‘লেডি চাটাৰ্লিজ লাভাৰ’ত প্ৰমূল্য আৰু প্ৰতিবাদ – (কিশোৰ শৰ্মা)
বৰ্তমান মাষ্টাৰপিছ বুলি গণ্য কৰা ‘লেডি চাটাৰ্লিজ লাভাৰ‘-ত (Lady Chatterley’s Lover) লৰেন্সে বিবাহ বহিৰ্ভূত প্ৰেমৰ অকপট চিত্ৰণ আৰু ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰসমূহৰ স্পষ্ট যৌন অন্বেষণৰ বাবে যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈছিল। সেই কাৰণে গ্রেট বৃটেইনত ১৯৬০ চনলৈকে এই কিতাপখন পৰ্ণগ্ৰাফী বুলি আইনগতভাৱে নিষিদ্ধ কৰা হৈছিল। কিন্তু এই বাধা আঁতৰি যোৱাৰ পিছতে নিযুতৰ সংখ্যাত এই উপন্যাসখন বিক্ৰী হৈছিল তাকো একেবাৰে কম দিনৰ ভিতৰতে।
তেনেহ’লে এনে তথাকথিত যৌনগন্ধী উপন্যাসৰ ওপৰত নিৰ্মিত এখন চিনেমা আপোনালোকক কিয় পৰিচয় কৰি দিবলৈ ওলাইছোঁ? ৰিচাৰ্ড হগাৰ্টে যুক্তি আগবঢ়ায় যে ‘লেডি চাটাৰ্লিজ লাভাৰ‘-ৰ মূল বিষয়বস্তু স্পষ্ট যৌনতা নহয়, যিটো বহু বিতৰ্কৰ বিষয় আছিল, বৰঞ্চ সততা আৰু সামগ্ৰিকতাৰ সন্ধানহে। এই অখণ্ডতাৰ মূল চাবিকাঠি হ’ল মন আৰু শৰীৰৰ মাজত সংহতি, কাৰণ “মনবিহীন শৰীৰ পশু; শৰীৰ নথকা মন আমাৰ দ্বৈত সত্তাৰ পৰা পলায়ন”।
সাধাৰণতে আমাৰ চিনেমা এখন চাই আনুসংগিক কিছু পঢ়া-শুনা কৰা নহয় বা পুনৰীক্ষণ (Review) কৰা নাযায়। যদি চিনেমাখনে আমাৰ মগজুক বৰ আৰামত ৰাখিব পাৰে (ভাল-বেয়া এইধৰণৰ নেৰেটিভ ব্যৱহাৰ কৰিব খোজা নাই)। কিন্তু যেতিয়াই প্ৰচলিত বা পৰম্পৰাগত ধাৰণাক চিনেমা বুলিয়ে নহয় যি কোনো কলা বা শিল্পই আঘাত হানে বা আমাক দোধোৰ-মোধোৰ এক অৱস্থাত উপনীত কৰাই দিয়ে বা আমাৰ এক নতুন চিন্তাৰ দিশ আলোকিত কৰে তেতিয়াই আমি এটা সিদ্ধান্তত উপনীত হোৱাৰ কাৰণে কিছু অনুশীলন কৰিব লগা হয়।
মই বিনয়ৰে কওঁ যে মই বহু আগতে এই কিতাপখন পঢ়িছিলোঁ আৰু তেতিয়া মই ইয়াৰ কাহিনী ভালদৰে অনুধাৱন কৰিব পৰা নাছিলো। তাৰ পাছত ইয়াক মই আন কিছুমান কিতাপৰ দৰে পুনৰাই পঢ়া নাই। পৰিচালক ল’ৰে ডি ক্লেৰমণ্ট-টনেৰেৰ (Laure de Clermont-Tonnerre) একে নামৰ (Lady Chatterley’s Lover) নামৰ চিনেমাখন চালোঁ। তলত যিখিনি কথা মই কম সেয়া চিনেমাৰ সমালোচনা নহয়। আপোনালোকৰ আগ্ৰহ জন্মাবৰ কাৰণে কৰা প্ৰয়াসহে। যাতে এইধৰণৰ চিনেমা চাই আমাৰ জুতি (Test) বঢ়াব পাৰোঁ। জটিল কাহিনীৰ চিনেমাবোৰত প্ৰায়ে একক চিন্তাবোৰে পাক ঘূৰণি খায়, আমাৰ বোধেৰে সামূহিক চিন্তাৰেহে মূল বিষয়বস্তুৰ ওচৰ চাপিব পাৰিম। ইয়াত কেমেৰাৰ ভাষা, চিত্ৰায়ণ, আৱহ সংগীত আদিৰ বিষয়ত একো লিখা হোৱা নাই কাৰণ ইয়াত কাহিনীটো ইমানেই আধিপত্যশীল যে বাকী কথা ইয়াত গৌণ হৈ যায় আৰু কাহিনীটো তুলি ধৰাৰ ক্ষেত্ৰত এই উপাদানসমূহে সঠিকভাৱেই সহযোগ কৰিছে।
চিনেমাখনত লক্ষ্য কৰা কিছু কথা তলত বৰ্ণনা কৰা হ’ল―
চিনেমাখনৰ প্ৰথমতেই দেখা যায় খ্ৰীষ্টানসকলৰ বিবাহৰ সময়ত কৰা এটা প্ৰতিজ্ঞাৰ (Christian marriage vows) দৃশ্য। তাতে লেডি চাটাৰ্লিয়ে প্ৰতিজ্ঞা কৰে যে তেওঁ ক্লিফৰ্ড চাটাৰ্লিক (Clifford Chatterley) আইনগতভাৱে স্বামী ৰূপে বৰণ কৰিলে। দৰিদ্ৰ অথবা ধনী, ভাল বা বেয়া অৱস্থা, সুস্বাস্থ্য অথবা বেমাৰ যিকোনো পৰিস্থিতিতে আমৃত্যু লেডি চাটাৰ্লিয়ে স্বামীক সহযোগিতা কৰিব। কিন্তু দেখা যায় এইধৰণৰ প্ৰতিজ্ঞা আচলতে কোনো কাৰণতে ৰক্ষা নহ’ল। এই ক্ষেত্ৰত ঈশ্বৰৰ ওচৰত কৰা এই প্ৰতিজ্ঞা যিহেতু ৰক্ষা নকৰিলে, লেডি চাটাৰ্লিক আমি এতিয়া থুই থুই কৰিম নে? নে এনেদৰে ভাবিবও পাৰি যে কিছুমান পৰিস্থিতিত এনেধৰণৰ প্ৰতিজ্ঞা আচলতে অচল টকা।
লেডি চাটাৰ্লিয়ে এখন চিঠিত ভনীয়েক ‘হিলদা’লৈ লিখিছে যে ‘এই যুদ্ধই (প্ৰথম বিশ্ব যুদ্ধ) সকলোবোৰ সলনি কৰিব, কিন্তু কিমান কৰিব এইটোৰ একো অনুমানে নাছিল।’ সঁচাকৈয়ে আমাক যুদ্ধৰ সুফল-কুফলৰ বিষয়ে লিখিবলৈ বা ক’বলৈ দিলে কেতিয়াও এই পইণ্টটো উল্লেখ নকৰিম যে যুদ্ধই Extramarital affair সৃষ্টি কৰিব পাৰে আৰু এই পইণ্টটো আমি সুফল-কুফল কোনফালে থিয় কৰাম। সঁচাকৈ ই নৈতিকতাৰ অৱক্ষয় হয় নে? ঠিক এই দোমোজাৰ যি চাপ সেইটো এই চিনেমাখনৰ শেষলৈ দৰ্শক হিচাপে আপোনালোকে বহন কৰিব লাগিব বা শেষ হৈ যোৱাৰ পাছতো। নিশ্চয়কৈ আপোনালোকৰ মনত বৰ্তমান খেলি যোৱা ভাবটোৱে সঁচা। এইবোৰ নিৰ্ভৰ কৰিব কিছুমান কাৰকৰ ওপৰত। অৰ্থাৎ নৈতিকতা বোলা বস্তুটো এক বদ্ধমূল ধাৰণা নহয় এইটো কষতি শিলত পৰীক্ষিত বস্তুহে। তাক মানি লোৱাটো জৰুৰী।
Extramarital affair এই শব্দটোৱে আমাৰ ইয়াত যিধৰণে এক সুৰসুৰণি তোলে আৰু দাগী অপৰাধীৰ দৰে তেওঁলোকক সমাজে হেঁচা মাৰি ধৰে, ঠিক সেইধৰণৰ পৰিৱেশ এটা ইয়াত চিত্ৰায়িত কৰা হৈছে। যদিও কাহিনীটো লণ্ডনৰ ৰাগবি (Wragby) বোলা ঠাই এটুকুৰাৰ।
বেৰ’নেট ক্লিফৰ্ড চাটাৰ্লিয়ে ক’নিক (Lady Chatterley) বিয়া কৰোৱাৰ পিছত যুদ্ধলৈ গৈ ভৰি দুখন অকামিলা হয় আৰু তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলায়, কিন্তু তেওঁক উত্তৰাধিকাৰী লাগে। ক’নিক সেয়েহে তেওঁ এজন ‘উত্তম পুৰুষ’ৰ লগত ‘ৰাগবি’ত আনে গম নপোৱাকৈ (যাতে সেই সন্তানক ক্লিফৰ্ড চাটাৰ্লিয়ে নিজৰ সন্তান বুলি ক’ব পাৰে) সন্তান জন্ম দিয়াৰ অনুমতি দিয়ে। বেৰ’নেট ক্লিফৰ্ড চাটাৰ্লিয়ে কিন্তু বাৰে বাৰে কৈ থাকে যে তেওঁ ক’নিক কেতিয়াও এৰিব নোখোজে কাৰণ তেওঁ পত্নীক বহুত ভাল পায়। ইয়াত ক্লিফৰ্ডক মুক্ত চিন্তক উদাৰমনা যেন লাগিলেও আচলতে এই বোধ ভ্ৰমহে। দৰাচলতে তেওঁ সামন্তীয় আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৰ বাহকহে। ক্লিফৰ্ডৰ ক’নিৰ জৈৱিক দাবী আৰু তেওঁ মানসিক অৱস্থাটোৰ প্ৰতি কোনোধৰণৰ সহানুভূতি নাই। ক’নি তেওঁৰ বাবে যেন এটা সম্পদ। সেই কাৰণে অলপ দেৰি হ’লেই বা অলপ সময় নেদেখিলে তেওঁৰ চিন্তা বাঢ়ি যায়। আনকি বেলেগৰ লগত তথাকথিত ‘পৰকীয়া সম্পৰ্ক’ থকাৰ পাছতো তেওঁ ক’নিক এৰিব খোজা নাই। কাৰণ তেওঁ জানে যে ইয়াৰ ফলত তেওঁ বদনামী হ’ব আৰু তেওঁৰ আভিজাত্যত আঘাত পৰিব।
ক্লিফৰ্ডে ক’নিক ঘৰত পোহা দেও-ডঁৰিক পক্ষীৰ (Pheasant) খবৰ ল’বলৈ পঠিয়াই দিয়ে অলপ নিলগত থকা তেওঁলোকৰ এটা ঘৰলৈ (ফাৰ্ম হাউছ বুলি ক’ব পাৰি)। তাতে ক’নিয়ে লগ পায় অলিভাৰ মেল’ৰ্চক (Oliver Mellors)৷ তেওঁ লেফটেনেণ্ট হৈ যুদ্ধৰ পৰা উভতি আহিছিল। যি আছিল সাধাৰণ ৰখীয়া (গেমকীপাৰ)। এই গেমকীপাৰ বোলা কামটো বৰ সৰু কাম। অলিভাৰক পত্নীয়ে এৰি গৈছিল৷ প্ৰথম দিনাই লেডি চাটাৰ্লিয়ে তেওঁক উলংগ অৱস্থাত গা ধুই থকা দেখা পাইছিল আৰু তেওঁৰ জৈৱিক ইচ্ছাই চৰম সীমা পাইছিল। আমাৰ সাধাৰণতে প্ৰেম সম্পৰ্কীয় পৰম্পৰাগত ধাৰণা এনে যে ‘প্ৰথমে প্ৰেম তাৰ পিছত যৌনতা’, ‘প্ৰেম এক স্বৰ্গীয় বস্তু ইয়াত যৌনতাৰ স্থান নাই’ ইত্যাদি। ইয়াত দেখা যায় তাৰ বিপৰীত দৃশ্য।
লেডি চাটাৰ্লিৰ ইয়াত জৈৱিক তাড়ানাৰে আৰম্ভ হোৱা এটা সম্পৰ্ক লাহে লাহে প্ৰেমৰ ফালে ধাপলি মেলিছে। শেষত এই প্ৰেমে মধ্যবিত্তৰ মূল্যবোধৰ সকলো খোলা ভাঙি চিঙি চুৰমাৰ কৰি থৈ গৈছে।
লেডি চাটাৰ্লিৰ এই প্ৰেম কাহিনী যেতিয়া ‘ৰাগবী’ত জনজাত হৈ গ’ল তেতিয়া সম্ভ্ৰান্ত ক্লিফৰ্ডে অলিভাৰ মেল’ৰ্চক―Lady Chatterley’s Lover-ক―কামৰ পৰা উলিয়াই দিছে। অথচ লেডি চাটাৰ্লিৰ লগত তেওঁ বিবাহ বিচ্ছেদ কৰিবলৈ নাৰাজ। সকলো দোষ যেন ‘lower class’ অলিভাৰৰ। ক্লিফৰ্ডক লেডি চাটাৰ্লিয়ে যেতিয়া এই সম্পৰ্ক স্বীকাৰ কৰি কৈছে যে ক্লিফৰ্ডৰ চুক্তি মতেই তেওঁ আগবাঢ়িছে, তেতিয়া ক্লিফৰ্ডে কৈছে যে তেওঁ এজন উত্তম পুৰুষৰ লগত সম্পৰ্ক কৰিলেহে আপত্তি নাই বুলি কৈছিল আৰু সেই কথা আন কোনেও গম পাব নালাগিব বুলিও চুক্তি আছিল। কিন্তু ৰাগৱীত সেই কথা সকলোৱে জানে। এতিয়া কথা হ’ল এনে ‘আজব’ চুক্তিৰ মাজেদি প্ৰেম কৰা যায় নে, তেজ-মঙহৰ সম্পৰ্কত এনে চুক্তিয়ে কাম কৰেনে? এনে চুক্তিয়ে কাম কৰিব লগা হ’লে ই মানৱীয় সম্পৰ্কই হৈ থাকিবনে?
অৱশ্যেই বিবাহ বহিৰ্ভূত সম্পৰ্ক ইমান সহজো নাছিল। লেডি চাটাৰ্লিয়ে নিজৰ ভনীয়েক হিলডাক চিঠিৰে এনেদৰে কৈছে, Lately, I’ve felt my heart opening up again, despite all warnings. And I can assure you… nothing about it has been easy.
এই প্ৰেমত শ্ৰেণীগত চিন্তাৰ তাৰতম্য ‘কলা-বগা’ (black and white) ৰূপত চিত্ৰিতহৈ আছে। আমি এতিয়া ব’ল্টন (Mrs Bolton) নামৰ চৰিত্ৰটোলৈ আহোঁ, এওঁ ক্লিফৰ্ডৰ পৰিচাৰিকা। ক্লিফৰ্ডে খোজ কাঢ়িব নোৱাৰে। তেওঁ হুইল চেয়াৰ এখনত ঘূৰি ফুৰে। মিচেচ ব’ল্টন কিন্তু লেডি চাটাৰ্লিৰ প্ৰতি দয়াশীল। আনকি লেডি চাটাৰ্লিয়ে তেওঁক ভালদৰে নুবুজে। লেডি চাটাৰ্লিৰ হয়তো উচ্চবংশজাত স্বাভিমান নাই বা তেওঁৰ প্ৰেমৰ প্ৰতিবন্ধক বুলিয়ে মাজে মাজে মিচেচ ব’ল্টনক অৱমূল্যায়ন (Underestimate) কৰিছে। মিচেচ ব’ল্টনে কিন্তু শান্তভাৱেই লেডি চাটাৰ্লিক সহযোগ কৰিছে। লেডি চাটাৰ্লিক যেতিয়া ৰাগবীৰ জনতাই ফিচিঙা ফিচিঙি কৰিছে যে লেডি চাটাৰ্লিয়ে ক্লিফৰ্ডক এৰি দিছে (হয়তো ক্লিফৰ্ডে সেই বদনামৰ ভয়তে লেডি চাটাৰ্লিক এৰি দিব বিছৰা নাছিল), তেতিয়া মিচেচ ব’ল্টনে লেডি চাটাৰ্লিক আৰু তেওঁৰ প্ৰেমক কেনেদেৰে ব্যাখ্যা কৰিছে চাওঁক-
― (Woman- 1) It’s all true, then? Has Her Ladyship left Sir Clifford?
― “Her Ladyship has asked that you will pass along any news of Mr. Mellors “Cause I love him”, She said. She gave up everything for him. Her title, her wealth, her position in the world. Now she’s lost him. I’ll not hear a word spoken against them. This is a love story.” এইখিনি কথা কৈছে মিচেচ ব’ল্টনে। মই ভাবো এইখিনি কথাৰে লেডি চাটাৰ্লিক ন্যায্যতা প্ৰদান কৰিছে।
মিচেচ ব’ল্টনৰ নিজৰ কাহিনী কৰুণ। তেওঁৰ গিৰীয়েকৰ বিয়াৰ তিনিবছৰ পাছত খনিত বিস্ফোৰণ হৈ মৃত্যু হৈছিল। কোম্পানীয়ে তেওঁ পাবলগীয়া তিনিশ পাউণ্ড নিদিলে। অজুহাত আছিল এই যে বিস্ফোৰণৰ সময়ত গিৰীয়েকে দৌৰ নামাৰি একে ঠাইতে থাকিব লাগিছিল। চিনেমাখনত সাধাৰণ কথোপকথনৰ মাজেৰে পুঁজিবাদৰ এই দানৱীয় ৰূপটোক বেছ বঢ়িয়াকৈ ফুটাই তুলিছে।
ক্লিফৰ্ডে তলৰ শ্ৰেণীৰ মানুহক যে হেয় জ্ঞান কৰে তাক চিনেমাখনৰ কিছু কিছু দৃশ্যত দেখা যায়। অলিভাৰ মেল’ৰ্চক ক্লিফৰ্ডে ইণ্টাৰভিউ লোৱাৰ সময়ত সেই কাৰণে সুধিছে―তেওঁ এনে ‘গেমকিপাৰ’ৰ নিচিনা সৰু চাকৰি কেনেদৰে কৰিব। লেডি চাটাৰ্লিকো তেওঁ সেই কাৰণে খং কৰিছে যে তেওঁ সৰু শ্ৰেণীৰ মানুহৰ লগত সম্পৰ্ক কৰিছে। আনকি অলিভাৰ মেল’ৰ্চে নিজেও সেইদৰে ভাবে। শেষৰ দৃশ্যত অলিভাৰে লেডি চাটাৰ্লিক লগ পাওঁতে কৈছে, “তেওঁ সকলোকে কৈছে যে কেনেদৰে এজন মালিকনীয়ে তেওঁৰ চাকৰ এজনক হিয়া উজাৰি ভাল পাব পাৰে।”
চিনেমাখনৰ এটা দৃশ্যত দেখা যায় যে ক্লিফৰ্ডে এখন যন্ত্ৰ চালিত হুইল চেয়াৰত বহি বাহিৰলৈ গৈ আছে লগত লেডি চাটাৰ্লি। দুয়োৰে কথোপকথোন মন কৰক-
ক্লিফৰ্ড― খনিলৈ নতুন জেনেৰেটৰ আহিব আৰু শ্ৰমিকৰ সংখ্যা কমাই দিব পৰা যাৱ।
লেডি চাটাৰ্লি― তেতিয়া শ্ৰমিকৰ কি হ’ব ?
ক্লিফৰ্ড― ময়ো শ্ৰমিকৰ কাৰণে নহয়, শ্ৰমিকো মোৰ বাবে নহয়।
লেডি চাটাৰ্লি― সেই কাৰণে শ্ৰমিকে আপোনালোকক ঘৃণা কৰে।
ক্লিফৰ্ড― ঘৃণা নকৰে, তেওঁলোকে মোৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোক মোৰ ওচৰত কৃতজ্ঞ হোৱা উচিত নহ’লে তেওঁলোকে গলিয়ে গলিয়ে ভিক্ষা কৰি ফুৰিব লাগিলহেঁতেন।
লেডি চাটাৰ্লি― তুমি এনেদেৰ কথা কোৱা যেন শ্ৰমিকসকল গৰু ছাগলীহে।
ক্লিফৰ্ড― সকলোবোৰ তেনেকুৱা নহয় তাৰ পৰা কিছুমানে Hero হৈ ওলাই আহে। ইয়াৰ বেছিভাগে শতিকাজুৰি গোলামী কৰি আহিছে।
লেডি চাটাৰ্লি― তুমি গোলামী কৰাবা?
ক্লিফৰ্ড― হয় কৰিম, সৰুৰে পৰা মোক এইটোৱে শিকোৱা হৈছে, এইটো সমাজত মোৰ কাম, যিদৰে তেওঁলোকৰ গোলামী কৰাটো এটা কাম।
লেডি চাটাৰ্লি― এইটোৰ অৰ্থ এনেকুৱা যে মানৱতা বোলা কোনো বস্তু আমাৰ নাই ।
ক্লিফৰ্ড― আমাক সকলোকে খোৱা আৰু উশাহৰ প্ৰয়োজন তাৰ পিছত নাই।
ইমানৰ পাছতে তেওঁৰ ইঞ্জিন চালিত হুইল চেয়াৰ বনত লাগি ধৰিছে। আৰু অলিভাৰ মেলৰ্চৰ সহায়লৈ তাক ঠেলিব লগা হৈছে। কিন্তু ক্লিফৰ্ডৰ মানুহতকৈ যেন ইঞ্জিনৰ ওপৰত বেছি বিশ্বাস। ক্লিফৰ্ডে স্বীকাৰ কৰিছে সকলো কামতে কাৰোবাৰ নহয় কাৰোবাৰ সহায় লাগেই।
এই দৃশ্যটোতে চিনেমাৰ সাৰভাগ যেন প্ৰকাশ হৈ গৈছে।
চিনেমাখন হ’ল লেডি চাটাৰ্লিৰ সন্দৰ্ভত। দেখা যায় যে দুই ঘণ্টা দহ মিনিট দৈৰ্ঘ্যৰ চিনেমাখনত কেমেৰাই প্ৰায় দহমিনিটমান সময়হে কিজানি লেডি চাটাৰ্লিক অনুসৰণ কৰা নাই। তথাপি চিনেমাখনৰ নাম হ’ল ‘Lady Chatterley’s Lover’ । অৱশ্যেই নামটো উপন্যাসখনৰ নামটোৰ পৰা অহা। কিন্তু কিয়? হয়তো মূল চৰিত্ৰ লেডি চাটাৰ্লিক পূৰ্ণতা দিছে Lady Chatterley’s Lover-এ সেই কাৰণে নে কিতাপখনৰ লেখক ল’ৰেঞ্চ (D.H. Lawrence) পুৰুষতান্ত্ৰিক নে এয়া পুৰুষতান্ত্ৰিক বা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীটোৰ প্ৰতি সহানুভূতি বা প্ৰতিবাদ?
মুঠতে এনেদৰে ক’ব পাৰি যে এই চিনেমাখনে ৰক্ষণশীল সমাজখনৰ চকু থিয় কৰাৰ বিপৰীতে প্ৰচলিত ধ্যান ধাৰণাক বাৰে বাৰে পৰীক্ষা কৰি চাব খোজাসকলক দিব নতুন চিন্তাৰ খোৰাক।