অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

ভূপেন হাজৰিকাক নতুনকৈ আৱিষ্কাৰ কৰাৰ অৰ্থ

মানুহে নৃগোষ্ঠীয় চিন্তা-চেতনা পাহৰিব নোৱাৰে৷ আৰু বিশ্ব ইতিহাসৰ যি পৰিক্ৰমা, তালৈ লক্ষ্য কৰিলে এইটোও দেখা যায় যে শোষণ-নিপীড়নৰ প্ৰসংগই হওক, বা অৰ্থনৈতিক লুন্ঠনৰ পটভূমিয়েই হওক বা সকলোবোৰ পক্ষ-প্ৰতিপক্ষতে গোষ্ঠীগত চিন্তা বা প্ৰাধান্যৰ কথা জড়িত হৈ থাকে৷ জাতীয়তাবাদৰ যি চিন্তাৰ স্ৰোত, তাৰ উদ্ভৱো এনেবোৰ পৃষ্ঠভূমিতে অংকুৰণ ঘটে৷ আন্তৰ্জাতিকতাবাদৰ কথাটোৱে আকৌ পোনপটীয়াকৈ সুকীয়া সুকীয়া জাতিৰ কথা কৈ নিদিয়ে৷ বৰঞ্চ সুতীব্ৰ মানৱীয়তা, ভ্ৰাতৃত্ববোধ আৰু সীমাহীন এখন পৃথিৱীৰ কথাহে আন্তৰ্জাতিকতাবাদে দাঙি ধৰে৷ অৱশ্যে,সেয়ে হ’লেও আন্তৰ্জাতিকতাবাদৰ প্ৰসংগতো জাতীয়তাবাদৰ কথাখিনি কিবাকৈ জড়িত হৈ আছে আৰু আমি ভাবো যে আন্তৰ্জাতিকতাবাদে পৃথিৱীৰ দুটা প্ৰজাতিৰ কথা কয় আৰু সেয়া হৈছে শোষক আৰু আনটো শোষিতৰ৷ সেয়েহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শোষিত জনগণৰ মাজত ঐক্যৰ বাস্তৱতা একপ্ৰকাৰে জাতীয়তাবাদৰো দাবী আৰু আন্তৰ্জাতিকতাবাদৰো দাবী৷

প্ৰশ্ন হয়, জাতীয়তাবাদ আৰু এই আন্তৰ্জাতিকতাবাদ,এই দুই প্ৰসংগক বহল দৃষ্টিভংগীৰে আমাৰ অৱলোকন কৰাৰ সামৰ্থ্য আছে নে নাই? পোনপটীয়া উত্তৰ, নাই৷ কিন্তু এগৰাকী অসমীয়া হিচাপে আমি গৌৰৱ কৰিব পাৰো যে এইখন অসমৰে এগৰাকী মানুহে একে সময়তে জাতীয়তাবাদৰ প্ৰসংগতো সোচ্চাৰ হৈছিল আৰু আন্তৰ্জাতিকতাবাদী চিন্তাও কোনো ক্ষণতে তেওঁৰ চিন্তাস্ৰোতৰপৰা আঁতৰি যোৱা নাছিল। তেওঁ আন কোনো নহয়, তেওঁ ড০ ভূপেন হাজৰিকা ৷ ভূপেন হাজৰিকা নামৰ সত্তাটোক “সুধাকণ্ঠ” বুলি সম্বোধন কৰিবলৈ আমাৰ অস্বস্তি হয়। যিদৰে জ্যোতিপ্ৰসাদ আগৰৱালাক “ৰূপকোঁৱৰ” আৰু বিষ্ণু ৰাভাক “কলাগুৰু” বুলি সম্বোধিত কৰাৰ পাছত দুয়োজনৰ সামাজিক চেতনাৰ দিশটোক প্ৰায় অগ্ৰাহ্য কৰা হয় বুলি আমি ভাবো, সেই একেদৰে ভূপেন হাজৰিকাক “সুধাকণ্ঠ” বুলি কৈ দিয়াৰ পাছত তেওঁৰ চিন্তা-চেতনাৰ মূল্যায়নত জড়তা আহি পৰিব বুলি আমি দৃঢ়তাৰে অনুভৱ কৰো। ভূপেন হাজৰিকা আছিল বিশ্বজনীন উদাৰতাৰে পূৰ্ণ এগৰাকী “অসমীয়া প্ৰাণ”ৰ শিল্পী। তেওঁ নিজেই একাধিকবাৰ উল্লেখ কৰি গৈছে জ্যোতি-বিষ্ণুৰ সান্নিধ্যৰে উজ্জীৱিত হোৱাৰ কথা। অৰ্থাৎ আমি যদি লক্ষ্য কৰোঁ এই কথা পোনছাটেই লক্ষণীয় হৈ পৰে যে ভূপেন হাজৰিকাৰ শিল্পসাধনা পৰিপক্ব হৈ উঠিছিল এনে দুজন মানুহৰে যি দুজনে আন্তৰ্জাতিকতাবাদৰ ক্ষেত্ৰত, শোষণ-নিষ্পেষণৰ ক্ষেত্ৰত, আৰ্তজনৰ কাষত থিয় দিয়াৰ পৰত,প্ৰচলিত সমাজব্যৱস্থাৰ ত্ৰুটি-বিচ্যুতিবিলাকক ভ্ৰুকুটি কৰি দেখুওৱাৰ ক্ষেত্ৰত সজোৰ ভূমিকা পালন কৰি আহিছিল। গোটেই বিশ্বতে বিগত শতিকাৰ ষাঠিৰ দশকত যি পৰিৱৰ্তনকামী চিন্তাৰ জোৱাৰ আহিছিল সেই সময়ত ভূপেন হাজৰিকাই সংগীতৰ ক্ষেত্ৰখনত পিট ছিগাৰৰ দৰে ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিছিল আৰু দেখিছিল কেনেদৰে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত মুক্তিৰ আকাংক্ষাই গীতে-মাতে উদ্ভাসিত হৈ উঠিছিল। আনহাতে, সুতীব্ৰ দেশপ্ৰেমৰ চিন্তা-চেতনাই তেতিয়ালৈকে গঢ় দি পেলাইছিল “অসমীয়া” ভূপেন হাজৰিকাজনক। এই চমু আলোচনাটো কৰাৰ পৰত ভূপেন হাজৰিকাৰ কেইটামান নিৰ্দিষ্ট গানৰ ৰচনাকাল আমি ঠাইতে বিচাৰি নোপোৱাত আলোচনাটো গধুৰ হৈছে বুলি অযথা দাবী নকৰোঁ ৷ কিন্তু ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও’এই গানটোৰ কথাৰপৰাই যদি আৰম্ভ কৰা যায়, তেন্তে স্পষ্ট হৈ পৰে যে ‘ব্ৰহ্মপুত্ৰ’ গানটোত মাথোঁ এটা ৰূপকহে৷ বিশ্বৰ যিকোনো ভাষালৈ গানটো অনূদিত হ’লেও ইয়াৰ ৰূপ-ৰস-সোৱাদ আৱেদন একেই থাকিব ৷ কাৰণ ‘অসমীয়া’ ভূপেন হাজৰিকাই চিৰপৰিচিত ‘ব্ৰহ্মপুত্ৰ’খনক লৈ গানটোৰ সৃষ্টি কৰিলেও ‘বিশ্বজনীন চিন্তাৰে উজ্জীৱিত’ভূপেন হাজৰিকাৰ সেই গানটোৱে নদীৰ পাৰত গঢ় লৈ উঠা প্ৰতিটো সভ্যতাৰ বিশ্বজনীন হা-হুতাশখিনিকে দাঙি ধৰিছে৷ এয়াই হ’ল ভূপেন হাজৰিকাৰ সাৰ্বজনীন আৰু চিৰকলীয়া বক্তব্য ৷ নক’লেও চলে যে এই স্তৰ পাবলৈ ভূপেন হাজৰিকাক আৰু আন্তৰ্জাতিকতাবাদ এই দুয়োটা ধাৰণাই শক্তিশালীভাৱে সহায় কৰি তুলিছে৷

আন এটা প্ৰসংগ ৷ অসমত জাতীয়তাবাদৰ নামত প্ৰকৃততে হৈছে কি? বিগত কেইবাটাও দশকৰ কথা লক্ষ্য কৰিলে আমি দেখিম যে সুস্থ জাতীয়তাবাদৰ প্ৰসংগ অসমত এতিয়া খুউব ক্ষীণ স্বৰতহে বৰ্তি আছেগৈ ৷ ইয়াৰ মূল কাৰণেই হৈছে অসমীয়াৰ অৰ্থহীন আৱেগ। জাতীয়তাবাদ মানে কেৱল ৰাজনৈতিক ক্ষমতা, তেনে এটা ধাৰণাৰ বশৱৰ্তী হৈয়ে আমি কৰ্মসংস্কৃতিৰ প্ৰসংগটোক এলাগী কৰি ৰাখিছো । কিন্তু ভূপেন হাজৰিকাই সেই কথাটোকে গানৰ মাজেৰে কাহানিবাই কৈ গৈছে। মনত পেলাওক, ভায়েক জয়ন্তৰ সৈতে একেলগে গোৱা ‘অটোৰিক্সা চলাওঁ আমি দুয়ো ভাই’ গানটোলৈ। দুজন শিক্ষিত ভাতৃয়ে কৰ্মসংস্কৃতিৰ জয়গান গাই গৈছে গানটোৰ জৰিয়তে। কিয়? ‘আমি অসমীয়া নহওঁ দুখীয়া’ গানটোৰে ভূপেন হাজৰিকাই ক’ব খোজা কথাখিনি কিন্তু এজন জাতীয়তাবাদী অভিভাৱকে দিয়া সকীয়নিহে। স্বাভাৱিকতে আন্তৰ্জাতিক ভাবাপন্ন ‘জাতীয়তাবাদী’ ভূপেন হাজৰিকাজনক আৱিষ্কাৰ কৰিবলৈ গ’লে আমি বাকৰুদ্ধ হ’বলগীয়া হয়। অসমৰ বিশেষ কেতবোৰ সময়ত ভূপেন হাজৰিকাই জ্ঞাত বা অজ্ঞাতসাৰে গ্ৰহণ কৰা সিদ্ধান্তই সৃষ্টি কৰা বিতৰ্কৰ হেতু এইজন ‘আন্তৰ্জাতিক জাতীয়তাবাদী’ ভূপেন হাজৰিকাক আমি প্ৰায়ে অগ্ৰাহ্য কৰি আহিছোঁ। আচলতে সমাজ বিৱৰ্তনৰ বাবে ভূপেন হাজৰিকাই গানৰ মাজেৰে কোনবোৰ কথা কৈ গৈছে আমি তাক প্ৰণালীবদ্ধভাৱে অনুসৰণ কৰাৰ সময় ইতিমধ্যে পলম হৈছে । ৰোমাণ্টিচিজিমৰ চিৰসেউজ ভূপেন হাজৰিকা ‘সুধাকণ্ঠ’ হৈয়ে থাকক, তাত কাৰো আপত্তি থাকিব নালাগে। কিন্তু গানৰ মাজেৰে পৰিৱৰ্তনৰ কথা কোৱা, প্ৰকৃত জাতীয়তাবাদৰ কথা কোৱা আৰু ‘অটোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি লোৱা’ মানুহজন যি একে সময়তে ঘৰৰ মানুহখিনিক সকীয়াই দিছিল ‘অসমীয়া হওক দুখীয়া’ বুলি সান্ত্বনা লাভ নকৰিবলৈ, সেই একেজন মানুহেই যিদৰে বিচাৰিছিল পৃথিৱীৰ ইমূৰৰ ৰং সিমূৰত বিলাই দিবলৈ সেই ‘চিৰ উদ্দীপ্ত’ তেজস্বী মানুহজনৰ চিন্তাস্ৰোতক আমি আহৰণ কৰি সামাজিক জীৱনতো প্ৰয়োগ কৰাৰ বাট মুকলি কৰিব লাগে। যি বাট কাটিব পাৰে এখন আদৰ্শ সমাজৰ । এইটোও সত্য যে সেই পৰিক্ৰমা ইমান সহজ নহয়, কিন্তু মনত পেলাব লাগিব তেওঁৰেই আমোঘ বাণী : ‘সন্মুখৰে সেনাপতি থমকি জিৰালে, কিনো হ’ব সেনানীয়ে ভাবিলে গুণিলে’। আমাৰ সেনাপতিসকল থমকি ৰওক, ৰাইজ সংঘবদ্ধ হৈ আগ বাঢ়িবই লাগিব। সি সুস্থ জাতীয়তাবাদৰো দাবী, আন্তৰ্জাতিকতাৰো দাবী, বিকল্প সমাজ এখন গঠনৰো পূৰ্বচৰ্ত আৰু মহানায়ক ভূপেন হাজৰিকাৰ প্ৰতি এজন অসমীয়াৰ সাৰ্থক সন্মানৰ প্ৰতিচ্ছবি ।

~বুলন কুমাৰ ইকীয়া

 

Leave a Reply

Your email address will not be published. Required fields are marked *