কিনো হ’ব নতুন দিনবোৰত— (সৌৰভ জ্যোতি বৰুৱা)
কিনো হ’ব নতুন দিনবোৰত
মানুহবোৰ আৰু অলপ অমানুহ হ’ম
হিংসা কপটতাৰে মনবোৰ আৰু অলপ বিষাক্ত কৰিম
কুমলীয়াৰ পৰা বৃদ্ধালৈ ধৰ্ষণৰ
নিতে নতুন কাহিনী লিখিম
প্ৰেমৰ নামত যৌনতাক ফুটপাথৰ সস্তীয়া আমোদ কৰিম।
কিনো হ’ব নতুন দিনবোৰত
চাহিদা যোগানৰ অস্থিৰ সমীকৰণত
দুখীয়াৰ সেই একেই চিৎকাৰ শুনিম
নিবনুৱাৰ আশাহত দুচকুৰে জীৱনক বিষাদৰ এটি চুটি গল্প কৰিম
বাঘৰ চলাহী কথাত হৰিণা জালত বন্দী হোৱাৰ
সেই পুৰাতন কাহিনী পুণৰাই শুনিম
ৰাজপথৰ চিঞৰবোৰ
অট্টালিকাত অট্টহাস্য হোৱাৰ গুঞ্জনবোৰ
একেই উদাসীনতাৰে উপেক্ষা কৰিম।
কিনো হ’ব নতুন দিনবোৰত
শান্তি চুক্তিৰ দস্তখতবোৰ
সন্ত্ৰাসৰ শ্লোগান কৰিম
স্বৈৰতান্ত্ৰিক এঙামুৰি ধৰি গণতন্ত্ৰক মূৰ্ছিত কৰিম
ধৰ্মৰ আফিং টানি
বিজ্ঞানৰ জয়গান জুৰিম
মনৰ ভগৱানক আজুৰি নি
সোণৰ ঘৰত বন্দী কৰিম।
কিনো হ’ব নতুন দিনবোৰত
সমাজৰ বৃদ্ধবোৰক
আৰু বেছি অৱহেলিত কৰিম
সংস্কৃতিৰ জুহালত দুষ্কৃতিৰ আপং চেকিম
ভাষা খেদাৰ যুঁজলৈ আৰু কিছু সৈনিক মাতিম
আৰ্টিফিছিয়েল ইণ্টেলিজেন্সেৰে নিজকে আন্ধাৰত বিছাৰিম
গ্লোৱেল ৱাৰ্মিংৰ দুটি তত্ব আওৰাই
আৰামী জীৱনৰ পিছত দৌৰিম।
কিনো হ’ব নতুন দিনবোৰত
পিছে,
সকলো হ’ব পাৰে নতুন দিনবোৰত
কিয়নো আমিয়েই সলনি কৰিব পাৰো সময়ক।