অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰ (প্ৰথম সংখ্যা)

অতিথি সম্পাদকৰ কলম – (ত্রিলোচন গগৈ)

মানৱমনৰ বিৱৰ্তনত আৰম্ভণিৰে পৰাই যুক্তিৰ বিকাশে তাৎপৰ্যপূৰ্ণভাৱে ক্রিয়া কৰি আহিছে। যুক্তিৰ বিকাশে চিন্তাৰ বিকাশকে প্রতিনিধিত্ব কৰে। ইয়েই মানুহৰ মানসিক উত্তৰণৰ মূল দিশ। সাম্প্রতিক সময়তো ব্যৱস্থাগত বিপৰ্যয়, জীৱন-শৈলীৰ অৱস্থাৰ উত্তৰণৰ বাবে যুক্তি/যুক্তিবাদৰ প্রচুৰ চৰ্চা আৰু যুক্তিবাদী আন্দোলনৰ বিকল্প নাই। সত্য অন্বেষণৰ এক বৈজ্ঞানিক আহিলা বা পদ্ধতি হিচাপে যুক্তিবাদে এই উক্তিৰ মান্যতা দিয়ে। যুক্তি-বিকাশ সমিতি, অসম-ৰ অনলাইন আলোচনী ‘মুক্তচিন্তা’ই জন্মলগ্নৰে পৰা যুক্তিবাদী চিন্তা-চৰ্চাৰ বাট মুকলি কৰি আহিছে। এই চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবেই এই সংখ্যাৰ ‘মুক্তচিন্তা’ৰ ‘অতিথি সম্পাদকৰ চ’ৰা’-ৰ বিষয় লোৱা হ’ল- “যুক্তিবাদ, যুক্তিবাদী আন্দোলন আৰু আনুষংগিক প্রসংগ”। যুক্তিবাদ আৰু যুক্তিবাদী আন্দোলনৰ প্রাসংগিকতা আৰু সমস্যা: সমাজত বৰ্তি থকা অন্ধবিশ্বাস, কুসংস্কাৰ, গোড়ামি, সাম্প্রদায়িকতা ইত্যাদিৰ স্বৰূপ বুজি লৈ সেইবোৰ দূৰীকৰণৰ কৌশলগত দিশসমূহ আলোচনা কৰাই এই সংখ্যাৰ উদ্দেশ্য।

অসমত যুক্তিবাদৰ চৰ্চা বৰ নতুন নহ’লেও এতিয়াও যে ই চালুকীয়া অৱস্থাতে আছে সি স্পষ্ট। আনবোৰ দিশ বাদ দিও বিভিন্ন বিষয়ৰ বিতৰ্কবোৰলৈ মন কৰিলেই কথাটো পৰিষ্কাৰ হৈ পৰে। বহু বৌদ্ধিক বিতৰ্কতো যুক্তিৰ কছৰৎ অনুপস্থিত দেখা যায়। উল্লেখ কৰি অহা হৈছে যে, যুক্তিবাদ সত্য অন্বেষণৰ এক বিজ্ঞানসন্মত আহিলা বা পদ্ধতি বা পথ। এই পদ্ধতি ব্যৱহাৰ কৰি আগবঢ়া অথবা এই পথেৰে বাট বুলোৱা যুক্তিবাদীসকলে যুক্তিত আস্থা ৰাখে। সত্য অন্বেষণত স্বাভাৱিকতে তৰ্ক-বিতৰ্কৰ পৰিৱেশ এটাৰ সৃষ্টি হ’ব। কিন্তু নিজে ধাৰণ কৰা যুক্তিতকৈ শক্তিশালী যুক্তিৰ সম্ভেদ পালে নিজৰটো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰাটো যুক্তিবাদৰ পথত প্রাৰম্ভিক খোজ। অথচ যুক্তিবাদৰ এই মূল দিশটো প্রায়ে আওকাণ কৰা দেখা যায়। সুস্থ বিতৰ্কৰ ঠাইত ৰাইজে আৰম্ভ কৰে ব্যক্তিগত আক্রোশ, কুৎসা-ৰটনা। বিশেষকৈ সম্প্রতি অভিবাসী মুছলমানসকলক কেন্দ্র কৰি এনে তিক্ত পৰিৱেশ এটা গঢ় লৈ উঠা দেখা যায়। কোৱা বাহুল্য যে, এনে পৰিৱেশ সৃষ্টিত আটাইতকৈ বেছি লাভবান হয় ৰাষ্ট্রযন্ত্র। বৃটিছৰ ‘ভাগ কৰি শাসন কৰা’ (Divide and rule) নীতিটোতে যে স্বাধীন ভাৰত ৰাষ্ট্রইও খামুচি ধৰি আছে, সেই কথা বুজাত নিশ্চয় কাৰো অসুবিধা নহয়। কাকত-আলোচনীৰ পৰা ছ’চিয়েল মেডিয়ালৈকে সম্প্রতি অসমত এনে এক পৰিৱেশেই বিদ্যমান।

এইটো জনা কথা যে মানসিক উত্তৰণ অবিহনে এনে পৰিৱেশৰ পৰিৱৰ্তন সম্ভৱ নহয়। কিন্তু মানসিক উত্তৰণ কেনেকৈ? কোৱা হয় – শিক্ষা, বিজ্ঞান-প্রযুক্তিবিদ্যাৰ প্রসাৰ-প্রচাৰৰ জৰিয়তে এনে উত্তৰণ সম্ভৱ। কিন্তু শিক্ষিত গৱেষকেই যেতিয়া ডাৰউইনৰ বিৱৰ্তনতত্ত্বৰ দৰে বিজ্ঞানসন্মত গৱেষণালব্ধ তত্ত্বক শিক্ষানুষ্ঠানৰ পাঠ্যক্রমৰ পৰা আঁতৰাবলৈ প্রস্তাৱ কৰে, চিকিৎসালয়ত পূজা-অৰ্চনাৰ ব্যৱস্থা থাকে, স্বয়ং চৰকাৰেই বানপানী, গৰাখহনীয়া দূৰ কৰিবৰ বাবে নদী পূজাৰ পৃষ্ঠপোষকতা কৰে, তেতিয়াই এই উক্তিৰ অসাৰতা প্রতিপন্ন নকৰে নে?

আধুনিক শিক্ষাৰে শিক্ষিত হোৱাৰ পিছতো কি দৰে মানুহ, অন্ধবিশ্বাস-কুসংস্কাৰৰ আৱেষ্টনীৰ মাজত সোমাই থাকে বা থাকিবলৈ বাধ্য হয়, তাৰ কাৰণসহ ব্যাখ্যা এই সংখ্যাৰ ‘অতিথি সম্পাদকৰ চ’ৰা’-ৰ প্রায় প্রতিটো লেখাতে আছে। লেখকসকলে যত্নসহকাৰে যুক্তিবাদী আন্দোলনৰ বিভিন্ন প্রসংগ তথা সমস্যা উল্লেখেৰে সমাধানৰ কৌশলগত দিশসমূহ আলোকপাত কৰিছে। এই সংখ্যাত প্রকাশিত প্রথিতযশা যুক্তিবাদী লেখক প্রসেনজিৎ চৌধুৰীয়ে ‘যুক্তিবাদীৰ পাৰিপাৰ্শ্বিক সমস্যা: এক সংক্ষিপ্ত আলোচনা’- শীৰ্ষক প্রবন্ধত নৰেন্দ্র ডাভোলকাৰ আদি বহু প্রসিদ্ধ যুক্তিবাদীৰ অভিজ্ঞতাপুষ্ট ধাৰণা উল্লেখেৰে যুক্তিবাদ আৰু যুক্তিবাদী আন্দোলনৰ বিভিন্ন দিশত আলোকপাত কৰি আন্দোলনটো কেনেদৰে আগবঢ়াই নিব পাৰি আলোচনা কৰিছে। যুক্তিবাদী কৰ্মীৰ মনস্তাত্ত্বিক সমস্যাবিলাকো তেখেতে বিস্তৃতভাৱে আলোচনা কৰিছে। যুক্তিবাদী কৰ্মীৰ হতাশা, বিষণ্ণতাবোধ ইত্যাদিৰ কাৰণ আৰু তাৰ পৰা যুক্তিবাদী আন্দোলনলৈ আহিব পৰা সমস্যা সম্পৰ্কে লেখাটোত আলোকপাত কৰা হৈছে।

বেছিভাগ ভাৰতীয় মানুহৰে মন-মগজুত বদ্ধমূলভাৱে সোমাই থকা, হিন্দুত্ববাদী বহু কুসংস্কাৰৰ দলিলস্বৰূপ ‘মনুসংহিতা’ৰ স্বৰূপ উন্মোচন কৰিছে মননশীল লেখক ডঃ ভূপেন্দ্র নাথ গোস্বামীয়ে, ‘বাস্তৱ নে বিভ্রম? উচ্চ বৰ্ণৰ পুনঃপ্রতিষ্ঠাৰ সংগ্রামৰ আহিলা মনুসংহিতা’ শীৰ্ষক প্রবন্ধত। ‘লোকবিশ্বাস বনাম যুক্তিবাদী আন্দোলন (ভূত-প্ৰেতৰ প্ৰসংগ উল্লেখসহ)’- শীৰ্ষক প্রবন্ধত অসমৰ লোকবিশ্বাস, লোকসাহিত্যত সোমাই থকা ভূত-প্রেতৰ ধাৰণা আৰু তাক দূৰীকৰণৰ উপায়সহ আলোচনা কৰিছে আন এগৰাকী মননশীল লেখক টুনুজ্যোতি গগৈয়ে। প্রবন্ধকাৰ গৌতম গোস্বামীয়ে যুক্তিবাদী আন্দোলনৰ সৈতে আৰ্থ-সামাজিক-ৰাজনৈতিক দিশটো কি দৰে জড়িত হোৱা উচিত তাক আলোকপাত কৰিছে ‘জনগণৰ ভোটাধিকাৰ বনাম যুক্তিবাদী-প্রগতিশীল-সাংস্কৃতিক আন্দোলনৰ সম্ভাৱনা’- শীৰ্ষক লেখাটোত। সংখ্যাটোত প্রকাশ কৰা হৈছে বিগত ‘যুক্তি দিৱস’ত আয়োজিত মুকলি ৰচনা প্রতিযোগিতাত স্থান লাভ কৰা চাৰিখন ৰচনা। ইয়াৰ উপৰিও কেইবাগৰাকীও ন-পুৰণি লেখকৰ প্রবন্ধ, লিমাৰিক, গল্পৰে এই সংখ্যাটো সমৃদ্ধ হৈছে। আমি মাত্র কেইটামান লেখাৰহে চমু আলোকপাত কৰিছোঁ। আশা কৰোঁ পাঠক সমাজে সংখ্যাটো আগ্রহেৰে আঁকোৱালি ল’ব আৰু ভুলবিলাক আঙুলিয়াই দিব।

সদৌ শেষত আমাৰ দৰে ন শিকাৰুক এই সংখ্যাৰ ‘মুক্তচিন্তা’ৰ ‘অতিথি সম্পাদকৰ চ’ৰা’ -শিতানটি সম্পাদনাৰ গুৰু দায়িত্ব অৰ্পণ কৰা বাবে ‘মুক্তচিন্তা’ পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ অনুৰোধ ৰক্ষা কৰি সন্মানীয় লেখকসকলে কষ্ট কৰি মূল্যবান আৰু তথ্যসমৃদ্ধ লেখা সময়মতে প্রস্তুত কৰি দি আমাক সহায় কৰিলে। তেখেতসকললৈও আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমি আলোচনীৰ কাম সম্পাদন কৰাটো সম্ভৱ নহ’লহেঁতেন যদিহে ‘মুক্তচিন্তা’ৰ কৰ্মীদলে সহায়ৰ হাত আগ নবঢ়ালেহেঁতেন। তেখেতসকললৈও আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *