আটাৰ কাহিনী : অলপ ইতিহাস, অলপ বিজ্ঞান (আকাংক্ষা গগৈ আৰু হিমাংকু চেতিয়া)
আমি জানো যে মানৱ-বিৱৰ্তনৰ ইতিহাস আৰম্ভ হৈছিল লাখ লাখ বছৰ আগেয়ে। শাৰীৰিক বিৱৰ্তনৰ অৱধাৰিত পৰিণতি হিচাপে আমাৰ তেতিয়াৰ দূৰ সম্পৰ্কৰ পূৰ্বপুৰুষসকল ক্রমাৎ পৃথক হৈ পৰিছিল অন্য স্তন্যপায়ী প্ৰাণীসমূহৰ পৰা। মানুহৰ শাৰীৰিক বিৱৰ্তনৰ হাতত হাতধৰি সংঘটিত হৈছিল বহুতো তাৎপৰ্যপূৰ্ণ সাংস্কৃতিক পৰিৱৰ্তন। মগজুৰ জ্ঞানাত্মক (Cognitive) ক্ষমতাৰ বিকাশ, শ্রম-সঁজুলিৰ নিৰ্মাণ তথা ব্যৱহাৰ, সামাজিক সংগঠনৰ বিকাশ আৰু তৎজনিত দ্বন্দ্ব—সেইসমূহ আছিল মানৱেতিহাসৰ অগ্রগতিৰ সৈতে অংগাংগীভাৱে সম্পৰ্কিত।
মানৱ-জাতিৰ তেনে বৰ্ণাঢ্য আৰু চলিষ্ণু ইতিহাসত কৃষিৰ উদ্ভাৱন এক যুগান্তকাৰী ঘটনা। প্ৰায় ১০,০০০ বছৰ আগতে বিশ্বৰ বিভিন্ন অঞ্চলত যাযাবৰী চিকাৰী-সংগ্ৰাহক জীৱন শৈলীৰ পৰা মানুহ ক্রমাৎ আঁতৰি আহিছিল—গঠিত হৈছিল স্থায়ী বসতি স্থাপন কৰা কিছুমান কৃষক সম্প্ৰদায়—যিটো ঘটনাই মানৱ-জাতিৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তনৰ লগতে মানৱ-সভ্যতাৰ উত্থানৰ সূচনা কৰিছিল। কৃষিকৰ্মৰ প্রথমাৱস্থাত আমাৰ পূৰ্বপুৰুষসকলে ঘেঁহুৰ খেতি কৰিবলৈ শিকিছিল। সময়ৰ সোঁতত প্ৰব্ৰজনকাৰীৰ দলসমূহৰ জৰিয়তে ঘেঁহু বিভিন্ন মহাদেশসমূহৰ নানান স্থানলৈ দ্ৰুত গতিত বিয়পি পৰিছিল। সমাজ আৰু সভ্যতাৰ ক্রমবিকাশৰ এটা সময়ত এইবিধ শস্য বিশ্বজুৰি এক অন্যতম গুৰুত্বপূৰ্ণ শস্যৰূপে পৰিগণিত হৈ পৰিছিল। বিভিন্ন জলবায়ু আৰু ভিন ভিন মাটিৰ সৈতে ঘেঁহুৰ অভিযোজন ক্ষমতা আছিল যথেষ্ট বেছি। তাৰ লগতে, শস্যবিধৰ পুষ্টিকৰ মূল্যই ইয়াৰ ব্যাপক সম্প্ৰসাৰণত অৰিহণা যোগাইছিল। প্রাগৈতিহাসিক মানৱ-সমাজখনৰ বিকাশ, আদিম বাণিজ্য ইত্যাদিত এই শস্যৰ ভূমিকা আছিল অতিশয় গুৰুত্বপূৰ্ণ। আজিও ঘেঁহু বিশ্বব্যাপী কোটি কোটি লোকৰ বাবে প্ৰধান খাদ্য হৈয়েই আছে; এইবিধ শস্য হৈছে—বৈশ্বিক পটভূমিতেই—কাৰ্বহাইড্ৰেট আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ এক প্ৰধান উৎস। ঘেঁহুৰ পৰা পুষ্টিকৰ খাদ্য প্রস্তুত কৰাৰ লগতে বিভিন্ন পানীয়ও তৈয়াৰ কৰা হয়। শিশুৰ পৰা ডাঙৰলৈ সকলোৰে বাবে এইবোৰ উপাদেয় আৰু পুষ্টিকৰ খাদ্য। পুষ্টিৰ উপৰিও ঘেঁহুৰ বিভিন্ন ঔষধি গুণো আছে।
সমগ্র বিশ্বত ঘেঁহুৰ বহুল ব্যৱহাৰৰ মুখ্য কাৰক হৈছে যে এইবিধ শস্যৰ গুটিৰ পৰা প্রস্তুত কৰা আটা সকলোৰে মাজত অতি প্রিয়। যদিও “আটা” বুলিলে ঘেঁহুৰ গুটি পিহি তৈয়াৰ কৰা পাউদাৰৰ দৰে গুড়িৰ কথাহে আমাৰ মনলৈ আহে, এই প্রবন্ধত আমি কিন্তু শব্দটো অলপ বহল অৰ্থত ব্যৱহাৰ কৰিছোঁ। তেনে বহল অৰ্থত আটা হৈছে নানান কেঁচা শস্য—যেনে ঘেঁহু, গোমধান, ৰাই, ধান, অ’টছ আদিৰ—শিপা অথবা গুটি পিহি তৈয়াৰ কৰা গুড়ি। তেনে গুড়ি ব্যৱহাৰ কৰি বহুতো প্ৰকাৰৰ খাদ্য তৈয়াৰ কৰা হয়। শস্যৰ পৰা প্ৰস্তুত কৰা আটা, বিশেষকৈ ঘেঁহুৰ আটা হৈছে ৰুটি তথা পাউৰুটিৰ মূল উপাদান, যি বিশ্বৰ বহুতো দেশৰ প্রধান খাদ্য। অতীজত আমেৰিকা মহাদেশত গোমধানৰ পৰা তৈয়াৰী আটা বৰ গুৰুত্বপূৰ্ণ খাদ্য আছিল; বৰ্তমানেও মহাদেশখনৰ বহুতো মানুহৰ বহুতো খাদ্য-উপকৰণৰ ই হৈছে মুখ্য উপাদান। মধ্য ইউৰোপ আৰু উত্তৰ ইউৰোপ— উভয়তে ৰাইৰ পৰা আহৰণ কৰা আটাৰে ৰুটি প্রস্তুত কৰা হয়।
ভাৰতবৰ্ষৰো বহুকেইখন ৰাজ্যত প্ৰাচীন কালৰে পৰা আটাই খাদ্য সম্ভাৰত বিশেষ স্থান লাভ কৰি আহিছে। এই দেশৰ জনগণৰ খাদ্য তালিকাত ঘেঁহু, ধান তথা মাহজাতীয় শস্যই গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ভাৰতৰ অসম তথা অন্য উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত যিদৰে ভাত নাইবা চাউলৰ পৰা প্ৰস্তুত খাদ্যসম্ভাৰসমূহক প্ৰধান আহাৰ হিচাপে গণ্য কৰা হয়, ঠিক সেইদৰেই বিহাৰ, উত্তৰপ্ৰদেশ, ৰাজস্থান আদিৰ দৰে কিছুমান ৰাজ্যৰ মানুহৰ প্ৰধান আহাৰ হৈছে ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী ৰুটি বা অন্যান্য খাদ্য। সম্ভৱতঃ ভাৰতীয়সকলৰ কোনো আহাৰেই সোৱাদযুক্ত ৰুটিৰ অবিহনে সম্পূৰ্ণ নহয়—লাগিলে সি সাধাৰণ দাইল এখন নাইবা শাকৰ তৰকাৰীখনেই নহওঁক কিয়—আমাৰ আহাৰত এই দুয়োবিধ ব্যঞ্জনৰ পুৰণি সংগী ৰুটিৰ উপস্থিতি অনিবাৰ্য। এই খাদ্যাভাসৰ প্রেক্ষাপটত আটাৰ গুৰুত্ত্ব অপৰিসীম, কিয়নো ৰুটি প্রস্তুত কৰিবলৈ প্ৰয়োজন হোৱা মুখ্য সামগ্ৰীবিধেই হ’ল আটা।
অসমৰ প্ৰেক্ষাপটত চাবলৈ গ’লে ধানৰ পিছতেই ঘেঁহু হ’ল প্ৰধান খাদ্য শস্য। ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত এতিয়াও আমাৰ ৰাজ্যখন স্বাৱলম্বী হ’ব পৰা নাই যদিও অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, জলসিঞ্চনৰ সুবিধা আৰু অন্যান্য কাৰিকৰী কৌশল অৱলম্বনৰ জৰিয়তে অসমৰ ঘেঁহু খেতি কৰা কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। আজিৰ পৰা তিনিটা দশক আগেয়ে তুলনামূলকভাৱে নতুন শস্য হিচাপে অসমত আত্মপ্ৰকাশ কৰা ঘেঁহু খেতি আৰু লগতে ঘেঁহুৰ আটাৰ পৰা প্ৰস্তুতকাৰী ভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰে সম্প্ৰতি ৰাজ্যখনত জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।
প্ৰায়বোৰ বীজ জাতীয় শস্যই উচ্চ পুষ্টিযুক্ত, গতিকে আমাৰ দৈনন্দিন সন্তুলিত খাদ্য-তালিকাত বিভিন্নধৰণৰ আটাজাতীয় আহাৰ সংযোজন কৰিবলৈ অতি সহজ। স্থান বিশেষে নিত্য নৈমিত্তিকভাৱে ভোজন কৰা ৰুটি, পৰঠা, পুৰি, ডোচা, ইডলি আদি প্ৰস্তুত কৰাৰ উপৰিও, আমাৰ ভোজনবিলাসিতাক সন্তুষ্টি প্ৰদান কৰা বিভিন্নধৰণৰ আহাৰ যেনে ধোকলা, পেনকেক ইত্যাদিৰ লগতে বিভিন্ন ধৰণৰ মিঠাই, বিস্কুট, পিঠা আদি প্ৰস্তুত কৰিবলৈ আটা বা ময়দাৰ (অধিক পৰিশ্রুত আটা) ব্যৱহাৰ কৰা হয়। আটা বা ময়দাৰে তৈয়াৰী আহাৰ হজম কৰিবলৈও সহজ। বয়সীয়াল লোকসকল, বিশেষকৈ দুৰ্বল দাঁত আৰু কৃত্ৰিম নলীৰ সহায়েৰে আহাৰ গ্ৰহণ কৰি থকাসকলক অন্যান্য গধুৰ আহাৰৰ তুলনাত ঘেঁহু আদিৰ পৰা তৈয়াৰী আটাৰ খাদ্য খুৱাবলৈ সহজ।
ভাৰতত বিভিন্ন প্ৰকাৰৰ আটাজাতীয় খাদ্য-সামগ্ৰীৰ প্ৰচলন আছে। আটা বিভিন্ন প্ৰকাৰৰ বীজজাতীয় শস্য যেনে ঘেঁহু, চাউল, কণিধান (মিলেট) ইত্যাদিৰ পৰা প্ৰস্তুত কৰা হয়। এনেধৰণৰ গুড়িৰ পৰাই বিভিন্ন ভাৰতীয় পিঠাজাতীয় খাদ্যসমূহ তৈয়াৰ কৰা হয়। কিন্তু সততে উত্থাপিত হোৱা প্ৰশ্নটো হ’ল, ইয়াৰ ভিতৰত আটাইতকৈ পুষ্টিকৰ কোনবিধ?
১) ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটা
পূৰ্বতে উল্লেখ কৰা মতে আমাৰ দেশত সৰ্বাধিক উৎপন্ন হোৱা অন্যতম শস্য হ’ল ঘেঁহু আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা আটা ভাৰতীয় খাদ্য সম্ভাৰত আটাইতকৈ বেছি ব্যৱহৃত কৰা হয়। লগতে ই পুষ্টিকৰো। পৰম্পৰাগতভাৱে ‘চাকি’ বা ‘চাক্কি’ নামৰ শিলেৰে বনোৱা যতন এবিধত ঘেঁহু পিহি আটা প্ৰস্তুত কৰা হয়। ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাত ফলিক এচিড, মেংগানিজ, মেগনেছিয়াম, চেলেনিয়াম, খাদ্যপ্ৰাণ ই, খাদ্যপ্ৰাণ বি ৬, কপাৰ আৰু জিংক ভৰপূৰ মাত্ৰাত পোৱা যায়।
২) গোমধানৰ পৰা প্ৰস্তুত কৰা আটা
সোৱাদযুক্ত আৰু পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ মাকৈৰ আটা দীৰ্ঘ সময়জুৰি সাঁচি ৰাখিব পৰা যায়। এই আটা আঁহজাতীয় উপাদান, নানান এণ্টিঅক্সিডেণ্ট, মেগনেছিয়াম, খাদ্যপ্ৰাণ বি, অমেগা ছিক্স ফেটি এচিড আৰু উদ্ভিদজাত প্ৰ’টিনৰে ভৰপূৰ। এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ মাকৈৰ আটা দৃষ্টিশক্তিৰ অটুট ৰাখিবলৈ খুবেই ভাল, লগতে ই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। মন কৰিবলগীয়া কথা এইয়ে যে এই আটাৰে প্ৰস্তুত কৰা খাদ্য অত্যধিকভাৱে গ্ৰহণ কৰিলে হজম কৰাত অসুবিধা আহিব পাৰে।
৩) চাউলৰ পৰা প্ৰস্তুত কৰা পিঠাগুড়ি
বগা নাইবা মুগা ৰঙৰ চাউলৰ পৰা প্ৰস্তুত কৰা এই পিঠাগুড়িক ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাৰ ‘গ্লুটেন মুক্ত’ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। ই অধিক কাৰ্ব’হাইড্ৰেটযুক্ত, ইয়াত কম পৰিমাণে চৰ্বি থাকে আৰু সঠিক হাৰত প্ৰ’টিন মজুত থাকে। বগা চাউল খুন্দাৰ সমগ্ৰ প্ৰক্ৰিয়াটোতে ইয়াৰ পৰা সৰহসংখ্যক পুষ্টিকৰ উপাদান নষ্ট হয়। ইয়াৰ তুলনাত মুগা ৰঙৰ চাউলত অধিক হাৰত আঁহ, খাদ্যপ্ৰাণ বি, ফছফৰাছ আৰু মেগনেছিয়াম মজুত থাকে।
৪) হুইট ব্ৰান বা ঘেঁহুৰ তুঁহৰ পৰা প্ৰস্তুত কৰা আটা
ব্ৰান বুলি ক’লে ঘেঁহুৰ উপৰিভাগৰ কঠিন তৰপটো বুজোৱা হয়। ইয়াক ঘেঁহু খুন্দাৰ সময়ত সংগ্ৰহ কৰা হয়। হুইট ব্ৰান অথবা ঘেঁহুৰ তুঁহৰ পৰা প্ৰস্তুত কৰা আটাত মজুত থকা অদ্ৰৱণীয় আঁহে আমাৰ পাচন প্ৰক্ৰিয়াত বৰ সহায় কৰে। এনে আঁহজাতীয় আহাৰ গ্ৰহণ কৰিলে কৌষ্ঠকাঠিন্যতা দূৰ হয়। কিয়নো এনে আহাৰে প্ৰ’বায়’টিক হিচাপে কাম কৰে আৰু স্বাস্থ্যৰ পক্ষে লাভদায়ক বেক্টেৰিয়াৰ বিকাশত সহায় কৰে। এই আটাত উচ্চহাৰত আঁহ মজুত থাকে যিয়ে আমাৰ শৰীৰৰ কলেষ্ট’ৰেলৰ মাত্রা সন্তুলিত কৰি ৰখাত কাৰ্যকৰী ভূমিকা লয়। লগতে ই হৈছে নিয়াচিন, খাদ্যপ্ৰাণ বি ছিক্স, মেংগানিজ, জিংক, কপাৰ আদিৰ এটা ভাল উৎস।
৫) মিলেটৰ পৰা প্ৰস্তুত কৰা আটা
মিলেট তথা কণিধান হৈছে এবিধ পৰিপুষ্টিৰে সমৃদ্ধ খাদ্য-শস্য। ই আকাৰত সৰু। কিছুমান ঘূৰণীয়া আৰু কিছুমান চেপেটা আকৃতিৰ। মিলেটৰ খেতি প্ৰধানকৈ এছিয়া আৰু আফ্ৰিকা দেশসমূহত কৰা হয়। মিলেটৰ খেতি কৃষকসকলৰ বাবে সুবিধাজনক কিয়নো খৰাং পৰিৱেশ আৰু কম সাৰুৱা মাটিতো এইবিধ শস্য অতি সহজে কৰিব পৰা যায়।
মিলেটৰ পৰা তৈয়াৰ কৰা আটা হৈছে গ্লু’টেন মুক্ত, যাৰ বাবে চিলিয়াক (Cyliac) ৰোগত ভোগা ৰোগীয়েও মিলেটৰ পৰা তৈয়াৰ কৰা ৰুটি অনায়াসে গ্ৰহণ কৰিব পাৰে। গ্লুটেন হৈছে এবিধ প্ৰ’টিন; ই প্ৰাকৃতিকভাৱে ঘেঁহু আৰু বাৰ্লিত থাকে। কিন্তু চিলিয়াক ৰোগীয়ে এইবিধ প্ৰ’টিন হজম কৰিব নোৱাৰে বাবে তেনে খাদ্য গ্রহণ কৰিলে তেওঁলোক ডায়েৰীয়া, গেছ, পেটফুলা, এনিমিয়া আদি আনুষংগিক সমস্যাত ভোগে। গতিকে তেওঁলোকে ঘেঁহুৰ আটাৰ বিকল্প হিচাপে পুষ্টিদ্ৰব্য সমৃদ্ধ মিলেটৰ আটা সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে। মিলেটৰ আটাৰ পৰা আমি লাৰু, পিঠা, বিস্কুট, বান, কেক, পিজ্জা আদিও তৈয়াৰ কৰিব পাৰোঁ। এনেদৰে মিলেট সংমিশ্ৰিত খাদ্যৰ পুষ্টি গুণ সচৰাচৰ গ্ৰহণ কৰা খাদ্যতকৈ যথেষ্ট গুণে বেছি হয়। শিশুসকলৰ পৰিপূৰক আহাৰ হিচাপেও মিলেট ব্যৱহাৰ কৰিব পাৰি।
৬) ধেমচিৰ (Buck wheat) পৰা প্ৰস্তুত কৰা আটা
সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন অঞ্চলত যথেষ্ট সমাদৰ লাভ কৰা এবিধ শস্য হৈছে ধেমচি। মৰণা মৰাৰ পাছত ঢেঁকীৰ সহায়ত বা যান্ত্ৰিক উপায়ে খুন্দি গুটিবোৰৰ বাকলি গুচাই গুড়ি কৰি ধেমচিৰ পৰা আটা প্ৰস্তুত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা আটা, ঘেঁহু বা বাৰ্লিৰ আটাৰ লগত মিহলি কৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্যৰ লগতে পাওৰুটি, পেনকেক, নুডুলচ আদি প্ৰস্তুত কৰা হয়। আঁহজাতীয় উপাদানেৰে সমৃদ্ধ হোৱা বাবে ই স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। মধুমেহ, ৰক্তচাপ, হৃদপিণ্ডৰ সমস্যা আদিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ইয়াক লাভদায়ক বুলি পোৱা গণ্য কৰা হৈছে। বিশেষকৈ প্ৰ’টিনত চহকী হোৱা হেতুকে নিৰামিষভোজীসকলৰ আহাৰৰ তালিকাত ই বিশেষ স্থান অধিকাৰ কৰিছে।
উপৰিউক্ত আটাসমূহৰ উপৰিও বুটমাহ, অ’টছ, কাঠ বাদাম আদিৰ আটাৰ ব্যৱহাৰ বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰী প্ৰস্তুতকৰণত ব্যৱহৃত হয়।
সাময়িক বজাৰত উপলব্ধ আটাৰ বিভিন্ন প্ৰকাৰ
আমাৰ অসমৰ বজাৰত ঘেঁহুৰ পৰা প্রস্তুত কৰা নানান আটাই সিংহভাগ দখল কৰি আছে। সকলোবোৰ ঘেঁহুৰ পৰা তৈয়াৰ কৰা হ’লেও, সেই আটাইবোৰৰ মাজতো কিন্তু কিছুমান তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে। প্ৰতিটো প্ৰকাৰৰ আটাৰ মাজত প্ৰধান পাৰ্থক্য থাকে সিহঁতৰ প্ৰ’টিনৰ পৰিমাণত। প্র’টিনৰ পৰিমাণ নিৰ্ভয় কৰে ব্যৱহাৰ কৰা ঘেঁহুৰ প্ৰকাৰৰ ওপৰত। উচ্চ প্ৰ’টিনযুক্ত ঘেঁহুৰ জাতৰ পৰা তৈয়াৰী আটাত—যাক কঠিন ঘেঁহু বুলি কোৱা হয়—তাত ১০-ৰ পৰা ১৪ শতাংশ প্ৰ’টিন থাকে। কম প্ৰ’টিনযুক্ত ঘেঁহুৰ জাতৰ পৰা তৈয়াৰী (যাক কোমল ঘেঁহু বা বগা ঘেঁহু বুলি কোৱা হয়) আটাত ৫-ৰ পৰা ১০ শতাংশ প্ৰ’টিন থাকে। অধিক প্ৰ’টিনৰ অৰ্থ হ’ল অধিক গ্লুটেন, আৰু অধিক গ্লুটেনৰ অৰ্থ হ’ল অধিক শক্তি। গ্লুটেনৰ পৰিমাণেই আটাৰ পৰা প্ৰস্তুত খাদ্যৰ গঠন আৰু গুণমান নিৰ্ধাৰণ কৰে। সচৰাচৰ বজাৰত উপলব্ধ ঘেঁহু-আটাৰ প্ৰকাৰসমূহৰ এক থুলমূল বিৱৰণ তলত প্ৰদান কৰা হৈছে।
১) সৰ্ব কাৰ্যকৰী আটা (All Purpose Flour)
কোমল আৰু কঠিন ঘেঁহুৰ জাতৰ মিশ্ৰণৰ পৰা সৃষ্টি কৰা এইবিধ আটাত প্ৰ’টিনৰ পৰিমাণ মধ্যমীয়া—প্ৰায় ৯-ৰ পৰা ১১ শতাংশ। আটাইতকৈ বহুমুখী আটা হিচাপে ইয়াক বিস্কুট, কুকিজ আৰু পেনকেক প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। যদি যিকোনোধৰণৰ ৰেচিপি এটাত “আটা”-ৰ প্ৰয়োজন হয়, তেন্তে ইয়াৰ নিশ্চিতভাৱে সৰ্ব কাৰ্যকৰী আটাৰ কথা ভাবিব পাৰি।
সৰ্বকাৰ্যকৰী আটাৰ মূলতঃ দুটা ৰূপ আছে, বিৰঞ্জক (bleached) আৰু অবিৰঞ্জক (non bleached)। এই দুবিধৰ মাজত প্ৰধান পাৰ্থক্য হ’ল ইহঁতৰ উৎপাদন প্ৰক্ৰিয়া। সকলো আটা বায়ুৰ সংস্পৰ্শলৈ আহিলে সময়ৰ লগে লগে বিৰঞ্জন বা “ব্লিচ” হ’ব (অৰ্থাৎ পাতল হ’ব)। যিবোৰক প্ৰাকৃতিকভাৱে ব্লিচ কৰিবলৈ দিয়া হয় সেইবোৰক “অবিৰঞ্জক” বুলি কোৱা হয়। আনহাতে, বিৰঞ্জনৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰিবলৈ যদি ক্ল’ৰিন ডাই অক্সাইড আৰু বেনজ’ইল পেৰাক্সাইডৰ দৰে বিৰঞ্জক মাধ্যম (ব্লিচিং এজেণ্ট) যোগ দিয়ে, তেনেহ’লে তেনে আটাক বিৰঞ্জক বুলি আখ্যা দিয়া হয়।
সৰ্ব কাৰ্যকৰী আটা ব্যৱহাৰ কৰি অতি উত্তম মানৰ কুকিজ, মাফিন, ব্ৰেড, পাই, পেনকেক, বিস্কুট, পিজ্জা পিঠাগুড়ি, পাস্তা আদি তৈয়াৰ কৰিব পাৰি।
২) কে’ক আটা (Cake Flour)
কে’ক আটাত সকলোতকৈ কম পৰিমাণৰ প্ৰ’টিন (৫ৰ পৰা ৮ শতাংশ) থাকে। ইয়াৰ বাবেই ই কম গ্লুটেন গঠন কৰে, যাৰ ফলত প্ৰস্তুত কৰা খাদ্যবস্তুটো সুকোমল হয়। এই আটা কে’ক, মাফিন, আৰু বিস্কুটৰ প্ৰস্তুতকৰণৰ বাবে অতি উপযুক্ত। কে’ক আটা ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ ৰুচিকৰ স্পঞ্জ কে’ক, পাউণ্ড কেক, লেয়াৰ কে’ক, এঞ্জেল ফুড কে’ক, আৰু মাফিন আদি তৈয়াৰ কৰা হয়।
৩) পেষ্ট্ৰি আটা (Pastry Flour)
৮-ৰ পৰা ৯ শতাংশ প্ৰ’টিনযুক্ত পেষ্ট্ৰি আটা সৰ্বকাৰ্যকৰী আটা আৰু কে’ক আটাৰ মাজত পৰে। ই মচমচিয়া সোৱাদ আৰু কোমলতাৰ মাজত নিখুঁত ভাৰসাম্য ৰক্ষা কৰে, যাৰ ফলত ই পাই ক্ৰাষ্ট, টাৰ্ট আৰু কুকিজৰ প্ৰস্তুতকৰণৰ বাবে উত্তম। এই আটা ১/৩ কাপ সৰ্ব কাৰ্যকৰী আটা আৰু ২/৩ কাপ কে’ক আটা মিহলাই ঘৰতে নিজেই প্রস্তুত কৰি ল’ব পাৰে।
৪) ৰুটি বা পাওৰুটিৰ আটা (Bread Flour)
সম্পূৰ্ণৰূপে কঠিন ঘেঁহুৰ গুটি পিহি প্ৰস্তুত কৰা ৰুটি বা ব্ৰেডৰ আটা সকলোতকৈ শক্তিযুক্ত আৰু ইয়াৰ প্ৰটিনৰ পৰিমাণ ১২ৰ পৰা ১৪ শতাংশ। ইষ্টযুক্ত ৰুটি তৈয়াৰ কৰিবলৈ এইবিধ আটা বৰ উপযোগী। ব্ৰেডৰ আটা ব্যৱহাৰ কৰি উত্তম সোৱাদৰ পাওৰুটি, ইষ্ট ব্ৰেড আৰু পিজ্জাৰ পিঠাগুড়ি প্ৰস্তুত কৰিব পাৰি।
৫) নিজেই ফুলি আটা (Self Rising Flour)
এইবিধ আটাত মিলিং প্ৰক্ৰিয়াৰ সময়ত বেকিং পাউদাৰ আৰু নিমখ যোগ দিয়া হয়। সাধাৰণতে ইয়াক কোমল ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰ’টিনৰ পৰিমাণ প্ৰায় ৮ৰ পৰা ৯ শতাংশ। ১ কাপ পেষ্ট্ৰি আটা ১ আঢ়ৈ চামুচ বেকিং পাউদাৰ আৰু ডেৰ চামুচ নিমখ মিহলাই ঘৰতে এইবিধ আটাৰ মিশ্রণ প্রস্তুত কৰি ল’ব পৰা যায়। ইয়াক ব্যৱহাৰ কৰি উত্তম মানৰ পেনকেক, বিস্কুট, আৰু স্ক’ন তৈয়াৰ কৰা হয়।
৬) গোটা ঘেঁহুৰ আটা (Whole Wheat Flour)
খুন্দন প্ৰক্ৰিয়াৰ সময়ত ঘেঁহুৰ গুটি এটা ইয়াৰ তিনিটা উপাদানত পৃথক কৰা হয়: এণ্ড’স্পাৰ্ম, অংকুৰ আৰু ব্ৰান। বগা আটা বনাবলৈ মাত্ৰ এণ্ড’স্পাৰ্মখিনি মিল কৰা হয়। গোটা ঘেঁহুৰ আটা বনাবলৈ বিভিন্ন পৰিমাণৰ অংকুৰ আৰু ব্ৰান পুনৰ আটাত যোগ কৰা হয়। গোটা ঘেঁহুৰ আটাত প্ৰায় ১৩ৰ পৰা ১৪ শতাংশ প্ৰ’টিন থাকে যদিও অংকুৰ আৰু ব্ৰানৰ উপস্থিতিয়ে আটাৰ গ্লুটেন গঠনৰ ক্ষমতাত প্ৰভাৱ পেলায়। ইয়াৰ বাবেই গোটা ঘেঁহুৰ আটাই সাধাৰণতে অতিশয় লিকতিয়া পিঠাগুড়িৰ সৃষ্টি কৰে। গোটা ঘেঁহুৰ আটা ব্যৱহাৰ কৰি উত্তম মানৰ কুকিজ, ৰুটি, পেনকেক, পিজ্জাৰ পিঠাগুড়ি আৰু পাস্তা তৈয়াৰ কৰিব পাৰি।
৭) বগা গোটা ঘেঁহুৰ আটা (White Whole Wheat Flour)
বগা গোটা ঘেঁহুৰ আটা হৈছে গোটা ঘেঁহুৰ আটাৰ দৰে একেই উপাদানৰে গঠিত, কেৱল কঠিন বগা ঘেঁহু নামৰ ঘেঁহুৰ এটা শেঁতাৰঙী জাতৰ পৰা প্রস্তুত কৰা হয়। ইয়াত গোটা ঘেঁহুৰ আটাৰ দৰে প্ৰ’টিনৰ পৰিমাণ ১৩ৰ পৰা ১৪ শতাংশ হয় যদিও টেনিনৰ পৰিমাণ কম হোৱাৰ বাবে ইয়াৰ সোৱাদ অলপ মিঠা হয়। গোটা ঘেঁহুৰ আটা আৰু বগা গোটা ঘেঁহুৰ আটা আচলতে একে পৰিমাণতেই স্বাস্থ্যৰ বাবে উপকাৰী।
৮) ০০ আটা (00 Flour, Double Zero Flour, Doppio Zero Flour)
সাধাৰণতে ইটালীয় শৈলীৰ আটা বুলি খ্যাত ০০ আটা আটাইতকৈ কঠিনধৰণৰ ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়। এই আটাত ১১-ৰ পৰা ১২ শতাংশ প্ৰ’টিন উপলব্ধ। ০০ আটাই আটাৰ অত্যন্ত মিহি গুণমানক বুজায়। এইবিধ আটা পাস্তা আৰু ক্ৰেকাৰ প্ৰস্তুতকৰণৰ বাবে এক অতি উপযুক্ত গুণ। উন্নত সোৱাদসম্পন্ন পাস্তা, কাস্কাছ, পিজ্জাৰ পিঠাগুড়ি, ফ্লেটব্ৰেড আৰু ক্ৰেকাৰ প্ৰস্তুত কৰিবলৈ এই আটাৰ ব্যৱহাৰ কৰা হয়।
ঘেঁহুৰ পৰা প্রস্তুত কৰা উপৰিউক্ত আটাৰ উপৰিও, অন্য খাদ্য-শস্যৰ পৰাও যে বহল অৰ্থত আটা পাব পাৰি, সেইটো কৈ অহা হৈছে। তেনে দুবিধ হৈছে—
১) গ্লুটেনমুক্ত আটা (Gluten Free Flour)
গ্লুটেনমুক্ত আটা চাউল, কুঁহিয়াৰ, আলু, শিমলু আলু, ধেমচি, জলকীয়া বা বাদাম আদিৰ পৰা তৈয়াৰ কৰা হয়। গ্লুটেনমুক্ত আটাত কেতিয়াবা জেনথান আঠা (Xanthan gum) মিহলাই গ্লুটেনযুক্ত আটাৰ দৰেই সহজে চোবাই খোৱাত সহায় কৰিব পাৰি। গ্লুটেনমুক্ত আটা সাধাৰণ গ্লুটেনযুক্ত আটাৰ সলনি সম্পূৰ্ণৰূপে ব্যৱহৃত কৰিব নোৱাৰি যদিও সন্তুলিতভাৱে মিশ্রিত কৰি এই আটা কেক, কুকিজ, পেনকেক, ব্ৰেড, মাফিন আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
২) কাঠ বাদামৰ আটা (Almond Flour)
কাঠ বাদাম গৰম পানীত উতলাই, তাৰ ছাল আঁতৰাই পেলোৱাৰ পিছত পিহি, চেকি এইবিধ আটা তৈয়াৰ কৰা হয়। এই গ্লুটেনমুক্ত আটাবিধত কাৰ্বহাইড্ৰেটৰ পৰিমাণ কম আৰু স্বাস্থ্যকৰ চৰ্বিৰ লগতে আঁহৰ মাত্ৰা বেছি। অৱশ্যে ঘেঁহুৰ আটাৰ সলনি কাঠ বাদামৰ আটাৰ ব্যৱহাৰ আৰম্ভ কৰিবলৈ সুপৰিকল্পিত খাদ্যসূচী নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন হয়। অন্য আটাৰ দৰেই কাঠ বাদামৰ আটা ব্যৱহাৰ কৰি কুকিজ, মাফিন, পেনকেক, বিস্কুট আৰু ৰুটি প্ৰস্তুত কৰিব পৰা যায়।
আটাত উপলব্ধ পুষ্টিকৰ উপাদানসমূহ
বীজৰ কিমান শতাংশ ব্যৱহাৰ কৰি আটা প্ৰস্তুত কৰা হয়, তাৰ ওপৰত নিৰ্ভৰ কৰি আটাৰ পুষ্টি নিৰ্ধাৰিত হয়। কৈ অহা হৈছিল যে ঘেঁহুৰ গুটি এটাৰ তিনিটা অংশ বা তৰপ থাকে: অংকুৰ, ব্ৰাণ আৰু এণ্ড’স্পাৰ্ম। প্ৰতিটো স্তৰত বিভিন্নধৰণৰ পুষ্টিকৰ উপাদান থাকে। সকলো পুষ্টিকৰ উপাদানৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ গোটেই বীজটো ব্যৱহাৰ কৰি আটা প্রস্তুত কৰিব লাগিব। গোটা আটাৰ বাবে ব্ৰান আৰু অংকুৰৰ স্তৰবোৰ খুন্দন প্ৰক্ৰিয়াৰ সময়ত ৰখা হয় আৰু বগা আটাৰ বাবে এইবোৰ আঁতৰাই পেলোৱা হয়। গোটা আটা প্ৰস্তুতকৰণত ১০০% ঘেঁহুৰ বীজ ব্যৱহাৰ কৰা হয়, য’ত বগা আটাৰ প্ৰস্তুতকৰণত বীজৰ ৭৮% ব্যৱহাৰ হয়। নিয়মীয়া ঘেঁহুৰ আটা কেৱল ঘেঁহুৰ গুটিৰ এণ্ড’স্পাৰ্মৰ পৰাহে তৈয়াৰ কৰা হয়। সেয়েহে ইয়াত সকলো পুষ্টিকৰ উপাদানৰ অভাৱ ঘটে। ইয়াৰ বিপৰীতে গোটা ঘেঁহুৰ আটাত গুটিটোৰ সকলো অংশ থাকে বাবে ইয়াত অধিক পুষ্টিকৰ উপাদান থাকে।
ঘেঁহুৰ অংকুৰ ভিটামিন বি-ৰ অতি উত্তম উৎস আৰু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, জিংক, মেংগানিজ, তাম আদি পোৱা যায়। ইয়াৰ উপৰিও আটা ভিটামিন ই-ৰ অতি চহকী উদ্ভিদজাত উৎস। ঘেঁহুৰ ব্ৰান খাদ্য-আঁহৰ চহকী উৎস আৰু লগতে তাত খনিজ পদাৰ্থ (যেনে মেংগানিজ আৰু আইৰণ) আৰু ভিটামিন (নিয়াচিন, ভিটামিন বি ৬) থাকে।
ওপৰৰ তালিকাখনৰ তথ্যৰ পৰা সহজেই ধৰিব পাৰি যে গোটা আটাত আঁহৰ পৰিমাণ বগা আটাতকৈ গড়ে ৩.৬ গুণ বেছি থাকে। আঁহযুক্ত খাদ্য আমাৰ পাচনতন্ত্ৰৰ মাজেৰে খাদ্য অধিক সহজে পাৰ হোৱাত সহায় কৰে আৰু কিছুমান ৰোগ যেনে কোষ্ঠকাঠিন্য আৰু অন্যান্য অনুৰূপ সমস্যাৰ প্ৰভাৱ হ্ৰাস কৰা দেখা গৈছে।
আটা বিভিন্ন প্ৰকাৰৰ ভিটামিন বি-ৰে সমৃদ্ধ; আটাত থকা থাইয়’মিন, ৰাইব’ফ্লেভিন (B2), নিয়াচিন আৰু পাইৰ’ডক্সিনে আমাৰ পৰিপুষ্টিত ডাঙৰ ভূমিকা গ্রহণ কৰে। আটাত বিভিন্ন খনিজ পদাৰ্থও আছে। কেলচিয়াম, আইৰণ, পটাছিয়াম, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, ছডিয়াম, চালফাৰ, চেলেনিয়াম জিংক আদিয়ে আমাৰ স্বাস্থ্যৰ গঠনত অনন্য ভূমিকা পালন কৰে। সুস্থ হাড় আৰু দাঁত ৰক্ষাৰ বাবে কেলচিয়াম এক অপৰিহাৰ্য খনিজ পদাৰ্থ। আইৰণে দেহৰ কোষবোৰলৈ অক্সিজেন পৰিবহণত সহায় কৰে।
কণি চাউল, গোমধান, অ’টছ আদিৰ আটাটো বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান উপলব্ধ হয়। তালিকাৰ জৰিয়তে পুষ্টিকৰ উপাদানসমূহ তলত দিয়া হ’ল।
ভাৰতৰ অৰ্থনীতিত আটাৰ ভূমিকা
ভাৰতবৰ্ষত আটা উৎপাদনৰ মূল উৎস হৈছে ঘেঁহু। বিশ্বজুৰি ঘেঁহুৰ উৎপাদন এতিয়া প্ৰায় ৬২৭ মিলিয়ন টন, প্রায় ২১৫ মিলিয়ন হেক্টৰ মাটিত ইয়াৰ খেতি কৰা হয়। এছিয়াৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খাদ্য হৈছে ঘেঁহু; ইয়াৰ সম্প্রসাৰণ বা বৃদ্ধি ধানতকৈ বহু বেছি দ্ৰুতগতিত হৈছে। ঘেঁহুৰ সম্প্রসাৰণ বা বৃদ্ধিৰ তিনিটা পৰিমাপ—এলেকা, উৎপাদন আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰত এছিয়া বিশ্বৰ ভিতৰতে আগশাৰীত আছে।
ঘেঁহুৰ এলেকাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত প্ৰথম; উৎপাদনৰ ক্ষেত্ৰত অৱশ্যে চীন প্ৰথম স্থানত আছে। এলেকা আৰু উৎপাদনৰ ক্ষেত্ৰত তাৰ পাছতে আছে ৰাছিয়া আৰু আমেৰিকা। বৰ্তমান ঘেঁহুৱে উন্নয়নশীল দেশসমূহৰ মুঠ খাদ্য যোগানৰ এক পঞ্চমাংশ যোগান ধৰে, যিটো ১৯৭০ চনৰ আৰম্ভণিতে ১৫ শতাংশ আছিল। ভাৰতত বছৰি প্ৰায় ৭ কোটি টন ঘেঁহু উৎপাদন হয়, অৰ্থাৎ বিশ্বৰ উৎপাদনৰ প্ৰায় ১২ শতাংশ। ভাৰতৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ, পঞ্জাব আৰু হাৰিয়ানা অন্যতম যিকেইখন ৰাজ্যই মুঠ ঘেঁহু উৎপাদনৰ প্ৰায় ৮০% অৰিহণা আগবঢ়ায়।
১৯৬০-৬১ চনত ঘেঁহুৰ উৎপাদনৰ মাটিকালি আছিল মাত্ৰ ১ কোটি ২৯৩ লাখ হেক্টৰ; ১৯৯৯-২০০০ চনত ই বৃদ্ধি পাই হৈছিলগৈ ২ কোটি ৭৪.৯ কোটি হেক্টৰ। ঘেঁহুৰ উৎপাদন ১৯৬০-৬১ চনত ১ কোটি ১০ লাখ টনৰ পৰা ১৯৯৯-২০০০ চনত ৭৬.৩৭ মিলিয়ন টনলৈ বৃদ্ধি পায়। বিগত পাঁচটা দশকত ঘেঁহুৰ উৎপাদন চমকপ্রদভাৱে বৃদ্ধি হৈ ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ঘেঁহু উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ২০২৩-২৪ বর্ষৰ তথ্য অনুসৰি ভাৰতবৰ্ষত ঘেঁহুৰ উৎপাদন মুঠ ১১৪ মিলিয়ন টন। আজিৰ দিনত ভাৰতৰ খাদ্য অৰ্থনীতি পৰিচালনাৰ প্ৰেক্ষাপটত ঘেঁহুৰ ভূমিকা অতিশয় মহত্বপূৰ্ণ।
আটাৰ কীট-পতংগ
খাদ্য শস্য ভঁৰালত মজুত ৰখাৰ সময়ত বিভিন্ন কাৰকে অপচয় কৰাৰ বাবে অহর্নিশে ক্রিয়া কৰি থাকে। বিশেষকৈ, খেতি চপোৱাৰ পিছত ভঁৰালৰ কীট-পতংগৰ বাবে ২-১২ শতাংশ খাদ্য-শস্য নষ্ট হয় বুলি জনা যায়। বিভিন্ন প্ৰকাৰৰ পোক-পতংগই আটাৰ অনিষ্ট কৰে, তাৰ ভিতৰত ৰঙা গুড়ি বিটল, ভাৰতীয় মিল মথ, ধান ছিদ্ৰকাৰী পতংগ, ধানৰ মথ আদি উল্লেখযোগ্য। ৰঙা গুড়ি বিটল আটা আৰু আটা উৎপাদিত সামগ্ৰীৰ কীট। গ্ৰাব আৰু প্ৰাপ্তবয়স্ক উভয়েই শস্যৰ আটা খায়। আক্ৰান্ত আটাৰ পৰা দুৰ্গন্ধ ওলায় আৰু আটাই অস্বাস্থ্যকৰ ৰূপ লয়। ভাৰতীয় মিল মথ আৰু ধানৰ মথৰ পলুৱেও যথেষ্ট ক্ষতি কৰে। পলুৱে খাদ্য খোৱাৰ সময়ত ৰেচমৰ সূতাৰে শস্যৰ ওপৰত জাল তৈয়াৰ কৰে। যেতিয়া আক্ৰমণ বেছি হয়, তেতিয়া গোটেই শস্যৰ দমটো জালিলৈ ৰূপান্তৰিত হ’ব পাৰে। আটাবোৰৰ পৰা বেয়া গোন্ধ ওলায়। গৰম আৰু আৰ্দ্ৰ বতৰত এই পোক-পতংগবোৰে বৰকৈ ক্ষতি কৰে।
এই পোক-পতংগসমূহৰ প্ৰাদূৰ্ভাৱ কমাবলৈ আটাৰ বেগ আৰু ভঁৰাল সেমেকা নহ’বৰ বাবে ব্যৱস্থা লোৱাৰ প্রয়োজন। কিয়নো অধিক আর্দ্রতাই পোক-পতংগ আৰু বেমাৰৰ বীজাণুৰ বৃদ্ধি হোৱাত অৰিহণা যোগায়। পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে নিম পাত, নৰসিংহ পাত, বিহলঙনি গছ, পচতীয়া গছৰ পাত ব্যৱহাৰ কৰিব পাৰি। ভঁৰালঘৰ মাজে মাজে নিৰীক্ষণ কৰি পোক হোৱা গম পালে শস্যখিনি ৰ’দলৈ উলিয়াই শুকুৱাব লাগে আৰু লগতে নিয়মিত ভাৱে ভঁৰালটো চাফা কৰাটো অতিশয় প্ৰয়োজনীয়।
সদৌ শেষত ক’ব পাৰি যে আটা কেৱল এটা সাধাৰণ খাদ্য সামগ্ৰী নহয়, ই বিশ্বজুৰি অগণন ব্যঞ্জন প্ৰণালী, সংস্কৃতি আৰু অৰ্থনীতিৰ এক বহুমুখী আৰু অপৰিহাৰ্য উপাদান। বৰ্তমান যুগত আটাৰ ব্যৱহাৰ কেৱল খাদ্যবস্তু প্রস্তুত কৰাতে সীমিত হৈ থকা নাই। ঘেঁহুৰ আটাত এনে বহুতো গুণ আছে যিয়ে আমাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও বহুতো উপকাৰ সাধন কৰে। মুখত ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী ফেচ মাস্ক ব্যৱহাৰ কৰিলে আমাৰ মৰা ছালখন সহজে আঁতৰি যায়, যি ছালৰ ৰং উন্নত কৰাত সহায় কৰে, যাৰ ফলত ছালখনে এক প্ৰাকৃতিক উজ্জ্বলতা পায়। মানৱ-সভ্যতাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আটাই আমাৰ ৰন্ধন প্রকৰণ আৰু পৰিপুষ্টিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আটাৰ চহকী ইতিহাস আৰু বৈচিত্ৰ্যময় ব্যৱহাৰে আমাৰ জীৱনত যি গভীৰ প্ৰভাৱ পেলাই আহিছে, সি এৰাব নোৱাৰা। আটা কেৱল মাত্ৰ এক ভোজনৰ উপাদানেই নহয়, বৰঞ্চ মানৱ-সমাজখনৰ চিৰচলিষ্ণু যাত্রাৰ নিত্য সংগী।