সম্পাদকৰ টোকা :: শ্রেণীদ্বন্দ্বৰ অবিনশ্বৰতা (কৌশিক দাস)
(১)
কোনো গভীৰ চিন্তা-চৰ্চা নকৰিও, কোনো গুৰুগম্ভীৰ গ্রন্থ নপঢ়িও, আনকি সাধাৰণ পঢ়া-শুনা নথকাকৈও মাত্র সাধাৰণ পৰ্যবেক্ষণৰ জৰিয়তে আমি আমাৰ চৌপাশৰ সমাজখনৰ এটা বৰ ডাঙৰ কথা সম্পূৰ্ণ শুদ্ধকৈ কৈ দিব পাৰোঁ। অৰ্থাৎ, কথাটো তেনেই সহজ, তেনেই জল্জল্-পট্পট্। কি সেইটো ইমান ডাঙৰ অথচ সহজ কথা? কথাটো হৈছে, আমাৰ সমাজখনৰ সকলো মানুহৰ শ্রেণী একে নহয়। কোনোবাজন বৰ চহকী, কোনোবাজন মধ্যবিত্ত, কোনোবাজন আকৌ অতি নিচলা; কোনোবাগৰাকী হয়তো বৰ আঢ্যৱন্ত উদ্যোগপতি, কোনোবাগৰাকী পেটে-ভাতে খাই থকা কৃষক, কোনোবাজন মোটামুটিভাৱে সচ্ছল চাকৰিয়াল, কোনোবাগৰাকী আকৌ কপৰ্দকহীন দাল-দৰিদ্র শ্রমিক। অঁতাই-পিতাই, চমুকৈ আমি ক’ব পাৰোঁ যে আমাৰ সমাজখন আৰ্থিক শ্রেণীৰ ভিত্তিত বিভক্ত হৈ আছে। এই কথাটো বুজিবলৈ আমাক কোনো জটিল তত্ত্বৰ প্রয়োজন হয় জানো? মানুহৰ মাজৰ আৰ্থিক শ্রেণী-বিভাজন ইমানেই ফট্ফটীয়া যে শ্রেণীৰ অস্তিত্বৰ কথাটোত সামান্য বিতৰ্কৰো স্থান নাই। লগতে আৰু এটা কথা বিতৰ্কাতীত। মানৱ-সমাজখনৰ তেনে শ্রেণী-বিভাজন মাত্র আধুনিক যুগৰ কথা নহয়; মানৱ-সভ্যতাৰ বিকাশৰ এটা স্তৰত—বহু দূৰ অতীততেই—সমাজখন বিভিন্ন শ্রেণীত বিভক্ত হৈ পৰিছিল; সমাজখনত ভুমুকি মাৰিছিল নানধৰণৰ শ্রেণীয়ে। প্রাচীন কালতো পৃথিৱীৰ চুকে-কোণে যে মানুহৰ মাজত নানানটা শ্রেণী আছিল, তাৰ অজস্র বিতৰ্কাতীত প্রমাণ প্রত্নতাত্ত্বিক আৰু সাহিত্য-সংস্কৃতিমূলক তথ্য আৰু সাক্ষ্যৰ পৰা আমি পাই আহিছোঁ।
আমি অলপ গমি চালেই গম পাম সমাজৰ বেলেগ বেলেগ শ্রেণীয়ে জীৱন-নিৰ্বাহৰ বাবে কৰি যোৱা কাম-কাজবোৰ একেবাৰে বেলেগ বেলেগ। এগৰাকী শ্রমিকৰ শ্রমৰ ধৰণটো এগৰাকী চাকৰীয়ালৰ কাম-কাজৰ সৈতে একে নহয়; কৃষকৰ শ্রমৰ সৈতে কাৰখানা-মালিকৰ কামৰ কোনো মিল পোৱা নাযায়। চমু আৰু সহজকৈ ক’বলৈ গ’লে আমি দেখিবলৈ পোৱা সমাজখনৰ শ্রেণী-বিভাজনৰ ভিত্তি হৈছে মানুহৰ মাজত থকা শ্রমৰ বিভাজন; শ্রমৰ বিভাজন হৈছে সমাজত পৰিলক্ষিত হোৱা শ্রেণী-বিভাজনৰ এটা প্রধান পূৰ্বচৰ্ত। এইখিনিতে কিন্তু আমি মন কৰিব লাগিব যে মানৱ-জাতিৰ সামাজিক বিৱৰ্তনৰ একেবাৰেই আৰম্ভণিতো একধৰণৰ চালুকীয়া শ্রম-বিভাজনৰ সম্ভেদ পোৱা গৈছে। উদাহৰণ স্বৰূপে কিছু বছৰ আগতে জৰ্ডানত আৱিষ্কাৰ হোৱা এটি গুহাৰ কথা ক’ব পাৰি। গুহাটোৰ ভিতৰত পোৱা গৈছে প্রায় ৪৫,০০০ হেজাৰ বছৰৰ আগৰ বিভিন্নধৰণৰ অজস্র শ্রম-সঁজুলি। পণ্ডিতসকলে এই শ্রম-সঁজুলিবোৰ পুৰাপ্রস্তৰ যুগৰ আৰম্ভণিৰ সময়ৰ বুলি ঠিৰাং কৰিছে। কোনো কোনো পণ্ডিতে আনকি সেইসমূহ নিয়েণ্ডাৰথেল মানুহৰহে আছিল বুলিও মত পোষণ কৰিছে (Aaron Jonas Stutz আৰু সহযোগীসকলৰ এইখন গৱেষণাপত্র দ্রষ্টব্য: Early Upper Paleolithic chronology in the Levant: new ABOx-SC accelerator mass spectrometry results from the Mughr el-Hamamah Site, Jordan, Journal of Human Evolution, 85, 2015, pp. 157-173)। তেনে আদিম শ্রম-সঁজুলিৰ কোনোবাটো হয়তো প্রিজমৰ দৰে পিঠি থকা কোনো অস্ত্র (তলৰ চিত্রৰ বাঁওফালৰ দুটি সঁজুলি লক্ষ্য কৰক), কোনোবাটো আকৌ হাড়েৰে নিৰ্মিত জোঙা বেজী (সোঁফালৰ সঁজুলিটো)। তেনেকুৱা বেলেগ বেলেগ বৈশিষ্ট্যসম্পন্ন শ্রম-সঁজুলিৰ পৰা পণ্ডিতসকলে যুক্তিযুক্তভাৱে অনুমান কৰিছে যে মানুহৰ মাজত শ্রমৰ বিভাজনৰ সূত্রপাত হৈছিল আগতে ভবাতকৈ বহু আগতে। এই কথাটোৰ লগতে আমি কিন্তু আৰু এটি দিশলৈ গুৰুত্ত্বসহকাৰে লক্ষ্য কৰিব লাগিব। মানুহ যেতিয়া খাদ্য-সংগ্রহক আৰু চিকাৰী আছিল, তেতিয়াই একেবাৰে প্রাৰম্ভিক স্তৰৰ শ্রম-বিভাজনৰ প্রমাণ পোৱা গ’লেও, শ্রম-বিভাজনৰ ভিত্তিত কট্কটীয়া শ্রেণী-বিভাজনৰ কথাটো তাৰ বহু যুগ পিছৰহে কথা। তেনে শ্রেণী-বিভাজনৰ সূচনা হৈছিল মূলতঃ কৃষিৰ আৱিষ্কাৰৰ পৰৱৰ্তী সময়ৰ পৰাহে।
মানুহৰ সমাজখন বহু যুগ আগৰে পৰাই শ্রেণীৰ ভিত্তিত ভাগ ভাগ হৈ আছে, সেইটো কথা সুদূৰ অতীতৰ মানুহেও অতি সহজে ধৰিব পাৰিলেও, তেনে বিভাজনৰ প্রকৃত তাৎপৰ্যৰ তলা-নলা কোনেও সঠিককৈ অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাছিল। এই উপমহাদেশৰেই মহাকাব্যিক-সাহিত্যমূলক উৎসলৈ লক্ষ্য কৰিলেই কথাটো স্পষ্ট হ’ব। ৰামায়ণ-মহাভাৰতত আমি বিভিন্ন শ্রেণীৰ উপস্থিতিৰ সম্ভেদ পাওঁ। চণ্ডাল, ধীৱৰ আদিৰ দৰে প্রান্তীয়, নিচলা শ্রেণীৰ লগতে ব্রাহ্মণ-ক্ষত্রিয় আদিৰ দৰে ক্ষমতাশালী আৰু ধনৱান শ্রেণীৰ মানুহৰ সৈতে মহাকাব্য দুখনত আমি সততেই মুখামুখি হওঁ। তাৰো পূৰ্বৰ প্রাচীন ইজিপ্ট-হৰপ্পা-মহেঞ্জদাৰো-মেচোপটেমিয়া আদিৰ অজস্র প্রত্নতাত্ত্বিক সমল, কিম্বা পৰৱৰ্তী যুগৰ গ্রীক পুৰাণ-মহাকাব্য আদিতো আমি একেই কথা দেখিবলৈ পাওঁ। কিন্তু, পুনৰাবৃত্তি কৰিয়েই কৈছোঁ, সমাজত শ্রেণী-বিভাজনৰ নিশ্চিদ্র সাক্ষ্য জল্জল্-পট্পট্কৈ থাকিলেও, শ্রেণী-বিভাজনৰ বাস্তৱ উৎস আৰু সামাজিক তাৎপৰ্যৰ দিশটো তেতিয়া কোনেও উন্মোচন কৰিব পৰা নাছিল। বৰঞ্চ, তেনে বিভাজন অতি স্বাভাৱিক বুলিহে ধাৰণা কৰা হৈছিল। তাৰ এটা চমৎকাৰ উদাহৰণ হৈছে প্রাচীন গ্রীচৰ অতি প্রভাৱশালী দাৰ্শনিক এৰিষ্টটোলৰ চিন্তা-ভাবনা। প্রাচীন গ্রীচৰ সমাজখনত দেখ্দেখ্কৈ আছিল দাস আৰু দাস-মালিক—এই দুটা মুখ্য শ্রেণী। এই দাসসকল সমাজলৈ আহিল ক’ৰ পৰা, কিছুমান মানুহ দাসসকলৰ মালিকেই বা হৈ পৰিল কেনেকৈ? সহজকৈ প্রশ্নটো এনেকুৱা হয়গৈ—সেই সমাজখনত দাস-ব্যৱস্থাটোৰ উদ্ভৱ কেনেদৰে হ’ল? ঐতিহাসিক সীমাবদ্ধতাৰ হেতুকে, দাস-প্রথাৰ উদ্ভৱৰ আঁতি-গুৰিৰ প্রকৃত কাৰণ সেই সময়ত বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰাটো আছিল অসম্ভৱ। যিহেতু হাজাৰ বছৰ ধৰি বৰ্তি আছিল দাসভিত্তিক সমাজ-ব্যৱস্থাটো, সেয়েহে সি এটা চিৰন্তন আৰু স্বাভাবিক প্রথা বুলিহে মানুহৰ চকুত ধৰা দিছিল, আৰু মানুহে তাক তেনেদৰেই গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। সৰ্বসাধাৰণ মানুহৰ কথা বাদেই, আনকি এৰিষ্টটোলৰ দৰে গভীৰ চিন্তা-চৰ্চা কৰা বিদ্বানেও মত দিছিল যে কিছুমান মানুহ যে দাস, সেই কথাটো তেনেই স্বাভাৱিক আৰু সি এটা প্রাকৃতিক কথা (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য: Heath, M., Aristotle on natural slavery, Phronesis: A Journal for Ancient Philosophy, 53, 243 -270)। আমি জানো যে আমাৰ উপমহাদেশৰ সমাজখনো সুদূৰ অতীততেই বৰ্ণাশ্রমক ভিত্তি কৰি বিভক্ত হৈ পৰিছিল। কিন্তু বিভিন্ন বৰ্ণসমূহৰ উদ্ভৱ হৈছিল কেনেদৰে, তেনে বিভাজনৰ সামাজিক তাৎপৰ্যই বা কি—, তেনে প্রশ্নৰ বিজ্ঞানসন্মত উত্তৰ অতীতত কাৰোৰে হাতত নাছিল; তাৰ সলনি আছিল কিছুমান উদ্ভট আৰু ক্ষেত্রবিশেষে উদ্দেশ্যপ্রণোদিত ব্যাখ্যা। এই প্রসংগৰ অতি প্রাসংগিক আৰু বিখ্যাত উদাহৰণ এটি অতি প্রাচীন সাহিত্যমূলক প্রামাণিক উৎস ঋগ্বেদৰ পৰা দিয়া যায়। ঋগ্বেদ দশম মণ্ডলৰ ৯০ নম্বৰ সূক্তটোত কোৱা হৈছে যে পৰমপুৰুষৰ মুখৰ পৰা ব্রাহ্মণ, বাহুৰ পৰা ক্ষত্রিয়, জংঘাৰ পৰা বৈশ্য আৰু ভৰিৰ পৰা শূদ্রৰ জন্ম হৈছিল (ঋগ্বেদ, ৯০ সূক্ত, দশম মণ্ডল)। নক’লেও হ’ব, বৰ্ণৰ,/ শ্রেণীৰ উদ্ভৱৰ প্রশ্নত তেনে ধাৰণা তেনেই অবান্তৰ, অবৈজ্ঞানিক আৰু অনৈতিহাসিক। প্রসংগতঃ উল্লেখ কৰিব পাৰি যে পণ্ডিতসকলে উপৰিউক্ত সূক্তটি পৰৱৰ্তী যুগতহে ঋগ্বেদত সুমুৱাই দিয়া হৈছিল বুলি প্রতিপন্ন কৰিছে (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য: যতীন বাগ্চী, জাতি-ধৰ্ম ও সমাজ বিবৰ্তন, পৃ. ৮-৯)।
সি যিয়েই নহওক, মানুহৰ সামাজিক বিৱৰ্তনৰ এটা স্তৰৰ পৰা যে সভ্যতাৰ ৰংগমঞ্চলৈ বিবিধ শ্রেণীৰ আগমন ঘটিছিল, সমাজখন যে শ্রেণীৰ ভিত্তিত বিভক্ত হৈ পৰিছিল, সেয়া আমি কোনো দ্বিধা নোহোৱাকৈ ক’ব পাৰোঁ। লগতে আমি ক’ব পাৰোঁ যে তেনে শ্রেণীবিভাজন এই আধুনিক যুগতো বৰ্তি আছে। বিভাজনৰ ৰেহৰূপ নিশ্চয় সলনি হৈছে; আজিৰ সমাজখনত আমি প্রাচীন কালৰ দাস আৰু দাস-মালিকসকলক দেখিবলৈ নাপাওঁ, মহাপ্রতাপী জমিদাৰ আৰু তেওঁলোকৰ নিকিনা গোলামস্বৰূপ উপান্ত ভূমিদাসসকল তেনেদৰে নাই, সেইটো সঁচা; কিন্তু তাৰ সলনি আছে পুঁজিপতি, শ্রমিক, কৃষক আদি শ্রেণীৰ সন্দেহাতীত উপস্থিতি।
এইখিনিতে আমি মন কৰিব লাগিব, মানুহৰ সমাজখন শ্রেণীবিভক্ত—কথা মাত্র সেইটোৱেই নহয়। নানান ঐতিহাসিক সাক্ষ্যসমূহ অলপ যুকিয়াই চালেই আমি গম পাম যে তেনে শ্রেণীবিভাজনৰ সৈতে আৰু এটা দিশ নিবিড়ভাৱে সংলগ্ল হৈ আছিল, এতিয়াৰ যুগতো সেই দিশটো ওতপ্রোতভাৱে, একেদৰেই বান্ধখাই আছে। সমাজখন মাত্র শ্রেণীৰ ভিত্তিত বিভক্ত হোৱাই নহয়, তেনে বিভিন্ন শ্রেণীৰ মাজত সদায় বিদ্যমান হৈ থাকে প্রকট শ্রেণী-বৈষম্য; কোনোবাটো শ্রেণীৰ অৱস্থা বৰ ভাল, অন্য কোনোবা শ্রেণীৰ অৱস্থা অতি কৰুণ—এইটোৱেই হৈছে শ্রেণীবিভক্ত সমাজৰ নিশ্চিত পৰিণতি; মাত্র আৰ্থিক ক্ষেত্রতেই নহয়, সকলো ক্ষেত্রতে বিভিন্ন মাত্রাত শ্রেণীসমূহৰ মাজত অপ্রশমনীয় অসাম্য পৰিলক্ষিত হয়। কথাটো স্পষ্ট কৰিবলৈ আমি আগৰ উদাহৰণবোৰ আকৌ এবাৰ বেলেগধৰণে লক্ষ্য কৰোঁ আহক। ভাৰতীয় উপমহাদেশত উচ্চবৰ্ণৰ লোকসকলৰ বৈষয়িক সা-সম্পদ আৰু আমোদ-প্রমোদ সম্ভৱ হৈছিল তথাকথিত নিম্নবৰ্ণৰ মানুহৰ কঠোৰ শ্রম ফলত। প্রাচীন গ্রীচতো সেই একেই কথা—, দাস-মালিক শ্রেণীটোৰ বিৰাট সম্পদৰ মূলতে আছিল দাসসকলৰ হাড়ভভা শ্রম। অতীজৰ ৰোমতো অগণন দাসৰ অমানুষিক কায়িক শ্রম আছিল দাস-মালিকসকলৰ অন্তহীন প্রাচুৰ্যৰ পৰম উৎস। কালৰ সোঁতত দাসশ্রমভিত্তিক সমাজখন সলনি হৈ পৰিছিল; দাস আৰু দাস-মালিকসকল সমাজৰ পৰা অন্তৰ্হিত হৈ পৰিছিল, সমাজলৈ আগমণ ঘটিছিল কৃষক আৰু ভূস্বামী শ্রেণীৰ। শ্রেণীসমূহৰ ৰেহৰূপ সলনি হৈ পৰিলেও শ্রেণী-বৈষম্য থাকি গৈছিল, লগতে থাকি গৈছিল নিম্নশ্রেণীক উচ্চশ্রেণীয়ে দিয়া দুখ-কষ্ট-অত্যাচাৰ-নিপীড়ণ আদিৰ বিভীষিকা। আধুনিক যুগৰ উন্মেষৰ আগে-পিছে সমাজখন পুঁজিপতি, শ্রমিক, কৃষক আদি শ্রেণীৰে বিভাজিত হৈ পৰিছিল। এই সমাজখনতো পূৰ্বৰ দৰেই প্রকট অসাম্য যে বিদ্যমান হৈ আছে, সেই কথাত কোনো বিতৰ্কৰ অৱকাশেই নাই।
(২)
আলোচনাৰ প্রথম দফাটোত আমি এইটো কথা স্পষ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ যে মানুহৰ আৰ্থিক শ্রেণীবিভাজনে অনিবাৰ্যভাৱে জন্ম দিয়ে প্রকট শ্রেণী-বৈষম্যৰ। সহজ কথাত, শ্রেণী থাকিলে শ্রেণীসমূহৰ মাজত অসাম্য থাকিবই। ইমান ডাঙৰ, অথচ অতি সহজ যেন লগা কথাটো কিন্তু গুৰুত্ত্বসহকাৰে আৰু পদ্ধতিগতভাৱে আলোচিত হ’বলৈ ধৰিছিল সৌ সিদিনা—, ঊনবিংশ শতিকাৰ মাজভাগমানৰ পৰাহে। অৱশ্যে, সমাজখনলৈ শ্রেণী-বিভাজনে কঢ়িয়াই অনা বিভিন্ন মাত্রাৰ দুখ-কষ্ট-অত্যাচাৰ-নিপীড়ণৰ কথাই তাৰ পূৰ্বৱৰ্তী যুগৰ বহুতো মানৱ-দৰদী বিদ্বানক ব্যথিত আৰু উদ্বিগ্ন কৰিছিল তুলিছিল। তেওঁলোকে শ্রেণী-বিভাজনে জন্ম দিয়া বিসংগতিবোৰৰ প্রতিকাৰো বিচাৰিছিল—কিন্তু সমাজৰ ঐতিহাসিক বিকাশৰ স্বৰূপটো বুজি পাবলৈ তেওঁলোকৰ হাতত নাছিল কোনো নিৰ্ভৰযোগ্য আৰু বিজ্ঞানসন্মত তত্ত্ব। তাৰো আগতে নিম্নশ্রেণীৰ সামাজিক অৱস্থান আৰু তৎজনিত দুখ-কষ্টৰ বাবে ঈশ্বৰৰ ইচ্ছা, পূৰ্বজন্মৰ কৰ্মফল আদিৰ দৰে ধৰ্মই কোৱা নানানটা কাল্পনিক কাৰণক নিৰ্দেশ কৰা হৈছিল। মানুহৰ দুখ-কষ্টৰ তেনে ধৰ্মীয় ব্যাখ্যা যিমানেই কল্পনাপ্রসূত আৰু উদ্ভট নহওক, তাৰ মায়াজালে বৰ্তমানৰ যুগৰো বহুতো মানুহক বাৰুকৈয়ে আচ্ছন্ন কৰি ৰাখিছে।
উল্লেখ কৰিছিলোঁ যে ঊনবিংশ শতিকাৰ কেইগৰাকীমান মানৱ-দৰদী চিন্তানায়কে অনুভৱ কৰিছিল যে শ্রেণীবিভাজনে বৈষম্যৰ জন্ম দিয়ে, আৰু তেনে বৈষম্য সামাজিক ন্যায়ৰ ঘোৰ শত্রু। তেওঁলোকে শ্রেণী-বিভাজনৰ অন্ত পেলাই সমাজৰ পৰা প্রকট বৈষম্য আঁতৰ কৰিবলৈ গভীৰভাৱে চিন্তা কৰিছিল; তেওঁলোকে আশা কৰিছিল যে ভৱিষ্যতে সমাজবাদী সমাজ এখন প্রতিষ্ঠা কৰা যাব, য’ত নাথাকিব কোনো শ্রেণী-বৈষম্য। পৰৱৰ্তী যুগত তেওঁলোকক সাধাৰণভাৱে কল্পনাশ্রয়ী বা ইউটোপীয়ান সমাজবাদৰ উদ্গাতা বুলি আখ্যা দিয়া হ’ল। সমাজৰ নানান বিসংগতিৰ বাবে মানুহৰ সমাজখনৰ শ্রেণীবিভাজন আৰু তৎজনিত অসাম্য যে মূল, সেই সত্যটো ইউটোপীয়ান সমাজবাদীসকলে অনুভৱ কৰিলেও, তেওঁলোকে এটা বৰ ডাঙৰ কথা ভালদৰে ধৰিব পৰা নাছিল। ধৰ্মীয় ব্যাখ্যাৰ মূল কথাবোৰ—কৰ্মফল, ঈশ্বৰৰ মতলব, পূৰ্বজন্মৰ পাপ—আদিৰ দৰে আধিভৌতিক চিন্তাৰ বিশাল পংকভূমি এৰি তেওঁলোকে মানুহৰ দুখ-কষ্টৰ জাগতিক কাৰণবোৰ প্রায় সঠিককৈ বিচাৰি উলিয়াইছিল, সেইটো সঁচা। কিন্তু তেওঁলোকে সমস্যাৰ সমাধানৰ ক্ষেত্রত মূল দিশটো বিবেচনালৈ আনিবলৈ সমৰ্থ হোৱা নাছিল। তেনে অসমৰ্থতা তেওঁলোকৰ কোনো ব্যক্তিগত সীমাবদ্ধতাৰ পৰিণতি নাছিল, সেইটো আছিল সেই সময়ৰ ঐতিহাসিক সীমাবদ্ধতা (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য : কৌশিক দাস, ইউটোপীয়ান সমাজবাদ সম্পৰ্কে কিছু কথা, মুক্ত চিন্তা, প্রথম বছৰ, তৃতীয় আৰু চতুৰ্থ সংখ্যা, ২০১৫। ইণ্টাৰনেটত প্রবন্ধটোৰ প্রথম আৰু দ্বিতীয় অংশ দুটি পঢ়িবলৈ ক্রমে ইয়াতে আৰু ইয়াতে টিপক)।
সংগত কাৰণতেই প্রশ্ন উঠিব, ইউটোপীয়ান সমাজবাদীসকলে কোনটো ডাঙৰ কথা তেতিয়া ভালদৰে ধৰিবলৈ সক্ষম হোৱা নাছিল? আমি পাই আহিছিলোঁ যে মানুহৰ সমাজখন এখন শ্রেণীবিভক্ত সমাজ; শ্রেণী বিভাজনৰ পৰিণতি শ্রেণী-বৈষম্য আৰু তৎজনিত অন্যায়-অবিচাৰ আদি। কিন্তু শ্রেণীবিভাজনৰ মূল সামাজিক তাৎপৰ্য অনুধাৱন কৰিবলৈ আমি আৰু এটা কথা মনত ৰাখিবই লাগিব। আমাৰ সমাজখনত নানান শ্রেণী যিদৰে আছে, তেনেদৰেই শ্রেণীসমূহৰ মাজত আছে শ্রেণীদ্বন্দ্ব। কথাটো অনাহকত দীঘল নকৰি আমি পূৰ্বৰ উদাহৰণকেইটিলৈ উভতি যাওঁ। অতীজৰ দাস আৰু দাস-মালিকসকলৰ কথাটোলৈ লক্ষ্য কৰা যাওক। দাস আৰু দাস-মালিক—মূলতঃ এই দুয়োটা শ্রেণীৰে তেতিয়াৰ সমাজখন বিভক্ত হৈ পৰিছিল। কিন্তু শ্রেণী দুটাৰ কাণ্ডকাৰখানা আছিল কেনেকুৱা? দেখ্দেখ্ কথা, দুয়োটা আছিল সম্পূৰ্ণ বিৰুদ্ধ শ্রেণী—এটা শ্রেণীয়ে শোষণ কৰিছিল, অন্য শ্রেণীটো হৈছিল শোষিত। দুয়োটাৰে শ্রেণী-চৰিত্র বিপৰীত হোৱাৰ বাবে, দুয়ো শ্রেণীৰ মাজত চলি আছিল অহৰহ দ্বন্দ্ব। সেই দ্বন্দ্বৰ কোনো স্পষ্ট চিত্রায়ন, সংজ্ঞায়ন বা তত্ত্বায়ন তেতিয়া হোৱা নাছিল সঁচা, কিন্তু সমাজখনত অবিৰতভাৱে শ্রেণীদ্বন্দ্ব ক্রিয়াশীল হৈ আছিল। তেনে দ্বন্দ্ব যে অতি সচেতন আৰু নিৰ্দিষ্ট লক্ষ্যৰে, নিটোল তত্ত্বকথাৰে পৰিচালিত হৈছিল, তেনে নহয়। সমাজত বিৰুদ্ধ শ্রেণী বিদ্যমান হ’লেই শ্রেণীদ্বন্দ্বৰ অনিবাৰ্যভাৱে জন্ম হয়। এইটো এটা অৱধাৰিত আৰু স্বতঃস্ফূৰ্ত প্রক্রিয়া। কেতিয়াবা, কোনো ঐতিহাসিক ঘটনাক্রমৰ পৰিণতিত তেনে দ্বন্দ্বই প্রকট শ্রেণী-সংগ্রামৰ ৰূপ ধাৰণ কৰে। প্রাচীন ৰোমৰ এগৰাকী দাস স্পাৰ্টাকাছে দাস-শ্রমভিত্তিক ৰোমান সাম্রাজ্যৰ বিৰুদ্ধে কৰা সশস্ত্র আৰু সুসংগঠিত মহাসংগ্রাম হৈছে তাৰ এটা বিখ্যাত উদাহৰণ।
এই শ্রেণীদ্বন্দ্বৰ তাৎপৰ্যটোৰ কথা ইউটোপীয়ান সমাজবাদীসকলে ভালদৰে বুজা নাছিল। কথাটো পূৰ্বে উনুকিয়াইছিলোঁ যে সেইটো তেওঁলোকৰ ব্যক্তিগত সীমাবদ্ধতাৰ ফলত হোৱা নাছিল। তেতিয়াৰ সমাজখনলৈ পুঁজিপতি শ্রেণীটোৰ আগমণ ঘটিছিল, শোষণ আৰম্ভ হৈছিল নতুন ধৰণে; শ্রমিক শ্রেণীটোৰো জন্ম হৈছিল তাৰ লগে লগে, অৱধাৰিতভাৱে। কিন্তু সেই শ্রেণী-সম্পৰ্ক তেতিয়া আছিল চালুকীয়া অৱস্থাত—দুয়ো শ্রেণীৰ মাজত দ্বন্দ্ব তেতিয়াও তীব্র হৈ উঠা নাছিল। স্বাভাৱিকতেই ইউটোপীয়ান সমাজবাদীসকলে শ্রমিক শ্রেণীটোৰ শ্রেণী-শক্তিৰ কথা তেতিয়া অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাছিল—সেইটোৱেই আছিল তেওঁলোকৰ ঐতিহাসিক সীমাবদ্ধতা। এংগেলছে বৰ চমৎকাৰভাৱে কৈছে, “To the crude conditions of capitalistic production and the crude class conditions corresponded crude theories” (F. Engels, Socialism: Utopian and Scientific, p. 40)। ইউটোপীয়ান সমাজবাদীসকলৰ পিছত কাৰ্ল মাৰ্ক্স আৰু ফিডৰিখ এংগেলছে শ্রেণীদ্বন্দ্বৰ কথাটো যথোচিতভাৱে গুৰুত্ত্ব দি সমাজৰ গতিবিধি সঠিককৈ বিশ্লেষণ কৰাৰ বাট মুকলি কৰিলে। গম পোৱা গ’ল যে মানৱ-সমাজখন সৰ্বত্র-সদায় দ্বন্দ্বময়, আৰু সেই দ্বন্দ্ব হৈছে সমাজৰ অগ্রগতিৰ মূল চালিকাশক্তি।
মাৰ্ক্স আৰু এংগেলছৰ কমিউনিষ্ট মেনুফেষ্টোৰ প্রথম প্রকাশ হৈছিল ১৮৪৮ চনত। তাৰ প্রথম অধ্যায়ৰ প্রথম বাক্যটো তেনেই চুটি অথচ অতি মৰ্মভেদী। তাত দ্ব্যৰ্থহীনভাৱে লিখা হ’ল যে এতিয়ালৈকে বিদ্যমান সকলো সমাজৰ ইতিহাসেই হৈছে শ্ৰেণী-সংগ্ৰামৰ ইতিহাস—“The history of all hitherto existing society is the history of class struggles” (K Marx and F Engels, Bourgeois and Proletarians, Manifesto of the Communist Party)। এই মূল কথাটো ইউটোপীয়ান সমাজবাদীসকলে তেওঁলোকৰ সময়ত ধৰিবই নোৱাৰিলে। সকলোৱে জানে যে কমিউনিষ্ট মেনুফেষ্টো ৰচনা কৰাৰ পাছত—বহু বছৰলৈ—মাৰ্ক্সে আৰু এংগেলছে তেওঁলোকৰ তত্ত্ব অধিক পৰিশ্রুত, অধিক পৰিবৰ্ধিত আৰু অধিক সুসংগবদ্ধ কৰি তুলিছিল। কিন্তু সমাজৰ শ্রমভিত্তিক শ্রেণী-বিভাজনৰ মহাগুৰুত্বৰ কথাটো মাৰ্ক্সে কমিউনিষ্ট মেনুফেষ্টো প্রকাশ হোৱাৰ আগৰে পৰাই অনুভৱ কৰি আহিছিল। এই কথাটোৰ প্রমাণ আমি মাৰ্ক্সে ১৮৪৬ চনতেই তেওঁৰ এগৰাকী বন্ধুলৈ প্রেৰণ কৰা এখনি দীঘলীয়া চিঠিত পঢ়িবলৈ পাওঁ। চিঠি আছিল যদিও সেইখনে এটি পূৰ্ণাংগ গুৰুগম্ভীৰ প্রবন্ধৰ ৰূপ লৈছিল। তাত এখন গ্রন্থৰ সমালোচনা কৰিছিল মাৰ্ক্সে; গ্রন্থখন ৰচনা কৰিছিল প্র’ধো (Proudhon) নামৰ এগৰাকী লেখকে। চিঠিখনত মাৰ্ক্সে লেখিছে, “………..economic evolutions begins with the division of labour”। অৰ্থাৎ, মাৰ্ক্সৰ বিবেচনাত শ্রম-বিভাজন হৈছে আৰ্থিক অগ্রগতিৰ চালিকা-শক্তি। কথাটো অধিক ভালদৰে বুজিবলৈ, সেই বাক্যটোৰ ঠিক পাছতেই লিখা বাক্যটি কিছু দীঘল যদিও উল্লেখ কৰাটো ভাল হ’ব, “For Mr Proudhon, the division of labour is something exceedingly simple. But was not the caste system a specific division of labour? And was not the corporative system another division of labour? And is not the division of labour in the manufacturing system, which began in England in the middle of the seventeenth century and ended towards the end of the eighteenth century, likewise entirely distinct from the division of labour in big industry, in modern industry” (দ্রষ্টব্য: Letter from Marx to Pavel Vasilyevich Annenkov, Marx Engels Collected Works, Vol 38, p 95)? ইয়াৰ পৰা বুজা যায় যে চিন্তা-চৰ্চাৰ প্রথমৰে পৰাই মাৰ্ক্সে সমাজৰ অৰ্থনৈতিক অগ্রগতিৰ পৰিপ্রেক্ষিতত শ্রম-বিভাজনৰ প্রকৃত তাৎপৰ্যটোৰ কথা গুৰুত্ত্বসহকাৰে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। নক’লেও হ’ব, পিছলৈ মাৰ্ক্সীয় দ্বন্দ্বতত্ত্বটো অধিক নিটোল আৰু পানী নসৰকাবিধৰ হৈ পৰিছিল।
(৩)
শ্রম-বিভাজনৰ ফলত সমাজখনত জন্ম হৈ আহিছে বিভিন্ন শ্রেণীৰ। প্রত্যেক শ্রেণীৰেই নিজৰ নিজৰ শ্রেণী-স্বাৰ্থ থাকে। তেনে শ্রেণী-স্বাৰ্থৰ অনুকূলেহে মানুহে নিজৰ কাম-কাজ-চিন্তা-চৰ্চা চলাই যায়। আমাৰ সকলোৰে মনত সতেজ হৈ থকা ঘটনা এটিৰ কথা আমি মনত পেলালেই কথাটো বৰ পৰিষ্কাৰ হৈ পৰিব।
মহামাৰী বুলি সৰহভাগ মানুহে আখ্যা দিয়া কভিড-১৯ ৰোগবিধৰ সংক্রমণৰ সময়ত ঘোষণা কৰা হৈছিল সমগ্র দেশব্যাপী সৰ্বাত্মক লক ডাউনৰ। বেছিভাগ মানুহ ঘৰে ঘৰে সোমাই পৰিছিল। তাৰ মাজতে আৰম্ভ হৈছিল এক নোহোৱা-নোপজা অভূতপূৰ্ব ঐতিহাসিক ঘটনা। কৰ্মস্থল বন্ধ হৈ যোৱাৰ বাবে লাখ লাখ শ্রমিকৰ—হেজাৰ হেজাৰ কিলোমিটাৰ পদব্রজে অতিক্রম কৰিবলৈ—ঘৰমুৱা যাত্রা আৰম্ভ হৈছিল। তেওঁলোক ভাইৰাছৰ ভয়ত ঘৰলৈ উভতি অহা নাছিল; উভতিছিল সংস্থাপনহীন-বাসস্থানহীন হৈ ক্ষুধাৰ তাড়নাত পৰি। সেই ভয়ংকৰ ওভতনি যাত্রাত তেওঁলোকক ৰে’লে কাটিছিল, অনাহাৰত মৃত্যুৰ মুখত পৰিছিল বহুতো। অলপ গমি চালেই ওলাই পৰিব যে লক ডাউনৰ ঘোষণা কৰা সময়ত শাসক শ্রেণীটোৰ মনলৈ শ্রমিকসকলৰ কোনো স্বাৰ্থৰ কথা মনলৈ অহাই নাছিল, হঠাতে দিয়া লক ডাউনৰ আদেশে যে শ্রমিকসকলক ভয়ংকৰ বিপদত পেলাব পাৰে, সেইটো তেওঁলোকৰ বিবেচনালৈ অহাই নাছিল। তেওঁলোকৰ চিন্তাত আছিল নিজৰ আৰু সমগোত্রীয় শ্রেণীসমূহৰ স্বাৰ্থৰ কথাহে। মানুহৰ চিন্তা-চৰ্চা, কাৰ্য-কলাপ আদি ঘাইকৈ নিয়ন্ত্রণ কৰে মানুহৰ শ্রেণীগত অৱস্থানে, শ্রেণীগত চেতনাই। লক ডাউনৰ সময়ৰ উপৰিউক্ত কথাটো তাৰেই এটা অতি পৰিষ্কাৰ আৰু বিতৰ্কাতীত উদাহৰণ।
সমাজৰ শ্রেণীসমূহৰ মাজত বিৰোধ যিহেতু অনিবাৰ্য, সেয়েহে শ্রেণীসমূহৰ কাম-কাজ, চিন্তা-চৰ্চাত স্বাভাৱিকতেই মূৰ্ত হয় নিজ শ্রেণীটোৰ স্বাৰ্থৰ সপক্ষে আৰু বিপৰীত শ্রেণীৰ বিৰুদ্ধে যোৱাৰ অৱধাৰিত প্রৱণতা। চমুকৈ ক’বলৈ গ’লে মানুহৰ কৰ্মকাণ্ড, চিন্তা-ভাবনা, দৰ্শন-চিন্তা আদিৰ মূল নিয়ন্ত্রক হৈছে শ্রেণীসমূহৰ নিজৰ নিজৰ শ্রেণী-চেতনা। গতিকে, সমাজ এখনৰ মূল আভ্যন্তৰীণ দ্বন্দ্বটো হৈছে শ্রেণীদ্বন্দ্ব। দুয়োটা বিৰুদ্ধ শ্রেণীৰ শ্রেণী-স্বাৰ্থ যিহেতু বৈৰীমূলক, সেইবাবে মূল যিটো দ্বন্দ্ব—শ্রেণীদ্বন্দ্ব—, সি কেতিয়াও প্রশমিত নহয়, হোৱাটো সম্ভৱেই নহয়। যৌক্তিকভাৱে অনুমান কৰিব পাৰি যে শ্রেণী-বিভাজন সমাজৰ পৰা লুপ্ত হৈ পৰিলেহে শ্রেণীদ্বন্দ্বও নাইকিয়া হ’ব। যুক্তিক প্রাধান্য দিয়া সকলো মানুহেই শ্রেণী আৰু শ্রেণীদ্বন্দ্বৰ বাস্তৱতাক স্বীকাৰ কৰিব। অৱশ্যে, সমাজখন শ্রেণীৰহিত হ’ব নে নহয়, হ’লে কেনেদৰে হ’ব, কি হ’ব তাৰ পন্থা—তেনেবোৰ প্রশ্নত আলোচনা-বিলোচনা-বিতৰ্ক-মতভেদ অনিবাৰ্য। অতি জৰুৰী প্রশ্ন যদিও এই নিবন্ধত সেইসমূহ অৱশ্যে অপ্রাসংগিক। কিন্তু কিঞ্চিৎ আমোদৰ কথা, তেনে বিতৰ্ক-মতভেদৰ আঁৰতো কিন্তু সক্রিয় হৈ থাকে শ্রেণী-স্বাৰ্থপ্রণোদিত ধ্যান-ধাৰণা আৰু শ্রেণী-চেতনা।
শ্রেণীদ্বন্দ্ব যদিও সমাজৰ মূল আৰু অপ্রশমনীয় দ্বন্দ্ব, তাৰ উপৰিও কিন্তু আৰু বহুধৰণৰ দ্বন্দ্ব আমি চৌপাশৰ সমাজখনত দেখিবলৈ পাওঁ। কেইটিমান উদাহৰণে কথাটো বুজাত আমাক সহায় কৰিব। অসমত ঊনবিংশ শতিকাৰ প্রায় মধ্যভাগৰ পৰা আৰম্ভ হোৱা ভাষাকেন্দ্রী দ্বন্দ্ব—বহু সংখ্যক অসমীয়া আৰু বাঙালী মানুহৰ মাজত—তেনে এবিধ দ্বন্দ্ব। কেতিয়াবা আকৌ ভৌগোলিক কিম্বা অঞ্চলকেন্দ্রী দ্বন্দ্বও চকুত পৰে। অসম আৰু চুবুৰীয়া ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চল বিশেষত সময়ে সময়ে পৰিলক্ষিত হোৱা সীমা-বিবাদসমূহ তাৰ উদাহৰণ। সাম্প্রতিক সময়ত অশ্রেণীগত দ্বন্দ্বৰ ভিতৰত বোধহয় সকলোতকৈ শক্তিশালী দ্বন্দ্ব হৈছে ধৰ্মীয়-সাম্প্রদায়িক দ্বন্দ্ব—, এই কথাটো ইমান পৰিষ্কাৰ যে তাৰ কোনো বিশেষ উদাহৰণ দিয়াৰ প্রয়োজনেই বোধহয় নাই।
গতিকে শ্রেণীদ্বন্দ্বৰ বাহিৰেও সমাজত সক্রিয় হৈ থাকে বহুধৰণৰ বিচিত্র দ্বন্দ্ব। সমাজ এখনৰ তেনে জটিল দ্বন্দ্ববিন্যাসে সামাজিক ঘটনা-পৰিঘটনাসমূহৰ বিচাৰ-বিশ্লেষণ-সমাধান-সিদ্ধান্ত আদিলৈ প্রত্যাহ্বান কঢ়িয়াই আনে, কথাবোৰে জটিল হৈ পৰে। তাৰ এটা নিদৰ্শন অসমৰ অদূৰ ইতিহাসৰ পৰাই দিব পৰা যায়। অসমৰ সমাজ-জীৱনত তাল-ফাল লগোৱা ভাষিক দ্বন্দ্বৰ কথা উনুকিয়াই আহিছিলোঁ। তেনে ভাষিক দ্বন্দ্বৰ আঁৰত আকৌ সক্রিয় হৈ আছিল জাতিগত দ্বন্দ্ব, প্রধানতঃ অসমীয়া মধ্যশ্রেণীৰ নৱোত্থিত জাতীয়বাদ আছিল তাৰ এটা ঘাই দিশ। উপৰিউক্ত ভাষিক দ্বন্দ্ব আৰু জাতীয়তাৰ দ্বন্দ্বৰ মাজত কোনো সুস্পষ্ট সীমা অংকন কৰা বোধহয় নাযাব।
কিন্তু তেনে দ্বন্দ্বসমূহ যিমানেই বৈচিত্র্যময় আৰু বহুধাবিভক্ত নহওক, সেইসমূহ কোনো নিৰালম্ব প্রপঞ্চ নহয়। সেইসমূহৰ আৱিৰ্ভাব আৰু বিস্তাৰৰ আঁৰত সদায় একো একোটা ঐতিহাসিক পটভূমি থাকে। তেনে ঐতিহাসিক পটভূমি আকৌ পৰিপক্ব হৈ উঠে সমাজখনৰ বস্তুগত বিকাশৰ সৈতে সংগতি ৰাখিহে। মন কৰিবলগীয়া কথা, সমাজৰ বস্তুগত বিকাশ আকৌ সমাজখনৰ শ্রেণী-বিন্যাসৰ সৈতে অংগাংগীভাৱে সম্পৰ্কিত হৈ থাকে। উদাহৰণ এটিলৈ পুনৰ উভতি গৈছোঁ। অসমৰ ভাষিক-জাতীয়তাকেন্দ্রী দ্বন্দ্ব তীব্রতৰ হোৱাৰ এটা পূৰ্বচৰ্ত আছিল অসমীয়া মধ্যশ্রেণীৰ আত্মপ্রকাশ আৰু বিকাশ। দেখ্দেখ্কৈ কথাটো সমাজৰ অৰ্থনৈতিক দিশটোৰ সৈতে সম্পৰ্কিত হৈ আছে। তেনেধৰণৰ বিভিন্নধৰণৰ দ্বন্দ্ব আৰু সেইসমূহৰ মাজৰ আন্তঃসম্পৰ্কৰ জটিল জোট-বিন্যাসৰ মাজেৰে সমাজ এখন আগ বাঢ়ি যায়।
উনুকিয়াই আহিছিলোঁ, মৌলিক কাৰণৰ বাবেই—শ্রেণীদ্বন্দ্বৰ মূল চৰিত্রটোৰ কাৰণেই—শ্রেণী-বিভক্ত সমাজত শ্রেণীদ্বন্দ্বক কোনোপধ্যেই প্রশমিত কিম্বা নিঃশেষ কৰিব নোৱাৰি। শোষণভিত্তিক অৰ্থনৈতিক ব্যৱস্থাত শ্রেণী-শোষণ যিহেতু অৱধাৰিত, শোষণ যিহেতু চলি থাকিবই তেনে সমাজত—সেইবাবেই শ্রেণীদ্বন্দ্ব তেনে সমাজৰ অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ। সেইবাবেই, শ্রেণী-বৈষম্য আঁতৰ কৰিবলৈ মানুহৰ যিমানেই গভীৰ আৰু আন্তৰিক সদ্দিচ্ছা নাথাকক—সেইবোৰে যদি শ্রেণীদ্বন্দ্বৰ কথাটোত যথোচিত গুৰুত্ত্ব প্রদান নকৰে, তেনেহ’লে সেইসমূহ অনিবাৰ্যভাৱে তাৎপৰ্যহীন হৈ পৰে। এই প্রসংগত আমি পূৰ্বতে পাই অহা ইউটোপীয়ান সমাজতন্ত্রীসকলৰ চিন্তা-চৰ্চাৰ কথা স্মৰণ কৰিব পাৰোঁ। তেনে সদ্দিচ্ছাৰ পৰা উদ্ভুত মানৱতা, ভাতৃত্ববোধ, সহায়-সহযোগিতা আদিৰ কথা বহুতৰে মনৰ গভীৰলৈ শিপাই থাকিলেও—সেইসমূহক বৰ আকৰ্ষণীয় আৰু উপযোগী বুলি বহুতে বিশ্বাস কৰিলেও—শ্রেণী-শোষণৰ অৱলুপ্তিৰ প্রসংগত তেনে পন্থাৰ অলংঘনীয় সীমাবদ্ধতাৰ কথাটো আমি মনত ৰখা যুগুত। ইতিহাসে প্রমাণ কৰিছে, শোষক-শ্রেণীটোৰ কোনোকালেই হৃদয়ৰ পৰিৱৰ্তন হোৱা নাই, কোনো শুভচিন্তাই শোষণ বন্ধ কৰি সামজিক দ্বন্দ্ব নিৰসন কৰা নাই। শোষক শ্রেণীটোৰ হৃদয় পৰিৱৰ্তন হ’ব বুলি কৰা আশা-আৱেদন আদি বাৰে বাৰে অৰ্থহীন বুলি প্রমাণিত হৈছে।
সমাজত সততেই পৰিলক্ষিত হোৱা অন্যবিধৰ দ্বন্দ্বসমূহকো—ভাষিক, জাতিগত, আঞ্চলিক আদিক—প্রশমিত কৰা বৰ এটা সহজ নহয়, কিয়নো সেইসমূহৰো উদ্ভৱ আৰু বিকাশৰ নেপথ্যত ঐতিহাসিক আৰু বাস্তৱিক কাৰক কিছুমান বিদ্যমান হৈ থাকে। কিন্তু তাৰ লগতে আমি মন কৰিব লাগিব যে প্রায়েই তেনে দ্বন্দ্ব মানুহৰ ভ্রান্ত চেতনা, অযুক্তি আৰু খণ্ডিত বিচাৰবোধৰ সৈতেও সম্পৰ্কিত হৈ থাকে। তেনে দ্বন্দ্বৰ আঁৰত থকা বস্তুগত কাৰকৰ ভূমিকাৰ কথাটো অগ্রাহ্য কৰাৰ প্রশ্ন নুঠে; কিন্তু সেইসমূহ দ্বন্দ্বৰ সমাধান কঠিন হ’লেও অসম্ভৱ নহয়। আঞ্চলিক, ভাষিক, জাতিগত আদি দ্বন্দ্ব আদিক আলাপ-আলোচনা, ৰাজনৈতিক হস্তক্ষেপ আদিৰ মাজেৰে কমাই পেলোৱাটো সম্ভৱ। কিন্তু সমাজৰ মূল শ্রেণীদ্বন্দ্বক জানো তেনেদৰে অৱলুপ্ত কৰা যাব?
ইমান পৰৰ আলোচনাৰ পিছত নক’লেও হ’ব যে সামৰণিৰ উপৰিউক্ত প্রশ্নটোৰ উত্তৰ অৱশ্যেই নেতিবাচক। শ্রেণী-বিভক্ত সমাজত শ্রেণী-বৈষম্য যিদৰে অৱধাৰিত, তেনেদৰেই তেনে সমাজত শ্রেণীদ্বন্দ্ব অবিনশ্বৰ। গতিকে সমাজৰ পৰিৱৰ্তনৰ প্রসংগত অৰ্থনৈতিক ভিত্তিটোক গুৰুত্ত্ব প্রদান নকৰিলে, শ্রেণীদ্বন্দ্বৰ প্রশ্নটোক অগ্রাহ্য কৰিলে, কিম্বা শ্রেণী-সংগ্রামৰ প্রতি ভয়াৰ্ত মনোভাৱ পোষণ কৰিলে, সি কেতিয়াও বাস্তৱসন্মত আৰু যুক্তিগ্রাহ্য পন্থা হ’বগৈ নোৱাৰিব। অৱশ্যে আমি সতৰ্ক হৈ মনত ৰাখিব লাগিব, সমাজখনত শ্রেণীদ্বন্দ্বৰ উপৰিও বহুধৰণৰ দ্বন্দ্ব সক্রিয় হৈ থাকে,—কথাটো উনুকিয়াই অহাও হৈছিল। তেনে দ্বন্দ্বসমূহৰ কিছুমানে—যেনে ধৰ্মীয় দ্বন্দ্বই—মূল শ্রেণীদ্বন্দ্বকো গভীৰভাৱে প্রভাৱান্বিত কৰিবলৈ সক্ষম। তেনেক্ষেত্রত, মাত্র অৰ্থনৈতিক ভিত্তিটোহে একক আৰু অবিসম্বাদী নিৰ্ণায়ক, ধৰ্ম আদিৰ দৰে বস্তু মাত্র নিষ্ক্রিয় আৰু গুৰুত্ত্বহীন উপৰিসৌধ—তেনেদৰে বিবেচনা কৰিলে সি হ’বগৈ একধৰণৰ যান্ত্রিকতা। প্রথমতে অৰ্থনৈতিক ভিত্তিটো সলাই পেলাব লাগিব, তাৰ পিছত ধৰ্মীয় উপৰিসৌধটো নিজে নিজেই অৱলুপ্ত হৈ পৰিব—এইধৰণৰ সিদ্ধান্ত খণ্ডিত, একদেশদৰ্শী আৰু অসন্তুলিত চিন্তাৰ ফচল। অৱশ্যে, উপৰিসৌধৰ অংগ বুলি সততেই বিবেচিত ধৰ্মৰ সৈতে অৰ্থনৈতিক ভিত্তিৰ আন্তঃসম্পৰ্কৰ দিশটো এটা সুকীয়া আৰু বিস্তাৰিত আলোচনাৰ বিষয়।