এদিন ইয়ালৈ ৰাংগাল আহিব ।। পূৰৱী ভৰালী
“নোকপান্থে”ত আজি এক চেপা উত্তেজনাৰ পৰিৱেশ। চাংঘৰটোৰ চিৰি এচটাত বহি দিছনে একান্তমনে সকলোৰে আলেখলেখ চাই আছে। যাক লৈ আজি উত্তেজনাৰ সৃষ্টি হৈছে, তেওঁ আকৌ বোমভোলা হৈ চোতালত থকা কাঠ এচটাত দীঘল দি পৰি আছে। বাকীবোৰে তাৰ ফালে সন্দেহৰ দৃষ্টিৰে চাই ইফাল-সিফাল কৰি আছে। দুই এজনে তাৰ মাজতে নিজৰ কামবোৰো কৰি গৈছে। কামনো আৰু কি? ৰছী পকোৱা, বাঁহৰ দুই এপদ বস্তু বনোৱা এইবোৰেই।
ৰছেঙৰ এই ৰেহৰূপ আৰু চাই থাকিব নোৱাৰি। দিছন চিৰিৰ পৰা নামিল।
” অই ৰছেং, এনেকৈ থাকিবিনে?”
দিছনৰ হুটা মাতষাৰ শুনি ৰছেং চক খাই উঠিল। সি উঠি কাঠছটাত ভালকৈ বহি ল’লে। চকুহাল তাৰ ইমান কৰুণ! কটা গাহৰিৰ চকুহালৰ দৰে তাৰ চকুহালো শেঁতা পৰিছে।সি দিছনৰ ফালে চাই আঁঠুদুটা বুকুলৈকে চপাই মুখখন আঁঠুৰ মাজত গুজি দিলে। সি আকৌ নিশ্চুপ হৈ ৰ’ল। এইহেন পাহোৱাল ডেকাটোৰ এনে বিধ্বস্ত ৰূপ আৰু দিছনে চাই থাকিব নোৱাৰিলে। সি ৰছেঙক তেনেকৈয়ে এৰি বহাৰ পৰা উঠিল। চাংঘৰটোৰ বেৰত ওলোমাই থোৱা মিট দাখন লৈ সি সুৰুকীয়া বাট এটাৰে খোজ ল’লে।
মানুহৰ আহ-যাহ নোহোৱা এই ঠেক পথটো দিছনে বৰ ভাল পায়। আপোনমনে খোজ কাঢ়িব পাৰি, গুণগুণাব পাৰি, চেৰিজিং গাব পাৰি। সি গুজুং গুজুংকৈ গৈ থাকিল। কেতিয়াবা লতাবোৰে ভৰি মেৰিয়াই ধৰে। সি মিট দাখনেৰে লতাবোৰ কাটি বাট মোকোলায়। আজি চেৰিজিঙৰ ফাঁকি তাৰ মনলৈ অহা নাই। প্ৰিয় বন্ধু ৰছেঙৰ ক্ৰমাৎ হেৰাই যাব খোজা প্ৰেয়সী চিমচাং, ৰছেঙৰ বিষণ্ণ চকুহাল, নতুনকৈ গঢ়ি উঠা গীৰ্জাঘৰৰ পাদ্ৰীজনৰ কথাবোৰ— এই কথাবোৰ পাক খাই তাৰ হটঙা মূৰটোত জঁট বান্ধিলে। এটা কথাৰ আঁত বিচাৰি পালে আন এটা কথাৰ আঁত হেৰাই যায়। সি অসহায়বোধ কৰিলে। তাৰ ভৰিদুখন খৰকৈ চলালে। লিংবানে এই সকলো কথাৰ জঁট ভাঙি দিব পাৰিব। সকলো দ্বিধাৰ উত্তৰ লিংবানৰ ওচৰত থাকে।
আজি চিমৰণৰ মৃত দেউতাকৰ মঙোনা। নকপান্থেৰ ডেকাসকলো মঙোনাৰ কামত হাত উজান দিছে। সোণেশ্বৰী বুঢ়ীয়ে গোৱা “কাবে” ফাঁকি বৰ কৰুণ হৈছে। ইমান অন্তৰ ঢালি গাইছে! দিছনে তভক মাৰি অলপ পৰ ৰৈ গানটো শুনিলে। কিবা এটা দুখবোধে তাৰ অন্তৰ শেলি থৈ গ’ল।
সৌৱা পাহাৰৰ নামনিত এমিহঁতৰ ঘৰ। সি হুৰমূৰাই পাহাৰীয়া পথেৰে নামি গ’ল। চাংঘৰৰ তলত এমিয়ে গাহৰিবোৰক দানা খাবলৈ দি একান্তমনে চাই আছিল। বগা টপ আৰু ডাঠ সেউজীয়া দাকমাণ্ডাৰে তাইক অপূৰ্ব লাগিছে।
“এমি,দিছনক বহিবলৈ দেচোন। মই আজৰি হৈ গৈ আছোঁ।”
দেউতাকৰ চিঞৰত এমি চক খাই উঠিল। তাতোকৈও বেছি চক খালে সন্মুখত দিছনক দেখি। হোষ্টেললৈ যোৱাৰ আগতেই তাক দেখিছিল। যোৱাবছৰৰ ওৱানগালাৰ কথা মনত পৰাত তাই ৰঙা-চিঙা পৰি গ’ল। নাচৰ তাল মিলাব নোৱাৰি তাই দিছনৰ বুকুতে খুন্দা খাইছিল। সেই সময়তেই কি জানো হ’ল তাইৰ! কিহৰ বা ৰাগী লাগিল তাইৰ মনত!সেই সময়ৰ পৰা এতিয়ালৈ তাই দিছনৰ বুকুতেই পৰি ৰ’ল। সেইদিনা দিছনেও একেথৰে তাইলৈ চাই ৰৈছিল। সকলো কামতে পাকৈত দিছনৰ সেইদিনা বাৰে বাৰে আউল লাগিছিল।
তাই মূঢ়া এটা আনি দিছনৰ সন্মুখত ৰাখিলে। তাই তল মূৰ ওপৰ কৰা নাই। তাই জানে দিছনৰ ফালে চালেই তাৰ দুচকুৰ গভীৰতাত তাই হেৰাই যাব। তাই অস্তিত্বহীন হৈ পৰিব। ওৱানগালাৰ সময়ত তাই এই কথাৰ প্ৰমাণ পাইছে।তাইৰ চেৰিজিংফাঁকি ভুল হৈছিল। গীতৰ তালে তালে নাচি থকা তাইৰ ভৰিদুখনে তাল কাটিছিল। মনৰ চিলাখনো সূতা কাটি আকাশলৈ উৰা মাৰিছিল।
“কি হ’ল? থৰ লাগিলি যে? দুভৰিৰ পৰা শিপা গজিছে নেকি?”- দিছনে তাইক জোকাই চালে।
“শিপা গজা নাই। আকাশতহে উৰিছোঁ।”– কথাষাৰ কৈ তাই লাজত মুচকচ গ’ল।
“তই চৰাই নে চিলা নে মেঘালয়ৰ মেঘ— আকাশত উৰি ফুৰিছ যে?”
“মই চৰায়ো নহওঁ, মেঘো নহওঁ, চিলাও নহওঁ। তথাপিও উৰি ফুৰোঁ।”
তাই খিলখিলাই হাঁহিলে। পাহাৰৰ জুৰিটিৰ কুলুকুলু শব্দটোৰ দৰেই তাইৰ হাঁহিৰ খলকনি দিছনৰ বুকুত কিছুপৰ বাজি থাকিল। ৰৈ ৰৈ বাজি থকা এই শব্দৰ মিছিল কি সুতীব্ৰ! এনে শব্দৰ মিছিলে পাহৰাবে পাৰে সকলো দ্বিধা, সকলো দুশ্চিন্তা।
মূৰত খাং এটা ওলোমাই এমিৰ মাক ক’ৰবাৰ পৰা আহিল। খাঙটো খৰিৰে ভৰ্তি। আহিয়েই থিয় হৈ থকা দিছনক দেখি মাকে এমিক ক’লে–
“দিছনক বহিবলৈ দিয়া নাই কিয়?”
“নিজে নবহিলে মই জানো বহুৱাই দিব পাৰোঁ।”-
আকৌ হাঁহিৰ খলকনি। উহ!
কাম-কাজবোৰ অঁতাই লিংবান আহি দিছনৰ কাষত বহিলে।
“শুনিছোঁ চিমচাং আৰু ৰছেঙৰ হ’বলগীয়া বিয়াখন হেনো নহ’ল।”
” নহ’ল, চিমচাঙে আপত্তি কৰিছে। কাৰণটো নাজানো।”
“ৰছেঙে চাগে বৰ দুখ পালে।”
“পাইছেতো, বিলাতী মানুহবোৰৰ স’তে চিমচাঙৰ বৰ বন্ধুত্ব। সিহঁতে কি কথাৰে যে মুহিলে তাইক ক’ব নোৱাৰি।”
“সিহঁতৰ কথাবোৰ বৰ মোহলগা, পোহৰমুখী।”
“আপুনিও???”– দিছনে চকুহাল বহলকৈ মেলি লিংবানলৈ চালে।
“কথাবোৰ শুনি ভাল লগা বুলিহে ক’লোঁ। বুকুত ক্ৰছ আঁকিম বুলিতো কোৱা নাই। “— লিংবানে হাঁহিলে।
দিছনৰ বুকুৰ ওজন কিছু হ্ৰাস হোৱা যেন অনুভৱ হ’ল।
চাওঁতে চাওঁতেই গাঁৱখনৰ সত্তৰ শতাংশ মানুহ ইতিমধ্যে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’লেই। চিমচাঙৰ পৰিয়ালে এই ক্ষেত্ৰত আগভাগ লৈছে। খ্ৰীষ্টান হৈ চিমচাঙৰ কেৱল ধৰ্মই সলনি হোৱা নাই, মানুহজনীও সলনি হৈছে। ৰছেঙৰ লগত তাইৰ কথাবোৰৰ তাল-মিল নোহোৱা হ’ল। তাই আকাশমুখী, ৰছেং মাটিমুখী। অৱশেষত তাই সিহঁতৰ হ’বলগীয়া বিয়াখন অস্বীকাৰ কৰিলে। এতিয়া শুনিবলৈ পোৱা গৈছে, তাই হেনো সেই মানুহবোৰৰ লগত বিদেশলৈ যাব আৰু কিবা এটা এন.জি.অ ত যোগ দি মানৱসেৱা কৰিব।সংসাৰৰ প্ৰতি তাই মায়ামোহ হেৰুৱাই পেলালে। ইমানেই মোহ লগা নে সেই পাদ্ৰীজনৰ কথাবোৰ!
“হো,এয়া খা”– এমিৰ মাকে দুবাতি চু আনি মজিয়াত থ’লে। প্লেটত শুকান মাছৰ ভাজি।
“খা, চিন্তা কৰি একো পাৰ নাপাবি। সমাজত ভাঙোন আৰম্ভ হৈছে যেতিয়া ৰক্ষা নাই, ভাঙিবই। গাৰোপাৰা, মাজপাৰা আদি গাঁৱত এজনো চংচাৰিক নাই। সিহঁতে খ্ৰীষ্টান হৈ “খ্ৰীষ্টান গাৰো সমাজ” গঠন কৰিছে। সিহঁতে হেনো “চু” নাখায়, ওৱানগালা নাপাতে, মিত্তে নামানে। তেওঁলোকে কেৱল “গড” ক চিনি পায়।”
“জানো”– হুমনিয়াহ এটাৰে দিছনে উত্তৰ দিলে।
“এদিন এনে এটা দিন আহিব, সেইদিনা আমি থাকিম কিন্তু আমাৰ পৰিচয়ৰ ঠিকনা নাথাকিব। আমি অস্তিত্বহীন হ’ম। “
“তাকেইতো,আমি আন জাতিৰ দৰে নিজৰ সত্তাক সাবটি কিয় আগবাঢ়িব নোৱাৰিম?
“পাৰিম, তোমাৰ দৰে দুজনমান দিছন থাকিলেই আমি আগুৱাব পাৰিম।”
“কিন্তু আমি যে ইতিমধ্যে ভাগ ভাগ হৈ গ’লোৱেই।”– সন্দেহৰ দৃষ্টিৰে দিছনে লিংবানৰ ফালে চালে।
“হওঁক, যি য’লৈকে যাব বিচাৰে তাক যাবলৈ দিয়া আৰু যি থাকিব বিচাৰে তাক আদৰি লোৱাটোৱে হৈছে পৃথিৱীৰ পুৰাতন নীতি।”
“চু”ৰ বাতিটো ইতিমধ্যে শেষ হৈ আহিল। হুম– ঠিকেই, যি যাব বিচাৰে তাক যাবলৈ দিয়া উচিত– এই সঁচা কথাষাৰ ৰছেঙক ক’ব লাগিব। সঁচাই, লিংবানৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ থাকে। কৃষ্টি খামুচি থাকিব বিচৰা মানুহখিনিক লৈয়ো নতুন গাৰো সমাজ এখন গঠন কৰিব পাৰি। চংচাৰিক হৈ যে বেলিমুখী হ’ব নোৱাৰি, সেই কথা জানো ক’ৰবাত লিখা আছে! যীচুক ভাল পালে চালজঙক বেয়া পাব লাগিব, এনেতো হোৱাৰ কথা নহয়। বৰদিনত নাচিলে ওৱানগালাত নাচিব নোৱাৰি, এয়াতো নহয়।
“অই দিছন, নিচা লাগিল নেকি? জুপুকা লাগিলি যে!”
– এমিৰ মাতত দিছন বাস্তৱলৈ উভতি আহিল।
“এমি, এইবাৰ ওৱানগালাত চালজঙৰ ওচৰত কি বিচাৰিবি?”- দিছনৰ প্ৰশ্নত এমি চক খাই উঠিল।
“তোক”- ভৰিৰ নখেৰে মাটিত এটা বৃত্ত আঁকি তাই উত্তৰ দিলে।
দিছনৰ গাৰ মাজেৰে অদ্ভুত শিহৰণ এটা বৈ গ’ল।
“মই ক’লোঁ, এতিয়া তই ক “- দিছনৰ মনৰ কথা জানিবলৈ এমিৰ বৰ মন গ’ল।
“আত্ম বিশ্বাস “- এমি কিছু হতাশ হ’ল।
“আত্মবিশ্বাসেৰে কি কৰিবি?”
“আত্মবিশ্বাসেৰে আমি চংচাৰিক মানুহবোৰো পোহৰমুখী হ’ম। “
“এই যাত্ৰাত ময়ো চামিল হ’ব পাৰিমনে?”- আকুল কণ্ঠেৰে এমিয়ে সুধিলে।
“তয়েই এই পথৰ এটা উজ্জ্বল ৰাংগাল হ’ব লাগিব। ভালকৈ পঢ়।”
“অ’কে মাই মেণ্টৰ” – তাইৰ কথা কোৱাৰ ভঙ্গী দেখি দিছনৰ হাঁহি উঠি গ’ল।
দিছন বহাৰ পৰা উঠিল। সি লিংবানক মাত এষাৰ লগাই হুৰমূৰাই তললৈ নামি আহিল। তেতিয়া আন্ধাৰ আকাশখন পোহৰাবলৈ কাঁচিজোনটোৱে অহৰহ চেষ্টা কৰিছে। সি এইবাৰ মূল পথটোৰে আগবাঢ়িল। তাৰ যে এতিয়া বহুত কাম! নোকপান্থেৰ এটা কোঠাত ৰেক বনাব লাগিব। তাত ঠাক্ ঠাক্ কৈ কিতাপ সজাব লাগিব। নোকপান্থেৰ পৰাই আৰম্ভ হ’ব সিহঁতৰ পোহৰমুখী যাত্ৰা। চংচাৰিক মানুহবোৰৰ মাজলৈ ৰাংগাল নমাই আনিবই লাগিব। চাৰিআলিৰ চুকটোত নতুনকৈ নিৰ্মাণ কৰা গীৰ্জাঘৰটোৰ পৰা ভাঁহি অহা এফাঁকি প্ৰাৰ্থনাই তাৰ সংকল্পক অধিক দৃঢ় কৰিলে।
“You are here, moving in our midst
I worship you.
সমাপ্ত
নোকপান্থে- ডেকাচাং
চংচাৰিক-খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰা গাৰো লোক
চু- মদ
ওৱানগালা- গাৰো সমাজৰ কৃষিভিত্তিক উৎসৱ
চেৰিজিঙ- গীত
মোকবাং- মৃতকৰ সকাম
কাবে- শোকগাঁথা
ৰাংগাল-সূৰ্য
চালজং- গাৰোসকলৰ আৰাধ্য দেৱতা
দাকমাণ্ডা- গাৰো মহিলাৰ সাজ পোছাক