সম্পাদকৰ টোকা :: প্ৰবীৰ ঘোষৰ প্ৰস্থানত (কৌশিক দাস)
১.
বিগত শতিকাৰ শেষৰ দুটা দশকৰ পৰা এতিয়ালৈকে ভাৰতত—বিশেষকৈ পশ্চিম বংগ আৰু অসমত—যিসকলে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ চৰ্চা কৰি আহিছে, তেখেতসকলৰ বাবে প্ৰবীৰ ঘোষৰ ৰচনাৱলী অতি পৰিচিত। ১৯৮৬ চনত তেখেতৰ পাঁচোটা খণ্ডৰ “অলৌকিক নয়, লৌকিক” গ্ৰন্থৰ প্ৰথমটি খণ্ড প্ৰকাশ পাইছিল। প্ৰকাশৰ লগে লগেই সেই খণ্ডটিয়ে লাভ কৰিছিল পাঠকৰ অভূতপূৰ্ব সঁহাৰি—বিশেষকৈ তৰুণ আৰু কিশোৰসকলৰ মাজত কিতাপখনে আলোড়নৰ সৃষ্টি কৰিছিল। গ্ৰন্থখনৰ পঞ্চম খণ্ডটো ওলাইছিল ১৯৯৫ চনত। তাৰ মাজতে অন্য খণ্ডবোৰৰ একাধিক পৰিৱৰ্ধিত সংস্কৰণ প্ৰকাশ পোৱাটোৱে গ্ৰন্থখনৰ জনপ্ৰিয়তাৰ কথা স্পষ্টকৈ দেখুৱাই যায়। মুঠ প্ৰায় ৫০-খন গ্ৰন্থ প্ৰণয়ন কৰিছিল প্ৰবীৰ ঘোষে, সেইসমূহৰ সিংহভাগৰেই কেন্দ্ৰীয় বিষয় আছিল বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ।
দীৰ্ঘদিন ৰোগ-ব্যাধিত ভুগি থকাৰ পাছত জীৱনৰ অনিবাৰ্য আৰু অন্তিম পৰিণতিৰ সন্মুখীন হ’ল প্ৰবীৰ ঘোষ। ২০২৩ চনৰ ৭ এপ্ৰিলত দমদমৰ দেৱীনিবাস ৰোডৰ বাসগৃহত মৃত্যু হয় ভাৰতত যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰত আজীৱন ব্ৰতী এইগৰাকী প্ৰভাৱশালী ব্যতিক্ৰমী ব্যক্তিৰ। মতাদৰ্শৰ ক্ষেত্ৰত আপোচহীন প্ৰবীৰ ঘোষ আছিল বহুতৰ বাবে অনুপ্ৰেৰণা আৰু উদ্দীপনাৰ উৎস। প্ৰবীৰ ঘোষৰ মৃত্যু নিঃসন্দেহে ভাৰতৰ যুক্তিবাদী আন্দোলনৰ এটা ডাঙৰ ক্ষতি। প্ৰবীৰ ঘোষৰ চিন্তা-চৰ্চা আৰু কৰ্মসূচীৰ সন্দৰ্ভত সামান্য কিছু কথা আলচ কৰাৰ মাজেৰে এইবাৰৰ “মুক্ত চিন্তা”-ৰ এই সম্পাদকীয় টোকাটিত তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। “মুক্ত চিন্তা”-ৰ এইবাৰৰ সংখ্যাত তেখেতৰ বিষয়ে আৰু এটি চমু প্ৰবন্ধ প্ৰকাশ কৰা হৈছে (প্ৰবন্ধটো পঢ়িবলৈ ইয়াতে টিপা মাৰক)।
প্ৰবীৰ ঘোষৰ জন্ম হৈছিল এতিয়াৰ বাংলাদেশৰ ফৰিদপুৰত, ১৯৪৫ চনৰ ১ মাৰ্চত। তাৰিখটো উল্লেখ কৰিছোঁ, কিয়নো এই তাৰিখটোক এসময়ত বিতৰ্কৰ আৱৰ্তত সুমুৱাই দিয়া হৈছিল, সেইটো কথা পাছলৈ—প্ৰসংগক্ৰমে—উল্লেখ কৰা হ’ব। তেওঁৰ দেউতাক আছিল ৰেল বিভাগৰ কৰ্মচাৰী। দেউতাকৰ চাকৰীৰ স্থান সঘনে বদলি হৈ থকাৰ কাৰণে সৰুৰে পৰাই তেওঁ থাকিবলগীয়া হৈছিল হৈছিল বিভিন্ন ঠাইত, বেলেগ বেলেগ পৰিৱেশত। পুৰুলিয়াত বাল্যকালৰ এচোৱা সময় পাৰ কৰি, পৰিয়ালটোৱে পশ্চিমবংগৰ দমদমত থাকিবলৈ লয়। বিভিন্ন স্থানত বাটত মেজিক-ভেলকী আদি প্ৰদৰ্শন কৰা মানুহৰ পৰা তেওঁ হাত চাফাইৰ সহায়ত সম্পন্ন কৰা যাদুৰ কৌশল কিছুমান শিকি লৈছিল। পৰৱৰ্তী সময়ত—প্ৰায় আজীৱন—প্ৰবীৰ ঘোষে যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ প্ৰসাৰত, সাধু-বাবা-গুৰু আদিৰ ভণ্ডামিৰ উন্মোচন কৰিবলৈ তেনে কৌশলৰ সম্প্ৰসাৰিত ৰূপ ব্যৱহাৰ কৰিছিল বহুলভাৱে। দমদমৰ পৰাই বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰি অৰ্জন কৰে কমাৰ্ছ বিষয়ত। তাৰ পাছত প্ৰবীৰ ঘোষে ষ্টেট বেংক অৱ ইণ্ডিয়াত আৰম্ভ কৰে বৃত্তিগত জীৱন। গায়িকা সীমা ঘটকৰ সৈতে দাম্পত্য জীৱন আৰম্ভ কৰে তেওঁ ।
১৯৮২ চনৰ পৰা প্ৰবীৰ ঘোষে বিভিন্ন কাকত-আলোচনীত অন্ধবিশ্বাসৰ বিৰুদ্ধে, বিজ্ঞানমনস্কতাৰ সপক্ষে লিখা-মেলা আৰম্ভ কৰে। দুই-তিনি বছৰৰ ভিতৰতেই সেই নিবন্ধসমূহ হৈ পৰে অতি জনপ্ৰিয়। প্ৰবীৰ ঘোষক বিভিন্ন ঠাইলৈ, নানান সভা-সমিতিলৈ মাতিবলৈ আৰম্ভ কৰে বহুতো মানুহে। তেওঁ যেতিয়া গাঁও বা নগৰৰ উপকণ্ঠৰ তেনে সৰু সৰু সভালৈ গৈছিল, লগত থাকিছিল পৰিবাৰ সীমা আৰু পুত্ৰ পিনাকী। সভাবোৰত প্ৰথমতে সীমাই গীত পৰিৱেশন কৰিছিল। তাৰ পাছত প্ৰবীৰ ঘোষে বাবাজী-গুৰু-সাধুৰ ভণ্ডামিৰ কৌশল কিছুমান উন্মোচন কৰি দেখুৱাইছিল। সহযোগ কৰিছিল কণমানি পুত্ৰই। তেনে অনুষ্ঠানবোৰৰ নাম আছিল “অলৌকিক নয়, লৌকিক”। সেই অনুষ্ঠানবোৰো কম সময়ৰ ভিতৰতে অতি আকৰ্ষণীয় হৈ পৰিল। লাহে লাহে বিজ্ঞানমনস্ক কিছু ব্যক্তি আহি তেওঁলোকৰ সৈতে যোগ দিলেহি। ১৯৮৫ চনৰ ১ মাৰ্চত গঠন কৰা হয় “ভাৰতীয় যুক্তিবাদী সমিতি”। এই তাৰিখটোও উল্লেখ কৰিছোঁ, কিয়নো এইটোও এসময়ত বিতৰ্কত সোমাই পৰিছিল—কথাটো যথাস্থানত উল্লেখ কৰা হ’ব। ১৯৮৯ চনত সমিতিখনৰ পঞ্জীয়ন কৰোঁতে নামটোৰ কিঞ্চিৎ পৰিৱৰ্তন কৰা হয়, নতুন নাম হ’লগৈ “ভাৰতীয় বিজ্ঞান ও যুক্তিবাদী সমিতি”। ১৯৯২ চনত সমিতিৰ মুখপত্ৰ “যুক্তিবাদী” প্ৰকাশ হৈ ওলাল। ১৯৯৬ চনলৈকে প্ৰবীৰ ঘোষ আছিল পত্ৰিকাখনৰ সম্পাদক। তাৰ পাছৰে পৰা—এতিয়ালৈ—মুখপত্ৰখনৰ সম্পাদনাৰ দায়িত্বত আছে সুমিত্ৰা পদ্মনাভন।
ধৰ্মান্ধ লোক, অন্ধবিশ্বাসী ব্যক্তি, ধৰ্মগুৰু, ধৰ্ম-বণিক, জ্যোতিষী আদিৰ বাবে প্ৰবীৰ ঘোষ আছিল চকুৰ কুটা দাঁতৰ শাল—সেইটো স্বাভাবিক কথা। লগতে কিন্তু আমি মনত ৰাখিব লাগিব, বহুতো উদাৰনৈতিক আৰু বিজ্ঞানমনস্ক ব্যক্তিয়েও বহুতো ক্ষেত্ৰত প্ৰবীৰ ঘোষৰ কিছুমান কৰ্মকাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি আহিছে, অতি কাঢ়া ভাষাত তেওঁক সমালোচনা কৰিছে, সৃষ্টি কৰি আহিছে তেওঁৰ বিৰুদ্ধে বিবিধ বিতৰ্কৰ বা-মাৰলি। উদাহৰণ স্বৰূপে, বিখ্যাত আৰু জনপ্ৰিয় লেখিকা তছলিমা নাছৰিন, ধৰ্মান্ধ মুছলিম মৌলবাদীৰ জংগী আক্ৰমণত বাংলাদেশ এৰি জাৰ্মানিত আশ্ৰয় লোৱা অমিত সাহসী যুক্তিবাদী আছিফ মহিউদ্দীন, বাংলাদেশৰ বিখ্যাত “মুক্তমনা” গোষ্ঠী আদিয়ে প্ৰবীৰ ঘোষৰ কিছুমান কৰ্ম আৰু চিন্তাক অতি তীব্ৰভাৱে আক্ৰমণ কৰিছে। যুক্তিবাদী আন্দোলনৰ অগ্ৰগতিৰ স্বাৰ্থতেই তেনে সকলো দিশ গুৰুত্ত্বসহকাৰে আলোচিত হোৱাটো জৰুৰী। অৱশ্যে তেনে দিশত আলোকপাত কৰাৰ উদ্দেশ্য যদি নিৰ্ভেজাল কুৎসা ৰটনা কৰা হয়, তেনেহ’লে তেনে আলোচনা হ’বগৈ কোনো কামত নহা বন্ধ্যা ছিদ্রান্বেষণ মাত্ৰ। যুক্তিবাদী এই মানুহজনক বিভিন্নজনে কৰা বিভিন্ন নেতিবাচক সমালোচনাখিনি নিৰাৱেগভাৱে ফঁহিয়াই চাই—সংকীৰ্ণ ছিদ্রান্বেষণৰ পৰিৱৰ্তে—, তেনে সমালোচনাৰ সমালোচনা কৰিলেহে বিজ্ঞানমনস্ক-যুক্তিবাদী আন্দোলনৰ কৰ্মীসকলে চিন্তাৰ খোৰাক পাব, তেনে চিন্তাই যুক্তিবাদী আন্দোলনক সঠিক পথেৰে আগ বাঢ়ি যোৱাত সহায় কৰিব। তেনে উদ্দেশ্য আগত ৰাখিহে আমি প্ৰবীৰ ঘোষৰ সামগ্ৰিক মূল্যায়ন কৰা যুগুত। বিজ্ঞজনে সোনকালেই তেনে দিশত গভীৰভাৱে আলোকপাত কৰিব বুলি আমি আশা কৰি, ইয়াত মাত্ৰ আমি দুটামান কথা উনুকিয়াইহে যাম।
২.
নিঃসন্দেহে প্ৰবীৰ ঘোষৰ লিখাসমূহ আছিল অতি আকৰ্ষণীয়; পাঠকক কেনেকৈ ধৰি ৰাখিব পাৰি—সেইটোৰ কৌশলত তেওঁ আছিল অতি সিদ্ধহস্ত। প্ৰবীৰ ঘোষৰ মৃত্যুৰ পিছদিনা, তেওঁ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি ৮ এপ্ৰিলত ফে’চবুক প’ষ্টত আছিফ মহিউদ্দীনে লেখিলে, “তেওঁৰ [প্ৰবীৰ ঘোষৰ] অলৌকিক নয়, লৌকিক চিৰিজটো পঢ়িছিলোঁ সেই ক্লাছ এইটত থাকোঁতে। খুব সহজবোধ্য, যেন চুবুৰিৰ ডাঙৰ ককাইদেউ এজনে বুজাইছে, তেনেকৈ লেখিছিল। সেই বয়সত তেনে সহজবোধ্য লিখা, যুক্তি কেনেকৈ গঠন কৰিব লাগে, সেইটো বুজিবলৈ বৰ প্রয়োজন আছিল। তাৰ পাছত দর্শনৰ জটিল কিছুমান গ্ৰন্থ সেইবাবেই পঢ়িবলৈ সক্ষম হৈছিলোঁ। তেওঁৰ গ্ৰন্থসমূহ আগতে নপঢ়িলে যুক্তিয়ে কেনেকৈ কাম কৰে, সেইটো বুজা বৰ কঠিন হৈ পৰিলেহেতেন। তেওঁ কথাটো সহজ কৰি দিছিল। তাৰ পাছত সেই চিন্তাৰ গঠনে বহুত কিবা বুজিবলৈ সহায় কৰিছে। তেওঁৰ প্ৰতি সেই কাৰণেই এটা বেলেগধৰণৰ শ্ৰদ্ধা সকলো সময়তেই থাকি যাব।……….ধৰ্মব্যবসায়ী, ভণ্ডপীৰ…… জোতিষী, মানুহৰ মূৰত কঁঠাল ভাঙি খোৱা এইবোৰ দগাবাজৰ বিৰুদ্ধে তেওঁৰ সমগ্ৰ জীৱনৰ সংগ্ৰাম অতুলনীয়। এইক্ষেত্ৰত তেওঁৰ সমকক্ষ আৰু কোনো দুখন বংগতেই নাই। এজন লিজেন্ড, নিঃসন্দেহে” । আছিফ মহিউদ্দীনৰ এই বাক্যকেইটি বোধহয় আৰু অগণন মানুহৰো মনৰ কথা। সহজ-সৰল বাক্য, মাজে মাজে আড্ডাৰ মেজাজেৰে কৰা আলোচনা, বিভিন্ন শিৰোনাম-উপশিৰোনামেৰে দি কৰা পৰিপাটি বৰ্ণনা, গুৰুত্ত্বপূৰ্ণ কথাখিনি ডাঙৰ ডাঙৰ হৰফত বল্ড কৰি ছপা কৰা—এইবোৰ কলা-কৌশলৰ বাবে জটিল বিষয় একো-একোটাও পাঠকৰ বাবে সহজ আৰু আকৰ্ষণীয় হৈ পৰিছিল তেওঁৰ কলমত। প্ৰবীৰ ঘোষৰ ৰচনাত পাঠক ক’তো উজুটি খোৱাৰ সম্ভাৱনা নাথাকে, পঠন আগ বাঢ়ি যায় অতি দ্ৰুত গতিত, তাৰ মাজতো কিন্তু পাঠকৰ মনত প্ৰোথিত হৈ পৰে যুক্তিবিন্যাসৰ বিভিন্ন ঢাপ। বহুতো গ্ৰন্থত মাজে মাজে আছিল বহুতো ব্যাখ্যাচিত্ৰ আৰু ফটোগ্ৰাফ। সেই সকলোবোৰ মিলি তেওঁৰ লিখাবোৰ বৰ মনোগ্ৰাহী হৈ পৰিছিল।
সেইখিনি আছিল প্ৰবীৰ ঘোষৰ ৰচনাশৈলীৰ কথা। তাৰ লগতে আছিল বাবাজী-ধৰ্মগুৰু-সাধুবাবা-জ্যোতিষী-ফেইথ হিলাৰ আদিৰ কৌশল তথা ভণ্ডামী উন্মোচন কৰাৰ নানান অভিযানৰ ৰোমাঞ্চকৰ কাহিনী। সৰ্বসাধাৰণ মানুহে তেনেধৰণৰ কথাকাণ্ডৰ ৰসঘন বৰ্ণনা বৰ ভাল পায়—খুব সম্ভৱ এই কথাটো প্ৰবীৰ ঘোষে ভালদৰে অনুধাৱন কৰিছিল বাবেই তেওঁ একধৰণৰ বীৰ-ৰসেৰে তেনে কাহিনীবোৰ পৰিৱেশন কৰিছিল। বহুক্ষেত্ৰত বৰ্ণনাও আছিল ৰহস্যকাহিনীৰ দৰেই গতিশীল, নানান ঘটনাৰ বৰ্ণনা কৰিছিল অতি সৰসভাৱে। কথাটো মাত্ৰ লিখা-মেলাৰ সৈতেহে যে সম্পৰ্কিত আছিল তেনে নহয়; হাতৰ কৌশলেৰে প্ৰদৰ্শন কৰা মেজিকৰ সহায়ত তেওঁ বৰ আকৰ্ষণীয়কৈ বাবাজীসকলৰ কৌশলবোৰ মানুহক বুজাই দিছিল। কোনো সন্দেহ নাই, সভা-সমিতিৰ বিৰক্তিকৰ ভাষণৰ তুলনাত “অলৌকিক নয়, লৌকিক”-ৰ অনুষ্ঠানসমূহে মানুহক অধিক আকৰ্ষণ কৰিছিল। এইবোৰৰ লগতে আছিল প্ৰবীৰ ঘোষৰ বিখ্যাত চেলেঞ্জৰ কথাটো। অলৌকিক কিবা কৰি দেখুৱাব পাৰিলে “অলৌকিক নয় লৌকিক”-ৰ প্ৰথম প্ৰকাশৰ কালত (১৯৮৬) প্ৰবীৰ ঘোষে চেলেঞ্জ দিছিল ৫০ হাজাৰ ভাৰতীয় টকাৰ। ২১ বছৰ পাছত চেলেঞ্জৰ ধন হৈছিলগৈ ২৫ লাখ টকা। মৃত্যুৰ সময়লৈকে সেই চেলেঞ্জ অব্যাহত আছিল, তেতিয়া সি হৈছিলগৈ ৫০ লাখ টকা। একাংশই কথাটোক চটকদাৰী উপৰুৱা বস্তু বুলি গণ্য কৰিলেও, প্ৰবীৰ ঘোষৰ চেলেঞ্জে যে বহুতো মানুহক আকৰ্ষিত কৰিছিল, তাত সন্দেহ নাই।
এইখিনিতে এটি প্ৰয়োজনীয় কথা উল্লেখ কৰিছোঁ। ১৯৮৬ চনত প্ৰকাশ পোৱা “অলৌকিক নয়, লৌকিক” গ্ৰন্থখনত সাধু-সন্ন্যাসী-পীৰ-অবতাৰ আদিৰ লগতে টেলিপেথী, আত্মা, জন্মাম্তৰ, প্লেনচেট আদিৰ অযৌক্তিকতা আৰু ঠগবাজীৰ বিষয়ে বিস্তাৰিত আলোচনা কৰিছে প্ৰবীৰ ঘোষে। সেইসমূহৰ পৰা নতুন পাঠকৰ মনত যে ধৰ্ম আৰু ঈশ্বৰবিশ্বাসৰ প্ৰতি বিবিধ সংশয়াচ্ছন্ন প্ৰশ্ন উদয় হয়, তাত কোনো সন্দেহ নাই। কিন্তু তাৎপৰ্যপূৰ্ণ কথা, উক্ত খণ্ডটোত ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসৰ অযৌক্তিতাৰ কথা সামান্যকৈ উল্লেখ কৰা হ’লেও (পৃ. ১৬২), —এটা বিশেষ প্ৰপঞ্চ হিচাপে—,সেইটো দিশত গ্ৰন্থখনৰ ক’তো বহলাই আলোচনা কৰা নাই, ধৰ্মৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ আক্ৰমণ কিম্বা জংগী মেজাজৰ সাক্ষৰো নাই তাত। দ্বিতীয় খণ্ডতো (প্ৰথম প্ৰকাশ, ১৯৯১ চন) প্ৰথম খণ্ডটোৰ দৰেই—বাবাজী-গড মেনৰ আকৰ্ষণীয় বৰ্ণনাৰে মূল গ্ৰন্থখন পৰিপূৰ্ণ হৈ আছে। কিন্তু এইটো খণ্ডত সন্নিবিষ্ট কৰা পাতনিসদৃশ “কিছু কথা”-ত প্ৰবীৰ ঘোষে যুক্তিবাদৰ প্ৰসংগত আলোচনলৈ আনিলে ভাৰতৰ ইতিহাসৰ কথা, ইতিহাস বিকৃতি আদিৰ কথা। তেওঁ লগতে লেখিলে, “কুসংস্কাৰ আৰু জাতপাতৰ বিশ্বাস যিমান দিন শোষিত মানুহৰ চিন্তাক আচ্ছন্ন কৰি ৰাখিব, সিমান দিনে শ্ৰেণীসংগ্ৰাম চূড়ান্ত পৰ্যায়ৰ দিশে আগুৱাব নোৱাৰিব। শোষিত এটা গোষ্ঠীৰ বিৰুদ্ধে আন এটা গোষ্ঠীৰ অবিশ্বাস আৰু ঘৃণাক যিমান দিন জীয়াই ৰখা যাব, সিমানদিন তেওঁলোকৰ মাজত শ্ৰেণী চেতনা, শ্ৰেণী সংগ্ৰামে চূড়ান্ত ৰূপ নাপাবগৈ” (পৃ. ১৯)। “অলৌকিক নয়, লৌকিক”-ত তৃতীয় খণ্ডটোত (প্ৰথম প্ৰকাশ, ১৯৯২ চন) প্ৰবীৰ ঘোষে দীঘলীয়াকৈ আলোচনা কৰিছে জ্যোতিষৰ বিষয়ে (এইটো খণ্ডৰ এটা অংশ লেখিছে পিনাকী ঘোষে, নষ্ট্ৰাডামুছৰ সন্দৰ্ভত)। এইটো খণ্ডৰ “কিছু কথা”-টি বেছ দীঘল, ৪৯ পৃষ্ঠাৰ। এই “কিছু কথা”-ত পৰিৱেশ, দেশপ্ৰেম, বিচ্ছিন্নতাবদ, জাতীয়তাবাদ, গণতন্ত্ৰ আদিৰ বিষয়ে তেওঁ বহলাই আলোচনা কৰিছে। আপাতঃদৃষ্টিত এইসমূহ বিজ্ঞানমনস্ক আৰু যুক্তিবাদী আন্দোলনৰ অংগ যেন নালাগে, সেইসমূহ আজিও বহুতেই যুক্তিবাদৰ বৰ্হিভূত বিষয় বুলিয়েই ধাৰণা কৰা দেখা যায়। গ্ৰন্থখনৰ উক্ত অংশটিৰ এটা শিৰোনামাতেই স্পষ্টভাৱে কোৱা হ’ল, “যুক্তিবাদবিৰোধী আমোঘ অস্ত্ৰ ধৰ্ম” (পৃ. ৩৯)। “অলৌকিক নয়, লৌকিক”-ৰ চতুৰ্থ খণ্ডটো প্ৰকাশ পাইছিল ১৯৯৫ চনত। এইটো খণ্ড বহলাই আলোচনা কৰা হৈছে আত্মা আৰু অধ্যাত্মবাদৰ সন্দৰ্ভত। সৰ্বশেষ খণ্ডটোত (প্ৰথম প্ৰকাশ ২০০৩ চনত) প্ৰবীৰ ঘোষে অতি বিস্তাৰিতভাৱে আলোচনা কৰিছে ধৰ্মৰ অযৌক্তিকতা আৰু অপকাৰিতাৰ বিষয়ে।
যুক্তিবাদৰ সীমা অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধিতাতেই শেষ বুলি আজিও বহুতে ধাৰণা কৰে। কোনো সন্দেহ নাই, প্ৰথম অৱস্থাত প্ৰবীৰ ঘোষেও অতি সচেতনভাৱে, সন্তৰ্পণে তেনে এটা সীমাৰ ভিতৰত থাকিয়েই বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ অৰ্থ এইটো নহয় যে তেওঁ নিজেও সেইটো সংকীৰ্ণ সীমাৰ মাজত বিচৰণ কৰিছিল। কথাটো নিশ্চিতভাৱে সাঙোৰ খাই আছিল যুক্তিবাদী আন্দোলনৰ কৌশলগত দিশটোৰ সৈতেহে। কিয়নো, অন্য নালাগে—“অলৌকিক নয়, লৌকিক”-ৰ প্ৰথম খণ্ডটোৰেই আভ্যন্তৰীণ প্ৰচ্ছন্ন সাক্ষ্যই সন্দেহাতীতভাৱে প্ৰতীয়মান কৰে যে প্ৰবীৰ ঘোষৰ যুক্তিবাদী চিন্তা তেনে সীমাবদ্ধতাৰ পৰা আছিল সম্পূৰ্ণ মুক্ত। অলপ গমি চালেই ধৰিব পাৰি, প্ৰবীৰ ঘোষে এক অখণ্ড যুক্তিবাদৰ দিশলৈ পাঠকসকলক লৈ গৈছিল পৰ্যায়ক্ৰমে, এটাৰ পাছত এটা ঢাপ অতিক্ৰম কৰি কৰি, অতি সতৰ্কতাৰে, অতি পৰিকল্পিতভাৱে। “অলৌকিক নয়, লৌকিক”-ৰ খণ্ডসমূহত পৰ্যায়ক্ৰমে, ঢাপে ঢাপে আহিছিল যুক্তিবাদৰ অন্যান্য অংগাংগী প্ৰসংগসমূহ। ক্ৰমাৎ ভূমুকি মাৰিছিল সমাজৰ শ্ৰেণী-বৈষম্যৰ কথা, শ্ৰেণী-মুক্তিৰ কথা, শোষক শ্ৰেণীৰ বিবিধ কৌশলৰ কথা। ধৰ্মক প্ৰত্যক্ষ আলোচনাৰ পৰা বাহিৰত ৰাখি আৰম্ভ কৰা “অলৌকিক নয়, লৌকিক”-ৰ চিৰিজটো শেষ হৈছিল ধৰ্মৰ ওপৰত কৰা শানিত যুক্তিৰ আক্ৰমণৰ মাজেৰে।
৩.
প্ৰশ্ন উঠিব, প্ৰবীৰ ঘোষৰ ইমান বৈপ্লৱিক, ইমান প্ৰতিবাদী চিন্তা-চৰ্চা নিৰ্বিৰোধ আছিলনে? উপৰিউক্ত আলোচনাৰ একাধিক স্থানত উনুকিয়াই অহা হৈছে যে প্ৰবীৰ ঘোষ প্ৰায়েই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল, বিৰোধিতা আহিছিল বহুতৰে পৰা। ধৰ্মান্ধ লোক, অন্ধবিশ্বাসী ব্যক্তি, জ্যোতিষী আদিৰ বিৰোধিতাৰ কাৰণ বাৰু সহজবোধ্য। কিন্তু অন্য দিশৰ পৰা অহা বিৰোধিতাৰ কথাটো আমি গভীৰভাৱে চিন্তা কৰিবলগীয়া বিষয়। এই প্ৰসংগত আমি তিনিটা ভিন্ন দিশৰ প্ৰতিনিধিত্বমূলক উদাহৰণ প্ৰথমতে উল্লেখ কৰি, বিষয়টোৰ সন্দৰ্ভত দুটিমান কথা ক’বলৈ প্ৰয়াস কৰিম।
প্ৰথমে আছিফ মহিউদ্দীনৰ কথা। তেখেতৰ ফে’চবুক প’ষ্টটোৰ উদ্ধৃতি দি আহিছিলোঁ। সেই প’ষ্টটোতেই মহিউদ্দীনে লেখিছে, “তেওঁৰ [প্ৰবীৰ ঘোষৰ] লগত মুখামুখিকৈ দেখাও হৈছিল। কিন্তু সেয়া বহু বছৰ পাছত। সিমানদিনে মোৰ সেই কৈশোৰৰ মুগ্ধতা বহুখিনি ম্নান পৰি গৈছে। তেওঁৰ কিতাপবোৰ আকৌ পঢ়ি চাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেই পাঠকৰ মৃত্যু হৈছে বহুত আগতেই। ডাঙৰ হোৱাৰ পাছত কিতাপবোৰ তৰল যেন লাগিছে। ধাৰণা হৈছে, একেবাৰে বুৰ্বকৰ বাবে লেখা। কিন্তু কৈশোৰ বয়সত কিমান যে অসাধাৰণ লাগিছিল” !
এইবাৰ তছলিমা নাছৰিনৰ কথা। সামাজিক মাধ্যমত তেখেতে প্ৰবীৰ ঘোষৰ মৃত্যুৰ পাছত লেখিলে (মূলটি পঢ়িবলৈ ইয়াতে টিপা মাৰক), “…….তেওঁৰ ‘’অলৌকিক নয়, লৌকিক পঢ়ি এসময়ত মুগ্ধ হৈছোঁ। নাই, তেওঁৰ কিতাপ পঢ়ি মই নাস্তিক হোৱা নাই, কিতাপ পঢ়াৰ বহু আগৰে পৰাই মই নাস্তিক। মই আচলতে কেতিয়াও নাস্তিক হোৱা নাই, মই জন্মৰ পৰাই আছিলোঁ নাস্তিক। প্ৰবীৰ ঘোষে কিতাপ ভালেই লেখিছে, ভালেই যুক্তিবাদী আন্দোলন কৰিছে, কিন্তু মানুহ হিচাপে অত্যন্ত নিৰ্মম, নিষ্ঠুৰ, মিছলীয়া, হিংসাকুৰীয়া আৰু প্ৰতাৰক প্ৰকৃতিৰ আছিল। ভয়ংকৰ নাৰীবিদ্বেষী আছিল। শুনিছোঁ পৰিবাৰকো নিৰ্যাতন কৰিছিল। মোৰ নাৰীবাদী কিতাপ ‘নিৰ্বাচিত কলাম’-ৰ বিৰুদ্ধে জঘন্য ভাষাত নিন্দা কৰিছিল।……..মোৰ ‘লজ্জা’ কিতাপখনৰ বিৰুদ্ধেও কলম চলাইছিল”।
এইবাৰ তৃতীয়টো উদাহৰণ। প্ৰবীৰ ঘোষৰ স্বল্পখ্যাত প্ৰাক্তন সতীৰ্থ কেইগৰাকীমানে “প্ৰবীৰ ঘোষ উন্মোচিত” নামৰ এটি ইণ্টাৰনেট ছাইট খুলি তাত কেইটিমান লিখা সন্নিবিষ্ট কৰিছে। ছাইটটোৰ একমাত্ৰ—হয়, এক আৰু একমাত্ৰ—উদ্দেশ্য প্ৰবীৰ ঘোষৰ বিৰোধিতা কৰা। কেনেকুৱা বিৰোধিতা, কি পৰ্যায়ৰ বিৰোধিতা? দেবাশিস ভট্টাচাৰ্য নামৰ এজনে তাত লেখিছে, “আজি সকলোৱে জানে, প্রবীৰ ঘোষ কোনো আন্দোলনৰ মানুহ নহয়, তেওঁ এক অতি তুচ্ছ ক্রিমিনেল। তথাপি, যিমান দিন প্রবীৰ ঘোষৰ অপৰাধমূলক কাজকর্ম সম্পূর্ণ বন্ধ নহয়, সিমান দিন এই কথাবিলাক আমি কৈ যাবই লাগিব”। কি অভিযোগ এইসকল ব্যক্তিৰ? প্ৰবীৰ ঘোষে ভুৱা মনোচিকিৎসক হৈ চিকিৎসা চলোৱা, নাৰীক যৌন নিৰ্যাতন কৰা, মানুহজনৰ “মই বৰ ভাব” থকা, ডিগ্ৰি জাল কৰা আদি।
অলপ গমি চালেই ধৰিব পাৰি, উপৰিউক্ত তিনিটা প্ৰতিনিধিত্বমূলক উদাহৰণত থকা বিৰোধিতাৰ মেজাজ একেই নহয়। এই তিনিটা ভিন্ন মেজাজৰ বিৰোধিতাৰ আলমতেই বিষয়টোৰ কিছু আলোচনা কৰা যায়। কি আছিল বাৰু তেনে বিৰোধিতাৰ আঁৰৰ কাৰণ?
“অলৌকিক নয়, লৌকিক”-ৰ চিৰিজটো প্ৰকাশ হৈ থকাৰ মাজতেই—১৯৯৩ চনত—প্ৰকাশ পাইছিল প্ৰবীৰ ঘোষৰ এখন অতি তাৎপৰ্যপূৰ্ণ গ্ৰন্থ, “সংস্কৃতি : সংঘৰ্ষ ও নিৰ্মাণ”। এই গ্ৰন্থখন এক কথাত আছিল অভিনৱ; যুক্তিবাদী আন্দোলনটোক অতি প্ৰত্যক্ষভাৱে সমাজ-পৰিৱৰ্তনৰ প্ৰচেষ্টাৰ সৈতে সম্পৃক্ত কৰা হৈছিল। অৱশ্যে কৈ থোৱা যুগুত হ’ব যে এইটো প্ৰবীৰ ঘোষৰ কোনো একক আৱিষ্কাৰৰ ফচল নাছিল। মাৰ্ক্সবাদী পণ্ডিতসকলে ধৰ্ম, ঈশ্বৰ-বিশ্বাস আদিৰ সৈতে শ্ৰেণীসমাজৰ সমন্ধটো বহু আগতেই উন্মোচন কৰি থৈছিল। উল্লেখ কৰিব পাৰি, অসমৰ যুক্তিবাদী চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰীদেৱে তেনে এটা দৃষ্টিকোণৰ পৰাই—মাৰ্ক্সবাদৰ আধাৰত—“মানব মন” নামৰ বিখ্যাত বাংলা আলোচনীখনত “ভগবানৰ ভূত ভবিষ্যৎ ইত্যাদি” শীৰ্ষক এটি অতি চমৎকাৰ প্ৰবন্ধ লেখিছিল ১৯৮৮ চনৰ অক্টোবৰ-ডিচেম্বৰ মাহৰ সংখ্যাটোত (এই প্ৰবন্ধটো পাছলৈ চৌধুৰীদেৱৰ অসমীয়া প্ৰবন্ধ সংকলন “নিষিদ্ধ প্ৰসংগ”-ত সংকলিত হৈছিল)। প্ৰবীৰ ঘোষৰ যুক্তিবাদী আন্দোলনৰ কথা-বতৰাবোৰত সমাজৰ আমূল পৰিৱৰ্তনৰ দিশটো ক্ৰমাৎ অধিক স্পষ্ট হৈ অহাত বহুতো অ-মাৰ্ক্সবাদীৰ তেওঁৰ প্ৰতি প্ৰাৰম্ভিক উৎসাহ কমি আহিছিল বুলি আমি যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰোঁ। কোনো ক্ষেত্ৰত হয়তো কিছুমান অ-মাৰ্ক্সবাদী অথচ অন্ধবিশ্বাসবিৰোধী ব্যক্তি—যিসকল হয়তো পূৰ্বেত প্ৰবীৰ ঘোষৰ সমৰ্থক আৰু সহচৰ আছিল—, তেওঁৰ বিৰোধী হৈহে আত্মপ্ৰকাশ কৰিলে।
উপৰিউক্ত কথাটো আমি মনোযোগেৰে চিন্তা কৰি চোৱা উচিত। “অলৌকিক নয়, লৌকিক”-ৰ প্ৰথম খণ্ডৰ প্ৰথম প্ৰকাশৰ ২১ বছৰ পাছত গ্ৰন্থখনৰ পৰিৱৰ্তিত আৰু পৰিমাৰ্জিত সংস্কৰণ এটি প্ৰকাশ পাইছিল। তাত (পৃ. ২৭-২৮) প্ৰবীৰ ঘোষে নিজেই উক্ত প্ৰসংগত কি কৈছে চোৱা যাওক, “যুক্তিবাদী সমিতিয়ে ধুমুহাৰ সৃষ্টি কৰিয়েই আগ বাঢ়িছিল। ভালকৈ চলি আছিল। গণ্ডগোল লাগিল ১৯৯৩ চনৰ জানুৱাৰীত কলকাতা গ্ৰন্থমেলাত ‘সংস্কৃতি : সংঘর্ষ ও নির্মাণ’ গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে। গ্ৰন্থখনক ক’ব পাৰে যুক্তিবাদী সমিতিৰ মেনিফেষ্টো…….। বিজ্ঞান আন্দোলনৰ ইমান দিনৰ ধ্যান-ধাৰণাক মোহাৰি মোহাৰি নতুন ধাৰণা প্ৰবলভাৱে প্ৰতিষ্ঠা কৰা হ’ল। গ্ৰন্থখনত আহি পৰিল ভাৰতৰ সাংস্কৃতিক আন্দোলনৰ ইতিহাস আৰু বিশ্লেষণ, ‘সংস্কৃতি’ শব্দৰ সংজ্ঞা, উত্থাপিত হ’ল ‘প্রেম’, ‘দেশপ্রেম’, ‘গণতন্ত্র’, ‘বিচ্ছিন্নতাবাদ’ ইত্যাদি সাংস্কৃতিক আন্দোলনৰ সৈতে জড়িত বহু প্রাসংগিক বিষয়……….। আমি ‘অলৌকিক নয়, লৌকিক’ অনুষ্ঠানবোৰত ‘দেশপ্রেম’ৰ পৰা ‘বিচ্ছিন্নতাবাদ’ এই সকলো প্রসংগ টানি আনিবলৈ ধৰিলোঁ। প্রথমবাৰৰ বাবে আমি প্রকাশ্যে দলিত মানুহৰ অধিকাৰ প্ৰতি সচেতন কৰিবলৈ কাম হাতত ল’লোঁ। শিক্ষিত মানুহৰ মাজত নতুন সাংস্কৃতিক চেতনা গঢ়াৰ কামত নামিলোঁ। পৃথিৱীৰ বিপ্লৱৰ ইতিহাসৰ পৰা বাৰে বাৰে এটা শিক্ষা আমি পাই আহিছোঁ—মধ্যবিত্তবোৰ সাধাৰণভাৱে সমাজৰ স্থিতাবস্থা বৰ্তাই ৰখাৰ পক্ষে……… আকৌ এই মধ্যবিত্তৰ মাজৰ পৰাই বাৰে বাৰে ওলাই আহিছে বিপ্লৱৰ নেতাসকল…….। আদৰ্শবাদী, জীৱনপণ কৰা সাহসী মধ্যবিত্তৰ সংখ্যা অৱশ্যে ইমানেই কম যে, তেওঁলোকক বিচাৰি উলিউৱাটো খেৰৰ মেজিত বেজী বিচৰাৰ দৰেই অতি কষ্টসাধ্য। সাংস্কৃতিক চেতনাৰ পোহৰ লৈ আমি বেজী বিচাৰিবলৈ ওলাইছিলোঁ”। সেইধৰণৰ উদ্দেশ্য খোলাখুলিকৈ প্ৰকাশ কৰি যুক্তিবাদী আন্দোলনত অৱতীৰ্ণ হোৱাৰ প্ৰতিক্ৰিয়া বাৰু কি হৈছিল? প্ৰবীৰ ঘোষে নিজেই কৈছে, তাৰ ফলত কিছুমানে ক’বলৈ ধৰিলে যে তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। কি সেই ৰাজনীতিৰ ৰেহৰূপ? কথাটো অতিশয় গুৰুত্ত্বপূৰ্ণ। “অলৌকিক নয়, লৌকিক”-ৰ পৰিৱৰ্তিত আৰু পৰিমাৰ্জিত সংস্কৰণত প্ৰবীৰ ঘোষে (পৃ. ৩২-৩৩) ‘সংস্কৃতি : সংঘর্ষ ও নির্মাণ”-ৰ আলমত ঘোষণা কৰিলে যে বর্তমান অবস্থাত পৃথিৱীৰ যোগাযোগ ব্যবস্থা ইমান উন্নত হৈ পৰিছে যে, পৃথিৱীখন যেন এখনি গাঁও হৈ পৰিছে। এতিয়া আৰু সশস্ত্র সংগ্রামৰ মাজেৰে ৰাষ্ট্র-ক্ষমতা দখল কৰা অসম্ভৱ, কিয়নো উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে শক্তিশালী বিৰুদ্ধ পক্ষই ক্ষন্তেকতে সশস্ত্ৰ বৈপ্লৱিক তৎপৰতা ধ্বংস কৰি পেলাবলৈ সক্ষম। তেনেহ’লে কি হ’ব সমাজৰ ৰূপান্তৰৰ বাট? প্ৰবীৰ ঘোষৰ মতে, এতিয়া নিঃশব্দে ৰাষ্ট্রীয় ক্ষমতা দখল কৰাৰ এটা পথৰহে সন্ধান কৰিব লাগিব। সশস্ত্র সংগ্রাম নহয়, স্বয়ম্ভৰ গাঁও আৰু সমবায় গঢ়ি তোলাৰ মাজেদিয়েই—তেওঁৰ মতে—‘জনগণতান্ত্রিক বিপ্লৱ’ সংঘটিত হ’ব পাৰে। ইয়াৰ পাছত তেওঁ অতি স্পষ্টভাৱে কৈছে যে সামন্তপ্রভু বা ৰাষ্ট্রশক্তিয়ে সন্ত্রাস আৰম্ভ কৰিলে আত্মৰক্ষাৰ কাৰণে ওলোটাই সন্ত্রাস চলাবই লাগিব (“সন্ত্রাস” আৰু “চলাবই লাগিব”—এইকেইটা প্ৰবীৰ ঘোষৰ নিজৰ ভাষা)। সেইবাবে অস্ত্র ৰাখিব লাগিব। অস্ত্ৰৰ সংক্ৰান্তত নীতি কি হ’ব? তেওঁৰ ভাষাত, “নীতি হ’ব আক্রান্ত নোহোৱালৈকে ‘অস্ত্র সংবৰণ’ কৰা। ভুলেতো ‘অস্ত্র সমর্পণ’ নহয়”৷ স্বয়ম্ভৰ গাঁও গঠন হোৱাৰ পাছৰ কৰ্মপন্থা কি হ’ব? তেওঁ চিধাকৈ কৈছে, “এই আন্দোলনক পালন আৰু পুষ্ট কৰাৰ পৰৱর্তী ঢাপ হৈছে, জয় সম্পৰ্কে সুনিশ্চিত হ’লে নির্বাচনত অংশ গ্ৰহণ কৰি ‘বুর্জোয়া গণতন্ত্র’-ক কবৰ দিয়া। নির্বাচন সর্বস্ব ‘বুর্জোয়া গণতন্ত্র’-ক ‘জনগণতন্ত্র’ বা ‘People’s Democracy’-লৈ পৰিৱৰ্তন কৰা” ।
কোনো সন্দেহ নাই, প্ৰবীৰ ঘোষৰ উপৰিউক্ত মাৰ্গৰ চিন্তাই অ-মাৰ্ক্সবাদীসকলক বিতুষ্ট কৰিছিল। আছিফ মহিউদ্দীনৰ পৰিণত বয়সত প্ৰবীৰ ঘোষৰ প্ৰতি “কৈশোৰৰ মুগ্ধতা বহুখিনি ম্নান পৰি যোৱা”, “ডাঙৰ হোৱাৰ পাছত কিতাপবোৰ তৰল যেন লগা” অথবা প্ৰবীৰ ঘোষৰ কিতাপবোৰ “বুৰ্বকৰ বাবে লেখা” বুলি ধাৰণা হোৱাৰ কাৰণ সম্ভৱতঃ বয়স নহয়, মতাদৰ্শগত দিশটোহে তাত মুখ্য যেন লাগে।
৪.
তাৎপৰ্যপূৰ্ণ কথা, প্ৰবীৰ ঘোষৰ লিখা-মেলা আৰু কাৰ্য-কলাপে বহুতো মাৰ্ক্সবাদীকো অতি অসন্তুষ্ট কৰিছিল। এই কথাটোও আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰা উচিত হ’ব। “সংস্কৃতি : সংঘর্ষ ও নির্মাণ”-ত প্ৰবীৰ ঘোষে লেখিলে, “এটা সংস্কৃতিগোষ্ঠীৰ জীৱনক অসুস্থ পৰিণতিৰ দিশলৈ লৈ যোৱা এই অপসংস্কৃতিৰ বিৰুদ্ধে যি সংগ্ৰাম, যি বিপ্লৱ, সিয়েই সাংস্কৃতিক বিপ্লৱ” ( দ্বিতীয় সংস্কৰণ, ২০০০ পৃ. ৩৬।)…….এই যুক্তিবাদী, আদৰ্শবাদী চিন্তাৰ বাতাবৰণ সৃষ্টিৰ যি প্ৰক্ৰিয়া, সেয়াইতো সাংস্কৃতিক আন্দোলন” (পৃ. ৪৭)। তেওঁ লগতে প্ৰশ্ন তুলিলে, সাংস্কৃতিক আন্দোলনৰ প্ৰসংগত মাৰ্ক্সবাদী দলসমূহৰ মনোভাব কেনেকুৱা? সংসদীয় গণতন্ত্ৰক সৰ্বোচ্চ জ্ঞান কৰা মাৰ্ক্সবাদী দলৰ সন্দৰ্ভত তেওঁ মত, “ভাৰতৰ কমিউনিষ্ট নেতৃত্বই শ্ৰেণী সংগ্ৰামক, নিপীড়িত মানুহৰ সংগ্ৰামক কেতিয়াও সাংস্কৃতিক ক্ষেত্ৰত প্ৰসাৰিত কৰিবলৈ বিচৰা নাছিল, সেয়েহে পলিটব্যুৰোত বা কেন্দ্ৰীয় সমিতিত কোনো দিন ‘সাংস্কৃতিক আন্দোলন’ বিষয়ক আলোচনাই স্থান পোৱা নাছিল” (পৃ. ৬০)। তাৰ লগতে তেওঁ “ভাৰতীয় গণনাট্য সংঘ”-ৰো নানান নেতিবাচক দিশৰ কথা আলোচনা কৰিছে, ১৯৬২ চনৰ পাছত ভূপেন হাজৰিকাই “প্ৰতিধ্বনি” গীতটিৰ শব্দ সলনি কৰাৰ কথা সমালোচনা কৰিছে (অৱশ্যে প্ৰবীৰ ঘোষে “প্ৰতিধ্বনি” শব্দটো “পদধ্বনি” বুলি ভুলকৈ উল্লেখ কৰিছে, সেইটো কথা এই আলোচনাত দৰকাৰী নহয়); এইটো অধ্যায় তেওঁ সামৰিছে অতি কাঢ়া আৰু উগ্ৰ প্ৰকাশভংগীৰে, “সংসদীয় গণতন্ত্ৰৰ মাজেদি শাসন ক্ষমতা দখল কৰিবলৈ কমিউনিষ্টসকলে যেনে-তেনে নিৰ্বাচনত জয়লাভ কৰি ক্ষমতাৰ মধুপানকেই জীৱনৰ একমাত্ৰ কাম্য কৰি লৈছে। ফলত গণনাট্য সংঘৰ এতিয়াৰ প্ৰধান কাম হৈ পৰিছে ভোটৰ বাকচটোক স্ফীত কৰিবলৈ গান আৰু নাটক লেখা” (পৃ. ৬৩)। পুনৰাবৃত্তি কৰিয়েই কৈছোঁ, এইধৰণৰ মতামতে নিশ্চয় সংসদীয় গণতন্ত্ৰত আস্থা স্থাপন কৰা মাৰ্ক্সবাদীসকলক অসন্তুষ্ট আৰু ক্ষুব্ধ কৰি তুলিছিল। সংসদীয় গণতন্ত্ৰত মোটামোটিকৈ আস্থা হেৰুৱাই পেলোৱা নক্সালসকলৰ বিষয়ে এইটো প্ৰসংগত প্ৰবীৰ ঘোষে বাৰু কি কৈছিল? “……নক্সালবাৰীৰ সংগ্ৰামত শ্ৰদ্ধাবান সমৰ্থক শিল্পী-সাহিত্যিক আৰু মেধাজীৱীসকলৰ এটা সংঘবদ্ধ শক্তিশালী সাংস্কৃতিক বাহিনী গঢ়ি তোলাৰ প্ৰয়োজন আছিল এই সময়ত অতি বেছি।…..কিন্তু এনে বাস্তৱ সত্যক অনুধাৱন কৰিবলৈ অক্ষম হ’ল নেতৃত্ব।……….ইয়েনানত মাও ছে টুঙে কোৱা কথাক নেতৃত্বই পাত্তাই নিদিলে……..নেতৃত্বৰ তেনেকুৱা অপৰিপক্কতা আৰু ভ্ৰান্তিৰ কাৰণেই সাংস্কৃতিক আন্দোলন গঢ়ি তোলাৰ সাৱলীল গতিৰ প্ৰচেষ্টা অৱশ্যেই বাধাপ্ৰাপ্ত হৈছিল” (পৃ.৬৫-৬৬)। সকলোকে সমালোচনা কৰাৰ লগে লগে প্ৰবীৰ ঘোষে কিন্তু নিজৰ মতো ব্যক্ত কৰিছে সাংস্কৃতিক আন্দোলনৰ সন্দৰ্ভত, “স্পষ্টত: ৰাজনৈতিক-অৰ্থনৈতিক আন্দোলন আৰু প্ৰগতিৰ সৈতে সামাজিক-সাংস্কৃতিক আন্দোলন আৰু প্ৰগতি একেলগে মিহলি হৈ পৰিছে, যিটোক ভালদৰে ক’বলৈ হ’লে সেইবোৰ পৰস্পৰ পৰস্পৰৰ পৰিপূৰক, সহযোগী” (পৃ. ৩৭)।
সাংস্কৃতিক আন্দোলনৰ সন্দৰ্ভত প্ৰবীৰ ঘোষৰ মতামতৰ যথেষ্ট গুৰুত্ত্ব আছে; সেইটো কথা আমি পাছলৈ চমুকৈ উনুকিয়াই যাম। কিন্তু বৰ্তমানৰ আলোচ্য প্ৰসংগত আমি যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰোঁ যে অ-মাৰ্ক্সবাদীসকলৰ লগতে বিভিন্ন মাৰ্ক্সবাদী দল আৰু ব্যক্তিয়েও প্ৰবীৰ ঘোষৰ বিৰোধিতা কৰাৰ অন্তৰালত মতাদৰ্শগত সংঘাতেই আছিল মূল কাৰণ। তেনে মতাদৰ্শগত বিৰোধ-অবিৰোধৰ বিষয়ে যৌক্তিক আলোচনা বৰ প্ৰয়োজনীয় কথা। কিন্তু পূৰ্বতে আমি উল্লেখ কৰি অহা “প্ৰবীৰ-বিৰোধিতা”-ৰ পিছৰ দুটি উদাহৰণৰ ক্ষেত্ৰত—এটা তছলিমা নাছৰিনৰ আৰু এটা প্ৰবীৰ ঘোষৰ প্ৰাক্তন সতীৰ্থৰ—মতাদৰ্শগত কাৰকতকৈ ব্যক্তিগত হিংসা-দ্বেষহে বেছি কাৰ্যকৰী হৈ থকা যেন অনুভৱ হয়। তেনে এটা সুৰ তছলিমা নাছৰিনৰ মন্তব্যত অতি নগ্নভাৱে ফুটি উঠিছে। এই ক্ষেত্ৰত কিন্তু প্ৰবীৰ ঘোষৰো অনেক দোষ আছে। আৰু এই দিশটোৰ পৰা—ব্যক্তিগত হিংসা-দ্বেষৰ উৰ্ধলৈ গৈ—যুক্তিবাদী আন্দোলনৰ কৰ্মীসকলে প্ৰয়োজনীয় কথা কিছুমান শিকাৰো অৱকাশ আছে। প্ৰবীৰ ঘোষৰ ৰচনাৰ পৰা বুজিব পাৰি যে মানুহজনৰ এটা সাংঘাতিক মইবৰ ভাব আছিল। নিজৰ কথাহে যেন অভ্ৰান্ত, বাকী সকলো ভুল—তেনে এটা জংগী সুৰ প্ৰায়েই তেওঁৰ ৰচনাত ভুমুকি মাৰিছিল। পশ্চিমবংগৰ সৈতে অসমতো বাংলা ভাষাৰ “উৎস মানুষ” নামৰ আলোচনীখনে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্ৰসাৰত নিৰন্তৰভাৱে চেষ্টা চলাই গৈছে, আলোচনীখনৰ বহুতো প্ৰবন্ধই বহুতকে নতুনকৈ অনেক কথা ভাবিবলৈ উদ্বুদ্ধ কৰিছে। আলোচনীখনত এবাৰ নিৰ্ভীক যুক্তিবাদী ড০ আব্ৰাহাম কভুৰৰ বিষয়ে আলোচনা প্ৰকাশ পাইছিল। সেই প্ৰসংগত প্ৰবীৰ ঘোষৰ মত এনেকুৱা, “……ড০ কভুৰ বা ‘উৎস মানুষ’-এ যুক্তিবাদ বুলিলে যি বুজে, সেয়া মুঠেই যুক্তিবাদ নহয়, বৰং প্ৰকৃত যুক্তিবাদী আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচণ্ড বাধা স্বৰূপ” (পৃ. ৭২)। প্ৰবীৰ ঘোষৰ প্ৰথমখন গ্ৰন্থৰ “ভূমিকা” লিখিছিল বিখ্যাত পণ্ডিত-চিকিৎসক, “পাভলভ ইনষ্টিটিউট এণ্ড হ’চপিটেল”-ৰ প্ৰতিষ্ঠাতা, “মানৱ মন” আলোচনীৰ কাণ্ডাৰী ডাঃ ধীৰেন্দ্ৰনাথ গংগোপাধ্যায়ে। পাছলৈ এইগৰাকী কৃতবিদ্য বিদ্বানৰ প্ৰতি প্ৰবীৰ ঘোষে “কৃতজ্ঞতা” জনাইছিল এইদৰে, “পাভলভ ইনষ্টিটিউট এণ্ড হ’চপিটেল বাস্তৱত কোনো শিক্ষাকেন্দ্ৰ অথবা চিকিৎসালয় নহয়—এটা ক্ষুদ্ৰ চেম্বাৰ মাত্ৰ, য’ত বহি ডাক্টৰ ধীৰেন্দ্ৰনাথ গংগোপাধ্যায়ে ৰোগী চায়। এই সংস্থাৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই,……….এনেকুৱা ব্যক্তি-নিৰ্ভৰ প্ৰতিষ্ঠানৰ শাখা হিচাপে সাংস্কৃতিক বিপ্লৱ গঢ়ি তোলাৰ চেষ্টা বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ মূৰ্খতাৰ বাদে অন্য একো নহয়” (পৃ. ৭২-৭৩)। ডাঃ ধীৰেন্দ্ৰনাথ গংগোপাধ্যায়ৰ প্ৰতি নিক্ষেপিত প্ৰবীৰ ঘোষৰ শব্দাৱলীৰ মাজত আছে “আপোচকামী সুবিধাবাদী”, “আত্মসমৰ্পণকাৰী বুদ্ধিজীৱী” আদি। কোৱা বাহুল্য, ড০ আব্ৰাহাম কভুৰকে ধৰি সকলো যুক্তিবাদীৰে মতামত, কৰ্মপন্থা আমি নিৰন্তৰে, সতৰ্কতাৰে আলোচনা-সমালোচনা কৰা উচিত। কিন্তু তেনে আলোচনাৰ সুৰ বাৰু এনেকুৱা হোৱা যুগুতনে? প্ৰসংগত উল্লেখ কৰা যায়, ড০ কভুৰৰ নানান অৱদানৰ কথা বিশ্লেষণ কৰাৰ পাছত, তেখেতৰ একাধিক সীমাবদ্ধতাৰ কথা কোনো উষ্মা-ৰাগ নোহোৱাকৈ, নিৰাৱেগ ভাষাত ১৯৮৭ চনতেই প্ৰসেনজিৎ চৌধুৰীদেৱে “সাময়িকী”-ৰ পাতত লেখিছিল। প্ৰবীৰ ঘোষে আনকি দেবীপ্ৰসাদ চট্টোপাধ্যায়ৰ দৰে বিশ্ববিশ্ৰুত মাৰ্ক্সবাদী পণ্ডিতৰ বিষয়েও অতি কটু মন্তব্য প্ৰদান কৰিছে, “দেবীপ্ৰসাদৰ নিচিনা ‘ট্ৰয়ৰ ঘোঁৰা’-ই মাত্ৰ অন্তৰ্ঘাত চলাই প্ৰতিৰোধ নকৰে, ইহঁতে অশ্বমেধৰ দিগ্বিজয়ী ঘোঁৰাৰ ভূমিকাও পালন কৰে এটাৰ পাছত এটা সাংস্কৃতিক আন্দোলনৰ দুৰ্গ ধ্বংস কৰি…” (অলৌকিক নয়, লৌকিক, তৃতীয় খণ্ড, ১৯৯২, পৃ. ৩৮)। ভাৰতীয় চিন্তাৰ জগতলৈ বৈপ্লৱিক পৰিৰ্ৱতন অনা যশোধৰ বিদ্বানগৰাকীক প্ৰবীৰ ঘোষে তাচ্ছিল্য কৰিছে “বামবুদ্ধিজীৱী হিচাপে আই. এছ. আই. ছাপ মৰা সুপণ্ডিত দেবীপ্ৰসাদবাবু” বুলি। কোৱা বাহুল্য, যুক্তিবাদী আন্দোলন এটা সঠিক দিশত পৰিচালনা কৰিবলৈ এইধৰণৰ কথা-বতৰা, এইধৰণৰ প্ৰকাশভংগীয়ে সহায়তো নকৰেই, বৰঞ্চ সমগ্ৰ পৰিৱেশটোকেই মলিয়ন কৰি পেলাব পাৰে। তাৰ অন্যতম সাক্ষ্য তেখেতৰেই এসময়ৰ সতীৰ্থকেইজনমানৰ কাৰ্যই সুন্দৰকৈ প্ৰমাণ কৰে; আমি উল্লেখ কৰি অহা তিনি নম্বৰ উদাহৰণটোলৈ লক্ষ্য কৰিলেই কথাটো স্পষ্ট হ’ব। প্ৰাক্তন সতীৰ্থই তেনে কুৰুচিপূৰ্ণ মত আৰু ভাষাৰে প্ৰবীৰ ঘোষৰ কৰা আক্ৰমণৰ আঁৰত কোনো বৃহৎ মতাদৰ্শগত কাৰণতকৈ সমিতিৰ মাজৰ কোনো আভ্যন্তৰীণ হিংসা-দ্বেষেহে ক্ৰিয়া কৰা যেন অনুভৱ হয়। এটা নিদৰ্শন, কোৱা হৈছিল যে প্ৰবীৰ ঘোষৰ জন্ম ১ মাৰ্চত। যুক্তিবাদী সমিতিৰো জন্ম ১ মাৰ্চত। প্ৰাক্তন সতীৰ্থকেইজনে কৈছে যে প্ৰবীৰ ঘোষৰ জন্ম ১ মাৰ্চত নহয়, ১২ জানুৱাৰীতহে। যুক্তিবাদী সমিতিৰ জন্ম ১ মাৰ্চত বাবে, উইকিপিডিয়াত প্ৰবীৰ ঘোষে নিজৰ ফালৰ পৰা জন্মদিন ১ মাৰ্চ কৰি লৈছে। তেতিয়াৰ দিনত মানুহৰ ওপজা দিনৰ হিচাপ সঠিককৈ ৰখা নাছিল—এই কথাটো ক’বলৈ ধৰাত প্ৰাক্তন সতীৰ্থকেইজনে ক’বলৈ আৰম্ভ কৰিলে যে যুক্তিবাদী সমিতিৰ জন্ম ১ মাৰ্চত বুলি কোনো প্ৰামাণ্য নথিপত্ৰ নাই। কোৱা বাহুল্য, এইধৰণৰ ভাবভংগীৰ সমালোচনা কোনো কামত নহা ক্ষতিকাৰত বস্তু। তেওঁলোকৰ আক্ৰমণ, কিম্বা প্ৰবীৰ ঘোষৰ প্ৰত্যাক্ৰমণবোৰ পঢ়ি কোনো ক্লেদাক্ত নৰ্দমাত নিমজ্জিত হোৱা যেন হয়তো বহুতৰেই অনুভৱ হ’ব; সেইসমূহৰ পৰা প্ৰত্যক্ষভাৱে শিকিবলৈ একোৱেই নাই। কিন্তু তেনে ঘটনাৰ পৰা, যুক্তিবাদী আন্দোলনৰ প্ৰেক্ষাপটত, আলোচনা-বিলোচনা, মত-মন্তব্য আদিৰ স্বৰূপ কেনে হোৱা উচিত—সেই সম্পৰ্কে আমি সতৰ্ক আৰু সচেতন হ’বলৈ শিক্ষা ল’ব পাৰোঁ।
৫.
অৱশ্যে প্ৰবীৰ ঘোষক কাঢ়া ভাষাত কৰা সকলো সমালোচনাৰেই যে কোনো সাৰমৰ্ম নাই, তেনে নহয়। বাংলাদেশৰ যুক্তিবাদী ছহিদ অভিজিৎ ৰায় আছিল অ-মাৰ্ক্সবাদী মানুহ; বহু সময়ত তেওঁ মাৰ্ক্সবাদৰ বিৰোধিতাও কৰি গৈছে। হ’লেও, বাংলাদেশৰ দৰে কট্টৰ আৰু জংগী মুছলিম মৌলবাদৰ সৰ্বগ্ৰাসী প্ৰভাৱত থকা দেশখনত যুক্তিবুদ্ধিৰ প্ৰসাৰত অভিজিৎ ৰায়ৰ ভূমিকা আছিল অবিস্মৰণীয়। তেওঁৰ “মুক্ত মনা” গোটৰ বহুতেই মাৰ্ক্সবাদক অনেক তুলুঙা আৰু অযৌক্তিক আক্ৰমণ কৰিলেও, অভিজিৎ ৰায়ে নিজে তেনেকুৱা নিম্ন পৰ্যায়ৰ মতামত দিয়া কেতিয়াও চকুত নপৰিল। তেওঁৰ মাৰ্ক্সবাদবিৰোধী মত-মন্তব্য-লিখা-মেলাৰ পৰা যথেষ্ট চিন্তাৰ খোৰাকহে পোৱা যায়। সি যিয়েই নহওক, মুছলিম মৌলবাদী ঘাতকৰ হাতত এদিন প্ৰাণ গ’ল অভিজিৎ ৰায়ৰ। সমগ্ৰ বিশ্বতেই এইগৰাকী মুক্ত-চিন্তকৰ হত্যাই তোলপাৰ লগালে। শুভবুদ্ধিসম্পন্ন যিকোনো মানুহ মৰ্মাহত হোৱাৰ সময়ত প্ৰবীৰ ঘোষে যিদৰে মন্তব্য দিছিল অভিজিৎ ৰায়ৰ বিষয়ে, সি সঁচাই আছিল অতি নিম্ন স্তৰৰ। অভিজিতক কিয় হত্যা কৰিলে, তেওঁক কিয় কৰা নাই—কৰিবলৈ সক্ষম হোৱা নাই—নিজকে বীৰৰ স্থানত বহুৱাই লৈ কথাটো ব্যাখ্যা কৰাৰ হাস্যকৰ চেষ্টা কৰিছিল প্ৰবীৰ ঘোষে। তেওঁৰ মতে অভিজিৎ, দাভোলকৰ, পানসাৰে, হুমায়ুন আজাদ—এইসকলৰ কোনেও বাবাজী-গড মেনক চেলেঞ্জ দিয়া নাছিল, দিছিল মাত্ৰ প্ৰবীৰ ঘোষে। সেই বাবাজী-গড মেনবোৰ আছিল অতি শক্তিশালী, কিন্তু প্ৰবীৰ ঘোষক সিহঁতে একোৱেই কৰিব নোৱাৰিলে, কাৰণ প্ৰবীৰ ঘোষৰ ভাষাত—মই নমৰিলোঁ, জীয়াই আছোঁ, কাৰণ যাৰ বিৰুদ্ধে যুঁজিছিলোঁ, সিহঁততকৈ বেছি শক্তি আছিল আমাৰ! প্ৰশ্ন উঠিব, কি আছিল বাৰু প্ৰবীৰ ঘোষৰ তেনে বালখিল্য মন্তব্যৰ আঁৰত? অভিজিতৰ প্ৰতি হিংসা? নিজকে একমাত্ৰ যুক্তিবাদৰ কাণ্ডাৰী বুলি ভবাৰ মেগাল’মেনিয়া? বহুতেই তেনে বুলি ধাৰণা কৰিলেও, এইবোৰ অনুমান কেতিয়াও প্ৰমাণ কৰিব নোৱাৰি, তেনে আলোচনা দীৰ্ঘ কৰি শিক্ষাপ্ৰদ কিবা ওলাব বুলিও ধাৰণা কৰিব নোৱাৰি, মাত্ৰ যুক্তিবাদী আন্দোলনত মত-মন্তব্যৰ ভাব-ভংগীৰ ক্ষেত্ৰত আমি তেনে নেতিবাচক দিশৰ পৰা হয়তো কিছু ইতিবাচক শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। প্ৰসংগত উল্লেখ কৰিব পাৰি, অভিজিৎ ৰায়ে প্ৰবীৰ ঘোষৰ বিষয়ে কেতিয়াও ক’তো অশ্ৰদ্ধামূলক একো কথা কোৱা নাছিল, বৰঞ্চ প্ৰায়েই শ্ৰদ্ধাৰে লেখিছিল তেওঁৰ কথা। লগতে ক’ব পাৰি, প্ৰবীৰ ঘোষক অন-লাইনৰ জগতখনত পৰিচয় কৰাই দিছিল, তেওঁৰ ওৱেব ছাইট এটি পাঁচ বছৰধৰি তদাৰক কৰিছিল অভিজিৎ ৰায়ে (অধিক তথ্যৰ বাবে ইয়াতে টিপা মাৰক)।
সমকামিতাৰ বিষয়ে অভিজিৎ ৰায়ৰ এখন উল্লেখযোগ্য পাণ্ডিত্যপূৰ্ণ অথচ সুখপাঠ্য গ্ৰন্থ আছে। গ্ৰন্থখনত সমকামিতাৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা কৰা হৈছে—কিতাপখন কোনো ব্যক্তিবিশেষৰ ব্যক্তিগত যৌনতাৰ সন্দৰ্ভত নহয়। অভিজিৎ ৰায়ৰ হত্যাকাণ্ডৰ পাছত প্ৰবীৰ ঘোষে অভিজিৎ আৰু সমকামিতাক সাঙুৰি যিদৰে মন্তব্য দিছিল, সি সঁচাই অভাৱনীয়ভাৱে অশালীন। বৰ কাঢ়া ভাষা প্ৰয়োগ কৰিলেও আছিফ মহিউদ্দীনৰ এইকেইটা কথা মোটামোটি সঠিক, “তেওঁৰ [প্ৰবীৰ ঘোষৰ] শেষ বয়সৰ কামবোৰৰ মাজত বহুত বস্তু আছিল, যিবোৰ অত্যন্ত আপত্তিকৰ। অভিজিৎ ৰায়ৰ মৃত্যুৰ পাছত তেওঁ অভিজিৎ ৰায়ক কটাক্ষ কৰি, সমকামীসকলক লৈ অত্যন্ত লেতেৰা আৰু মূর্খতাৰে পৰিপূৰ্ণ কিছু লিখা লিখিছিল। পুৰণি যুগৰ মানুহ, সেই প্রথাগত ধ্যান–ধাৰণাৰ পৰা ওলাই আহিব নোৱাৰিলে। আধুনিক গবেষণা, আধুনিক চিন্তাভাবনা, মানৱবাদ, ইত্যাদি বিষয়ত তেওঁৰ ধাৰণা খুবই প্রাগৈতিহাসিক, সেইটো কোৱাই বাহুল্য। ………সমকামীসকলৰ মানৱাধিকাৰৰ পক্ষত থাকিলে, এইটো জৰুৰী নহয় যে, তেৱোঁ সমকামী হ’ব লাগিব! অভিজিৎ ৰায়ক লেতেৰা ইংগিত দিছিল তেওঁ। কৈছিল, অভিজিৎ ৰায়ে হেনো বাঙালিসকলক সমকামী কৰিবলৈ আন্দোলন কৰিছে”! পুনৰ কৈছোঁ, আছিফ মহিউদ্দীনৰ উপৰিউক্ত কথাকেইটি মোটামুটিকৈ সঠিক। কিন্তু তাৰ আঁৰত আছিফ মহিউদ্দীনৰ মাৰ্ক্সবাদবিৰোধী মানসিকতা একেবাবেই অনুপস্থিত বুলিও অনুমান নহয়। কথাটো এইখিনিৰ পৰা হয়তো স্পষ্ট হ’ব, “….ধর্মান্ধ মানুহে যেনেকৈ সকলোফালে বিধর্মীৰ ষড়যন্ত্র দেখে, তেৱোঁ চৌদিশে পশ্চিমৰ ষড়যন্ত্র দেখিছিল। তেওঁ শেষ জীৱন পৰ্যন্ত কমিউনিজম ধৰ্মৰ ধাৰ্মিক আছিল……”।
৬.
একবিংশ শতিকাৰ তৃতীয়টো দশকত উপনীত হোৱাৰ পাছতো আমি দেখিছোঁ যে অসংখ্য কুসংস্কাৰ, তন্ত্ৰ-মন্ত্ৰ, জ্যোতিষ, হৰেক ৰকমৰ প্ৰাচীন আৰু ক্ষতিকৰ ৰীতি-নীতি-বিশ্বাসে আমাৰ সমাজখনক ভাৰাক্ৰান্ত কৰি ৰাখিছে। সেইবোৰৰ লগতে দিনে দিনে বাঢ়ি আহিছে ৰেইকি, ফেইথ্ হিলিং, ফেংছুইৰ দৰে তুলনামূলক হিচাপত কিছুমান অৰ্বাচীন অন্ধবিশ্বাসৰ প্ৰাদুৰ্ভাৱ। এনে এটা প্ৰেক্ষাপটত মানুহৰ মাজত যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ প্ৰসাৰ ঘটোৱাটো নিশ্চয় এটা অতি জৰুৰী কাম। এই ক্ষেত্ৰত আমি এটি স্বল্পালোচিত কিম্বা অনালোচিত দিশৰ কথা উনুকিয়াই আলোচনা শেষ কৰিম।
শ্ৰেণীসমাজৰ শাসকগোষ্ঠীয়ে শোষণ আৰু শাসনৰ স্বাৰ্থত সমাজত অন্ধবিশ্বাসবোৰ বৰ্তি থকাটো বিচাৰে। গতিকে মানুহৰ মনৰ পৰা সেইবোৰ সমূলঞ্চে নিৰ্মূল কৰাৰ যিটো দৰ্শনগত ভিত্তি— যুক্তিবাদ, —তাৰ প্ৰসাৰত স্বাভাবিকতেই বাধা প্ৰদান কৰে। তেনে বাধাৰ প্ৰকোপ স্থান-কালভেদে বেলেগ বেলেগ হয়। শাসকগোষ্ঠীৰ পৃষ্ঠপোষকতা, আৰ্থিক অনুদান আদিৰ আলমত আনকি অন্ধবিশ্বাসবিৰোধী বিক্ষিপ্ত তৎপৰতাও কেতিয়াবা কেতিয়াবা চকুত পৰিব পাৰে। উদাহৰণ এটাই কথাটো স্পষ্ট কৰিব। শাসকৰ তৎপৰতাত হয়তো “ডাইনী”-ৰ নামত চলা অন্ধবিশ্বাসসম্ভূত কৰ্মকাণ্ডৰ বিৰোধ কৰা হয়, কিন্তু একেই শাসকে পৃষ্ঠপোষকতা কৰে কোনো উপাসনাস্থল নিৰ্মাণৰ। কোনো কোনো নিৰ্বাচিত অন্ধবিশ্বাসৰ ক্ষেত্ৰত শাসকগোষ্ঠীয়ে প্ৰদৰ্শন কৰা তেনে বিক্ষিপ্ত বিৰোধিতা নিজৰ শ্ৰেণীটোৰ শ্ৰেণীস্বাৰ্থৰ সৈতে বিৰোধহীন; তেনে বিৰোধিতাই তেওঁলোকৰ শাসন-শোষণ কাৰ্যত কোনো আহুকালৰ সৃষ্টি নকৰে। কিন্তু শ্ৰেণীসমাজত শাসকগোষ্ঠীয়ে অখণ্ড যুক্তিবাদক এক সামগ্ৰিক দৰ্শন হিচাপে লৈ অন্ধবিশ্বাসসমূহক সমূলঞ্চে নিৰ্মূল কৰাত আগ্ৰহ দেখুৱাৰ কথা বাদেই, তেনে দৰ্শনৰ ভিত্তিটোত অহৰহ আঘাতহে হানি যায়। এই কাৰবাৰটো অন্য দেশৰ দৰে ভাৰততো দশকৰ পাছত দশক ধৰি চলি আছে যদিও সম্প্ৰতি কথাটোৱে বেলেগ এটা ৰূপ ধাৰণ কৰিছে। সাম্প্ৰতিক সময়ত অন্ধবিশ্বাসৰ সৈতে বিজ্ঞান-বিৰোধিতাই যিটো মাত্ৰাত ফেচিষ্ট ৰাষ্ট্ৰশক্তিৰ প্ৰত্যক্ষ আৰু নগ্ন পৃষ্ঠপোষকতা লাভ কৰিছে, সি আধুনিক কালৰ ভাৰতত তৰ্কাতীতভাৱে এক নজিৰবিহীন ঘটনা। ৰাষ্ট্ৰশক্তিৰ খোলাখুলি উদগনিয়ে অন্ধবিশ্বাসবোৰৰ সামাজিক তাৎপৰ্যক গুণগতভাৱে পৰিৱৰ্তন কৰি এটা সুকীয়া আৰু অমিত শক্তিশালী ৰাজনৈতিক ৰূপ প্ৰদান কৰিছে ইতিমধ্যেই। এটা চকুৰ আগত থকা উদাহৰণ—আগতে প্ৰাচীন কল্পকথাৰ কোনোবা অতিনায়ক বহুতো মানুহৰ বাবে আৰাধ্য দেৱতাৰ স্থানত অৱস্থান কৰিছিল। তাৰ আঁৰত নিশ্চয় সক্ৰিয় হৈ আছিল মানুহৰ মনৰ সুগভীৰ অথচ অযৌক্তিক বিশ্বাস। এতিয়া পূৰ্বৰ সেই অন্ধবিশ্বাসটোতো বৰ্তি আছেই, কিন্তু লগতে সি হৈ পৰিছে পৰধৰ্মবিৰোধী গণঘৃণা আৰু তৎজনিত সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ উলম্ফনৰ আঁৰৰ অন্যতম নিৰ্ণায়ক কাৰক। এইটো এটা উদাহৰণহে, তেনেকুৱা নিদৰ্শন আৰু বহুত ওলাব। তাৰ লগতে যোগ হৈছে শাসকগোষ্ঠীৰ অতি নগ্ন ৰূপৰ বিজ্ঞান-বিৰোধিতা। কোনো কোনো পাঠ্যক্ৰমৰ পৰা ডাৰউইনৰ জৈৱ-বিৱৰ্তনৰ পাঠ প্ৰত্যাহাৰ কৰা হৈছে। গতিকে অন্ধবিশ্বাসবিৰোধী যুঁজখন সাম্প্ৰতিক ৰাজনৈতিক পটপৰিৱৰ্তনৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ পৰিবলৈ বাধ্য। অন্ধবিশ্বাসৰ প্ৰতিমুখে কোনো বিক্ষিপ্ত কাৰ্যসূচী এতিয়া আৰু বৰ এটা ফলপ্ৰসূ হ’ব বুলি মনে নধৰে, কিয়নো সমগ্ৰ ঘটনাটোৱে বিগত সময়চোৱাত প্ৰত্যক্ষ মতাদৰ্শগত সংগ্ৰামৰ ৰূপ ধাৰণ কৰিছে। অৰ্থাৎ, সামগ্ৰিক যুক্তিবাদৰ আধাৰত কৰা অন্ধবিশ্বাসৰ বিৰোধিতাই এই পৰিস্থিতিত এটা সুস্পষ্ট ৰাজনৈতিক চৰিত্ৰ গ্ৰহণ কৰাটো অনিবাৰ্য। ইয়াৰ অৰ্থ এইটো নহয় যে কোনো বিশেষ আৰু নিৰ্বাচিত অন্ধবিশ্বাসৰ বিৰোধিতা তৎমুহূৰ্ত্ততেই বন্ধ কৰি দিব লাগিব। “ডাইনী”, বেজ-বেজালী, ৰেইকী, ফেংচুই—এইবোৰৰ বিৰোধিতা যুক্তিবাদী আন্দোলনে চলাই যাবই লাগিব—সেই দিশটো যে অতি গুৰুত্ত্বপূৰ্ণ, সেই কথাটো পূৰ্বৰ দৰেই মনত ৰাখিব লাগিব। কিন্তু সাম্প্ৰতিক সময়ৰ উপৰিউক্ত ৰাজনৈতিক দিশটোক অস্বীকাৰ কিম্বা অগ্ৰাহ্য কৰিলে—তাত যথোচিত গুৰুত্ত্ব প্ৰদান নকৰিলে—যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ আন্দোলন সঠিক দিশত ফলপ্ৰসূ আৰু অৰ্থবহ ৰূপত আগুৱাই যাব বুলি ধাৰণা নহয়। এই ক্ষেত্ৰত প্ৰবীৰ ঘোষৰ দৰে যুক্তিবাদ-বিজ্ঞানমনস্কতা আন্দোলনৰ পথিকৃৎ ব্যক্তিৰ কামকাজৰ নিৰ্মোহ পুনৰ্মূল্যায়ন কৰি সাম্প্ৰতিক সময়ৰ কাৰ্যপন্থা নিৰূপন কৰাটো বৰ দৰকাৰী। প্ৰবীৰ ঘোষে লিখিছিল যে ভাৰতত কমিউনিষ্ট আন্দোলন ব্যৰ্থ হোৱাৰ অন্যতম কাৰণ হ’ল এটা সবল সাংস্কৃতিক আন্দোলনৰ অনুপস্থিতি, জনচেতনাক আগ বঢ়াই লৈ যোৱাৰ চেষ্টাৰ অনুপস্থিতি (“অলৌকিক নয়, লৌকিক”-ৰ শেষৰ খণ্ড, ২০০৩, পৃ. ৮৩)। নিজৰ মতত অবিচল এইগৰাকী মানুহৰ তেনেধৰণৰ কথাবোৰ আমি সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত বিচাৰ কৰি চোৱা উচিত।
(সকলো উদ্ধৃত বাক্যৰ ভাবানুবাদ বাংলাৰ পৰা অসমীয়ালৈ কৰিছে নিবন্ধটিৰ লেখকে)
অসাধাৰণ প্ৰতিভাশালী সম্পাদকীয় লেখ।প্ৰৱীৰঘোষৰ আন্দোলনৰ উত্থান-পতনৰ সৈতে জড়িত সামাজিক মূল্যবোধৰ ৰাজনীতিৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।’হামবৰা’ভবটোৰবাবে সমগ্ৰ আন্দোলনটো বিপথগামী হৈ পৰিল।গতিকে স্বেচ্ছাচাৰী মনোভাৱৰ পৰা মানুহে সদায় সতৰ্কিত হৈ থাকিব লাগিব।নহ’লে এটা যুগৰ সাধনা তাচপাতৰ দৰে সামান্য বতাহতেই আউলি যাব।
বহুবছৰ আগতেই প্ৰবীৰ ঘোষৰ “আলৌকিক নয় লৌকিক” পঢ়ি তেওঁৰ চিন্তাৰ বিষয়ে ধাৰণা কৰিছিলো। তাৰ পাছত সেৰেঙাকৈ দুই এটা খৱৰ, লেখা পঢ়িছোঁ। কোনো শৃংখলাবদ্ধ পঢ়াশুনা নাছিল। সম্পাদকীয়তো পঢ়ি বহুত নজনা কথা জনিলোঁ। তাৰবাবে লেখকলৈ অশেষ ধন্যবাদ।
লেখাটোৰ মূল বিষ়য় ‘ যুক্তিবাদ ‘ সম্পৰ্কে প্রবীৰ ঘোষৰ যি চিন্তা তাৰ পৰা ওলাই অহা গুৰুত্বপূৰ্ণ দিশটো হৈছে সমাজ পৰিবৰ্তনৰ মূল ৰাজনৈতিক সংগ্ৰামখনত সাংস্কৃতিক আন্দোলনৰ গুৰুত্ব। বিষয়টো অতি প্ৰাসংগিক বুলি ভাবো।
মই এই সংখ্যা “মুক্ত চিন্তা ” তে আমেৰিকাৰ কৃষ্ণাংগ সংগ্ৰামী শিল্পী সদ্য প্ৰয়াত হেৰী বেলাফণ্টেৰ শ্ৰদ্ধাঞ্জলি হিচাবে এটা চমু জীৱনভিত্তিক লেখা লিখিছিলোঁ। তেওঁ সংগীত শিল্পী, অভিনেতা আদিৰ উপৰিও মূলতঃ তেওঁ এজন সমাজিক – ৰাজনৈতিক কৰ্মী আছিল। এই যুগান্তকাৰী শিল্পীজনৰ সাংস্কৃতিক ক্ষেত্ৰখনত জীৱন পৰিক্ৰমা অনুধাৱন কৰিলে দেখা যায় , তেওঁৰ শিল্প কৰ্ম আৰু ৰাজনৈতিক কৰ্ম ঠিক এটা মুদ্ৰাৰ দুটা পিঠি ।এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। ইয়াৰ উপৰিও তেওঁৰ এই কৰ্মকাণ্ড, প্ৰত্যক্ষভাৱে তেওঁৰ শ্ৰেণীগত জীৱন সংগ্ৰামৰ অতি সচেতন অভিব্যক্তি। কোনো কাৰণতে আমি এটাক আনটোৰ পৰা বিভিন্ন কৰি চাব নোৱাৰো।এই গীতবোৰে জীৱনৰ দণ্ডবোৰক , ইয়াৰ সংঘাতবোৰক এক নিপুণ কলাত্মক জীৱনশৈলীৰে শ্ৰোতাৰ আগত তুলি ধৰে। সেইবাবেই বেলাফণ্টেৰ গীত ইমান প্ৰাণপৰশা। এই গীতবোৰত স্পষ্টৰূপত ৰাজনৈতিক বিচাৰবোধে অতি শক্তশালী অনুঘটকৰ কাম কৰে। কেতিয়াবা ‘ ৰাজনৈতিক ‘ ৰূপটো সম্মুখভাগলৈ উঠি আহে কেতিয়াবা ‘ সাংস্কৃতিক ‘ ৰূপটো। এই ঘটনাটো কিন্তু স্বতঃফূৰ্ত্তভাৱে সম্পাদিত হয়। যিহেতু দুয়োটা বিষয় অবিছিন্ন । একে সময়তে ই এক সচেতন শ্ৰেণী সংগ্ৰামৰ ফল বুলি সহজেই চিহ্নিত কৰিব পাৰি। সেই দৃষ্টিকোণৰ পৰাই সাংস্কৃতিক আন্দোলনৰ বিষয়তো বিবেচনা কৰাটো অতি জৰুৰী বুলি ভাবো। এই সংগ্ৰামখনত বহুত কৌশলগত দিশ থাকিব পাৰে কিন্তু মনত ৰাখিব লাগিব যে , শ্ৰেণী dominance ৰ আক্ৰান্ত হৈ কৌশলবোৰ যাতে ৰণনীতিত পৰিণত নহয়। শ্ৰেণী সচেতনতাৰ মাজেৰে উঠি অহা শ্ৰেণী সংগ্ৰামে ঠিক বাট বোলে বুলিয়েই মোৰ ধাৰণা।