ষ্টেশ্যনত চৌৰাচিয়া
গৌতম প্ৰিয়ম মহন্ত
ডাৱৰ আৰু জোন গলা ক’লা হিজাবৰ তলত
দেখিছো, আজি দেখিছো ৷
বাঁহীৰ গধুৰ সুৰবোৰ সৰাপাতৰ দৰেই পাতল ৷
অথবা ইলুটি সিলুটিকৈ উৰি ফুৰা চৰাইৰ পাখি ৷
মোৰ বহি থকাত গুচি যাব পৰাৰ সম্ভাৱনা
কাইলৈক চুব খোজা সময়ক বেয়াকৈ হৰুৱাই ৷
আৰু মই ৰৈ যাওঁ; গুচি যাব পৰাৰ সন্তুষ্টিত ৷
চিৰিৰে বগাই বগাই সময় আহে :
প্লেটফৰ্মৰ তিনিটা ঘড়ীত তিনিটা সময় ৷
অদূৰত সৌবোৰ মুখ-আন্ধাৰিৰ ধোঁৱা
বতাহ হৈ উৰি ফুৰা বাঁহীটোক অকাই-পকাই ৷
সেই দুচকুত হঠাৎ ক’লা চমকনি,
ক’লা হিজাবৰ তলত !
দুডাল সমান্তৰাল ৰেখা; মাজৰ মিডিয়াৰ নেদেখা স্থিৰচিত্ৰ;
ক্লিক্ ক্লিক্, কি আছিল তাত? কোনটো ধূলিকণা কেনেকৈ ?
*****
(যায়গৈ ৷ আহি পোৱা ট্ৰেইনৰ ডবাত উঠিছে
সাত ইঞ্চি শুভ্ৰতা দেখুৱাই !)
নিউটনো আমাৰ দৰেই থাকিলহেঁতেন
নোপোৱাৰ মানৱী পূৰ্ণতাত ৷
আপেলৰ সলনি যদি সৰি পৰা দেখিলেহেঁতেন
চৌৰাচিয়াই বতাহত গুঠা কঁপনিবোৰ ৷