নিবন্ধবিবিধ চিন্তা

বীৰুবালা স্মৰণ : তিনিটা খণ্ড চিত্রৰে এটি চিন্তনীয় দিশ ।। সুশীল পাটোৱাৰী

ডাইনী প্ৰথা, অন্ধবিশ্বাসৰ সৈতে যুঁজ দি বীৰুবালা ৰাভা গ’লগৈ৷ তেওঁৰ মৃত্যুৰ লগে লগে চৌদিশে শোকৰ বন্যা দেখা গ’ল৷ পাপৰ ফলত কেন্সাৰ হয় বুলি বিশ্বাস ৰখা জনেও বীৰুবালা ৰাভাৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিলে৷ দহ আঙুলিত দহটা গ্ৰহৰত্ন পিন্ধা ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে বীৰুবালা ৰাভাৰ আদৰ্শ জীয়াই ৰখাৰ প্রতিশ্রুতি দিলে ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।

খণ্ড চিত্র ১
২০০০ চন মানৰ কথা৷ বকো বিধানসভা সমষ্টিৰ এখন জনজাতি অধ্যুষিত গাঁৱত এনিশা এটা ডাঙৰ কাণ্ড ঘটিল৷ পৰিয়াল এটাক ৰাইজে বিচাৰ পাতি গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে৷ একমাত্ৰ সেয়াই নহয় পৰিয়ালটোৰ মূল মহিলাগৰাকীক ৰাজহুৱা বিচাৰত চকলা চকলে চুলিও কাটি দিয়া হ’ল৷ উত্তেজিত একাংশই মহিলাগৰাকীক মাৰধৰ কৰাৰ বাবেও উদ্যত হ’ল৷ গাঁওখনৰ গাঁওবুঢ়াই পুলিচৰ ভয় দেখুৱাই পৰিস্থিতি যেনে তেনে নিয়ন্ত্রণ কৰিলে৷ পৰিয়ালটোৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ এয়ে যে পৰিয়ালটোৰ মূল মানুহগৰাকী হেনো ভূতুনি (মহিলা ভূত/ ডাইনী)। পিছদিনাখন আৰক্ষী অৱগত হ’ল ঘটনা সন্দৰ্ভত। সেই সময়ত তথাকথিত ডাইনী প্ৰথাৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ কাৰ্যসূচী “প্রকল্প প্ৰহৰী” চলি আছিল। বকো থানাৰ চক্ৰৱৰ্তী উপাধিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তৎকালে ঘটনাস্থলীলৈ আৰক্ষী পঠাই দিলে৷ লগতে গাঁওবুঢ়াক দায়িত্ব দিলে যাতে দুপৰীয়া ভাগলৈ স্থানীয় ৰাইজৰ সৈতে আৰক্ষীৰ এখন সভা আয়োজন কৰা হয়৷ নিৰ্দেশমতে কাম৷ অ’ চি চক্ৰৱৰ্তীয়ে সভালৈ বকোৰ পৰা দুজনমান সমল ব্যক্তিক লগত লৈ গ’ল৷ সভাত ৰাইজ গিজগিজাই আছে৷ গাঁওবুঢ়াই সভা আৰম্ভ কৰিলে। প্ৰথমতে ৰাইজৰ মাজৰ পৰা দুই-চাৰিজনেও ঘটনা সন্দৰ্ভত বর্ণনা আগবঢ়ালে। এজন গাঁওবাসীয়ে নিজৰ অভিজ্ঞতা বর্ণনা কৰিলে যে এইধৰণে—, এদিন পুৱতি নিশা তেওঁ হাল লৈ পথাৰলৈ গৈছিল৷ পথাৰৰ এটা কোণত তেওঁ এটা অদ্ভূত দৃশ্য দেখিবলৈ পালে। কোনোবাই মৰা গৰু এটা পেলাই থৈছিল সেই স্থানত। মানুহজনে দেখিলে যে মানুহৰ মূৰ এটাই মৰাশটো এফালৰ পৰা খাই গৈছে৷ ডিঙিৰ তলচোৱা নাই। মনত সাহ গোটাই মানুহজনে লুকাই লুকাই সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰিলে৷ আৰু তাৰ পিছত তেওঁ আৱিষ্কাৰ কৰিলে যে মৃতদেহৰ মাংস খাই থকা নৰমুণ্ডটো গাঁৱৰে সেই বিশেষ মহিলাগৰাকীৰ। এনেকৈ কেবাজন ব্যক্তিয়ে নিজৰ নিজৰ ‘অভিজ্ঞতা’ বৰ্ণনা কৰি বুজাই দিলে যে গাঁৱৰ সেই বিশেষ মহিলাগৰাকী ভূতুনী (ডাইনী)। ক্রমশ ৰাইজ উত্তেজিত হৈ পৰিল৷ ৰাইজৰ মাজৰ পৰা আৰু বহুজনে ক’বলৈ বিচাৰিলে৷ অ’চি চক্ৰৱৰ্তীৰ হস্তক্ষেপত ৰাইজৰ বক্তব্য তাতেই সামৰি বকোৰ পৰা যোৱা সমল ব্যক্তিক ভাষণ দিবলৈ অনুৰোধ জনালে৷ এজন এজনকৈ সমল ব্যক্তিয়ে যুক্তিৰে সাৰুৱাভাৱে বুজাই দিলে যে ভূতুনী বা ডাইনী বুলি সমাজত একো নাই। যদি ভুতুনী বা ডাইনী থাকিলেহেঁতেন তেনেহলে গুৱাহাটী, দিল্লী, লণ্ডন, আমেৰিকাতো ডাইনী থাকিলে হয়৷ ৰাইজে কথাবোৰ ভালদৰে বুজি পোৱা যেন অনুভব কৰিলে বক্তাসকলে৷ অ’চি চক্ৰৱৰ্তীয়ে ধেমেলিয়া বক্তব্যৰে বুজাই দিলে যে ভূতুনী বুলি একো নাই। লগতে ৰাইজক ধন্যৱাদো দিলে এইবাবে যে তেওঁলোকে কথাবোৰ খুব সুন্দৰকৈ বুজি পাইছে। শেষত পাল পৰিল গাঁওবুঢ়াৰ বক্তব্য ৰখাৰ। গাঁওবুঢ়াই বকোৰ পৰা যোৱা প্ৰতিগৰাকী সমল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিলে তেওঁলোকৰ বক্তব্যৰ বাবে৷ অ’ চি চক্ৰৱৰ্তীক ভূয়সী প্রশংসা গাঁওবুঢ়াৰ৷ আৰু শেষত গাঁওবুঢ়াই আগ বঢ়ালে নিজৰ মন্তব্য। বক্তব্যৰ সাৰমৰ্ম আছিল এনেধৰণৰ, “ছাৰ আপোনালোকে যিসমূহ কথা ক’লে সেইবোৰ একদম সঁচা। আমি কথাবোৰ ভালকৈ বুজি পাইছোঁ৷ কিন্তু চাৰ আমাৰ গাঁৱত যিটো ঘটনা হৈ গৈছে সেই ঘটনা অন্যৰ সৈতে মিল নাই। আমাৰ এইজনী সঁচাকৈয়ে ভূতুনী৷ আমাৰ হাতত প্ৰমাণ আছে৷ গতিকে এই পৰিয়ালটোক আমাৰ ৰাইজে গাঁৱত থাকিবলৈ নিদিয়ে৷ আপোনালোকে সিহঁতক লৈ গৈ য’ত ৰাখে ৰাখক৷ গাঁওবুঢ়াৰ মতত ৰাইজেও হয় ভৰ দিলে৷ পৰিস্থিতি উত্তপ্ত হৈ পৰিল৷ অৱশেষত অ’ চিয়ে দাবী-ধমকিৰে ৰাইজক শান্ত কৰিলে। ৰাইজক অচিয়ে সকীয়াই দিলে যে কোনোবাই যদিহে পৰিয়ালটোৰ কোনো সদস্যৰ ন্যূনতম অপকাৰ সাধন কৰে গোটেইখন ৰাইজকে জেলত ভৰাই থব৷ সভা ভংগ হ’ল৷ অচিৰ গাড়ীত সমল ব্যক্তি কেইজনৰ ওভতনি যাত্রা। গাড়ীত গোটেই কাণ্ডটোক লৈ আলোচনা চলিল৷ থানাত উপস্থিত হৈ অচিয়ে সকলোৰে বাবে চাহ অনালে। চাহ খাই থাকি অচিয়ে গম্ভীৰ মাতেৰে মন্তব্য আগবঢ়ালে, বুজিয়ে চাকৰি কৰিছো বাবেই মনৰ বিৰুদ্ধেও কেতিয়াবা কাম কৰিব লগা হয়। এই যে ডাইনী চিষ্টেমটো একেষাৰে আপুনি নাই বুলি ক’ব নোৱাৰে৷ কিবা এটা নিশ্চয় আছে৷ প্রমাণ নাথাকিলে ৰাইজে কথাবোৰ তেনেকৈ নকয়তো৷ ম‍ই হ’লে চিষ্টেমটো আধা-আধি বিশ্বাস কৰো…..।

ফাট দিয়া বসুমতি পাতালে লুকাও অবস্থা সমল ব্যক্তিৰ৷

খণ্ডচিত্র ২
ৰাভা হাচং এলেকাৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এজন অধ্যাপকে ২০০৫ চন মানত ডক্টৰেট ডিগ্ৰী লাভ কৰিলে৷ গবেষণাৰ বিষয় আছিল জনজাতীয় লোকৰ অন্ধবিশ্বাস আৰু ডাইনী প্ৰথা৷ এদিনাখনৰ কথা৷ মহাবিদ্যালয়খনৰ এটা বিশেষ দিনত ডেকা অধ্যাপকৰ সৈতে একাংশ লোকৰ অনানুষ্ঠানিক আন্তৰিক আলাপ৷ বিভিন্ন বিষয়ৰ মাজতে ডাইনী বিষয় সন্দৰ্ভতো এক অলোচনা চলিল৷ স্বাভাৱিকভাৱে ডক্টৰেট ডিগ্ৰীধাৰী ডেকা অধ্যাপকে আলোচনাত মুখ্য ভূমিকা গ্ৰহণ কৰিলে৷ ডাইনী সন্দৰ্ভত দিঘলীয়া বক্তব্য আগবঢ়োৱাৰ পিছত ডেকা অধ্যাপকৰ সামৰণি মন্তব্য আছিল এনেধৰণৰ, “আচলতে কি জানে সকলো কথা গবেষণাপত্ৰত উল্লেখ কৰিব নোৱৰি৷ যুক্তিৰেও বুজাব নোৱাৰি৷ কিন্তু এটা কথা নিশ্চিত ডাইনীত বস্তুটো ক’ৰবাত ক’ৰবাত কিন্তু আছে৷ আমাৰ দেউতা-ককাহঁতে ডাইনীক হাতে-লোটে ধৰাও পেলাইছিল। মই বহু মানুহৰ মুখেৰে ডাইনী লগ পোৱাৰ কথা শুনিছোঁ”৷

খণ্ড চিত্র ৩
ডাইনী প্ৰথা, অন্ধবিশ্বাসৰ সৈতে যুঁজ দি বীৰুবালা ৰাভা গ’লগৈ৷ তেওঁৰ মৃত্যুৰ লগে লগে চৌদিশে শোকৰ বন্যা দেখা গ’ল৷ পাপৰ ফলত কেন্সাৰ হয় বুলি বিশ্বাস ৰখা জনেও বীৰুবালা ৰাভাৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিলে৷ দহ আঙুলিত দহটা গ্ৰহৰত্ন পিন্ধা ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে বীৰুবালা ৰাভাৰ আদৰ্শ জীয়াই ৰখাৰ প্রতিশ্রুতি দিলে৷ মিছন বীৰুবালা অব্যাহত ৰখাৰ অংগীকাৰ ল’লে ৰাজনীতিবিদ, শাসক, প্রশাসকে। বীৰুবালা ৰাভাৰ সংগ্ৰামক লৈ প্ৰতিটো সংবাদ প্রতিষ্ঠানে বিশেষ কভাৰেজ দিলে৷ বীৰুবালা ৰাভাৰ স্মৃতিত পূৰ্বতে প্ৰচাৰিত সাক্ষাৎকাৰ টিভি চেনেলে সম্প্ৰচাৰ কৰিলে। পুৱাৰ ভাগত সম্প্ৰচাৰ কৰিলে কোনোবা জ্যোতিষীক বহুৱাই দিনটোৰ গণনা৷ এনেকৈয়ে চলি থাকিব মিছন বীৰুবালা। যিদৰে চক্ৰৱৰ্তী অ’চিয়ে “প্রকল্প প্ৰহৰী” দায়িত্ব সহকাৰে চলাই নিছিল। ডক্টৰেট ডিগ্ৰীধাৰী অধ্যাপকে লিখি উলিয়াইছিল অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ ওপৰত গৱেষণাপত্র।

Leave a Reply

Your email address will not be published. Required fields are marked *