নিবন্ধসাক্ষাৎকাৰ

বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক পৰমানন্দ মহন্তৰ সৈতে সাক্ষাৎকাৰ ‌।‌। সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা, ড॰ চন্দনজ্যোতি চুতীয়া

বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক, অনুবাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰমানন্দ মহন্তই ইতিমধ্যে বিজ্ঞান বিষয়ক বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে। সমান্তৰালভাৱে অসমীয়া ভাষালৈ অনুবাদো কৰিছে। বিজ্ঞান মনস্কতা গঠন আৰু বিজ্ঞান সাহিত্য জনপ্ৰিয়কৰণ বিষয়তো তেওঁ ‘অসম বিজ্ঞান সমিতি’ৰ নেতৃত্বত বহুবোৰ গঠনমূলক কাৰ্য সম্পাদন কৰিছে। তেখেতে ‘অসম বিজ্ঞান সমিতি’ৰ উপ-সভাপতি আৰু সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ গৱেষণা কাৰ্য সম্পাদন কৰিছিল ইম্পেৰিয়েল কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত৷ ৰিচাৰ্ড পি. ফাইনমেনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত এইজন ব্যক্তিয়ে ৰাজনীতিৰ লগতো এটা সময়ত জড়িত হৈ পৰিছিল৷ তেওঁ ‘ইণ্ডিয়ান পিপ’লছ্‌ ফ্ৰণ্ট’ দলৰ হৈ ডিব্ৰুগড় বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল। তদুপৰি তেওঁ ‘জন বিজ্ঞান’ বাতৰি কাকতখন সম্পাদনা কৰিছিল। সাম্প্ৰতিক সময়তো তেওঁ বিভিন্ন বাতৰি-কাকত, আলোচনী আদিত বিজ্ঞান বিষয়ক লেখা প্ৰকাশ কৰি আহিছে। অতি সৰল আৰু নিৰ্জু প্ৰকৃতিৰ এইজন বৰেণ্য সাহিত্যিকৰ সৈতে আমি ২৭/৬/২৪ তাৰিখে ডিব্ৰুগড়স্থিত বাসগৃহত এটি সাক্ষাৎকাৰত মিলিত হৈছিলোঁ৷ সাক্ষাৎকাৰটিৰ অসম্পাদিত ৰূপ পাঠকৰ বাবে আগবঢ়োৱা হ’ল। 

প্ৰশ্ন: আপোনাৰ জন্ম যোৰহাটৰ চিপহা সত্ৰত৷ সত্ৰৰ পৰিৱেশে আপোনাৰ শৈশৱ-কৈশোৰ প্ৰভাৱিত কৰিছিলনে? শিক্ষা বা পঢ়া-শুনাৰ প্ৰতি কেতিয়াৰপৰা আপোনাৰ মনত গভীৰ অনুৰাগৰ জন্ম হৈছিল?
প. ম. : আমাৰ সত্ৰখন মহাপুৰুষীয়া সত্ৰ৷ সত্ৰীয়া পৰিৱেশ এটা সৰুৰে পৰাই পাইছিলোঁ। আমাৰ ককাদেউতা খুব নাম কৰা অধিকাৰ আছিল। খুব এক্টিভ আছিল। সত্ৰীয়া বস্তুবোৰো আছিল তাত, সেইফালৰপৰা মই পোৱা পৰিৱেশটো ভালেই আছিল। সত্ৰলৈ অহা বিভিন্ন মানুহ-দুনুহ সেই সময়ত লগ পাওঁ। আৰু মোৰ বৰদেউতা এল.পি. স্কুলৰ অংকৰ শিক্ষক আছিল। তেখেতে মোক সৰুতে যথেষ্টখিনি শিকাইছিল। অৱশ্যে মোৰ মায়ে বেছি পঢ়া নাছিল। তৃতীয় শ্ৰেণীলৈকে পঢ়ি বিয়া হৈছিল। কিন্তু তেওঁ নিজেই ঘৰত পঢ়িবলৈ চেষ্টা কৰিছিল। হয়তো দেউতায়েই চেষ্টা কৰাইছিল নেকি! তাৰপাছত মোকো মায়ে সৰুৰেপৰা শিকাবলৈ আৰম্ভ কৰিছিল। আমাৰ ঘৰৰ ওচৰত স্কুল নাছিল৷ দেৰমাইল, দুমাইল মানতহে এখন আছিল। গতিকে ইমান দূৰলৈ মোৰ যোৱাৰ প্ৰশ্নই নাছিল। মই খুব চাপৰ আছিলোঁ। সেই স্কুলখন সম্ভৱ ভাদ মাহমানত আৰম্ভ হ’ল। দুমাহ-তিনিমাহ তালৈ গৈছোঁ। কোনোবা এটা সময়ত ৰাতিপুৱা বেলা স্কুল হৈছিল। সেই কথাটো মোৰ মনত আছে। এটা কথা ঠিক যে খুব আগ্ৰহেৰে মই স্কুললৈ গৈছিলোঁ আৰু যিবিলাক কিতাপ-পত্ৰ আছিল সেইবিলাক পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। দেউতা হেডমাষ্টৰ আছিল। গতিকে বিভিন্ন গল্প কিতাপো তেখেতে মোক পঢ়িবলৈ নি দিছিল আৰু সাধুও কৈছিল। সেইফালৰপৰা ক’বলৈ গ’লে, সৰুৰেপৰাই কিতাপৰ প্ৰতি এটা চখ আছিল। যেতিয়া অলপ বুজা হ’লোঁ– হাইস্কুললৈ যোৱাৰ আগৰ পৰাই, তেতিয়া নিজেই যিবিলাক কিতাপ পঢ়িবলৈ পাওঁ বা কোনোবাই দিয়ে, সেইবিলাক গোটাই সৰু লাইব্ৰেৰী এটা কৰিছিলোঁ। আৰু মোৰ সৰু মামা– তেওঁ জে. বি কলেজৰ অধ্যাপক আছিল৷ তেওঁ সেই সময়ত আলোচনী আদিও পঢ়িছিল আৰু মই তেওঁলোকৰ ঘৰতেই বেছিভাগ সময় থাকোঁ। গতিকে তেওঁৰ পৰাও মই পঢ়াৰ পৰিৱেশ এটা পাইছিলোঁ। 

প্ৰশ্ন: আপুনি চিপহা প্ৰাথমিক বিদ্যালয়, মিহিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট স্কুল, কটন কলেজ, দিল্লী বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰপৰা শিক্ষা গ্ৰহণ কৰিলে। চিপহা প্ৰাথমিক বিদ্যালয়ৰপৰা ইম্পেৰিয়েল কলেজলৈকে এই যি শৈক্ষিক যাত্ৰা – তাৰ বিষয়ে কিছু কথা কওকচোন। 
প. ম. : তৃতীয় শ্ৰেণীলৈকে মই ঘৰতে পঢ়িছিলোঁ৷ মই আগতেও কৈছোঁ এই কথাটো৷ এখন পাঠ্যপুথিত তৰুণৰাম ফুকনৰ বিষয়ে এটা পাঠ আছিল আৰু এটা আনন্দৰাম বৰুৱাৰ৷ পঢ়িলোঁ যে – আনন্দৰাম বৰুৱাই কটন কলেজিয়েটৰপৰা পাছ কৰিছিল, তাৰপৰা বিলাতলৈ গ’ল৷ তেতিয়াই মই ভাবিছিলোঁ – ময়ো কলেজিয়েট স্কুললৈ পঢ়িবলৈ যাব লাগিব। তেতিয়াই মনত ধান্দা এটা সোমালে। তাৰ পাছত ফুকনৰ ৰচনাখনত পালোঁ যে ককায়েকে কৈছে– ‘ভালকে পঢ়া, বিলাতলৈ পঠিয়াম পঢ়িবলৈ’– এই বিলাত কি বস্তু – তেতিয়াই এই চিন্তাটো মনত সোমাল৷ যি কি নহওক– মোৰ কটন কলেজিয়েটলৈ যোৱাৰ সপোনটো পূৰ হ’ল। দেউতা মানে স্কুল ইন্সপেক্টৰ হৈ গুৱাহাটীলৈ জইন কৰিবলৈ আহিছিল আৰু মোক কলেজিয়েটত দিলে। প্ৰথমতে অলপ দিকদাৰ পাইছিলোঁ, যিহেতু গাঁৱৰ ল’ৰা আছিলোঁ৷ লাহে-লাহে এডপ্ট কৰিবগৈ পাৰিলোঁ৷ কলেজিয়েটত যিবিলাক ল’ৰা প্ৰথম হয়, সিহঁতে ষ্টেণ্ড কৰে বুলি ধৰিয়ে লোৱা হয় আৰু। গোটেই টাউনখনে জানে৷ তেতিয়া গুৱাহাটীখন সৰুও আছিলে৷ কলেজিয়েটখনেই স্কুলৰ ভিতৰত আটাইতকৈ ভাল আছিল। গতিকে সবে জানে আৰু৷ গতিকে মোকো মানুহ বিলাকে অলপমান চিনি পাইছিল। কাৰণ এইট, নাইন – সেই দুবছৰত প্ৰথম হৈছিলোঁ৷ সবৰে আশা এটা আছিল যে ‘ই কিবা এটা কৰিব’। এই সময়তে এটা ঘটনা ঘটিল জানা– মেট্ৰিক দিওঁতে, টেষ্ট পৰীক্ষা দিয়াৰ সময়তে মোৰ দাদা এজনৰ বিয়া হ’ল আৰু সেইখিনি সময়তে প্লেগ মহামাৰীৰ ৰিউমাৰ এটা চলিল। তামুলপুৰৰ এজন ল’ৰা সেই সময়ত আমাৰ ঘৰতে আছিলে, কাম কৰিছিলে। সি মানে উলিয়াই দিলে যে– মানুহ-দুনুহ মৰিছে, হেন-তেন। কথাটো শুনি দেউতাৰ ভয় লাগিলে, গতিকে মোক ঘৰলৈ আনিবলৈ মানুহ পঠিয়াই দিলে। কাক পঠাব এতিয়া- সেই দৰাটোকে পঠিয়াই দিলে। তেওঁৰ বিয়া বৃহস্পতিবাৰে, মোৰ পৰীক্ষা আৰম্ভ হৈছে সোমবাৰৰপৰা। তেওঁ সোমবাৰে গৈ পাইছেগৈ। তাৰ পাছত তেওঁৰ সৈতে ঘৰলৈ আহিলোঁ যদিও বহু দিনলৈ পঢ়াই নাছিলোঁ। টেষ্ট পৰীক্ষাত যেনিবা মোক পাছ কৰাই দিলে, কাৰণ মোৰ আগৰ ৰেকৰ্ড ভাল আছিল। আচ্ছা, তাৰ পিছত কটন কলেজত সোমালোঁ। তাত সোমাই ইমান ভাল ভাল শিক্ষক কিছুমানক লগ পালোঁ আৰু মোৰ আগৰ পৰাই কটনৰ প্ৰতি এট্ৰেকচন এটা আছিল। মানে ফিজিক্সৰ হিৰণ্য ভূঞাছাৰ– তেখেত নাছিল তেতিয়া। DPI হৈ গৈছিল তেওঁ তেতিয়ালৈ৷ কিন্তু ভূঞাছাৰৰ কথা ইমান শুনিছোঁ সৰুৰপৰা আনকি মোৰ দেউতাৰ মুখৰপৰাও শুনিছোঁ। একধৰণৰ হিৰ’ এজন। গতিকে মই খুব আশা কৰি আছিলোঁ– ফিজিক্স পঢ়িব লাগিব তেতিয়া হ’লে। আৰু ক্লাছ এইটমানত থাকোঁতে– সেই সময়ত আইনষ্টাইন ঢুকাইছিল ১৯৫৫ চনৰ ১৮ তাৰিখে। সাধাৰণতে মই দেওবাৰে ওচৰৰ দোকান এখনত চাহ খাবলৈ যাওঁ। অকলে। দোকানতে বাতৰি কাগছখনো চাওঁ, চাহো খাওঁ৷ তাতে নিউজটো পালোঁ আইনষ্টাইন ঢুকোৱাৰ৷ তেতিয়াও ভাবিলোঁ– অ’ ফিজিক্সেই ভাল তাৰ মানে। ফিজিক্স পঢ়িব লাগিব। সেই তেনেকেই ফিজিক্সৰ প্ৰতি এটা আকৰ্ষণ বাঢ়িল। তদুপৰি কটন কলেজিয়টেত থাকোঁতেই জিলা পুথিভঁৰালটোলৈ যাওঁ আবেলি আবেলি। তাত বাংলা কিতাপ অলপ আছিল সৰু সৰু৷ বিজ্ঞানীৰ জীৱনী বা তেনেধৰণৰ। সেইবিলাক খুব পঢ়িছিলোঁ আচলতে।তেনেকৈও ফিজিক্সৰ প্ৰতি ৰাপ বাঢ়িছিল। কটনত কেইবাজনো ভাল ভাল শিক্ষক পাইছিলোঁ। তেওঁলোকৰ প্ৰতি আমাৰ আকৰ্ষণ বাঢ়িছিল। কেইজনমানক আমি চাই থাকোঁতেই যায়! কেনেকৈ তেওঁলোকে কথাবিলাক কয় সেয়া চাই থাকোঁতেই বহু সময় যায়। তাৰ পিছত দিল্লীলৈ গ’লোঁ এইকাৰণতেই কাৰণ কলিকতালৈ যাবলৈ ভয় লাগিছিল; কাৰণ সেই সময়ত ১৯৬০ চনৰ ভাষা আন্দোলনত পুলিচৰ গুলীত মৃত্যুবৰণ কৰা ৰঞ্জিত বৰপূজাৰী মোৰ ৰূমমেটেই আছিল। গতিকে কলিকতালৈ যোৱাৰ প্ৰশ্নই নুঠে। গতিকে মই ভাবিলোঁ দিল্লীলৈকে যাওঁ। সেই সময়ত দিলীপ কুমাৰ দত্ত – তেওঁ আমাতকৈ তিনিবছৰ আগৰ আছিল। তেখেত খুব ভাল আছিল৷ সৰু ল’ৰাবোৰৰ লগতো তেওঁ খুব মিলিব পাৰিছিল৷ মোৰ লগত আৰু আছিল– মদনপ্ৰসাদ বেজবৰুৱা, প্ৰদীপ মহন্ত আৰু দৰ্প বড়া৷ সেই সময়ত এটা গণ্ডগোল লাগিল। আমাৰ স্নাতক পৰীক্ষাৰ ৰিজাল্ট নিদিয়াত দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিত অসুবিধা আহি পৰিছিল৷ দিলীপদাক ক’লোঁ কথাটো – তেওঁ আৰ .চি মজুমদাৰ বোলা এজন অধ্যাপক, তেওঁ ফিজিক্সৰ হেড আছিল– তেওঁৰ লগত দিলীপদাৰ ভাল৷ গতিকে, তেওঁৰ সহায় লৈ আমাৰ এডমিশ্যন হৈছিল৷ সেইখিনি সময়ত দিল্লী ইউনিভাৰ্চিটিয়ে অলপ নাম কৰিছিল। নাম মানে তাত যিজন ফিজিক্সৰ হেড আছিল মজুমদাৰ ছাৰৰ আগৰ– প্ৰফেচাৰ ডি. এচ. কোঠাৰী, তেখেত থাকোঁতে আৰু দিল্লী চেণ্ট্ৰেল ঠাই, তেওঁলোকে বহু পা-পইচাও পায়। গতিকে ভালকে ডিপাৰ্টমেণ্টটো বনাইছিল৷ অৱশ্যে মই তাত সিমান কমপেটিব’ল (Compatible) হ’ব নোৱাৰিলোঁ চাগৈ। কাৰণ মানুহবিলাকে মোক লৈ যিমান আশা কৰিছিল, মই সিমান ভাল ৰিজাল্ট নকৰিলোঁ। কিন্তু সন্মান সহকাৰে ফাষ্ট ক্লাছ পালোঁ৷ তাৰ পিছত এবছৰ কটনত অস্থায়ী অধ্যাপক ৰূপে কাম কৰিলোঁহি৷ ইতিমধ্যে বাহিৰত গৱেষণাৰ বাবে চেষ্টা কৰিছিলোঁ। দুই এখন বিশ্ববিদ্যালয়ৰপৰা ৰিপ্লাই আহিবলৈয়ো লৈছিল। কিন্তু ইতিমধ্যে গম পালোঁ অসম চৰকাৰে গৱেষণাৰ বাবে স্কলাৰিশ্বপ দিব আৰু তাৰ যো-যা চলিছে। গতিকে তালৈ এপ্লাই কৰিলোঁ আৰু পালোঁও৷ গতিকে ইম্পেৰিয়েল কলেজলৈকে যোৱাটো ঠিক কৰিলোঁ। তালৈ যোৱাৰ আৰু এটা কাৰণ আছিল এনেধৰণৰ– আমি মানে M.Sc. পঢ়ি থাকোঁতে সৰু থেচিচ এখন লিখিব লাগিছিল। তাত মোৰ যিটো টপিক পাইছিলোঁ তাৰ লগত আব্দুল ছালাম (ইম্পেৰিয়েল কলেজৰ অধ্যাপক)ৰ পেপাৰ এখন জড়িত আছিলে। গতিকে মই ছালামৰ লগতে যোগাযোগ কৰিলোঁ। ইম্পেৰিয়েল কলেজত নামভৰ্তিৰ বাবে আমি জাহাজত গৈছিলোঁ। তেতিয়া পোন্ধৰদিন মান লাগিছিল চাগে। 

প্ৰশ্ন: সেই সময়ত তাত পঢ়াৰ পৰিৱেশটো কেনেধৰণৰ আছিল বাৰু ?
প. ম. : সেই সময়ত ইম্পেৰিয়েল কলেজ বুলি ক’লে আমি দিল্লীত পোৱাৰ দৰেই Upcoming Instituteৰ দৰেই আগবঢ়া আছিল। কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানুহৰ যি শোচনীয় অৱস্থা হৈছিল, খোৱা-বোৱাও নোহোৱাৰ দৰে হৈছিল। তেনে পৰিপ্ৰেক্ষিতত মানুহ বিলাকক উৎসাহিত কৰিবলৈ কিছুমান কাম কৰা হৈছিল। তেনে কাম বিলাকৰ ভিতৰতে এই কলেজখন প্ৰতিষ্ঠাৰ কথাটোও আছিল। কলেজখন অলপ ডাঙৰকে কৰি তাত চায়েন্স, মৰ্ডাণ চায়েন্স, টেকন’লজি আদিত কাম কৰিবপৰাকৈ গঢ়ি দিলে। সেইখন আছিল মূলতঃ মানুহবিলাকক উৎসাহ দিবৰ বাবে গঢ়ি তোলা এখন ইনষ্টিটিউট। আগেয়ে কলেজখন আছিল যদিও যুদ্ধৰ পাছত চৰকাৰে তাত যথেষ্ট ইনভেষ্ট কৰিলে। বেলেগে বেলেগ নতুন নতুন চাবজেক্ট তাত সোমোৱালে। তেওঁলোকে এইটোও জানিলে যে কেৱল ইংলেণ্ড বা লণ্ডণৰ মানুহ লৈ কাম নহ’ব। Make it International৷ বাহিৰৰ পৰা মানুহ পঢ়িবলৈ আহিব লাগিব। তেহে এটা গ্ৰ’থ (Growth) হ’ব। সেই কথাটোত তেওঁলোকে যোৰ দিছিল। নতুন নতুন বিল্ডিং কিছুমান হৈছিল। হোষ্টেল হৈছিল৷ আমি নতুন এটা ডিপাটমেণ্ট দেখিছিলোঁ – হিষ্ট্ৰী অৱ চায়েন্স। সেইটো চনত ১৯৬৫ত হৈছিল। ইম্পেৰিয়েল কলেজ তেতিয়া ইউৰোপৰ ভিতৰতে আগশাৰীৰ ৰিচাৰ্চ ইনষ্টিটিউট বুলি ক’ব পৰা আছিল৷ আনকি কেমব্ৰীজতকৈয়ো এইখন কলেজক মানুহে আৰু তাৰ চৰকাৰে বেছি গুৰুত্ব দিছিল। 

প্ৰশ্ন:আপুনি কাৰ তত্ত্বাৱধানত গৱেষণা কৰিছিল?
প. ম. : পি. টি. মেথ্যুছৰ তত্ত্বাৱধানত৷ তেওঁ সেই সময়ত বিভাগৰ হেড আছিল। 

প্ৰশ্ন:আপুনি দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাওঁতে দিলীপ কুমাৰ দত্তক লগ পাইছিল। তেওঁ আপোনাক সেই সময়ত নামভৰ্তিৰ সময়ত বিশেষ সহায় কৰিছিল। তেখেতক সেই সময়ত লগ পোৱাৰ অভিজ্ঞতাৰ কথা ক’বনে? তেওঁতো পাছলৈ ৰড আইলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিলগৈ! আৰু এটা গুৰুত্বপূৰ্ণ তথ্য জনাব বিচাৰিছোঁ – তেখেতেই প্ৰথম অসমীয়া ভাষাৰ ফণ্ট নিৰ্মাণ কৰিছিল। কম্পিউটাৰত ডিটিপি কৰি প্ৰস্তুত কৰা প্ৰথমখন কিতাপ তেওঁৰে আছিল। তেখেতক লগ পোৱাৰ সময়ৰ কথা কওকচোন। 
প. ম. : দিলীপদা এজন বিৰাট স্ফূৰ্তিবাজ মানুহ। তেওঁক চিৰিয়াছ যেন নালাগেই। হাঁহিয়েই থাকে। মানুহজন খুব ইনফৰমেল। আমি দিল্লীত থকা সময়ত বেচ তাৰকা মানুহখিনিয়েই আছিল। যেনে– মৃণাল মিৰি আছিল, হীৰেন গোহাঁই আছিল। তেওঁ মোতকৈ এবছৰ আগৰ আছিল অৱশ্যে৷ মদন বেজবৰুৱা, প্ৰদীপ মহন্ত, দৰ্প বড়া আছিলেই৷ দিলীপ দাই ৰিচাৰ্চ কৰি আছিল তেতিয়া। তেখেতে ৰিমেনিয়েন জ্যামিতি বিষয়ত কাম কৰিছিল। তেওঁ খেলা-ধূলাটো ভাল আছিল। ফুটবল খেলিছিল, ক্ৰিকেট, টেনিছ, বেডমিণ্টন খেলিছিল৷ মানে খুব পপুলাৰ আৰু। ফিজিক্সেই হওক মেথামেথিক্স ডিপাৰ্টমেণ্টতেই হওক তেখেতৰ বহু চা-চিনাকি আছিল। তেওঁ খুব ভালকৈ বঙালী ভাষা ক’ব পাৰিছিল। 

প্ৰশ্ন: ভাৰতীয় দাৰ্শনিক উদ্দালক আৰুণীয়ে খৃষ্টপূৰ্ব অষ্টম শতিকাতেই বৈজ্ঞানিক ধাৰণাৰে চিন্তা-চৰ্চা আৰম্ভ কৰা কথাটোৱে আপোনাক চমৎকৃত কৰিছিল বুলি ‘ড॰ শিৱনাথ বৰ্মন স্মাৰক বক্তৃতা’ত আপুনি উল্লেখ কৰিছিল। বৈজ্ঞানিক চিন্তা-চৰ্চাৰ এক উপযুক্ত পৃষ্ঠভূমি থকাৰ পাছতো ভাৰতবৰ্ষই বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি লাভ কৰিছে বুলি আপুনি ভাবেনে?
প. ম. : মই ভাবোঁ যে আগৰ চায়েন্সখিনি ভাৰতীয়ই হওক বা অন্য ঠাইৰে হওক, আনকি গ্ৰীক চায়েন্সকো মডাৰ্ণ চায়েন্স বুলি ক’ব নোৱাৰি। মডাৰ্ণ চায়েন্স বুলি ক’লে আমি ৰেনেচাৰ পিছৰখিনি যেনে– ক’পাৰনিকাছ, নিউটন আদিৰ সময়ৰ পৰাহে ক’ব পাৰোঁ। অৱশ্যে গ্ৰীক চায়েন্সতে তাৰ বীজ এটি আছিল। মডাৰ্ণ চায়েন্সৰ কথাটো হ’ল প্ৰশ্ন কৰা আৰু অতি প্ৰাকৃতিক কোনো বস্তু নাই। সকলো প্ৰাকৃতিক। এইধৰণৰ কথা এটা আছিল। আৰু এইখিনি কথাৰ ডেভেলপ হৈছে ক’পাৰনিকাছৰ সময়ৰপৰা। গতিকে মডাৰ্ণ চায়েন্সৰ ক্ষেত্ৰত ভাৰততো একোৱেই নাছিল। ভাৰতত এই বিষয়বোৰ আৰম্ভ হৈছে ব্ৰিটিছ অহাৰ পাছৰপৰাহে। ব্ৰিটিছেও এইবিলাক আনিছে নিজৰ স্বাৰ্থতহে। তেওঁলোকে পাশ্চাত্যত যিধৰণৰ বিজ্ঞান আছিল, সেয়া ভাৰতত সুমুৱাব বিচৰা নাছিল৷ ঘাইকৈ ভাৰতীয় বিজ্ঞানৰ বিষয়ে মানুহে জনাকৈ প্ৰথমতে জগদীশ বসু, পি. চি ৰায় – তেওঁলোক দুজনেই প্ৰথমতে কিছু কাম কৰিছিল। যিটো আন্তৰ্জাতিকভাৱেও স্বীকৃত হ’বলৈ বাধ্য হ’ল। ইয়াৰ কাৰণ কিন্তু মই এতিয়াও ভাবোঁ যে একধৰণৰ চায়েন্সৰ প্ৰতি ভালপোৱা। এই যে ডিচক’ভাৰি বিলাক কৰিব পাৰিলে তাৰ কাৰণে তেওঁলোকে বিৰাট ইনচ্‌পিৰেশ্যন এটা পালে। আৰু সেইখিনি সময়তে বেংগল যে দুভাগ হৈছিল ১৯০৫ চনত৷ বা ভাৰতত এই ভাবটো আহিছিল যে– আমি স্বাধীনতা পাব লাগে। সেই ইনচ্‌পিৰেশ্যনটোৱে তেওঁলোকৰ ওপৰত বহু কাম কৰিলে। সেইটো নোহোৱা হ’লে চাগৈ ভাৰতীয় বিজ্ঞান সেই সময়ত আৰম্ভ নহ’লহেঁতেনেই। মই তেনেকে ভাবোঁ। বিজ্ঞানৰ কামবিলাক অলপ আচহুৱা। কোনে ক’ৰ পৰা ইনচ্‌পিৰেশ্যন পাই ধৰিব নোৱাৰি। মই পিছতো চাইছোঁ– কোনে কেনেকৈ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আহে তেওঁলোকে নিজেও নাজানে। তাৰ পিছত – সেই পিৰিয়ড থাকি গ’ল৷ ধৰা তাৰ পিছত ৰামানুজন আহিল, চাহা, চন্দ্ৰশেখৰ আহিলে– তেওঁলোকে খুব ভাল ভাল কাম কৰিলে। অন্যবিলাকটো আছিলেই৷ অৱশ্যে তাৰ পিছত ভাৰত স্বাধীন হ’লেই। তেতিয়া ৰাজ্যসমূহৰপৰা এটা জোৰ আহিলেই আমি চায়েন্স আৰু টেকন’লজিত আগবাঢ়িবই লাগিব৷ কাৰণ নিউক্লিয়াৰ এনাৰ্জি ওলালে। সেইপিনৰপৰা আমি আগবাঢ়িবই লাগিব। সেইধৰণৰ চিন্তা এটা হ’লেই। ফলত বহুত লেবৰেটৰী স্থাপন হ’ল। তেতিয়া গুৰুগম্ভীৰ ভাৱেই চায়েন্স, টেকন’লজিৰ বিকাশৰ কাৰণে চৰকাৰীভাৱে কাম-কাজ আৰম্ভ হৈ গৈছে। 

প্ৰশ্ন: আৰু অসমৰ প্ৰেক্ষাপটত ?
প. ম. : সেইটোৱেইটো সমস্যা। ইমান গাঁৱলীয়া হৈয়ে থাকিলোঁ। আমাৰ এটা ডাঙৰ কথা– মানে অসমত গুৰুবাদটো বেছি। আমি কোনোবা এজন বয়সীয়াল মানুহে দেখিবা যে কিবা এটা ক’লে তাকে আমি বিশ্বাস কৰি ল’লোঁ। ফলত চায়েন্সৰ কাৰণে যিটো লাগে, অনুসন্ধান কৰা– সেই বস্তুটো আমাৰ নহ’লেই। গুৰু হ’লেও চেলেঞ্জ কৰিব পাৰিব লাগিব। এইটো কি কাৰণে ক’লে? কিয় ক’লে? কাৰণটো উলিয়াব পাৰিব লাগিব। আমি এইডোখৰলৈ যাবলৈ নহ’লেই। আমাক যাবলৈ নিদিলেও। প্ৰশ্ন সোধাৰ শিক্ষা আমাক নিদিলেই৷ প্ৰশ্ন নুসুধিলেতো চায়েন্স নহ’ব৷ গুৰুবাদটোৱেই মুঠতে অসমত মেইন। খুব বেছি। অৱশ্যে আমাৰ ইয়াৰ বিশেষ পৰিস্থিতি আছে চাগৈ। আৰু এটা কথা ক’ব বিচাৰিছোঁ – এই যে সাতলগাৰ কথা। এইকেইদিন দেখিছানে? গোটেই বস্তুটো ইমান ফাঁকি এটা – ঠিক আছে এটা কথা মানি লৈছোঁ মই – বহুতে কয় মানে আমাৰ অভ্যাস এটা আছেতো কিছুমান কথাক অন্ধবিশ্বাস বুলি ক’বলৈ টান পায়। কয় যে – নহয় হে, এইটো অমুক কাৰণত হে কৰা হয় – কাৰণ এইখিনি সময়তে গৰুবিলাকে অলপ ৰেষ্ট ল’ব লাগে। পথাৰখনকো ৰেষ্ট লাগে৷ সেইকাৰণে এই নিয়ম মনা হয়৷ এইধৰণৰ বুদ্ধি এটা উলিয়াই।ঋতুমতীৰ কথাকে ধৰা– পৃথিৱী হেনো ঋতুমতী হয়! এইটো কেনে কথা বাৰু! গতিকে মই ভাবোঁ এইটো সময়তে, আমাৰ অন্ধবিশ্বাসটো ভাঙিবৰ বাবে উপযুক্ত মুহূৰ্ত আচলতে। মই এইবাৰহে বেছিকৈ চিন্তা কৰিছোঁ– আমি যদি কামাখ্যাত যিটো হয় – মানুহখিনিৰ মাজত যদি আমি সাহসেৰে গৈ ক’ব পাৰোঁ – যে সব ফাঁকি। এইটো ৰঙা মাটিৰ বাবেহে পানীখিনি ৰঙা হয়। গতিকে পৃথিৱী ঋতুমতী হোৱা বুলি কোনো কথা নাই৷ কিন্তু এইটো কৰিবলৈ গ’লে পিঠি… (হাঁহি)৷ মোৰ মতে এইটো কোনোবাই কৰিব লাগিব জানা। 

প্ৰশ্ন: আপুনি ‘অসম বিজ্ঞান সমিতি’ৰ উপ-সভাপতি আৰু সভাপতি হিচাবে ক্ৰমে ১৯৮৩-৮৪ আৰু ২০০১-০৩ চনত কাৰ্যনিৰ্বাহ কৰিছিল।সেই সময়ছোৱাত আপোনালোকে অসমত বিজ্ঞানৰ প্ৰচাৰ, প্ৰসাৰ তথা অগ্ৰগতিৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিছিল?
প. ম. :ভাল লাগিছিল আচলতে। আমি খুব ইনভলভ্ হৈ গৈছিলোঁ। মই প্ৰায় ১৯৮০ চনৰপৰাহে ইনভলভ্ হ’লোঁ তেতিয়া মানুহৰ একধৰণৰ আগ্ৰহ দেখিছিলোঁ৷ মানুহে কিবা এটা কৰোঁ কৰোঁ ভাব লৈ আহিছিল। আমি সম্ভৱ ১৯৮১ চনত ‘অসমীয়া বিজ্ঞান সাহিত্য’ নামৰ এখন দুদিনীয়া চেমিনাৰ পাতিছিলোঁ। সেইটো এটা ডাঙৰ কাম আছিল। বিজ্ঞান সাহিত্য লিখা মানুহবোৰক আমি প্ৰথম একেলগে লগ পালোঁ। সেইটো এটা ভাল ডিচকাচন হৈছিল৷ পিছলৈ দিনেশ বৈশ্যই পেপাৰখিনি সম্পাদনা কৰি ‘অসমীয়া বিজ্ঞান সাহিত্য’ নামৰ এখন গ্ৰন্থ কৰিছিল৷ তাৰ পিছত দুই এটা এনেধৰণৰ প্ৰগেম লোৱা হৈছিল যেনে– স্কুলবিলাকত গৈ বিজ্ঞানৰ কথা আলোচনা কৰা – বিজ্ঞান জেউতীখন বিলোৱা বা ডিচকাচ কৰা, সেই সময়ত বিজ্ঞান জেউতী বহুতলৈকে গৈছিল। অৰুণাচলৰ ল’ৰায়ো আলোচনীখন পঢ়িছিল৷ লিখিছিলোঁ। স্কুল বিলাকৰ শিক্ষকসকলৰো আলোচনীখনৰ প্ৰতি আগ্ৰহ এটা আছিলে৷ আৰু সেই সময়ত যিহেতো বেলেগ Source নাছিলে বিজ্ঞানৰ বিষয়ে জনাৰ। গতিকে এই সুবিধাটো লৈ লৈছিলে যে– বিজ্ঞান জেউতীৰ যোগেদি আমি বিজ্ঞানৰ প্ৰচাৰ কৰিম৷ তদুপৰি ১৯৮২-৮৩ চনৰপৰা – ই ধৰা অসম আন্দোলন, জাতীয়তাবাদী চিন্তা-চৰ্চা আদি চলি আছিল, আৰু অলপ দূৰলৈ গ’লে নক্সাল আন্দোলন আদিবোৰ চলিছিল, তেওঁলোকেও কিছুমান ভাৱধাৰাৰে কাম কৰিছিল৷ আৰু ইপিনে কেৰেলাতো ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদ’ বুলি খুব ধুনীয়াকৈ বিজ্ঞানৰ কাম কৰা মানুহ কিছুমান উলাইছিল। তাতো লেফ্‌ট চিন্তা এটা আগবাঢ়িছিল। মহাৰাষ্ট্ৰতো হৈছিল। বেংগলতো আছিল বহুদিন ধৰি। বেংগলৰ আলোচনীখন সত্যেন বসুৰ দিনতে আৰম্ভ কৰা। তেতিয়া আমি সেইবিলাকৰপৰা, বিশেষকৈ কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে আমাক অনুপ্ৰাণিত কৰিছিল। তেতিয়া আমি দেখিলোঁ যে– হয়, বিজ্ঞান অকল ছাত্ৰ-ছাত্ৰীৰ মাজতে নহয়, গাঁৱৰ সাধাৰণ মানুহৰ মাজতো বিজ্ঞানৰ কথাবিলাক নিয়া ভাল। তেতিয়া আমি কিছুমান প্ৰগেম ল’বলৈ আৰম্ভ কৰিলোঁ– গাঁৱলৈ যাওঁ ব’লা ধৰণৰ। এটা দিনৰ বাবে হয়তো গ’ল, গাঁৱলীয়া মানুহৰ লগত কথা-বতৰা পাতিলে। তেওঁলোকৰ প্ৰব্লেম কি জানিলে– এইবিলাক হৈছিল। সেই কামটো দৰকাৰী আছিল৷ আৰু অলপ যোৱা হ’লে চাগৈ ভাল হ’লহেঁতেন। আমি সিমানতেই শেষ কৰিছিলোঁ। আৰু যে নেক্স ষ্টেপ ল’ব পাৰি, ডিচকাচন এটা হওক– সেইধৰণৰ গভীৰতালৈ নগ’লোঁ। তদুপৰি আমাৰ এনুৱেল কনফাৰেঞ্চখন যেতিয়া হৈছিল আমি তাত গোট খোৱা মানুহবোৰক ভাগ ভাগ কৰি ওচৰৰ গাঁৱলৈ লৈ গৈছিলোঁ। আৰু এটা প্ৰগেম আছিল, তেতিয়া ইউনিভাৰ্চিটিও হৈছেতো, গুৱাহাটী বিশ্ববিদ্যালয়ো আছে, মেডিকেল কলেজো আছে। আমি যিবিলাক শিক্ষাৰ্থীয়ে ৰিচাৰ্চ কৰে, তেওঁবিলাকক এনকাৰেজ কৰিবৰ কাৰণে চেমিনাৰ অৰ্গেনাইজ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিছুদিন এনুৱেল কনফাৰেঞ্চখন আৰু এই চেমিনাৰখন আমি মিলাই দিলোঁ। সেইটো এইকাৰণেই দিলোঁ যাতে যিবিলাকে ৰিচাৰ্চ নকৰে, যেনে স্কুলৰ শিক্ষক কিছুমান থাকে, ৰিচাৰ্চ নকৰা মানুহ কিছুমান থাকে, আকৌ ৰিচাৰ্চ কৰা মানুহ কিছুমানো আহে এই সভালৈ। গতিকে এই দুয়োপক্ষ মানুহৰ মাজত যাতে এটা ইণ্টাৰেকচন হয়, আমি সেইটো বিচাৰিছিলোঁ। এইটো কিন্তু তিনি-চাৰি বছৰমান থাকিলে। বেচ পপুলাৰ হৈছিল অনুষ্ঠানটো। কিন্তু লাহে-লাহে আমাৰ মানুহবিলাকে দেখিলে– মানে যিবিলাকে ৰিচাৰ্চ কৰে, তেওঁবিলাকে চাগৈ অসুবিধা পালে। সময় বেছি যায়। তেওঁলোকে ক’লে– না, আমি বেলেগে অনুষ্ঠান কৰাই ভাল। কিন্তু মই ভাবোঁ দুয়োখিনি মানুহে একেলগে কাম কৰা হ’লে ৰিচাৰ্চ কৰাসকলে সাধাৰণ মানুহৰ লগত মিলা-মিচা কৰাৰ সুবিধা এটা পালেহেঁতেন। তদুপৰি স্কুলবিলাকত লেক্‌চাৰ দিয়াৰ প্ৰগেমো কৰা হৈছিল৷ পৰিৱেশ দিৱস বা তেনে দুই এটা দিৱস আমি উদ্‌যাপন কৰিছিলোঁ। এইবোৰতো বিনাপইচাতে কৰা হৈছিল। সকলোৱে নিজৰ জেপৰ টকা খৰছ কৰি কাম কৰে। তাৰ পিছত মাজতে NGO কিছুমান যে উলাইছিল, চৰকাৰৰ কিছুমান প্ৰগেম থাকে, যেনে– আমি যিবোৰ কাম কৰিব খোজোঁ, সেইবোৰ যদি চৰকাৰৰ কামৰ লগত মিলি যায়, ভাল গ্ৰাণ্ট এটা পাওঁ। সেইধৰণৰ কামো কৰা হৈছিল। বিশেষকৈ অনাময় আঁচনি বিষয়ত বহুবোৰ কাম কৰা হৈছিল। কিন্তু সেইটোত এটা অসুবিধা হয়, তাত যিকেইজন ইনভলভ্ হয়, তেওঁলোক কেইজনেই ইনভলভ্ হৈ থাকে। কাৰণ বাকীবোৰেতো সুবিধা নাপায়। গতিকে সেই অনুষ্ঠানসমূহো অধিক ফলপ্ৰসূ নহ’লগৈ। তদুপৰি আমি স্কুলৰ বিজ্ঞান শিক্ষকসকলক ট্ৰেইনিং দিয়াৰ পদক্ষেপ লৈছিলোঁ। সেইটোও অগপৰ চৰকাৰৰ দিনতে চৰকাৰৰ পৰা ফাণ্ড পোৱা। 

প্ৰশ্ন: বৰ্তমান সময়ত ‘অসম বিজ্ঞান সমিতি’য়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি ভাৱে?
প. ম. :মই ভাবিছোঁ কথাটো। সময়বিলাক একে নহয়তো। কাৰণ তেতিয়া টিভিটো আছিল যদিও ইণ্টাৰনেট নাছিলে। ইণ্টাৰনেটৰ সহায়ত এতিয়া মানুহে যিদৰে যিকোনো বস্তু সহজে জানিব পাৰে, তেতিয়া পৰা নাছিলে। গতিকে তেতিয়া বিজ্ঞান সমিতিৰ অলপ ভূমিকা এটা থকা বুলি মানুহে ভাবিছিল। কিন্তু এতিয়া যে বিভিন্ন মাধ্যমবোৰ হ’ল, গতিকে সেইটো এটা প্ৰব্লেম। আৰু এইবিলাক হোৱাৰ কাৰণে মানুহবিলাক এইবিলাকতে ব্যস্ত হৈ গ’ল। আৰু শিক্ষকবিলাকো বিশেষকৈ এতিয়া– ইমান হেঁচা এটা হৈছে কলেজ শিক্ষক বা ইউনিভাৰ্চিটিৰ শিক্ষকৰ– আজৰি সময় নাপায়। মই এটা ইণ্টাৰেষ্টিং কথা ক’ব খুজিছোঁ। আমি মেণ্ডেলৰ Sentini পাতিছিলোঁ। তেতিয়া মই অসম বিজ্ঞান সমিতিৰ সম্পাদক আছিলোঁ। আৰু বাৰটোও শনিবাৰ পৰিছিল। মেডিকেল কলেজত পাতিলোঁ। মই অনুষ্ঠানৰ কাৰণে গুচি গ’লোঁ। তাৰ পিছত হেডে মোক জেৰা কৰিলে– আপুনি শনিবাৰে নাছিলে নেকি? মই বোলো চায়েঞ্চ চ’চাইটিৰ কামত গৈছিলোঁ। বোলে– ছুটি লোৱা নাই? – মই বোলো নাই লোৱা। মোৰ ক্লাছো নাছিলে তাতে। – তাৰ মানে তেওঁ যেনেকে ক’লে যে মই ছুটি ল’ব লগা হ’ল। এনেকুৱা ধৰণৰ কথা। অথচ পিচত যেতিয়া বিশ্ববিদ্যালয়লৈ ‘NAAC’ আহিছে। ‘NAAC’ত এটা কথা থাকে যে তোমালোকে ওচৰে-পাজৰে কি কাম কৰিছা, সেইটো দেখুৱাব লাগে– অৱশ্যে সেইখন মিটিঙত মই নাছিলোঁ। তেতিয়া আমাৰে এজনে ক’লে– পৰমানন্দ মহন্তই যিবিলাক কাম কৰিলে সেইখিনি ইয়াত সোমোৱাই দিলোঁ, নহ’লে নহ’লহেঁতেনেই। 

প্ৰশ্ন: মানে এটা মুক্ত পৰিৱেশ বিশ্ববিদ্যালয়খনৰ পৰা আপুনি পোৱা নাছিল?
প. ম. : এৰা, এটা মুক্ত পৰিৱেশ আশা কৰা যায়। এতিয়াতো আৰু হেঁচা পৰিছে। শিক্ষকসকল হঠাতে ওলাই যাব নোৱাৰে। আৰু স্কুলবিলাকো ফ্ৰী নহয়। আমি ক্লাছত লেকচাৰ দিবলৈ যাম বুলি ক’লেও তেওঁলোকে অসুবিধা পায়। যে আপোনালোকে সেইবোৰ কৰিলে আমি সময়মতে চিলেবাছ শেষ কৰিব নোৱাৰিমগৈ ইত্যাদি ইত্যাদি৷ সেইবিলাক কাৰণে আমাৰো বাধা এটা পৰি গৈছে। কিন্তু তথাপি মই ভাবো চায়েঞ্চ চ’চাইটিৰ কাম বুলি ক’লে বিশেষকৈ ‘বিজ্ঞান জেউতী’খন আমি ভাল কৰিব লাগিব। সেইখনৰ প্ৰতি মানুহৰ আগ্ৰহ এটা বঢ়াব লাগিব আৰু প্ৰচাৰতো মনোযোগ দিব লাগিব। আৰু পাৰিলে ভাল ভাল সৰু সৰু বিজ্ঞানৰ কিতাপ প্ৰকাশ কৰিব লাগিব। যাতে মানুহে পঢ়া-শুনা কৰিব পাৰে। আৰু এটা কথা যে অলপ আগতে ক’লোঁ যে সাত লগাৰ সময়ৰ কথাটো– আমি হাতে-কামে যদি কৰিব পাৰোঁ। গ্ৰহণ লগাৰ সময়তে যদি আমি তাৰ বিজ্ঞানসন্মত কাৰণবোৰৰ কথা মানুহক বুজাই দিব পাৰোঁ– সেইবিলাক কামটো বিজ্ঞান সমিতিয়ে কৰিব পাৰে। 

প্ৰশ্ন:এনেধৰণৰ কামবোৰ বাংলাৰ প্ৰবীৰ ঘোষে যথেষ্ট পৰিমাণে কৰিছিল। তেওঁ এখন কিতাপো কৰিছিল সেই বিষয়ক। ‘অলৌকিক নহয় লৌকিক’ বুলি অসমীয়ালৈও তাৰ অনুবাদ হৈছে। আমাৰ অসমৰ ক্ষীৰধৰ বৰুৱা, ৰিপুঞ্জয় গগৈয়েও এই কামবোৰ কিছু পৰিমাণে কৰিছিল। 
প. ম. :হয় কথাটো। কিন্তু এতিয়াতো এইটোও বন্ধ হৈ থাকিল। অৱশ্যে একেখিনি কাম সদায় কৰিও থাকিব নোৱাৰি। কিন্তু তেনেকুৱা কামেই বহু সময়ত কৰিব পাৰিব লাগিব। নতুন প্ৰজন্মটোৰ মাজলৈ এই বিষয়বোৰ যাবই লাগিব। আৰু আমাৰ মেল-মিটিঙো আয়োজন কৰি লাভ নাই– সেইবিলাকলৈ মানুহ নাযায়েই! তেন্তে কেনেদৰে বিষয়বোৰ প্ৰচাৰ হ’ব– এইটো এটা চিন্তনীয় কথা! চায়েঞ্চ চ’চাইটিয়ে এতিয়াও দুই এক কাম কৰি আছে যদিও এইবিলাকক লৈ মই সুখী নহয়। তেওঁলোকে যিদৰে কামবোৰ কৰিব লাগিছিল, সেয়া কৰিব পৰা নাইনাই। এইটোৱেই সমস্যা৷ আগতে বিজ্ঞান সমিতিৰ যিটো পৰিৱেশ আছিল, এতিয়া নাই। আৰু সিমান সময় দিবও নোৱাৰে চাগৈ। বাধ্যবাধকতা আছে৷ স্কুল বিলাকেও আগৰ দৰে সময় দিব নোৱাৰে। গতিকে আমি নতুন ধৰণে ভাবিব লাগিব। ৰাইজৰ মাজলৈ আৰু সাধাৰণ মানুহৰ মাজলৈ যাব পাৰিব লাগিব। এইটোৱেই ডাঙৰ কথা৷ আৰু এইখিনি কাম ক্ৰিয়েটিভলি কৰিব পাৰিব লাগিব। 

প্ৰশ্ন: আপুনি এটা সময়ত কমিউনিষ্ট ধ্যান-ধাৰণাৰ প্ৰতিও আগ্ৰহী হৈছিলহৈছিল। ‘জন-বিজ্ঞান’ বাতৰি কাকতখন আপুনি সেই আদৰ্শৰে অনুপ্ৰাণিত হৈয়ে প্ৰকাশ কৰিছিল। তদুপৰি আপুনি ‘ইণ্ডিয়ান পিপ’ল্‌ছ ফ্ৰণ্ট’ দলৰ পৰা নিৰ্বাচনতো প্ৰাৰ্থীত্ব আগবঢ়াইছিল। এই বিষয়ে কিছু কথা কওকচোন। 
প. ম. : ইলেক্‌চনৰ সময়ত যে তৰোঁ– সেই বেনাৰখন মই ৰাখি থৈছোঁ জানা– মই দুটা পাতৰ চিম্বল লৈছিলোঁ। লিখিছিলোঁ বেনাৰত– পৰমানন্দ মহন্তক ভোট দিয়ক বুলি। 

প্ৰশ্ন: বিধানসভাৰ নিৰ্বাচন আছিল? কোন সমষ্টিৰপৰা?
প. ম. :অ’ বিধান সভাৰ। ডিব্ৰুগড় সমষ্টিৰপৰা। 

প্ৰশ্ন: কওকচোন, ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনেদৰে আহিল। 
প. ম. : কথাটো এনেকুৱা যে – ১৯৭০ত মই কনফাৰেঞ্চ এখন এটেণ্ড কৰিবলৈ গৈছিলোঁ। কলিকতাত এদিন থাকিব লগা হ’ল। তাত দেখিছোঁ যে– এখন লেনিনৰ ফটো আছে– আৰু তাত মালা-চালা দিছে– অলপ হূলস্থলীয়া কাৰবাৰ এটা। মই দূৰৰপৰা চাইছোঁ। তাৰপাছত ভাবিলোঁ কিনো হ’ল– গম পালোঁ যে নক্সালসকলৰ সমৰ্থকসকলে তাত প্ৰতিবাদ কৰিছে। গতিকে অলপ আগ্ৰহী হ’লোঁ– তেনেকেই আগ্ৰহী হোৱাৰ কাৰণে দুই এজনৰ লগত কথা-বতৰাও পাতিবলৈ সুবিধা পালোঁ। এই বিষয়ে অলপ পঢ়া-শুনাও কৰিলোঁ। এই যে ইণ্ডিয়ান পিপ’ল্‌ছ ফ্ৰণ্ট দলটো– তেওঁলোকৰে দল এটা। মাৰ্ক্সবাদীৰ দল এটা– অ’ সেইখিনি সময়তে তেওঁলোকৰ ওপৰত খুব অত্যাচাৰ চলিছিল। বিহাৰত বিশেষকৈ। তেওঁলোকে পুলিচকো মাৰিছে আৰু পুলিচেও গুলিয়াইছে। তেনেকুৱা ধৰণৰ ঘটনাও ঘটিছে। এইখিনি কথা ইমাৰজেঞ্চিৰ আগে-আগে। এইবোৰ নিউজ কাগজত প্ৰকাশ পাইছে। গতিকে তেওঁলোকৰ প্ৰতি একধৰণৰ এটা সহানুভূতি আছিল। তাৰ পিছত তেওঁলোকেই দেখিলে যে Banned Organisation এটা হৈ থাকি লাভ নাই। এটা দল লাগিব৷ সেয়েহে তেওঁলোকৰে মাজত এটা দল খোলা হ’ল। বহুতকে Inspire কৰিলে যে আহা আমি চায়েঞ্চ, আৰ্টচ্‌ৰ বেলেগ বেলেগ ক্ষেত্ৰৰ বহুত মানুহ গোট খোৱাও আৰু তেওঁলোকৰ সৈতে আলোচনা কৰি আগবাঢ়ি যাওঁ। দলটোত সব ধৰণৰ মানুহ আছিল। শিক্ষক, ইঞ্জিনিয়াৰ, খেতিয়ক, লেবাৰ মানে সব আৰু। তেওঁলোকৰ প্ৰথমখন মিটিং হৈছিল দিল্লীত। তালৈ ময়ো গৈছিলোঁ। তাৰ পাছত যেতিয়া ইলেকচন হ’ল, তাত আমি যোগ দিম বুলি ঠিক কৰিলোঁ। তাৰ পাছত আৰু এখন ডাঙৰ মিটিং হৈছিল। তাতে ইন্দিৰা গান্ধীৰ স্বৈৰতন্ত্ৰ ধ্বংস হওক বুলি আমি ঝাণ্ডা লৈ লৈ ৰাস্তাত ঘূৰিছোঁ। এইবাৰ ইলেকচনৰ আগে আগে মই ভাবিছোঁ কথাটো– তেতিয়া ঝাণ্ডা লৈ ঘূৰাৰ দৰে এতিয়াৰ পৰিৱেশত ঘূৰিলে সবকে চাগে ‘UAPA’ত সোমোৱাই থ’লেহেঁতেন৷ কিন্তু সেই সময়ত কোনেও একো কৰা নাছিল। আনকি পুলিচো নাই। এনেই ওচৰত আছিল যদিও আমি যাতে ল’ এণ্ড অৰ্ডাৰ ভংগ নকৰোঁ– আৰু আমাক যাতে কোনেও নামাৰে, তেনেকুৱা ধৰণৰ পুলিচহে আছিল (হাঁহি)। সেইদিনা খুব বৰষুণ দিছিল। আমি তিতি তিতি প্ৰতিবাদ কৰিছিলোঁ। 

প্ৰশ্ন: তাৰ পাছত সেই দলেই আপোনাক টিকট দিলে? ডিব্ৰুগড়ত তেতিয়া সংগঠনৰ ভেটি কেনেধৰণৰ আছিল?
প. ম. : ভেটিটো ক’তোয়েই ভালকৈ নাছিল। ভেটিনো কেনেকৈ হ’ব– আমাৰ মানুহখিনি গোট খাইছেহে মাত্ৰ। আৰু আমি ভাবিলোঁ যে এইটো সুযোগেই – মানে এনেকুৱা প্লেটফৰ্ম এখন যে লাগে– য’ত মুক্তভাৱে মানুহে বিভিন্ন কথা পাতিব পাৰে। সেইকাৰণেই আমি এই সুবিধাটো ল’বলৈ ইলেকচন খেলাৰ দৰে হ’ল আৰু। তিনিচুকীয়াৰ অনিল বৰুৱা বুলিও এজন আছিল। তেখেত লোকসভাৰ কাৰণে উঠিছিল আৰু মোক ডিব্ৰুগড়ত দিলে। অসমত আৰু পাঁচজন মান ক’ৰবাত দিছিল। 

প্ৰশ্ন: কিমানমান ভোট পাইছিল, মনত আছেনে?
প. ম. :সেইটোও ইণ্টাৰেষ্টিং। মইনো কেনেকৈ মানুহৰ ঘৰে ঘৰে গৈ ভোট খুজিমগৈ– যিবিলাক অচিনাকী মানুহ তেওঁবিলাকৰ ঘৰলৈ গৈছোঁ– কোনোবাই গাড়ী এখনো দিছিলে কেইদিনমানৰ কাৰণে। মোৰ স্কুটাৰখনো কাৰোবাক দিলোঁ। চাইকেলখন হেৰাল। বাৰু যি কি নহওক– পাছত মই গম পালোঁ– ৪২৬ টা ভোট মই পালোঁ। তাৰে ৬টা ভোট আহিল কেম্পাছৰপৰা নহ’লেতো মই ফ’ৰ টুৱেণ্টিয়েই হ’লোঁহেঁতেন (হাঁহি)। 

প্ৰশ্ন:বেলেগ এটা প্ৰসংগলৈ আহিছোঁ– আপুনি ‘বিজ্ঞানৰ সোণালী যুগৰ কাহিনী’ (১৯৯৩), ‘ভৌতিক ৰীতিৰ চৰিত্ৰ’ (১৯৯৩), ‘নীল্‌চ ব’ৰ আৰু পদাৰ্থজগত (১৯৯৮), ‘বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্য’ (২০০১), ‘ভাৰতত আধুনিক বিজ্ঞান’ (২০০৮), ‘সাহিত্য বিজ্ঞান আৰু অন্যান্য’ (২০১০), ‘সত্যেন্দ্ৰ নাথ বসু’ (২০১৪) আদি কেইবাখনো গ্ৰন্থৰে অসমীয়া বিজ্ঞান সাহিত্যক সমৃদ্ধ কৰিছে। কিন্তু সামগ্ৰিকভাৱে, অসমীয়া বিজ্ঞান সাহিত্যই আজিও আমাৰ বৌদ্ধিক মহলত এক গুৰুত্বপূৰ্ণ বিষয় হিচাবে প্ৰতিষ্ঠা লাভ কৰা পৰিলক্ষিত হোৱা নাই। এই আক্ষেপটো আপুনিও আপোনাৰ লেখাৰ মাজেৰে কৰিছে৷ ইয়াৰ কাৰণ কি বুলি ভাৱে?
প. ম. : মই যে অলপ আগতে ক’লোঁ– গুৰুবাদেই আচলতে। মই ভাবোঁ সাহিত্যৰ বুৰঞ্জী যিহেতু সাহিত্যৰ মানুহেই লিখে। গতিকে তেওঁলোকে বিজ্ঞানক ভাল পাব লাগিব। আধুনিক যুগত বিজ্ঞান নহ’লেই যিহেতু নচলে। গতিকে বিজ্ঞানক তেওঁলোকে যথেষ্ট ভাল পাব লাগিব। একধৰণৰ আসক্তি এটা আহিব লাগিব। সেইটো দুৰ্ভাগ্যবশত আমাৰ নাই অহা। কাৰণ বিজ্ঞান মানেই যুক্তিৰ কথা আহে আৰু যুক্তি আহিলেই গুৰুবাদটো শেষ হৈ যাব চাগে। তেনেকুৱা ভয় কিছুমান থাকে আৰু কি জানা– এম. এ পাছ কৰি যোৱা মানুহেই কলেজত পঢ়ায়গৈ। সেইখিনিৰ মানুহৰপৰাই বিজ্ঞানৰ কথাবোৰ তলৰ শ্ৰেণীবোৰলৈ যায়গৈ। গতিকে এইখিনি মানুহৰ ওপৰত বহুত ৰেচপনচিবিলিটি আছে। বিজ্ঞানৰ প্ৰচাৰৰ ক্ষেত্ৰত এই অসমীয়া বিষয়টো যিসকলে পঢ়ায় তেওঁবিলাকৰ বিশেষ দায়িত্ব আছে। এইটো তেওঁলোকে বুজা নাই। হয়তো আমিও বুজাব পৰা নাই। তেওঁবিলাকে কি ভাবে মই নাজানো। কিন্তু বিজ্ঞানৰ প্ৰতি শ্ৰদ্ধাতো নায়েই আনকি বিজ্ঞাননো কি সেয়া জানিবলৈকো আগ্ৰহী নহয়। অৱশ্যে ব্যতিক্ৰম কেইজনমান আছে। সাধাৰণ কথা এটা– গণেশে গাখীৰ খোৱা কথাটো। এইটোতো কেপিলেৰি এক্সন। এই কথাটোকে মানুহে কাৰোবাক সুধিছে জানো! এইটো কেলৈ হ’ল অ’ বুলিওতো সুধিব পাৰে। এই ধৰা ফ্লটিং– ফ্লটিঙত কিছুমান বস্তু তললৈ গুছি যায় আৰু কিছুমান উপঙি থাকে কিয়! এই কথাটো কোনেও কাহানিও সোধা নাই– এইবোৰ সৰু কথা কিন্তু মানুহৰ মনলৈ নাহে। মানুহে যিবিলাক বস্তু এক্সপ্লেইন কৰিব নোৱাৰে– ধৰি লৈছে সেইবোৰ ঈশ্বৰে কৰা। ঈশ্বৰলৈ ঠেলি দিওঁ। 

প্ৰশ্ন:বিজ্ঞান সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত বিজ্ঞান লেখকসকলে কেনেধৰণৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ প্ৰয়োজনীয়তা আছে?
প. ম. :এইক্ষেত্ৰত এটা ভাল কথা দেখিছোঁ। বিজ্ঞান লেখক সংস্থা বুলি এটা সংস্থাৰ সৃষ্টি হ’ল। এইটো ১৯৯৯ চনতে আৰম্ভ কৰা। দীনেশ চন্দ্ৰ গোস্বামীয়ে ইনিচিয়েটিভ ল’লে। এতিয়া সংস্থাটো এক্টিভ হৈয়ে আছে। গোস্বামীয়ে হাতপুথি এখনো কৰিলে– ‘বিজ্ঞান লেখকৰ হাতপুথি’ বুলি। ক্ষীৰধৰ বৰুৱাই ডিক্সেনেৰীখনো কৰিলে – এইখনো কামত অহা। এনেদৰে কাম কৰা হৈছে। কিন্তু সহজভাৱে লেখাবিলাক দেখিবা– যে আমি অন্য ভাষা এটাত হে যেন পঢ়িছোঁ ! পঢ়িবলৈ টান টান লাগে। কাৰণ সবেই বিজ্ঞানৰ কথাবোৰ সহজে বুজিব পৰাকৈ লিখিব পৰা নাই। কেইজনমান এক্সেপচনেল আছে। ধৰা বিপুলজ্যোতি– তেওঁ কিমান ধুনীয়াকৈ লিখে। আগৰ পৱিত্ৰ বুঢ়াগোহাঁই– ইমান ধুনীয়া কিতাপ কিছুমান লিখি গ’ল– এই কিতাপবোৰৰ কথাটো মানুহে এপ্ৰিচিয়েট নকৰিলে। আলোচনালৈ নাহিলেই। এতিয়া মই ভাবোঁ যে বিজ্ঞান সাহিত্যিক আৰু অন্যান্য সাহিত্যিকবোৰৰ মাজত এইধৰণৰ কথাবোৰ আলোচনা হ’ব লাগে। বিষয়বোৰ বুজাত ক’ত কি অসুবিধা হৈছে– তাৰ আলোচনা লাগে। এইটো বৰ দৰকাৰ। বিজ্ঞান সাহিত্যই কি কৰে– আমাক কিছুমান ধাৰণা দিয়ে। ধাৰণাবিলাক নহ’লে আমি ভাবিম কিদৰে– চিন্তা কৰিবলৈতো ধাৰণা লাগিব। ধাৰণাৰ বাবে শব্দ লাগিব। শব্দইহে প্ৰকাশ কৰিব৷ গতিকে এই শব্দখিনি যাতে প্ৰচলন হৈ থাকে– শব্দবোৰ আমাক অসমীয়া সাহিত্যই দিব। এই কথাখিনি আলোচনা কৰাটো খুব দৰকাৰ আচলতে। 

প্ৰশ্ন:আপোনাৰ লেখা আৰু বক্তৃতাৰ জৰিয়তে এইটো প্ৰতিপন্ন হয় যে, আপুনি ৰিচাৰ্ড পি ফাইনমেনৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত অথবা প্ৰভাৱিত। চিন্তাবিদ, দাৰ্শনিক, বিজ্ঞানী ফাইনমেন পদাৰ্থ বিজ্ঞানৰ শিক্ষক হিচাবেও আছিল যথেষ্ট খ্যাতিসম্পন্ন৷ চিত্ৰশিল্পী, বাদক হিচাপেও তেওঁ পৰিচিতি লাভ কৰিছিল৷ ১৯৬৫ চনত পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা পোৱা এই ফাইনমেনৰ বিষয়ে চমুকৈ কিছু কথা কওকচোন। তেওঁৰ কোনবোৰ কথা বা দিশে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে?
প. ম. :ফাইনমেনৰ কথা মই প্ৰথম শুনিছিলোঁ দিল্লী ইউনিভাৰ্চিটিত। সেই সময়ত মই যিখন ৰিচাৰ্চ পেপাৰত কাম কৰি আছিলোঁ তাত মুঠতে তিনিজন মানুহ– ছালাম, ফাইনমেন আৰু গেলমান বুলি। এই তিনিজন সেই সময়ৰ আটাইতকৈ মুধাফুটা থিয়ৰিটিকেল ফিজিক্সৰ বিজ্ঞানী আছিল। অ’ আৰু এজন আছিল জৰ্জ সুদৰ্শন বুলি, তেওঁ ভাৰতীয়, তেওঁৰ লগত পাছলৈ মোৰ চিনাকিও হৈছিল। তেতিয়া অৱশ্যে মোৰ খং উঠিছে যে সুদৰ্শনে কৰি থকা কামটো এওঁলোক তিনিজনে আগতেই কৰি উলিয়াই দিলে। তেনেকে প্ৰথম ফাইনমেনৰ লগত চিনাকি। সেই সময়ত ফাইনমেনৰ নামটো বেচ ভালকে ওলাইছে। তেওঁ কি কৰিলে জানা, ১৯৪৮ত কুৱাণ্টাম ইলেক্ট’ডাইনেমিক্স বুলি কয়– সেইটো তিনিজন মানুহে একে সময়তে কৰি উলিয়ালে। মেথডবিলাক বেলেগ বেলেগ। কিন্তু ফাইনমেনৰটো আটাইতকৈ বিচিত্ৰ আৰু সহজ ধৰণৰ আছিল। তেওঁ একধৰণৰ ৰিভলিউচন এটা আনিলে। আমি বেচ চমৎকৃত হৈছিলোঁ তেতিয়া। আৰু ইতিমধ্যেই লাহে-লাহে শুনিবলৈ লৈছিলোঁ– মানে তেওঁ বেলেগ ধৰণৰ কেৰেক্টাৰ এটা। একদম ব্যতিক্ৰমী চৰিত্ৰ। সেইকাৰণেই বোধহয় তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়িল। সাধাৰণতে ফিজিক্সৰ মানুহবিলাক গহীন, গম্ভীৰ কিন্তু তেওঁটো সেইটো নহয়। তব্‌লা বজায় কেতিয়াবা নাচে– সেইবিলাক৷ গতিকে খুব এটা আকৰ্ষণ বাঢ়িল। আৰু পিছতো দেখিছোঁ ফিজিক্সৰ বহুকেইটা ইণ্টাৰেষ্টিং প্ৰব্লেম তেওঁ নিজৰ ধৰণে কৰিলে। আটাইকেইটা ন’বেল প্ৰাইজ পোৱাৰ দৰেই হৈছে। চুপাৰ ফ্লুইড বুলি এটা, পাৰ্টন মডেল বুলি এটা–এইখিনি বস্তু তেওঁ নিজৰ ধৰণে কৰিবলৈ ল’লে। সেইফালৰপৰা তেওঁ ইউনিক। তেওঁ কোন মুহূৰ্তত কি কৰে তাৰ ঠিকনা নাই। আৰু ১৯৬৩-৬৪ মানৰপৰা তেওঁ কেলিফৰ্ণিয়া ইনষ্টিটিউটত গৈ তিনিবছৰ কাল ধৰি ল’ৰা-ছোৱালীবিলাকক পঢ়ুৱাবলৈ ল’লে। হায়াৰছেকেণ্ডেৰী, বি. এৰ ক্লাছবিলাক পঢ়াবলৈ ল’লে। কাৰণ তেওঁ ভাবিলে যে শিক্ষা ব্যৱস্থাটো অলপ ঠিক-ঠাক কৰিব লাগে। শিক্ষাৰ মান উন্নত কৰিব লাগে। তেতিয়াই তেওঁ এটা এক্সপেৰিমেণ্ট হিচাপে ফিজিক্স পঢ়াবলৈ ল’লে। আৰু কিতাপো লিখিলে। তিনিটা খণ্ডৰ। সেই কিতাপখন ইমান ফেমাছ হ’ল যে সবেই হাতত লৈ ফুৰে। যেনেকৈ মাও চে টুঙৰ ‘ৰেড বুক’ৰ গুৰুত্ব। এইখনো যেন ফিজিক্সৰ ‘ৰেড বুক’ধৰণৰহে আছিল। তাৰ পিছত তেওঁ কেইখনমান কিতাপ লিখিলে আত্মজীৱনী ধৰণৰ– ‘Surely You’re Joking’, ‘Mr. Feynman!, What Do You Care What Other People Think?’, ‘The Meaning of It All’ , ‘The Pleasure of Finding Things Out’ আদি। বহুকেইটা গুৰুত্বপূৰ্ণ লেকচাৰ দিছিল। বিবিচিৰ লেকচাৰ এটা দিছিল। ইয়াৰ আধাৰতে মই কিতাপ এখন অনুবাদ কৰিছিলোঁ– ‘ভৌতিক ৰীতিৰ চৰিত্ৰ’ বুলি। আচলতে মানুহজনক ভাল পাওঁ বাবে এইখন অনুবাদ কৰাৰ সাহস কৰিলোঁ। মানুহজনৰ সাধাৰণ মানুহৰ প্ৰতি এটা অনুকম্পা আছিল। মৰম এটা আছিল। তেওঁৰ প্ৰথম কিতাপখনতে আছে, তাতে মানে আছে– তেওঁ ছোৱালী এজনী ভাল পাইছিল আৰ্লিন বুলি। আৰ্লিনৰ সৈতে পাছলৈ তেওঁৰ বিয়া বাৰুও হ’ল৷ ইতিমধ্যে তেওঁ আমেৰিকাৰ মানহাট্টানপ্ৰজেক্টত কাম কৰিবলৈ আহিছিল– আমেৰিকাৰ যিটো নিউক্লিয়াৰ ব’মৰ প্ৰজেক্ট আছিল– তেওঁ তাতে আছিল। তেতিয়া তেওঁৰ ঘৈণীয়েক মৃত্যুৰ শয্যাত – কেঞ্চাৰ হৈছিল ঘৈণীয়েকৰ। এই আৰ্লিনৰ কথাখিনি পঢ়িলে চকুপানী ওলাব আৰু ইমান ধুনীয়া মৰমলগা এটা লাভ্‌ ষ্টৰী যেন লাগে মোৰ। কিমান যে আৰ্লিনক ভাল পাইছিল। মই চাগে অকণমান ৰোমাণ্টিক, সেইকাৰণে এইবিলাক কথাৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল। মই বহুতকে লগ পালোঁ– এওঁক অৱশ্যে লগ নাপালোঁ। ফাইনমেন এনেকুৱা আছিল– কেতিয়াও কেয়াৰ নকৰে কথা ক’বলৈ৷ কোনোবাই কিবা এটা কৈ আছে ধৰা– যদি তেওঁ বিসংগতি দেখে চিধাই কৈ দিব– ‘It is Nosence’ বা তেনেকুৱাধৰণৰ৷ আনকি প্ৰখ্যাত বিজ্ঞানী নীল্‌চ্‌ ব’ৰ-এ তেওঁৰ আলোচনা বিলাকলৈ ফাইনমেনক সেইকাৰণেই মাতি আনিছিল। এটা নিৰ্ভীক চৰিত্ৰ আছিল। আৰু এটা কথা– তেওঁ ফিজিক্সৰ একদম ভিতৰলৈকে জানিছিল। বস্তুবিলাক ফিজিকেলি চাইছিল। সেইকাৰণেই তেওঁ সহজভাৱে কামবোৰ কৰিব পাৰিছিল। একধৰণৰ অগতানুগতিক আছিল। 

প্ৰশ্ন: ৰিচাৰ্ড পি ফাইনমেনে বিজ্ঞান বিষয়ক বক্তৃতা দিবলৈ ব্ৰাজিললৈ গৈ তাত দীৰ্ঘদিন থাকি উপলব্ধি কৰিছিল যে– ব্ৰাজিলত প্ৰকৃত অৰ্থত বিজ্ঞান শিকোৱা নহয়। কেৱল মুখস্থ বিদ্যাতহে তেওঁলোকে অত্যধিক গুৰুত্ব দিছিল। ফাইনমেনে ব্ৰাজিলৰ বিজ্ঞান শিক্ষাৰ ব্যৱস্থাটোৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল। এতিয়া আহোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটলৈ। আপোনাৰ দৃষ্টিত ভাৰতবৰ্ষৰ বিজ্ঞান শিক্ষাৰ পৰিকাঠাম বা ব্যৱস্থাটো কেনে? আমাৰ ব্যৱস্থা আৰু পাঠ্যক্ৰমক লৈ আপুনি সন্তুষ্টনে?
প. ম. :মই এক্টিভ হৈ থকালৈকে যিখিনি দেখিলোঁ– ব্ৰিটিছবিলাক আহি ভাৰতত যেনেদৰে বিজ্ঞানৰ কামবোৰ আৰম্ভ কৰিছিল, তেনেকেই চলিছিল। কেৱল নতুন নতুন চাবজেক্টবিলাক আমি ভৰাই দিলোঁ–কিন্তু বাকীবিলাক মেথড যে একেধৰণৰে কামবোৰ কৰিছে– মুখস্থ বিদ্যাটো বেছিকৈ আছিল। আনকি ফিজিক্সৰ বহুত টিচাৰ আছে, আমি দিয়া নোটবিলাক লৈয়ে কেৱল ক্লাছ কৰে। গতিকে ভাবাচোন! কি হ’ব পাৰে৷ আমাৰ এতিয়াও পৰিৱেশ খুবেই বেয়া। এই যে নতুন শিক্ষানীতিও আহিছে– মই দুই এজনক সুধিছোঁ, খবৰ কৰিছোঁ – এই নীতিয়েও আমাৰ শিক্ষা ব্যৱস্থাটো ক’লৈ নিয়ে– বৰ সন্দেহজনক। 

প্ৰশ্ন: সাম্প্ৰতিক সময়ত ভাৰতত মৌলিক বিজ্ঞানৰ গৱেষণা ব্যাহত হৈছে বুলি শুনিবলৈ পোৱা যায়। এই সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ?
প. ম. :তুমি ঠিকেই কৈছা চাগে এফালৰপৰা। কাৰণ আজি বিজ্ঞানৰ অৱস্থা খুব ভাল নহয় ভাৰতত। এইটো পলিটিচিয়ানবিলাকেও গম পাইছিল। সেইকাৰণে এই চেঞ্চুৰিটোৰ ঠিক আগতে ২০১০ চনৰ ভিতৰতে চিৰিজ অৱ ইন্‌ষ্টিটউট খুলিছিল। IISER বুলি কয়। Indian Institutes of Science Education and Research। বোধহয় সাতটামান খুলিলে এই IISER। এইকেইটাত মানে ভাল শিক্ষক আৰু ছাত্ৰ লৈ গৱেষণা কৰিব। আৰু তাৰ কাৰণে ষ্টুডেণ্টবোৰকো ভাল স্কলাৰশ্বিপ্‌ দি প্ৰতিযোগিতা কৰালে। কাৰণ বেছিভাগেই আই. আই. টিলৈ গুচি যায়গৈ। ভাল ল’ৰা নাথাকে। গতিকে, এওঁলোকক ভাল স্কলাৰশ্বিপ দিয়ে। যাতে ভালকৈ থাকিব পাৰে। গৱেষণাত একান্তভাৱে মনোযোগ দিব পাৰে। সেই মতে কৰিছিল। সেই বুলি খুলিলে৷ তাৰ পিছত বহুত ল’ৰা গৈছে। মই শুনিছোঁ। অসমৰ পৰাও গৈছে বোধহয়। কিন্তু এটা কথা দেখিলোঁ। তাতো এটাই প্ৰব্লেম হ’ল যে তেওঁলোকে তাত পঢ়ে; সেইবিলাক ইন্‌ষ্টিটিউটৰ লগত এমেৰিকান বা অন্য ঠাইৰ ভাল ইনষ্টিটিউটৰ এটা যোগাযোগ থাকে। গতিকে কোনোবা এটা বছৰৰ ফাইনেল ইয়েৰ বা তাৰ আগতে ছমাহ বা তিনিমাহৰ কাৰণে তেওঁলোকক লৈ যায়। তাত ট্ৰেইনিং দিয়ে। তেনেধৰণৰ ব্যৱস্থা এটা হ’ল। কিন্তু তাত দেখিলে তেওঁলোকে কি সুবিধা আছে। কেনেকুৱা কাম বন চলে। বহুত ল’ৰা-ছোৱালীৰ তাতে কনট্ৰেক এটা হৈয়ে যায়। যেতিয়া ফাইনেল ইয়েৰ পাছ কৰি যায় তেওঁলোক তালৈ গুচি যায়। কিমান ঘুৰি আহে মই গম নাপাওঁ এতিয়া। মই যিকেইজনক চিনি পাওঁ এতিয়ালৈকে এজনো ঘূৰি অহা নাই। গতিকে, সেইটো এটা আশা আছিলে যে, যদিও বাকীবিলাক ইন্‌ষ্টিটিউটত মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বোলা অন্য ইন্‌ষ্টিটিউটত বিলাকত বিজ্ঞান শিক্ষা আমি যিমান ভাল হ’ব বুলি ভাবিছিলোঁ নাই হোৱা। সেইকাৰণে এনেকুৱা বচা বচা ইন্‌ষ্টিটিউটত লোৱা হৈছে। আৰু আশা কৰিম যে, তেওঁলোকে ভাৰতত থাকি ভাৰতীয় বিজ্ঞানৰ উন্নতি কৰিব। এই ঘটনাটো ঘটাৰ কাৰণে মোৰ শংকা হৈছে এইটো কিমান দিন তেওঁলোকে কৰিব পাৰিব। আৰু এটা কথা তুমি মন কৰিবা যে মৌলিক বিজ্ঞানৰ কথা যোৱা কেইবছৰমান ধৰি; মানে দুখ লাগে কথা এই যে নতুন ৰেজিম বুলি ক’ব পাৰোঁ। তেওঁলোকে আহিয়ে চিধা বিজ্ঞান কংগ্ৰেছত কেনেকুৱা কথা কৈছে? আমাৰ প্ৰাইম মিনিষ্টাৰ মোডীয়ে প্ৰথমেই বাংগালোৰত যিখন চাইন্স কংগ্ৰেছ দিছিল তাত অদ্ভূত কথা কিছুমান ক’লে। ভাৰতত কেতিয়াবাই চিজাইন কৰা হৈছিল বা অপাৰেচন হৈছিল। এইবিলাক কথা অহাৰ পাছত মানুহ হতাশ হ’বলৈ বাধ্য। আৰু নেহৰুৱে যি বুলি চায়েন্স কংগ্ৰেছৰ নিয়ম বান্ধি দিছিল; নিয়ম ঠিক নহয় আৰু আগ্ৰহ প্ৰকাশ কৰিছিল যে স্বাধীনতাৰ পাছত যেতিয়া প্ৰাইম মিনিষ্টাৰ হয় তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল যে আপোনালোকে চায়েন্স কংগ্ৰেছৰ এনুৱেল কনফাৰেন্সলৈ মোক মাতিবই। মই গৈ ভাল পাওঁ। সেইকাৰণে তেওঁলোকে সদায় এটা নিৰ্দিষ্ট সময়ত জানুৱাৰী তিনি, চাৰি তাৰিখ মানে চায়েন্স কংগ্ৰেছৰ মিটিংখন পাতে। আৰু নেহৰু যায়। নেহৰুৰ পিছত যিকেইজন প্ৰাইম মিনিষ্টাৰ হ’ল প্ৰতিজনে এইটো কাম কৰি আহিছে। মোডীও গ’ল। যোৱাবাৰ এওঁলোকৰ মানে কি হ’ল, সব কথাতে ভাগ লাগে। ভাগ লাগে মানে য’ত সোমাই সেইখিনি কণ্ট্ৰ’ল কৰিব খোজে। চায়েন্স কংগ্ৰেছখন এখিনিয়ে কৰি আছে কিন্তু পইছা পাতি তেওঁলোকৰ ইমান নাই। চৰকাৰৰ পৰাই ল’ব লাগে। তেতিয়া তেওঁলোকে কয় যে নহয় অমুকে অমুক কৰা তমুক কৰা ইত্যাদি। সেইবিলাক কথাত এওঁলোকৰ দিগ্‌দাৰ হয়। যোৱাবাৰ পইছাই নিদিলে। ফলত প্ৰথমবাৰৰ কাৰণে আজি কিমান বছৰ ১৯১৪ পৰা জানা চায়েন্স কংগ্ৰেছৰ অধিৱেশন হৈ আছে প্ৰতিবছৰে; Except যুদ্ধকালীন সময়ছোৱাত এবছৰমান নাই হোৱা চাগে। এইবাৰ প্ৰথমবাৰৰ বাবে এই বছৰ চায়েন্স কংগ্ৰেছ নহ’লে। চৰকাৰৰ এনেকুৱাধৰণৰ নীতিৰ কাৰণে। আৰু মৌলিক গৱেষণা কি হ’ল, সাধাৰণতে গৱেষণা বিলাক হয় কেনেকৈ? পইচা-পাতিটো দৰকাৰ হয়। সেইবিলাক ফাণ্ড আহে চায়েন্স এণ্ড টেকন’লজি বা চৰকাৰৰ বিভিন্ন হেল্‌থ বা টেন্সপৰ্ট বা বেলেগ বেলেগ ভাগত তেওঁলোকে পইচা দিয়ে। কিন্তু এই কেইবছৰমান ধৰি তেওঁলোকে হঠাতে আৱিস্কাৰ কৰিলে গো মূত্ৰ। এইবিলাকত যেন সাংঘাটিক চায়েন্স লুকাই আছে। পুৰণা চায়েন্স। সেইবিলাকৰ বিষয়ে গৱেষণা কৰিবলৈ বহুত বহুত গ্ৰাণ্ট দিবলৈ ধৰিলে আৰু ইবিলাক গ্ৰাণ্ট ক’ৰ পৰা আহিব। এটা লিমিটেড ফাণ্ডহে থাকে। গতিকে অন্যৰ পৰা ফাণ্ডবোৰ লৈ লৈ গুচি গ’ল। 

প্ৰশ্ন:আনকি গো-মূত্ৰ সম্পৰ্কে গৱেষণা পত্ৰও প্ৰকাশ পাইছে। 
প.ম.: অ’। আচৰিত লাগে যে বহুতে পইছাখিনি পাবৰ বাবে এইবোৰৰ সম্পৰ্কে ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে। এইটোতো কথা হ’ব নোৱাৰে। এইবিলাক কথাই গৱেষণাৰ পৰিৱেশটোৱে নষ্ট কৰি দিছে। 

প্ৰশ্ন: বিজ্ঞানৰ ক্ষেত্ৰত পাৰদৰ্শিতা থকা বহুতো বিদ্বান লোক, আনকি অনেক বিজ্ঞানীও অন্ধবিশ্বাসী হোৱা দেখা যায়। এই সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ?
প. ম. : মই ভাবোঁ আটাইতকৈ ডাঙৰ অন্ধবিশ্বাস ধৰ্মটোৱেই। আমি যেতিয়ালৈকে ধৰ্মৰ বান্ধোনৰ পৰা মুক্ত হ’ব নোৱাৰিম তেতিয়ালৈ চায়েন্স কৰিব নোৱাৰিম। ৱেষ্টতো চায়েন্স বহুদিনলৈ এইকাৰণেই হোৱা নাছিল। ধৰ্মৰ বান্ধোন খুব কট্‌কটীয়া আছিল। আনকি ক’পাৰনিকাছেতো তেওঁৰ কথাবোৰ প্ৰকাশ কৰা নাছিল। ভয়তে। লিখাটো লিখে, কিন্তু প্ৰকাশ কৰা নাছিল। গেলিলিওৱে সাহস কৰিলে। যি হয় হ’ব। সেইখিনি এক্সপেৰিমেণ্ট কৰি দেখুৱাই পেলাই কৰিলে। গতিকে তেওঁ ধৰ্মৰ পৰা অলপ মুক্তি পালে। কিন্তু তাৰ ফল তেওঁ পালেও। তেওঁক গৃহবন্দী কৰি ৰাখিলে। ইমান কষ্ট দিলে। ইংলেণ্ডখন এখন প্ৰটেষ্টাণ্ট দেশ। তাতো যথেষ্ট উন্মুক্ত পৰিৱেশ। জাৰ্মানীতো বিজ্ঞানৰ প্ৰসাৰ খুব বেছিকৈ চলিল। ইটালিতো চায়েন্স আগ নাবাঢ়িছিল ধৰ্মৰ গোড়ামীৰ কাৰণেই। ধৰ্মৰ বান্ধোন যেতিয়ালৈকে ইমান কটকটীয়া হৈ থাকে– তেতিয়ালৈকে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। 

প্ৰশ্ন:শেহতীয়া পৰিৱেশ আৰু হতাশাজনক হৈ পৰাহে দেখা গৈছে। এনে পৰিৱেশত বিজ্ঞানৰ প্ৰসংগবোৰ মানুহৰ ওচৰলৈ গৈ নাপাবগৈ। 
প. ম. : এতিয়া ভাৰতত বিজ্ঞানৰ কৃষ্ণপক্ষ চলি আছে। এইটোত কোনো সন্দেহ নাই। গতিকে ইয়াৰ বিৰুদ্ধে মানে বিজ্ঞান যে দৰকাৰী এইটো প্ৰচাৰ কৰিব লাগিব। বিজ্ঞান নহ’লে একোৱেই নহ’ব আৰু বিজ্ঞান নহ’লে গণতন্ত্ৰৰ চিন্তা-চৰ্চা বিলাকো ধ্বংস হ’ব। বিজ্ঞানৰ লগত ডেম’ক্ৰেচিৰ আইডিয়াটো খুব ওতপ্ৰোতভাৱে জড়িত। মুক্ত চিন্তাধাৰা ধৰা। ইটোৰ লগত সিটো খুব জড়িত। গতিকে সেইটোৱে এতিয়া আটাইতকৈ বিপদ হৈছে। মৌলিক গৱেষণা কিয় হোৱা নাই ইয়েই তাৰ প্ৰধান এটা কাৰণ আৰু এটা হ’ল চৰকাৰৰ যিটো বাধা৷ দেখ দেখ বাধা।সিয়ে আমাক বিপদত পেলাইছে। 

প্ৰশ্ন: আৰ্থ-সামাজিক দিশসমূহৰ আলোচনা-বিলোচনাত পৰিলক্ষিত হোৱা ভাববাদ আৰু বস্তুবাদৰ বিৰোধ আৰু পাৰ্থক্যৰ কথা সৰ্বজনবিদিত। তেনে বিৰোধৰ প্ৰসংগতেই আপোনাৰপৰা আমি এটা চিত্তাকৰ্ষক কথা জনাবলৈ পালে বৰ উপকৃত হ’ম। প্ৰশ্নটো হৈছে, বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত তেনে দৰ্শনগত বিৰোধ-পাৰ্থক্য পৰিলক্ষিত হয়নে?
প. ম. : এই কথাটো মই ভাবি চাইছোঁ। মই যেতিয়া বিজ্ঞানৰ বুৰঞ্জী পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া এইবিলাক কথা মাজে মাজে ওলায়। বিজ্ঞানৰ বুৰঞ্জীত দেখিলোঁ যে, বিজ্ঞান কৰা মানুহবিলাকৰ এটা দৰ্শন থাকে। কোনে কেনেকৈ কামটো আৰম্ভ কৰিছে। তেওঁলোকৰ যিটো চিন্তাধাৰা যিটো মাইণ্ডচেট্‌ তাৰপৰা আচলতে এইবিলাক কথা ওলাই যায়। কিন্তু যিটো ভাববাদ বা বস্তুবাদ সেইবিলাকৰ কথা চাগে মানে বিজ্ঞান কৰোঁতে সাংঘাটিকভাৱে প্ৰভাৱ নেপেলায় যেন পাইছোঁ। এবাৰেই কৰিছিল। ৰাছিয়াত লাইফ চায়েন্সৰ ক্ষেত্ৰত হৈছিল। তেওঁলোকে অলপ বস্তুবাদৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ একধৰণৰ নতুন থিয়ৰী দিছিল লাইফ চায়েন্সৰ ক্ষেত্ৰত। Lysenko Affaire বুলি কয়। বিজ্ঞানীজনৰ নাম Lysenko আছিল। কিন্তু সেইটোৱে পিছত গম পোৱা গ’ল যে ৰাছিয়ান চায়েন্সক বহুত পিছলৈ লৈ গ’ল। সেইটোৱে একমাত্ৰ মই জনাত বিবাদ এটা হৈছিল। তাৰ উপৰিও দুটামান বিবাদ হয়। সেইটো ঠিক ভাববাদ বা বস্তুবাদৰ সম্পৰ্কে নহয়। যেনেকৈ নিউটন আৰু অইলাৰ তেওঁলোকে একেটা বস্তুকে উদ্ভাৱন কৰিছিল। কেলকুলাছ। কেলকুলাছে আধুনিক বিজ্ঞানক বহুত ওপৰলৈ লৈ গ’ল। এতিয়া নিউটনে ক্লেইম কৰিলে ইজনে ক্লেইম কৰিলে প্ৰথম বুলি। এনেকৈ বহুদিন চলি থাকিল। এওঁলোক দুজনৰ মাজত। মানে এতিয়াও চলি থাকে। কিছুমানে অইলাৰৰ কথা কয়। কিছুমানে নিউটনৰ কথা কয়। তাৰ পাছত বোধহয় ঊনৈশ শতিকাৰ শেষৰফালে জাৰ্মানী আৰু ইংলেণ্ডত। ইলেকট্ৰন। ইলেকট্ৰনৰ আৱিষ্কাৰ হৈছে ১৯০৩ চনত। ব্ৰিটিছ এজনে কৰিছে। থমচন বুলি এজনে কৰিছে। কিন্তু তাৰ আগতে যিখিনি এক্সপেৰিমেণ্ট কৰিলে, ব্ৰিটিছবিলাকে এইটো ঠিক এইটো পাৰ্টিকুল হিচাপে চাবলৈ বুলি এক্সপেৰিমেণ্টটো কৰিছে। জাৰ্মানীত বস্তুটো ওলোটা হ’ল। তেওঁলোকে ভাবিছিল যে এইটো পাৰ্টিকুল নহয় এটা ওৱেভহে বা বেলেগ এটা এনটিটি এইটো পাৰ্টিকুল হ’বই নোৱাৰে। গতিকে সেইধৰণৰ। এক্সপেৰিমেণ্টবিলাক তেনেকৈয়ে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে। আৰু দুই-এটা হৈছে। যেতিয়া বেছিকৈ নোৱাৰে তেতিয়া ধৰা এইটো এক্সপেৰিমেণ্টৰ কিবা ভুল আছিল। তেনেকৈ কৈ থয়। কিন্তু সেই যুঁজ এখন লাগি আছিল। আৰু চায়েন্সৰ আটাইতকৈ ডাঙৰ কথা হ’ল এক্সপেৰিমেণ্টয়ে যি কয় সেইটোৱেই ডিচাইডাৰ। এক্সপেৰিমেণ্ট যাৰ পক্ষে যাব তেওঁলোকেই জয়ী হ’ব। সেইফালৰপৰা মানে আমাৰ ফালৰপৰা কাজিয়া কৰি থাকিলেও বৰ বেছি লাভ নহ’ব। যি জন শুদ্ধ বুলি এক্সপেৰিমেণ্ট ডিটাৰমিন কৰিব তেওঁলোকেই আগবাঢ়ি যায়। আনহাতে ইণ্টাৰনেল যিটো সাহিত্যতে বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক যিটো দ্বন্দ্ব সেইটো ইয়াত দেখা নাযায়। মই ভাবোঁ। মানুহবিলাক অনুপ্ৰাণিত হয় বেলেগ বেলেগ চ’ৰ্চৰ পৰা। ধোঁৱা দেখি উতলি থকা বাষ্প দেখি ষ্টিফেনচনে ৰে’লৰ ইঞ্জিনৰ কথা ভাবিলে। নহয় জানো? তেনেকুৱা ধৰণৰ। তেনেদৰেই বহুতে অনুপ্ৰেৰণা কিছুমান পায়। সেইমতে কাম কৰি সফল হয়। 

প্ৰশ্ন: আপুনি মাতৃভাষা মাধ্যমতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০য়ে মাতৃভাষাত শিশুক শিক্ষাদানৰ পোষকতা কৰিছে। এয়া নিসন্দেহে ইতিবাচক পদক্ষেপ বুলি ক’ব পাৰি। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিজ্ঞান শিক্ষালৈও নতুনত্ব অনাৰ প্ৰয়াস কৰিছে। এতিয়া প্ৰশ্ন হ’ল, মাতৃভাষাত বিজ্ঞান শিক্ষা কিমানদূৰলৈ সম্ভৱ? আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ জৰিয়তে ভাৰতবৰ্ষৰ বিজ্ঞান শিক্ষা আৰু চৰ্চাৰ ক্ষেত্ৰখনলৈ এক ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছেনে?
প. ম. : এইটো সম্ভৱ নহ’ব বৰ্তমান। ভাষাটো অলপ আগবাঢ়িব লাগিব। মই আগতেই কৈছোঁ যে বিজ্ঞানৰ ধাৰণা শব্দৰ জৰিয়তে প্ৰকাশ কৰা যায়। যেতিয়া তাৰ উপযুক্ত শব্দই নাথাকিব ধাৰণাটো প্ৰকাশ কৰিম কেনেকৈ? আত্মস্থ কৰিম কেনেকৈ? মাতৃভাষাত শিকাবলৈ লোৱাটো খুবেই ভাল। কিন্তু টেকনিকেলি তেওঁলোকে কৰিব জানো? যিখিনি দেখিছোঁ সেইটো কৰিবলৈ আগ্ৰহ নাই অকণো। বিশেষকৈ অসমত। কিন্তু এটা কথা ঠিক অতি কমেও ক্লাচ টেইনলৈকে যদি বিজ্ঞান পাৰি অসমীয়াতে পঢ়াব লাগে। এইটো কৰিলে আন নহ’লেও ল’ৰাবিলাকৰ বিজ্ঞানৰ প্ৰতি এটা ধাউতি আহিব। নিজে চিন্তা কৰিব পাৰিব। 

প্ৰশ্ন:মানে প্ৰাৰম্ভিক পৰ্যায়ত পাৰি বুলি আপুনি ক’ব বিচাৰে। তাত্ত্বিক কথাবোৰ ?
প. ম. :বেচিকেলি জানা, চায়েন্স বহুত যে আগবাঢ়ি গৈছে সেইটো নহয়। হৈছে হয় কিন্তু ওপৰৰখিনি কমপ্লিকেটেড হ’লেও প্ৰাথমিক যিখিনি ধাৰণা সেইখিনি আচলতে এইখিনি সময়তে শিকা যায়। গতিকে এইখিনি সময়ত যদি ধাৰণাটো ভালকৈ মনত থাকে বা বুজি পায় তেতিয়া হ’লে পাছত সহজে আগবাঢ়ি যাব পাৰি। মই ভাবোঁ ক্লাছ টেইনলৈকে অসমীয়াত বা মাতৃভাষাত বিজ্ঞান শিকোৱাটো খুব দৰকাৰ। 

প্ৰশ্ন:আজিৰ তাৰিখতো আমি অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিষয়ে আলোচনা কৰিবলগা হৈছেহৈছে। এয়া নিশ্চয়কৈ হতাশাজনক। আপুনি এটি বক্তৃতানুষ্ঠানত সঠিকভাৱেই কৈছিল যে, বিপদ তেতিয়া হয় যেতিয়া অন্ধবিশ্বাস ঘোৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত হৈ পৰে। এনে ধৰ্মীয় অন্ধবিশ্বাসৰপৰা ৰেহাই পোৱাৰ বা মুক্ত হোৱাৰ বাট আছেনে?
প. ম. :মই কোনো আশা দেখা নাই আচলতে। যিধৰণে ধৰ্মই হেঁচা দিছে আনকি ষ্টেটেও যিধৰণে ধৰ্মক আনিছে মানুহৰ জীৱনলৈ। এটা কথা বিজ্ঞান ভালপোৱা মানুহ বা গণতন্ত্ৰক ভালপোৱা মানুহে ইয়াৰ বিৰুদ্ধে কিবা এটা কৰিবই লাগিব। কিবা ষ্টেপ ল’ব লাগিব কিছুমান। অন্ধবিশ্বাস আতঁৰাবৰ কাৰণে। এয়া বোধহয় প্ৰাথমিক কামৰ নিচিনাই হ’ব। 

প্ৰশ্ন:ধৰ্ম আৰু ঈশ্বৰ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ?
প. ম. : এইটো আটাইতকৈ টান প্ৰশ্ন। কিন্তু মই এইটো ক’বলৈ ভালে পাম চাগে। মই হ’লোঁ সত্ৰত ওপজা সেইকাৰণে মানে কৃষ্ণ থাকেই। ককাই ৰাতিপুৱা ৰাতিপুৱা গাখীৰ লৈ কৃষ্ণ ধুৱায়। দেখিছোঁ। তাতকৈ মাহ-চাউলৰ লোভতে (হাঁহি) হয়তো তালৈ গৈছোঁ।ভাওনা দেখিছোঁ। কিন্তু মই চিৰিয়াছলি চিন্তা কৰিছোঁ আচলতে। চিৰিয়াছলি মানে এটা ডিচ্‌কাচন আৰু। এবাৰ ১৯৮৭ত আমি, Schrodinger বুলি এজন বিজ্ঞানী আছিল। তেওঁৰ চেণ্টিনেৰি পাতিছিলে মধ্যপ্ৰদেশৰ এখন ইউনিভাৰ্চিটিত। আহোঁতে আমি কেইবাজনো উত্তৰ ভাৰতৰ একেলগে একেটা ডবাতে আহিলোঁ। মোৰ লগত আহিছিল সিন্‌হা বুলি এজন। পিছত তেওঁ খুব ফেমাছ হ’ল। ‘কনচেপ্ত অৱ্‌ ফিজিক্স’ বুলি এখন কিতাপ লিখিছে। এইখন খুব পপুলাৰ। এইখনৰপৰা তেওঁ কোটি কোটি টকা লাভ কৰিছে। এতিয়াও সেইখন চলি আছে। সেই মানুহজন খুব আড়ম্বৰহীন। ধুনীয়াকৈ কথা-বতৰা পাতে। তেওঁ মোক সুধিলে৷ কেলৈ মোক টাৰ্গেট কৰিলে ক’ব নোৱাৰোঁ। তুমি বিশ্বাস কৰা ঈশ্বৰ? এনেকৈ ডাইৰেক্‌ট প্ৰশ্ন কৰিলে দিগদাৰ হয়তো। (হাঁহি) পাছত দেখিছোঁ যে ঈশ্বৰ তুমি নাই বুলি ক’লেও কেতিয়াবা কি হয় যেতিয়া খুব সাংঘাটিক বিপদ এটা আহে তুমি নিজে একো কৰিব নোৱাৰা তেতিয়া গৈ থৈ ঈশ্বৰকে খাটিৰ কৰিবলগা হয়। তেনেকুৱা মুহূৰ্ত মোৰ জীৱনলৈ দুই-তিনিবাৰ আহিছে। আচ্চা। সেইটো বাদ। নৰমেলি, মই এইটো কৈছিলোঁ যে ঈশ্বৰ বুলি কোনো এক ঠিক একজেক্ট বিশ্বাস কৰিবলৈ টান পাওঁ। নোৱাৰোঁ। কিন্তু তেতিয়া তেওঁলোকে কয় যে এইবিলাক কেনেকৈ হৈছে। ইমান ঘটনা ঘটিছে এইবিলাক কেনেকৈ হ’ল? কি কথা? কিবা এটাটো থাকিব লাগিব। স্ৰষ্টা। স্ৰষ্টা বুলি কথা নাই। আমি ফিজিক্সৰ Law বিলাক জানো। পৃথিৱীৰ আচৰণবিলাক দেখিছোঁ। Nature’s Law সেইবিলাকেইতো আমাক বান্ধি ৰাখিছে। গতিকে সেইবিলাকৰ বাহিৰে একো থাকিব নোৱাৰে। আমি যেনেকৈ সৃষ্টি হৈছোঁ তেনেকৈ Law বিলাকৰ প্ৰয়োগৰ ফলতে আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডখনো সৃষ্টি হৈছে৷ মানুহৰো বা জীৱৰ তেনেকৈ সৃষ্টি হৈছে। সেইফালৰপৰা ঈশ্বৰ নোহোৱাকৈও চলি যায় আমাৰ। এইখিনি কথা। কিন্তু মোক যদি কোনোবাই কয় যে, তুমি ঈশ্বৰ নামানিলে কেনেকৈ হ’ব? এটাই কথাই ক’ব লাগিব যে এইযে এই Law বিলাকেই ঈশ্বৰ। শক্তি। সাধাৰণতে Law বিলাক শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। শক্তিয়ে অনা-নিয়া কৰে বা Conserve হৈ থাকে। গতিকে, শক্তিটোকেই ঈশ্বৰ বুলি ধৰি লোৱা মানে প্ৰকৃতিৰ Law বিলাকেই যদি ঈশ্বৰ তেতিয়া হয় that is God। তুমি ঈশ্বৰ বোলা যি বোলা মোৰ কোনো আপত্তি নাই। সেইটো ময়ো বিশ্বাস কৰোঁ nature’s laws are there। সেইবিলাক নোহোৱাকৈ পৃথিৱীখন নচলে। সেইফালৰ পৰা যদি মোক কোনোবাই ঈশ্বৰৰ কথা সোধে আৰু ঠেলি হেঁচি লৈ যায় বিশ্বাস কৰক নকৰক, তেতিয়া মই এইটোৱে কৰোঁ। 

প্ৰশ্ন:নতুন প্ৰজন্মক লৈ আপুনি আশাবাদী নে? এখন প্ৰগতিশীল, সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মক আপুনি কি পৰামৰ্শ আগবঢ়াব?
প. ম. :মই ডেকা শক্তিক ভালেই পাওঁ। বেছ সপ্ৰতিভ মানুহবিলাক আজিকালি৷ আৰু আমাতকৈ বহুত কথা জানে তেওঁলোকে আচলতে জনাৰ উপায়ো আছে। ইণ্টাৰনেট হ’ল। আৰু তেওঁলোক নিজৰ মাজতে চাগৈ বহু চিন্তিতও হয় যে– ভৱিষ্যতে কি কৰিব নকৰিব, কোনটো ভাল বা বেয়া। এইবিলাক তেওঁলোকে ভাবি ল’ব পৰা হৈছে যেন পাইছোঁ। এইবিলাক কিমান শুদ্ধ বা অশুদ্ধ সেইটো ক’ব নোৱাৰোঁ। কিন্তু তেওঁলোকে এইটো জানে যে তেওঁলোকে নিজক ডিচাইড কৰিব পাৰে। সেইমতে বহুতে গৈছে। বহুতে খুবেই ভাল কৰিছে। কিছুমান হয়তো বিপথে গৈছে। সেইফালৰপৰা পূৰা বিশ্বাস আছে। কিন্তু তাৰ মাজতে যে কিছুমান ঘটনা ঘটে ধৰা কেইজনেনো সমাজৰ ভালবোৰ কৰিব পাৰিছে। কমসংখ্যক ল’ৰা-ছোৱালীয়েহে এইবোৰ সা-সুবিধা পায় নিজৰ মতে কৰিব পাৰে৷ বাকীবিলাকে, যিবিলাকে সুবিধা পোৱা নাই– তেওঁলোকে কি কৰিব! হা-হুমুনিয়াহত ভূগিব। সেইকাৰণে মোৰ বৰ চিন্তা লাগে। গাঁৱৰ স্কুল কলেজবিলাকত যিবিলাকে পঢ়ি আছে তেওঁলোকৰ মন-চনবোৰতো দুখ কৰি থাকে। তেওঁলোকলৈ মোৰ বৰ দুখ লাগে। আমি যেন কৰিবপৰা একোৱেই উপায় নাই। অথচ যিবিলাক আগবাঢ়ি যাব পাৰিছে, তেওঁলোকৰ প্ৰতি মই খুব আশাবাদী৷ আৰু এটা কথা, মই নতুন প্ৰজন্মটোক ক’ব খুজো আচলতে– ভাষাটো এৰি নিদিবা তোমালোকে। আমাৰ গোটেই জাতিটোক জীয়াই ৰাখিছে ভাষাটোৱে। আমি যদি ভাষাটো এৰি দিওঁ, ভাষাটোৰ প্ৰতি যদি আমাৰ কোনো আৱেগ নাথাকে– তেন্তে জাতি হিচাপে আমি থাকিব নোৱাৰিম। আৰু জাতিক লৈ আমাৰ যিটো চিন্তা সেইটো যদি আমি এৰি দিওঁ– আমাৰ দেখোন পোতন নাইকিয়া হ’ব৷ গতিকে আমাক এইটোৱে কিন্তু বিৰাট অসুবিধাত পেলাব৷ এই কথাটো অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। 

প্ৰশ্ন:  ‘মুক্ত চিন্তা’ আলোচনীখনে অসমত নব্য মাধ্যমত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ-প্ৰচাৰৰ অৰ্থে পাৰ্যমানে কাম কৰি আছে, আলোচনীখনৰ প্ৰতি আপোনাৰ কিবা পৰামৰ্শ বা ক’বলগীয়া?
প. ম. : মই বিশেষ পৰামৰ্শ দিবলগীয়া নাই৷ আলোচনীখন অলপতে চাইছোঁ আৰু দেখিছোঁ। প্ৰতিটো ইছ্যুতে বিজ্ঞানৰ ভাল ভাল প্ৰবন্ধ প্ৰকাশ পাইছে৷ সেইখিনি দৰকাৰী কথা আৰু এটা কাম কৰিব পাৰি চাগৈ, ভাবিবাচোন– ছাত্ৰ-ছাত্ৰীৰ কাৰণে পৃথক শিতান এটা– তেওঁলোকৰ পৰা প্ৰবন্ধ পাতি প্ৰকাশ কৰা বা কমপিটিশ্যনৰ নিচিনা কিবা যদি কৰিব পৰা যায়, তেন্তে মানুহে ভাল পাব। তেতিয়া মানুহৰ মাজত আৰু অলপ প্ৰচাৰ হ’ব। কিন্তু মই এতিয়ালৈকে যিখিনি দেখিছোঁ, তোমালোকে খুব ধুনীয়াকৈ বিজ্ঞানৰ বহুতো দৰকাৰী কথা সংৰক্ষণ কৰিছা৷ শুভকামানা জনাইছোঁ। 

4 thoughts on “বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক পৰমানন্দ মহন্তৰ সৈতে সাক্ষাৎকাৰ ‌।‌। সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা, ড॰ চন্দনজ্যোতি চুতীয়া

  • Jyotishma Nath

    বৰ সুন্দৰ সাক্ষাৎকাৰ । বহুতো নজনা কথা জানিব পাৰিলো । অনাগত দিনত”মুক্ত চিন্তা” ৰ যাত্ৰা অব্যাহত থাকক ।শুভকামনা …

    Reply
  • Sangita Gogoi

    সুন্দৰ সাক্ষাৎকাৰ ৷ ভাল লাগিল ৷ 💐💐

    Reply
  • বৰ সুন্দৰ এটা সাক্ষাৎকাৰ ৷ সংশ্লিষ্ট সকলোলৈকে ধন্যবাদ জনালো ৷ অসমত বিজ্ঞান প্ৰচাৰ আৰু বিজ্ঞান মনস্কতা প্ৰসাৰৰ ক্ষেত্ৰত মহন্ত চাৰৰ প্ৰচেষ্টাৰ কথা আমি জানো ৷ সক্ষাৎকাৰটোৱে বহু কথা সোৱৰাই দিলে আৰু কৰিবলগাখিনি পুনৰ বুজাই দিলে ৷ চাৰলৈ শ্ৰদ্ধা জনালো ৷

    Reply
  • গুঞ্জন শৰ্মা

    বৰ ভাল লাগিল। ‘মুক্ত চিন্তা’লৈ শুভেচ্ছা থাকিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *