শনিক টমাছ মুৰৰ (১৪৭৮-১৫৩৫) এখন কিতাপ প্রকাশিত হৈছিল। কিতাপখনৰ নাম ইউটোপিয়া (২)। এই ইউটোপিয়াৰপৰাই সমাজবিজ্ঞানত এটা নতুন শব্দৰ প্ৰৱেশ ঘটিল, সেইটো হ’ল– ইউটোপীয় সমাজবাদ ।

টমাছ মুৰৰ জন্ম হৈছিল লণ্ডনত, এটা চহকী পৰিয়ালত। বাল্যকালত শিক্ষালাভ কৰিছিল ৰাজনৈতিক নেতা কার্ডিনেল মৰ্টনৰ বাসগৃহত। অক্সফোৰ্ডত কিছুদিন থাকে ডেকা কালত; পাছত আইনৰ ছাত্র হয় মুৰ। ইতিমধ্যেই তেওঁ প্ৰৱেশ কৰে ৰাজনীতিৰ চৌহদত আৰু প্রায় লগে লগেই পতিত হয় সপ্তম হেনৰিৰ কোপদৃষ্টিত। কিন্তু সপ্তম হেনৰিৰ মৃত্যুৰ পাছতেই–১৫০৯ চনত— মুৰ হয় লণ্ডনৰ ছেৰিফৰ সহকাৰী আৰু ১৫২৯ চনত তেওঁ লাভ কৰে লৰ্ড চেঞ্চেলৰৰ উচ্চ পদবী—অষ্টম হেনৰিৰ দিনত। কিন্তু মুৰৰ স্বাধীনতাপ্রিয় চৰিত্ৰ তথা স্ব-আদর্শত দৃঢ় প্রত্যয় থকা হেতুকে বিৰোধ উপস্থিত হয় তেওঁ আৰু অষ্টম হেনৰিৰ মাজত। ব্যক্তিত্বৰ সংঘাতৰ বাবেই ১৫৩২ চনত লর্ড চেঞ্চেলৰৰ পদবী ত্যাগ কৰে মুৰে।

মুৰক বন্দী কৰি, ৰাষ্ট্ৰৰ প্রতি বিশ্বাসঘাতকতা কৰাৰ অভিযোগ অনা হয়। ১৫৩৫ চনৰ ৬ জুলাইত মৃত্যুদণ্ড প্রদান কৰা হয় তেওঁক ।

উক্ত কিতাপখনত (ইউটোপিয়াত) মুৰে বৰ্ণনা কৰিছিল এখন ‘ৰামৰাজ্য’ৰ। সেই ‘ৰামৰাজ্য’ আছিল এটি দ্বীপত, নাম— ইউটোপিয়া। মুৰৰ বৰ্ণনাত, ইউটোপিয়াৰ জনগণ চহকী শ্রেণীটোৰদ্বাৰা পদদলিত হোৱা নাছিল; তেওঁলোক নাছিল কোনো পুঁজিৰ দাস। তেওঁলোকে শ্রম—দৈহিক আৰু মানসিক দুয়োবিধ শ্রম—সম্পাদন কৰিছিল যৌথকাৰ্য হিচাপে। শ্রম আছিল বাধ্যতামূলক। কৃষিকার্যত সকলোৱেই অংশ গ্রহণ কৰিছিল, পাল পাতি। কৃষিকাৰ্যৰ বাবে চহৰৰপৰা মানুহ গুচি আহিছিল গ্রামাঞ্চললৈ (ইয়াৰদ্বাৰা হয়তো মুৰে এটা পন্থাৰ ইংগিত দিছে— গাঁও আৰু চহৰৰ মাজৰ ব্যৱধান হাস কৰাৰ)। প্রত্যেক পৰিয়ালৰেই চহৰত গৃহ আছিল। কিন্তু মালিক-মনোবৃত্তি তেওঁলোকৰ মনত অংকুৰিত নহ’বলৈ ইউটোপিয়াবাসীসকলে নিয়মিতভাৱে গৃহ সলনি কৰিছিল পৰস্পৰৰ লগত।

ইউটোপিয়াৰ ৰাজনৈতিক ব্যৱস্থা আছিল গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত। প্রতি ৩০টা পৰিয়ালৰ মাজৰপৰা নির্বাচিত কৰা হৈছিল একোজনকৈ ফিলাৰ্খক; জনগণে প্রস্তাৱ কৰা চাৰিজন প্রার্থীৰ মাজৰপৰা এজনক ৰজাৰূপে নির্বাচিত কৰিছিল ফিলাৰ্খসকলে— সমগ্ৰ জীৱনৰ বাবে। অৱশ্যে স্বৈৰতন্ত্ৰৰ আভাস পালে তেওঁক দূৰ কৰাৰ নিয়মো আছিল। প্রত্যেক বছৰেই অনুষ্ঠিত হৈছিল নির্বাচন— ছিনেট আৰু অন্যান্য পদসমূহৰ বাবে। ছিনেটক অগ্রাহ্য কৰি কোনো বিষয়তেই ল’ব পৰা নগৈছিল এটা চূড়ান্ত সিদ্ধাস্ত। কোনো গুৰুত্বপূর্ণ সমস্যা উপস্থিত হ’লে ফিলাৰ্খসকলে আলোচনা কৰিছিল পৰিয়ালৰ মুৰব্বীসকলৰ লগত।

ইউটোপিয়াত এটা ‘জনগণৰ ভাণ্ডাৰ’ আছিল। এই ‘জনগণৰ ভাণ্ডাৰ’ত সঞ্চিত হৈছিল সমগ্র ইউটোপিয়াবাসীৰ যৌথ শ্ৰমৰ ফল। ইয়াৰপৰাই সকলোৱে পাইছিল নিজৰ নিজৰ প্রয়োজনীয় সামগ্ৰী—বিনামূল্যে (ইউটোপিয়াত মুদ্রাৰ প্ৰচলন নাছিল)। দেখা যায় যে ‘প্রয়োজন অনুযায়ী বিতৰণ’ নীতিৰ অতি কাষলৈ আহিছিল মুৰৰ চিন্তাধাৰা।

ধৰ্মৰ ক্ষেত্ৰতো ইউটোপিয়াত বিৰাজ কৰিছিল এক সহনশীলতাই, এক সুন্দৰ সহিষ্ণুতাই। ইউটোপিয়াত আছিল বহুত ধর্মবিশ্বাস; নাগৰিকসকলো আছিল স্বাধীন— নিজস্ব ধর্ম বাছনি কৰাত৷ সকলোৰে ধৰ্ম আছিল সমানভাৱে সন্মানীয়। সম্প্রদায়সমূহৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছিল নিজ নিজ বাসগৃহত। কিন্তু ইউটোপিয়াবাসীসকলে ঈশ্বৰ তথা আত্মাৰ অস্তিত্বক সন্দেহ কৰা লোকক শ্রদ্ধা নকৰিছিল। তেনে নাস্তিক লোকে যদিও নিজৰ মত প্রচাৰ কৰিবলৈ অনুমোদন পোৱা নাছিল, তথাপি তেওঁলোকক দিয়া হৈছিল মুকলি বিতৰ্কৰ সুযোগ। মুৰৰ চিন্তাধাৰত ই এক সুন্দৰ নিদৰ্শন ধৰ্ম সমন্ধীয় সংস্কাৰৰ (৩)।

মুৰে উপলব্ধি কৰিছিল গভীৰভাৱে যে সুন্দৰ সমাজ এখন গঠন কৰা সম্ভৱ হ’ব তেতিয়াহে, যেতিয়া সমাজত বিৰাজ কৰিব এক পৰিপূৰ্ণ স্বচ্ছলতাই। সমাজৰ স্বচ্ছলতাক তেওঁ কঢ়িয়াই আনিব খুজিছিল কৃষি আৰু হস্তশিল্পৰ সহায়ত— তেতিয়াৰ অর্থনৈতিক ব্যৱস্থাক ভিত্তি কৰি। বৃহৎ প্রযুক্তি-জ্ঞানৰ কল্পনা তেওঁ কৰা নাছিল, বা অধিক শুদ্ধকৈ– কৰিব পৰা নাছিল; গতিকে সমাজলৈ স্বচ্ছলতা তথা প্রাচুর্যৰ জোৱাৰ অনাৰ বাবে মুৰে কল্পনা পদ্ধতিটো আছিল ঐতিহাসিক দিশৰপৰা সীমাবদ্ধ।

উল্লেখযোগ্য, মুৰৰ ইউটোপিয়াত দাসপ্রথা প্রচলিত আছিল— কিন্তু সীমিত পৰিমাণে। দাসৰ সংখ্যা আছিল কম ; দাসসমূহ আছিল কুৎচিৎ অপৰাধত অভিযুক্ত কোনো অপৰাধী ইউটোপিয়াবাসী, বা অন্য স্থানৰ মৃত্যুদণ্ডপ্রাপ্ত দোষী, অথবা যুদ্ধবন্দী (৪)।

মুৰে ইউটোপিয়া গ্রন্থত এটা অতি গুৰুত্বপূর্ণ সিদ্ধান্তলৈ আহিছিল । সেইটো হ’ল, যিমান দিনলৈ ব্যক্তিগত -মালিকানা বর্তি থাকিব সমাজত, সিমান দিনলৈ অগণন শ্রমজীৱী মানুহৰ কঠোৰ শ্ৰমৰ ফল পু‌ঞ্জীভূত হ’ব এমুঠি স্বাৰ্থপৰ মানুহৰ হাতত, আৰু সিমান দিনলৈ সমাজত সাম্য আৰু সুখ, মানুহৰ দৈহিক আৰু মানসিক বিকাশ– একোৱেই সম্ভৱ নহ’ব। ব্যক্তিগত মালিকানাৰ বিলোপ সাধন নোহোৱালৈকে সম্ভৱ নহ’ব ন্যায় তথা বুদ্ধিৰ সহায়েৰে সামাজিক বিষয়সমূহ সুচাৰুৰূপে পৰিচালনা কৰা। নক’লেও হ’ব, প্রগতিশীল চিন্তাৰ ক্ষেত্ৰত এইটো তেওঁৰ এক অবিস্মৰণীয় অৱদান। মুৰে ব্যক্তিগত মালিকানাৰ বিলোপ কৰাৰ ধাৰণাটো প্রকাশ কৰাৰ লগে লগে সমাজৰ সকলো সদস্যৰ যৌথ শ্রমভিত্তিক, গণতান্ত্রিক, এক সুপৰিকল্পিত সমাজৰ ছবি অংকন কৰিছিল তেওঁৰ ইউটোপিয়াত।

কিন্তু মূল কথা হ’ল, মুৰৰ পদ্ধতিটো আছিল জ্ঞানপ্ৰচাৰৰ; গণ-আন্দোলনৰ বৈপ্লৱিক, প্রগতিশীল চৰিত্ৰক তেওঁ মূল্য দিয়া নাছিল। তেওঁৰ উদ্দেশ্য আছিল শাসক তথা জনসাধাৰণক শিক্ষাদান কৰা ; জ্ঞান-জ্যোতিৰে তেওঁলোকক নতুন পথৰ, সুন্দৰ নতুন সমাজৰ সন্ধান দিয়া । শ্রেণী-সংগ্রামৰ লগত তাৰ একো সম্পর্কই নাছিল। মুৰ কিন্তু তেওঁৰ সমসাময়িক চিন্তানায়কসকলতকৈ বহুত বেছি আগ বাঢ়ি গৈছিল এটা কথাত। সেইটো হ’ল, তেতিয়াৰ চিন্তানায়কসকলৰ বহুতেই সমস্যাৰ সমাধান কৰিছিল পশ্চাৎমুখী হৈ, অতীতৰ সোণালী দিনলৈ ঘূৰি যোৱাৰ ৰঙীন কল্পনা কৰি। ইয়াৰ বিপৰীতে মুৰৰ চিন্তাত প্রচ্ছন্ন হৈ আছে ভৱিষ্যতলৈ আগ বঢ়াৰ এক সুচিন্তিত, সুগভীৰ আহ্বান।

টমাছ মুৰৰ পাছত নতুন সমাজৰ বার্তা বহন কৰি আহিল কাম্পানেল্লা— ইটালিৰ মুক্তি-আন্দোলনৰ অন্যতম নেতা টমাছো কাম্পানেল্লা (১৫৬৮-১৬৩৯)। তেওঁৰ প্রকৃত নাম আছিল জিওভানি ডমেনিক কাম্পানেল্পা। ইটালিৰ ষ্টেপিআন’ নামৰ এখন গাঁৱত তেওঁৰ জন্ম, এটা দুখীয়া পৰিয়ালত। তেওঁৰ দেউতাক আছিল এজন অকিঞ্চন মুচিয়াৰ। বহু কষ্টেৰে, অনেক সংগ্রামেৰে প্রাথমিক শিক্ষা সাং কৰি কাম্পানেল্লাই এজন ভিক্ষু হিচাপে সোমায় ডমিনিকান সম্প্রদায়ৰ এটা মঠত— শিক্ষা লাভৰ উদ্দেশ্যে । তেতিয়াৰ ইটালিত প্রচলিত আছিল টমাছ একুৱানাছৰ ধৰ্মতত্ত্ব তথা দর্শন। প্রথমতে কাম্পানেল্লা আছিল একুৱানাছৰ বিশ্বাসত বিশ্বাসী। কিন্তু পাছলৈ কাম্পানেল্লাই ইয়াৰ বিৰুদ্ধাচৰণ কৰা আৰম্ভ কৰে আৰু ফলত, অতি স্বাভাবিকভাৱেই, পৰিল ক্ষমতাশীল ধর্মানুষ্ঠানৰ কর্তৃপক্ষৰ কোপদৃষ্টিত। ১৫৯২ চনৰপৰা ১৫৯৬ চনৰ মাজত বহুকেইবাৰ কাৰাৰুদ্ধ কৰা হয় তেওঁক।

কাৰাগাৰৰপৰা মুক্ত হৈ কাম্পানেল্লা আহিল কালাব্রিয়া অঞ্চললৈ। সেই কালাব্রিয়া অঞ্চলটো আছিল স্পেইনৰ অধীনত। বিদেশী-অত্যাচাৰত জর্জৰিত তাৰ জনতাৰ দুখ-কষ্ট দেখি তেওঁ সেই অঞ্চলটো স্পেইনৰ প্রভাৱৰপৰা মুক্ত কৰিবলৈ দৃঢ়সংকল্পবদ্ধ হ’ল। ইতিমধ্যেই তেওঁ পঢ়ি পেলাইছিল মুৰৰ ইউটোপিয়া। কাম্পানেল্লাই এক স্বাধীন, মুক্ত, ব্যক্তিগত মালিকানাৰহিত সমাজ প্রতিষ্ঠাৰ বাবে উঠি-পৰি লাগিল। কিন্তু স্পেনীয় শাসকে তেওঁৰ প্রচেষ্টাৰ কথা গম পালে। ১৫৯৮ চনত পুনৰ কাৰাৰুদ্ধ হ’ল কাম্পানেল্লা। প্রাণদণ্ডৰ আদেশ হ’ল তেওঁৰ। কিন্তু সুচতুৰ কাম্পানেল্লাই জুৰিলে পাগলৰ ভাও। গতিকে মৃত্যুদণ্ডৰ আদেশ ৰদ কৰা হ'ল। ১৬০৩ চনত তেওঁৰ ওপৰত ঘোষণা কৰা হ’ল আজীৱন কাৰাদণ্ডৰ আদেশ। কিন্তু তেওঁক ১৬১৮ চনত মুক্তি দিয়া হয় । ১৬৩৯ চনত ফ্রান্সৰ ছেইণ্ট জেকব নামৰ এটা মঠত মৃত্যু হ’ল কাম্পানেল্লাৰ।

সুদীৰ্ঘ কাৰাৰুদ্ধ জীৱন কিন্তু কাম্পানেল্লাই অথলে যাবলৈ দিয়া নাছিল। মুৰৰ ইউটোপিয়া পঢ়াৰ পাছৰেপৰাই তেওঁৰ মনত উদ্ভাসিত হৈছিল চিন্তাৰ এক নতুন দিগন্ত। তেওঁ চিন্তা কৰিবলৈ ধৰিলে, ভৱিষ্যতৰ সমাজখন কেনেকুৱা হোৱা উচিত, মানুহৰেই বা সৰ্বাংগীণ মংগল সাধন কৰাটো কেনেকৈ সম্ভৱ। কাৰাগাৰৰ ভিতৰতেই তেওঁ কৌশলেৰে সংগ্রহ কৰি ল’লে কাগজ আৰু কলম, আৰু তাত লিপিবদ্ধ কৰি গ’ল তেওঁৰ নতুন নতুন চিন্তাৰ কথা, মানৱ-মুক্তিৰ নতুন নতুন আশাৰ কথা।

এইদৰেই, কাৰাগাৰৰ যন্ত্রণা-লাঞ্ছনাৰ মাজতেই কিন্তু তেওঁ লিখি উলিয়ালে এখন পুথি, নাম—‘সূৰুয-নগৰী’ (City of the Sun)। কাম্পানেল্লাই ভৱিষ্যতৰ সুন্দৰ সমাজখনৰ কল্পনা কৰিছিল— মুৰে ইউটোপিয়া দ্বীপত কৰাৰ দৰে—এখন চহৰত ; নাম, সূৰুয-নগৰী। এই গ্রন্থৰো মূল লক্ষ্য আছিল মানুহৰ মংগল কৰা। মুৰৰ ইউটোপিয়া দ্বীপত থকাৰ দৰে সূৰুয-নগৰীতো আছিল এখন শোষণমুক্ত সমাজ। ইয়াৰো জনতা নাছিল কোনো পুঁজিৰ ভৃত্য। নগৰৰ প্রধান শাসনকৰ্তা, নগৰপালজনক কোৱা হৈছিল “সূৰ্য" (Sun)। তেওঁ আছিল দীৰ্ঘদিনৰ প্রত্যক্ষ অভি‌জ্ঞতাসম্পন্ন এজন ব্যক্তি, বিপুল জ্ঞানৰ অধিকাৰী এজন সুদক্ষ বিজ্ঞানী। নাগৰিকসকলৰ নানা সমস্যাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষমতা শাছিল "সূৰ্য"ৰ। ‘সূর্য'ৰ সহকাৰী আছিল তিনিজন— ‘ক্ষমতা’, ‘জ্ঞান’ আৰু ‘প্রেম’ (Power, Wisdom and Love )। ‘ক্ষমতা’ৰ অধীনত আছিল নগৰীৰ শান্তি-ৰক্ষী বাহিনীটো; যুদ্ধ সম্বন্ধীয় সকলো দায়িত্ব ন্যস্ত আছিল ‘ক্ষমতা’ৰ হাতত। কলা আৰু বিজ্ঞানৰ লগতে নানা ধৰণৰ নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছিল ‘জ্ঞান’। স্বাস্থ্য, কৃষি, বিবাহ আদিৰ দায়িত্বত আছিল ‘প্রেম’। ‘ক্ষমতা’ ‘জ্ঞান’ আৰু ‘প্রেম’ৰ অধীনত আছিল বহুতো কৰ্মচাৰী। তেওঁলোকক নিৰ্বাচিত কৰা হৈছিল গণতান্ত্রিক পদ্ধতিৰে। এমাহত দুবাৰকৈ—পূর্ণিমা আৰু অমাৱস্যাত—নির্বাচিত লোকসকলৰ সভা অনুষ্ঠিত হৈছিল—নগৰীৰ বিভিন্ন সমস‌্যা সমাধান কৰিবগৈ ।

সূৰুয-নগৰীত সকলো কাৰ্য কৰা হৈছিল সকলোৰে সাধাৰণ মংগলৰ অর্থে। নাগৰিকসকলে মাত্র চাৰি ঘণ্টাৰ বাধ্যতামূলক শ্রম কৰিব লাগিছিল; কৃষি-কার্যও আছিল বাধ্যতামূলক। ব্যক্তিগত সম্পত্তি বুলিবলৈ একো নাছিল—সকলো সম্পত্তিৰ গৰাকী হ’ল চৰকাৰ। ইয়াত মহিলায়ো লাভ কৰিছিল পুৰুষৰ সমানে অধিকাৰ ।

কাম্পানেল্লাৰ সূৰুষ-নগৰীত, মুৰৰ ইউটোপিয়াত থকাৰ দৰে দাস প্রথা প্রচলিত নাছিল। কিন্তু সেইবুলি ‘সূৰুয-নগৰী’ৰ সকলো কথাই গ্রহণযোগ্য নাছিল (যদিও সমগ্র ধাৰণাটোৱেই আছিল ইউটোপীয়, তথাপিও কৈছোঁ)। যেনে, সূৰুয-নগৰীত হৃদয়ৰ আৱেগ-অনুভূতি ইত্যাদিৰ স্থান নাছিল। আনকি বিবাহৰ দৰে কাৰ্যও সম্পন্ন হ'ব পাৰিছিল ৰাষ্ট্রৰ অনুমতিতহে। সূৰুয-নগৰীৰ নাগৰিকসকলে যদিও স্বৰ্গ অথবা নৰকত বিশ্বাস নকৰিছিল, তথাপি জন্মান্তৰবাদ, আত্মাৰ অমৰত্ব আদিৰ দৰে ধাৰণা আছিল প্রচলিত (৫) ।

কিন্তু কাম্পানেল্লাৰ ক্ষেত্রত সকলোতকৈ চিত্তাকৰ্ষক কথাটো হ’ল, সামাজিক প্রগতি আৰু সমাজৰ মংগলৰ অৰ্থে মানুহৰ বুদ্ধিৰ লগতে বিজ্ঞানৰ প্রয়োগ কৰাৰ দূৰদৰ্শী আৰু সুগভীৰ কল্পনা। ই কাম্পানেল্লাৰ চিন্তাৰ প্রখৰতা আৰু গভীৰতাৰ কথাই ইগিত দিয়ে।

এটা কথা অনস্বীকাৰ্য যে কোনো এটা যুগৰ সামাজিক পৰিৱেশ আৰু তৎকালীন সমাজব্যৱস্থাই, সেইটো যুগৰ চিন্তানায়কসকলৰ চিন্তাধাৰাত প্রভাৱ পেলায় অতি গভীৰভাৱে। প্রকৃততে, তেওঁলোকৰ দৃষ্টিভংগীৰ গঠন, বিকাশ আৰু উত্তৰণ হয় মূলতঃ তৎকালীন সমাজব্যৱস্থাক ভিত্তি কৰিয়েই। মুৰ আৰু কাম্পানেল্লাও তাৰ ব্যতিক্রম নাছিল। মানৱ-সমাজৰ বিকাশৰ অমোঘ নিয়ম অনুযায়ী ইউৰোপৰপৰা তেতিয়া নিশ্চিহ্ন হৈ গৈছিল দাসপ্রথা। সামন্তপ্রথাৰ জয়ধ্বনি কেউফালে। কিন্তু সেই ভূ-সম্পত্তি-ভিত্তিক সামন্তপ্রথাৰ অগ্রগতি কিছু স্তিমিত হৈ পৰিছিল মুৰ আৰু কাম্পানেল্লাৰ সময়ত। ইউৰোপৰ একাংশ মানুহৰ চকুত তেতিয়া জিলিকি উঠিছিল এক নতুন স্বপ্নই—এখন পুঁজিতান্ত্রিক সমাজৰ স্বপ্ন। কিন্তু পুঁজিবাদ তেতিয়া একেবাৰেই শিশু—ফৰাচী বিপ্লৱৰো পূৰ্বৰ কথা এয়া। কিন্তু মুৰ আৰু কাম্পানেল্লাই উপলব্ধি কৰিছিল অতি দ-কৈ যে পুঁজিতন্ত্র অন্য একো নহয়—ই এটা শোষণমূলক ব্যৱস্থা, য’ত এমুঠি ধনী মানুহে শোষণ কৰে শ্রমজীৱী মানুহক আৰু সেইবাবেই এই ব্যৱস্থা সম্পূৰ্ণভাৱে অসমৰ্থ সেই অগণন খাটি-খোৱা মানুহক এটা সুখী আৰু “সঁচা মানুহৰ” দৰে জীৱন-নিৰ্বাহ কৰাৰ প্রতিশ্রুতি দিয়াত। মুৰ আৰু কাম্পানেল্লাৰ কলম অগ্নিময় হৈ উঠিছিল ব্যক্তিগত মালিকানা আৰু শোষণৰ বিৰুদ্ধে। তেওঁলোকৰ তত্ত্বাৱলীয়ে অনুপ্রাণিত কৰিছিল পৰৱৰ্তী যুগৰ সমাজবাদী চিন্তানায়কসকলক আৰু তেওঁলোকৰ চিন্তাধাৰাক।

মেচলেয়াৰ, মাব্লি আৰু বাব্যেফ

মুৰ আৰু কাম্পানেল্লাৰ মৃত্যু হ’ল ; কিন্তু তেওঁলোকে নতুনত্বৰ প্রয়াসী, শোষণমুক্ত, নিকা সমাজ এখন বাঞ্ছা কৰা কিছু মানুহক উদ্দীপিত কৰি গ’ল। ইতিমধ্যেই পুঁজিবাদ লহ-পহকৈ বাঢ়ি আহিছিল ইউৰোপত, বিশেষকৈ পশ্চিম ইউৰোপত। সামন্তপ্রথা তেতিয়া জৰাজীর্ণ অৱস্থাত ; কেউফালে বিশৃংখলা—বুর্জোৱা-সমাজৰ জন্মৰ পূৰ্বৰ প্ৰসৱ-বেদনা সেয়া। সামাজিক সম্পর্কসমূহৰ সংঘাতে সম্ভৱ সকলোতকৈ বিচিত্র স্তৰত উপনীত হৈছিল ফ্রান্সত, সেই ১৮শ শতিকাত। তেনে অৱস্থাত ফ্রান্সত জন্ম হৈছিল দুজন ইউটোপীয় সমাজবাদীৰ। তেওঁলোক হ’ল জাঁ মেচলেয়াৰ (১৬৬৪-১৭২৯) আৰু গোব্রিয়েল বনট্‌ ডি মাব্লি (১৭০৯-১৭৮৫)।

যিটো সময়ৰ কথা কৈছোঁ, সেইটো সময়ত ফ্রান্সত বিৰাজ কৰিছিল এক অভূতপূৰ্ব অৱস্থা। অভিজাত আৰু যাজক শ্রেণী লাহ-বিলাহৰ সোঁতত আত্মবিভোৰ। অন্যহাতেদি দেশৰ দুখীয়া ভাগটো কৰ-কাটল, ৰাজহ আদিৰ বোজাত জৰ্জৰিত। চাৰ্চ পৰিণত হৈছিল এক বিৰাট শোষণৰ অনুষ্ঠানলৈ। এনে এটা সময়তেই বিকশিত হৈছিল জাঁ মেচলেয়াৰ আৰু গোব্রিয়েল মাব্লিৰ ইউটোপীয়-সমাজবাদী চিন্তাধাৰা (৬)।

UTOPIANজাঁ মেচলেয়াৰৰ জীৱনৰ সৰহভাগ দিন অতিবাহিত হৈছিল ফ্রান্সৰ গ্রামাঞ্চলত। তেওঁৰ প্রত্যক্ষ অভিজ্ঞতা হৈছিল তেতিয়াৰ কৃষকৰ দৰিদ্রতা আৰু অবর্ণনীয় দুখ-কষ্টৰ সম্পর্কে। তেওঁ নিজ চকুৰেই দেখিছিল সামন্তকর্তাৰ নিষ্ঠুৰ শোষণ আৰু অত্যাচাৰ—সেই দুৰ্ভগীয়া ভূমিদাসসকলৰ ওপৰত। এইসমূহ কথাকেই সন্নিবিষ্ট কৰি মেচলেয়াৰে ৰচনা কৰে এখন পুথি, নাম— টেষ্টামেণ্ট। মেচলেয়াৰৰ মৃত্যুৰ পাছতহে কিতাপখন মুদ্রিত হৈছিল ; প্রথমতে ইয়াৰ প্ৰচাৰ হয় পাণ্ডুলিপিৰ আকাৰত৷ ৰাজতন্ত্র, চার্চ আৰু সামন্তপ্রথাক নির্মম সমালোচনা কৰা হয় ইয়াত । মেচলেয়াৰে আৱেগভৰা ভাষাৰে ফ্ৰান্সৰ জনগণক কৈ গ’ল সেই গ্রন্থত যে শোষকবিলাকে কেতিয়াও, কোনো পৰিস্থিতিতেই, স্ব-ইচ্ছাৰে তেওঁলোকৰ সসুবিধা, বিশেষাধিকাৰ, সম্পদ অথবা সমাজৰ অনুকূল-অৱস্থান বিসর্জন নিদিব। গতিকে জনগণে এই সমাজব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। তেওঁ তেতিয়াৰ সমাজব্যৱস্থা ওফৰাই পেলাবলৈ—বৈপ্লৱিক উপায়েৰে ওফৰাই পেলাবলৈ—আহবান জনাইছিল ফৰাচী জনগণক। কিন্তু সেই সমাজব্যৱস্থা নিৰ্মূল কৰাৰ পাছত, ভৱিষ্যতৰ সমাজখন কেনেকুৱা হ’ব, তাৰ স্বৰূপেই বা হ’ব কেনেকুৱা—এই সম্পর্কে মেচলেয়াৰে কোনো ধাৰণা স্পষ্টকৈ অংকন কৰি যাব নোৱাৰিলে।

ইতিহাসৰ সেই যুগসন্ধিক্ষণত আত্মপ্রকাশ কৰা ইউটোপীয় সমাজবাদীসকলৰ অন্যতম হ’ল ফৰাচী দার্শনিক গ্রেবিয়েল মাব্লি। তেওঁ এনেকুৱা এখন সমাজ ‘নির্মাণ’ কৰাৰ পক্ষে মত দিছিল, যিখন সমাজে সেই সমাজখনৰ মানুহক প্রদান কৰিবলৈ সমর্থ হ’ব সকলোতকৈ বেছি পৰিমাণৰ সুখ তথা আনন্দৰ। মাব্লিয়ে কৈছিল যে তেনেকুৱা এখন সমাজ 'নিৰ্মাণ’ কৰা সম্ভৱ হ’ব মাথোন তেতিয়াহে, যেতিয়া সম্ভৱ হ’ব ব্যক্তিগত মালিকানাক সমাজৰপৰা নিৰ্মূল কৰা। তেওঁৰ মতে, সমাজত ব্যক্তিগত মালিকানা থকা আৰু সম্পত্তি বিভাগ কৰাই হ’ল সকলোতকৈ কুৎসিত কাৰ্য, কাৰণ ইহঁতে সৃষ্টি কৰে লাভৰ সুযোগ আৰু এই লাভেই মানুহ বিপথগামী কৰে। মাব্লিয়ে নির্যাতিত, নিপীড়িত মানুহৰ বিপ্লৱ ঘটোৱাৰ যে অধিকাৰ আছে— সেইটো মানি লৈছিল ; কিন্তু তেওঁ ইয়াকো বিশ্বাস কৰিছিল যে গণতান্ত্রিক প্রজাতন্ত্রৰদ্বাৰাও মানুহৰ মুক্তি সম্ভৱ। তেওঁৰ মতে, সেই গণতান্ত্রিক প্রজাতন্ত্রৰ অধীনত, ব্যক্তিগত মালিকানা সমাজৰপৰা বিলুপ্ত হ’ব কিছুমান সংস্কাৰৰ জৰিয়তে। মাব্লিয়ে কৈছিল যে সেই গণতান্ত্রিক প্রজাতন্ত্ৰ হ’ল— ব্যক্তিগত মালিকানা বর্তি থকা শোষণভিত্তিক সমাজৰপৰা সমাজবাদী সমাজলৈ উত্তৰণৰ বাটৰ এটি মধ্যৱৰ্তী স্তৰ।

মাব্লিয়ে ভৱিষ্যতৰ সমাজবিজ্ঞানীসকলৰ সন্মুখত এটি নতুন, জটিল আৰু অত্যাৱশ্যকীয় প্রশ্ন উপস্থিত কৰিলে— নতুন সমাজখন ‘নির্মাণ’ কৰাৰ প্রক্রিয়াটো কি হ’ব ? দ্রুত গতিত— বিপ্লৱৰ জৰিয়তে, নে লাহে লাহে, সংস্কাৰৰ মাধ্যমেৰে?

প্রথম পন্থাটোক, অর্থাৎ বিপ্লৱক, মনে-প্রাণে গ্রহণ কৰি বৈপ্লৱিক কাৰ্যত আত্মনিয়োগ কৰিছিল গ্রাকুছ বাব্যেফে (১৭৬০-১৭৯৭)। ফৰাচী বিপ্লৱী বাব্যেফৰ প্রকৃত নাম আছিল ফ্রাচুৱা ন'য়েল। তেওঁৰ সময়ত ফ্রান্সত সামন্তপ্রথা তথা আভিজাততন্ত্ৰৰ মৃত্যু-যন্ত্রণা প্রকট হৈ উঠিছিল। ইতিহাসৰ অৱশ্যম্ভাৱী নীতি অনুযায়ী ফ্রান্সত সংঘটিত হৈছিল বিপ্লৱ—পৃথিৱী কঁপোৱা এক বুর্জোৱা বিপ্লৱ। সামন্তপ্রথা আৰু তাক ভিত্তি কৰি গঢ়ি উঠা ৰাজতন্ত্র আৰু অভিজাততন্ত্রৰ বিৰুদ্ধে ফৰাচী জনগণে গর্জন কৰি উঠিছিল। ধ্বনি দিছিল তেওঁলোকে সাম্য, মৈত্রী আৰু স্বাধীনতাৰ। সর্বসাধাৰণে ভাবিছিল— এইবাৰ শোষণৰ শেষ, অত্যাচাৰৰ অৱসান, মানুহৰ মুক্তি আসন্ন । এই প্রচণ্ড, গৌৰৱময় বিপ্লৱৰ এজন সক্রিয় অংশীদাৰ আছিল বাব্যেফ ।

কিন্তু জনসাধাৰণৰ স্বপ্নভংগ ঘটিল কিছু বছৰৰ পাছতেই (এই বিষয়ে অলপ পাছত বর্ণনা কৰিম, চুটিকৈ)। সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ বাণীসমূহ, বাণীতকৈ আৰু বেছি একো হ’বলৈ সমর্থ নহ’ল। বাব্যেফে দেখিলে, ফৰাচী বিপ্লৱে শোষণৰ অৱসান ঘটোৱা নাই মুঠেই, মাত্র শোষণৰ প্রক্রিয়াটোৰহে পৰিবর্তন ঘটাইছে; বিপ্লৱে অন্য একো কৰা নাই, মাত্র নতুন বটল এটা পুৰণি মদেৰে পূৰ্ণ কৰিছে। তেওঁ উদাত্ত কণ্ঠেৰে ফ্ৰান্সৰ জনসাধাৰণৰ আগত ব্যক্ত কৰিলে তেওঁ মনৰ কথা— “When I see the poor without the clothing and without the shoes which they themselves are engaged in making, and contemplate the small minority who do not work and yet want for nothing, I am convinced that Government is still the old conspiracy of the few against the many, only it takes a new form. (৭)”

বাব্যেফে বিশ্বাস কৰিছিল সশস্ত্র বিপ্লৱৰ ওপৰত। তেওঁ নিজেও আছিল এটা বিপ্লৱী কৃষক-আন্দোলনৰ নেতা। জীৱন সম্পৰ্কে বাস্তৱ দৃষ্টিভংগী থকা বাবেই মানুহ আকৃষ্ট হৈছিল বাব্যেফৰ সশস্ত্র বিদ্রোহ তথা ক্ষমতা অধিকাৰ কৰাৰ মতবাদত। বাব্যেফে বিশ্বাস কৰিছিল, নতুনকৈ এটা গণ-বিপ্লৱ সংঘটিত হ’ব পূৰ্বৰ বুৰ্জোৱা বিপ্লৱক অনুসৰণ কৰি, আৰু তেতিয়া জনগণে প্রথমতে দখল কৰিব ক্ষমতা আৰু তাৰ পাছত প্রতিষ্ঠা কৰিব বিপ্লৱী একনায়কত্বৰ। প্রতিষ্ঠা হ’ব সকলোৰে সমান অধিকাৰ থকা এখন সমাজৰ— য’ত ধনী আৰু দুখীয়া বুলি কোনো নেথাকিব, সকলোৰে মংগলৰ অৰ্থে সকলোৱেই সৰ্বাধিক সামৰ্থ অনুযায়ী কাম কৰিব— এয়েই আছিল বাব্যেফে আৰু তেওঁৰ অনুগামীসকলৰ মত।

বাব্যেফে বিপ্লৱৰ অৰ্থে এটি গোপন দল গঠন কৰিছিল। ফৰাচী বিপ্লৱৰ অন্তর্নিহিত মূল কথা আছিল— বুর্জোৱাৰ সম্পত্তিৰ প্ৰতিৰক্ষা। বাব্যেফৰ কার্য তথা চিন্তাধাৰা ইয়াৰ সম্পূর্ণ বিপৰীতে গতি কৰাত তেওঁক দমন কৰা হয় কঠোৰ হাতেৰে। ১৭৪৭ চনৰ ২৭ মে’ত প্রাণদণ্ড প্রদান কৰা হয় বাব্যেফক।

হের্জেন আৰু চেৰ্নিছেভস্কি

ফ্রান্সৰ দৰে, ৰুছিয়াতো জন্ম হৈছিল কেইজনমান মহান ইউটোপীয় সমাজবাদীৰ। তেওঁলোকৰ ভিতৰত হের্জেন, চেৰ্নিছেভস্কি, বেলিনস্কি, দব্রোলিউৱভ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। নক’লেও হ’ব, তেওঁলোকৰো চিন্তাধাৰাক নিয়ন্ত্রণ কৰিছিল তেতিয়াৰ ৰুছিয়াৰ (আৰু কম-বেছি পৰিমাণে পশ্চিম আৰু মধ্য ইউৰোপৰ) অৰ্থনৈতিক তথা সামাজিক অৱস্থাই। তেওঁলোকৰ দৃ‌ঢ় প্রত্যয় আছিল যে জাৰতন্ত্র আৰু লগতে পুৰণিকলীয়া সামন্তপ্রথাৰ ধ্বংস নহ’লে সমাজবাদৰ কথা চিন্তা কৰাটো হ’ব হাস্যকৰ কথা ; জাৰতন্ত্রৰ বিলোপ নহ’লে সমাজবাদৰ সপোন সপোনেই হৈ ৰ’ব। সেইবাবে তেওঁলোকে চেষ্টা কৰিছিল— জনসাধাৰণক বুজাবলৈ, জাৰতন্ত্রৰ বিৰুদ্ধে জনগণক সৰৱ কৰি তুলিবলৈ।

আলেকজেণ্ডাৰ হেৰ্জেনৰ (১৮১২-১৮৭০) জন্ম হৈছিল এটা চহকী ৰুছ জমিদাৰ-পৰিয়ালত। কৈশোৰতেই তেওঁ লাভ কৰিছিল তেতিয়াৰ ৰুছিয়াৰ দোদুল্যমান সামাজিক পৰিৱেশৰ বিচিত্র অভিজ্ঞতা। তেওঁ জাৰতন্ত্রক সমালোচনা কৰিছিল অতি নিৰ্মম ৰূপত। ৰুছিয়াত সমাজতন্ত্রৰ ভৱিষ্যৎ সমন্ধে সৰ্বপ্রথমে বিমৃশা কৰিছিল তেৱেঁই। সমাজবাদৰ বিজয় যে ৰুছিয়াত অনিবাৰ্য— সেই কথাত তেওঁ আছিল নিঃসন্দেহ। তেওঁৰ চিন্তাত কিন্তু এটি মৌলিকত্ব, এটি স্বকীয়তা আছিল এটা বিশেষ বিষয়ত। সেইটো হ’ল— ৰুছিয়াই পশ্চিম ইউৰোপৰ ব্যতিক্রম হিচাপে, পুঁজিবাদক আৰু পুঁজিবাদৰ আনুষংগিক দুখ-বেদনাসমূহক পৰিহাৰ কৰি, জাৰতন্ত্র তথা সামন্তপ্রথা বৰ্তি থকা অৱস্থাৰপৰাই, প্রত্যক্ষভাৱে, লাভ কৰিবলৈ সমৰ্থ হ’ব অতি আকাংক্ষিত সেই সমাজবাদী সমাজখন। ইয়াৰ বাবে হেৰ্জেনে নিৰ্ভৰ আৰু বিশ্বাস কৰিছিল কৃষক কমিউনৰ ওপৰত। হেৰ্জেনৰ মতে তেতিয়া ৰুছিয়াত বিৰাজ কৰিছিল লোকসমাজগত জীৱন-যাত্রাৰ প্রণালী, আৰু মাটিৰ ক্ষেত্রত আছিল সমষ্টিগত মালিকানা। গতিকে তেওঁ ভাবিছিল, ৰুছিয়াৰ কৃষকসকল প্রায় প্রস্তুত হৈ আছে— সমাজবাদী সমাজৰ সদস্য হোৱাৰ বাবে।

হেৰ্জেনৰ মতবাদ কিন্তু অপ্রমাদী নাছিল। আগতেই কৈছোঁ— হেৰ্জেনে সমাজতন্ত্রৰ কল্পনা কৰিছিল ভূমিৰ সৈতে কৃষকৰ মুক্তিত ; তেওঁৰ মতে, যিটোক কেন্দ্র কৰি সমাজতন্ত্র বিকশিত হ’ব, সেইটো হ’ল— কৃষকসকলৰ গ্রাম্য সমাজ। কিন্তু হেৰ্জেনে “ৰুছ-কৃষকৰ সমাজতন্ত্র” প্রতিষ্ঠাৰ ধাৰণাটো আছিল ভ্রান্ত। গ্রাম্য সমাজৰ অস্তিত্ব থকা আৰু সমিতিবদ্ধ হোৱাৰ বাবে জনগণৰ ইচ্ছা থকাটোৱেই সমাজতন্ত্র প্রতিষ্ঠাৰ বাবে অপৰিহাৰ্য পূৰ্বচৰ্ত নহয়। সমাজতন্ত্র প্রতিষ্ঠা হ’ব মাথোন সৰ্বহাৰা বিপ্লৱৰ জৰিয়তেহে। হেৰ্জেনৰ বিভ্রান্তিৰ কাৰণ আছিল বোধহয় পুঁজিবাদ সমন্ধে তেওঁৰ অনুপলব্ধি। তেওঁ লক্ষ্য কৰা নাছিল— লোকসমাজগত জীৱনযাত্রা ধ্বংসকাৰী পুঁজিবাদ যে ৰুছিয়াতো প্রৱেশ কৰিছে ইতিমধ্যেই। ৰুছিয়াৰ শ্রমিকশ্রেণীৰ উদ্ভৱ আৰু তাৰ বৰ্ধিষ্ণু বৈপ্লৱিক ভূমিকাকো তেওঁ অগ্রাহ্য কৰিছিল।

ৰুছিয়াৰ ইউটোপীয় সমাজবাদে সম্ভৱ সর্বোচ্চ স্তৰ লাভ কৰিছিল নিক’লাই চেৰ্নিছেভস্কিৰ (১৮২৮-১৮৮৯ ) মতাদর্শত। অন্য কোনো ৰুছ ইউটোপীয় সমাজবাদীয়েই তেওঁৰ দৰে অনাগত সমাজখনৰ সঁচা আৰু আকর্ষণীয় চিত্র আঁকিবলৈ সমর্থ হোৱা নাছিল। তেওঁ প্রকাশ কৰা মতসমূহ আছিল অন্য ৰুছ ইউটোপীয়-সমাজবাদী মতবাদতকৈ বহুত বেছি মাটিৰ ওচৰ চপা।

চেৰ্নিছেভস্কিৰ বৰ্ণনাত ভৱিষ্যতৰ সুন্দৰ সমাজখন হ’ব শোষণহীন। তাত শ্রম কৰিব লাগিব সকলোৱে, বাধ্যতামূলকভাৱে। বৃহৎ পৰিমাণৰ উৎপাদন, বিজ্ঞান তথা প্রযুক্তিবিদ্যাৰ ওপৰত দিয়া হ’ব অত্যধিক গুৰুত্ব—শ্ৰমৰ উৎপাদনশীলতাৰ লগতে জনগণৰ সুবিধা বৃদ্ধিৰ উদ্দেশ্যে। হেৰ্জেনৰ তুলনাত চেৰ্নিছেভস্কি আছিল অধিক বাস্তৱ-জ্ঞানসম্পন্ন আৰু লক্ষ্যত অটল হৈ থকা সাহসী বিপ্লৱী। লেনিনৰ ভাষাত, “.....Chernyshevsky, who, after Herzen, developed the Narodnik views, made a great stride forward as compared with Herzen. Chernyshevsky was a far more consistent and militant democrat, his writings breathing the spirit of the class struggle.......He was remarkably profound critic of capitalism despite his Utopian Socialism…” (৮)।

চেৰ্নিছেভস্কিয়ো কিন্তু হের্জেনৰ দৰে যথেষ্ট ভাৰসা কৰিছিল কৃষক কমিউনৰ ওপৰত। তেওঁৰ বিশ্বাস অনুযায়ী, তেতিয়াৰ অৱস্থাৰপৰা সমাজবাদী সমাজলৈ উত্তৰণৰ বাটত সহায় কৰিব এই কৃষক কমিউনসমূহে। কিন্তু এই কৃষক কমিউনসমূহক সমাজতন্ত্ৰৰ এটা নিখুঁত স্বৰূপ বুলি তেওঁ ভবা নাছিল। তেওঁ গুৰুত্ব দিয়া নাছিল বিভিন্ন শ্রেণীসমূহৰ মাজত ‘স্বেচ্ছাভিত্তিক চুক্তি’ৰদ্বাৰা সমাজতন্ত্র প্রতিষ্ঠাৰ মতবাদটোক। তেওঁ স্পষ্ট ভাষাত কৈছিল— কৃষকসমাজৰ মুক্তিৰ প্রশ্নত সৰ্বজাতীয় স্বাৰ্থৰ কথা কোৱাটো চূড়ান্তৰূপে পৰিত্যাজ্য। চেৰ্নিছেভস্কিয়েই সর্বপ্রথমে উদাৰনৈতিক অভিজাত তথা বুর্জোৱা, আৰু ৰুছ কৃষকৰ স্বাৰ্থৰ মাজৰ আমূল পার্থক্যৰ কথাটো পৰিষ্কাৰকৈ দেখুৱাই দিয়ে। গতিকে দেখা যায়, অন্য ইউটোপীয়-সমাজবাদীৰ ব্যতিক্রম হিচাপে চেৰ্নিছেভস্কিয়ে জানিছিল যে সমাজখন শ্রেণী হিচাপে বিভক্ত আৰু শ্রেণীসমূহৰ মাজত থকা শ্রেণীসংগ্রামৰ আছে এক বিৰাট তাৎপর্য।

চেৰ্নিছেভস্কিয়ে সামন্তপ্রথা উচ্ছেদ কৰাৰ কাৰণে সৰৱ হৈ উঠিছিল। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হ’ল, ভূমিদাসপ্রথাৰ বিলোপ-সাধনৰ কথা কওঁতে নিজকে তেওঁ জমিদাৰৰ অৱস্থানৰপৰা পৃথক কৰি লৈছে, মতসমূহ দাঙি ধৰিছে কৃষকসকলৰ অৱস্থানৰপৰা। তেওঁ কৈছিল—ভূমিদাসপ্রথাই নিঃসন্দেহে কৃষিৰ ওপৰত প্রতিকূল প্রভাৱ পেলাব, কাৰণ বাধ্যতামূলক শ্রম সদায় মুক্ত-শ্রমৰ তুলনাত কম উৎপাদনশীল।

ভূমিদাসপ্রথাৰ বিৰুদ্ধে চিঞৰি উঠিলেও, তাতেই কিন্তু চেৰ্নিছেভস্কিৰ আদর্শ সীমাবদ্ধ নাছিল। ৰুছিয়াত এখন সমাজতান্ত্রিক সমাজৰ দ্যুলোক কল্পনা কৰিছিল তেওঁ ৷

চেৰ্নিছেভস্কিৰ ইউটোপীয় সমাজবাদ কিন্তু হের্জেনৰ কল্পনাৰ অনুকল্প নাছিল। কাৰণ, হের্জেনৰ দৰে পিতৃতান্ত্রিক-কৃষক-গ্রাম্য-সমাজখনক অপৰিবর্তিত ৰূপত সমাজতন্ত্রলৈ ৰূপান্তৰ কৰাৰ কথা তেওঁ ভুলতো ভবা নাছিল। চেৰ্নিছেভস্কিৰ মূল বৈশিষ্ট্যই হ’ল— কৃষকৰ শ্রেণী-সংগ্রামৰ তত্ত্ব। তেওঁৰ কল্পনাৰ সমাজতন্ত্রৰ প্রতিষ্ঠা জড়িত হৈ আছিল কৃষক-বিপ্লৱৰ বিজয়ৰ লগত।

কিন্তু মূল কথা হ’ল, অন্য সকলো ইউটোপীয়-সমাজবাদীৰ দৰেই চেৰ্নিছেভস্কিয়ো কিছু কিছু ক্ষেত্ৰত দিগ্‌ভ্রান্ত হৈ পৰিছিল। সম্পূর্ণ অন্য এক প্রসঙ্গত, সম্পূৰ্ণ অন্য এক কথা ক’বলৈ গৈ ডঃ শিৱনাথ বৰ্মনে হোৱা এষাৰ কথা এই ক্ষেত্ৰতো হয়তো কম-বেছি পৰিমাণে প্রযোজ্য—“....আমাৰ চৈতন্য জগতৰ ৰূপান্তৰ সমাজৰ অর্থনৈতিক ৰূপান্তৰৰ সমানুপাতিক নহয় ; অর্থাৎ আমাৰ চৈতন্য জগতৰ ওপৰত পৰম্পৰাৰ হেঁচা ইমানেই বেছি যে সমাজৰ অর্থনৈতিক ভিত্তিটোৰ যি অনুপাতে সলনি ঘটে, সেই একে অনুপাতেৰে ই আমাৰ মানসিক জগতৰ সলনি ঘটাবলৈ নিদিয়ে”(৯)। চেৰ্নিছেভস্কি আাছিল নিঃসন্দেহে এক অভিনিৱিষ্ট পণ্ডিত। কিন্তু পুৰণিকলীয়া ভূমিদাস প্রথাৰ কিছু দুস্ত্যজ ধান-ধাৰণাৰ কবলত পৰিয়েই হয়তো তেওঁ অনুভৱ কৰিবলৈ সমর্থ হোৱা নাছিল প্রলিটাৰিয়েটৰ অপ্রতিৰোধ্য প্রচণ্ড শক্তিক।

তথাপিও, চেৰ্নিছেভস্কিৰ মতাদর্শই ৰুছিয়াত মাৰ্ক্সবাদৰ পথিকৃৎ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। দুখ-কষ্টত জঞ্জলিত-জৰ্জৰিত, অন্যৰ চকুত অপকৃষ্ট শ্রেণীসমূহৰ অবিশ্রান্ত আঘাতত যে পুৰণি, পংকিল সমাজৰ পতন অনিবার্ষ— এই সম্পর্কে তেওঁৰ মতামতসমূহ তীক্ষ্ম বাস্তৱ যুক্তিৰ বিচাৰত, কালৰ সোঁতত অব্যৱহৃত হৈ পৰিলেও, সেইসমূহ কিন্তু প্রকৃততে আছিল ইউটোপীয় সমাজবাদ আৰু বৈজ্ঞানিক সমাজবাদক অব্যৱহৃত কৰা এক সেতু।

ফ্রান্সৰ অগ্নিময় যুগ

এংগেলছে তেওঁৰ Socialism: Utopian and Scientific নামৰ পুথিখনত তিনিজন ইউটোপীয় সমাজবাদী চিন্তানায়কৰ চিন্তা-চর্চা সম্পর্কে আলোচনা কৰিছে। তেওঁলোক হ’ল, ছাঁ-ছিমোঁ, ফুৰিয়ে আৰু ওৱেন।

১৮ শতিকাৰ সন্ধ্যা-বেলিকা আৰু ১৯ শতিকাৰ প্রভাতী পৰতেই ইতিহাসৰ অংগনত প্রৱেশ কৰিছিল সৰ্বহাৰাই—যি আছিল বুৰ্জোৱা সমাজৰ অনিবাৰ্য সন্তান। কাৰখানাৰ কঠোৰ শ্রম হৈ পৰিল শ্রমিকসকলৰ নিত্যসংগী। সময়ৰ লগে লগে, লাহে লাহে এই শ্রেণীটো হৈ পৰিল বিৰাট আকাৰৰ—সমাজৰ অন্যতম সংখ্যাগৰিষ্ঠ শ্রেণী। ফলস্বৰূপে, বুৰ্জোৱা-সমাজৰ অৱশ্যম্ভাৱী বিৰোধ-বিসংগতিসমূহ ক্রমাৎ প্রকট হৈ আহিল, তীব্র হৈ আহিল শ্রমিক আৰু মালিকৰ মাজৰ শ্রেণী-সংঘাত।

এনে এটা ঐতিহাসিক যুগসন্ধিক্ষণত ছাঁ ছিমোঁ, ফুৰিয়ে আৰু ওৱেনৰ চিন্তাধাৰা গ‌ঢ় লৈ উঠাৰ হেতুকে তেওঁলোকৰ মতবাদত ইউটোপীয় সমাজবাদে লাভ কৰিছিল তাৰ সৰ্বোচ্চ স্তৰ।

আগতেই কৈ আহিছোঁ— কোনো এটা যুগৰ চিন্তানায়ক এজনৰ মনৰ দাপোণত যি তত্ত্ব-প্রতিবিম্বৰ সৃষ্টি হয়, সি মুখ্যতঃ গঢ় লৈ উঠে তৎকালীন সমাজৰ বাস্তৱতাক কেন্দ্ৰ কৰি। গতিকে ছাঁ ছিমোঁ আৰু ফুৰিয়েৰ ইউটোপীয় সমাজবাদী চিন্তাৰ গঠন, বিকাশ আৰু উত্তৰণৰ বিষয়ে জানিবলৈ প্রয়োজন হ’ব তেওঁলোকে বাস কৰা সমাজখনৰ, অর্থাৎ ফ্রান্সৰ স্পন্দনময় সমাজখনৰ ৰাজনৈতিক তথা অর্থনৈতিক ঘূর্ণাৱৰ্তৰ বিষয়ে কিছু কথা অৱলোকন কৰাৰ।

মানৱ-ইতিহাসৰ সেই সংক্রান্তি কালত ফ্রান্সৰ জনগণক ভাগ কৰা হৈছিল প্রধানকৈ তিনিটা ভাগত। এই ভাগসমূহক কিছুমানে কয় এষ্টেট, কিছুমানে কয় ক্লাছ আৰু অন্য কিছুমানে কয় অর্ডাৰ বুলি। মানুহক ভাগ কৰা হৈছিল ফাৰ্ষ্ট এষ্টেট, ছেকেণ্ড এষ্টেট আৰু থার্ড এষ্টেট - এই তিনিটা ভাগত। ফাৰ্ষ্ট এষ্টেটত আছিল সম্রাট আৰু অভিজাতসকল; শাসনৰ বাঘজৰী আছিল তেওঁলোকৰ হাতত— দেশৰ অর্থনীতিক নিয়ন্ত্রণ কৰিছিল তেওঁলোকেই। ছেকেণ্ড এষ্টেটত আছিল ধর্মযাজকসকল। আৰু সৰ্বশেষত, থার্ড এষ্টেটত আছিল ফ্রান্সৰ সৰ্বসাধাৰণ জনসাধাৰণ— উদীয়মান বুর্জোৱা শ্রেণী, বণিক, লেখক, বুদ্ধিজীৱী, মধ্যবিত্ত, শ্রমিক আৰু কৃষক— এই সকলো ।

ফ্রান্সত তেতিয়া বিৰাজ কৰিছিল জৰাজীর্ণ সামন্তপ্রথাই। ৰাজতন্ত্র, অভিজাততন্ত্র তথা সামন্তপ্রথা তেতিয়া বোকা মাটিত সৰি পৰা ফুলৰ দৰে— যি সুবাস বিলোৱাৰ পৰিবর্তে, গেলি-পচি পৰিবেশ কৰি তুলিছিল দুৰ্গন্ধময়। প্রথম দুটা এষ্টেটৰ শোষণত, নিত্য-নতুন কৰ-কাটলৰ বোজাত থার্ড এষ্টেটৰ অৱস্থা হৈছিল জীৱন্মৃত। চাৰ্চ পৰিণত হৈছিল এক বিৰাট শোষণৰ অনুষ্ঠানলৈ।

কিন্তু ক্রমবিকশমান বৈদেশিক তথা আভ্যন্তৰীণ বাণিজ্য তথা উদ্যোগীকৰণৰ বাবে ফ্রান্সত ধীৰে ধীৰে আত্মপ্রকাশ কৰিছিল এটা বুর্জোৱা শ্রেণীয়ে— দিনে দিনে শক্তিশালী হোৱা বুর্জোৱা শ্রেণীয়ে। পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বাবে বাটত কণ্টক হৈ বিৰাজ কৰিছিল ফ্রান্সৰ তৎকালীন, নিস্তৰংগ সমাজব্যৱস্থা। ন-বুর্জোৱা শ্রেণীটোৰ যদিও আর্থিক ক্ষমতা লহ-পহকৈ বৃদ্ধি হৈছিল, তথাপি তেওঁলোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড এষ্টেটৰ দৰে পোৱা নাছিল ৰাজনৈতিক আৰু সামাজিক মর্যাদা। তেওঁলোকে প্রতিবাদ কৰি উঠিল সেই বৰ্তি থকা স্থবিৰ সমাজব্যৱস্থাৰ বিৰুদ্ধে– অভিজাততন্ত্রৰ বিৰুদ্ধে— প্রকৃততে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বাট মসৃণ কৰাৰ উদ্দেশ্য আগত ৰাখিহে। ধ্বনি দিলে তেওঁলোকে— লিবার্টি, ইকুৱেলিটি আৰু ফ্রেটাৰ্নিটিৰ। ভলটেয়াৰ (প্রকৃত নাম ফ্রাচুৱা মাৰি আৰুৱে) আৰু জ্যাঁ জেক্‌ছে ৰুছোৰ মতাদর্শই তৰংগিত কৰি তুলিলে ফৰাচী জনগণৰ মনৰ সৰোবৰটিক। ভলটেয়াৰৰ ৰচনাৱলীয়ে উদঙাই দেখুৱালে চাৰ্চৰ প্রকৃত স্বৰূপ। ভলটেয়াৰে গুৰুত্ব দিয়া স্বাধীনতাতকৈও মানুহ বেছি আকৰ্ষিত হৈছিল ৰুছোৰ সমতাৰ আদর্শত৷ ফৰাচী জনগণৰ অনুদ্যম মনত উদ্যমৰ সঞ্চাৰ কৰিলে, আশাৰ নির্বাপিতপ্রায় বন্তিটিক নতুনকৈ দেদীপ্যমান কৰি তুলিলে ৰুছোৰ সেই বিখ্যাত বাণীয়ে—“Man is born free; and everywhere he is in chains.(১০)"।

মুঠতে ফ্রান্স তেতিয়া উপনীত হৈছিল এক ঐতিহাসিক যুগসন্ধিক্ষণত। বুর্জোৱাৰ তেতিয়া আত্মপ্রতিষ্ঠাৰ বাবে আছে অসীম সাহস, অফুৰন্ত উদ্যম। আনহাতেদি, ভূম্যধিকাৰী শ্রেণীৰ স্বাৰ্থ ৰক্ষা কৰা সামন্তপ্রথাৰ অৱস্থা ভংগুৰ। ৰাজনীতি, সাহিত্য, দর্শন— সকলোতে এক প্রাণচাঞ্চল্য। এই যেন কিবা এটা হ’ব— এই ধাৰণা সকলোৰে মনত। চাৰ্লছ ডিকেন্সৰ স্বকীয়, প্রাঞ্জল শব্দশৈলীত অতি সুন্দৰ ৰূপত গ্রথিত হৈছে সেই সময়ৰ ফ্রান্সৰ জংগম সামাজিক পৰিবেশ আৰু আশা-নিৰাশাৰে স্পন্দিত ৰূঢ় বাস্তৱতাৰ কথা— “It was the best of times, it was the worst of times, it was the age of wisdom, it was the age of foolishness, it was the epoch of belief, it was the epoch of incredulity, it was the season of light, it was the season of darkness, it was the spring of hope, it was the winter of despair...... (১১)"।

যি কি নহওক, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ বাণীক বোকোচাত ক‌ঢ়িয়াই ১৭৮৯ চনত আৰম্ভ হ’ল ফৰাচী বিপ্লৱ। বুৰ্জোৱাৰ তীব্র ভাবোচ্ছ্বাস আৰু বিজয় উল্লাসেৰে (১২) পাৰ হৈ গ’ল তেজেৰে সিক্ত কেইখনমান পাত এই মানৱ-ইতিহাসৰ; লেখা ৰ’ল ইতিহাসত তেজৰ আখৰৰে এটি অধ্যায়—Reign of Terror।

নিঃসন্দেহে ফৰাচী-বিপ্লৱে মানৱ-ইতিহাসত এক নতুন প্রগতিৰ দিগন্তৰ উন্মোচন কৰিছিল; কিন্তু সময়ৰ লগে লগে বিপ্লৱৰ সেই বৈপ্লৱিক, প্রগতিশীল চৰিত্রটি লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিলে। বিপ্লৱৰ সময়ত ফৰাচী জনগণৰ ৰক্তপ্রবাহ উত্তপ্ত কৰা স্বাধীনতাৰ বাণীৰ প্রকৃত স্বৰূপ দেখা গ’ল বুর্জোৱাৰ সম্পত্তিৰ স্বাধীনতাত, মানুহে মানুহক শোষণ কৰাৰ স্বাধীনতাত, অবাধ বাণিজ্যৰ স্বাধীনতাত। বিপ্লৱৰ আন এটা ঘোষিত লক্ষ্য সমতা— যিটোৰ কথা যেতিয়া বুর্জোৱাই প্ৰচাৰ কৰিছিল, তেতিয়া কিন্তু সর্বহাৰা শ্রেণীটোৰ ছবি তেওঁলোকৰ চকুৰ আগত ভাহি উঠা নাছিল। নতুন কাৰখানা, উদ্যোগ আদিৰ ফলত শ্রমিকৰ সমস্যা বাঢ়িল আৰু দুটা সুস্পষ্ট শ্রেণীৰ উদয় হ’ল— শ্রমিক আৰু মালিক। দুই শ্ৰেণীৰ মাজত সমতাৰ সৃষ্টি হোৱাৰ বিপৰীতে, অতি স্বাভাবিকভাৱেই, জন্ম হ’ল অসমতাৰ। ভাতৃত্বৰ উদাত্ত আহ্বানে পূর্ণতা লাভ কৰিলে প্রতিযোগিতাৰ প্ৰৱঞ্চনাত, ব্যৱসায়ৰ নগ্ন স্বাৰ্থৰ কাজিয়া আৰু শঠতাত। অপৰাধ-প্রৱণতা দিনে দিনে বা‌ঢ়ি আহিল মানুহৰ মনত। বিপ্লৱৰ এক অৱশ্যম্ভাৱী পৰিণতিৰূপে আহিল—শান্তিৰ পৰিৱৰ্তে—যুদ্ধ, নেপোলিয়নৰ দিনৰ বিশ্ব কঁপোৱা অসংখ্য যুদ্ধ; জেনা, উলম, অস্তাৰলিজ ... ... অসংখ্য। গতিকে, এক কথাত ক’বলৈ – সর্বসাধাৰণৰ স্বপ্নভংগ ঘটিল (বাব্যেফৰ চিন্তাৰ কথা আগতেই কৈছোঁ)। ঠিক এনেকুৱা এটা অৱস্থাতেই ফ্রান্সত ছাঁ ছিমোঁ আৰু ফুৰিয়েৰ (আৰু ইংলণ্ডত ওৱেনৰ) ইউটোপীয় সমাজবাদী চিন্তাধাৰাই গঢ় লৈ উঠে।

এইখিনিতে এটা কথা অতি সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিব লাগিব। পুঁজিবাদৰ বিকাশ তেতিয়াও অপৈণত। পুঁজিবাদৰ প্ৰথম অৱস্থাত তেতিয়াও বুর্জোৱাৰ প্রগতিশীল চৰিত্ৰটো বিদ্যমান (যদিও ওপৰত কোৱাৰ দৰে, সি লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছিল); সৰ্বহাৰা শ্রেণীটো তেতিয়া মানৱ-ইতিহাসৰ চৌহদত প্রৱেশ কৰিছেহে মাত্র। ইংলণ্ডত বৃহৎ কাৰখানা আদিৰ প্ৰতিষ্ঠা হোৱাৰ আৰম্ভ হৈছেহে, ফ্রান্সত সিয়ো প্রায় অনুপস্থিত— “The socialist and communist systems properly so called, those of Saint-Simon, Fourier, Owen and others, spring into existence in the early undeveloped period, described above, of the struggle proletariat and bourgeoisie (১৩)”।

উল্লেখযোগ্য কথা হ’ল— পুঁজিবাদ আৰু তাৰ অনিবার্য বিৰোধ-বিসংগতিসমূহৰ অৱস্থা চালুকীয়া হ’লেও, এই ইউটোপীয় সমাজবাদীকেইজনে কিন্তু সমাজখন যে শ্রেণী হিচাপে বিভক্ত— সেইটো কথা মর্মে মর্মে উপলব্ধি কৰিছিল। তেওঁলোকে ইয়াকো অনুভৱ কৰিছিল যে সমাজখন প্রকৃততে শোষণ-ভিত্তিক, শোষণৰ প্রক্রিয়াটো হ’ল পুঁজিবাদী সমাজৰ মজ্জাগত। শোষিত শ্ৰেণীৰ মৰ্মন্তুদ, মৰণান্তিক অৱস্থাটোৰ প্রতিও আছিল তেওঁলোকৰ আন্তৰিক সমবেদনা। কিন্তু ডাঙৰ কথা হ’ল—“......The Proletariat, as yet in its infancy, offers to them the spectacle of a class without any historical initiative or any independent political movement” (১৪) ।

অৱশ্যে তেতিয়াৰ পৰিস্থিতত সেয়েই আছিল স্বাভাৱিক। তেতিয়া সর্বহাৰাৰ প্রচণ্ড শক্তিক অনুভৱ কৰা আছিল প্রায় অসম্ভৱ। নতুন ৰোগ এটাৰ লক্ষণ যদি ফুটি উঠিছেহে মাত্র, তেতিয়াই ভৱিষ্যতত সেই বেমাৰৰ স্বৰূপ কেনেকুৱা হ’ব— সেইটো কোৱাটোৱেই কঠিন কাৰ্য; তেনে অৱস্থাত আকৌ তাৰ চিকিৎসাৰ উপায় আগ ব‌ঢ়োৱাটো হ’বগৈ সাংঘাতিক কঠিন কাৰ্য। পুঁজিবাদ তেতিয়া শিশু। তাৰ ভৱিষ্যতৰ স্বৰূপৰ বিষয়ে মতামত দিয়া আছিল টান কার্য, প্রায় অসম্ভৱ কথা। সেই পুঁজিবাদক সমুৎপাটনৰ উপায় দিয়াটো আছিল, তেতিয়াৰ পৰিস্থিতিত, কল্পনাৰো অতীত। গতিকে সেই ইউটোপীয় সমাজবাদীসকলৰ মতবাদত পুঁজিবাদক ধ্বংস কৰাৰ বাস্তৱ পন্থাৰ আশা কৰাটোৱেই বৃথা। এংগেলছৰ ভাষাত– “The proletariat, which then for the first time evolved itself from these ‘have-nothing’ masses as the nucleus of a new class, as yet quite incapable of independent political action, appeared as an oppressed, suffering order, to whom, in its incapacity, to help itself, help could, at best, be brought in form without or down from above.

This historical situation also dominated the founders of Socialism. To the crude conditions of capitalistic production and the crude class conditions corresponded crude theories. The solution of the social problems, which yet lay hidden in undeveloped economic conditions, the Utopians attempted to evolve out of the human brain (১৫)”। কিন্তু ইয়াৰ ফল হ’ল— অনিবার্যভাৱে তেওঁলোকৰ তত্ত্বসমূহ স্বপ্নলৌকিক, ইউটোপীয় হৈ পৰিল। প্রায়োগিক ক্ষেত্ৰত এইসমূহৰ মূল্য হৈ পৰিল প্রায় শূন্য।

(ক্রমশ: )

কৌশিক দাস

 

টোকা :

১। “Utopia is a Greek word, composed of “Ou” not, and “topos', a place. It means a place which does not exist, a fantasy, invention or fairy-tale.

In politics utopia is a wish that can never come true— neither now nor afterwards, a wish that is not based on social forces and is not supported by the growth and development of political, class forces."-- Lenin, On Utopian and Scientific Socialism, Moscow 1965, P. 66.

২। মুৰৰ কিতাপখনৰ প্ৰকৃত নামটো হ’ল–– ‘The Best State of a Commonwealth and the New Island of Utopia. A Truly Golden Hand book. No Less Beneficial than Entertaining.........’।

৩। ধৰ্মৰ ক্ষেত্রত মুৰৰ এটা সংস্কাৰ-প্রৱণতা আছিল। কিন্তু অতি আচৰিত ধৰণে এই মুৰেই ইউটোপিয়া প্রকাশ হোৱাৰ দুবছৰ পাছত জাৰ্মানিত আৰম্ভ হোৱা মাৰ্টিন লুথাৰৰ ধৰ্ম-সংস্কাৰ আন্দোলনৰ বিৰোধিতা কৰিছিল প্রত্যক্ষভাৱে।

৪। অপৰাধৰ ক্ষেত্রত মুৰৰ দৃষ্টিভংগী মন কৰিবলগীয়া। অপৰাধক তেওঁ ন্যায়হীন সমাজৰ এটি অনিবাৰ্য ফল বুলি ঘোষণা কৰিছিল। বিলাসিতা, নিবনুৱা সমস্যা আদিৰ বাবেই জন্ম হয় অপৰাধৰ, আৰু তাক—যিমান নিৰ্মম শাস্তিৰ বিধন নেথাকক কিয়—বন্ধ কৰিব নোৱাৰি। অপৰাধ হ্রাস কৰিবলৈ মুৰে বাট দেখুৱাইছে বৈষম্য-বিলোপ, কৰ্মসংস্থান আদিৰদ্বাৰা। শাস্তিৰ উদ্দেশ্য সন্ত্রাস-সৃষ্টি নহয়—ই হ’ব লাগে মানুহক সংশোধন কৰাৰ এটি বাট। মৃত্যুদণ্ডৰ বিৰোধিতা কৰি মুৰে বাধ্যতামূলক শ্রমৰ শাস্তি প্রচলন কৰাৰ মত দাঙি ধৰে।

৫। কাম্পানেল্লাৰ ঈশ্বৰ সমন্ধীয় ধাৰণাটো আছিল অতি আমোদজনক। কাম্পানেল্লাৰ নিজৰ আছিল অতি গভীৰ ঈশ্বৰ-বিশ্বাস। কিন্তু তেওঁ অন্য এখন গ্রন্থত (Atheismus Triumphantus) প্রশ্ন তুলিলে—ঈশ্বৰ যদি সঁচাই ইমান ভাল, তেন্তে পৃথিৱীতনো ইমান অন্যায়, ইমান অবিচাৰ কিয়‌? কিয় এই পৃথিৱীত ইমান হাহাকাৰ‌? এইবোৰে দেখোন ঈশ্বৰ বেয়া বুলিহে প্রমাণ কৰিব ! কাম্পানেল্লাই ইয়াৰ এটা সমাধান দিছে এই গ্রন্থতেই—ঈশ্বৰজনক ভাল বুলি প্রমাণ কৰিবলৈ হ’লে আমি সমাজখনকহে ভাল কৰিব লাগিব ! আমি যদি এখন ভাল, সৎ, অন্যায়মুক্ত সমাজ গঢ়ি তোলাৰ চেষ্টা কৰোঁ, তেন্তে সেই চেষ্টাই হ’ব এজন সৎ আৰু ভাল ঈশ্বৰ থকাৰ প্রমাণ !!

৬। মেচলেয়াৰ আৰু মাব্লিৰ সৈতে, সেই সামাজিক অৱস্থাত জন্ম হোৱা আৰু এজন ইউটোপীয় সমাজবাদীৰ নাম উল্লেখ কৰিব পাৰোঁ। তেওঁ হ’ল মৰেলি। মৰেলিৰ মতে, একান্ত ব্যক্তিগত সামগ্রীৰ বাহিৰে ব্যক্তিগত সম্পত্তি বুলি একো থকাই উচিত নহয়। নাগৰিকসকলে কাম কৰিব লাগিব সকলোৰে বাবে—নিজৰ শক্তি, যোগ্যতা আৰু বয়সৰ অনুপাতে। তেওঁলোকে প্রয়োজনীয় সামগ্রী পাব নিজ নিজ প্রয়োজন অনুযায়ী। দেখা যায় যে বৈজ্ঞানিক সমাজবাদৰ দুটা মূল নীতিৰ অতি কাষলৈ আহিছিল মৰেলি; কিন্তু কেতিয়া, কেনেকৈ ব্যক্তিগত-মালিকানাৰহিত, প্রয়োজন অনুযায়ী সামগ্রী পোৱা সমাজৰ জন্ম হ’ব—এইটো বিষয়ত মৰেলি আছিল প্রায় নীৰৱ।

৭। Quoted by Bimal Mitra, In Karhi Diye Kinlam, Kolkatta, p. 12.

৮। V. I. Lenin, Collected Works, Moscow, Vol. 20, p. 246.

৯। শিৱনাথ বৰ্মন, শ্রীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব, গুৱাহাটী, পৃ. ১৭।

১০. J. J. Rousseau, The Social Contract [Great Books of the Western World, Vol. 38. Encyclopaedia Britannica, INC, 1978, p 387].

১১. C. Dickens, A Tale of Two Cities [Works of Charles Dickens, Avenel Books, New York 1978, P. 387]।.

১২. কিন্তু ফৰাচী বিপ্লৱত মাথোন বুৰ্জোৱা শ্রেণীটোৱেহে অংশ লৈছিল বুলি ভাবিলে ডাঙৰ ভুল হ’ব। সৰ্বহাৰা শ্রেণীটোৱে (সঠিককৈ ক’বলৈ গ’লে, সমাজৰ নিম্নতম, দুখীয়া শ্রেণাটোৱে) বহুধৰণে, বহুবাৰ চেষ্টা কৰিছিল—সফলো গৈছিল এটা সীমালৈ—নিজৰ স্বাৰ্থৰ অনুকূলে বিপ্লৱটোক পৰিচালনা কৰাত। শ্রেণীটোৰ ঐতিহাসিক সীমাবদ্ধতাৰ হেতুকে অৱশেষত তেওঁলোক ব্যৰ্থ হৈছিল।

১৩. K. Marx and F. Engels, Manifesto of the Communist Party, (Collected Works, vol. 6, p.p. 514-515.

১৪. Ibid, p. 515.

১৫. F. Engels, Socialism: Utopian and Scientific, Moscow 1970, p. 40.

(ক্রমশ: )

Share Button
Print Friendly, PDF & Email

No Comments : "ইউটোপীয় সমাজবাদ সম্পৰ্কে কিছু কথা (প্রথম ভাগ)"

Leave a Comment

Your email address will not be published. Required fields are marked *