বিবিধ চিন্তা

যুক্তিবাদী ছহীদ জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাখাতত ‘যুক্তি দিৱস’ উদযাপন

আমাৰ শৰীৰৰ কোনো অংগত ক্ষন্তেকৰ বাবে জুই লাগিলে কেনেকুৱা অনুভৱ হয় বাৰু?

সঁচাই, জুয়ে পোৰা যন্ত্রণা অবৰ্ণনীয়। গাত জুই লগাৰ কথা ভাবিলে আমি সকলো নিশ্চয় আতংকিত হৈ পৰিম ভয়ংকৰ যন্ত্রণাৰ কথা ভাবি।

তেনে অনুভৱ এটা মনলৈ আনি, এইবাৰ ভাবিবলৈ চেষ্টা কৰোঁ আহক, জীৱন্ত এজন মানুহৰ গাত, হাত-ভৰি বান্ধি জুই লগাই দিয়া হৈছে!

কি কৰিব মানুহজনে? যন্ত্রণা আৰু আতংকত চিঞৰিব‌? সহায়ৰ বাবে বুকু ফাটি যোৱা আৰ্তনাদ কৰি উঠিব?

নাই, মানুহজনে সেইবোৰ একোকে কৰা নাছিল। জুইত জীয়াই জীয়াই জ্বলাই দিয়াৰ আগতে সেই ভয়-ভীতিহীন আচৰিত মানুহজনে কৈছিল এটি কথা। সেই কথাটি মানুহৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকি গ’ল।

কোন আছিল সেই দুৰ্মদ মানুহজন‌? মানুহজনে কৰিছিল কি, যাৰ বাবে তেওঁক জুইলৈ নিক্ষেপ কৰা হৈছিল মানুহজনৰ নাম জ্যৰ্ডানো ব্রুনো (Giordano Bruno)।

আজিকালিৰ পাঠশালাৰ ছাত্রইও জানে যে পৃথিৱীখনৰ অৱস্থান বিশ্বব্রহ্মাণ্ডৰ কেন্দ্রত নহয়। কিন্তু সেই কথাটো কোৱাৰ বাবেই ব্রুনোক জীয়াই জীয়াই পুৰি মাৰি পেলোৱা হৈছিল আনুষ্ঠানিক বিচাৰ-প্রক্রিয়াৰ শেষত। তাৰিখটো আছিল ১৬০০ চনৰ ১৭ ফেব্রুৱাৰী।

ব্রুনোক যেতিয়া জ্বলাবলৈ লৈ গৈছিল, তেতিয়া ব্রুনোৱে ধীৰ-স্থিৰভাবে ঘাতকবোৰক কৈছিল, “মই মৃত্যুলৈ যিমান ভয় খাইছোঁ, তোমালোকে মোৰ মতক তাতকৈ বহুত বেছি ভয় কৰিছা”!

কিহৰ প্রতি ভয় আছিল সেই ঘাতক-বাহিনীৰ? ভয় আছিল সিহঁতৰ সত্যৰ প্রতি, যুক্তিৰ প্রতি, মুক্ত চিন্তাৰ প্রতি।

ব্রুনোক জীয়াই জীয়াই জ্বলাই দিয়াৰ পাছতো সিহঁতে পৃথিৱীক ব্রহ্মাণ্ডৰ কেন্দ্রত স্থাপন কৰিব নোৱাৰিলে। কেনেকৈ পাৰিব‌? সত্যসন্ধানী ব্যক্তিৰ হত্যাই সত্যক জানো স্থানান্তৰিত কৰিব পাৰে! ব্রুনোৱে এই কথাটোকেই মানৱ-জাতিৰ আগত প্রমাণ কৰি গ’ল তেওঁৰ অমৰ মৰণৰ মাজেদি।

ব্ৰুন’ৰ ওপৰত কৰা সেই নিৰ্মম অত্যাচাৰ আৰু হত্যাৰ আজি চাৰিশ বছৰৰো অধিক হ’ল। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সমাজ সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। কিন্তু তথাপিও জানো মুক্ত চিন্তাৰ পথ প্ৰশস্ত হ’ল?

নৰেন্দ্ৰ ডাবোলকাৰ, এম কালবুৰ্গী, গোবিন্দ পানচাৰে, গৌৰী লংকেশ, অভিজিত ৰয়, এইছ ফাৰুক আদি বহুজন মুক্তচিন্তকৰ কণ্ঠ ৰুদ্ধ কৰি দিয়া হ’ল আজিৰ যুগতো। সেয়েহে মুক্ত চিন্তাৰ প্ৰতিভূ হিচাপে ব্ৰুনোৰ প্ৰাসংগিকতা আজিও হেৰাই যোৱা নাই।

অসমত যুক্তি বিকাশ সমিতি, অসম আৰু মুক্ত চিন্তাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ২০১৮ চনত ব্ৰুনোৰ হত্যাৰ দিনটোক ‘যুক্তি দিৱস’ ৰূপে উদ্যাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। সেইবছৰৰ পৰা প্ৰত্যেক বছৰে ‘যুক্তি দিৱস’ পালন কৰি অহা হৈছে। সুখৰ কথা, লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানমনস্ক ৰাইজে নিজ নিজ অঞ্চলতো ব্ৰুনোৰ স্মৃতিত ‘যুক্তি দিৱস’ পালন কৰিবলৈ লৈছে।

আজি ১৮ ফেব্ৰুৱাৰী দেওবাৰে তিনিটা সংগঠন, ক্ৰমে ‘যুক্তি বিকাশ সমিতি, অসম’, ‘ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়৷ যুক্তি-বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় প্ৰয়াস অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাপক সোনেশ্বৰ নৰহে৷ ইয়াৰ পিছতে বিজ্ঞান আৰু যুক্তিবাদলৈ ব্ৰুনোৰ অৱদান সোঁৱৰি আলোকপাত কৰে মুক্ত চিন্তা অনলাইন আলোচনীৰ মুখ্য সম্পাদক ড° কৌশিক দাসে৷

কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল ‘সাপ অন্ধবিশ্বাস আৰু আমাৰ সমাজ’ শীৰ্ষক বিষয়ত ডিমৌ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ সুৰজিত গিৰিৰ বক্তৃতা। ড° গিৰিয়ে স্বভাৱসুলভ সাৱলীল ভাষাৰে সাপ আৰু সৰ্পদংশন, সমাজৰ কৰণীয় ইত্যাদি দিশ সামৰি বক্তৃতা প্ৰদান কৰে৷ বক্তাগৰাকীয়ে উপস্থিত শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷

বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু উদ্যোক্তা সদস্যসকলে পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীত “মুক্ত নহয় চন্দ্ৰ সূৰ্য” গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ দীক্ষিতা দীক্ষিত আৰু প্ৰাচুৰ্য্য ফুকনে নিজে প্ৰস্তুত কৰা সাপ প্ৰতিৰোধী এটি আকৰ্ষণীয় প্ৰকল্প প্ৰদৰ্শন কৰে৷ তেওঁলোকে সাপ খেদিবলৈ নহৰু পানী চটিওৱা যন্ত্ৰ এটি সাজি উলিয়ায়৷ ড° গিৰিয়ে প্ৰকল্পটোৰ ভূয়সী প্ৰশংসা কৰে৷ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ এটি দলে স্থানীয় অঞ্চলৰ ডাইনী কাণ্ডৰ সন্দৰ্ভত এক ক্ষেত্ৰভিত্তিক প্ৰতিবেদন প্ৰকাশ কৰে।

পৰৱৰ্তী সময়ত ‘সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূলকৰণৰ বাধাসমূহ, তাৰ প্ৰতিকাৰৰ উপায়’ শীৰ্ষক বিষয়ত মুকলি আন্তৰিক আলাপ অনুষ্ঠিত হয়৷ আলোচনাত দীপক বৰা, দেবিকা শইকীয়া, নয়নমণি মেধি, ড° কুলেন দাস, ভূপেন শৰ্মা, ৰুমা অধিকাৰী, ডা° অঞ্জন শইকীয়া ,নিজৰা বৰঠাকুৰ, দিলীপ ফুকন, অমৰ কাকতি, গায়ত্ৰী বৰা কাকতি আদি বহু ব্যক্তিয়ে ভাগ লয়৷

অসমৰ বিভিন্ন ঠাইৰ শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াস অধ্যয়ন চক্ৰলৈ যুক্তি বিকাশ সমিতিয়ে প্ৰায় সাত হেজাৰ টকা মূল্যৰ মূল্যৱান পুথি আৰু আলোচনী প্ৰদান কৰে৷

অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সোনেশ্বৰ নৰহ, কনকলতা দত্ত, ৰাজীৱ দত্ত, সুদৰ্শন বৰবড়া, প্ৰবীণ পেগু, ৰাজেন শৰ্মা আদি কেইবাগৰাকীয়েও মৰণোত্তৰ দেহদান কৰে৷ অনুষ্ঠানত
“বিজ্ঞানত মই দহ পাইছোঁ” কবিতাটো আবৃত্তি কৰে ইমন কল্যাণে আৰু
গীতিকাৰ-সুৰকাৰ গৌৰীশংকৰ বৰাই গীত পৰিৱেশন কৰে৷ কলম নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়৷ উন্মোচন কৰে নতুন পদাতিক আলোচনীৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি বৰগোহাঁয়ে৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *