গল্প-কবিতা

প্ৰশ্নপাঠ-(লুইত কিৰণ দাস)

মোক পৃথিৱীৰ আটাইতকৈ জটিল প্ৰশ্নটো সোধা
যাৰ উত্তৰ শালিপথাৰৰ বোকাৰ দৰে কোমল আৰু সম্ভাৱনাময়

সৰ্বোত্তম সম্ভাৱনাৰ শ প্ৰশ্ন মোক সোধা
যাৰ উত্তৰত নৈয়ে বিচাৰি পাব হেৰোৱা সুঁতি আৰু সোঁত

প্ৰশ্ন কৰি এদিন তোমাৰ দৰেই সকলো হেৰাই যাব
ময়ো মোক হেৰুৱাই আকৌ গ্ৰহণ কৰিম সকলো দুখ

দুখৰ মজা সুকীয়া৷
এই কথা কোনে জানে বুলি যদি প্ৰশ্ন কৰা
মই বুজিম তোমাতকৈ দুখী আন কোনো নাই

দাদা হেৰাই থাকোঁতে গা-ভাৰী বৌয়ে মোক সুধিছিল
আত্মহত্যাই দুখক মুক্তি দিব পাৰে নেকি!

মই মৰা ধানডৰালৈ চাই আছিলোঁ

দেউতাই মাটি চহাই থাকোতে যোৱাবেলি সুধিছিল

“প্ৰেমত নপৰাকৈ কেনেকৈ জী আছ’?”

জগতৰ শ্ৰেষ্ঠ ব্যক্তিৰ প্ৰশ্নটোৰ উত্তৰক তুমি কৰ’বাত লগ পাইছা নেকি?

ভুলতে!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *