গল্প-কবিতা

অমানুহ ।। মানসী গোঁহাই

এইটো পূৰ্ণিমাত মাধনৰ বাপেক কোলাই মৰা এবছৰ হ’ব। মাধনে বিমলৰ মিলত পিঠা খুন্দাই আনিছে। মোনাটো কঁ‌কালত বোজাই আনফালে হাওলি গৈছে। কিছুদূৰ আগুৱাই তললৈ গৈ থকা মোনাটো কঁ‌কালৰ ভাঁ‌জত বহুৱাই পুনৰ খোজ লয়। মিলতে ধৰণী মাষ্টৰক লগ পালে। লগ পালে মানে তাইক দেখি নিজেই আগবাঢ়ি আহিছিল। স্কুলৰপৰা আহি কাপোৰ নসলোৱাকৈয়ে ঘৈণীয়েকক বিচাৰি ফুৰিছে। মাধনৰ আয়েক, ধৰণী মাষ্টৰৰ ঘৈণীয়েক দূৰ সম্পৰ্কীয় বাই-ভনী। অহাযোৱা আছিলেই। মাষ্টৰে কুকুৰে কাঁ‌ইট নোখোৱা গালি পাৰিবৰ দিনা আয়েকে অহাযোৱা বাটটো একেবাৰে বন্ধ কৰিছিল। কোলাই তেতিয়া তেনেই শিশু। মাধনক বায়েক গোলাপী দেখে। গামোছাখন সোলকাই কেৱল জাঙিয়াটো পিন্ধি পদূলিত চকা চলাই থকা দিনা মাধনে ‘দেতা তই কেলে এনেকুৱা কৰিছ’ বুলি চিঞৰি চিঞৰি কান্দিছিল। আয়েকে পিৰালিত বহি কপাল চপৰিয়াইছিল।
ভৰ যৌৱনতে বিধৱা হোৱা মাকজনীক অজলা পুতেক কোলায়ে আঁ‌তিছিল। এদিন টাউনলৈ যাওঁতে আঁ‌হতৰ তলৰ জাৰণিত পোৱা মানুহৰ পুতলাটো মোনাত ভৰাই আনি নিজৰ ডাঙৰ মানুহ কৰিবলৈ দেও পাৰিছিল। তাৰ উৎপাতত, ঝামেলাত পৰিবলৈ নিবিচৰা মানুহখনৰ উচতনিত, সহায়ৰ নাটনিত, পৰিস্থিতিৰ চেপাত মানুহজনীয়ে অকণমান কেঁ‌চুৱাটোক নিচুকাইছিল। নিজকে চম্ভালিব নোৱৰা পুতেক কোলাইৰ তুলনীয়া জীয়েক মাধনৰ আইতাও হ’ল, আয়েকো হ’ল। কোলাই মাধনৰ দেতা হোৱাৰ যত্ন আৰম্ভ হ’ল। আয়েকে সৰুৰেপৰাই শিকালে, বাপেকে তাইক কেনেকৈ জাৰণিৰপৰা তুলি মোনাত ভৰাই ঘৰলৈ আনিছিল। মানুহখনে পকাব কথাবোৰ। মাধন পাক খাব। আয়েক আগতেই সজাগ হ’ল। যাৰ বেছি সম্বলৰ বাট নাথাকে সিহঁতে দূৰলৈকে ভাবি কেৱল সাৱধান হয়।
মাধন গাভৰু হ’ল। কোলাই মতা হ’ল। কোলাই য’তে ত’তে পৰি থকা হ’ল। মাধনে প্ৰতিবাৰেই শপত দিয়ে। মদৰ বটলৰ চিকচিকনিতে কোলাই শপত ভাঙে। বটল দিয়া মানুহ কোলাইৰ বাবে মাইবাপ হ’ল। গাভৰু মাধনক এদিন মাইবাপে বিয়া কৰোৱাবলৈ বিচাৰিলে। মাইবাপৰ ঐশ্বৰ্য বিভূতিত মাধন ৰাজৰাণী হৈ পৰাৰ আশাই কোলাইৰ বাপেকী অন্তৰ উখল-মাখল লগালে। তাক উচটাই জোল খোৱা মানুহৰ অভাৱ নাছিল। যিদৰে বজাৰৰ মোনাত ভৰাই অনা অকণমান মাধনক ৰাখিবলৈ দেও পাৰিছিল, সেইদৰেই মাধনক তাৰ মাইবাপলৈ বিয়া দিবলৈ ঠিক কৰিছিল। কোলাইৰ বাপেকী অধিকাৰত আয়েকে সেইবাৰো বাধা দিব নোৱাৰিলে।
মাধনৰ নতুন কাপোৰ, নতুন ছেণ্ডেল, নতুন গহনাৰে পৰিপূৰ্ণ ৰূপত কোলাই সুখৰ চকুপানী বোৱাইছিল। মাধন সুখী। আয়েক আৰু সি দিব নোৱৰা সুখত আছে মাধন। কোলাইৰ বাপেকী অন্তৰ ভৰি পৰিছিল। মাধনৰ দুখক বুজাবলৈ, দেখুওৱাবলৈ, প্ৰমাণ দিবলৈ আয়েকে বৰ কষ্ট কৰিছিল। বৰকৈ লাগিছিল…। অজলা কোলাই নুবুজিলে, নেদেখিলে। মাধনক বেয়া পোৱা, মাধনে ভাল কাপোৰ পিন্ধিলে বেয়া পোৱা তাৰ আয়েকজনী এদিন হঠাতে বেমাৰত পৰিল। মাধন তেতিয়াও ধুনীয়াকৈ আহিছিল। আয়েকৰ হৈ আই সকাম পাতি টোপোলা কটোৱাইছিল। মূৰ দোৱাই ভকতনীৰ সেৱা লওঁতে সকলোৱে শুনাকৈ কোলাই ভুৰভুৰাইছিল, জোঁ‌ৱাই বেয়া নহয়। আয়েকেহে এনেই বেয়া পায়। জোঁ‌ৱাই বেয়া হোৱাহেঁ‌তেন আয়েকলৈ আপেল, আঙুৰ নানে।
মাধনে নিজৰ বাপেকক পাহৰিলে। আয়েকৰ বেমাৰ হওঁতেই অহা ছমাহ পাৰ হয়। তাই নাহে। কোলাইৰ বৰ দুখ লাগে। সি কেইবাদিনো গৈছিলে, মাধনে ওলায়ে নাহিলে। যিদিনা আহিলে কেৱল কংকালহাৰ শৰীৰটো চুঁ‌চৰাই একেবাৰে গুচি আহিল। কোলাইৰ মাইবাপ জোঁ‌ৱাই ল’ৰাই বেলেগ মাইকী আনিলে। মাধনক সি নহয়, সতিনীয়েকেহে খেদালে।
কোলাই সেইবাৰতহে জীয়েক মাধনক ভালদৰে দেখিলে। দেখিলে, আগতে আয়েকে বুজোৱাবোৰ বুজি কোলাই জলকা লাগিল। মাধনৰ পেটত কেঁ‌চুৱা আছিল। জোঁ‌ৱাই ল’ৰাৰ গতাত চকীত খুন্দা খাই কেঁ‌চুৱাটো মাধনৰ পেটতে মৰি থাকিল। জোঁ‌ৱাই ল’ৰাই মাধনক মাৰি মাৰি মুখৰ মাত নোলোৱা কৰি দিয়ে, ৰাতিপুৱা বিছনাৰপৰা নামি আহিব নোৱৰাকৈ ৰাতি মৰম কৰে। কোলাই কান্দে। ছাগলীয়ে পোৱালি জন্ম দিওঁতে বেবুৱাৰ দৰে শুনি। কোৱাৰিয়েদি লেলাউটি বয়। আয়েকে পিঠিত ঢকিয়াই চুপ থাকিবলৈ কয়। কোলাই চুপ নহয়। কান্দোনত সি প্ৰায়শ্চিত্ত হয়।
মাধনে তাক চুৱাপাতনিৰ পৰা টানি আনে।
বাপেকে ইমান বুজাহেঁতেন সেইটোলৈ তাইক বিয়াই নিদিয়ে, আয়েকক তাই বুজায়। বাপেকটো জলকা লগা তাই চাই থাকিব নোৱাৰে। কোলাই ঘৰতে সোমাই থকা হ’ল। মাধনৰ ছাঁ। হাটত শাক-পাচলি, হাঁ‌হৰ কণীকেইটা বেচিবলৈও সি নাযায়। আয়েকক পাচে। এদিন মাধন নিজেই ওলাল। তেতিয়া সিয়ো পিচ লয়। কোলাই কোৱা কথাটোকে কৈ থাকে, কৰাটোকে কৰে।
গাড়ীখনৰ পিছ চকা এটা বোকাত সোমালে। জোঁ‌ৱাই ল’ৰাই নতুনজনী ঘৈণীয়েকক হস্পিটেল নিছিল। শিলগুটি লঠিয়াই সেই বাটেৰে আহি থকা কোলাই গাড়ীখনলৈ কেৰাহিকৈ চায়। দুইফালে বিস্তীৰ্ণ পথাৰ। মাজত তাক ধৰি চাৰিটাই মানুহ। লগত জোঁ‌ৱাই ল’ৰাৰ ঘৈণীয়েকৰ আলধৰাজনী। জোঁ‌ৱাই ল’ৰাই কোলাইৰ হাতে-ভৰিয়ে ধৰে। গাড়ীখন ঠেলা দিবলৈ। অজলা কোলাই একো নুবুজে। সি হাত আছাৰি মুক্ত হৈ আগবাঢ়িবলৈ লয়। গাড়ীৰপৰা মানুহজনী নামে, পেট ভাৰী। থিৰেৰে থাকিব নোৱৰা। বিষত কেঁ‌কাই লেবেজান।
মানুহজনীৰ পেটত কেঁ‌চুৱা — কোলাই গাৰ সমস্ত জোৰেৰে ঠেলি গাড়ীখন বোকা পাৰ কৰাই দিয়ে।
মাধন ঘূৰি অহাৰপৰা হোৱাই-নোহোৱাই কথা কোৱা কোলাই কথা ক’বলৈকে এৰি দিয়ে। দিলে খায়, নিদিলেও নোখোজে। আঠুমূৰীয়া হৈ লাঠী, শিলগুটি লৈ সৰু ল’ৰাৰ দৰে খেলি থাকে। পেটৰ জুইৰ নুমুৱাত ব্যস্ত আয়েক আৰু জীয়েকে বেছি ভাবিবলৈ আহৰি নাপায়। মাজে মাজে মাধনক বায়েকৰ নামষাৰে মাতে। বায়েকলৈ মনত পৰিছে বুলি আয়েকে জীয়েকক মাতি পঠিয়ায়। বায়েকক চিনি নাপাই ক’ৰ আলহী বুলি সোধে। মাধনে ভয় খায়। বাপেকে তাইকো পাহৰিলে। বাই বাই কৈ পিছে পিছে তাইৰ লগত লাগি ফুৰা বাপেকটোক কিবা এষাৰ কওঁ বুলিও নোৱাৰে। এইটো বাপেকেই তাইক জাৰণিৰপৰা বুটলি আনিছিল। তাইক জন্ম দি নিস্তাৰ পাব জনা দুটা ভালেই হ’ব। সিহঁতৰ তুলনাত বাপেকে তাইক বায়েকে বোলক, তাইতো পাহৰি যোৱা নাই তাইৰ বাপেকক। শিলগুটি দুটামান গোটাই অকলে অকলে ঢোপ খেলি থকা বাপেকটোলৈ চাই মাধন আৰু আয়েক বহি থাকে। দুজনী মানুহৰ মন দুটা দুখন জগতত। ভায়েক হোৱা বাপেকটোৰ শিশুময় ব্যৱহাৰত মাধনৰ শৰীৰৰ হেৰুৱা অংশটোলৈ চেৰেংকৈ মনত পৰে। তেওঁ মৰিব লাগিলে এনে বাপেকটোৰ লগত মাধনে কেনেকৈ জীয়াই থাকিব ভাবি আয়েকজনী আধামৰা হয়।
কিন্তু মৰিলে কোলাই। হাপানী বেমাৰটো তাৰ আগৰেপৰা আছিল। দুদিনকৈ ঠেৰেঙা লগা জাৰতে আয়েকৰ কোলাত সি একেবাৰে চকু মুদিলে। আয়েকে জীৱনৰ সন্তাপ গণিলে। মাধনৰ মনটো ঠৰঙা লাগিল।
মানুহ দুজনীৰ পেট দুটাহে একে থাকিল। সেইটোকে ভৰাবলৈ আকৌ উঠিলে। খেপিয়াই ফুৰিল জীৱন, জীৱন বুলি। কোলাই মৰিলত মানুহখনে শান্তি পালে। সৰুতে ধৰণী মাষ্টৰৰ চোতালত কোলাই খেলিছিলে। আয়েকে সিহঁতৰ ধান জাৰে, চোতাল মচে। ল’ৰা হোৱা কোলাই আকৌ গৈছিল। ধৰণী মাষ্টৰৰ নাতিয়েকহঁ‌তক সমনীয়া বুলি ভাবিছিল। সিহঁতে খেদাই, সি গুচি আহে। পিছদিনাই আকৌ যায়। ল’ৰা কোলাইক যিদৰে খাতিৰ কৰা কোনো নাছিল আদবয়সত ল’ৰা হোৱা কোলাইকো উভতি চাওঁতা নাছিল। আয়েকে বামগাঁ‌ৱৰ হাতচোৱা মানুহটোক দেখুৱাই চাইছিল। মানুহটোৱে কোৱা কথাই আয়েকৰ শুকান অন্তৰত এচলু শীতল পানী হৈ পৰিছিল, “কোলাই এতিয়াৰ কথা পাহৰি পেলাইছে। মনটো অতীতলৈ ঘূৰি গ’ল। এতিয়া সি এটা শিশু। লোভ, মোহ, হিংসা একোকে চিনি নোপোৱা নিষ্পাপ শিশু। তাক তাৰ মতে থাকিবলৈ দিয়ক। সি এতিয়া নিজৰ মাজতে সেইখন পৃথিৱীত মত্ত। দুখ নকৰিব, সি এতিয়া আটাইতকৈ সুখী।”
কোলাই সঁ‌চাই সুখী হৈছিল, আয়েকে জানো দেখা নাছিল। সংসাৰৰ আওভাও নুবুজা ল’ৰা। মদ, বিড়ি পাহৰিলে। ইটো-সিটোৰ লগত কাজিয়া কৰি মাৰ খাই ৰাতি এপৰত দুৱাৰ ঢকিওৱা কেতিয়াবাই এৰিলে। সঁ‌চাই ল’ৰা কোলাই উভতি আহিছিল। কেটেপাডাল, বাটলুগুটি লৈ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিছিল। ল’ৰাৰ দৰে খেলিছিল। দুপৰীয়া ভাতখোৱাৰ সময়ত ওলাইছিলহি। ভাত খাই ওলাই সন্ধিয়া লগাৰ আগে আগে ঘৰলৈ আহি কলৰপাৰত হাত-ভৰি ধুই ভগৱানৰ ফটোৰ আগত লেপেটা কাঢ়ি চিঞৰি চিঞৰি প্ৰাৰ্থনা গাইছিল। মাধনকো জোৰ কৰি বহোৱাই লৈছিল। অ’ৰত’ৰ পৰা তাইলৈ আমলখি, শিলিখা মুঠিয়াই আনিছিল। লগতে কোনোবাদিনা ঢেঁ‌কীয়া, ফুটুকলা।
ধৰণী মাষ্টৰে নহ’লেও স্কুললৈ যোৱা বাকী ফুকলীয়া নাতিয়েকহঁ‌তে কোলাইক দেখিলেই খেদায়। ধৰণী মাষ্টৰে কেইবাদিনো ফলা খৰিৰে তাৰ ভৰিত কোবাইছিল। আয়েকে, মাধনে কোলাইক সদায় সিহঁতৰ ঘৰলৈ নাযাবলৈ কয়। কয়হে। তাৰ লগত ঘৰতে থাকিবলৈ, সি ক’লৈ গৈছে চাই ফুৰিবলৈ এবেলা ৰাহি ক’ত?
সেইদিনা ধৰণী মাষ্টৰৰ ঘৰলৈ টাউনৰ আলহী আহিছিল। কোলাই দুপৰীয়া ভাত খায়ে ঢোপ গুটি এগাল লৈ ওলাইছিলগৈ। ধৰণী মাষ্টৰে ধুতি কোচাই পথাৰত গৈ আয়েককে, মাধনকে অবাইচ গালি পাৰি গৈছিল। সম্বন্ধত মাষ্টৰৰ বায়েৰ-শাহুৰ। কোলাইৰ আয়েকৰ সিদিনা মৰি যাবলৈ মন গৈছিল। বিচাৰি গৈ বাটৰ কাষত মূতি থকা কোলাইক উধাইমুধাই মৰিয়াই খং অপমান বাহিৰ কৰিছিল। কোলাই ধৰণী মাষ্টৰৰ ঘৰলৈ যোৱা বন্ধ কৰিছিল। মাহীয়েককো দেখিলে নমতা হৈছিল।
কোলাই মৰাৰ খবৰ পাই হালেই আহিছিল। কোলাইৰ মাক, জীয়েকে উদ্ধাৰ পালে বুলি বাকীবোৰৰ লগত সুৰ মিলালে।
ধৰণী মাষ্টৰৰ ঘৈণীয়েকে কথা পাহৰা হ’ল মাধনে শুনিছিল। আয়েকেও জানে। আজি স্বয়ং মাষ্টৰৰ মুখত শুনিলে। মাষ্টৰৰ অৱসৰ পাবলৈ তিনিবছৰ আছেই। ঘৈণীয়েকক চকু দিবলৈ কামকৰা ছোৱালী এজনী ৰাখিছে। ল’ৰা-বোৱাৰী বাহিৰত থাকে। আয়েকে কৈছিল,
“কৰ্মফল মাধন কৰ্মফল। মনটো ভুল হোৱা বাপেৰক সি কেইদিন ফলাখৰিৰে ভৰিত কোবাইছিল। দেখিলেই চেই চেই। সি মৰা ছমাহ নহ’ল, মাষ্টৰৰ ঘৈণীয়েকৰ সেই গতি। আমাৰ ই ঘৰখন পাহৰা নাছিল। তাৰ ঘৈণীয়েকে তাকেই পাহৰিলে। আৰু পাব সি। বাপেৰক মৰা, শিলগুটি দলিওৱা সবেই ভুগিব। ভালত জোকাওঁতে সি সমানে লাগিছিল। কথাবোৰ পাহৰা, মনটো ভুল হোৱা ল’ৰাটোক মানুহখনে তেনেকুৱা কৰিব লাগেনে?”
মাধনে শুনে আয়েকৰ কথা। নিজে এষাৰো নকয়। পিঠা হ’ল, কাইলৈ চানা-মগু, নাৰিকল, গুৰখিনি আনিব। কলঠোক বছৰেকীয়াৰ আগদিনা আনিলেও হ’ব। টিকেনক কলৰ আগধন দিবলৈ যাওঁতে সি নিজেই কৈছিল ঘৈণীয়েক কলিকতীয়া বেপাৰীটোৰ লগত পলাই যোৱাৰ কথা। টকা, গহনা, কাপোৰ, কাঁ‌হৰ কাঁ‌হি-বাটি সকলো নিলে। টিকেন পপীয়াৰ নাম আছে। গাঁ‌ৱতে কেইবাজনীৰ লগত সনা-পিটিকা। অকলে পাই কোলাই পিছৰপৰা জপটিয়াই গাৰ কাপোৰ টনা বুলি কৈ মানুহখনৰ মাৰ খুওৱা জয়াৰ ঘৰত টিকেন সোমাই থাকে। সেইদিনাও তেনেকুৱাই কিবা হৈছিল। কিন্তু মাধনৰ বাপেকটোক সিহঁতে অন্যায় কৰিলে। ল’ৰা হৈ পৰা কোলাই বায়েকলৈ পনিয়ল বিচাৰি জয়াৰ বাৰীৰ সীমাত থকা পনিয়লজোপালৈ ফৰ্মুটিয়াইছিল। মাৰৰ কোবত তীৰকঁ‌পে জ্বৰ উঠা কোলাই কান্দি কান্দি আয়েকক কৈছিল। সেইবাৰ বহুদিনলৈ সি ভালদৰে বহিব পৰা নাছিল। অঁ‌কৰা বাপেকক কোনো কাৰণ নোহোৱাকৈ ফচাই টিকেন আৰু জয়াই কি পালে? সিতো সিহঁত দুটাক দেখাও নাছিল। দেখিলেও বাপেকে সিহঁতক চিনি পালেহেঁতেন জানো?
বহিব নোৱাৰি চাঙত পেট পেলাই চটফটাই থকা বাপেকৰ মুখখনলৈ মনত পৰি মাধনৰ ভঙা বুকু আকৌ ভাঙে।
টিকেনৰ বাৰীৰ আঠীয়া কলৰ সৈতে প্ৰসাদৰ ভাগ ল’বলৈ মানুহখনে দিন গণিছে। দিনটোত তিনিবাৰ দেখিলে তিনিবাৰেই আগৰ জনমৰ পাপৰ ফলত কোলাই পগলা হ’ল বুলি আয়েকক সান্ত্বনা দিয়া বিমলৰ মিলত খুন্দাই অনা পিঠাগুড়িৰ কেঁ‌চামিঠৈ খুৱাই কোলাইৰ আত্মাৰ সদগতিৰ বাবে ৰাইজৰ সেৱা ল’ব।

জীৱন বুলি মাধনে আয়েকলৈ চায়। আয়েকেও তাইলৈ চায়। জীয়া, জীয়া, নমৰালৈকে জী থাকিবই লাগিব — কোনেও নক’লে। দুয়ো জানে। ভালদৰে। একেবাৰে নিৰ্ভুলকৈ।
ইয়াতকৈ বেছি জীয়াই থাকিব নে নাথাকে মাধনে নাজানে। দামোদৰ আহিছিল। তাইৰ মূৰটো দুৱাৰদলিত পেলাই দীঘল চুলিকোছা দাৰে ৰেপি ৰেপি কটা দামোদৰে বাটে-ঘাটে দেখা দিয়ে। তাৰ ঘৈণীয়েক মৰিলে। দ্বিতীয় সন্তান পানী কেঁ‌চুৱা। মাধনক আকৌ বিচাৰিছে। সিতো মাধনক ঘৰ এৰিবলৈ কোৱা নাছিল। মাধনে নিজেহে গুচি আহিলে।
পানী কেঁ‌চুৱাটোলৈ মাধনৰ উজাগৰি ৰাতিবোৰত মনত পৰে। বাপেকে বজাৰৰ মোনাটোত ভৰাই আনোঁতে তায়ো সিমানেই অকণমানি আছিল কিজানি। দামোদৰৰ মাকজনী ইমানো বেয়া নাছিল। আয়েকৰ নিচিনা নহ’লেও দামোদৰৰ চৰত ফুলা তাইৰ গাল দুখনলৈ চাই কৈছিল,
“অঁ‌কৰা বাপেৰটোৱে ক’লে বুলিয়েই কি খাবলৈ এইটোলৈ আহিলি?”
কেঁ‌চুৱাটোক চাই আহিবলৈ মনটোৱে থৌকি-বাথৌ লগায়। তাই সামৰি থয়। বাপেকলৈ মনত পৰে। বাপেকক মানুহ বোলা মানুহ এনেও নাছিল। মনটো ভুল হোৱাতেই জন্তুতকৈ নীচ জ্ঞান কৰিছিল। দামোদৰে তাইক অন্ততঃ মানুহ কৰি থোৱাহেঁতেন বাপেকৰ মনটো ভুল নহয়। জয়াৰ এটা চিঞৰতে পগলাই মাইকী মানুহৰ গাত হাত দিছে বুলি সভা পাতি গোটেইখন মিলি নমৰিয়ায়। কোনোদিন মানুহ হোৱাৰ পাঠ নিশিকা তাইৰ বাপেকটোৱে নিজকে পাহৰি যাওঁ‌তেও মানুহবোৰে উচটাবলৈ নেৰিলে। মৰালৈকে ফৰ্মুটিয়াই থাকিল।
ক’ত দেখিছিল, ক’ত শুনিছিল…বজাৰ কৰা মোনাটোত মানুহৰ পোৱালিটো ভৰাই লৈ আনিছিল। সেই মানুহৰ পোৱালিটোৰ কোলাই বাপেকৰ জীয়েক হোৱাৰ মন এটাই ভিতৰলৈকে জোকাৰি যায়। তেজৰ নাই, গোটোৱা গুণে বাপেকৰ জীয়েক হোৱাৰ সমল মাধনে বিচাৰি ফুৰে। তায়ো যদি বাপেকৰ দৰে আয়েকৰ ওচৰত জেদ ধৰিব পাৰিলেহেঁতেন।
“বাপেৰে অঁ‌কৰা আছিল আই। তথাপি তোক লাগে বুলি হাত-ভৰি জোকাৰি জেদ ধৰিছিল, মোৰ লগত কাজিয়া কৰিছিল। তোৰ বাপেৰে হ’ল, তোক ডাঙৰ কৰিলে। হয়, সি মানুহ নিচিনিলে, কথা নাজানিলে। সেইকাৰণেই তই ভুগিলি। সেইটোৰ ওচৰলৈকে আকৌ যাব নালাগে। তই থাকোঁতেও এজনী আনিলে। আকৌ এজনী আনিব। ল’ৰা ছোৱালী ডাঙৰ কৰিবলৈ ধাই আনিব পাৰিব। সি তোক মানুহ কৰি থোৱাহেঁতেন অঁ‌কৰা বাপেৰেটো থাকিও নথকা নহয় আই। তোক সি কৰা অত্যাচাৰবোৰ বুজি বাপেৰে বেছি দুখ পালে। নিজক দোষী দোষীয়েই সি তেনেকুৱা হৈ থাকিলে। এতিয়া তই সেইফালে মন নেমেলিবি মাধন…এনেও আমি মানুহ নহয়। আৰু এদিন মানুহ নহ’লেও আমি জীয়াই থাকিব পাৰিম…।”
চাঙত কাটি হৈ থকা ভাঁ‌জেই আয়েকে কৈ উঠে। আয়েক সাৰে আছে তাই জানে। তাইৰ দৰে আয়েকেও শুব নোৱাৰে। সেইবুলি তাইৰ মনৰ উখলমাখল আয়েকে শুনিব মাধনে নাজানিছিল।
“মানুহ হোৱাৰ বৰ কষ্ট মাধন…এতিয়া আমি মানুহ হ’বলৈ একোৱেই নাই।”
সাৰ সিকটি নোহোৱাকৈ মাধন পৰি থাকে। আয়েকে বাগৰ সলাই চায়, তাই কিবা কয় নেকি। একোৱেই নকয়। মাথোঁ গাটো ৰৈ ৰৈ লৰি উঠে। বাপেক মৰোঁতে তাই এফোঁ‌টাও কন্দা নাছিল। তাইৰ চকুপানীবোৰ মেল পাতি বাপেকক সবে মিলি মৰা দিনাই শেষ হৈ গৈছিল। বুকুত ভৰ থ’লে কষ্ট, সেয়ে আয়েকে কান্দি উলিয়াই দিবলৈ কয়।
“নালাগে আই, মোৰ মূৰত এদিন আকাশখন একেবাৰে ভাঙি পৰিব সেইদিনাই কান্দিবলৈ চাম।” — মাধনে কয়।

বাগৰটো সলাই আয়েক পুনৰ একাটি হয়। লাহেকৈ চাঙৰপৰা নামি মাধনলৈ চাই চাই ওলাই আহে। মূল দুৱাৰখন খুলি ওলাই বাহিৰৰপৰা পুনৰ লগাই চোতালত খোজ পেলায়। সন্মুখৰ শাকনিডৰা ভেটা জেওৰাখনৰ ওচৰত তুলসী পুলিটো। শেষবাৰ কোলাই ইয়াতে শুইছিল। সি নাছিল। মনটোৰ লগতে গাটোও অঁ‌কৰা হৈ পৰিছিল। মানুহখনে ইয়াত থৈছিল। নীতি-নিয়ম কৰিছিল তাৰ আত্মাই শান্তি পাবলৈ। তাক চৰিওৱা, লঠিওৱা, ফলা খৰিয়ে মৰিওৱা, কথাই প্ৰতি পগলা পগলা কৈ ডকাহকা দিয়া মানুহবোৰে তাৰ প্ৰাণহীন দেহটোক বৰকৈ শ্ৰদ্ধা কৰাদি কৰিছিল। সেইদিনা তাক কোনেও কোলাই পগলা বোলা নাছিল। তুলসীৰ ভেটিটোতে লাগি কোলাইৰ আয়েক বহি পৰে। কাৰোবাৰ মূৰত হাত বোলোৱাৰ দৰে মাটিত হাত বুলাই থাকে।

ভিতৰত মাধনে হিয়া ঢাকুৰি কান্দে।

তই বৰ মানুহ আছিলি বোপাই — আয়েকে তুলসী পাতৰ মাজেৰে দূৰলৈ চাই কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *