গোৰা : এজন গান্ধী অনুৰাগী নাস্তিক – (প্ৰসেনজিৎ চৌধুৰী)
গান্ধী আছিল ঈশ্বৰপ্ৰাণ ব্যক্তি৷ নাস্তিকতাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নথকাটোৱেই স্বাভাৱিক৷ তেওঁৰ বহুপঠিত আত্মজীৱনীৰ ইংৰাজী অনুবাদৰ মাত্ৰ দুঠাইত আমি ‘atheism’ শব্দটোৰ উল্লেখ পাওঁ৷ এঠাইত তেওঁ লিখিছে যে নাস্তিক মতবাদৰ বিষয়ে তেওঁ পঢ়া পুথি কেইখনে তেওঁৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰিলে, ‘for I have already crossed the Sahara of atheism.’। আমোদজনক কথা হ’ল, গান্ধী কথিত এই শুকান মৰুৰ বন্ধ্যা বুকুতেই জীৱনৰ এটা পৰ্যায়ত গান্ধীয়ে মৰুদ্যানৰ সন্ধান পাইছিল যেন লাগে৷ সীমিত সূত্ৰৰ ভিত্তিত আমি এই লেখাটোত সেই প্ৰায়-উপেক্ষিত মৰূদ্যানৰ অনুষ্টুপীয়া পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰিম৷
গোপাৰাজু ৰামচন্দ্ৰ ৰাও (১৯০২-১৯৭৫)ৰ জন্ম এটা তেলেগুভাষী ব্ৰাহ্মণ পৰিয়ালত৷ ‘গোৰা’ উপনামটো তেওঁৰ আচল নামৰ হ্ৰস্বৰূপ আৰু এই নামেৰেই তেওঁ জনাজাত৷ আমি প্ৰথম পৰিচ্ছেদত উল্লেখ কৰা মৰুদ্যান আচলতে এগৰাকী ব্যক্তিয়েই৷ গোৰা আছিল গান্ধীৰ ঐকান্তিক অনুৰাগী৷ এই অটল অনুৰাগক অস্বাভাৱিক বুলিব নোৱাৰি৷ কাৰণ গান্ধীৰ সন্মোহনকাৰী ব্যক্তিত্বই অধিকাংশ ভাৰতীয়ক মুগ্ধ কৰিছিল আৰু তেওঁ নেতৃত্ব দিয়া আন্দোলনে আলোড়ন তুলিছিল আপামৰ জনতাৰ চেতনাত৷ পিছে আশ্চৰ্যজনক কথা হ’ল, গান্ধীৰ মনোৰাজ্যত ঈশ্বৰৰ আধিপত্য আছিল নিৰংকুশ, অথচ তেওঁৰ প্ৰতি প্ৰবলভাৱে আকৃষ্ট গোৰা আছিল ঈশ্বৰৰ নাস্তিত্ব ঘোষণা কৰা সোচ্চাৰ নাস্তিক৷ নাস্তিক্যৰ বিষয়ে তেলেগু ভাষাত ৰচিত তেওঁৰ এখন পুথি ১৯৩৮ চনত প্ৰকাশ পায়৷ এই পুথিখনৰ ইংৰাজী সংস্কৰণৰ নাম— ‘Atheism: There is No God’। পুথিখনৰ নামটোৰ পৰাই গোৰাৰ আপোচহীন স্থিতি আৰু নিৰ্ভীক মনোভংগীৰ উমান পাব পাৰি৷ বিদ্বানসকলৰ লিখা-মেলাৰ পৰা আমি জানিব পাৰোঁ যে নাস্তিকসকল কোনো একশৈলিক (monolithic) গোষ্ঠী নহয়৷ তেওঁলোকৰ মাজত বিবিধ মেজাজ, মনোভাব আৰু মতবাদৰ লোক আছে৷ গোৰাৰ ভাবৰাজ্যৰ ভিতৰ-চ’ৰাত ভুমুকি মাৰিলে দেখা যায় যে তেওঁৰ স্থিতি বহু পৰিমাণে জংগী নাস্তিক (militant atheist)সকলৰ লগত সামঞ্জস্যপূৰ্ণ৷ এইচাম নাস্তিকৰ দুটা বুনিয়াদী সিদ্ধান্ত হ’ল— (১) ধৰ্ম দেখদেখকৈ ভুৱা বা ভিত্তিহীন; ২) ধৰ্ম সাধাৰণতে বা সদায়েই ক্ষতিকৰ। (মাৰ্ক্সবাদী নিৰীশ্বৰবাদীৰ বক্তব্যত আমি যি সমাজবৈজ্ঞানিক ব্যাখ্যা পাওঁ, তাৰ অভাৱ জংগী নাস্তিকসকলৰ ভাৱধাৰাত অনুভৱ কৰা যায়।) কোৱা বাহুল্য যে গান্ধীৰ লগত চাৰিবছৰীয়া সান্নিধ্যৰ ভিত্তিত গোৰাই ৰচনা কৰা ‘An Atheist with Gandhi’ ত তেওঁৰ স্পষ্ট ভাষণ, নিভাজ যুক্তিমনস্ক আৰু জংগী মনোভংগীৰ একাধিক নিদৰ্শন আছে। এই ক্ষেত্ৰত তামিলনাডুৰ নিৰীশ্বৰবাদী চিন্তক পেৰিয়াৰৰ সৈতে তেওঁৰ কিছু সাদৃশ্য লক্ষ্য কৰা যায়।
১৯৩০ চনত গোৰাই গান্ধীলৈ এখন চিঠি দিয়ে। প্ৰথম চিঠিখনতেই গোৰাই গান্ধীলৈ নিক্ষেপ কৰে সংকোচ ৰহিত এপাট প্ৰশ্নবান, – ‘You use the word God. May I know its meaning and how far the meaning is constant with practice of live?’ উত্তৰত গান্ধীয়ে কৈছিল, -God is beyond human comprehension’ – ঈশ্বৰ মানুহৰ বোধশক্তিৰ বাহিৰত। গান্ধীৰ সংক্ষিপ্ত উত্তৰে গোৰাৰ সন্ধিৎসা নিৰসন কৰিব নোৱাৰিলে। এই পত্ৰ বিনিময়ৰ প্ৰায় দহ বছৰৰ মূৰত গোৰাই পুনৰ গান্ধীলৈ এখন চিঠি লিখে। এইখন চিঠিত গোৰাই নিজৰ সংস্কাৰমূলক কামৰ চমু খতিয়ান ডাঙি ধৰে। তেওঁ জনায় যে অস্পৃশ্যতাজনিত সমস্যা সমাধানৰ কাৰণে তেওঁলোকে অৱলম্বন কৰা দৃষ্টিভংগী নাস্তিক্যধৰ্মী: ‘Sectarian labels’ পৰিহাৰ কৰি মানুহক মানুহ হিচাপে গণ্য কৰাৰ ওপৰত তেওঁলোকে সৰ্বাধিক গুৰুত্ব দিয়ে। চিঠিখনৰ শেষত আন্তৰিকতাৰে গান্ধীৰ দিহা-পৰামৰ্শ বিচাৰিলেও ঈশ্বৰপ্ৰাণ গান্ধীয়ে নাস্তিক প্ৰেৰণা-প্ৰাৰ্থী গোৰাক কোনো ধৰণৰ প্ৰশ্ৰয় নিদিলে।
১৯৪৪ চনত গোৰাই গান্ধীক দেখা কৰাৰ কাংক্ষিত সুযোগ পালে। গান্ধীয়ে হাঁহিৰে গোৰাক সম্ভাষণ জনাই ক’লে, – ঈশ্বৰহীন মানুহ এজনৰ লগত কি কথা পাতিম? এইবাৰ গোৰাই তেওঁৰ চিন্তা ভাবনা বহলাই ব্যাখ্যা কৰাৰ ছেগ পালে। তেওঁ ক’লে, তেওঁ ঈশ্বৰহীন নহয়, নাস্তিক (Atheist)হে। তেওঁৰ মতে ঈশ্বৰহীনতা হ’ল নেতিবাচক স্থিতি, ই কেৱল ঈশ্বৰৰ অস্তিত্বকহে নাকচ কৰে। আনহাতে নাস্তিকতা হ’ল ইতিবাচক ধাৰণা, ই আত্মবিশ্বাস আৰু স্বাধীন ইচ্ছাৰ অভিব্যক্তি। গোৰাৰ বৌদ্ধিক ব্যাখ্যা শুনি গান্ধী অলপ বিৰক্ত হ’ল। তীক্ষ্ণধী গোৰাই ততালিকে বুজিব পাৰিলে যে গান্ধী বাস্তৱবাদী নেতা, হাতে-কামে লগা নিষ্ঠাবান মানুহৰ প্ৰতিহে তেওঁ আগ্ৰহী। তেওঁ তেতিয়া গ্ৰাম্য সমাজত শিক্ষাৰ বিস্তাৰ আৰু অস্পৃশ্যতা নিৰ্মূলকৰণৰ কাৰণে হাতত লোৱা কাৰ্যক্ৰমৰ বৃত্তান্ত গান্ধীৰ আগত দাঙি ধৰিলে। এইবাৰ গান্ধীৰ মনটো গোৰাৰ প্ৰতি কিঞ্চিৎ প্ৰসন্ন হ’ল। অৱশ্যে নাস্তিক্যক কেন্দ্র কৰি দুয়োৰে মত-বিৰোধ অব্যাহত থাকিল।
এবছৰ পিছত গান্ধীয়ে গোৰাৰ পৰিয়াল আৰু তেওঁৰ নাস্তিক সংগঠন ‘Atheist Centre’ৰ কেইজনমান সদস্যক সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ আমন্ত্রণ জনালে। (উল্লেখ্য, গোৰাই প্ৰতিষ্ঠা কৰা ‘Atheist Centre’ আজিও বিজয়ৱাডাত সক্রিয় হৈ আছে।)
লক্ষণীয় যে আশ্ৰমলৈ অহা নাস্তিকসকলক কোনো কোনো ক্ষেত্রত আশ্ৰমৰ নীতি-নিয়মৰ পৰা ৰেহাই দিয়া হৈছিল। এই ধৰণৰ শিথিলকৰণে ক্ষেত্রবিশেষে বাস্তব বুদ্ধিসম্পন্ন গান্ধীয়ে দেখুওৱা নমনীয় মনোভাৱৰ ইংগিত দিয়া যেন লাগে। সেৱাগ্ৰামত তিনিমাহ অতিবাহিত কৰাৰ পিছত এদিন গান্ধীয়ে গোৰাক মাতি পঠিয়ালে। সস্নেহকণ্ঠে গান্ধীয়ে সুধিলে- “তুমি কিয় নাস্তিকতাৰ পোষকতা কৰা? ” প্ৰশ্নটোৰ উত্তৰত গোৰাই কি ক’ব সেই বিষয়ে গান্ধীৰ নিশ্চয় ধাৰণা আছিল। কাৰণ এবছৰ পূৰ্বে গোৰাই তেওঁক স্পষ্ট আৰু ঋজু ভংগীৰে কৈছিল: “Atheism bears a positive significance in the practice of life. Belief in god implies subordination of man to the divine will. In Hindu thought, man’s life is subordinated to Karma or fate. In general, theism is the manifestation of the feeling of slavishness in man. Conversely, atheism is the manifestation of the feeling of freedom in man.”৷ গোৰাৰ এই স্বচ্ছ বক্তব্যত ঈশ্বৰ বিশ্বাসৰ লগতে ভাৰতৰ সুপ্ৰাচীন ধৰ্মীয় ঐতিহ্যৰ অবিচ্ছেদ্য অংগ অদৃষ্টবাদ আৰু কৰ্মফল-তত্ত্বকো সমালোচনা কৰা হৈছে।
সেৱাশ্ৰমত থকা কালছোৱাত গোৰাই তেওঁৰ এই বলিষ্ঠ-ব্যতিক্ৰমী স্থিতি গান্ধীৰ আগত ব্যক্ত কৰিলে। তেওঁ দৃঢ়কণ্ঠে ক’লে যে মানুহৰ আত্মবিশ্বাস বঢ়াবলৈ আৰু সমাজত অহিংস উপায়েৰে সমাজিক তথা অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা কৰিবলৈ তেওঁ নাস্তিক্যৰ পোষকতা কৰে। তেওঁ এই কথাও ক’লে যে ঈশ্বৰ হ’ল falsehood conceived by man আৰু মানুহৰ নৈতিক অগ্ৰগতিৰ কাৰণে এই মিছা ধাৰণাটোক—”ঈশ্বৰক” বিদায় দিয়াটো দৰকাৰ। গান্ধীয়ে যুক্তি আৰু মানৱীয়তাৰে সমৃদ্ধ গোৰাৰ ব্যাখ্যা-বক্তব্য ধৈৰ্যসহকাৰে শুনি ক’লে, “Yes, I see an ideal in your talk. I can neither say that my theism is right nor your atheism is wrong. We are seekers after truth.”৷ গান্ধীয়ে নাস্তিকসকলক সত্য অন্বেষণকাৰীৰ মৰ্যদা দিয়াটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। এইখিনিতে উল্লেখ কৰিব পাৰি যে God is truth বুলি ঘোষণা কৰা গান্ধীয়ে এটা সময়ত Truth is God বুলি কোৱা হ’ল। গান্ধীৰ এই ভাবান্তৰৰ আঁৰত যে সত্য-সন্ধানী নিৰীশ্বৰবাদীসকলৰ ভূমিকা আছে সেই কথা গান্ধীয়ে নিজেই কৈ গৈছে।
ঈশ্বৰেচ্ছা, নিয়তি বা পূৰ্বজন্মৰ পাপ-পুণ্যই মানুহৰ জীৱনৰ গতি প্ৰকৃতি নিয়ন্ত্ৰণ কৰে বুলি যি ধাৰণা আমাৰ সমাজত অতীজৰে পৰা প্ৰচলিত তাক ধৰ্মীয় নিমিত্তবাদ (Religious determinism) বুলিব পাৰি। সহজ কথাত এই নিমিত্তবাদৰ মূল কথা হ’ল—জীৱন আৰু জগতৰ সকলো ঘটনা মানুহ ইচ্ছা বহিৰ্ভূত কোনো কাৰণৰ পৰা উদ্ভূত। এইবিধ ধাৰণাৰ বিপৰীতে আছিল গোৰাৰ সুস্পষ্ট সবল স্থিতি। নাস্তিক্য বিষয়ক তেওঁৰ প্ৰথম পুথিখনত তেওঁ কৈছে— মানুহৰ জীৱনৰ দায়িত্বভাৰ নিজৰ ওপৰত। অৰ্থাৎ মানুহৰ জীৱনৰ ঘটনা প্ৰবাহত পূৰ্বনিৰ্ধাৰণৰ কোনো ভূমিকা নাই। মানুহক ধৰ্মাশ্ৰয়ী মানসিক দাসত্বৰ পৰা মুক্তি দিয়াটোৱেই যে গোৰাৰ উদ্দেশ্য আছিল তাত কোনো সন্দেহ নাই। পিছে বিশেষভাৱে বিক্ষণীয় বিষয় হ’ল নিমিত্তবাদৰ সমালোচনা তথা স্বাধীন ইচ্ছা (free will)ৰ প্ৰয়োজন সাব্যস্ত কৰাৰ যুক্তি-আশ্ৰয়ী প্ৰক্ৰিয়াটোক চৰম পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে গোৰাই আনকি কাৰ্যকাৰণবাদকো অস্বীকাৰ কৰা দেখা যায়।
স্বাধীন ইচ্ছাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰাৰ আৰু এটা পৰিনাম বেছ কৌতুহলোদ্দীপক: গোৰাৰ দৃষ্টিত মাৰ্ক্সবাদ হ’ল ‘Fatalist philosophy’। সমাজৰ গতি-প্ৰকৃতিৰ ওপৰত ঐতিহাসিক পৰিস্থিতিৰ প্ৰভাৱ প্ৰচুৰ বা মানুহৰ বাস্তৱ জীৱনৰ ৰেহ-ৰূপ অনেকাংশ পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে, – মাৰ্ক্সীয় সমাজ-দৰ্শনৰ এই জাতীয় মত-মননৰ মাজত গোৰাই বোধহয় অশুভ, অবাঞ্চনীয় নিমিত্তবাদৰ উপাদান বিচাৰি পাইছিল। ধাৰণা হয়, গোৰাই মানুহৰ ইচ্ছাশক্তি আৰু পাৰিপাৰ্শ্বিকতাৰ মাজত দ্বান্দিক সম্পৰ্ক সম্যকভাৱে অনুধাৱন কৰিব পৰা নাছিল। মাৰ্ক্সীয় দৰ্শনৰ গভীৰলৈ অৱগাহন কৰা বিদ্বানৰ লেখাৰ এই দ্বান্দ্বিক সম্পৰ্কৰ উল্লেখ পাওঁ: মানুহৰ জীৱন আৰু তেওঁৰ আচৰণ ইচ্ছা-নিৰপেক্ষ কাৰক কেতবোৰৰ দ্বাৰা নিৰ্ধাৰিত যদিও, ‘man is relatively free, for he can decide the general course of his life and behavior’, – মাৰ্ক্সীয় তত্ত্বৰ এই দিশটো গোৰাৰ চকুত পৰা নাছিল। গোৰা-কথিত স্বাধীন ইচ্ছা ধৰ্মীয় নিমিত্তবাদৰ বিৰুদ্ধে নিসন্দেহে এক অব্যৰ্থ মন্ত্ৰ, পিচে কাৰ্যকাৰণবাদৰ ভূমিকা তথা গুৰুত্ব উপলব্ধি কৰিব নোৱৰাৰ বাবে তেওঁৰ মতবাদত সীমাৱদ্ধতা থাকি গ’ল।
প্ৰগতিৰ পথত কাঁইটীয়া জোপোহা ৰূপে জাত প্ৰথা দণ্ডায়মান, – এয়ে আছিল গোৰাৰ পোনপটীয়া মত। এই ক্ষতিকৰ প্ৰথাৰ উচ্ছেদ যে তেওঁ কায়মনোবাক্যে কামনা কৰিছিল, তাত কোনো সন্দেহ নাই। সমাজ গঠনৰ এই বৈষম্যমূলক ব্যৱস্থাৰেই নিদাৰুণ নৃশংস পৰিণাম অস্পৃশ্যতা। অনুমান কৰিব পাৰি, অস্পৃশ্যতাৰ বিপক্ষে দৃঢ় স্থিতি লৈ হাতে কামে লগাৰ কাৰণে নাস্তিক গোৰা ধৰ্মপ্ৰাণ গান্ধীৰ প্ৰিয় ভাজন হ’ব পাৰিছিল। এবাৰ আলোচনা প্ৰসংগত গান্ধীয়ে গোৰাৰ পৰা জানিব বিচাৰিছিল তেওঁ কি পদ্ধতিৰে অস্পৃশ্যতা দূৰ কৰাৰ কথা ভাবিছে। গোৰাই দুটা উপায়ৰ কথা ক’লে, – ‘(a) Cosmopolitan dinners on a mass scale, (b) intermarriages’৷ গোৰাই তেওঁৰ ‘An Atheist with Gandhi’ নামৰ পুথিখনত লিখিছে যে প্ৰথম অৱস্থাত অস্পৃশ্যতা উচ্ছেদৰ উদ্দেশ্যে তেওঁ কেৱল সহভোজন বা Cosmopolitan dinners ৰ আয়োজন কৰিছিল। পৰৱৰ্তীকালত তেওঁ আৰু এখোজ আগবাঢ়ি গ’ল। জাত-পাতৰ ধাৰণাই বিবাহৰ বাটত সৃষ্টি কৰা বাধা-ব্যৱধানবোৰ অতিক্ৰম কৰাৰ প্ৰয়োজন তেওঁ বাৰুকৈয়ে অনুভৱ কৰিলে।
লক্ষণীয় যে তেওঁৰ এনে ৰেডিকেল চিন্তা কেৱল তাত্ত্বিক স্তৰতেই সীমিত নাথাকিল, পৰিয়ালৰ আভ্যন্তৰীণ পৰিসৰতো সেই চিন্তা প্ৰয়োগ কৰাৰ সিদ্ধান্ত তেওঁ ল’লে। তেওঁৰ এই বলিষ্ঠ সিদ্ধান্তৰ খবৰ পাই গান্ধীয়ে জনালে যে সেৱাগ্ৰাম আশ্ৰমত তেওঁ গোৰাৰ জীয়েকৰ লগত দলিত যুৱকৰ প্ৰস্তাৱিত বিবাহ সম্পন্ন কৰিবলৈ প্ৰস্তুত। গোৰাৰ মনত অৱশ্যে এটা বিষয়ে কিছু সংশয়ৰ জন্ম দিছিল। বিষয়টো হ’ল, গান্ধীয়ে জানো নৱ দম্পতীৰ সুখ-শান্তিৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ নিবিচাৰিব? গোৰাই বিচাৰিছিল তেওঁৰ নাস্তিক ভাৱাপন্না জীয়েকৰ বিয়া নাস্তিক নীতি অনুযায়ী হওক। গান্ধীয়ে অপ্ৰত্যাশিত উদাৰতাৰে গোৰাৰ মানৱীয় সংশয়-শংকা দূৰ কৰি জনালে: “In the case of your daughter’s marriage, I will say ‘in the name of truth’ instead of ‘in the name God’. Atheists also respect truth.”৷ অৱশ্যে ঈশ্বৰ-নিৰপেক্ষভাৱে দলিত ডেকাৰ সৈতে গোৰা-দুহিতাৰ বিবাহ অনুষ্ঠিত কৰাৰ বিৰল সুযোগ গান্ধীয়ে নাপালে। মতান্ধ আৰু মনুষ্যত্বহীন আততায়ীৰ গুলীত তেওঁ নিহত হ’ল। (উল্লেখ্য, আন্তঃবিবাহৰ ক্ষেত্ৰত গান্ধীৰ পূৰ্বৰ স্থিতি আছিল ৰক্ষণশীল। এই স্থিতি অলৰ-অচৰ থকা হ’লে গান্ধীয়ে গোৰাৰ বিবাহ সংক্ৰান্তীয় ব্যতিক্ৰমী প্ৰস্তাৱত হয়ভৰ নিদিলেহেঁতেন।)
কেৱল অস্পৃশ্যতাই নহয়, হিন্দু-মুছলমানৰ সমস্যাটোৰ বিষয়েও সমাজমনস্ক গোৰাই গভীৰভাৱে চিন্তা কৰিছিল। ভাৰতীয় সমাজক ভাৰাক্ৰান্ত কৰা এই জটিল সমস্যাটোৰ আঁৰত থকা ধৰ্মীয় পৰিচিতিৰ ভূমিকা সম্পৰ্কে গোৰাই তেওঁৰ স্বীয় অভিমত গান্ধীলৈ লিখা এখন চিঠিত উল্লেখ কৰা দেখা যায়। ধৰ্মীয় সংকীৰ্ণতাৰ যি ভয়ংকৰ সমস্যা তাৰ স্থায়ী মীমাংসাৰ কাৰণে তেওঁ সাম্প্ৰদায়িক সমন্বয় (communal harmony)তকৈ ঐক্যবদ্ধ মানৱ জাতিৰ আদৰ্শৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব দিছে। প্ৰস্তাৱটোত ইউটোপিয়ান উপাদান থাকিলেও গোৰাৰ প্ৰস্তাৱৰ অভিনৱত্ব প্ৰণিধানযোগ্য। তেওঁৰ মতে হিন্দু মুছলমানে ধৰ্মীয় পৰিচিতি পৰিহাৰ কৰিলে সম্প্ৰদায় দুটাৰ মাজত থকা বিবাদ-ব্যৱধান দূৰ হ’ব। এই মতত নাস্তিক্যৰ নিৰংকুশ প্ৰেৰণা বেছ প্ৰকট। ফলস্বৰূপে সাম্প্ৰদায়িক সমস্যাৰ অন্য কেতবোৰ দিশ গোৰাৰ অভিনৱ প্ৰস্তাৱটোৱে সাঙুৰি লোৱা নাই। গান্ধীলৈ লিখা চিঠিখনৰ পৰা কেইটামান প্ৰাসংগিক বাক্য বুটলি আনি আমি গোৰাৰ প্ৰস্তাৱৰ মৰ্ম অনুধাৱন কৰিবলৈ যত্ন কৰিব পাৰোঁ। “…Hindu and Muslim difference might be solved discording (religion) labels. Communal harmony presupposes the existence of communities. In an humanity no community exist.. through a powerful personality like Gandhi might harmonize communities for a while, when the personal influences weakened, the communities world car clash again. So a permanent solution of communal difference is the growth of one humanity Outlook rather than communal harmony.”
গান্ধীয়ে সাম্প্ৰদায়িক সমন্বয়ক আদৰণি জনাইছিল, ঈশ্বৰ-আল্লাক সমদৃষ্টিৰে চাইছিল। গোৰাই কিন্তু ঈশ্বৰ-আল্লাক নিৰ্বাসন দি ধৰ্ম-মুক্ত মানৱ-জাতিৰ সপোন দেখিছে। গোৰাৰ এই অশ্ৰুতপূৰ্ব প্ৰস্তাৱক ঈশ্বৰপ্ৰাণ গান্ধীয়ে সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে। এই মৌলিক মত-বিৰোধৰ কথা অকপট চিত্তে ব্যক্ত কৰি গান্ধীয়ে গোৰালৈ লিখিলে যে উপৰুৱাভাৱে দুয়োৰে চিন্তাৰ মাজত সাদৃশ্য থাকিলেও: “You must own that yours is far superior to mine”৷ এই স্বীকাৰোক্তিত গোৰা কল্পিত ধৰ্ম-মুক্ত ভৱিষ্যতৰ গৰিমা যেন উজলি উঠিছে।
ব্যবহৃত গ্ৰন্থৰ তালিকা :-
– Gora, An atheist with Gandhi.
– M. K. Gandhi, An autobiography : The story of my experiments with truth.
*M.K. Gandhi, What is Hinduism
*M.Lindley, The Life and Times Of Gora
*J.Baggini, Atheism: A Very Short Introduction
*N.Kolge, Gandhi against Caste
*J.T.F. Jordens, Gandhi’s Religion: A Homespun Shawl
*J.Quack, Disenchanting India: Organised Rationalism and Criticism of Religion in India
*M.Petrosyan, Humanism: It’s philosophical, Ethical and Sociological Aspects
*এই লেখাটো এটা দীঘল প্ৰৱন্ধৰ সংক্ষিপ্ত ৰূপ।