ঘৰ (উপাসনা বৰদলৈ)
নৈপৰীয়া মধুৰিজোপাত দিনটো ওলমি ৰয়।
মধুৰিআমৰ ভৰুণ দেহত এতিয়া
ভৰ দুপৰীয়া এটাই নিতাল মাৰে,
সপোনথলীয়ে নৈৰ বক্ষত জিৰোৱাৰ পষেক হ’ল।
টুলুঙা নাৱত ৰ’দৰ চাদৰ এখন ভটিয়াই যায়,
ভটিয়াই, পুনৰ মাৰ যায়।
খালৰ দৰে চকু এযোৰে পানীপিয়াটোক ডবিয়ায়,
মাকোৰ চেৱত গা উঠা তিৰোতাজনীয়ে
বাটৰ দাঁতিত ধান শুকুৱায়,
তাইৰ আশীসূতাৰ চাদৰখনত বিবৰ্ণ মেঘবোৰ দুলি ৰয়।
পেচকৰ উৰুলিত গধুৰ হয় উজাগৰী নিশা
মাতাল সো-সোঁৱনিত জাপ নোখোৱা
চকুৰ পতাবোৰত কিহে ভিৰ কৰে তেতিয়া?