কেন্দ্ৰীয় নিবন্ধনিবন্ধ

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু ঔপনিবেশিক চিন্তা ।। ময়ূৰ চেতিয়া

(১)
বিগত কিছু সময় ধৰি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে বিদেশী দৰ্শন, চিন্তন আৰু পৰম্পৰাৰ বিপদ সম্পৰ্কে এলানি লেখনি লিখি আহিছে। বিদেশী দৰ্শন, চিন্তন আৰু পৰম্পৰাৰ বিপৰীতে তেওঁ ভাৰতীয় দৰ্শন, চিন্তন আৰু পৰম্পৰাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বাৰম্বাৰ দোহাৰিছে। এনে পটভূমিতে তেওঁ “দৈনিক অসম”ৰ ২৮ এপ্ৰিল ২০২৪ৰ সংখ্যাটোত এটা দীঘল লেখনি লিখিছে— য’ত জুবিন গাৰ্গৰ এষাৰি মন্তব্যৰ গইনা লৈ নানান বিদেশী বিশ্ববিদ্যালয়ৰ ভাৰতীয় সংস্কৃতি, ভাৰতীয় পৰম্পৰাবিৰোধী অনেকখিনি ষড়যন্ত্ৰৰ কথা উল্লেখ কৰিছে।

এই লেখনিটোত আমি চৌধুৰী মহাশয়ৰ দ্বাৰা আলোচিত কেতবোৰ বিষয় সম্পৰ্কে চৰ্চা কৰিম। থোৰতে ক’বলৈ গ’লে, আমাৰ মূল বক্তব্য হৈছে যে চৌধুৰী মহাশয় নিজেই এক বিশেষ প্রকাৰৰ ঔপনিবেশিক চিন্তনৰ দ্বাৰা প্রভাবিত ব্যক্তি। তেওঁ ভাৰতীয় সমাজখনত এক বিশেষ ধৰণৰ ঔপনিবেশিক ব্যৱস্থা কায়েম কৰাৰ পক্ষপাতী। এই ব্যৱস্থাটোৰ নাম হৈছে— ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদ (Brahmanical colonialism) বা বৰ্ণবাদী ঔপনিবেশিকতাবাদ।

উদাহৰণসহ আলোচনা কৰাৰ আগেয়ে এই বৰ্ণবাদী ঔপনিবেশিকতাবাদৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্য দাঙি ধৰা যাওক।

ক) বৰ্ণবাদী ঔপনিবেশিকতাবাদে বৰ্ণ ব্যৱস্থাটোক নতুন ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰে, তাৰ সুদৃঢ়কৰণ তথা সম্প্ৰসাৰণ হোৱাটো বিচাৰে। অৱশ্যে সেইবুলি তাৰ প্রতিনিধিসকলে চিধাচিধিকৈ বর্ণ ব্যৱস্থাৰ সমর্থন নকৰে। আজিৰ দিনত সেইটো প্রায় অসম্ভৱ। কাজেই কামটো কৰা হয় পৰোক্ষভাৱে, এক বক্র পথেৰে। উদাহৰণ হিচাপে, সমর্থকসকলে বর্ণ ব্যৱস্থাৰ এক বৈকল্পিক ইতিহাস দাঙি ধৰে, যাৰ জৰিয়তে কোৱা হয় যে, এসময়ত জাত-পাত “জন্মগত হোৱা”ৰ বিপৰীতে “কাম”ৰ ওপৰতহে আধাৰিত আছিল। মুছলমান শাসন আৰু বৃটিছৰ শাসন অহাৰ পাছতহে এই বর্ণ ব্যৱস্থাটোৰ বিকৃতি ঘটিল, তথা ই জন্মগত ব্যৱস্থাৰ ৰূপ ধাৰণ কৰিলে। অর্থাৎ জাত-পাতৰ বাবেও আনক দোষ দিয়া! এনে দ্বিতীয় এটা উপায় হৈছে— বর্তমানৰ সমাজখনত জাত-পাতসূচক বৈষম্য প্রায় নাইকীয়াই হ’ল বুলি, তথা তেনে বৈষম্য ব্যতিক্রম হিচাপেহে বাকী আছে বুলি দাবী কৰা। অর্থাৎ আজি যেন জাত-পাত বিৰোধী সংগ্রামখনৰ তেনে প্রাসংগিকতা নাই। তৃতীয় উপায়টো হৈছে— পূর্ব কালৰ জাত-পাত বিৰোধী সংগ্রামীসকলক লোকক দেখুৱাই সন্মান জনোৱা আৰু বর্তমানৰ কালৰ সংগ্রামীসকলক যিকোনো প্রকাৰে আক্রমণ কৰা। সংগ্রামীসকলৰ বিষয়ে বাৰম্বাৰ আতিশয্যৰ (excessৰ) অভিযোগ অনা (“সিহঁতে অলপ বেছিয়েই কৰি দিলে”)।

খ) বৰ্ণবাদী ঔপনিবেশিকতাবাদে ভাৰতৰ ব্ৰাহ্মণ্যবাদী পৰম্পৰাবিলাকক ভাৰতৰ মূল পৰম্পৰা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে। অন্যান্য পৰম্পৰা, চিন্তন তথা অনুশীলনক ই দ্বিতীয় পর্যায়ৰ বা কম গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। পাৰিলে সিবিলাকক অদৃশ্যই কৰিব বিচাৰে। সামাজিক সংস্কাৰ হৈছে ইয়াৰ ঘোৰ শত্ৰু। যেতিয়া সামাজিক সংস্কাৰৰ চিধাচিধি বিৰোধিতা সম্ভৱপৰ নহয়, তেতিয়া ই তাক বৰ্ণবাদী ব্যৱস্থাটোৰ (তেওঁলোকৰ ভাষাত – “সনাতন”ৰ) উদাৰতাৰ ফলাফল হিচাপেই সৃষ্টি হৈছে বুলি মন্তব্য কৰে।

গ) জাত-পাত বিৰোধী, বা যিকোনো প্ৰগতিশীল আন্দোলন, বা চিন্তনক ই বহিঃ শত্ৰুৰ ষড়যন্ত্ৰ হিচাপে উপস্থাপন কৰিব বিচাৰে। এই বহিঃ শক্তি কোনো বিদেশৰ বিশ্ববিদ্যালয় হ’ব পাৰে, ইতিহাসবিদ হ’ব পাৰে, চৰকাৰ হ’ব পাৰে, চীন হ’ব পাৰে, পাকিস্তান হ’ব পাৰে, জৰ্জ চৰছ হ’ব পাৰে, মাৰ্ক্সবাদী হ’ব পাৰে, মাৰ্ক্সবাদৰ ঘোৰ শত্ৰু আমেৰিকান লিবাৰেলো হ’ব পাৰে। একে সময়তে কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই নিজৰ এজেণ্ডা পূৰ্ণ কৰিবৰ বাবে সহযোগী বিচাৰি ফুৰে। এই ক্ষেত্ৰত ইউৰোপ, আমেৰিকাকে আদি কৰি নানান অঞ্চলৰ ফেচীবাদী, উগ্ৰ-নৃগোষ্ঠীবাদী আন্দোলনৰ অনেক উপাদান ই নিজৰ বুলি গ্ৰহণ কৰে। ইয়াৰ মতে প্ৰগতিশীল আন্দোলনে আন্তঃৰাষ্ট্ৰীয় সহযোগী বিচৰাটো পাপ। নিজেই কিন্তু পূৰ্ণমাত্ৰাই ই উগ্ৰ-সোঁপন্থী বিদেশী শক্তিবিলাকৰ সৈতে হাত মিলাই থাকে। এই বিদেশী উগ্ৰ-সোঁপন্থী শক্তিবিলাকে ব্যৱহাৰ কৰা নানান কনচেপ্ট— যেনে “সাংস্কৃতিক মার্ক্সবাদ” (কালছাৰেল মার্ক্সবাদ) আদিৰ খুবেই প্রয়োগ কৰে। (আচলতে বাস্তবিকতে কালছাৰেল মার্ক্সবাদ বোলা কোনো বস্তুৱেই নাই। সেয়া উগ্ৰ-সোঁপন্থী শক্তিবিলাকৰ উর্বৰ মস্তিস্কৰ সৃষ্টি মাথো। পিছে সেই বিষয়ে আন কেতিয়াবা)।

ঘ) ই আটাইতকৈ ঘৃণা কৰে সাম্প্রতিক কালৰ জাত-পাত বিৰোধী চিন্তন তথা অনুশীলনবিলাকক। লগতে ই ঘৃণা কৰে নাৰীবাদী আন্দোলনক, সামাজিক সমতা বৃদ্ধি কৰা যিকোনো চিন্তনক। সংৰক্ষণ ব্যৱস্থাক ই মেৰিট-বিৰোধী বুলি গণ্য কৰে আৰু সকলো সংৰক্ষণ ব্যৱস্থাৰ নিৰ্মূলকৰণৰ সপোন দেখে।

ঙ) বহিঃ দৃষ্টিৰে ই মুছলমানক আটাইতকৈ ঘৃণা কৰে। আচলতে ইয়াৰ জৰিয়তে ই জাত-পাত বিৰোধী আন্দোলনটোক দুৰ্বল কৰিবলৈ যত্ন কৰে। মুছলমানক টাৰ্গেট কৰি ই হিন্দু একতাৰ সপোন দেখে। কিন্তু হিন্দুসকলৰ মাজত সমতা স্থাপন কৰিবলৈ ই পূৰ্ণমাত্ৰাই নাৰাজ। প্রায়েই তাৰ প্রকৃত স্বৰূপটো অসাৱধান মুহূর্তত ওলাই আহে (যেনে সংৰক্ষণ ব্যৱস্থাৰ পুনৰ্বিবেচনাৰ দাবী)।

এতিয়া চৌধুৰীৰ লেখনি সম্পৰ্কে আলোচনা কৰা যাওক।

(২)
২৮ এপ্ৰিল তাৰিখৰ প্ৰবন্ধটোৰ এটা অংশত দেৱচৌধুৰীয়ে তেওঁৰ এজন চিনাকী ল’ৰাৰ কথা লিখিছে – যি ভাৰতত পঢ়ি থাকোঁতে কেতিয়াও জাত-পাতৰ কথা ভবা নাছিল, কাৰো সৈতে জাতিবাদী বৈষম্যও কৰা নাছিল। এতিয়া বিদেশত (আমেৰিকাত) চাকৰি কৰিবলৈ গৈহে তেওঁ এক অস্বস্তিকৰ পৰিস্থিতিৰ সমুখীন হ’ল। কিয়? কিয়নো তেওঁ কৰ্মৰত হৈ থকা বহুজাতিক নিগমটোৱে জাত-পাতৰ এক জৰীপ কৰিলে আৰু লগতে জাতিগত বৈষম্য বিষয়ক এক প্ৰশিক্ষণৰ আয়োজন কৰিলে! অৰ্থাৎ ভাৰতত থাকোঁতে ল’ৰাজনৰ জাতি সম্পৰ্কীয় চেতনা অদৃশ্য আছিল, বিদেশলৈ গৈহে তাৰ মুখামুখি হ’বলগা হ’ল!

প্ৰশ্ন হৈছে যে এনেদৰে জাতিৰ বিষয়ে নভবাকৈ কোন জাতৰ মানুহে ডাঙৰ দীঘল হ’ব পাৰে? কেৱল উচ্চ জাতৰ মানুহে! একোজন অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ ব্যক্তিক সুধি চাওক – তেওঁ জাত-পাতৰ বিষয়ে নভবাকৈ, জাত-পাতসূচক বৈষম্যৰ সমুখীন নোহোৱাকৈ ডাঙৰ-দীঘল হ’ব পাৰিছিল নে? ভাৰতত এয়া এক অসম্ভৱ কথা। আপুনি নিজে নাভাবিলেও আপোনাক সমাজখনে বাৰম্বাৰ সোঁৱৰাই থাকিব – আপোনাৰ জাতি কি, আপুনি “নীহ কুলত” জন্ম হৈছে, আপুনি সংৰক্ষিত আসন পোৱাটো আচলতে আনসকলৰ বাবে অন্যায় হৈছে – ইত্যাদি ইত্যাদি। অৰ্থাৎ এই যে “জাত পাতৰ বিষয়ে নভবাকৈ ডাঙৰ-দীঘল হোৱাৰ” কথা কোৱা হ’ল – ঠিক এয়াই হৈছে উচ্চ জাতিৰ মানুহৰ বিশেষাধিকাৰ (priviledge)। উচ্চ জাতিৰ হোৱাৰ বাবে আপুনি জাতিসূচক বৈষম্যৰ সমুখীন হোৱা নাই, ফলত আপুনি কেতিয়াও জাতিৰ বিষয়ে ভাবিব লগাও হোৱা নাই! এই যে আপুনি জাতিৰ বিষয়ে কেতিয়াও ভবা নাছিল, সেয়া আপোনাৰ গুণ হ’ব নোৱাৰে, বৰং সি আপোনাৰ জাতিগত বিশেষাধিকাৰ তথা জাতি সম্পৰ্কীয় অন্ধতা (blindness about caste)হে প্ৰমাণ কৰে। অথচ তাকেই আপুনি নিজৰ “জাতিহীন চেতনা”ৰ প্ৰমাণপত্ৰ বুলি ভাবি আহিছে! নক’লেও চলে যে এনে বিশেষাধিকাৰ নিম্ন জাতিৰ মানুহে কেতিয়াও উপভোগ কৰিব নোৱাৰে।

এতিয়া কথা হৈছে – আমেৰিকাত গৈ ভাৰতীয়সকলৰ মাজত থকা জাত-পাতগত চেতনা শেষ হৈ যায় নেকি? অপ্ৰিয় হ’লেও সত্য যে বিদেশলৈ গৈয়ো ভাৰতীয়সকলৰ মাজত থকা জাত-পাতগত চেতনা তথা বৈষম্য শেষ হৈ যোৱা নাই। আমেৰিকাত বিশেষকৈ দলিতসকলে উচ্চ বৰ্ণৰ দ্বাৰা বৈষম্যৰ সন্মুখীন হোৱাৰ অনেকখিনি উদাহৰণ আৰু প্ৰমাণ আছে (প্ৰয়োজন হ’লে তথ্য-পাতি দিয়া হ’ব)। ফলত আজি আমেৰিকাৰ নানান ৰাজ্য চৰকাৰ তথা কোম্পানীবিলাকে জাতিগত বৈষম্য-বিৰোধী কেতবোৰ নীতি-নিয়ম আৰু আইন-কানুন প্ৰৱৰ্তন কৰাৰ কথা বিবেচনা কৰিছে। আমোদজনকভাৱে, আমেৰিকাস্থিত বহুতো তথাকথিত “হিন্দু” সংগঠনে এনে জাতিগত বৈষম্য-বিৰোধী (প্ৰস্তাৱিত) আইনৰ তীব্ৰ বিৰোধিতা কৰিছে! অনুমান কৰাটো টান নহয় – এই “হিন্দু” সংগঠনবিলাকৰ সদস্যসকলৰ জাত কি! আমেৰিকাত থকা হিন্দুসকলৰ মাজত যদি সঁচাকৈয়ে জাত-পাতসূচক বৈষম্য নাই, তেনেহ’লে জাতিগত বৈষম্য-বিৰোধী (প্ৰস্তাৱিত) আইনবিলাকৰ বিৰোধিতা কৰাৰ কাৰণ কি?

কাৰণ হৈছে যে এনে আইন প্ৰৱৰ্তন হ’লে বহুতো উচ্চ বৰ্ণৰ আমেৰিকান হিন্দু জে’ললৈ যাব লাগিব! বৰ্তমানে আমেৰিকাত আপুনি ব্যক্তি একোজনক (যেনে দলিত ব্যক্তি একোজনক) জাত-পাতসূচক অপমান কৰিলে, বৈষম্য প্ৰদৰ্শন কৰিলে, তাৰ আইনী প্ৰতিকাৰ লোৱাৰ কোনো উপায় নাথাকে। ভাৰতত কিন্তু এনে কেতবোৰ আইন আছে (যেনে The Scheduled Castes and the Scheduled Tribes [Prevention of Atrocities] Act, 1989)। আমেৰিকাস্থিত উচ্চ জাতিৰ হিন্দুসকলৰ ভয় – এনে আইন আমেৰিকাতো প্ৰযোজ্য হ’লে তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব।

এনে জাতিগত বৈষম্য-বিৰোধী (প্ৰস্তাৱিত) আইনবিলাকক আমেৰিকাস্থিত তথাকথিত হিন্দু সংগঠনবিলাকে “ভাৰতীয় সংস্কৃতি-বিৰোধী”, অথবা “হিন্দু সংস্কৃতি-বিৰোধী” বুলি কয়। যেনিবা ভাৰতীয়/হিন্দু কেৱল উচ্চ জাতিৰ, উচ্চ বৰ্ণৰ হিন্দুসকলহে। এচ চি, এচ টি, অ’বিচিসকল যেন ভাৰতীয়ই নহয়, হিন্দুৱেই নহয়! এই যে “জাতি ব্যৱস্থাটো হৈছে হিন্দু ধৰ্মৰ অন্যতম অংশ” – এই কথাটো মানিবলৈ The Hindu Policy Research and Advocacy Collective (HinduPACT) দৰে সংগঠনবিলাক একেবাৰেই নাৰাজ! ইয়াৰ বোলে অৰ্থই হৈছে হিন্দু ফবিয়া!

পাঠকে মন কৰিব – জাতিগত বৈষম্য-বিৰোধী (প্ৰস্তাৱিত) আইনবিলাক আনিবলৈ মূলতঃ ভাৰতীয় মূলৰ প্ৰগতিশীল লোকসকলেই চেষ্টা কৰি আহিছে। অৰ্থাৎ এয়া কোনো আমেৰিকান চৰকাৰে জাপি দিয়া আইন নহয়। বৰং এইক্ষেত্ৰত ভাৰতীয় লোকৰ এজেঞ্চি পূৰ্ণমাত্ৰাই আছে।

আন এটা তথ্যৰ প্ৰতিও মন কৰক। কিছুদিন পূৰ্বে আমেৰিকান উচ্চতম ন্যায়ালয়ে কৃষ্ণাঙ্গসকলৰ বাবে থকা “সংৰক্ষণ ব্যৱস্থা” লোপ কৰিলে। এই সিদ্ধান্তটোৰ ওলগ জনাই আটাইতকৈ উৎসাহ প্ৰদৰ্শন কৰিলে অনেককেইটা আমেৰিকান হিন্দু সংগঠনবিলাকে! তেওঁলোকৰ মতে, এয়া হৈছে “মেৰিটৰ জয়”! ঠিক একেধৰণৰে কেতবোৰ যুক্তি ভাৰতৰ ক্ষেত্ৰতো প্ৰায়ে প্ৰদান কৰা হয়।

(৩)
আই আই টিবিলাকত চলি থকা জাত-পাতমূলক বৈষম্যৰ কথা উত্থাপিত হওঁতে দেৱচৌধুৰী মহাশয় চক খাই উঠিছে। বোধকৰোঁ তেওঁ কোনোবা বেলেগ গ্ৰহত বাস কৰে। তেওঁ মাত্ৰ এবাৰ গুগল কৰাৰ দৰকাৰ আছিল। তেওঁ দেখিলেহেঁতেন – কেনেদৰে জাত-পাতমূলক বৈষম্যৰ ফলত আজি অগণন দলিত ছাত্ৰই আই আই টিবিলাকত আত্মহত্যা কৰিব লগা হৈছে। চৌধুৰীয়ে এই আত্মহত্যাবিলাকো কোনোবা বিদেশী শক্তিৰ উচটনিৰ ফলতেই হৈছে বুলি ভাবে নেকি? কোনখন পৃথিৱীত বাস কৰিছে তেওঁ? এয়া আচলতে তেওঁৰ জাতিমূলক বিশেষাধিকাৰৰেই প্ৰমাণ নহয়নে?

আচলতে আজিৰ দিনত আই আই টিবিলাকত সংৰক্ষণ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা এতিয়াও চলি আছে। কাজেই এছ চি, এছ টি, অ’বিচি আদি সম্প্ৰদায়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ উচ্চ বৰ্ণৰ সহপাঠীৰ নানান ঠাট্টা-মস্কৰাৰ সমুখীন হ’বলগা হয়। আনকি প্ৰায়ে শিক্ষকসকলেও এনে ঠাট্টা-মস্কৰাত হাত উজান দিয়ে। তেওঁলোকৰ মতে, সংৰক্ষণ ব্যৱস্থা হৈছে মেৰিটৰ অৱসান। পিছে এই যে উচ্চ বৰ্ণৰ জাতিগত বিশেষাধিকাৰৰ ফলতহে এনে “মেৰিট” সৃষ্টি হয়, মেৰিট যে সামাজিকভাৱে নিৰ্মিত বস্তু, তাৰ প্ৰতি তেওঁলোকৰ কাণসাৰ নাই।

আন কথাত ক’বলৈ গ’লে– ব্ৰাহ্মণ্যবাদী ঔপনিবেশিক শক্তিবিলাকৰ এক বিশাল আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক আছে। তেওঁলোকৰ যুক্তিবিলাকৰ মাজত আশ্চৰ্যকৰ কেতবোৰ মিল আছে।

(৪)
দেৱচৌধুৰীয়ে আমেৰিকান বিশ্ববিদ্যালয়বিলাকে ভাৰতৰ বিৰুদ্ধে কৰি থকা ষড়যন্ত্ৰৰ এখন দীঘল তালিকা দিছে। সমস্যা হৈছে যে তাত কোনো ৰেফাৰেঞ্চ নাই, কোনো বিশেষ ঘটনাৰ উল্লেখ নাই। কাজেই সিবিলাকৰ সঁচা-মিছা নিৰ্ণয় কৰাৰো কোনো উপায় নাই।

আমি কোৱা নাই যে এনে কোনো ষড়যন্ত্ৰ থাকিবই নোৱাৰে। উদাহৰণ হিচাপে, শীতল যুদ্ধৰ সময়ত আমেৰিকান বিশ্ববিদ্যালয়বিলাকৰ অনেক বিভাগক বেছ কামত লগোৱা হৈছিল। কিন্তু সেইবুলি চবতে ষড়যন্ত্ৰৰ চিন দেখি থকাটো হাস্যকৰ। এইক্ষেত্ৰত সাক্ষ্য-প্ৰমাণৰ কথাটো খুবেই প্ৰাসংগিক।

দেৱচৌধুৰীৰ এটা ডাঙৰ সমস্যা হৈছে – কথাই প্ৰতি মিছা মতা স্বভাৱটো। তেওঁ লিখিছে – কোনোবা বিদেশী ষড়যন্ত্ৰকাৰী বিশ্ববিদ্যালয়ৰ নেৰেটিভ মতে “সংস্কৃত ভাষা নিঃশেষ কৰিব লাগিব। কাৰণ ই ব্ৰাহ্মণসকলৰ শোষণৰ ভাষা”। এই যে প্ৰথম বাক্যটো – কোনে এনে কথা কৈছে হে? কোনজন বিদেশী পণ্ডিতে সংস্কৃত ভাষা শেষ কৰাৰ কথা কৈছে? আমাকো কওকচোন।

(৫)
আজিকালি এচাম নব্য-ৰক্ষণশীল বুদ্ধিজীৱীৰ আৱিৰ্ভাৱ হৈছে। ভাৰতীয় সংস্কৃতি, ভাৰতীয় সমাজ ব্যৱস্থা সম্পৰ্কীয় যিকোনো সমালোচনামূলক মূল্যায়নৰ প্ৰতিয়েই তেওঁলোক নাৰাজ।

কোন হয় এইসকল নব্য-ৰক্ষণশীল বুদ্ধিজীৱী? তেওঁলোক আন কোনো নহয়, বৰং আমাৰ সমাজৰে উচ্চ বৰ্ণৰ লোকসকলৰ এটা বিশেষ অংশ, যি তেওঁলোকৰ হেৰাই যাব ধৰা জাতিগত বিশেষাধিকাৰ পুনৰ ঘূৰাই অনাৰ সপোন দেখে। যিহেতু সংখ্যাৰ হিচাপত তেওঁলোকৰ আকাৰ তেনেই সৰু, সেয়েহে মুছলমান বা খ্ৰীষ্টানসকলক টাৰ্গেট কৰি তেওঁলোকে “হিন্দু একতা”ৰ শ্লোগান দিয়ে। পিছে সমগ্ৰ হিন্দু সম্প্ৰদায়ৰো কল্যাণ সাধন তেওঁলোকৰ কাম্য নহয়। বৰং তেওঁলোকৰ কাম্য হৈছে – উচ্চ জাতিৰ হেৰাই যাব ধৰা বিশেষাধিকাৰ পুনৰ ঘূৰাই অনা।

পাঠকে মন কৰিব – এইসকল বুদ্ধিজীৱীয়ে কেতিয়াও সমাজৰ জাত-পাত বিষয়ক বৈষম্যৰ বিৰুদ্ধে সজোৰে মাত নেমাতে। মহিলাৰ শোষণৰ বিৰুদ্ধেও তেওঁলোকে সজোৰে মাত নেমাতে। মাতিলেও সাধাৰণতেই সেয়া অন্যান্য সম্প্রদায়ৰ সৈতে তুলনা কৰি কিছু brownie points আহৰণ কৰাৰ বাবেহে কৰা হয় (“চোৱা, চোৱা – আমি অমুক তমুক সম্প্রদায়টোতকৈ কিমান উদাৰ। আমি মহিলাক কিমান ভাল স্থান দিওঁ। আমি কেনেকৈ সিহতঁতকৈ সহনশীল।”)। সামাজিক ন্যায়ৰ প্রসংগবিলাক তল পেলাই দিয়া হয়। সিবিলাকক সাম্প্রদায়িক বা গোষ্ঠীগত সংঘাতৰ বাবে ব্যবহাৰ কৰা হয়। এয়া কোনো co-incidence নহয়।

দেৱচৌধুৰী হৈছে এই অংশটোৰেই এক বিশেষ প্ৰতিনিধি।

(৬)
ঔপনিবেশিকতাবাদৰ কথাটোলৈ পুনৰ অহা যাওক। ঔপনিবেশিকতাবাদ মানেই কেৱল ব্ৰিটিছ ঔপনিবেশিকতাবাদ নহয়। ব্ৰিটিছৰ বহু পূৰ্বেও আমাৰ দেশখনত এক ঔপনিবেশিক শক্তি আছিল – যাক “ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদ” বুলি ক’ব পাৰি।

ভাৰতীয় সমাজত এই ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদৰ, তথা তাৰ বিৰুদ্ধে ভাৰতীয় জনগণৰ সংগ্ৰামৰ এক দীৰ্ঘ ইতিহাস আছে। কেতিয়াবা ই জিকিছে, কেতিয়াবা হাৰিছে। হাৰিও ই পুনৰ মূৰ দাঙি উঠিছে, নতুন ৰূপ লৈছে।

যেতিয়া দেৱচৌধুৰীয়ে ভাৰতীয় চিন্তা পদ্ধতি, ভাৰতীয় পৰম্পৰা আদিৰ পুনৰুদ্ধাৰৰ কথা কয়, তেওঁ আচলতে এই ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদকেই পুনৰ ঘূৰাই অনাৰ কথা কয়।

ৰাইজে মন কৰিব যে স্বাধীনতা সংগ্ৰামৰ সময়ত এই ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদ আৰু ভাৰতীয় জাতীয়তাবাদ– দুয়োৰে মাজত ভীষণ সংগ্ৰাম হৈছিল। ভাৰতীয় জাতীয়তাবাদৰ মতে শত্ৰু আছিল ব্ৰিটিছৰ ঔপনিবেশিক শাসন, ৰাইজৰ আৰ্থিক উৎপীড়ন। পিছে ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদৰ মতে, শত্ৰু আছিল ব্ৰিটিছৰ আমোলত লোৱা কেতবোৰ সামাজিক সংস্কাৰমূলক আঁচনি (যেনে সতী ব্যৱস্থাৰ নিৰ্মূলকৰণ, জাত-পাত বিৰোধী আইন, বাল্যবিবাহ নিৰ্মূলকৰণ)। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিপৰীতে এনে সামাজিক সংস্কাৰৰ পদক্ষেপবিলাককহে ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদে মূল শত্ৰু বুলি গণ্য কৰিছিল।

১৯৪৭ত দেশ স্বাধীন হোৱাৰ পাছতো এই ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদে নেহৰু-আম্বেদকাৰে সূচনা কৰা সামাজিক সংস্কাৰমূলক আইনবিলাকৰ বিৰোধিতা কৰিলে। ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদীসকলৰ মতে, আম্বেদকাৰৰ সংবিধানখনৰ সলনি মনুস্মৃতিখনকহে দেশৰ সংবিধান হিচাপে গণ্য কৰিব লাগিছিল।

আজিও ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদীসকলৰ এজেণ্ডা শেষ হোৱা নাই। তেওঁলোকে আজিকালি “ৰাষ্ট্ৰীয়তাবাদ”ৰ ৰূপ লৈছে, যেন তেওঁলোকতকৈ দেশপ্ৰেমিক আন কোনো নাই। কিন্তু দৰাচলতে তেওঁলোক হৈছে এক ঔপনিবেশিক শক্তিৰেই নতুন ৰূপ।

(৭)
দেৱচৌধুৰীৰ দৰে ব্ৰাহ্মণ্যবাদী ঔপনিবেশিকতাবাদীসকলে নিজকে দেশপ্ৰেমিক হিচাপে প্ৰক্ষেপ কৰে। ভাৰতীয় সংস্কৃতিৰ, ভাৰতীয় পৰম্পৰাৰ যিকোনো সমালোচনাৰ প্ৰতি তেওঁলোক নাৰাজ। পিছে পাঠকে ভালকৈ মন কৰিলে দেখিব– দেৱচৌধুৰীৰ দৰে মানুহবিলাক ভাৰতীয় সংস্কৃতিৰ সকলো উপাদানৰ প্ৰতি কিন্তু আকৰ্ষিত নহয়!

দেৱচৌধুৰীৰ চকু সমাজৰ আটাইতকৈ প্ৰতিক্ৰিয়াশীল, আটাইতকৈ ব্ৰাহ্মণ্যবাদী অংশবিলাকতহে। সিবিলাককহে তেওঁ সুৰক্ষা দিব খোজে। উদাহৰণ হিচাপে, চাৰ্বাকৰ দৰ্শনৰ প্ৰতি, ভাৰতৰ অগণন বস্তুবাদী দৰ্শনৰ প্ৰতি চৌধুৰীৰ কোনো আগ্ৰহ নাই।

দেৱচৌধুৰীৰ মতে, আজি পশ্চিমীয়া বিশ্ববিদ্যালয়বিলাকত ল’ৰা-ছোৱালীবিলাকক ওভতগোৰে চলিবলৈ শিক্ষা দিয়া হয়, মাতৃ-পিতৃক প্ৰশ্ন কৰিবলৈ শিক্ষা দিয়া হয়, পৰিয়াল ব্যৱস্থাটোক প্ৰশ্ন কৰিবলৈ শিক্ষা দিয়া হয়।

আমোদজনকভাৱে, এই সমস্তবিলাক অভিযোগ কিন্তু নতুন নহয়। আমেৰিকান উগ্ৰ-সোঁপন্থী শক্তিবিলাকেও ঠিক এনেধৰণৰেই অভিযোগ কৰে। দেৱচৌধুৰীয়ে মাথোঁ তেওঁলোকৰ পৰা কেতবোৰ কনচেপ্ট ধাৰ কৰি লৈছে! এনে চিন্তন মতে– সমকামীসকলৰ বিবাহ সমৰ্থন কৰা মানেই পৰিয়াল ব্যৱস্থাটোক প্ৰশ্ন কৰা; আমেৰিকান ইতিহাসৰ বৰ্ণবাদী অধ্যায়বিলাক পঢ়োৱা মানেই সমাজত অসূয়া-অসূয়ি সৃষ্টি কৰা; ল’ৰা-ছোৱালীয়ে মাক-দেউতাকক বৰ্ণবাদী বিশেষাধিকাৰ লৈ প্ৰশ্ন কৰা মানেই ওভতগোৰে নচা!

(৮)
দেৱচৌধুৰীৰ লেখনিৰ আন এটা বৈশিষ্ট্য হৈছে মুছলমান, খ্ৰীষ্টান আদি সংখ্যালঘুৰ প্ৰতি বিষোদগাৰ। তাৰ বাবে তেওঁ শত-সহস্ৰ অপযুক্তিৰ অৱতাৰণা কৰে। তেওঁ লিখিছে– আমেৰিকান বিশ্ববিদ্যালয়ত বোলে কেনেকৈ খ্ৰীষ্ট ধৰ্ম ভাৰতত প্ৰসাৰ হ’ল, তাৰ বিষয়ে গৱেষণা নহয়! দেৱচৌধুৰীয়ে বাকী নালাগে, অসমীয়া ইতিহাসবিদ জয়িতা শৰ্মাৰ Empire’s Garden কিতাপখন পঢ়ক। তাতেই এনে গৱেষণাৰ শত-সহস্ৰ উদাহৰণ পাব! দেৱচৌধুৰীয়ে নিজে পঢ়া-শুনা নকৰিব, আৰু আনক দোষ দিব!

লগতে দেৱচৌধুৰীয়ে লিখিছে– বোলে হাৰ্ভাৰ্ডৰ গবেষণাত মুছলমানে হিন্দুৰ ওপৰত চলোৱা অত্যাচাৰৰ বিষয়ে বোলে আলোচনা নহয়! বোলে হিন্দু শোষক, মুছলমান শোষিত– এনে এক ছবি দাঙি ধৰা হয়। এইবিলাক আচলতে দেৱচৌধুৰীৰ মগজুৰ ফেণ্টাছিৰ বাহিৰে আন একো নহয়। প্ৰাসংগিক কথাটো হৈছে – সাম্প্ৰদায়িক সংঘাতৰ সময়ত চৰকাৰে কেনে পদক্ষেপ লৈছে? নে চৰকাৰৰ ভিতৰৰ পৰাই সাম্প্ৰদায়িক উচটনি দিয়া হৈছে, নানান পূৰ্বাগ্ৰহ বিয়পোৱা হৈছে? এইটোও মন কৰক – “হিন্দু ছুপ্ৰিমেচি” নামৰ মতাদৰ্শ আৰু সাধাৰণ হিন্দু ৰাইজ – দুয়োটা বেলেগ বেলেগ বস্তু। দেৱচৌধুৰীয়ে খুব চতুৰতাৰে দুয়োটাৰে সনাপোটোকা কৰিছে। হিটলাৰৰ শাসনৰ বিৰোধিতা কৰা মানে সাধাৰণ জাৰ্মান লোকৰ বিৰোধিতা কৰা বুজাব নেকি? নাজী বাহিনীৰ অত্যাচাৰৰ কথা ক’লে, তেওঁলোকে লাভ কৰা জনপ্ৰিয়তাৰ কথা ক’লে সেয়া জাৰ্মান-বিৰোধী হৈ যাব নেকি? ইহুদী নিধন যজ্ঞৰ কথা আলোচনা কৰোঁতে ইহুদীসকলেও কেনেকৈ জাৰ্মান লোকক অত্যাচাৰ কৰিছিল, তাৰ প্ৰসংগ আনি বেলেঞ্চ কৰিব লাগিব নেকি? উদ্দেশ্য কি? সত্য কথা কোৱা, নে জবৰদস্তি বেলেঞ্চ বিচাৰি ফুৰা?

(৯)
দেৱচৌধুৰীয়ে প্রায়েই কয়– আমি পশ্চিমৰ ভালখিনি ল’ব লাগে, বেয়াখিনি এৰিব লাগে। পিছে ভাল-বেয়াৰ সংজ্ঞা কোনে নির্ধাৰণ কৰিব? আধুনিক সার্বজনীন ভোটাধিকাৰৰ ধাৰণাটো পশ্চিমৰ পৰা আহিছে। ই ভাৰতীয় ৰজা মহাৰজাৰ বাবে বেয়া বস্তু আছিল, জনগণৰ বাবে ভাল বস্তু আছিল। অর্থাৎ ভাল-বেয়াৰ সংজ্ঞা নির্ণয় হব আনুষঙ্গিক সামাজিক এজেণ্টসকলৰ প্রসংগত। এনে প্রসংগ এৰি বিমূর্ত অর্থত ভাল-বেয়াৰ বিচাৰ কৰিব নোৱাৰি। জাত-পাত ভিত্তিত, পিতৃতন্ত্রৰ ভিত্তিত, শ্রেণীৰ ভিত্তিত বিভাজিত সমাজ একোখনত ভাল বেয়াৰ বিচাৰ সদায়েই সামাজিক গোষ্ঠী অনুসৰিহে হব, বিমূর্ত অর্থত নহয়। এই কথাখিনি কি পূব, কি পশ্চিম- সকলো সমাজৰ ক্ষেত্রতে প্রযোজ্য।

দেৱচৌধুৰীৰ আন এটা সমস্যা হৈছে– বস্তুনিষ্ঠতা (objectivity) আৰু নিৰপেক্ষতা (neutrality)– দুয়োটাকে তেওঁ সনাপোতকা কৰে। আমাক প্রয়োজন বস্তুনিষ্ঠতাৰ। সেয়া বিচাৰিবলৈ যাওঁতে শেষ ফলাফল নিৰপেক্ষ যেন নালাগিবও পাৰে। পিছে সি নিজেই কোনো সমস্যা নহয়। পিটি থকা আৰু পিটন খাই থকা দুজন মানুহৰ মাজত নিৰপেক্ষ হোৱা মানে আচলতে পিটন কার্যটোক সমর্থন কৰাৰ দৰেই হয়।

দেৱচৌধুৰীয়ে প্রায়েই সংঘাতৰ সলনি আলাপ, বিতর্কৰ সলনি আলোচনাৰ কথা কয়। পিছে এইবিলাক বস্তুও প্রসংগৰ ওপৰত নির্ভৰ কৰে। চৌধুৰীয়ে কমলা খাই ভাল পাব পাৰে, মই আপেল খাই ভাল পাব পাৰোঁ। সেই বিষয়ক অসহমতি হব পাৰে, আলোচনা হব পাৰে। পিছে যত শোষণ, উৎপীড়ন, অসমতাৰ কথা আহে, তাত প্রাসঙ্গিক শোষণকাৰী কাঠামোটো ধ্বংস কৰা সম্পর্কে কোনো দ্বিমত থাকিব নোৱাৰে। খুব বেছি সংগ্রামৰ পথ সম্পর্কে আলোচনা হব পাৰে। পিতৃতন্ত্র ধ্বংস হবই লাগিব, জাত-পাতমূলক বৈষম্য ধ্বংস হবই লাগিব, ঔপনিবেশিকতাবাদ ধ্বংস হবই লাগিব। ইয়াত যদি কোনোবাই আহি কয়– নাৰীবাদৰ নামত, জাতিবিৰোধী সংগ্রামৰ নামত, তোমালোকে সমাজ ধ্বংস কৰি আছা, সেয়া যে ভণ্ডামি, সেয়া বুজিবলৈ বাকী নাথাকে। এনে বক্তব্য আচলতে সমগ্র বিশ্বৰে উগ্র-সোঁপন্থী, ৰেছিষ্ট, প্রতিক্রিয়াশীল শক্তিৰে উমৈহতীয়া বক্তব্য।

(১০)
সকলো গণতান্ত্ৰিক ভাবাপন্ন লোকৰ আজিৰ দিনত এটা কৰ্তব্য আছে। সেয়া হৈছে– দেৱচৌধুৰীৰ দৰে ঔপনিবেশিক মানসিকতাৰ লোকক “ভাৰতীয় পৰিচিতি”, “ভাৰতীয় সংস্কৃতি” আদি শব্দবিলাক হাইজেক কৰিবলৈ নিদিয়া। দেৱচৌধুৰী কোনো দেশপ্রেমিক নহয়। তেওঁ সমগ্র বিশ্বতে আজি বৃদ্ধি পাই অহা উগ্র-সোঁপন্থী শক্তিবিলাকৰ ভাৰতীয় ৰূপটোৰ এজন প্রতিনিধি মাত্র।

Leave a Reply

Your email address will not be published. Required fields are marked *