তিতা ধানখেৰৰ ছাই, বিহুটি হাততে মলঙি যায়- (পিংকু কলিতা)
জীৱনত প্ৰথমবাৰৰ বাবে বাবুৰ থানা চৌহদত প্ৰৱেশ। নিবাৰণ, বাপন আৰু বাবু তিনিওজনে থানাৰ বাৰাণ্ডাতে পাৰি থোৱা কাঠৰ চকীখনত বহি আছে। খাকী পোছাক পৰিহিত লোককেইজন ভিতৰৰ পৰা ওলাইছে-সোমাইছে। সিহঁত তিনিজন যে তেতিয়াৰে পৰা এনেকৈ বহি আছে কাৰো যেন গুৰুত্বই নাই। সুধিবলৈও গ’ল। নাই; কাৰো আগ্ৰহেই নাই। “যদি আমাক প্ৰয়োজনেই নাই ঘৰলৈ বিচাৰি গৈছিলি কিয়? ” বাবুয়ে কথাষাৰ মনতে পাগুলি থকাৰ সময়খিতে থানাৰ ঠিক সোঁফালে থকা আমজোপাৰ পৰা কুলি চৰাইৰ মাত ভাহি আহিছিল। নিজৰ ভিতৰতে নিজকে দোষাৰোপ কৰি ছটফটাই থকা খংটোৱে যেন দোষ জাপিবলৈ সমল এটা বিচাৰি পালে। সচৰাচৰ মন ভৰাই তোলা বুলি ভাবি অহা কুলিৰ মাতটোকো আজি মায়াজাল সৃষ্টিকাৰী শব্দ এটা বুলি গালিহে পাৰিবলৈ মন গৈছিল বাবুৰ। মায়াজাল নহয়নো কি? মাতবোৰৰ প্ৰতি মোহ নাথাকিলে দিল্লীৰ পৰা লৰি আহেনে, নহাহেঁতেন এনেকৈ থানাতো বহি থাকিব নালাগিলহেঁতেন।
ল’ৰাহঁতৰ প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পাছত ঘৰৰ সকলোৱে বাবুক একেমুখে কৈ উঠিছিল-“কাম বিচাৰি নাপালি আৰু। ” “আমাৰ মানুহমখাৰ এয়াই সমস্যা। সদিচ্ছাৰ অভাব। সেইবাবেই আমাৰ পৰম্পৰা- সংস্কৃতি- অনুষ্ঠান সকলো প্ৰচাৰ বিমুখ।” ঘৰৰ সকলোৰে মতামতক বিশ্বমুখী সংস্কৃতিৰ পথটোৰ একোডাল হলকলা বুলি আওকাণ কৰিয়েই বাবুৱে আগবাঢ়িছিল। দিল্লীৰ ব্যক্তিগত কোম্পানি এটাত কৰ্মৰত বাবু। দায়িত্ব সম্পন্ন ভাল বাব এটাত থকা বাবুৰ বাবে ল’ৰাহঁতে দিয়া গাঁৱৰ বিহু সন্মিলনখনৰ সম্পাদকৰ দায়িত্বটোও বেছি অসুবিধাৰ নহ’ব বুলিয়েই ধৰি লৈছিল। “আমি লগত আছোৱেই চোন” বুলি বাবুৰ নামটোকেই সংখ্যা গৰিষ্ঠ মতামতত সমৰ্থিত কৰাইছিল। দোমাহীৰ সময়তে ঘৰলৈ অহা বাবুৰ হাতত ছুটিও আছিল। প্ৰয়োজনত সন্মিলনখনৰ পাছতো এসপ্তাহ ছুটি বঢ়াই লম বুলি মন বান্ধিছিল।
বাজেটৰ অলপ তল-ওপৰ হোৱাটো বাদ দিলে সকলোখিনি ঠিকেই চলিছিল। এইবাৰ বাট-ঘাটৰ পৰা টকা সংগ্ৰহ কৰা নাছিল। বাবুই আগতেই সকলোকে সতৰ্ক কৰি দিছিল- “মই যদি সম্পাদক হ’ব লাগে তেন্তে এইবাৰ ৰাস্তা ঘাটে, গাড়ীয়ে মটৰে টকা উঠাব নোৱাৰিব। অৱশ্যে বাবুৰ এই সিদ্ধান্তৰ কাৰণ এটাও নথকা নহয়। সিহঁতৰ অফিচত এবাৰ কথা পাতি আছিল- এই সময়ত উদযাপিত অসমৰ ৰঙালী বিহু, কেৰেলাৰ ৱিষু, তামিলনাডুৰ পুত্থাণ্ডু, উৰিষ্যাৰ পনা সংক্ৰান্তিৰ সম্পৰ্কে। প্ৰতিজনে নিজৰ নিজৰ উৎসৱ সম্পৰ্কে মন্তব্য ৰাখিছিল। বাবুয়েও সুবিধা লৈ গৰু বিহুৰ দিনাৰ পৰা সাতশাকীলৈকে পৰম্পৰাৰ কথাবোৰ শুনাই গৈছিল। ইমান উচ্চ সংস্কৃতিৰ কথা শুনি সকলোৱে মজি আছিল সেইদিনা। বাবুৰ বিভাগীয় মেনেজাৰজনে কৈ উঠিছিল; এই সময়খিনিত উদযাপন কৰা অনুষ্ঠানবোৰৰ ভিতৰত অসমৰ বিহুয়েই হেনো তেখেতৰ বেছি ভাল লগা। অসমৰ বাহিৰত অনাঅসমীয়াৰ মুখত এনে প্ৰসংসাত গদগদ হৈ পৰিছিল বাবু।
বাবু সেইদিনা অফিচৰ পৰা অলপ সোনকালেই ওলাবলৈ লৈছিল। দৰ্জাখন ঠেলি বাহিৰ ওলাইছিলেহে মাত্ৰ, খঙতে ৰঙা-চিঙা হৈ অফিচৰ ফালে সোঁ-সোঁৱাই আহিছিল এজন ড্ৰাইভাৰ। ৩২ ফুট দৈৰ্ঘ্যৰ কন্টেইনাৰ এখনেৰে গোটেই ভাৰততে ঘূৰি-ফুৰা ড্ৰাইভাৰ। মানুহজনৰ অৱস্থা দেখি কি হৈছে বুলি বাবুই সুধিছিল। “বানচো… ৱাহা পে বহত জুলুম কৰতা হ্যায় ইচ চময় মে, য়ে দেখো পিছলি ট্ৰিপ মে জবৰদস্তি হাজাৰ ৰূপয়া লে লিয়া। দো-তিন মহিনা বাদ হি যায়েংগে ৱাহা পে। অভি কোন দেগা মুঝে য়ে খৰচা”
তাৰ হাতত থকা ৰচিদখন দেখি বাবুৰ ভৰি কঁপিছিল। সেইখন আছিল সিহঁতৰ সেইবছৰৰ আঞ্চলিক বিহুখনৰেই ৰচিদ। অফিচলৈ অভিযোগ লৈ গৈ আছিল ড্ৰাইভাৰজনে, এইবাৰ যাতে অসমলৈ ট্ৰিপ নিদিয়ে।
তাৰ হাতত হাজাৰ টকা গুঁজি দি বাবুই ভিতৰলৈকে যাবলৈ হাক দিছিল; অলপ আগলৈ অসমৰ পৰম্পৰা, সংস্কৃতিত মজি থকা মানুহকেইজন আৰু অলপ দেৰি একেই অনুভৱেৰে মজি থাকক বুলিয়েই ড্রাইভাৰজনৰ খংটো সামৰাৰ চেষ্টা কৰিছিল।
“পিছে টকা ক’ত পাম? ৰাস্তাৰ কালেকচনেই যদি নহয়। ” চেঙেলীয়া বয়সৰ এজনে গুটখাৰ পেকেট জোকাৰি জোকাৰি প্ৰশ্ন কৰিছিল। ওচৰৰ এখন সন্মিলনীৰ কথা টানি আনি কৈছিল যে এই বিহু-প্ৰগ্ৰেমৰ গায়ক সেইখনৰ গায়কতকৈ অলপ হলেও দামী হব লাগিব। বাবয়ে কিবা এটা কোৱাৰ আগতেই নতুনকৈ ৰাজনৈতিক দল এটাৰ লগত ঘূৰি-ফুৰা সাংস্কৃতিক সম্পাদকজনে মাত লগাইছিল- তাৰ টেনচন নল’বা। টকা মেনেজ হৈ যাব।
টকা মেনেজ হৈছিল। গায়কো সেইখন বিহু কমিটিতকৈ বেছি দৰতে ঠিক কৰা হৈছিল। সমস্ত টকাৰ যোগান ধৰিছিল ওচৰতে গঢ়ি উঠা ঔদ্যোগিক পামৰ প্ৰবন্ধক এজনে। হিন্দী বলয় হলেও মানুহজন ভাল মনৰ। কিবা আৰু প্ৰয়োজন হলে নিঃসংকোচে জনাবলৈ কৈছিল।
হাবিলদাৰ এজন আহি “ভংভঙীয়া বিহু সন্মিলন”ৰ ল’ৰা নেকি সুধিছিল। ” হয়”… ” ভিতৰলৈ মাতিছে বুলি কথাখিনি কৈ শেষ হোৱালৈকে বাবু কোঠাটোৰ ভিতৰ পাইছিল। “ছাৰ আহি পাওঁতে অলপ পলম হ’ব। ৰব কৈছে। ” ওচৰৰে খালি হৈ থকা চকীখনলৈ দেখুৱাই পুলিচ এজনে জনাই দিছিল।
ইমান সুন্দৰকৈ সমাপন হোৱা বিহুখনেনো কি ইমান জগৰ লগালে তাকেহে বাবুহঁতে ভাবি উলিয়াব পৰা নাই। কেনেবাকৈ সেই বিশেষ মানুহজনক মেচিনত বোৱা গামোচা পিন্ধোৱাৰ বাবেই অথন্তৰ লাগিলে নেকি বাৰু! “সেইবাবেই মই সেইজনক মতাৰ দৰকাৰ নাই বুলিয়েই কৈছিলোঁ।” বাপনে কৈছিল। মানুহজন একাচেকা। কিন্তু সমাজৰ হিতলৈ বুলি দুষাৰ কয় বাবেই নিমন্ত্রণ দিছিল। কোনো সন্মিলনত তেখেতে শালৰ গামোচাৰ বাদে আন নলয় বুলি সিহঁতে জানে। সেইবাবেই গোটেই দিনটো গাঁওখনত বিচাৰি-খুচাৰি কিবাকৈ এখন শালৰ গামোচা যোগাৰো কৰিছিল। “গামোচা পিন্ধোৱাত একো খেলিমেলি নাই হোৱা। তেখেতৰখন নাম লিখি একাষৰীয়াকৈ ৰখা হৈছিল আৰু মই নিজেই পিন্ধাইছিলোঁ। ” নিবাৰণে নিৰ্ভয় দিছিল।
তেন্তে সেই হিন্দীভাষী অতিথিজনে কৰা ভুলটোৰ বাবেই কোনোৱে কিবা লগালে নেকি বাৰু! আমাৰ চেনেহৰ গামোচাখনক কৰা অসন্মান জাতীয় কথাৰে। হয় হয়… এয়া কোনো জাতীয়তাবাদী নেতাৰে কাম হ’ব। মানুহজনক কিহে পাইছিলনো বাৰু। আৰে কব নাজানিলে নোকোৱাই ভাল আছিল। বেছি অসমীয়া ভাব দিবলৈ গৈ মিছা মিছি আমাকো শাস্তি দিছে। সাংস্কৃতিক সম্পাদকে নিজকে যহাবলৈ গৈ মাইকটো তেখেতৰ হাতত তুলি দিছিল। বাৰে বৰে ফুলাম গামোচাখনক “ফুলে আম গামচা” বুলি চিঞৰি থাকিলে কোনজন অসমীয়াই বাৰু সহ্য কৰি থাকিব পাৰে। শুনিবলৈ বেয়া লাগিছিল। কিন্তু তাকে লৈ থানা পালেহি জানো!
পুলিচৰ মানুহকেইজন ঘৰলৈ যাওঁতে বাবুহঁত শুই আছিল। বিহুৰ কাম-কাজবোৰ থান-থিত লগাই অলপ শুইছিল। সেইখিনি সময়তে হেনো পুলিচ আহিছিল। শুই উঠাৰ পাছতেই থানাত হাজিৰ হোৱাৰ বাবে আদেশ দি গৈছিল ঘৰৰ মানুহৰ সন্মুখত।
পুলিচৰ গাড়ী এখন আহি সিহঁতৰ সন্মুখত ৰখাইছিল। পুলিচ কেইজনৰ লগতে উঠাই লৈ অহা মানুহজনক দেখিহে সিঁহত আটাইৰে চকু কপালত উঠিছিল। গাঁওখনৰ হালোৱা বাদুলিক পুলিচে ধৰি উঠাই আনিছে। বাদুলিক দেখিহে সিহঁতৰ মনত পৰিছিল পুৱাৰ কাজিয়াখনৰ কথা। কাজিয়ানো কি? কথাৰ কটা-কটি। একেখন গাঁৱৰে মানুহ। চলি যায়। পুৱাৰ সময় আছিল তেতিয়া যেতিয়া বাদুলিৰ খংটো উঠিছিল। কিন্তু সেইখিনি কাজিয়া সিমানতে শেষ হোৱা বুলি ভাবি লৈছিল সকলোৱে। বাদুলিক বুজাই-বঢ়াই ঘৰলৈকে পঠিয়াই দিছিল। সেই সাধাৰণ কথাটোৱে যে থানা পোৱাব কোনেনো জানে।
“মোৰ বাবেও কথাটো সাধাৰণ নহয় বাবু বাপা। তই জনা-বুজা ল’ৰাটো হৈ সেইখিনি নুবুজা কিয়। মই এক কথাৰ মানুহ। সি আনিবলৈ যাওঁতেই বাৰে বাৰে কৈ পঠিয়াইছোঁ যে- নিলে নিব পাৰিবি কিন্তু সময়ত যাতে ঘূৰাই পাওঁ।” পুলিচৰ আগত বাদুলিৰ কৈফিয়ৎ শেষ নৌহওঁতেই কালিৰ সন্মিলনৰ সাংস্কৃতিক সম্পাদকজনে গাড়ীৰ চাবি পকাই পকাই থানাত প্ৰবেশ কৰিছিল। থানাৰ পৰিৱেশ তাৰ ঘৰুৱা। বেচ আহ- যাহ আছে। “অই বৰ ফুটনি মাৰি আছিলি অথনি। সোমাই থাক এতিয়া থানাত। সাধাৰণ বস্তুটোতে বেটাৰ ফুটনি।” সাংস্কৃতিক সম্পাদকৰ কথাত ধমকৰ সুৰ। “সাধাৰণ নহয় বাবেই বিচাৰি গৈছিলি নিলাজ।” বাদুলিৰ প্ৰত্যুত্তৰ।
পুলিচে বাদুলিক ধমক দি আকৌ সূত্রপাত হব খোজা কাজিয়াখন থমাইছিল। মঞ্চ সজ্জাৰ বাবে প্ৰয়োজন হৈছিল আচল নাঙল এখন আৰু জাপি এটাৰ। পিছে প্ৰয়োজন হোৱা এই সমল যে একমাত্র বাদুলিৰ ঘৰতহে আছিল সেয়া সকলোৱে জানিছিল। যথাসময়ত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে সেইখিনি বাদুলিৰ পৰা লৈ আহিছিল।
“ছাৰ, জেঠ মাহ। আমি কঠিয়া পৰিবৰ সময়। মই নো কিয় দিম কালিয়ে নাঙল, জাপি আনি আজিলৈকে ৰাখিবলৈ। আমি কাম কৰি খোৱা মানুহ আমাৰ সম্পদ সেইখিনিয়ে। তাকো যদি পাছদিনা বেলি উঠালৈকে লোকক দেখুবলৈকে ৰাখি থয় খং নুঠি কি উঠিব কওকচোন।”
পুৱালৈকে ল’ৰাহতে নাচিয়েই আছিল। গায়কেও বন্দবস্ত মতে বেলি উঠিলেও গাই গৈছিল এটাৰ পিছত আনটো গান। পুৱা বাদুলিয়ে তাৰ নাঙলখন নিবলৈকে আহিছিল। সাংস্কৃতিক সম্পাদকৰ খং উঠিছিল। দুয়োৰে মাজত অলপ তৰ্কা-তৰ্কি হৈছিল। খং দেখুৱাবলৈ সাহস কৰাৰ বাবেই হয়তো লাজ পাইছিল আৰু সেইখিনি কাজিয়াকে সাংস্কৃতিক সম্পাদকজনে থানা পোৱাইছিল।
কথাবোৰ গমি-পিতি পুলিচে কি সিদ্ধান্ত লয় বাবুই অনুমান কৰিব পৰা নাছিল। এই ঘটনাটোৱে বাবুক নতুনকৈ ভবিবলৈ সুবিধা দিছিল। অতি আবেগিকতাৰ সুবিধা লৈ পৰম্পৰা- সংস্কৃতিৰ নামত দীর্ঘদিন ব্যস্ত ৰাখি কোনোৱে সুবিধা লৈ আছে নেকি- বাবুই ভাবিছিল। তাৰ মনলৈ আহিছিল সময়তকৈ দীঘলীয়া হৈ অহা তেনেকুৱা বহুকেইটা অনুষ্ঠান। লগতে মনলৈ আহিছিল তাৰ আঁৰত ব্যৱসায়িক সুবিধা গ্ৰহণ কৰি অহা মানুহবোৰৰ ছবি। বাবুই তাৰ হাতৰ ঘড়ীটোলৈ চাইছিল। ততকাল টিকট কৰাৰ সময়খিনিলৈ আৰু আধাঘণ্টা বাকী। কৰ্মঠ মানুহৰ নিতী শিক্ষা দিয়া বাদুলিক মনতে ধন্যবাদ জনালে। সি আৰু তাৰ ছুটি দীঘলীয়া নকৰে। ততকাল টিকত কৰি হ’লেও কামলৈ যাব সি। বিচাৰখনৰ মাজতে পুলিচ অফিচাৰজনৰ পৰা বিদায় লোৱাৰ অনুমতিৰ বাবে সুবিধা বিচাৰি থাকিল বাবুৱে। বাকী কথাবোৰ শুনাৰ হয়তো আগ্ৰহ নোহোৱা হোৱাৰ বাবেই বাবুৰ কাণত অস্পষ্ট হৈ আহিল আলোচনাৰ শব্দবোৰ। বাবু মাত্ৰ বিচাৰখনৰ পৰা ওলাই অহাৰ ৰাস্তাৰ সন্ধানত।