বিবিধ চিন্তা

কেইটিমান জনপ্ৰিয় শিশু-পদ্যৰ নেপথ্য কাহিনী –(বিতোপন বৰুৱা)

বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিশুসকলৰ মাজত কিছুমান ওমলা গীত বা পদ্য সচৰাসচৰ বহুলভাবে প্ৰচলন হোৱা দেখা যায়‌। এনে বহু শিশু গীতৰ সৃষ্টিৰ নেপথ্যত সেই সেই সমাজৰ ইতিহাসো বিধৃত হৈ থাকে‌। আজিৰ আলোচনালৈ আনিব খুজিছো ইংৰাজী ভাষাৰ দুটিমান অতিশয় জনপ্ৰিয় নাৰ্চাৰী ৰাইম্‌চ বা শিশু-পদ্যৰ নেপথ্য কাহিনী‌।

১) বা বা ব্লেক শ্বিপ

শিশু এটিৰ মাত ফুটাৰ লগে লগেই প্ৰায়ে আওৰাবলৈ দিয়া এটি ৰাইমচ হৈছে, ‘বা বা ব্লেক শ্বিপ’‌। ফুটা নুফুটা মাতেৰে গোৱা ‘বা বা ব্লেক শ্বিপ’ শুনি আমাৰ মন প্ৰফুল্লিত হৈ উঠে‌। কিন্তু এই জনপ্ৰিয় পদ্যটোৰ আঁৰত যে লুকাই আছে এক নিস্পেষণৰ ইতিহাস, সেইটো আমাৰ বহুতৰে বাবেই হয়তো অজ্ঞাত‌।


কেইবাশ বছৰ আগৰ মধ্যযুগৰ ইংলেণ্ডৰ কথা৷ ৰজা এড্‌ৱাৰ্ড প্ৰথমে (১২৭২-১৩০৭) যুদ্ধৰ খৰচ জোৰা মাৰিবলৈ ভেড়াৰ নোমৰ ঊণসূতাৰ বিক্ৰীৰ ওপৰত কৰ আৰোপ কৰিলে৷ ঠিক কৰা হ’ল যে বিক্ৰীমূল্যক তিনিভাগ কৰি এভাগ ৰজাই পাব, এভাগ গীৰ্জাই পাব আৰু আনভাগহে মূল উৎপাদন কৰোঁতা ভেড়াপালকে পাব৷ কষ্ট অনুপাতে সেয়া নিচেই নগন্য মূল্য৷ কিন্তু প্ৰতাপী লোকসকলৰ আগত সেয়া মুখ ফুটাই ক’বও নোৱাৰে৷ সেই কথাখিনিকে পদ্যৰ আকাৰত মুখে মুখে প্ৰচলিত হ’বলৈ ধৰিলে৷

One for the master অৰ্থাৎ ৰজা
One for the dame অৰ্থাৎ গীৰ্জাঘৰ
One for the little boy অৰ্থাৎ ভেড়াৰখীয়া ল’ৰাজনৰ কথা কোৱা হৈছে৷

মূল পদ্যটোত শেষৰ শাৰীটোত None for the little boy বুলি আছিল৷ শিশু মনত বিৰূপ প্ৰভাৱ নপৰিবৰ বাবে Noneৰ ঠাইত One কৰি দিয়া হ’ল৷ নিস্পেষিত ভেৰাৰখীয়াৰ কথাখিনি সাংকেতিক ৰূপত তেতিয়াৰ পৰাই চলি আহিছে৷

২) ৰিং এৰাউণ্ড দা ৰ’জিচ

Ring around the rosies
Pocket full of posies
Ashes ashes
We all fall down.

দেখাত নিমাখিত যেন লগা এই শিশুগীতটিৰো আছে এক বিভীষিকাময় ইতিহাস৷ সপ্তদশ শতিকাৰ ইংলেণ্ডত হোৱা প্লেগ মহামাৰীৰ ভয়াবহতা এই গীতৰ জৰিয়তে প্ৰকাশ পাইছে৷ প্লেগ্‌ ৰোগীৰ শৰীৰত ৰঙা গোলাপৰ নিচিনা গোলাকাৰ ফোঁহা উঠে৷ সেয়াই হ’ল ৰিং এৰাউণ্ড দা ৰ’জী৷


মৃতদেহ আৰু ৰোগীৰ দুৰ্গন্ধৰ পৰা হাত সাৰিবলৈ মানুহে হাতত আৰু জেপত ফুলৰ থোপা লৈ ফুৰিছিল (posies)৷ কিছুমানে ashesৰ সলনি a tissue বুলি গায়৷ দুয়োটাই আচলতে ৰোগীয়ে মৰা হাঁচিৰ শব্দৰ অনুকৰণমূলক৷ আন এক ব্যাখ্যামতে সেই সময়ত মৃতদেহৰ অনুপাতে কবৰ খন্দা লোকৰ অভাৱ হোৱাত মৃতদেহবোৰ জ্বলোৱা হৈছিল৷ তাৰ ছাইৰ(ashes) কথাও ইয়াত কোৱা হ’ব পাৰে৷ শেষৰ শাৰীটোত সকলোৰে অৱধাৰিত মৃত্যুৰ কথা কোৱা হৈছে৷

এইখিনিতে উল্লেখ কৰি থ’ব পাৰি যে, ১৬৬৫ চনত প্লেগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ লগে লগে কেইম্‌ব্ৰীজ বিশ্ববিদ্যালয় বন্ধ কৰি দিয়া হৈছিল৷ ফলত আইজাক নিউটন ঘৰলৈ ঘূৰি যাবলগীয়া হৈছিল৷

(৩) হাম্‌টি ডাম্‌টি


Humpty Dumpty sat on a wall
Humpty Dumpty had a great fall
All the king’s horses and
All the king’s men
Could not put Humpty together again.

পুৰণা ইংৰাজী ভাষাত শকত আৱত গধুৰ লোকক হাম্‌টি ডাম্‌টি বুলি জোকোৱা হৈছিল৷ মূল পদ্যটো বহু পুৰণি৷ কিন্তু লুই কেৰলৰ কিতাপত ছপা আকাৰত প্ৰথম প্ৰকাশ পোৱাৰ পিছত পদ্যটো অধিক জনপ্ৰিয় হৈ পৰে৷ Alice through the looking glass (1871) কিতাপখনত হাম্‌টি ডাম্‌টিক এটা কণীৰ আকাৰত দেখুওৱা হৈছিল৷ কিছুলোকৰ মতে এইটো আচলতে এটা সাঁথৰ যাৰ উত্তৰ হৈছে ‘কণী’৷ অৰ্থাৎ ভগা কণী জোৰা নালাগে৷

আন এটা জনপ্ৰিয় অভিমত অনুসৰি ইয়াৰ পিছত এটা বেলেগ কাহিনী জড়িত হৈ আছে৷

১৬৪২- ১৬৫১ চনত ইংলেণ্ডত গৃহযুদ্ধ হৈছিল ৰজা চাৰ্লছ প্ৰথমৰ অনুগামী আৰু বিৰোধীসকলৰ মাজত৷ ক’লচেস্টাৰ নগৰৰ সুৰক্ষাৰ্থে দুৰ্গৰ দেৱালৰ ওপৰত এটা গধুৰ বৰটোপ ৰখা হৈছিল৷ সেইটো চলোৱাৰ দায়িত্বত আছিল এচকুৱা জেক থমছন নামৰ এজন৷ প্ৰথম অৱস্থাত ঠিকেই চলিছিল যদিও এপাকত সেইটো খহি তলত পৰিলগৈ আৰু যন্ত্ৰাংশবোৰ বিচ্ছিন্ন হৈ পৰে৷ ৰজাৰ সৈন্যবোৰে ঘোঁৰা লগাই টানিও সেইটো পুনৰোদ্ধাৰ কৰি জোৰা লগাব নোৱাৰিলে৷ এই বৰটোপটোৱেই লোক কথাত হাম্‌টি ডাম্‌টি বুলি পৰিচিত হৈ পৰিল৷ পিছত ৰজা চাৰ্লছ পৰাস্ত হয় আৰু তেওঁক মৃত্যুদণ্ড দিয়া হয় (১৬৪৯)

(৪)অলং দলং পৰাৰ সাধু


London bridge is falling down
Falling down, falling down
London bridge is falling down
My fair lady.

এই গীত তথা শিশুৰ ধেমালি প্ৰায় হাজাৰ বছৰ পুৰণা ৷ কথা আৰু কাহিনী সম্পৰ্কে বহুজনে বহু কথা কয়৷ পুৰণা সংস্কৰণত Broken down বুলিও পোৱা যায়৷ যি কি নহওক লণ্ডন ব্ৰীজ খেলটো শিশুসকলে কেনেকৈ খেলে সেয়া জানি ল’লে অলপ সুবিধা হ’ব৷ দুজনে মুখামুখিকৈ ৰৈ দুয়োহাত ধৰাধৰিকৈ দলং এখনৰ আকৃতিত দাঙি থাকে আৰু গানটো গাই থাকে৷ বাকী সকলে শাৰী পাতি মাজেদি পাৰ হৈ যায়৷ My fair lady অংশটো গাওঁতে যিজন যায় তেওঁক চাৰিহাতৰ মাজত বন্দী কৰা হয়৷ (ঠিকেই বুজিছে, অলং দলং পৰা খেলটো নাইবা অ’পেন টী বায়’স্কোপ খেলটোৰ মূল উৎস একেটাই)

এতিয়া থূলমূলকৈ কাহিনীটোলৈ আহোঁ৷ হাজাৰ বছৰৰ ইতিহাসত দলংখন বহুবাৰ ধ্বংস আৰু নিৰ্মাণ হৈছে৷ ৰচনাৰ সঠিক সময় আৰু কাৰণ ডাঠি কোৱা সম্ভৱ নহয়৷
ইংৰাজীত এটা শব্দ আছে Immurement. অৰ্থ কাৰোবাক ঠেক কুঠৰীৰ মাজত খাদ্য পানীৰ অবিহনে বন্দী কৰি ৰখা৷ মধ্যযুগৰ অন্ধবিশ্বাস মতে দলং আদি ডাঙৰ নিৰ্মাণ কৰোঁতে এইদৰে শিশু উচৰ্গা কৰা হৈছিল যাতে সিহঁতৰ আত্মাবোৰ দলঙৰ ৰখীয়া হিচাপে থাকিব পাৰে৷ শিশুটিৰ চাৰিওফালে ইটা গাঁথি দিয়া হৈছিল৷ নহ’লে লণ্ডনব্ৰীজ খহি পৰিব৷ খেলটোত এইটো কথাকে প্ৰতীক ৰূপত দেখুওৱা হয়৷ পিছ My fair ladyনো কোন? এই সম্পৰ্কেও কেইবাটাও মত আছে৷ তাৰে এটাৰ মতে ৱাৰৱিক্‌শ্বায়াৰৰ, ষ্ট’নলেই পাৰ্কৰ লেই (Leigh) পৰিয়ালৰ এজনী ছোৱালীক এইদৰে উচৰ্গা কৰা হৈছিল৷ তেওঁকেই মাই ফেয়াৰ লেডী বুলি কোৱা হৈছে৷

আমাৰ ইয়াত ছোৱালীবোৰে খেলা গীতটো এনেধৰণৰ

অলং দলং পৰিছে
ৰজা ৰাণী আহিছে
বিদায় আমাৰ বন্ধু৷

লণ্ডন ব্ৰীজ কিদৰে আমাৰ ভাষাত অলং দলং হৈ পৰিল কোনোবাই কিবা জানে যদি নিশ্চয় জনাব বুলি আশা কৰিলো৷ দুয়োটাৰে অৰ্থৰ আচৰিত মিল আছে৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *