অনুবাদনিবন্ধপ্ৰবন্ধ

এগৰাকী কবিৰ জীৱনী— (মূল : মাৰ্ক আইনাৰ অনুবাদ; অৰুণ কুমাৰ শৰ্মা)

পঞ্চম অধ্যায় (ক)
(মুনিচুনি পোহৰত বোহেমিয়ানসকল)

দূৰ দূৰণিলৈ দীঘলকৈ পৰি থকা
ৰে’লৰ ছিৰিৰে ঘৰঘৰকৈ
পাৰ হৈ গৈছিল ৰাতিৰ ৰে’লখন
দ্ৰাক্ষাকুঞ্জৰ মাজেৰে
….মই যেতিয়া
উভতি চাইছিলোঁ পাছফালে
বৰষুণ দি আছিল মূষলধাৰে,
আৰু ল’ৰালিয়ে মোৰ
মাগিছিল বিদায়।

গৰ্জনমুখৰ ৰে’লখনে ৰাজধানী
ছাণ্টিয়াগো দা চিলিত প্ৰৱেশ কৰিছিল
বৰষুণৰ দৰেই শোকে দুখে মোক
খুন্দা মাৰি ধৰিছিল
কিহবাই যেন নিলগালে মোক
মোৰ তেজৰ পৰা
আৰু ভয়ে ভয়ে মই যেতিয়া ৰাস্তাত
ভৰি দিছিলোঁ
শিপা কটা যোৱা মই
হৈছিলোঁ তেজেৰে
লুতুৰি-পুতুৰি।
“ৰাতিৰ ৰে’ল” (Night Train)
নেৰুডাই ১৯২১ চনৰ মাৰ্চ মাহত এটি টিনৰ বাকচ হাতত লৈ হুলস্থূলীয়া ছাণ্টিয়াগোত উপস্থিত হৈছিলহৈছিল। তেওঁ স্মৃতিকথাত লিখাৰ দৰে, তেওঁৰ পিন্ধনত আছিল, “ধাৰাল ছুৰীৰ দৰে চৰ্মসাৰ দেহটোত অত্যাৱশ্যকীয় বুলি ভবা এযোৰ কবিৰ ক’লা ছুট্”। দিন যোৱাৰ লগে লগে, লাজকুৰীয়া স্বভাৱ সত্বেও, তেওঁ অতি ধৃষ্টতাৰে তেওঁৰ পৰিচয়, পোছাক পৰিচ্ছদৰ মাজেৰে দাঙি ধৰিব বিচাৰিছিল আৰু সেই মৰ্মে তেওঁ সম্ভ্ৰমৰ চিন স্বৰূপে আহল বহল কাণ ঢকা ক’লা টুপী এটিও পৰিধান কৰিবলৈ লৈছিল। আগন্তুক তিনি বছৰত, প্ৰায়ে গোমোঠা আৰু অন্তৰ্মুখী, কিন্তু উচ্চাভিলাষী স্বভাৱৰ দক্ষিণ প্ৰান্তৰৰ এই ছাত্ৰজনে ৰাজধানীৰ প্ৰগতিশীল কবিতাৰ ক্ষেত্ৰখনত শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, তেতিয়াও তেওঁ ভিতৰি ভিতৰি, তেওঁৰ উদ্বিগ্ন মানসিকতাৰ কবলৰ পৰা নিজকে মুক্ত কৰিব পৰা নাছিল।
ক্ষুদ্ৰ টেমুকোৰ স’তে কোনোপধ্যেই তুলনা কৰিব নোৱাৰা ছাণ্টিয়াগো আধা নিযুতৰো অধিক লোকেৰে গিজগিজোৱা এখন প্ৰকাণ্ড নগৰ। নেৰুডাই প্ৰথম দৃষ্টিতেই ছাণ্টিয়াগোত, “উৰহেৰে সৈতে অচিনাকি লোকেৰে ভৰপূৰ হাজাৰ হাজাৰ বিল্ডিং  থিয় হৈ থকা দেখি সন্ত্ৰস্ত” হৈছিল যদিও, অতি শীঘ্ৰেই, শোভনীয় ঘোঁৰাই টনা বিলাসী গাড়ী আৰু হালধীয়া চামৰা কিম্বা অইল ক্লথেৰে নিৰ্মিত, ওপৰৰ পিনে ভাঁজ কৰা বুটজোতা পিন্ধা কচোৱানসকলক দেখি মোহিত হৈছিল। তেওঁৰ আন এটি আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল, নতুনকৈ নগৰীখনত অকোৱাপকোৱাকৈ পৰিভ্ৰমণ কৰা বৈদ্যুতিক ট্ৰামবোৰ।
ৰাজধানীখনৰ অন্যতম এটি বৈশিষ্ট্যই তেওঁক টেমুকোলৈ মনত পেলাই দিছিল। সেয়া আছিল অসাম্য। সামাজিক স্তৰত বিৰাজ কৰা শ্ৰেণী বৈষম্য ইয়াত গ্ৰামাঞ্চলতকৈ অধিক সুস্পষ্ট আৰু গভীৰ ৰূপত প্ৰতিভাত হোৱা তেওঁ দেখিছিল। ছাণ্টিয়াগোত বসবাস কৰি থকা প্ৰতিপত্তিশালী পৰিয়ালকেইটা, মূলতঃ পেৰিছ, লণ্ডন আৰু ইটালীৰ পৰা অহা অভিজাত বংশোদ্ভূত। এই পৰিয়ালকেইটাই চাল-চলন আৰু কথা-বতৰাত সততে অত্যধিক অভিজাত্য প্ৰদৰ্শন কৰি ফুৰিছিল, যাক নেৰুডাই ছাণ্টিয়াগোৰ আটাইতকৈ শোভাবৰ্ধক অঞ্চলত বিৰাজ কৰা চালে চকু ৰোৱা অট্টালিকাৰ বিপৰীতে বিশাল বস্তি অঞ্চলৰ লেতেৰা পৰিৱেশত থকা শোচনীয় ঘৰবোৰ প্ৰত্যক্ষ কৰিয়েই ধৰিব পাৰিছিল।
নেৰুডাই বৰকৈ হাবিয়াস কৰিছিল যে, ছাণ্টিয়াগোই তাইৰ বিশাল গৰ্ভাশয়ত ধাৰণ কৰা দেশৰ জনগণৰ বলিষ্ঠ সংগ্ৰামবোৰে দাঙি ধৰা মহত্বপূৰ্ণ চিন্তা-চৰ্চা আৰু আশা-আকাংক্ষাবোৰৰ মাজলৈ তেওঁক লৈ যাব। যিয়েই নহওঁক, ইয়ালৈ আহি তেওঁ ৫১৩ মাৰুৰি ষ্ট্ৰীটৰ অতিথিশালাত থাকিবলৈ লৈছিল। পঢ়াৰ খৰচৰ বাবে দেউতাকে দিয়া সামান্য টকাৰে ইয়াত থাকিবলৈ লৈ তেওঁ লক্ষ্য কৰিছিল যে, তেওঁৰ ওচৰৰ চুবুৰীৰ বাসিন্দাসকলৰ অৱস্থা আছিল তেওঁতকৈও পুতৌ লগা। বস্তি অঞ্চলত থেপাথেপিকৈ থকা কৰ্কশ কংক্ৰীটৰ ঘৰবোৰ নিতান্তই আচহুৱা লাগিছিল আৰু সেইবোৰত সাধাৰণ মানুহবোৰে বৰ ভয়াৱহ জীৱন যাপন কৰিছিল।
বায়ুমণ্ডলজুৰি বিৰাজিছিল বিষাক্ত গেছ আৰু কফিৰ অদ্ভুত গোন্ধ; শূন্য ষ্ট্ৰীটবোৰত ধ্বনিত-প্ৰতিধ্বনিত হৈছিল বৃদ্ধ কুকুৰৰ ভুকভুকনি।
আন একো নহ’লেও, আমনিদায়ক এনে পৰিৱেশৰ মাজত অতিথিশালাটোক ধুনীয়া বুলিয়েই ক’ব লাগিব। এই অতিথিশালাটো, পুৰণি উপনিৱেশীয় শৈলীৰে নিৰ্মিত অট্টালিকাটোৰ দ্বিতীয় মহলাত আছিল। ভাগ্য ভাল যে, নেৰুডাৰ কোঠাটো আছিল পশ্চিমমুৱা আৰু খিৰিকী মেলিলেই পশ্চিমৰ আকাশখন জলমলকৈ দেখা গৈছিল। সূৰ্যাস্তবোৰ ৰঙচঙীয়াকৈ দেখা গৈছিল আৰু দূৰৈত অৱস্থিত উপকূলীয় পৰ্বতমালাৰ অপৰূপ সৌন্দৰ্যই ইয়াৰ ৰহণ দুগুণে চৰাইছিল। বেলক’নিৰ পৰাই দৃশ্যমান হৈছিল অস্তমিত সূৰুযে বিলোৱা চমৎকাৰ ৰঙৰ পোহাৰ, হালধীয়া আৰু তেজৰঙী ৰঙেৰে বোলোৱা অপূৰ্ব এখন আকাশ।
পোহৰৰ এনে চমকপ্ৰদ সমাহাৰে তেওঁৰ সৃজনশীল অনুভূতিক জাগ্ৰত কৰিব বুলি ভবা হৈছিল যদিও, (টেমুকোৰ হেঁচি ধৰা আন্ধাৰৰ পৰা ওলাই আহিব পাৰিলেও), সেয়া বাস্তৱ ক্ষেত্ৰত হোৱা নাছিল, কাৰণ, তেতিয়া তেওঁৰ মনৰ অৱস্থা আছিল দুখ লগাকৈ নিৰুত্তাপ :

মই মেলি লওঁ মোৰ কিতাপ। লিখিবলৈ লওঁ
এই ভাবি যে মই
এটি খনিৰ খাদত, এটি জেকজেকীয়া
পৰিত্যক্ত টানেলত,
মই জানো, তাত এতিয়া কোনো নাই,
ঘৰত,ৰাস্তাত অথবা ৰিক্ততিক্ত নগৰীত,
মুকলি পৃথিৱীৰ
খোলা ঘৰত মই বন্দী।
মুখ-আন্ধাৰি পোহৰত বাট হেৰুওৱা
শোকে দুখে ম্ৰিয়মান মই এজন ছাত্ৰ,
আৰু মই নূডলছূপত আৰোহণ কৰি
বিছনাত কৰোঁ অৱতৰণ
আৰু পাছদিনা……….
“কেল মাৰুৰিৰ অতিথিশালা” (The Pension House on Calle Maruri)
এই অতিথিশালাৰে তেওঁ থকা কোঠাটোৰ বেৰত এখন তৈলচিত্ৰ নেৰুডাই আঁৰি থৈছিল। সেইখনৰ নাম আছিল “ছেটাৰ্টনৰ মৃত্যু” (The Death Of Chetterton)। যাতনা ভুগি মাত্ৰ সোতৰ বছৰ বয়সতে মৃত্যু বৰণ কৰা, ইংৰাজ কবিজনৰ বিছনাত দীঘলকৈ পৰি থকা দেহটোক চিত্ৰখনত স্বাভাৱিক ৰূপত ফুটাই তোলা হৈছিল। গভীৰ হতাশা আৰু ভয়ংকৰ দৰিদ্ৰতাত পৰ্যুদস্ত এই কবিজনক ভোগসৰ্বস্ববাদী সমাজখনেও পিঠি দিয়াত তেওঁ হতাশ হৈ বিষ পান কৰি মৃত্যুক সাৱটি লৈছিল বুলি জনা গৈছিল। সেয়া আছিল ১৭৭০ চনৰ কথা। সুন্দৰ বিস্ময়কৰ প্রতিভাৰ অধিকাৰী, সংস্কাৰকামী ৰাজনৈতিক লেখক এজনক মহিমান্বিত কৰা এই পেইণ্টিংখনে সকলোৰে অন্তৰ পৰশি গৈছিল। ছেটাৰৰ্টনৰ দুঃখজনক কাহিনীয়ে ৰোমাণ্টিক কবিসকলক গভীৰভাৱে ব্যথিত কৰিছিল। তেওঁলোকে তেওঁক ছহীদ আখ্যা দিছিল; নেৰুডায়ো তাকে কৰিছিল। তেওঁ তেতিয়া ইমানেই হতাশগ্ৰস্থ আছিল যে চেটাৰ্টনৰ চুটি জীৱনটোৰ স’তে তেওঁৰ জীৱনৰ সাদৃশ্য পদে পদে অনুভৱ কৰিছিল।
গ্ৰীষ্মবন্ধ টেমুকোত কটাই আকৌ ছাণ্টিয়াগোলৈ উভতি আহি চিলি বিশ্ববিদ্যালয়ৰ শিক্ষাবিজ্ঞানবিষয়ক প্ৰতিষ্ঠানৰ ওচৰতে থাকিবলৈ লৈছিল। তাতে তেওঁ ফৰাচী ভাষাশিক্ষাৰ ছাত্ৰ হিচাবে ভৰ্ত্তি হৈছিল, যিয়ে তেওঁৰ দেউতাককো আনন্দিত কৰিছিল। নেৰুডায়ো এইবাবে উৎফুল্লিত হৈছিল যে তেওঁৰ এতিয়া বহুবন্দিত “অভিশপ্ত কবি” (cursed poets), ভাৰলেইন, বডলেয়াৰ, মালাৰ্মে আৰু অন্যান্য কবিকুলৰ ৰচনাৰ লগত যোগাযোগ ঘটিব।
কিন্তু নেৰুডাই, স্কুলীয়া কালৰ দৰে নিয়ম মানি চলা বিধৰ ছাত্ৰ নাছিল। ফলত তেওঁ কেতিয়াও বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম নহ’ল। প্ৰথমৰেই পৰা তেওঁ প্ৰায়ে শ্ৰেণীলৈ যোৱা বাদ দি ঘৰৰ কোঠাতে সোমাই থাকি পঢ়িব লিখিব লৈছিল,আৰু কাপৰ পাছত কাপ ভৰাই চাহ খাইছিল। কেতিয়াবা তেওঁ ছাণ্টিয়াগোৰ প্ৰধান কবৰখানাত থকা মেগনোলিয়া গছৰ তলত একান্তমনে পঢ়ি থকা দেখা গৈছিল। তেওঁ সকলো সময়তে বিমৰ্ষ আৰু নিসংগতাবোধত ভুগিছিল। কবিতা লিখাৰ মাজেদিহে  যেন তেওঁ সকাহ পাইছিল। ছাণ্টিয়াগোত অধ্যয়নৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাবে ইয়াৰ মুকলি পৰিৱেশেও তেঁওৰ মানসিক উদ্বেগ আৰু বেদনাবোধ আঁতৰ কৰিব পৰা নাছিল। তুলনামূলকভাৱে এক ভদ্ৰ পৰিৱেশত থকাৰ পাছতো, তেওঁক শৈশৱ কালৰে পৰা খেদি থকা “বৰষুণৰ দুখৰ” (Sorrow of the rain) পৰা পৰিত্ৰাণ পোৱা নাছিল।
তেওঁ নিজকে আবেগিকভাৱে অক্ষম লোক বুলি ভাবিবলৈ লৈছিল, আনকি সৃষ্টিশীলতাৰ ক্ষেত্ৰতো। অথচ তেওঁৰ কাপৰ পৰাই ওলাই আছিল উন্নতমানৰ কবিতা। ছাণ্টিয়াগোত সুদক্ষ কবি হিচাবে প্ৰতিষ্ঠা কৰাৰ যি সপোন তেওঁ পুহি ৰাখিছিল, তাক তেওঁৰ গভীৰ নিৰাশাবাদে উটুৱাই নিয়াৰ উপক্ৰম হৈছিল। তেওঁ যেতিয়া নগৰীৰ অন্তহীন কংক্ৰীটৰ মাজেৰে নিৰাশ মনেৰে অহা-যোৱা কৰিছিল, তেতিয়া তেওঁৰ চাৰিওফালে বিৰাজ কৰা ধূসৰ জগতখনক কবিতাৰ গীতিময় ছন্দত প্ৰকাশ কৰাৰ এখুদমানো তাড়না অনুভৱ কৰিব নোৱাৰা হৈছিল। ইতিমধ্যে, বিল্ডিঙৰ উপৰি বিল্ডিঙত বাহ লোৱা অফিচবোৰ দেখি চাকৰিমুখি হৈ বৰবাবুৰ মুখামুখি হোৱাৰ সম্ভাৱ্য ভয়েও তেওঁক খুলি খুলি খাইছিল। এনে চৰম হতাশগ্ৰস্ততা আৰু গভীৰতৰ অসহায়তাৰ স্পষ্ট প্ৰকাশ ঘটিছিল, তেওঁ সেই সময়ত লিখা ‘পোহৰবিহীন চুবুৰী’ (Neighborhood Without Light) নামৰ কবিতাটোত।
যোৱাকালি—অন্তিম চকামকা পোহৰ দেখি—
মই ধ্বংসাৱশেষৰ মাজত শেলাইৰ দৰে কলংকিত হৈছিলোঁ।
নগৰীবোৰ—এলান্ধু আৰু প্ৰতিশোধপূৰ্ণ—
উপকণ্ঠবোৰ গাহৰিয়ে খচা কদৰ্য্য বোকাৰে অনুজ্বল
কুঁজা হৈ থকা অফিচবোৰত
বৰবাবুৰ সন্দিগ্ধ চকু।

সুৰ্যাস্তত পাহাৰৰ শীৰ্ষত তেজে তুমৰলি দিয়া মেঘৰ জিলিকনি,
ষ্ট্ৰীট আৰু প্লাজাত তেজ আৰু তেজ,
ভগ্ন হৃদয়ৰ উচুপনি
গ্লানি আৰু চকুলোৰ পূঁজ…..
কবিতাটোৰ বক্তাই যেন এৰি অহা গ্ৰাম্য জীৱনৰ নিৰ্মলতা আৰু শান্ত সমাহিত মগ্নতাত বুৰ যাব বিচাৰিছিল আৰু বৰফাবৃত আগ্নেয়গিৰি আৰু কুমাৰী অৰণ্য নেদেখি তেওঁৰ আকুলিত প্ৰাণে হাহাকাৰ কৰিছিল। নগৰলৈ অহা সিদ্ধান্ত যে ক্ষতিকাৰক আছিল সেয়া যেন তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিব ধৰিছিল।
দূৰৈত…. পাহৰণিৰ কুঁৱলী
….আৰু মোৰ গ্ৰামাঞ্চল,
হায়, মোৰ সেউজী প্ৰান্তৰ! য’ত
বলধ আৰু গেবাৰি খটা কৃষকে ফোঁপায়।

আৰু ইয়াত মই, ভগ্নাৱশেষৰ মাজত নতুনকৈ গজিছোঁ
অকলশৰে, দুখবোৰকেই কামুৰি,
যেন মোৰ চকুলোবোৰেই আছিল কঠীয়া
আৰু মই, কেবল মাটিৰ বুকুত কটা নাঙলৰ লোৰ।
যি কি নহওঁক, পূৰ্বৰ মাৰুৰিৰ অতিথিশালাতে লগ পোৱা দুজন কবিৰ সান্নিধ্যই তেওঁৰ নিসংগতাবোধ কিছু পৰিমাণে লাঘৱ কৰিছিল। এজন আছিল নেৰুডাৰ বয়সৰে, নাম ৰোমিও মুৰ্গা; আৰু আনজন আছিল, তেওঁতকৈ এবছৰে ডাঙৰ টোমাছ লেগো। এই লেগোই পাছত নেৰুডাৰ নলে-গলে লগা বন্ধুবৰ্গৰ ভিতৰৰে এজন হৈ পৰিছিল। ছবছৰ পাছত এওঁলোক দুয়োজনে মিলি গদ্য আৰু কবিতাৰে সমৃদ্ধ এখন কিতাপ লিখি উলিয়াইছিল, আৰু উভয়ে ছাণ্টিয়াগোৰ সামাজিক আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ অংশীদাৰ হৈ পৰিছিল, আৰু এই উত্তৰণৰ বীজ নেৰুডাই সিঁচিছিল বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে। নেৰুডাৰ দৰে মুৰ্গায়ো চিলিৰ বিশ্ববিদ্যালয়ত একে বিষয়ৰে ছাত্ৰ আছিল। তেওঁলোক দুয়োৰে স্বভাৱ আছিল একে ধৰণৰ; যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। মুৰ্গা আছিল ওখ আৰু খীণ। নেৰুডাৰ দৰে মুর্গায়ো আহল-বহল টুপী পিন্ধিছিল আৰু নেৰুডাৰ দৰে তেওঁৰো গাৰ বৰণ গাঢ় বাদামী আৰু চকুযুৰি আছিল সেউজীয়া। তেওঁৰ কথা-বতৰা আছিল মাৰ্জিত। এনে লাগিছিল, তেওঁ যেন সদায় পাৰ্থিৱ জগতৰ উৰ্দ্ধৰ কিবাকিবি লৈয়ে চিন্তিত। প্ৰায় এবছৰৰ ভিতৰতে তিনি কবি বন্ধুৱে বিশ্ববিদ্যালয়ৰ জগতখনক আলোড়িত কৰা, অগ্নিগৰ্ভ সাহিত্যিক আলোচনা, নতুন মতবাদৰ ওপৰত চিন্তাশীল তৰ্ক-বিতৰ্ক আৰু ৰাজনৈতিক প্ৰতিবাদ-আন্দোলনৰ আৱৰ্তত সোমাই পৰিছিল।
মুৰ্গাক ১৯২০ চনৰ কবি প্ৰজন্মৰ এজন প্ৰবুদ্ধ সদস্য হিচাপে পৰিগণিত হোৱা দেখা গৈছিল, কিন্তু কুটিল কালে তেওঁৰ জীৱন বন্তি নুমাই পেলাইছিল। একৈশ বছৰ হোৱাৰ এমাহ পূৰ্বে ১৯২৫ চনত তেওঁ আত্মঘাতী হৈ মৃত্যু বৰণ কৰিছিল। এইদৰে, তেওঁৰ পূৰ্বসূৰী ফৰাচী কবিসকলৰ লেখীয়া, দৰিদ্ৰতা আৰু সুৰাৰ কবলত পৰি বেমাৰ-আজাৰত ভুগি অথবা আত্মহত্যাক আঁকোৱালি লৈ কমেও পাঁচজনকৈ উজ্বল প্ৰতিভাক হেৰুওৱাৰ ফলত, ১৯২০ চনৰ কবি প্ৰজন্মই মৰ্মাহত হৈছিল।
লাহে লাহে, নতুন বন্ধুবৰ্গৰ দ্বাৰা পৰিবেষ্টিত হৈ আৰু বৌদ্ধিক অনুশীলনৰত সংগীসকলক পাই নেৰুডাই নতুন জীৱন লভিছিল। তেওঁ সাহসেৰে, ছাণ্টিয়াগোৰ কাফে বা বাৰত প্ৰৱেশ কৰি, অগতানুগতিক চৰিত্ৰৰ লোকসকলৰ আড্ডাৰ মাজত সোমাই, সংস্কাৰবাদী ৰাজনীতি, দৰ্শন, প্ৰেম, সাহিত্য ইত্যাদিৰ সন্দৰ্ভত হোৱা আলোচনাত ভাগ ল’বলৈ ধৰিছিল। তেওঁলোকৰ অবিৰাম আলোচনাৰ বিষয়বস্তু আছিল, ৱাল্ট হুইটমেন, জেমছ জয়েছ আৰু ভিক্টৰ হুগো। ইয়াত বাদেও তেওঁলোকে অভিশপ্ত ফৰাচী কবিসকল আৰু নোবেল বঁটা বিজয়ী বঙালী কবি আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়েও আলোচনা কৰিছিল। ফৰাচী লেখক আন্দ্ৰে জিদ আৰু বিশেষকৈ তেওঁৰ ভেটিকানৰ গৰ্ভগৃহ (Vetican Cellars) নামৰ অধিবাস্তৱবাদী গ্ৰন্থখনো আলোচনাৰ মাজলৈ আনিছিল, যিখনত ধৰ্মীয় নৈতিকতা যে এক প্ৰহসন, তাক লেখকে সুন্দৰকৈ বৰ্ণনা কৰিছিল। এই কিতাপখনে, নেৰুডাৰ প্ৰজন্মৰ মাজত অনুনাদৰ সৃষ্টি কৰিছিল। যোৱা কেইটামান দশকজুৰি চিলিৰ সমাজজীৱনত ধৰ্মনিৰপেক্ষ ভাবধাৰাই গা কৰি উঠিছিল যদিও, দেশৰ সংস্কৃতিত কেথ’লিক গিৰ্জাৰ গোড়ামিপূৰ্ণ সামাজিক কৰ্মকাণ্ডৰ প্ৰভাৱ তেতিয়াও ব্যাপক আছিল।
প্ৰতি বছৰে প্ৰকাশ পোৱা বিদ্ৰূতাত্মক সাহিত্যৰ প্ৰতিও তেওঁলোক বৰ আগ্ৰহী হৈছিল। উদাহণস্বৰূপে, ১৯২২ চনটোত, আমাৰ এই আধুনিক যুগৰ চকুত পৰাকৈ তিনিখন অনুপম কৃতি প্ৰকাশিত হৈছিল : সেইকেইখন আছিল, টি এছ ইলিয়টৰ ‘পতিত ভূমি’ (Waste Land), জেমছ্ জয়েছৰ ‘ইউলিছিছ’ (Ulysses) আৰু পেৰুৰ কবি চিজাৰ ভেলেজোৰ ট্ৰাইলচ (Trilce)। এই গ্ৰন্থ তিনিখনৰ বিভিন্ন দিশে কিবা নহয় কিবা বিশেষ প্ৰকাৰে নেৰুডাক প্ৰভাৱিত কৰিছিল।
উল্লেখিত গোটটোৱে, সমসাময়িক নৰ্ডিক সাহিত্যৰ পিনেও  আকৰ্ষিত হৈছিল। উদাহণস্বৰূপে চেলমা লেগাৰ্লফৰ ‘গোষ্টা বেৰলিঙৰ বীৰত্বপূৰ্ণ কাহিনী’  (The Saga of Gosta Berling) নামৰ উপন্যাসখনো তেওঁলোকৰ আলোচনাৰ বিষয় বস্তু আছিল। এই ছুইডিছ উপন্যাসিকজনে গ্ৰামাঞ্চলৰ দাৰিদ্ৰ্যক্লিষ্ট হতাশগ্ৰস্থ ভেড়াৰখীয়া কবিজনৰ বিদ্ৰোহী সত্তাটোক সুন্দৰকৈ তুলি ধৰিছিল। কাহিনীভাগত লেগাৰ্লফে কৰা কাউনণ্টেছগৰাকীৰ বৰ্ণনাক নেৰুডাৰ ‘The Book of Twilights’-ত কৰা বৰ্ণনাৰ লগত ৰিজাব পৰা যায়।
ঠিক তেনেদৰে, আন এজন নৰৱেৰ ঔপন্যাসিক নুত হামচুনৰ ৰচনা আছিল তেওঁলোকৰ আলোচনাৰ প্ৰিয় বিষয়। সাধাৰণতে, তেওঁ তেওঁৰ উপন্যাসত ফুটাই তোলা অন্ধকাৰময় পৰিৱেশ আৰু যৌনগন্ধী বিষয়বস্তুবোৰৰ প্ৰভাৱ নেৰুডাই ৰচনা কৰা ‘কুৰিটা প্ৰেমৰ কবিতা’-ত (Twenty Love Poems) দেখা যায়। উল্লেখযোগ্য যে হামচুনে নোবেল বঁটা পাইছিল ১৯২০ চনত আৰু নেৰুডাই ১৯২৪ চনত প্ৰকাশ  কৰিছিল তেওঁৰ ‘কুৰিটা প্ৰেমৰ কবিতা’ নামৰ পুথিখন।
নেৰুডাই জাৰ্মান লেখক ৰেইনাৰ মেৰিয়া ৰিলকেৰ একমাত্ৰ উপন্যাস ‘মল্টে ল’ৰিদ ব্ৰিগিৰ টোকাবহী’খন (The Notebook of Malte Laurids Briggee) পঢ়ি, তাত থকা চৰিত্ৰটোৰ সতে আত্মীয়তা অনুভৱ কৰিছিল এইবাবেই যে তাত আঠাইছ বছৰীয়া দুৰ্দশাগ্ৰস্ত নিঠৰুৱা কবি এজনে, নেৰুডাৰ দৰেই নিজৰ ব্যক্তিসত্তাক বিচাৰি হাহাকাৰ কৰিছিল।
নেৰুডাৰ দৰে বোহেমিয়ান গোটটোৰ অন্যান্যসকলেও পুৰণি শতিকাৰ লেখকসকলৰ ৰচনাৰাজিৰ ওপৰত আলোচনাত উপনীত হৈ সোতৰ শতিকাৰ স্পেনিছ কবি ফ্ৰেঞ্চিস্কো ডা কোৱেভেদোৰ যে বিশেষ প্ৰাসংগিকতা এতিয়াও শেষ হৈ যোৱা নাই তাত সহমত পোষণ কৰিছিল। এই কবিগৰাকীৰ গভীৰ অৰ্থবোধক ব্যংগাত্মক কবিতাবোৰে নেৰুডাৰ ৰচনাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি চেক্সপিয়াৰৰ বেলিকাতো কথাই নাই : ট্ৰেজিক নায়ক হিচাবে জুলিয়াচ ছিজাৰৰ বিদ্ৰোহী ভূমিকাই, চিলিৰ বিপ্লৱী যুৱকসকলৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। এইদৰে, ৰাজনীতি আৰু সাহিত্যৰে বিজড়িত চিলিৰ সাৰুৱা ক্ষেত্ৰ এখনৰ অংশীদাৰ হৈ নেৰুডাই ক্ৰমশঃ আগুৱাই গৈছিল।
১৯১৯ আৰু ১৯২০ চনৰ আক্ৰমণ আৰু উৎপীড়ণৰ আঘাতৰ পৰা মূৰ দাঙি উঠা, চিলিৰ ছাত্ৰ ফেডাৰেচনৰ সৈতে থকা একাত্মতাই তেওঁক এই গোটটোত অন্তৰ্ভুক্ত হোৱাৰ বেলিকা বিশেষ অৰিহণা যোগাইছিল। যিয়েই নহওঁক, সংশোধনৰ বাহিৰত ৰখা এই বোহেমিয়ানসকলে, চিলিক এক নতুন ৰূপত গঢ়াৰ সপোন দেখিছিল। কিন্তু তেওঁলোকৰ ৰাজনীতিৰ প্ৰতি মনোভাৱ বাস্তৱসম্পন্ন আৰু স্পষ্ট হোৱাৰ বিপৰীতে অতিমাত্ৰাই ৰোমাণ্টিক আৰু ভাববিলাসী আছিল। সমাজবাদী নৈৰাজ্যবাদক তেওঁলোকে আটাইতকৈ জনপ্ৰিয় মতবাদ বুলি গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ বহুতেই বিশ্বৰ শিল্প-শ্ৰমিক সংগঠনৰ সদস্য আছিল, (যি সংগঠনৰ ওপৰত চৰকাৰী নিৰ্যাতন তেতিয়াও চলি আছিল)।
স্বল্প গতিৰে আৰু কিছু সংযতৰূপত হ’লেও, নেৰুডাই ছাণ্টিয়াগোৰ বাঁওপন্থীমহলৰ কবি, কলাকাৰ আৰু ছাত্ৰকৰ্মীসকলৰ মাজত এক এৰাব নোৱাৰা প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ল’ৰালি কালৰ টেমুকোৰ মন মাৰি থকা স্বভাৱৰ বিপৰীতে, ইয়াত যেন তেওঁ জীৱন্ত কথা-বতৰাৰে পৰিপূৰ্ণ এখন সমাজত আহি যোগ দিছিল। তথাপি ইয়াতো, মাজে মাজে কমকৈ হ’লেও কথা ক’বলৈ লৈছিল যদিও, সেয়া তেওঁ অতি ধীৰে ধীৰে, অতি শান্ত কণ্ঠেৰে, আমনি লগাকৈ নাকেৰে মাত উলিয়াই কৈছিল; অবাক লাগিলেও তেওঁৰ সেই কণ্ঠস্বৰ আছিল নিজৰ কিতাপৰ পাতে পাতে লিখা উৎসাহ যোগোৱা কবিতাবোৰৰ সম্পূৰ্ণ বিপৰীত।
ছাত্ৰসকলৰ মাজত সুখ্যাতি লভাৰ সেই সময়তে তেওঁ কিছু ব্যক্তি আৰু পৰামৰ্শদাতাৰ সান্নিধ্যলৈ আহিছিল, যিসকলৰ দিহা-পৰামৰ্শই তেওঁৰ ৰচনাক উন্নত কৰাত উল্লেখযোগ্য অৰিহণা যোগাইছিল। ইয়াৰে এজন আছিল চিলিৰ অত্যন্ত শ্ৰদ্ধাভাজন কবি পেড্ৰো পেডো। উচ্চমানবিশিষ্ট প্ৰতিভাৰ অধিকাৰী পেড্ৰো আছিল নেৰুডাতকৈ তেত্রিছ বছৰে ডাঙৰ। আহিব ধৰা বছৰবোৰত, এই কবিজনৰ অকুণ্ঠ সহায় সহযোগ নেৰুডাৰ বাবে আছিল অতিকে গুৰুত্বপূৰ্ণ। নেৰুডাৰ কবিতাত আন এজন বিখ্যাত কবিৰ তাৎক্ষণিক আৰু প্ৰত্যক্ষ প্ৰভাৱ মন কৰিবলগীয়া। তেওঁ আছিল উৰুগুৱেৰ কবি কাৰ্লছ চাবাছ ইৰকেষ্টি। নেৰুডাই এই কবিজনৰ কবিতাত প্ৰকাশিত সুমধুৰ গীতিময়তাক বৰ শ্ৰদ্ধা সহকাৰে লোৱাৰ উপৰিও তেওঁৰ কবিতাৰ গভীৰত প্ৰকৃতি আৰু মানুহৰ অৱস্থাৰ সংযোজিত ৰূপ সূক্ষ্মভাৱে প্ৰতিভাত হোৱা দেখি মুগ্ধ হৈছিল। অভিভূত নেৰুডাই পাঠকসকলক এই প্ৰখ্যাত কবিজনৰ ৰচনাৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে, তেওঁৰ সাম্প্ৰতিক কিতাপবোৰৰ ওপৰত এটি পৰ্যালোচনা, ক্লেৰিদাত পত্ৰিকাৰ, ১৯২৩ চনৰ পাঁচ ডিচেম্বৰ সংখ্যাত লিখিছিল।

পঞ্চম অধ্যায়(খ)
পৰামৰ্শদাতা গুৰুসকলৰ উপৰিও নেৰুডাক তেওঁৰ সহকৰ্মী লেখকসকলেও সাহিত্যৰ নতুন নতুন বিষয়বস্তু আৰু শৈলী সম্পৰ্কে অবহিত কৰিছিল। তেনে এজন ৰহস্যজনক সহকৰ্মী লেখক আছিল এলবাৰ্টো ৰোজাছ গিমেনেজ, যিজন নেৰুডাতকৈ চাৰি বছৰে ডাঙৰ আছিল। তেওঁ ক্লেৰিদাদ পত্ৰিকাখনৰ, সঞ্চালকমণ্ডলীৰ অন্যতম সদস্য আছিল। দৰিদ্ৰতা সত্বেও তেওঁ, ধুনপেচ মাৰি ফুলবাবু হৈ থাকি ভাল পাইছিল। লগত যি আছে তাকে বন্ধুবৰ্গক দি দিয়াৰ এটা খেয়ালি স্বভাৱ তেওঁৰ আছিল। এইদৰে তেওঁ তেওঁৰ টুপী, চোলা, জেকেট, আনকি জোতাও দি দিছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে আছিল যে তেওঁ অতি কৌশলেৰে ধেমালিৰ ছলেৰে জোকাই-মেলি আমন-জিমনকৈ থকা নেৰুডাক বিষাদগ্ৰস্থতাৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ আছিল সকলোকে আনন্দত বুৰাই ৰখাৰ পৰম দক্ষতা আৰু ছাণ্টিয়াগোত থকা প্ৰথম বছৰটোত নেৰুডাৰ বাবে ইয়াৰ প্ৰয়োজন আছিল সৰ্বাধিক।
ৰাজধানীত ভৰি দিয়াৰ ছমাহ পাছত, ১৯২১ চনৰ অক্টোবৰ মাহত চিলিৰ ছাত্ৰ সংগঠনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বসন্তোৎসৱ ছাত্ৰসকলে অতি উলহ-মালহেৰে ৰং-ৰহইচ কৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণৰ জৰিয়তে পালন কৰিছিল। উৎসৱৰ মাজতে অনুষ্ঠিত কবিতা প্ৰতিযোগিতাত নেৰুডাই অংশগ্ৰহণকাৰী পঁচিছজন কবিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ লভিবলৈ সক্ষম হৈছিল। কবিতা প্ৰতিযোগিতাৰ পাছদিনা অৰ্থাৎ অক্টোবৰৰ পোন্ধৰ তাৰিখে ‘মহোৎসৱৰ গান’ (Song of the Fiesta), নামৰ নেৰুডাৰ কবিতাটো, আটকধুনীয়াকৈ প্ৰকাশ কৰা ষোল্ল পৃষ্ঠাজোৰা ক্লেৰিদাদ পত্ৰিকাত, ওলাইছিল। এই কবিতাটো স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাই শ্ৰেণীকোঠাই ডাঙৰ ডাঙৰকৈ পঢ়ি শুনোৱা হৈছিল। আনকি ছাণ্টিয়াগোৰ বাৰবোৰতো এইটো পাঠ কৰা হৈছিল। সেই সময়ত ছাত্ৰসমাজৰ মাজত উথলি থকা ৰাজনৈতিক স্পন্দনক নেৰুডাই কবিতাটোত মূৰ্ত কৰিব পাৰিছিল বাবেই ইয়াৰ কদৰ আছিল বেছি।
আজি যেতিয়া পৰিণত ধৰাখন আলোড়িত হৈছে
ধূলিময় আৰু তীব্ৰ জোকাৰণিৰে,
আমাৰ নতুন পুৰুষসকলে আগুৱাই যায়
বতাহে কঁপোৱা নাওৰ পালৰ দৰে।
এই উৎসৱৰ পূৰ্বে, বোহেমিয়ান ছাত্ৰ কেইজনমানৰ বাহিৰে আন কোনোৱে নেৰুডাক জনা নাছিল। মুকলি মঞ্চত  ‘মহোৎসৱৰ গান’ শুনাৰ পাছত, নেৰুডাক হঠাৎ দেশৰ অন্যতম সাহিত্যিক প্ৰতিভাৰ গৰাকী বুলি সকলোৰে মুখে মুখে গুঞ্জন উঠিছিল আৰু কৈছিল, “হয় তেওঁ এই প্ৰজন্মৰেই কবি।” মহোৎসৱৰ দুদিন পাছত পলিটিয়েমা হলত সুৰ সমলয় আৰু নৃত্যানুষ্ঠানৰ কাৰ্যসূচী চলি থকাৰ মাজতে পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হৈছিল। প্ৰথম পুৰস্কাৰপ্ৰাপ্ত নেৰুডাক উক্ত কবিতাটো সভাৰ উদ্যোক্তাসকলে বিৰাট সমাৱেশত পঢ়ি শুনাবলৈ অনুৰোধ কৰিছিল, কিন্তু অত্যন্ত লাজুক নেৰুডাই তাকে কৰিবলৈ সাহস গোটাব নোৱাৰাত, আগৰ বছৰত বঁটা পোৱা এজনৰ দ্বাৰা এই কবিতাটো পঢ়ি শুনোৱা হৈছিল।
ইপিনে ‘মহোৎসৱৰ গান’ কবিতাটোৰ মাজত যুৱ প্ৰজন্মই আপোন আত্মাৰ সুৰ মনোৰমকৈ ধ্বনিত হোৱা দেখি খুব সহজেই ইয়াক প্ৰতিজনে আদৰি লৈছিল। সেয়েহে, অনুষ্ঠানৰ পৰৱৰ্তী দিনবোৰতো বাটে-ঘাটে লগ পোৱা সহস্ৰজনে নেৰুডাক কবিতাটো পঢ়ি শুনোৱাৰ বাবে অনুৰোধ কৰিছিল। কিন্তু নেৰুডাই যশস্বী খিতাপ পাইও যশস্বী লোকসকলৰ শাৰী পূৰাবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল।
চল্লিশ বছৰ পাছত নেৰুডাই এই ঘটনাৱলীক ৰোমন্থন কৰি কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল এইদৰে :
মহোৎসৱৰ গান…..অক্টোবৰৰ,
বসন্তৰ
পুৰস্কাৰ:
মুক্ত কণ্ঠে গানে গানে নাচি-বাগি
পগলা কৰা মোৰ কবিতা
আৰু মই,
ক’লা তৰোৱাল এখনৰ মিহি ধাৰে
মুখা আৰু সুগন্ধি ফুলৰ মাজেৰে
এতিয়াও খোজ কাঢ়ে কুপিত দৃষ্টিৰে, অকলশৰে,
জনসমাগমৰ মাজেৰে
দক্ষিণা বতাহৰ দুখ কঢ়িয়াই,
ঘণ্টা আৰু ৰৈ থকা জাহাজৰ তলেৰে।
~১৯২১~
১৯২১ আৰু ১৯২৬ চনৰ মাজত ক্লেৰিদাদে নেৰুডাৰ এশ পঞ্চাশটাতকৈয়ো অধিক ৰচনা প্ৰকাশ কৰিছিল : সেইবোৰৰ ভিতৰত আছিল, কবিতা, সাহিত্য-সমালোচনা আৰু ৰাজনীতি বিষয়ক লেখা-মেলা। ছাত্ৰ এজনৰ লেখা হেতুকে, তেওঁ সেইবোৰৰ বাবদ মাননী হিচাবে কোনো টকা-পইচা পোৱা নাছিল। পুতেকৰ এনে লেখা-মেলা সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ দেউতাকৰ পৰা পোৱা সামান্য টকাৰে তেওঁ কোনোমতেহে চলিছিল।
কবিতাবোৰ পাবলো নেৰুডা নামেৰে লিখাৰ বিপৰীতে তেওঁ ক্লেৰিদাদত লিখা নিৱন্ধবোৰ চেছকা য়েগুলেভ ছদ্মনামেৰে লিখিছিল। আদৰ্শগত মিল আৰু হঠাতকৈ দেখা দিয়া ৰোমাণ্টিক ধাৰণাৰ বশৱৰ্তী হৈয়েই তেওঁ এই ছদ্মনামটো ৰুছ উপন্যাসিক লেওনিড আন্দ্ৰেয়েভৰ উপন্যাসৰ এটি চৰিত্ৰৰ পৰা লৈছিল, যিজন চেছকাই স্বাধীনতাৰ বাবে এক ৰক্তাক্ত বিদ্ৰোহৰ নেতৃত্ব দি মৃত্যু বৰণ কৰিছিল। লেটিন এমেৰিকাৰ বহু যুৱকে এই কাল্পনিক চৰিত্ৰটোক বীৰ বুলি মানি লোৱা দেখা গৈছিল। অৱশ্যে  শান্তিবাদী হোৱাৰ লগে লগে চেছকাৰ প্ৰতি নেৰুডাৰ মোহ ক্ৰমান্বয়ে লোপ পাব ধৰিছিল। সেই সময়ত, ৰুছিয়াৰ বিপ্লৱী কৰ্মকাণ্ড আৰু সেই দেশখনৰ চহকী সাহিত্যিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাৱনত হৈ বহু যুৱকে ৰুছিয়ান ছদ্মনাম লোৱাটো এটি চখত পৰিণত হৈছিল।
১৯২০ চনৰ আগছোৱাত লিখা প্ৰবন্ধসমূহৰ দ্বাৰা নেৰুডাই ইতিমধ্যে নিজকে ৰাজনৈতিক ভাবধাৰাৰে অত্যন্ত পৰিপুষ্ট বাঁওপন্থী মানৱতাবাদী ব্যক্তি হিচাবে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। ১৯২১ চনৰ আগষ্ট মাহত নেৰুডাই শ্ৰমিক শ্ৰেণীক উদ্দেশ্য কৰি লিখা এটি ৰাজনৈতিক নিবন্ধৰ ক্ষুদ্ৰ প্ৰতিৰূপ ক্লেৰিদাদত প্ৰকাশিত হৈছিল, যি প্ৰবন্ধটোৰ তেওঁ নাম দিছিল, ‘কৰ্মচাৰী’ :
তুমি নাজানা যে সিহঁতে তোমাক শোষণ কৰি আছে। নাজানা যে লেতেৰা পইচা কেইটিমান তোমাক দলিয়াই দিয়াৰ বিনিময়ত সিহঁতে তোমাৰ সুখ-শান্তি কাঢ়ি নিছে। যিকণ সৌন্দৰ্য তোমাৰ আত্মাত আছিল তাকো তুমি সিহঁতক দি দিছা। যিজন কেশ্বিয়াৰে তোমাক মজুৰি দিয়ে তেওঁ মালিকৰ সোঁহাত, নিষ্ঠুৰ দেহত থকা সেই সোঁহাতখনে তোমাৰ দৰে বহুতকে নিধন কৰি আছে। কিন্তু, ভুলতো কেশ্বিয়াৰজনক আঘাত নকৰিবা। তুমি আঘাত কৰিবা সেইজন আততায়ীক, যিজনে তোমালোকক প্রতিনিয়ত হত্যা কৰি আছে।
আমি ইয়াক শোষণ বুলি কওঁ, পুঁজিৰ শোষণ, অবাঞ্ছণীয় আচৰণ। তুমি যিবোৰ বাতৰিকাকত পঢ়া, তাৰ নেপথ্যৰ লোকসকলে লৰালৰিকৈ গাড়ীত উঠি ধাৱমান হয়, যিসকলক সিহঁতে আইন,শৃংখলা, দেশপ্ৰেম ইত্যাদি নাম দিয়ে। তুমি নিজকে দুৰ্বল বুলি ভাবিছা নেকি। নাভাবিবা, আমি আছোঁ নহয়, আমি আৰু অকলশৰীয়া নহয়,আমিও তোমাৰ নিচিনাই, আৰু তোমাৰ দৰে শোষিত আৰু নিগৃহীত, সেয়েহে আমি  বিদ্ৰোহ কৰোঁ…..”।
১৯২২ চনত লিখা এটি সম্পাদকীয়ত, নেৰুডাই কবি হিচাবে তেওঁৰ দৃষ্টিভংগীৰ এটি ইংগিত দাঙি ধৰিছিল। ক্লেৰিদাদৰ প্ৰথম পৃষ্ঠাত মূল পাঠ্যাংশ হিচাবে তেওঁ পুৰুষ আৰু মহিলা কৰ্মচাৰী দুজনৰ মৰ্মবেদনাক চিত্ৰৰ মাজেৰে মূৰ্ত কৰিছিল। তেওঁলোক দুয়োজনে প্ৰচণ্ড শীতত এঠাইত কুঁচিমুচি আছিল আৰু তেওঁলোকৰ মুখৰ চেহেৰা আৰু শৰীৰৰ ভংগীৰ পৰাই বুজা গৈছিল যে তেওঁলোকে কিমান নিদাৰুণ কষ্ট পাইছিল। বিৱৰণকাৰীজনে বৰ বিতত আৰু আচৰিত হৈ ‘দুঃস্থ আৰু নিৰ্বাক’ দম্পতীহালৰ পিনে চাই নিজৰ মনৰ ভাব এইদৰে প্ৰকাশ কৰিছিল, “মোৰ বিদ্ৰোহৰ বহ্ন্যুৎসৱৰ জুইকুৰা মোৰ ওঠত জ্বলি নুঠিল কিয়? নিদাৰুণ দুখ-কষ্টই জৰ্জৰিত কৰা এই দুটা সত্তাৰ বেদনাক ভাষা দিয়াৰ বাবে মোৰ অন্তৰ আৰু মুখ ফালি কিয়ইবা ৰঙা শব্দ এটিও উচ্চাৰিত নহ’ল”? তেওঁ কাকতখনৰ পিনে চাই আছিল, “কিন্তু একোৱেই নহ’ল”! হঠাৎ চিত্ৰত প্ৰকাশ কৰা মানুহজনে জীৱন্ত ৰূপ ধাৰণ কৰি বৰ্ণনাকাৰীজনক হাত দুখনেৰে খামোচ মাৰি ধৰি তেওঁৰ চকুত চকু থৈ এইদৰে কৈছিল :
বন্ধুসকল, ভাইসকল, তোমালোক নীৰৱ কিয় ?…. তোমালোকৰ যিসকলে তোমালোকৰ অভ্যন্তৰীণ জুইকুৰাৰে শব্দক সন্দীপিত কৰিব পাৰা; সেইসকলেনো কিস’তে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিতৃপ্তিৰ গান গাই আমাৰ পৰিত্যক্ত অন্তৰবোৰক পাহৰিব পাৰা আৰু কেনেকৈনো পাহৰিব পাৰা নিষ্ঠুৰ আঘাতেৰে জৰ্জৰিত আমাৰ জীৱনৰ কথা, যি জীৱন, শীতৰ সন্ত্ৰাস আৰু ভোকৰ যাতনাৰে জুৰুলা? …..যদি তোমালোকে প্ৰতি ঘণ্টাৰ প্ৰতিটো মুহূৰ্ত একো নামাতি মনে মনে থাকা, ইয়াৰ দ্বাৰা তোমালোকে পৃথিৱীখনক মিথ্যা কণ্ঠস্বৰেৰে ভৰাই তুলিবা, ফলত অনৈতিকতাৰ উত্তৰোত্তৰ শ্ৰীবৃদ্ধি ঘটিব আৰু ইবোৰে প্ৰতিবাদী ভাষাক সম্পূৰ্ণৰূপে নীৰৱ কৰিব….”।
এতিয়া আহোঁ আমি নেৰুডাৰ কবিতালৈ। নেৰুডাই তেওঁৰ  প্ৰথম ৰচনা “গধূলি লগন” (Crepusculario) নামৰ কবিতা পুথিখন প্ৰকাশ কৰি উলিয়াবৰ বাবে ব্যগ্র হৈ পৰিছিল। এই কিতাপখনৰ নামটো মাৰুৰি ষ্ট্ৰীটৰ থকা ঘৰটোৰ খিৰিকীৰে গধূলি পৰত প্ৰায়ে চকুত পৰা তেজ ৰঙা বেলিটোৰ প্ৰতি দৃষ্টি ৰাখিয়েই ৰখা হৈছিল। ক্লেৰিদাদ পত্ৰিকাৰ যোগেদি চিনাকি হোৱা এজন প্ৰকাশক বন্ধুৱে তেওঁৰ এই কিতাপখন প্ৰকাশ কৰিবলৈ সন্মতি জনাইছিল, যদিহে তেওঁ নিজে ছপাখৰচ বহন কৰিবলৈ ৰাজী হয়। নেৰুডাৰ সম্মুখত তেতিয়া আন ৰাস্তা খোলা নাছিল। গতিকে তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় খৰচখিনি উলিয়াবৰ বাবে তেওঁৰ চকী, মেজ আদিৰ দৰে কিছু আচবাব  বিক্ৰী কৰাৰ উপৰিও “কবিৰ অতি মৰমৰ ছুট্যোৰ”  আৰু দেউতাক যোচ ডেল কাৰমেনে অতি চেনেহেৰে উপহাৰ দিয়া ঘড়ীটো (এই কথাটো বাপেকে গম পালে কিমান যে মৰ্মাহত নহ’লহেঁতেন) বন্ধকত থৈছিল। কিন্তু এইদৰে তেওঁ মুঠ খৰচৰ এটা সামান্য অংশহে যোগাৰ কৰিব পৰিছিল। ইপিনে, অলৰ-অচল ছপাশালৰ গৰাকীয়ে হাতত সম্পূৰ্ণ টকা আদায় নোপোৱালৈকে কিতাপখন ছপাবলৈ সৈমান হোৱা  নাছিল।
এনে এক সংকটপূৰ্ণ সময়ত নেৰুডাৰ জীৱনত হেৰনান দিয়েজ এৰিতাৰ আৱিৰ্ভাৱ হৈছিল। তেওঁৰ ছদ্মনাম আছিল এলোন আৰু এই নামেৰেই তেওঁ লেখা-মেলা কৰিছিল। এই এলোনেই গৈ সময়ত চিলিৰ এজন শ্ৰেষ্ঠ সাহিত্যিক সমালোচক হিচাবে জনাজাত হৈছিল। নেৰুডাক লগ পোৱা সময়ত তেওঁ ছাণ্টিয়াগোৰ পৰা ওলোৱা ‘লা নে’শ্বন্’ নামৰ বাতৰিকাকতত লেখা-মেলা কৰি আছিল। যুৱক সম্প্ৰদায়ৰ কবি সাহিত্যিকসকলৰ সৈতে তেওঁৰ যোগাযোগ নাছিল যদিও নেৰুডাক তেওঁ ভালকৈয়ে জানিছিল আৰু হঠাৎ এদিন তেওঁক ছাণ্টিয়াগোৰ প্ৰধান এভিনিউ, লা আলামেদাত, দেখিয়েই চিনিব পাৰিছিল।
প্ৰায় পঞ্চাশ বছৰ পাছত এলোনে তেওঁৰ লিখা এখন কিতাপত নেৰুডাক লগ পোৱা বিষয়টো উল্লেখ কৰি এইদৰে লিখিছিল, “সদায় নীৰৱে নিভৃতে থাকি ভাল পোৱা নেৰুডাক তেতিয়া অপুষ্টিত ভুগি থকা যেন লাগিছিল আৰু তেওঁৰ বিৱৰ্ণ মুখখনত লাগি আছিল দুখৰ ছাঁ”। দোধোৰমোধোৰত থকা নেৰুডাই, এলোনক ‘অনিচ্ছাকৃতভাৱে’, সেই সময়ত সম্মুখীন হোৱা পৰিস্থিতিৰ কথা ক’বলৈ গৈ সম্পূৰ্ণ টকা দিব নোৱাৰা বাবে প্ৰকাশকে যে তেওঁৰ কিতাপখন প্ৰকাশ কৰিবলৈ অমান্তি হৈছিল তাক ব্যক্ত কৰিছিল।
সেই সময়ত, কোনো বন্ধুৰ পৰা পাবলগীয়া এক বুজন পৰিমানৰ টকা আহি এলোনৰ হাতত পৰিছিল। নেৰুডাই এলোনৰ পৰা কোনো টকা-সিকা বিচৰা নাছিল যদিও, এলোনে নেৰুডাৰ কথা শুনাৰ পাছত, দ্বিধাহীনভাৱে উদাৰচিত্তে তেওঁ কিতাপখন ছপোৱাৰ সমস্ত খৰচ বহন কৰিব বুলি সদৰী কৰিছিল। নেৰুডাইও এই উপহাৰ অতি আনন্দচিত্তে বিনম্ৰতাসহ কৃতজ্ঞতাৰে গ্ৰহণ কৰিছিল।
সুখৰ কথা যে, এলোনৰ উদাৰ বৰঙণিৰ সৌজন্যত, ১৯২৩ চনৰ জুন মাহত  ‘গধূলি লগন’ (Crepusculario) কিতাপখন ৰাজহুৱাকৈ প্ৰকাশ পাইছিল। তেতিয়া নেৰুডাৰ বয়স ওঠৰ বছৰ এঘাৰ মাহ। কিতাপখন প্ৰকাশ পোৱা ভাবাৱেগক স্মৰণ কৰি পাছত নেৰুডাই তেওঁৰ ‘স্মৃতিকথা’-ত (Memoirs) লিখিছিল, “পৃষ্ঠাই পৃষ্ঠাই আমোলমোলোৱা নতুন কাগজৰ কেঁচা গোন্ধ আৰু সজীৱ চিয়াঁহীৰে মূৰ্তমান জীৱন্ত আখৰেৰে কিতাপখন প্ৰকাশ হোৱাৰ সেই সন্মোহনী আৰু যাদুকৰী অনাবিল আনন্দৰ মুহূৰ্তত, মই অনুভৱ কৰিছিলোঁ মোৰ হৃদয়ত চৰাইৰ পাখিৰ ধপধপনি আৰু দিগবিজয় কৰি প্ৰথম ফুলপাহে চুপি মেলি ওলোৱাৰ লেখীয়া আনন্দ; এনে মুহূৰ্ত কবিৰ জীৱনত মাথোঁ এবাৰেই আহে।”
ছাণ্টিয়াগোলৈ অহাৰ পাছত, নেৰুডাৰ স্বকীয় সত্তাৰ বিকাশ আৰু সামাজিক স্বীকৃতিৰ ক্ষেত্ৰত এই কিতাপখনে এক নতুন দিশৰ সূচনা কৰিছিল। ‘গধূলি লগন’ কিতাপখনে কবিৰ নিজৰ মনৰ অৱস্থাক সুন্দৰকৈ তুলি ধৰাৰ মাজতেই যে সীমাবদ্ধ আছিল, তেনে নহয়, এই কিতাপখনে তেওঁৰ প্ৰজন্মৰ মৌলিক বৈশিষ্ট্যসমূহো তুলি ধৰা দেখা গৈছিল। অৱশ্যে, প্ৰজন্ম বুলিলে অকল চিলিৰ প্ৰজন্মকেই যে বুজোৱা হৈছিল, এনে নহয়। সেই প্ৰজন্ম আছিল এনে এটা বিগত দশকৰ প্ৰজন্ম, যি প্ৰজন্মই প্ৰথম বিশ্বযুদ্ধৰ ধ্বংসলীলা আৰু অমানৱীয়তা, সফল অক্টোবৰ বিপ্লৱ, সমাজবাদী নৈৰাজ্যবাদীৰ উত্থাল আন্দোলন, চিণ্ডিকেলিষ্ট নৈৰাজ্যবাদ আৰু বিশ্বজুৰি সাম্যবাদ প্ৰতিষ্ঠাৰ আবেগেৰে সাংঘাটিকভাৱে প্ৰভাবান্বিত কৰা যুগান্তকাৰী ঘটনাপ্ৰৱাহৰ দ্বাৰা আলোড়িত হৈছিল। আনহাতে, এনেদৰে এটিৰ পাছত এটিকৈ দ্ৰুতগতিত ঘটা অবিস্মৰণীয় গোলকীয় পৰিৱৰ্তনবোৰে সকলোধৰণৰ শিল্পীসাহিত্যিককো সমাজ-জীৱনত দেখা দিয়া যুদ্ধপৰৱৰ্তী নিৰানন্দ, মোহভংগতা আৰু হতাশগ্ৰস্ততাৰ ফলত উদ্ভুত নতুন বাস্তৱতাৰ লগত সংগতি ৰাখি ভাব প্ৰকাশৰ মাধ্যম হিচাবে নতুন নতুন শৈলীৰ আবিৰ্ভাৱ ঘটাবলৈ উদগনি যোগাইছিল।
বৰকৈ জোকাৰি যোৱা বিশ্বৰ ঘটনাৱলীৰ প্ৰভাৱে, যোৱা শতিকাৰ প্ৰথম দুটা দশকত ছাণ্টিয়াগো নগৰীৰ চিন্তাজগততো দ্ৰুত পৰিৱৰ্তন সাধন কৰিছিল। সেইবুলি ‘গধূলি লগন’ কিতাপখনে সেই সময়ত মদ্যপান কৰা উশৃংখল বোহেমিয়ান যুবকসকলৰ নেতিবাদী চিন্তাক দৃষ্টান্ত হিচাপে নলৈ, সেই উৎসাহী যুৱকসকলৰ কথাকেই ব্যক্ত কৰিছিল, যিসকলে চাৰিওফালৰ বিশ্ব কপোঁৱা পৰিৱৰ্তনবোৰৰ ধামখুমীয়াত খোপনি হেৰুৱাই সেই সংকটময় মুহূৰ্তত কিছু পৰিমাণে দিশহাৰা অনুভৱ কৰিছিল।
যুৱকসকলৰ এনে ভাবাৱেগকে নেৰুডাই তেওঁৰ কিতাপখন প্ৰকাশ কৰাৰ সাত মাহ পাছত ক্লেৰিদাদ পত্ৰিকাত এটি প্রবন্ধ লিখি পৰিষ্কাৰকৈ ব্যক্ত কৰিছিল:
আমি দুৰ্দশাগ্ৰস্ত। আমি প্ৰতিদিনে ঢিমিক-ঢামাককৈ জীয়াই থাকোঁ, জীয়াই থকাৰ অভিনয় কৰোঁ; প্ৰতিদিনে আমি বেলিৰ সম্মুখত আমাৰ ছালখন উদঙাও, চুঁচৰি চু্ঁচৰি বেলিৰ তলত আমাৰ গ্লানিবোৰ মেলি ধৰোঁ, পৃথিৱীত থকা সকলো কুষ্ঠৰোগীৰ দ্বাৰা আমি কলংকিত হওঁ, আমাৰ চাৰিওফালৰ ময়লাই আমাক আচুঁৰি ক্ষতবিক্ষত কৰি টুকুৰাটুকুৰ কৰে; আমি অথলে যোৱা, বন্ধ্যা, অলাগতীয়াল, অসন্তুষ্টিৰে ভৰা দুশ্চিন্তা আৰু আউল-বাউল সপোনৰ মাজত। বন্ধুসকল, এনেধৰণৰ দৈনন্দিন অৱস্থিতিৰ মাজতে আমি অপ্ৰীতি গ্ৰহণ কৰাৰ বাবে আমাৰ হস্ত প্ৰসাৰিত কৰিছোঁহক, আৰু ওভতাই দিছোঁহক, কাৰণ, আমি যে সমগ্ৰ। আমি আমাৰ দুৰ্ভাগ্যক আনাহকতে অন্য এক যুগৰ, অন্য লোকৰ, প্ৰাচীন বীৰত্বব্যঞ্জক ঐন্দ্ৰজালিকতাৰ দ্বাৰা জোৰা-টাপলি মৰাৰ চেষ্টা কৰিছোঁহক। আমি আমাৰ শিপাক কালিমাৰে সনা-পোটোকা কৰি, পিটনিক আৱৰ্জনাৰে পূৰ কৰি, অসীম আকাশক ঢাকনিৰে ঢকাৰ প্ৰয়াস কৰিছোঁহক। বন্ধুসকল, বৰ্তমানে এয়াই আমাৰ স্বৰূপ, হয়তো তাতোকৈ তলত আমাৰ অৱস্থান। আমি আমাৰ জীৱনেৰে কি কৰিছোঁ? ই বৰ বিৰক্তিজনক, চকুলো সৰি পৰাৰ দৰে দুঃখজনক যদিও, ভাবাচোন, তোমালোকে তোমালোকৰ জীৱনেৰে কি কৰিছা?”

পঞ্চম অধ্যায় (গ)
‘গধূলি লগন’ কিতাপখন প্ৰকাশ পোৱাৰ পাছতে নেৰুডাই নিজৰ নাম ১৯২০ চনৰ মুধাফুটা লেখকসকলৰ শাৰীত নামাংকিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ অতি দক্ষতাৰে আবেগ ঢালি জঁট লগা ভাবৰ বুৰবুৰণি তুলি লিখিছিল। তেওঁৰ প্ৰজন্মৰ ছবি সুন্দৰকৈ পৰিস্ফুট কৰাৰ বাবে, তেওঁ পৰিত্যক্ত ঘৰ-বাৰী আৰু শস্যহীন দুখ লগা পথাৰৰ দৰে ভূদৃশ্যৰ অৱতাৰণা কৰিছিল আৰু ইয়াৰ মাজতে সংক্ষিপ্ত বাক্যাংশ প্ৰয়োগ কৰি এনেদৰে চিত্ৰকল্প নিৰ্মাণ কৰিছিল, যাক প্রতিতীবাদী চিত্ৰৰ দৰেই লাগিছিল। উদাহৰণস্বৰূপে তেওঁ ব্যৱহাৰ কৰা বাক্যাংশবোৰ আছিল এনে ধৰণৰ : মৃতপাত বা সৰাপাত, যন্ত্ৰণাদায়ক বিষ, হতভাগা খঞ্জৰী, বেদনাসিক্ত চকু, দুঃখিত পৃথিৱী, বেমাৰী দলং, ধ্বংসাৱশেষৰ বুকুত শেলাইৰ দাগ, ইত্যাদি। চাৰিওফালে বিৰাজ কৰা এই বস্তুবোৰৰ অধঃপতন ৰুধিব নোৱাৰি নেৰুডাই অন্তৰত ভীষণ পীড়া অনুভৱ কৰিছিল।
আৰু কবিতাটোৰ বক্তা—নেৰুডা নিজেই—প্ৰতিনিয়ত অসহায় বোধ কৰি, দুঃখিত, ভাগৰুৱা, নিঃসম্বল, দুৰ্ভগীয়া আৰু সৌহাৰ্দ্যহীন হৈ পৰিছিল। কৈশোৰত লভা অসহনীয় অত্যাচাৰে তেওঁৰ যুৱাকালৰ সপোনৰ পৱিত্ৰতাক অন্ধকাৰাচ্ছন্ন কৰা আমি প্ৰত্যক্ষ কৰিছিলোঁ।
সেয়েহে তেওঁ, ‘মই আতংকিত'(I’m Scared) নামৰ কবিতাটোত লিখিছিল:
আকাশত তৰাৰ বাবে ঠাইয়ে নোজোৰাৰ দৰে
মোৰ অস্থিৰ মনত সপোনৰ স্থান নাই
গভীৰতাৰ বুকুত সকলো জাহ যাবলৈ নিদি, পাছৰ শাৰীকেইটা তেওঁ লিখিছিল এইদৰে :
কিন্তু মোৰ চকুত জীয়াই আছে এটি প্ৰশ্ন
আৰু মোৰ আটাহ পাৰিব নোৱাৰা মুখনিত আছে এটি আৱাজ।
এই সুবিশাল ধৰাৰ বুকুত মোৰ কেঁকনি-গেঁথনি
শুনাৰ বাবে নাই কোনো কাণ।
মুখৰ ভিতৰত অসাৰ হৈ থকা আৱাজটোৱে, কবিৰ প্ৰজন্মৰ আৱাজৰ সাৰশূন্যতাক বুজাইছে। কিন্তু, বাস্তৱিকতে আৱাজটো আছে, প্ৰশ্নও আছে, আৰু ফুটাই উচ্চাৰণ কৰাৰ সম্ভাৱনাৰ লগতে, পৰিধি অতিক্ৰম কৰি যোৱাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত পৰিত্ৰাণৰ স্পষ্ট সুযোগো ৰৈ আছে, কিন্তু বক্তাই বাধাৰ প্ৰাচীৰ ভাঙি এতিয়াও ওলাই আহিব পৰা নাই।
লক্ষণীয় যে, এনে ভাবগধুৰ চিত্ৰায়ন থকা সত্বেও, সেই সময়ত বহুতেই ইয়াৰ ভিতৰত সোমাই অনুধাৱন নকৰাৰ ফলত, ‘গধূলি লগন’ কিতাপখনে ৰাজহুৱাকৈ স্বীকৃতি অৰ্জন কৰিলেও সেয়া মূলতঃ নেৰুডাৰ প্ৰথম ৰচনা বাবেহে লভিছিল বুলি ক’লে নিশ্চয় অত্যুক্তি কৰা নহ’ব। অকল সেয়ে নহয়, এই কবিতাবোৰে যে এটা যুগৰ হতাশাগ্ৰস্ত মানসিকতাক প্ৰতিফলিত কৰিছিল তাকো খুব কম সংখ্যকেহে হৃদয়ংগম কৰিব পাৰিছিল। ফলত নেৰুডাই প্ৰাথমিক অৱস্থাতে যিবোৰক কেন্দ্ৰ কৰি ৰৈ বৈ যোৱা প্রশংসাৰ অধিকাৰী হ’ব লাগিছিল, তাৰ পৰা বঞ্চিত হৈছিল। আনকি, ইয়াকো দেখা গৈছিল যে, ক্লেৰিদাদ আৰু নেৰুডাৰ বন্ধুবৰ্গৰ ইতিবাচক সঁহাৰিৰ বিপৰীতে তেওঁৰ এই কিতাপখনৰ ওপৰত লিখা বেছিভাগ সমালোচনাই আছিল নিৰুৎসাহজনক। নেৰুডাৰ সমসাম়য়িক সাহিত্যিক চালভাদৰ ৰিয়েজে ‘একাবেঁকা’ (Zig Zag) নামৰ আলোচনীত অত্যন্ত সঠিকভাৱেই লিখিছিল, “সামগ্ৰিকভাৱে, নেৰুডাৰ উক্ত পুথিখনত অনুভূতিতকৈ সাহিত্যৰ প্ৰাধান্য আছিল অধিক।”
‘বিদায়’ (Farewell) নামৰ বিখ্যাত কবিতাটোৰ বাহিৰে আলোচিত পুথিখনত অন্যান্য যিবোৰ উত্তম কবিতা সন্নিৱিষ্ট আছিল, সেইবোৰৰ অৱস্থিতি সম্পৰ্কে আজি খুব কম সংখ্যক লোকেই জ্ঞাত, আৰু পাছৰ কালৰ সংকলনবোৰতো এইবোৰ স্থান দিয়া দেখা নগ’ল। ‘ৰে’লআলিৰ দাঁতিৰ ৰাতিৰ ঘূৰণীয়া ঘৰবোৰ’ (Railroad Roundhouses at Night) নামৰ কবিতাটো এই ক্ষেত্ৰত উদাহৰণ হিচাবে দাঙি ধৰিব পাৰি, য’ত তেওঁ মংগেৰ প্ৰতি তেওঁৰ শোক এইদৰে প্ৰকাশ কৰিছিল, (ৰাতিৰ ক’লা আন্ধাৰত—মৃত শ্ৰমিকৰ আশাশূন্য আত্মাবোৰে দৌৰাদৌৰিকৈ কান্দিকাটি অহাযোৱা কৰে)। কিতাপখনত থকা অন্যান্য সামাজিক-ৰাজনৈতিক কবিতাৰ পৰা এই কবিতাটোৰ আছিল সুকীয়া বৈচিত্ৰ , কাৰণ এই কবিতাটোত মংগেৰ স’তে ব্যক্তিগত সম্পৰ্ক থকাৰ সুবাদত নেৰুডাই সঁচা অৰ্থৎ এজন সৰ্বহাৰাৰ প্ৰতি তেওঁৰ সহানভূতিক ধ্বনিত প্ৰতিধ্বনিত কৰিব পাৰিছিল আৰু এই সম্পৰ্কই কবিতাটোক মহত্ব প্ৰদান কৰিবলৈ সমৰ্থ হৈছিল। চিলিৰ বাহিৰত প্ৰকাশিত হোৱা, নেৰুডাৰ এইটোৱে প্ৰথম কবিতা : তেওঁৰ পৰামৰ্শদাতা গুৰু গেব্ৰিয়েলা।
মিস্ত্ৰেলে মেক্সিকোত থকাকালীন অৱস্থাত, ১৯২৩ চনত উক্ত কবিতাটো এখন কবিতা সংকলনত অন্তৰ্ভুক্ত কৰিছিল।
ছাণ্টিয়াগোৰ নিসংগ জীৱন কটোৱা পৰত লিখা দুটা কবিতা যেনে, ‘বিদ্যুতবিহীন চুবুৰী’ (Neighbourhood With No Electricity) আৰু ‘মোৰ আত্মা’ নামৰ কবিতা দুটাও তেওঁৰ আন আন কবিতাবোৰৰ লগতে ‘গধূলি লগন’ কিতাপখনত আছিল। অৱশ্যে, ‘মোৰ আত্মা’ নামৰ কবিতাটো আছিল এশৰীয়া। কিতাপখনৰ অন্যান্য কবিতাৰ বেছিভাগ শাৰীতে থকাৰ দৰে, এই কবিতাটোৰ মাজতো কবিৰ মনত সেই সময়ত বিৰাজ কৰা শোকাকুল অৱস্থাৰ বৰ্ণনা প্ৰতিভাত হোৱা দেখা গৈছিল :
মোৰ আত্মাটো চকামকা পোহৰত থকা এটি শূন্য কেৰোজেল।”
‘বিদায়’ (Farewell) নামৰ কবিতাটোৱে একমাত্ৰ কবিতা যিটোৱে সঁচাসঁচিকৈয়ে সৰ্বসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিছিল (নেৰুডাই কবিতাটিৰ নাম ইংৰাজী ভাষাতেই ৰাখিছিল)। কবিতাৰ লালিত্যৰে ভৰপূৰ পৌৰুষপূৰ্ণ যিকেইটা শাৰী এতিয়াও উদ্ধৃত কৰা হয়:
মই প্ৰেমক ভাল পাওঁ, নাবিকৰ প্ৰেমক,
যিজনে চুমা খায় আৰু আঁতৰি পৰে
ডিয়েগো মুনোজে লিখিছিল যে,’গধূলি লগন’ কিতাপখন প্ৰকাশ পোৱাৰ পাছতে তেওঁ নিজে, একালৰ স্কুলৰ সহপাঠী, নেৰুডাৰ সৈতে, দুয়োৰে প্ৰিয় কেবেৰে ক্লাব এটিত মিলিত হৈছিল, য’ত নৃত্য-গীত পৰিৱেশন কৰা দুজনী ছোৱালীও আছিল। তেওঁলোক দুয়োজনীৰ, এজনীৰ নাম চেৰিতা আৰু আনজনীৰ নাম এন্নি আছিল আৰু দুয়োজনীৰ লগত ডিয়েগো আৰু নেৰুডাৰ আগৰে পৰাই চিনাকি আছিল। চেৰিতাই শিশুকালৰ পৰাই দেউতাকৰ লগত লগ হৈ টেমুকোত পৰিৱেশন কৰা নৃত্য-গীত উপভোগ কৰাৰ কথা নেৰুডাৰ স্পষ্টকৈ মনত আছিল। আনহাতে, এন্নি নামৰ অন্যতম নাচনীজনী চিলিৰেই বাসিন্দা যদিও, এচিয়া বংশোদ্ভূত হোৱা বাবে সকলোৱে বৰ আচৰিত হৈছিল, কাৰণ, বাহিৰৰ পৰা আহি বসতি কৰা, চিলিৰ বেছিভাগ লোকেই আছিল ইউৰোপীয় মূলৰ। গতিকে, দুয়োজনী নাচনীৰ পাভযোৰা আছিল চিলিৰ মানুহৰ অন্যতম আকৰ্ষণ।
চুটিগল্প লিখি কিছু টকা পোৱাত, এদিন ৰাতি কেবেৰে উপভোগ কৰাৰ বাবে ডিয়েগোই পাবলোক নিমন্ত্ৰণ কৰিছিল আৰু কৈছিল যাতে তেওঁ কোনো বন্ধুকে তেওঁৰ লগত নানে। এনে অনুৰোধ তেওঁ কৰিছিল এই বাবেই, যাতে তেওঁলোকে আপোনমনে চেৰিতা আৰু এন্নিৰ সৈতে কথা-বতৰা পাতিব পাৰে। সেইমৰ্মে তেওঁলোকে দোভাগ ৰাতিৰ পাছত আহি উপস্থিত হৈছিল। হৈ হট্টগোল আৰু উন্মত্ত আনন্দৰ মাজত অনুষ্ঠান চলি থকাৰ পৰত ডিয়েগোই তাত থকা পৰিচাৰিকাজনীৰ জৰিয়তে চেৰিতা আৰু এন্নিলৈ এটি বাৰ্তা প্ৰেৰণ কৰিছিল, য’ত লিখা আছিল : “তোমালোকৰ বন্ধু, চিত্ৰকৰ মুনোজ আৰু কবি পাবলো ইয়াতে আছে। আমি তোমালোকৰ বাবে অপেক্ষা কৰি আছোঁ। আহিলে নথৈ আনন্দিত হ’ম।” দ্বিতীয় দৰ্শনী শেষ হোৱাৰ পাছতে ছোৱালী দুজনী আহি উপস্থিত হৈছিল।

“আপুনিয়েই পাবলো নেৰুডা নেকি?” কৌতূহলী এন্নিয়ে সুধিছিল। “মই আপোনাৰ পৰা কিছু দাবী কৰিব পাৰোনে?”
“কিনো লাগে তোমাক?” পাবলোৱে জানিবলৈ বিচাৰিছিল।
“মই আপোনাক ‘বিদায়’ (Farewell) নামৰ কবিতাটো আবৃত্তি কৰাৰ বাবে অনুৰোধ কৰিছোঁ।”
পাবলোৱে, কবিতাটোৰ সকলো শাৰী মনত নাই বুলি কোৱাত, মুনোজৰ মতে, এন্নিয়ে কবিতাটোৰ বেছিভাগ সৰ্গই স্মৃতিপটৰ পৰা আবৃত্তি কৰিছিল :
মই সেই প্ৰেমক ভাল পাওঁ যিয়ে
চুমা, বিছনা আৰু ৰুটিৰে দিয়ে ওপচাই

যি প্ৰেম হ’ব পাৰে যুগমীয়া
হ’ব পাৰে খন্তেকীয়া

যি প্রেমে হ’ব বিচাৰে মুক্ত
যাতে পুনৰাই হ’ব পাৰে প্ৰেমত পৰিণত

মহীয়ান প্ৰেমে ওচৰ চপায়
মহীয়ান প্ৰেমে আঁতৰাই পঠিয়ায়….

পাছত আটাইকেজনে নৈশভোজনত মিলিত হৈ সুৰাপান কৰিছিল। ডিয়েগো আৰু পাবলোৱে দুয়োজনীকে নাচিব কৈছিল, কিন্তু তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে কেইটামান সুৰাৰ বটল লৈ এন্নিৰ ঘৰলৈ আহিছিল। আটাকেইজনে এটাৰ পাছত এটাকৈ বটল খুলি এঢোক এঢোককৈ সুৰা পান কৰিছিল। ডিয়েগোই চেৰিতাৰ স’তে অনৰ্গল কথা পাতিছিল আৰু এন্নিয়ে পাবলোৰ ওঁঠত ওঁঠ লগাই অবিৰাম চুমাৰে ওপচাই দিছিল অৱশেষত, আবেগৰ শিখৰত উপনীত হৈ এন্নিয়ে লাইটটো নুমাই দি পাবলোৰ স’তে দৃঢ় বাহুবন্ধনত আবদ্ধ হৈছিল।
এন্নিক বৰকৈ মুগ্ধ কৰা ‘বিদায়’ কবিতাটোৰ মূলতে লুকাই আছিল তেওঁৰ জীৱনত তেওঁক এক প্ৰেমিকে কৰা প্ৰতাৰণাৰ কাহিনী; সেয়া আছিল নিজৰ গৰ্ভৱতী প্ৰেয়সীক,পৰিত্যাগ কৰি বিদায় লোৱা এজন লোকৰ বিষয়ে।
তোমাৰ অন্তঃস্থলৰ পৰা, মোৰ দৰে, আঁঠু কাঢ়ি,
এটি বিমৰ্ষ শিশুৱে, আমাক অৱলোকন কৰে।
……………….
তোমাৰ অন্তৰৰ পৰা এটি শিশুৱে মোক বিদায় জনায়।
আৰু মই তাক জনাওঁ বিদায়।
‘গধূলি লগন’ কিতাপখন, পাছৰ বছৰত ওলোৱা ‘কুৰিটা প্ৰেমৰ কবিতা’ৰ দৰে চাঞ্চল্য উদ্ৰেককাৰী নহ’লেও, এই কিতাপখনে নেৰুডাৰ যশ বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। ঊনৈশ বছৰ বয়সতে, তেওঁ এনে প্ৰতিষ্ঠা লভিছিল যে তেওঁৰ অনুৰাগীসকলে তেওঁৰ দৰেই পোছাক পিন্ধিব লৈছিল, তেওঁৰ ৰূপকবোৰ নকল কৰিছিল, আৰু বিশেষকৈ যেতিয়া ‘কুৰিটা প্ৰেমৰ কবিতাই’ প্ৰশংসাৰ পাছত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল, তেওঁলোকে তেতিয়া, পাবলোৱে নগৰীৰ য’লৈকে যায় ত’লৈকে পিছে পিছে অনুসৰণ কৰিবলৈ লৈছিল। ন ন কবিসকলে, তেওঁক ভিৰ কৰি অতি সঘনাই বাৰত লগ ধৰিছিল। এনে ভিৰৰ পৰা হাত সাৰিবৰ বাবে, মুনোজৰ মতে, তেওঁ আৰু তেওঁৰ বন্ধুবৰ্গই, এই কবিৰূপী শিষ্যসকলৰ কবিতাবোৰ, মানদণ্ডৰ ফালৰ পৰা নেৰুডাৰ কালৰ কবিতাৰ দৰে হৈছিল নে নাই তাক আগতীয়াকৈ পৰীক্ষা কৰি চাবলগীয়া হৈছিল। চিলিৰ সংস্কৃতিত থকা কবিতাৰ গুৰুত্বই, নিঃসন্দেহে নেৰুডাৰ জনপ্ৰিয়তা অৰ্জনৰ পথ প্ৰশস্ত কৰিছিল, যিয়ে কালক্ৰমত তেওঁৰ বাবে সুদূৰপ্ৰসাৰী খ্যাতি অৰ্জনৰ পথো মুকলি কৰিছিল।
‘গধূলি লগন’ কিতাপখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰাৰম্ভিক সকলো উত্তেজনা আৰু মনোযোগ সত্বেও, নেৰুডাই আকৌ হতোদ্যম হ’বলগীয়া হৈছিল। এপিনে অবিৰত স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত তেওঁ অত্যধিক মানসিক চাপৰ সম্মুখীন হৈছিল আৰু আনপিনে দেউতাকে ভৱিষ্যতবাণী কৰাৰ দৰে, কিতাপখনে তেওঁৰ আৰ্থিক দৈন্যতা অকণো দূৰ নকৰাত কষ্ট পাবলগীয়া হৈছিল। তাতে, এনে অৱস্থাত, দেউতাক যোচ ডেল কাৰমেনে, পুতেকে পঢ়াশুনাতকৈ কবিতাতহে অধিক মনোযোগ দিয়া দেখি, অতিষ্ঠ হৈ যেতিয়া পুতেকক মাহে মাহে পঠিওৱা টকাৰ পৰিমাণ হ্ৰাস কৰিছিল তেতিয়া নেৰুডাৰ কষ্টই কুলাই-পাচিয়ে নধৰা হৈছিল। সকলো গম পাই মাহীমাক ত্রিনিদাদে তেওঁৰ ভনীয়েক লোৰাৰ জৰিয়তে কিছু টকা গোপনে পঠিয়াইছিল যদিও তেওঁৰ অভাৱৰ তুলনাত সেয়া আছিল তেনেই সামান্য। ১৯২৪ চনৰ আগভাগত নেৰুডাই, পুৰণি চামৰ কবি হিচাবে প্ৰখ্যাত প্ৰেদো প্ৰাদোক ছাণ্টিয়াগোলৈ আহোঁতে লগ পাইছিল। নেৰুডাক দেখা মাত্ৰেই প্ৰেডোয়ে উষ্ণ অভিনন্দন জনাই সাৱটি ধৰিছিল আৰু তেওঁ বৰ্তমানে ক’ত আছে, জানিব বিচাৰিছিল। নেৰুডাই উত্তৰত কৈছিল, “এমখা মানুহৰ স’তে মই এটি গলিত থাকোঁ; মই আপোনাক ঠিকনাটো নিদিওঁ, কাৰণ, মই ঘৰৰ ভাড়া দিব নোৱাৰা বাবে, কালিলৈ অথবা পৰহিলৈ ঘৰৰ মালিকে মোক উলিয়াই দিব।”
তেওঁ অলপতে এখন অৰ্থবহ কবিতাৰ কিতাপ প্ৰকাশ কৰিছিল যদিও, তেওঁ আছিল অতিকে উদ্বিগ্ন আৰু অসুখী। অনিশ্চয়তা আৰু দুশ্চিন্তাই তেওঁক জুমুৰি দি ধৰিছিল। এপিনে মানসিক সংঘাতে সৃষ্টি কৰা আলোড়ণৰ পৰা মুক্তি আৰু আনপিনে কবিতাক আগ বঢ়াই নিয়াৰ প্ৰশ্ন (যদিও দুইটাই অংগাংগীভাৱে জড়িত), কোন পথ ল’ব, তাকে ভাবি তেওঁ বিমূঢ় হৈছিল। ‘গধূলি লগন’ কিতাপখন প্ৰকাশ পোৱাৰ কেবামাহ পাছত, ক্লেৰিদাদৰ প্ৰথম পৃষ্ঠাত ওলোৱা সম্পাদকীয়ৰ বিপৰীত ফালে লিখা এটি প্ৰবন্ধত তেওঁ তেওঁৰ প্ৰজন্মক প্ৰশ্ন কৰিছিল : “আমি যে আমাৰ জীৱন লাভ  কৰিছোঁ, সেই জীৱনেৰে আমি কি কৰিছোঁ?”
প্ৰৱন্ধটো আগ বঢ়াৰ লগে লগে তেওঁ তেওঁৰ নিজৰ বাখ্যা দাঙি ধৰি কৈছিল : “আটাইতকৈ উজ্বল আৰু উত্তম তোমালোকৰ প্ৰত্যেকে, পাৰস্পৰিকভাৱে নিজকে হত্যা কৰিবলৈ সন্মতি প্ৰদান কৰিছা”, নিজেই ইয়াৰ উত্তৰ দি নেৰুডাই কৈছিল, “ভাগ্যক ধিয়াই নিৰূপিত কাম এটি কৰি অতোৱা ব্যক্তি এজনৰ দৰে, মই তোমালোকক চুমা খোৱা দেখিছোঁ, কামোৰা দেখিছোঁ, খোৱাও দেখিছোঁ, লেতেৰা কৰাও দেখিছোঁ, নিজকে তুচ্ছ কৰাও দেখিছোঁ, বিৰাক্তিজনক আৰু নিষ্ঠুৰ হোৱাও দেখিছোঁ….যি পানী ধৰালৈ উভতি আহে। হঠাৎ জোৰেৰে বলা বতাহ এছাতিয়ে মেঘক ছাইত পৰিণত কৰে।”

তেওঁ যদিও এজন কবি, ১৯২৩ চনত, ঊনৈশ বছৰ বয়সত, তেওঁ ব্যাখ্যা কৰি কোৱা কথাখিনি তেওঁৰ ব্যক্তিগত ইস্তাহাৰত পৰিণত হৈছিল:
আৰু মোক? তোমালোকে প্ৰত্যাহ্বান জনাইছা কিহক, কিয়ইবা পবিত্ৰতা আৰু সমগ্ৰতা দাবী কৰিব পাৰা তোমালোকে? ময়ো, তোমালোকৰ দৰে। তোমালোকৰ দৰে মোকো তুচ্ছ-তাচ্ছিল্য কৰা হৈছে, কলংকিত কৰা হৈছে, লেতেৰা কৰা হৈছে, অনুপযোগী কৰা হৈছে, অপৰাধী সজোৱা হৈছে। তোমালোকৰ দৰেই। আমাক সেই একেই হিংস্ৰ মুখে, সেই একেই ৰাক্ষসে গিলিছে। কিন্তু, মন দি শুনা, মই মোক মুক্ত কৰিব লাগিব। বুজিছানে তোমালোকে? সুউচ্চ শিখৰত জঁপিয়াবলৈ, অসীম আকাশত উৰিবলৈ, ময়ে আগুৱাই যাম, তোমালোকৰ আগতে। কিন্তু, মই গেলিপচি যোৱাৰ আগতে, মই বেলেগ হ’ব লাগিব, মোৰ ৰূপান্তৰ ঘটাব লাগিব, মোক মুক্ত কৰিব লাগিব। তোমালোকে তোমালোকৰ প্ৰদৰ্শনী চলাই যাব পাৰা। মোক বাদ দি। এই সকলোবোৰৰ পৰা মই বিদায় লৈছোঁ। তোমালোকে কালি মোক যি সাজত দেখিছিলা, সেই সাজযোৰ মই ফালিছিৰি পেলাম, আৰু হৈ চৈ কৰি বলিয়া হৈ, মুক্তিত মতলীয়া হৈ, ভাবুকিত কঁপি কঁপি, মই তোমালোকক  চিঞৰি মাতিম : হায়ৰে দুঃস্থসকল!”
তেওঁ এতিয়া দোধোৰ-মোধোৰৰ পৰা মুক্ত হৈ, সত্য অভিমত ব্যক্ত কৰাৰ জৰিয়তে তেওঁ তেওঁৰ কবিতাক আন এক ভিন্ন পথেৰে পৰিচালিত কৰাৰ সুস্থিৰ সিদ্ধান্তত উপনীত হৈছিল; যিয়ে তেওঁক, আগৰ ৰচনাবোৰে মুক্ত কৰিব নোৱাৰা দুঃস্থ অৱস্থাৰ পৰা উদ্ধাৰ কৰিব; এইদৰে কবিতাৰ ৰূপান্তৰ ঘটাই তেওঁ তেওঁৰ ব্যক্তিগত মুক্তিৰ পথ বিচাৰি উলিয়াব। তেওঁ নিজৰ বাবে নিৰ্দ্ধাৰিত কৰা এই পন্থা, “তীব্ৰ প্ৰেমৰ ৰাগেৰে সঞ্চালিত” আছিল আৰু যাৰ লক্ষ্য আছিল : “মানুহ, প্ৰকৃতি, ৰাগ-অনুৰাগ আৰু নিৰ্দিষ্ট ঘটনাক একত্ৰিত কৰি ৰচনাত মূৰ্ত কৰা।”
বিশেষকৈ কবিতাৰ ক্ষেত্ৰত থকা দুশ্চিন্তাৰ পৰিপ্ৰেক্ষিতত লিখা তেওঁৰ ব্যাখ্যামূলক ৰচনা ক্লেৰিদাদত প্ৰকাশ পোৱাৰ সময়ছোৱাতে, নেৰুডাই বাপেকৰ স’তে থকা অশান্তিপূৰ্ণ অৱস্থান সত্বেও, হৃত শক্তি উদ্ধাৰৰ বাবে আকৌ এবাৰ টেমুকোলৈ গৈছিল। এদিনাখন ৰাতি, যিটো কোঠাত তেওঁ ডাঙৰ-দীঘল হৈছিল, সেই দ্বিতীয় মহলাৰ শোৱাকোঠাটোত এক (পাছত সদৰী কৰামতে) ‘এক অদ্ভুত অভিজ্ঞতা’-ৰ সম্মুখীন হৈছিল। দোভাগ ৰাতিৰ পাছত, শুবলৈ যোৱাৰ ঠিক আগে আগে, তেওঁ খিৰিকীখন মেলি লৈ অসাধাৰণভাৱে নীৰৱ ৰাতিটোক প্ৰত্যক্ষ কৰিছিল। তেওঁৰ ‘স্মৃতিকথা’-ত লিখাৰ দৰে, “আকাশখনে মোক স্তম্ভিত কৰিছিল। সমগ্ৰ আকাশখন অগণিত তৰাৰে জীৱন্ত ৰূপত জকমকাই আছিল। বৰষুণে ৰাতিটোক নতুনকৈ নিকা কৰি থৈছিল আৰু মোৰ মূৰৰ ওপৰত দক্ষিণ মেৰুৰ তৰাবোৰে মেলা পাতি বহি আছিল।”
মহাজাগতিক এক আনন্দ চঞ্চলতাত বুৰ গৈ, তেওঁ উভতি আহিছিল সেই টেবিলখনলৈ, যিখনত তেওঁ তেওঁৰ জীৱনৰ প্ৰথম কবিতাবোৰ লিখিছিল। সেই মেজতেই তেওঁ অতিশয় উত্তেজিত হৈ শ্ৰুতলিপি লিখাৰ দৰে সলসলীয়াকৈ এটি কবিতা লিখিছিল। পাছদিনা পুৱা তেওঁ অনাবিল আনন্দত বিভোৰ হৈ সেই কবিতাটো বাৰে বাৰে আওৰাইছিল। তেওঁৰ এনে লাগিছিল যেন তেওঁ এক নতুন শৈলীৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল, যাক তেওঁ ইমান দিনে বিচাৰি আছিল : নাটকীয় হ’লেও, এয়া আছিল অধিক প্ৰাণৱন্ত আৰু অধিক উন্মুক্ত, ঠিক অনাচ্ছাদিত ৰাতিৰ আকাখনৰ দৰেই, যাৰ তলত বহি তেওঁ এই কবিতাটো ৰচনা কৰিছিল।
ছাণ্টিয়াগোলৈ উভতি আহি তেওঁ সেই নতুন কবিতাবোৰৰ এটি, তেওঁৰ বন্ধু এলিৰো ওয়াৰ্জুনক দেখুৱাইছিল, যিজনৰ সাহিত্যৰ ক্ষেত্ৰত বিশেষ ব্যুৎপত্তি আছিল। কবিতাটো পঢ়ি উঠি ওয়াৰ্জুনে নেৰুডাক প্ৰশ্ন কৰিছিল, “তুমি নিশ্চিতনে, যে তোমাৰ কবিতাটোত ছেবাত ইৰকেস্তিৰ প্ৰভাৱ পৰা নাই?” উৎকন্ঠিত নেৰুডাই, উদ্ভৱ হোৱা এনে প্ৰশ্নৰ সদুত্তৰ বিচাৰি উৰুগুৱেৰ কবি ইৰকেস্তিলৈ কবিতাটো পঠিয়াইছিল, যিজন কবিৰ স’তে ছাণ্টিয়াগোলৈ অহাৰ পৰাই পত্ৰৰ জৰিয়তে তেওঁৰ যোগাযোগ আছিল।তেওঁ অত্যন্ত সাহসেৰে চিঠিখনত লিখিছিল :
এই কবিতাটো পঢ়ক। কবিতাটোৰ নাম “প্ৰদীপ্ত চিকাৰী” (The Ardent Sling- shooter)। মোৰ এই কবিতাটো এজনে পঢ়ি আপোনাৰ প্ৰভাৱ পৰা বুলি কৈছে। মই কিন্তু এই কবিতাটো লৈ নিজে বিৰাট সন্তুষ্ট। আপুনি কি ভাবে? যদি কথাটো সঁচা হয়, মই ইয়াক পুৰি পেলাম। মই আপোনাক আন সকলোতকৈ বেছি শ্ৰদ্ধা কৰোঁ। কিন্তু শব্দ, প্ৰতীক আৰু বাক্যাংশবোৰ আনৰ বোলা কথাই মোক ভবাই তুলিছে। মোৰ বাবে এয়া অতিশয় দুঃখজনক। পোন-প্ৰথমবাৰৰ বাবে পোৱা এই দুখ অতিকে পীড়াদায়ক। মই ভাবিছিলোঁ, অনুদ্ঘাটিত ৰাজ্য এখনত মই প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছিলোঁ আৰু যিখনৰ গৰাকী অৰ্থাৎ কৃতিত্বৰ অধিকাৰী কেবল ময়েই।”
নেৰুডাই কোৱামতে, মন্তেভিডিওৰ পৰা উত্তৰ আহিছিল এইদৰে : “মই এনেকুৱা তাৎপৰ্যপূৰ্ণ আৰু বঢ়িয়া কবিতা কাচিৎহে পঢ়িছোঁ, কিন্তু মই ক’বই লাগিব : “হয়, তোমাৰ কবিতাত ছেবাত ইৰকেস্তিৰ কিছু প্ৰভাৱ বিদ্যমান।”
ছেবাতৰ চিঠিখন অত্যন্ত চহকী বাক্যাংশেৰে ভৰপূৰ আছিল। কিন্তু নেৰুডাৰ বাবে এই চিঠিখনে, তেওঁ অনুসৰণ কৰিবলৈ লোৱা নতুন শৈলীৰ ওপৰত মৃতকল্প আঘাত হানিছিল। তেওঁ ছেবাতৰ চিঠিখন পকেটতে চিৰাচিৰ হৈ আপোনাআপুনি জহিপমি নোযোৱালৈকে লৈ ফুৰিছিল। তেওঁৰ লিখামেলাক লৈ নেৰুডা আকৌ এক অনিশ্চিত পথত ভৰি দিছিল। উদ্ভুত এই পৰিস্থিতিক তেওঁ তেওঁৰ ‘স্মৃতিকথা’-ত এইদৰে বৰ্ণনা কৰিছিল : “ছেবাচ ইৰকেস্তিৰ চিঠিখনে মোৰ প্ৰসাৰণশীল কবিতাৰ জগতখনত বিচৰণ কৰা চক্ৰানুক্ৰমিক অভিলাসৰ যতি পেলাইছিল। মই আৰু কেতিয়াও সেইবাটে  নাযাওঁ  বুলি বাকচাতুৰ্য্যতাৰ দুৱাৰখন বন্ধ কৰি দিছিলোঁ; মই ইচ্ছাকৃতভাৱে মোৰ লিখাৰ মাধ্যম আৰু প্ৰকাশভংগীক পৰিমিত কৰিছিলোঁ। মোৰ নিজৰ সমন্বয়পূৰ্ণ জগতখনৰ লগত সংগতি ৰাখি মই অতি উচ্চ মাত্ৰাৰ সংবেদনশীল বৈশিষ্ট্যৰ সন্ধানত ব্ৰতী হৈছিলোঁ, যাৰ পৰিণতিত মই ‘কুৰিটা প্ৰেমৰ কবিতা’ নামৰ কিতাপখন লিখি উলিয়াইছিলোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *