কমিউনিকেচনৰ 4 ‘C’–একবিংশ শতিকাৰ দক্ষতা— (প্ৰাৰ্থনা গগৈ)
সমাজবিজ্ঞানী, শিক্ষাবিদ, মনোবিজ্ঞানীসকলে বিভিন্ন গৱেষণাৰ অন্তত একবিংশ শতিকাৰ শিক্ষণৰ বাবে কেইটামান কৌশল বা দক্ষতাক অতি গুৰুত্বপূৰ্ণ দক্ষতা হিচাপে বিবেচনা কৰিছে। এই ‘একবিংশ শতিকাৰ দক্ষতা’ শীৰ্ষক নামটো প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষাখণ্ডত প্ৰথম ভুমুকি মাৰিছিল যদিও বৰ্তমান বাণিজ্য আৰু অন্যান্য ক্ষেত্ৰতো সমানে গুৰুত্বপূৰ্ণ আৰু প্ৰাংসগিক। P21 (Partnership for 21st Century Learning) নামৰ এটা বেচৰকাৰী সংস্হাই প্ৰথম একবিংশ শতিকাৰ দক্ষতা নাম দি কিছুমান কৌশল বা দক্ষতাক অন্তভুৰ্ক্ত কৰিছিল। P21 ফ্ৰেমৱৰ্কে 4Cs ক একবিংশ শতিকাৰ মুখ্য দক্ষতা হিচাপে চিহ্নিত কৰিছে।
CBSE য়ে শিশু আৰু কিশোৰসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দক্ষতা হিচাপে বিবেচিত কেইটিমান দক্ষতা বিকাশৰ বাবে প্ৰস্তুত কৰি উলিওৱা এখনি কমিকচ হৈছে “Cogito”। এই কমিকচখনৰ চৰিত্ৰৰ মুখত দিয়া হৈছে— A well trained mind can definitely think better. (Cogito, CBSE)। এটি ভালকৈ প্ৰশিক্ষিত মনেহে ভালকৈ চিন্তাৰ কৰ্ষণ কৰিব পাৰে। এই একবিংশ শতিকাত শিক্ষাবিদসকলে শিশু আৰু কিশোৰ অৱস্থাত কিছুমান বিশেষ দক্ষতা বিকাশত গুৰুত্ব দিছে। এই দক্ষতাসমূহ হৈছে— সৃজনীশীল চিন্তা কৰাৰ দক্ষতা, যোগাযোগৰ দক্ষতা, জটিল চিন্তা কৰাৰ দক্ষতা আৰু একেলগে গ্ৰুপত কাম কৰাৰ দক্ষতা। এই দক্ষতাই কেৱল কোনো এটা কাম হাতে কামে কৰাৰ কাৰিকৰী দক্ষতাক বুজোৱা নাই। এই দক্ষতাই এজন শিক্ষাৰ্থীৰ আচৰণ, চিন্তা কৰাৰ ক্ষমতা, অৰ্জিত জীৱন কৌশল, অভ্যাস, পাঠ্যক্ৰমৰ বিষয়বস্তুৰ জ্ঞান আৰু প্ৰয়োগ আদি সামগ্ৰিক সমষ্টিগোটক বুজাইছে। 4Cs নামৰ আম্ব্ৰেলা টাৰ্মটিৰ বা শিপাডালৰ বহু ঠাল-ঠেঙুলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ P21 নামৰ বেচৰকাৰী অনুষ্ঠানটিৰ গৱেষণাৰ ফলস্বৰূপে সৃষ্ট এই আৰ্হি মডেল সম্প্ৰতি শিক্ষা আৰু কৰ্মক্ষেত্ৰত বহুলভাৱে সমাদৃত। এই 4Cs যেন একবিংশ শতিকাৰ দক্ষতাৰ সমাৰ্থক।
সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণ এটি অতি গুৰুত্বপূৰ্ণ দক্ষতা। Cogito কমিক্চখনত অংকিতাই বন্ধু অংকিতক কৈছে— “You broke a problem into several pieces. Then analysis and come into decision.”। এই দক্ষতাটি বিকাশৰ বাবে বিজ্ঞান, সমাজবিজ্ঞান, গণিত, আদি বিষয়সমূহ ভাল যদিও কলা, বাণিজ্য, বিজ্ঞান, আদি যিকোনো বিভাগৰ বিষয়সমূহো ভাল। এই দক্ষতাসমূহ পাঠ্যক্ৰমৰ অধ্যয়নৰ বিষয়বস্তুৰ সৈতে সংহত কৰি ল’লে এজন শিশুৱে কম বয়সৰ পৰাই জটিল চিন্তা কৰিবলৈ এটি পৰিৱেশ বিদ্যায়তনিক আাৰু সহবিদ্যায়তনিক পাঠ্যক্ৰমতে পাব।
প্ৰশ্ন হয়, এই দক্ষতাকেইটি সকলো স্তৰৰ মেধাৰ শিশু বা ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ বাবে সম্ভৱনে? বুদ্ধাংক অনুসৰি দক্ষতা আয়ত্বৰ মাপকাঠি বেলেগ হ’ব। এটি গুৰুত্বপূৰ্ণ কথা মন কৰিবলগীয়া হৈছে এজন ছাত্ৰ বা শিশুয়ে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ পৰিৱেশত যিমান সমল (Resources) পাব, সিমানেই তেওঁৰ বোধশক্তি বৃদ্ধিপাব। লগতে সজ্ঞানে বা অজ্ঞানে আয়োজিত দক্ষতাৰ বিকাশ হ’ব। যেনে নিউজপেপাৰ কনটেণ্ট, শিক্ষামূলক ভ্ৰমণ, ই কনটেণ্ট, এপছ্ আদিৰ বহুল ব্যৱহাৰে এজন শিশুৰ অৰ্জিত অৰ্হতাসমূহ বহুমুখী কৰি তোলে। সেয়েহে এই ডিজিটেল প্ৰযুক্তিৰ যুগত এজন শিশুক কেৱল শ্ৰেণীকোঠাত আৱদ্ধ কৰি ৰাখিলে শিশুসকলৰ চিন্তাত বাধা দিয়াই নহ’ব, বৰঞ্চ তেওঁলোকৰ বিভিন্ন সম্ভাৱ্য প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ দুৱাৰখন ৰুদ্ধ কৰা হ’ব। এখন পাঠ্যপুথি হৈছে এটি নিৰ্ধাৰিত পাঠ্যক্ৰমৰ এক বুনিয়াদী বা আদ্য সমলহে, শেষ নহয়। এই কথাষাৰ প্ৰতিজন শিক্ষকে অনুধাৱন কৰি শিক্ষাৰ্থীসকলক বুজাব লাগে।
আমাৰ পাঠ্যক্ৰমৰ গতানুগতিক পাঠদানৰ পৰিৱৰ্তে অনসন্ধানমূলক শিকন, প্ৰকল্প পদ্ধতিৰে বিষয়বস্তুৰ উথাপন হ’লে এজন শিকাৰুৰ সৃজনীশীলতা, জটিল চিন্তাৰ কৰ্ষণ হ’ব। এটি সৰু উদাহৰণ লোৱা যাওক। পানী প্ৰদূষণ হ’লে সেই নিৰ্দিষ্ট অঞ্চলৰ আবাসী আৰু জীৱজন্তুৰ স্বাস্থ্যজনিত কি কি আহুকাল হ’ব পাৰে, এই বিষয়ে এটি অনুসন্ধানমূলক প্ৰকল্প তৈয়াৰ কৰিবলৈ দিব লাগে। অথবা অসম আৰু দিল্লীৰ বায়ু প্ৰদূষণৰ কাৰকবোৰৰ ভিন্নতা বিশ্লেষণ কৰি আৰু বায়ু প্ৰদূষণৰ বাবে সেই দুই ঠাইত কি কি শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে এনে প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিব পাৰে। ভুগোল বিষয়টিৰ অনুসন্ধানমূলক শিক্ষণৰ বাবে NCERT ৰ ‘স্কুল ভুৱন’ (School Bhuvan) এটি উত্তম এপছ্ য’ত ভাৰ্চুৱেলি গোটেই ভাৰতখন চলাথ কৰিব পাৰি।
শিশু তথা কিশোৰ-কিশোৰীসকলৰ সৃজনশীল চিন্তা (creativity), জটিল বা বিশ্লেষণাত্মক চিন্তা (critical thinking), সমস্যা সমাধান (problem solving) আদি দক্ষতাসমূহ বিকাশৰ বাবে CBSE য়ে কমিকচ আাকাৰে প্ৰস্তুত কৰি উলিওৱা ‘Cogito’ আৰু ‘The Question Book’ নামৰ দুয়োখন গ্ৰন্থই শিক্ষকসকলে পঢ়িলে কিছু প্ৰাৰম্ভিক ধাৰণা স্পষ্ট হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ দিব লাগে। এই কমিকচ কেইখন পঢ়িলে তেওঁলোকে বুজি উঠিব কেনেকৈ জটিল চিন্তাৰে এটি সমস্যা সমাধান কৰিব পাৰি, ছ’চিয়েল বা যিকোনো মেডিয়াত প্ৰকাশিত বিভিন্ন তথ্যৰপৰা সত্যৰ কেনেকৈ সন্ধান কৰিব লাগে, বিভিন্ন মতামতৰপৰা fact ক পৃথক কৰিব পাৰি।
কমিউনিকেচনৰ 4Cs ৰ এটি অন্যতম দক্ষতা হৈছে যোগাযোগ (communication) দক্ষতা। অসমীয়া যোগাযোগ শব্দটিয়ে ইংৰাজী communication শব্দটিৰ অৰ্থবহ ব্যঞ্জনাক প্ৰকাশ কৰিব নোৱাৰেনোৱাৰে। এই কমিউনিকেচনৰ মুখ্য তিনিটা ভাগ হৈছে— মৌখিক, লিখিত আৰু ভিজুৱেল। মৌখিক কমিউনিকেচনে কওঁতাজনৰ অংগী ভংগী, ভাৱ প্ৰকাশ কৰাৰ শৈলী, ভাষা জ্ঞান আদিক বুজায়। বৰ্তমান যুগটো টেক্স মেছেজৰ যুগ— ই-মেইল, ছ’চিয়েল মেডিয়াত নিখুঁতকৈ লিখিত বাৰ্তা দিয়াটো বা মনৰ ভাৱ প্ৰকাশ কৰাটোও যে কমিউনিকেচন স্কীলৰ অন্তৰ্গত এই শিক্ষা স্কুল পৰ্যায়তে দিয়াটো জৰুৰী।
এজন শিশুৰ কমিউনিকেচন দক্ষতা বিকাশ শিক্ষা জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত গুৰুত্ব দিব লাগে। ভাষা শিক্ষণৰ শ্ৰেণী কোঠাত এটি শিক্ষাৰ্থীকেন্দ্ৰিক শ্ৰেণীকোঠাত হে এই দক্ষতা বিকাশ কৰিব পাৰি। বৰ্তমান সময়ত কমিউনিকেচনে মৌখিক, লিখিত আৰু অডিঅ’ ভিজুৱেলৰ উপৰিও ডিজিটেল কমিউনিকেচন আৰু স্বাক্ষৰতা, মেডিয়া কমিউনিকেচন আৰু সাক্ষৰতা, আদি বহল পৰিসৰৰ বিষয়সমূহক সাঙুৰি লয়। What’s কমিউনিকেচন স্কীলক একবিংশ শতিকাৰ এক মুখ্য দক্ষতা হিচাপে শিক্ষাবিদ আৰু ব্যৱসায় তথা অনান্য ক্ষেত্ৰৰ শীৰ্ষস্থানীয় ব্যক্তিসকলে গণ্য কৰিছে। এজন কমিউনিকেচন স্পেচিয়েলিষ্টয়ে কৈছিল আমাৰ দৈনন্দিন জীৱনৰ বেছিভাগ কাম কমিউনিকেচন দক্ষতাৰ অভাৱৰ বাবে বিফল হয়। এই কমিউনিকেচন স্কীল বিকাশৰ কঠিয়াতলী হৈছে বিদ্যালয় আৰু ভাষা শিক্ষণৰ শিক্ষকজনেই হ’ব লাগে প্ৰথম মেনটৰ।
আমাৰ সততে চকুত পৰা এটি সমস্যা হৈছে ৰিজাল্টত বা পৰীক্ষাত নম্বৰ পোৱাটোত গুৰুত্ব দিয়া হয়, কিন্তু এজন ছাত্ৰৰ সৃজনীশীলতা, সমস্যা সমাধান, জটিল বা সমালোচনাত্মক চিন্তাৰ বিকাশত গুৰুত্ব দিয়া নহয়। আমাৰ ৰাজ্যিক শিক্ষা বৰ্ডৰ বিশেষকৈ দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ পাঠ্যক্ৰমত সম্পৰীক্ষামূলক শিক্ষাৰ অভাৱ পৰিলক্ষিত হয়, যিটো সমস্যাৰ বাবে আমাৰ ভাল ফলাফল দেখুওৱা ছাত্ৰ এজনেও স্কীল নিৰ্ভৰ কৰ্চ পঢ়াৰপৰা বিৰত থাকে বা বিজ্ঞানত উচ্চ শিক্ষা ল’বলৈ শংকিত হয়। সেয়েহে পৰীক্ষাত অতি ভাল ফলাফল দেখুওৱা বা প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়েও ক্ৰীটিকেল স্কীল প্ৰয়োজন হোৱা কৰ্চ পঢ়িবলৈ আগ্ৰহী নহয় বা প্ৰাৰম্ভিক পৰীক্ষাত উজুটি খায়। আমি সততে মনত ৰখা উচিত যে এই 4Cs আয়ত্ব কৰিবলগীয়া দক্ষতাহে, কোনো কনটেণ্ট নহয়। বিদ্যায়তনিক কনটেণ্টৰ সৈতে সংহত কৰাটো শিক্ষকজনৰ নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। ইণ্টাৰনেটত বিভিন্ন প্ৰেকটিকেল সমল পোৱা যায়। STEM (Science, Technology, Engineering and Math) ৰ প্ৰতি শিশু অৱস্থাৰপৰাই আ্গ্ৰহী কৰি তুলিবলৈ বা কৌতূহল জন্মাবলৈ বিভিন্ন বিজ্ঞান, গণিত, ইঞ্জিনীয়াৰিং, প্ৰযুক্তি, আদি বিষয়ত শিশু অৱস্থাৰ পৰাই আগ্ৰহ জন্মাই তোলা। আমাৰ ভাৰতত ইমানেই নেৰেটিভ আছে যে এই নেৰেটিভে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শিশু অৱস্থাৰপৰাই যুক্তিবাদী হ’বলৈ বাধা দিয়ে। আমাৰ শিশুসকলক এই সমলবোৰৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব হৈছে শিক্ষকসকলৰ। শিশুৰ ভাষা জ্ঞান বৃদ্ধি কৰাৰ এটি অন্যতম উপায় হৈছে বিভিন্ন ধৰণৰ কমিকচ পঢ়িবলৈ দিয়া, নিউজপেপাৰ কনটেণ্ট পঢ়িবলৈ দিয়া, ইণ্টাৰনেটত উপলব্ধ বিভিন্ন সমলৰ ব্যৱহাৰ আদি। ভাষা এটি শুদ্ধকৈ শিকিলেহে অন্যান্য বিষয়ৰ প্ৰতি ৰাপ বাঢ়িব বা কনটেণ্টবোৰ সহজ পাব। মাতৃভাষাৰ লগতে ইংৰাজী আৰু অন্যান্য ভাষাৰ দক্ষতা আয়ত্ব কাৰত গুৰুত্ব দিয়া।
এটা উদাহৰণৰ সদায় ল’লে সহজে 4Cs ৰ ধাৰণাটো বোধগম্য হ’ব। আলিম নামৰ অসমৰ যুৱক এজনে প্ৰথমে Zoho নামৰ চফ্টৱেৰ ডেভেলপিং কোম্পানী এটাত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ পিছলৈ সেই কোম্পানীতে চফ্টৱেৰ ডেভেলপাৰ হৈ বাতৰিৰ শিৰোনাম দখল কৰিছিল। আলিমে বাৰ ঘণ্টা ডিউটি কৰাৰ পিছত অফিচৰ এজন যুৱকৰ ওচৰত কম্পিউটাৰ শিকিছিল। আলিমে সেই যুৱকজনক কৈছিল যে বিদ্যালয়ত তেওঁ HTML ৰ বিষয়ে কিছু শিকিছিল। আলিমে ক্ৰমান্বয়ে কম্পিউটাৰ শিকি এটা এপ বনাই উলিয়ালে। আলিমৰ এই এপটোৰ বিষয়ে অফিচত বিয়পি পৰাত ইণ্টাৰভিউত বহিবলৈ এক সুবিধা পালে। সেই অফিচতে ইণ্টাৰভিউ দিওঁতে মেনেজাৰে কৈছিল– “কলেজত তুমি কম্পিউটাৰ প্ৰগেমিং পঢ়িছানে সেইটো আমাৰ বাবে দৰকাৰী নহয়, আমাৰ বাবে দৰকাৰী হৈছে তোমাৰ আগ্ৰহ, পৰিশ্ৰম আৰু দক্ষতা। “
এতিয়া আমি যদি আলিমৰ এই সফলতাৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওঁ, তেতিয়া পাওঁ যে, 4 CS of Communication ৰ চাৰিটা দক্ষতাই সেই যুৱকজনে প্ৰয়োগ কৰিছিল।
উপৰোক্ত উদাহৰণটিৰপৰা এইটো কথা স্পষ্ট হ’ল যে একবিংশ শতিকাত Communication ৰ এই চাৰিওটা দক্ষতা শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ তিনিটা স্তৰত— প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত আয়ত্ব কৰাটো অতি দৰকাৰী। নিম্ন পৰ্যায়ৰপৰা আমাৰ শিক্ষাৰ পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক বিষয়বস্তুৰ গভীৰতলৈ যোৱাৰ সুবিধা দিব লাগে। উপৰোক্ত দক্ষতাকেইটাৰ ভিতৰত সমস্যা সমাধান আৰু শৈক্ষিক প্ৰযুক্তিৰ সাক্ষৰতাক অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচনা কৰা হৈছে কিয়নো এই ডিজিটেল যুগত প্ৰযুক্তিক বাদ দি একো কথাই চিন্তা কৰিব নোৱাৰি। বৰ্তমান সময়ত দেশৰ মেডিকেল, ইঞ্জিনীয়াৰিং, বা অন্যান্য স্নাতক পাঠ্যক্ৰম পঢ়াৰ আসনৰ বাবে হোৱা সকলোবোৰ নামভৰ্ত্তি প্ৰৱেশ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলক কমিউনিকেচনৰ এই চাৰিওটা স্কীল অতি দৰকাৰী। বিষয়বস্তুৰ সম্যক জ্ঞান থাকিলেও যদিহে কম সময়ত জটিল চিন্তা প্ৰয়োগ কৰি সমস্যা বা প্ৰশ্নোত্তৰ সমাধান কৰিব নোৱাৰে, শিক্ষাৰ্থীসকল বিফল হোৱা দেখা যায়। NEET, JEE লগতে সম্প্ৰতি শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ অহা CUET পৰীক্ষাই এজন পৰীক্ষাৰ্থীৰ নিৰ্ধাৰিত বিষয়বস্তুৰ জ্ঞানৰ লগতে বিশ্লেষণাত্মক দক্ষতা, জটিল চিন্তা, সমস্যা সমাধান আদি দক্ষতাসমূহৰ পৰীক্ষা কৰে।