‘ফুল জুই’ – (অচ্যুৎ মাধৱ দাস)
ফুলবোৰ জ্বলাই দিয়া
জুইবোৰ নুমাই দিয়া
মৃত্যু শিল হেন, পানী হেন মৃত্যু
এখন বগা চাদৰেৰে মৃত্যুক ঢাকি থ’ব নোৱাৰি
ছাইবোৰ ৰৈ যায়, তুমি ছাই নোহোৱা।
এই খঁক আৰু ক্ষুধাৰ মাজত
জুইবোৰ ফুল হৈ নুফুলে, জুইবোৰ ফুল হৈ
ফুলবোৰ জুই হৈ ফুলক, জুই হৈ।
তোমাক এপাহ ৰঙা ফুল দিওঁ
এই তিলফুলবোৰৰ মাজতে
তুমি জুই হৈ ফুলি থাকা।