বিশ্বাস-অবিশ্বাস

আস্তিক আৰু নাস্তিক দুয়োটাই ‘বিশ্বাস’ৰ খেলা নেকি?- ( ভাৰ্গৱ বৰঠাকুৰ)

বৰ্তমান আধ্যাত্মিকতা( Spirituality)এটা বহুল জনপ্ৰিয় শব্দ। দেশৰ আগশাৰীৰৰ শিক্ষানুষ্ঠানবোৰতো‌ আধ্যাত্মিকতাৰ চৰ্চা কৰিবলৈ জনপ্ৰিয় আধ্যাত্মিক গুৰুক আমন্ত্ৰণ কৰা দেখা যায়। আধ্যাত্মিকতাৰ কথা ভাবিলেই বহুতৰে হয়তো বগা সাজ পৰিধান কৰা ৰহস্যময় জ্ঞানৰ সাগৰসদৃশ কেইবাজনো জনপ্ৰিয় আধ্যাত্মিক গুৰুৰ ছবি মনত ভাহি আহে! চৰ্চিত বৈজ্ঞানিক পৰিভাষা আৰু ইংৰাজী শব্দৰ সংমিশ্ৰণে দিয়া ভাষণবোৰ ওপৰে ওপৰে শুনিলে এনে লাগে যেন তেওঁলোকে বহুত যুক্তিপূৰ্ণ কথা কৈছে! কিন্তু ভালদৰে কথাবোৰ শুনিলে বা বিশ্লেষণ কৰিলে বুজিব পাৰি যে নতুনত্ব একো নাই তেওঁলোকে ধৰ্ম, আস্থাৰ কথাবোৰকে আওপকীয়াকৈ পাগুলি আছে! দেখা যায় আজিকালি নৱপ্ৰজন্মৰ বহু শিক্ষিত মানুহেও নিজকে ধাৰ্মিক বা আস্তিক বুলি পৰিচয় নিদি নিজকে ‘আধ্যাত্মিক’ বুলিহে ক’ব বিচাৰে। আধ্যাত্মিকতা ধৰ্মৰ মৰ্ডান ভাৰ্চন নেকি? আধ্যাত্মিকতাৰ সংজ্ঞা বিচাৰিবলৈ গ’লে ইন্টাৰনেটত বহুকেইটা সংজ্ঞা পোৱা যায় যদিও সৰ্বজনগ্ৰাহ্য সংজ্ঞা এটা পাবলৈ টান। ধৰ্মগুৰু আৰু আধ্যাত্মিক গুৰুসকলে দিয়া সংজ্ঞাবোৰো বহুক্ষেত্ৰত অমিল। বহু সংজ্ঞাত আধ্যাত্মিকতা শব্দটোক মূলত: আত্মা, পৰমাত্মা, পৰমপিতা, পৰমব্ৰহ্ম, ভ্ৰম, মায়াৰ লগত জৰিয়ত কৰা হৈছে। ঠিক সেইদৰে আন এচামে আধ্যাত্মিকতাৰ সংজ্ঞাক ধৰ্মীয় দৃষ্টিকোনৰ পৰা আঁতৰাই বেলেগ ধৰণে উপস্থাপন কৰা দেখা যায়। তেনে এচাম আধ্যাত্মিক গুৰুৱে ক’ব বিচাৰে মানুহ ধাৰ্মিক হোৱাতকৈ বোলে ‘আধ্যাত্মিক’ হোৱাহে ভাল। বিশেষকৈ আস্তিক আৰু নাস্তিক বিষয়ৰ যুক্তি-তৰ্কবোৰত আধ্যাত্মিক গুৰুৰ মূখত প্ৰায়ে এটা কথা শুনা যায় আস্তিক আৰু নাস্তিক বোলে দুয়োটা একেই। দুয়োটা ‘বিশ্বাস’ৰ ওপৰত প্ৰতিষ্ঠিত। সেইহে তেওঁলোক বোলে ঈশ্বৰ নথকাৰ বিশ্বাসতো নাই আৰু ঈশ্বৰ থকাৰ বিশ্বাসতো নাই। তেওঁলোক কেৱল সত্যৰ সন্ধানতহে আগ্ৰহী! আধুনিক যুগৰ এই আধ্যাত্মিক গুৰুবোৰে ধৰ্মক বিশেষ প্ৰাধান্য নিদি অতি কৌশলতাৰে মানুহক বুজাব বিচাৰে যে— বিশ্বাস কৰা আৰু বিশ্বাস নকৰা দুয়োটাই ভুল ধাৰণা– বাস্তৱ সত্যটো বিচাৰ কৰাই বোলে তেওঁলোকৰ আচল কাম। কিন্তু তেওঁলোকৰ এই সত্য সন্ধানৰ প্ৰক্ৰিয়া কিমান বিজ্ঞানসন্মত তাত সন্দেহ আছে! বিজ্ঞানসন্মত হোৱাতো দূৰৰ কথা এই সত্যসন্ধানী পথৰ পথিক হ’বলৈ কিন্তু আধ্যাত্মিক গুৰুজনাৰ ফাউণ্ডেচনত এডমিছন লোৱাটো বাধ্যতামূলক। সেই পথৰ দৈৰ্ঘ অনুসৰি এডমিছন ফিজৰ অংকটো ভিন্ন হয়।

আধ্যাত্মিক গুৰুৱে কোৱাৰ দৰে আস্তিক আৰু নাস্তিক দুয়োটা সঁচাকৈয়ে বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত দৰ্শন নেকি? সাধাৰণভাৱে চাবলৈ গ’লে আস্তিক আৰু নাস্তিক দুয়োটাই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত দৰ্শন যেন লাগে। আমি আস্তিক বুলি সেইজনক কওঁ যাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস থাকে। আৰু নাস্তিক বুলি সেইজন ব্যক্তিক কওঁ যাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাই। অৰ্থাৎ এজনৰ বিশ্বাস থকাৰ ওপৰত আৰু আনজনৰ বিশ্বাস নথকাৰ ওপৰত। সেই মতে আমি দুয়োজনকেই ‘বিশ্বাসী’ (Believer) বুলি ক’ব পাৰোঁ নেকি?
আচলতে কথাটো তেনে নহয়, সাধাৰণ যেন লাগিলেও অন্তঃনিৰ্হিত কথাটো বেলেগ। আমাৰ অধিকাংশলোকেই এক ধৰ্মিক পৰিবেশত ডাঙৰ দীঘল হোৱা। সেইহে আমি  আনকো সদায় ধৰ্মৰ চশমাৰে চাবলৈ চেষ্টা কৰোঁ। আৰু সেইধৰণে কথাবোৰ বুজিবলৈ চেষ্টা কৰোঁ। আমাৰ মনত সৰুতেই ঈশ্বৰ, আত্মাৰ ধাৰণাবোৰ এনেদৰে সুমুৱাই দিয়া হয় যে পাছত ইয়াক মনৰ পৰা আঁতৰাবলৈ বহুতৰে অসুবিধা হয়। কিন্তু নাস্তিকৰ জন্ম বৃত্তান্ত অলপ বেলেগ!
নাস্তিক এজনকো সৰুতেই শিকাই দিয়া হৈছে নেকি ঈশ্বৰ বোলা কোনো বস্তু নাই? নে জীৱন যুদ্ধত মূখামুখী হোৱা কিছুমান বিক্ষিপ্ত ঘটনাই সেইসকলক ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাবলৈ বাধ্য কৰিছে? দেখা যায় এনে পৰিস্থিতিৰ পৰা নাস্তিক হোৱাৰ উদাহৰণ একেবাৰে সীমিত। অধিকাংশ নাস্তিকেই কিন্তু এখন ধাৰ্মিক সমাজৰ পৰাই অহা। অকল সেইটোৱেই নহয় সেইসকলৰ অধিকাংশই জীৱনৰ এটা বসয়লৈকে আস্তিকেই আছিল। প্ৰকৃততে তেওঁলোক নাস্তিক হোৱাৰ প্ৰধান কাৰণ হ’ল তেওঁলোকে ধৰ্ম-ঈশ্বৰৰ বিশ্বাসবোৰক ভালদৰে বিশ্লেষণ কৰিছে। তেওঁক বিশ্বাসৰ ভিত্তিত চলি অহা যিবোৰ কথা শিকোৱা হৈছিল সেই সময়ত তেওঁৰ সঠিক বিশ্লেষণ কৰিব পৰা ক্ষমতা নাছিল। কিন্তু বুজা‌ হোৱাৰ পাছত তেওঁ সেইবোৰ কথা সঠিক বিশ্লেষণ কৰিলে, বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰশ্ন কৰিব শিকিলে– যিবোৰ বিশ্বাসকলৈ মই সৰুৰ পৰাই ডাঙৰ হৈছোঁ এইবোৰ প্ৰকৃততে সঁচা নে ? বিজ্ঞানসন্মত নে?

আমি সৰুৰ পৰা যিবোৰ বিশ্বাসকলৈ ডাঙৰ হৈছোঁ সেইবোৰৰ ওপৰত প্ৰশ্ন কৰিবলৈ বহুত সাহসৰ দৰকাৰ। আমাৰ সমাজৰ অধিকাংশ মানুহেই এনেবোৰ বিশ্বাসৰ ওপৰত কোনো গভীৰ বিশ্লেষণেই নকৰে, যেনেকৈ আছে তেনেকৈ চলি থাকিব বিচাৰে। এনে বহু কম সংখ্যক লোককহে দেখা যায় যি বাস্তৱত নিৰপক্ষতাৰে নিজৰ আস্থাৰ ওপৰত প্ৰশ্ন কৰিব পাৰে, তাৰ বিৰুদ্ধে যুক্তি দিব পাৰে। এনেলোক বহু কম দেখা যায় যি সোঁতৰ বিপৰীতে গৈ সাহসেৰে ক’ব পাৰে যেতিয়ালৈকে মোৰ আস্থাৰ ওপৰত কোনো বিজ্ঞানসন্মত প্ৰমাণ নাপাওঁ তেতিয়ালৈকে মই এই কথা বা কামক বিশ্বাস কৰিব নোৱাৰোঁ। এইসকল লোকহে নাস্তিক।

আস্তিকে ক’ব বিচাৰে ঈশ্বৰ আছে, নাস্তিকে প্ৰশ্ন কৰে প্ৰমাণ দেখুৱা। আস্তিকে ক’ব বিচাৰে আত্মা আছে, নাস্তিকে প্ৰশ্ন কৰে প্ৰমাণ ক’ত? ইয়াত দেখা যায় নাস্তিকে নিজৰ ধৰণে কোনো দাবী কৰা নাই, তেওঁলোকে কেৱল আস্তিকৰ পৰা বিজ্ঞানসন্মত প্ৰমাণ বিচাৰিছে। নাস্তিকৰ বাবে এনেবোৰ বিশ্বাস কৰিবলৈ কোনো দ্বিধা নাই যদিহে তাত বিজ্ঞানসন্মত প্ৰমাণ থাকে। বৈজ্ঞানিক প্ৰমাণ অবিহনে নাস্তিকে হাজাৰ বছৰীয়া পৰম্পৰা অথবা বিশ্বাস বুলিয়েই কোনো কথা মানি নলয়। দেখা যায় নাস্তিকৰ এনে দাবীক খণ্ডন কৰিবলৈ আস্তিকে কিন্তু তেনে কোনো প্ৰমাণ দাঙি ধৰিব পৰা নাই। প্ৰকৃততে মানৱজাতিৰ ওচৰত এই বস্তবোৰ সঁচাকৈ থকাহেঁতেন তাৰ ওপৰত আমাৰ “বিশ্বাস” ৰখাৰ দৰকাৰ নাছিল। কাৰণ বিশ্বাস/আস্থা এনেবোৰ বস্তুৰ ওপৰত ৰখা হয় যিবোৰ বস্তুৰ অস্তিত্বৰ প্ৰমাণ নাই। উদাহৰণস্বৰূপে আমাক কোনোবাই কয় নেকি পৃথিৱী গোলাকাৰ, সূৰ্য নামে তৰা এটা আছে বুলি বিশ্বাস আছে? নকয় কাৰণ আমি জানো যে ইয়াৰ বাস্তৱিকতা আছে বিজ্ঞানসন্মত প্ৰমাণ আছে।

গতিকে ইয়াৰ পৰা বুজা গ’ল নাস্তিক প্ৰকৃততে ‘বিলিভাৰ’ নহয়। নাস্তিক সেইজন যি বিলিভাৰৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন তুলে। যি প্ৰশ্ন কৰে এনেবোৰ বিশ্বাসক কি যুক্তিত মানিব লাগে? যিমানেই ডাঙৰ জিনিয়াছ নহওক কিয় বৈজ্ঞানিক প্ৰমাণ অবিহনে নাস্তিকে কোনো কথা মানি নলয়। তদুপৰি নাস্তিকে কোনো নতুন তত্ব আৱিস্কাৰ কৰি মানুহক বিভ্ৰান্ত নকৰে, তেওঁলোকে কেৱল বিলিভাৰৰ ‘বিশ্বাস’ৰ ওপৰত প্ৰশ্ন তোলে। যুক্তি বিচাৰে। গতিকে আধ্যাত্মিক গুৰুৱে কোৱাৰ দৰে নাস্তিকজন আস্তিকৰ দৰে ‘বিশ্বাসী’ নহয়। ই এক অপপ্ৰচাৰ। আধ্যাত্মিকতাৰ নামত মানুহক বিভ্ৰান্ত কৰি নাস্তিকতাৰ অপপ্ৰচাৰ কৰাটো বহুতৰে এতিয়া ব্যৱসায়িক কৌশলহৈ পৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *