জনতা আহ্বান ।। মূল: অ’ হেনৰীৰ The Clarion Call; ভাবানুবাদ: মৃদুল কুমাৰ শৰ্মা
কাৰ্নান আৰু উডছে ব্ৰডৱে’ৰ এখন ৰেষ্টুৰেণ্টত ৰাতিৰসাঁজ খালে আৰু এখন খুহুতীয়া গানৰ নাটক চাবলৈ গ’ল। কাৰ্নানে বেচ কিছু পইচা উৰালে। পুৱা চাৰে তিনিমান বজাত দুয়ো এখন গোটেই ৰাতি খোলা থকা চাহ-দোকানলৈ গৈ বহিল ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
এই কাহিনীৰ আধা অংশ বিচাৰি পাব নিউয়ৰ্ক পুলিচ বিভাগত আৰু বাকী আধা অংশ পাব এখন বাতৰিকাকতৰ কাৰ্য্যালয়ত।
নিউয়ৰ্ক চহৰৰ আঢ্যৱন্ত ব্যক্তি মিঃ নৰক্ৰছক তেওঁৰ নিজৰ ঘৰতে ডকাইতে হত্যা কৰিছিল। দুসপ্তাহ পাছত হত্যাকাৰীৰ হঠাৎ মুখামুখি হ’ল ডিটেকটিভ বাৰ্নি উডছৰ লগত ব্ৰডৱে’থিয়েটাৰৰ ওচৰত।
“এইটো জনী কাৰ্নান নহয়নে?” উডছে সুধিলে।
“একদম ঠিক।” কাৰ্নানে উৎসাহেৰে ক’লে। “আৰু তই বাৰ্নি উডছে ইয়াত কি কৰি আছনো?”
“মই আজিকালি নিউয়ৰ্কতে থাকোঁ। ইয়াৰে পুলিচৰ ডিটেকটিভ হৈছোঁ এতিয়া।”
“সুন্দৰ, সুন্দৰ! বৰ মজা!” কাৰ্নানে স্ফূৰ্তিতে হাঁহি হাঁহি ক’লে।
“ব’ল, মুলাৰৰ চাহ-দোকানলৈ গৈ শান্তিত এটা চুকত বহি লওঁ। তোৰ লগত অলপ কথা আছে মোৰ।”
তেতিয়া আবেলি প্ৰায় চাৰি বাজিছিল আৰু সেইখিনি সময়ত চাহ-দোকানত গ্ৰাহক প্ৰায় নাছিল বুলিয়ে ক’ব পাৰি।
দুয়ো কোনো মানুহ ওচৰত নথকা, একেবাৰে চুকৰ টেবুল এখন বিচাৰি লৈ মুখামুখিকৈ বহিল। কাৰ্নানক পৰিপাটি সাজ-পোছাকেৰে বেচ আত্ম-বিশ্বাসী যেন দেখা গৈছিল। আনহাতে সস্তীয়া পোছাক পিন্ধা, চুটি-চাপৰ উডছ আছিল শেঁতামুৱা।
“তই ইয়াত কি কৰি আছ? তইতো ছেইণ্ট হো’ৰপৰা মোতকৈ এবছৰ আগেয়ে ওলালি।” উডছে সুধিলে।
“মই সোণৰ খনিৰ ব্যৱসায় এটাত সোমাইছোঁ।” কাৰ্নানে ক’লে। “বোধকৰোঁ ইয়াত কাৰ্য্যালয় এটা খুলিম। আচ্ছা দোস্ত বাৰ্নি, তইতো এতিয়া নিউয়ৰ্কত ডিটেকটিভ। মই ছেইণ্ট হো’ এৰাৰ পাছত তই পুলিচত সোমোৱা নাছিলি জানো?”
“অঁ, মই তাত ছমাহ আছিলোঁ।” উডছে উত্তৰ দিলে। “জনী, এটা প্ৰশ্ন সোধোঁ তোক। তই আগতে কৰা কোনো এটা ডকাইতিতে পিষ্টল ব্যৱহাৰ কৰা নাছিলি। তই নৰক্ৰছক কিয় হত্যা কৰিলি?”
কাৰ্নানে তাৰ গিলাচৰ সুৰাখিনিলৈ এপলক চালে। তাৰপাছত সি দাঁত নিকটাই মিচিকিয়া হাঁহি এটা মাৰি ডিটেকটিভৰফালে চালে।
“তই কেনেকৈ গম পালি অ’, বাৰ্নি?” সি প্ৰসংশাসূচক সুৰেৰে সুধিলে। “মইতো পাক্কা কাম কৰা বুলিয়ে ভাবিছিলোঁ। নহ’ল নেকি পাক্কা?”
উডছে একেবাৰে সৰু সোণৰ পেঞ্চিল এডাল উলিয়াই টেবুলত থ’লে। এইডাল ঘড়ীৰ ফিতাত লগাব পৰা একেবাৰে সৰু হাৰ এডালত লাগি আছিল।
“আমি ছেইণ্ট হো’ত থকাকালত মই তোক এইডাল দিছিলোঁ। এইডাল মই নৰক্ৰছৰ কোঠাৰ টেবুলৰ তলত পাইছিলোঁ। জনী, যি কবি সাৱধানে কবি দেই। আমি এসময়ত বন্ধু আছিলোঁ, কিন্তু এতিয়া মই ডিটেকটিভ আৰু মই মোৰ কৰ্তব্য কৰিবই লাগিব। তই জাননে নিউয়ৰ্কত হত্যাকাৰীক ইলেক্ট্ৰিক চেয়াৰত মৃত্যুদণ্ড দিয়া হয়।”
কাৰ্নানে হাঁহিলে।
“মোৰ বৰ ভাগ্য বুজিছ, উডছ,” কাৰ্নানে ক’লে। সি এখন হাত কোটৰ ভিতৰলৈ সুমুৱাই দিলে। উডছে লগে লগে নিজৰ পিষ্টলটোত হাত ৰাখিলে।
“পিষ্টলটো থৈ দে আৰু মই তোক কৈ আছোঁ নৰক্ৰছক কিয় গুলীয়ালোঁ। মূৰ্খ বুঢ়াটোৱে মোৰফালে পিষ্টল এটা লৈ খেদি আহিল আৰু গুলী মাৰিব ধৰিলে। তাৰ মানুহজনী বৰ ভাল আছিল। তাই বিচনাতে থাকি সব চাই থাকিল। মই তাইৰ বাৰ হাজাৰ ডলাৰ দামৰ গলপতাডাল খুলি ল’লোঁ আৰু তাই টু শব্দ এটাও নামাতিলে। মই কি ভাবোঁ জান— তাই টকাৰ কাৰণেহে বুঢ়া নৰক্ৰছক বিয়া কৰাইছিল। তাত ছটা আঙুঠি, দুটা দুগদুগী আৰু এটা বৰ দামী ঘড়ী পালোঁ। মুঠতে প্ৰায় পোন্ধৰ হাজাৰ ডলাৰ।”
“মোক এইবোৰ কৈ নমৰিবি!” উডছে ক’লে।
“ধেই, একো নহয়,” কাৰ্নানে ক’লে। “গোটেইবোৰ মোৰ হোটেলৰ ছুটকেছতে আছে। আৰু এতিয়া শুন, মই তোক এইবোৰ কথা কিয় ক’লোঁ। কাৰণ মই একেবাৰে নিৰাপদ তোৰ ওচৰত। মই এনে এটা মানুহৰ লগত কথা পাতি আছোঁ যাক মই হাড়ে-হিমজুৱে জানো। তই মোৰ এহাজাৰ ডলাৰৰ ধাৰ খাই আছ, বাৰ্নি উডছ। তই মোক গ্ৰেপ্তাৰ নকৰ।”
“মোৰ মনত আছে দে।” উডছে ক’লে। “তই মোক এহাজাৰ ডলাৰ দিছিলি। এদিন হ’লেও মই তোৰ ধাৰ সুজিমেই। সেই হাজাৰ ডলাৰেই মোক বচাইছিল। সিদিনা ৰাতি মই ঘৰ গৈ পাই দেখিছিলোঁ যে মালিকে মোৰ বিচনা-পত্ৰ, লাম-লাকটুবোৰ ৰাস্তাত থৈ দিছে।”
“তই এজন সৎ আৰু ভাল অন্তৰৰ মানুহ,” কাৰ্নানে ক’ব ধৰিলে। “আৰু তই মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰ কাৰণ তই মোক ধাৰ সুজিবলৈ আছ।”
এনেতে বেহেৰা এজন আহি আৰু অলপ সুৰা বাকি দি গ’লহি। উডছে সৰু সোণৰ পেঞ্চিলডাললৈ চালে আৰু ক’লে, “মই তোক গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। মই তোৰপৰা লোৱা হাজাৰ ডলাৰ ঘূৰাই দিব পৰা নাছিলোঁ। এইটো মোৰ কাৰণে এটা বেয়া পৰিস্থিতি হ’লেও তই মোক এসময়ত সহায় কৰি থৈছ আৰু ময়ো এতিয়া তাকেই কৰিব লাগিব।”
“মই জানিছিলোঁ নহয়,” কাৰ্নানে মিচিকিয়াই ক’লে। “মই মানুহ চিনি পাওঁ উডছ।”
“মই পইচা দিবলৈ থকাইহে মনে মনে আছোঁ, নহ’লে তই হাত-সাৰিব নোৱাৰিলিহেঁতেন।”
“মই জানো মই সাৰিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে মই জানিছিলোঁ যে মই তোৰ ওচৰত নিৰাপদ।”
“চা কাৰ্নান, মই প্ৰথমে এজন মানুহ আৰু তাৰপাছতহে ডিটেকটিভ। আৰু মই এতিয়া তোক যাবলৈ এৰি দিম আৰু মই নিউয়ৰ্ক পুলিচৰ চাকৰিও এৰি দিম। মই চাগে’ ইয়াৰপৰা একেবাৰে গুচি যাম আৰু ট্ৰাক-চাক কিবা এখনকে চলোৱা কৰিম। মই কেতিয়াও তোৰ হাজাৰ ডলাৰৰ ধাৰ সুজিব নোৱাৰিম।”
“ধেই, তই সেই পইচাটো ৰাখি থচোন।” কাৰ্নানে ক’লে। “কিন্তু মই এইটোও জানো যে তই এদিন হ’লেও মোক ঘূৰাই দিবলৈ মনে-প্ৰাণে বিচাৰ। মোৰ ভাগ্য আছিল যে তই মোৰপৰা ধাৰে লৈছিলি। বাৰু, এতিয়া এই কথাটো বাদ দিওঁ দে। কাইলৈ মই নামনিৰফালে ৰেলত উঠিম। অলংকাৰসোপা বেচিব পৰা ঠাই এখনৰ সম্ভেদ পাইছোঁ ৰহ। বাৰ্নি, আৰু এপেগ ল আৰু সব সমস্যা পাহৰি যাচোন এতিয়া। আজি ৰাতি স্ফূৰ্তি কৰোঁ ব’ল। আজি মই তোৰ হাতত নিজকে সমৰ্পণ কৰি দিছোঁ।”
গোটেই সন্ধিয়াটো কাৰ্নানে উডছক নিজৰ ‘সফল’ কাৰচাজিবোৰ আৰু অপৰাধ পৰিকল্পনাবোৰৰ বিষয়ে কৈ গ’ল। কুটিল চৰিত্ৰৰ মানুহটোৰ কথা শুনি উডছ বাৰুকৈয়ে অতিষ্ঠ হ’ল।
“একদম সাৱধান হৈ থাকিবি কাৰ্নান। বাতৰিকাকতবোৰে নৰক্ৰছৰ ঘটনাটোৰ বিষয়ে আকৌ লিখিব পাৰে, কাৰণ এইবাৰ নিউয়ৰ্কত বহু ডকাইতি আৰু হত্যাৰ ঘটনা ঘটি গৈছে ইতিমধ্যে।”
কাৰ্নানৰ হঠাতে খং উঠিল। “মই বাতৰিকাকতবোৰক মুঠেও গুৰুত্ব নিদিওঁ। কি কৰিব কাকতে? সিহঁতে ঘটনাস্থলীলৈ সাংবাদিক আৰু ফটোগ্ৰাফাৰবোৰক পঠিয়াব পাৰিব। সিহঁতে লিখিবহে পাৰে, কিন্তু কোনো ডকাইতক ধৰি দিব নোৱাৰে।”
“বাৰু, মই সিমান কথা নাজানো,” উডছে লাহে লাহে ক’লে। “কিছুমান কাকতে বৰ ভাল কাম কৰে। মৰ্নিং মাৰ্ছখনৰে উদাহৰণ চা। তেওঁলোকে এনে এটা অপৰাধীক ধৰাত সহায় কৰিছিল যাক পুলিচে ইতিমধ্যে পাহৰিয়ে গৈছিল।”
“ৰহ, মই তোক দেখুৱাওঁ এতিয়াই,” বহাৰপৰা উঠি কাৰ্নানে আত্ম-প্ৰত্যয়েৰে ক’লে। “মই তোক দেখুৱাম গোটেই কাকতবোৰৰ, বিশেষকৈ মৰ্নিং মাৰ্ছৰ বিষয়ে মই কি ভাবোঁ।”
সিহঁতৰ টেবুলৰ ওচৰতে এটা টেলিফোন বুথ আছিল। কাৰ্নান ভিতৰলৈ সোমাই গ’ল আৰু দুৱাৰখন কাণি-দুৱৰীকৈ ৰাখি থ’লে। সি টেলিফোন ডায়েৰীখনৰপৰা নম্বৰ এটা উলিয়াই ফোন লগালে। উডছে শান্তভাৱে বহি থাকিল আৰু কাৰ্নানৰ শীতল আৰু উদ্ধত মুখাৱয়বলৈ চাই থাকিল। তেওঁ কাণ পাতি শুনিব ধৰিলে।
“হেল্ল’, মৰ্নিং মাৰ্ছ হয়নে? মই সম্পাদকৰ লগত কথা পাতিব বিচাৰোঁ।” সি মুখত কুটিল হাঁহি এটা লৈ কেইমুহূৰ্তমান ৰ’ল।
“আপুনিয়ে সম্পাদক নেকি? মই হ’লোঁ বুঢ়া নৰক্ৰছক মৰা মানুহজন। ৰ’ব! এইটো এনেয়ে ফতুৱামি কৰি কৰা ফোন নহয়। মই বুঢ়া মানুহটোক পুৱা আঢ়ৈটাত মাৰিছিলোঁ। দুসপ্তাহ আগতে। কি? মোৰ কথা বিশ্বাস নকৰে? সঁচাই? আৰে বাবা, মই মোৰ নাম-ঠিকনা কৈ দিম বুলি আশা কৰিছে নেকি? কৰা নাই নহয়? নাই নাই, মই আপোনালোকৰ প্ৰতিপক্ষ কাকতৰ নহয়! ময়ে বুঢ়া নৰক্ৰছক খুন কৰিছিলোঁ আৰু গহনা-পাতিবোৰ মোৰ ছুটকেছত আছে। নাই নাই, মই আপোনাক মই থকা হোটেলৰ নাম কৈ নিদিওঁ দেই। ৰ’ব, এতিয়া শুনক— শ্ৰীমতী নৰক্ৰছৰ নাইটগাউনটোৰ দুই নম্বৰ গুদামটোৰ আধাখিনি ভঙা। তাইৰ আঙুলিৰপৰা আঙুঠিটো খুলি আনোতে দেখা পাইছিলোঁ।”
কাৰ্নানে উডছৰফালে চাই ক’লে, “সি বিশ্বাস কৰিছে এতিয়া।”
তাৰপাছত সি আকৌ ফোনত কথা পতা আৰম্ভ কৰিলে।
“হেল্লো, হয়, আছোঁ আছোঁ। কি, আপুনি মোক আঠছল্লিছ ঘণ্টাৰ ভিতৰত পাকৰাও কৰিব? কি মূৰ্খৰ দৰে কথা কয়হে? তাতকৈ আপোনালোকে যে লিখি থাকে, মুখৰোচক কেলেংকাৰীবোৰ, কোনে মদ খাই দুৰ্ঘটনা ঘটালে, কাৰ বিবাহ-বিচ্ছেদ হ’ল, কোনে কাৰ ঘৰত তোলনী-বিয়া খাবলৈ গ’ল— সেইবোৰকে লিখি থাকক।” কাৰ্নানে ফোনটো কাটি দি উডছক ক’লে, “এতিয়া তাৰ মাথা গৰম হৈ পগলা হৈ গৈছে। বাৰু, বাৰ্নি, ব’ল ওলাই যাওঁ আৰু ৰাতিটো অলপ স্ফূৰ্তি-ফাৰ্তা কৰোঁ। খানা-পিনা কৰি কিবা এখন চাওঁগে’। মই শুবলৈ চাৰি ঘণ্টা পালেই যথেষ্ট আৰু তাৰপাছত নামনিলৈ যামগে’।”
কাৰ্নান আৰু উডছে ব্ৰডৱে’ৰ এখন ৰেষ্টুৰেণ্টত ৰাতিৰসাঁজ খালে আৰু এখন খুহুতীয়া গানৰ নাটক চাবলৈ গ’ল। কাৰ্নানে বেচ কিছু পইচা উৰালে। পুৱা চাৰে তিনিমান বজাত দুয়ো এখন গোটেই ৰাতি খোলা থকা চাহ-দোকানলৈ গৈ বহিল। কাৰ্নানে তাৰ উদ্ধত, বেপৰোৱা ভংগীৰে খৰ খৰকৈ বকি গ’ল। উডছে শুনি থাকিল আৰু মনতে নিজৰ ডিটেকটিভৰ চাকৰিটো যোৱাৰ দুশ্চিন্তা কৰি থাকিল।
কিন্তু হঠাতে তেওঁৰ চকু দুটা উজ্জ্বল হৈ উঠিল।
“মই কল্পনা কৰাটোৱে যদি হৈ যায় কেনেবাকৈ।” তেওঁ চিন্তা কৰিলে।
বাহিৰত তেতিয়া কাউৰী-পুৱা। ডাঙৰ চহৰখনে তেতিয়া এঙামুৰি দিছে। পুৱাৰ পহিলা কোলাহলবোৰ উডছৰ কাণত পৰিল। সেই কোলাহলৰ মাজত পুৱা বাতৰিকাকত বিলি কৰা ল’ৰা এজনৰ মাতটোও আছিল— ‘গৰম খবৰ, গৰম খবৰ! ৰাইজলৈ আহ্বান!
উডছে বেহেৰাজনক দহ পইচা দি ক’লে, “মোক মৰ্নিং মাৰ্ছ এখন আনি দিয়ানা।”
কাকত হাতত আহি পোৱাৰ লগে লগে তেওঁ প্ৰথম পৃষ্ঠাটোত চকু ফুৰালে। তাৰপাছত তেওঁ নিজৰ সৰু টোকাবহীটোৰপৰা কাগজ এখিলা ফালি ল’লে আৰু সৰু সোণৰ পেঞ্চিল এডালেৰে লিখিব আৰম্ভ কৰিলে।
“কি গৰম খবৰটো ওলাইছে একেবাৰে?” কাৰ্নানে সুধিলে।
উডছে তেওঁ লিখা কাগজখিলা দেখুৱালে—
অনুগ্ৰহ কৰি জন কাৰ্নানক এই হাজাৰ ডলাৰ দিব যিটো তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে মই পুৰস্কাৰ হিচাপে পাম। — বাৰ্নাৰ্ড উডছ।
“তই তেওঁলোকক ইমানেই জোকাই ল’লি যে তোক ধৰোঁতাজনক এহাজাৰ ডলাৰৰ পুৰস্কাৰ দিব বুলি মৰ্নিং মাৰ্ছৰ প্ৰথম পৃষ্ঠাতে ঘোষণা দি দিলে! জনী, ব’ল এতিয়া থানালৈ।”