নিবন্ধসম্পাদকীয়

সম্পাদকৰ টোকা :: অন্ধকাৰৰ মাজেদি স্পৰ্ধিত যাত্রা ।। কৌশিক দাস

আমাৰ সকলো সহৃদয় পাঠকক আনন্দৰে জনাইছোঁ যে ‘মুক্ত চিন্তা’ অন-লাইন আলোচনীখনে নটিকৈ বছৰ অতিক্রম কৰিলে। এইটি আলোচনীখনৰ দশম বছৰৰ প্রথম সংখ্যা। ২০১৫ চনৰ জুলাই মাহত আলোচনীখনৰ প্রথম সংখ্যাটোৰ প্রকাশ হৈছিল। এইবাৰৰ ‘মুক্ত চিন্তা’—মুঠ সংখ্যাৰ লেখেৰে—৪৪ নম্বৰ সংখ্যা। ‘মুক্ত চিন্তা’-ৰ প্রথম সংখ্যাত সুচিন্তিতভাৱে ঘোষণা কৰা হৈছিল, “যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য”।

ঘটনাক্রমে, ‘মুক্ত চিন্তা’-ই পাৰ কৰি অহা বছৰকেইটি ভাৰতবৰ্ষৰ সৈতে অসমৰো আৰ্থ-ৰাজনৈতিক আৰু সমাজ-জীৱনৰ প্রেক্ষাপটত অতিশয় সংকটপূৰ্ণ কাল বুলি বিতৰ্কাতীতভাৱে পৰিগণিত হৈ ৰ’ব। সেই সময়ৰ আৰম্ভণিৰ আগে-পিছে ভাৰতত ফেচিবাদৰ আগ্রাসনৰ পূৰ্বানুমান—অন্ততঃ তাৰ উক-মুকনিৰ কথা—চিন্তাশীল লোকসকলে কৰিছিল যদিও বহুতেই কথাটোৰ সুদূৰপ্রসাৰী আৰু ভয়ংকৰ দিশটো ভালদৰে অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাছিল। উদাহৰণ স্বৰূপে, ২০১৪-১৫ চনৰ কথা বাদেই, তাৰ বহু আগতে—১৯৯৩ চনত—অক্সফোৰ্ডৰ ইতিহাসবিদ তপন ৰায়চৌধুৰীয়ে ঘোষণা কৰিছিল যে ভাৰতত গৈৰিক ৰাজত্ব আৰু তৎজনিত নাৎসীবাদৰ আগ্রাসন অনিবাৰ্য; কিন্তু কথাটোত তেখেতৰ দুই-এগৰাকী বাঁওপন্থী বন্ধুৱে সেইবোৰ অনাহক দুশ্চিন্তা বুলিহে মত প্রকাশ কৰিছিল (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য: কৌশিক দাস, ভাৰতত ধৰ্মীয় সাম্প্রদায়িকতাৰ উৎস আৰু ৰাজনৈতিক ব্যৱহাৰ : এটি বিক্ষিপ্ত টোকা, আলাপ, সপ্তম সংখ্যা, অক্টোবৰ ২০২৩-২৪, পৃ:৭৬-৯১)। তাৰ বহু বছৰ পাছত—ফেচিষ্ট দল-সংগঠনৰ হাতলৈ ৰাজনৈতিক ক্ষমতা হস্তান্তৰিত হোৱাৰ পাছতো—ফেচিবাদৰ ভয়াবহতাৰ সংক্রান্তত সৰ্বসাধাৰণ মানুহৰ মনলৈ বিশেষ আৰ্থ-ৰাজনৈতিক সচেতনতা আহিছিল বুলি ধাৰণা নহয়। ড হীৰেন গোহাঁইদেৱে ২০১৬ চনত কোৱা কথা এটিয়ে পৰিস্থিতিটো সুন্দৰকৈ প্রকাশ কৰিছে, “গভীৰ সংকটৰ গৰাহত আমাৰ সমাজ। কিন্তু কথাটো ইমান নিঃশব্দে-নীৰৱে হৈ আছে যে তাৰ মাজত থকা ৰাইজেই কথাটোৰ উমান পোৱা নাই” (দ্রষ্টব্য: ড০ হীৰেন গোহাঁই, সমাগত সংকট, পাতনি, মুক্ত চিন্তা প্রকাশন, যুক্তি-বিকাশ সমিতি, অসম, ২০১৬)।

সমাজৰ সিংহভাগ মানুহে উমান নাপালেও, ফেচিবাদী আগ্রাসনৰ বিষবাষ্প সমাজৰ অলি-গলিৰ বতাহত ইতিমধ্যেই মিহলি হৈ পৰিছিল। গতিকে একো আচৰিত কথা নহয়, ‘মুক্ত চিন্তা’-ই পাৰ কৰি অহা বছৰকেইটিত দেখা গৈছে যে দেশৰ চৌদিশে মুক্ত চিন্তা, যুক্তিবাদী চিন্তা-চৰ্চা, বিজ্ঞানমনস্কতা আদিক মাটিত মিহলাই পেলাবলৈ অহৰহ চেষ্টা চলাই গৈছে প্রভূত ক্ষমতা হস্তগত কৰা চূড়ান্ত সোঁপন্থী মহলটোৱে। তেনে দুষ্কাৰ্যৰ সূচনা প্রতিক্রিয়াশীল শক্তিটোৱে ৰাজনৈতিক ক্ষমতা দখলৰ আগে আগে আৰম্ভ কৰিলেও, সেইসমূহৰ দ্রুতি ভয়াবহভাৱে বৃদ্ধি পালে সিহঁতে নিৰংকুশ শাসন-ক্ষমতা হস্তগত কৰাৰ পিছৰে পৰা। কোনো সন্দেহ নাই, তেনে প্রচেষ্টাত ফেচিষ্ট দল-সংগঠনবোৰে অভাৱনীয় সফলতাও লাভ কৰিলে। প্রগতিশীল মতাদৰ্শ, সামাজিক সংহতি, সুস্থ সামাজিক পৰিৱেশ আদি এই সময়চোৱাত বৰ বেয়াকৈ আক্রান্ত হৈ পৰিল। আৰম্ভণিৰ পৰাই ‘মুক্ত চিন্তা’-ৰ অন্যতম প্রধান উদ্দেশ্য আছিল বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসাৰ। কিন্তু যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ কথা বাদেই, পশ্চাৎমুখী প্রতিক্রিয়াশীল মহলৰ হেঁচাত এই সময়চোৱাত খোদ বিজ্ঞানৰেই অগ্রগতিৰ বাট সমগ্র দেশতেই সংশয়াচ্ছন্ন হৈ পৰিল। মানুহৰ মনৰ বহু গভীৰলৈ সুমুৱাই দিয়া হ’ল ধৰ্মীয় সাম্প্রদায়িকতাৰ বিদ্বেষভৰা চিন্তা-ভাবনা। এনে এটা নেতিবাচক পটভূমিত—য’ত “যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্য”-ৰ ওপৰত ভয়াবহ আক্রমণ সংঘটিত হৈ আহিছে—তেনে সময়ত আলোচনীখনি সুচাৰুৰূপে প্রকাশ কৰি থাকি, তাৰ ঘোষিত লক্ষ্য পূৰণ কৰাটো যে এটা ডাঙৰ প্রত্যাহ্বান—সেইটো বহলাই কোৱাৰ সকাম নাই। অৱশ্যে, প্রত্যাহ্বানেৰে ভৰা পৰিস্থিতিয়ে মনলৈ প্রতিৰোধমূলক উদ্যমো কঢ়িয়াই আনে। আলোচনীখনৰ সৈতে জড়িত সুধীবৃন্দ আৰু শুভাকাংখীসকলৰ তেনে উদ্যম-উদ্দীপনাক সম্বল-সাৰথি কৰিয়েই ‘মুক্ত চিন্তা’-ই দশম বছৰত ভৰি থৈছেহি। সেইটো দিশৰ পৰা এইটো লিখাৰ প্রথম বাক্যটিত কোৱাৰ দৰেই—প্রতিকূল পৰিস্থিতিৰ মাজত আলোচনীখনে দশম বৰ্ষত প্রৱেশ কৰাটো নিশ্চয় আনন্দদায়ক কথাই। আলোচনীখনিৰ নিয়মীয়া প্রকাশ প্রকৃততে হৈছে চৌদিশৰ অন্ধকাৰৰ মাজেদি এমুঠি মানুহে কৰা স্পৰ্ধিত যাত্রাৰ পৰিণতি।

কিন্তু অন্য দিশ কিছুমানলৈ ভালদৰে লক্ষ্য কৰিলে তেনে আনন্দ কিছু ম্লান পৰি যাব। আলোচনীখনৰ প্রথম বছৰৰ প্রথমটো সংখ্যাৰ সম্পাদকীয়ত আমি এইদৰে ক’বলৈ প্রয়াস কৰিছিলোঁ, “এনে পটভূমিত আমি অনুধাৱন কৰা উচিত যে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ সুষম প্রচাৰ আৰু প্রসাৰৰ সৈতে সামাজিক শক্তি আৰু আৰ্থ-ৰাজনৈতিক ক্ষেত্রখনো অংগাংগীভাৱে সম্পৰ্কিত হৈ আছে। এনে দিশসমূহক পৰিৱৰ্তনকামী বিজ্ঞানমনস্ক যুক্তিবাদীসকলে কেতিয়াও অগ্রাহ্য কৰা উচিত নহ’ব। কাৰণ, সমাজ-পৰিৱৰ্তনৰ মূল সংগ্রামৰপৰা প্রকৃততে যুক্তিবাদী আন্দোলনক পৃথক কৰিব নোৱাৰি। আমি অনুধাৱন কৰিব লাগিব, বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ প্রকৃততে কোনো নিৰালম্ব বৌদ্ধিক কচৰৎ নহয়, ইয়াৰ প্রায়োগিক দিশটো শোষিত শ্রেণীৰ মুক্তি-সংগ্রামৰ সৈতে সম্পৰ্কিত (কৌশিক দাস, সম্পাদকৰ টোকা : বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসংগত, মুক্ত চিন্তা, প্রথম বছৰ, প্রথম সংখ্যা, ২০১৫। লিখাটো প‌ঢ়িবলৈ ইয়াতে টিপক)। বিগত এটা দশকত আমাৰ চৌদিশৰ সমাজখনত উপৰিউক্ত দিশটোৰ অগ্রগতি কেনেকুৱা‌, তাৰ প্রাসংগিকতাই বা কিমান? কোৱা বাহুল্য, তেনে প্রশ্ন উত্থাপিত হ’ব এটা বহল আৰু সামগ্রিক পটভূমিত—তাত এখন ক্ষুদ্র পৰিসৰৰ অন-লাইন আলোচনীৰ ভূমিকা কিমান, সেইটো এটা ভিন্ন প্রসংগ। উল্লেখ কৰি আহিছোঁ যে ক্ষুদ্র আলোচনীখনিৰ বৰ্ষপূৰ্তিৰ কথাই এটা দিশৰ পৰা আনন্দ দিলেও, সংশ্লিষ্ট প্রাসংগিক দিশ এটাই বহুতকে উদ্বিগ্নও কৰি তুলিব। কথাটো চমুকৈ আলোচনা কৰা যাওক।

কোৱা বাহুল্য হ’ব যে অসমীয়া ভাষাৰ কাকত-আলোচনী-গ্রন্থত দেৱকান্ত সন্দিকৈ, দীনেশ চন্দ্র গোস্বামী আদিৰ দৰে অমাৰ্ক্সবাদী খ্যাতিমান লেখকৰ অজস্র ৰচনাত বহু দিন আগৰে পৰাই অন্ধবিশ্বাসৰ বিৰুদ্ধে যুক্তিৰ শাণিত আৰু শালীন প্রয়োগ দেখিবলৈ পোৱা গৈছিল। ঐতিহাসিক-সমাজতাত্ত্বিক দিশৰ কোনো স্পষ্ট বিচাৰ-বিশ্লেষণ তেওঁলোকৰ ৰচনাত দেখা নগ’লেও, উপস্থাপনৰ অভিনৱ শৈলী আৰু প্রাঞ্জল ভাষাই সেইসমূহক বৰ মনোগ্রাহী আৰু জনপ্রিয় কৰি তুলিছিল। অন্যহাতেদি, অসমত বহু দশকৰ আগৰে পৰাই—মাৰ্ক্সবাদৰ বিভিন্ন সঁজুলিৰ জৰিয়তে—প্রসেনজিৎ চৌধুৰী, শিৱনাথ বৰ্মন, ইন্দিবৰ দেউৰী, হৰেন্দ্র নাথ শৰ্মা আদি মননশীল মেধাজীৱীয়ে যুক্তিবাদী আলোচনাত বহুতো চিত্তাকৰ্ষক আৰু মহামূল্যবান তত্ত্ব-তথ্য পোহৰলৈ আনিছিল; তেওঁলোকৰ ৰচনাৱলীত অতীত আৰু বৰ্তমানৰ গভীৰ সমাজতাত্ত্বিক বিচাৰ-বিশ্লেষণৰ সৈতে সমাজৰ ভৱিষ্যতৰ ৰূপৰেখাৰ চিন্তা-চৰ্চাও চিত্রায়িত হৈ আছে। তেনে বিচাৰ-বিশ্লেষণে বিভিন্ন অন্ধবিশ্বাসৰ লগতে ধৰ্মৰ মূল প্রমেয়সমূহৰ ওপৰতো প্রচণ্ড আঘাত হানিছিল, উন্মোচিত হৈছিল সেইসমূহৰ আঁৰত থকা বিচিত্র আৰু বৈচিত্র্যময় বিভিন্ন আৰ্থ-সামাজিক পটভূমি। মাৰ্ক্সবাদীয়েই হওক, কিম্বা অমাৰ্ক্সবাদীয়েই হওক—পূৰ্বজ মননশীল তেনে লেখকসকলৰ ৰচনাই অসমত বিজ্ঞানমনস্ক আৰু যুক্তিবাদী চিন্তা-চৰ্চাৰ বাটৰ আঁৰ কাপোৰ উন্মোচন কৰিছিল, সেইটি পথেৰে আগবাঢ়িবলৈ বহুতকে অনুপ্রাণিত কৰিছিল। সেই ক্ষেত্রত মাৰ্ক্সবাদী মেধাজীৱীসকলৰ অৱদান অতি বেছি; তেওঁলোকৰ চিন্তা-চৰ্চাই অন্ধবিশ্বাস আৰু ধৰ্মীয় দৰ্শনৰ অযৌক্তিকতা যে বলিষ্ঠভাৱে উদঙাই দেখুৱালে, সেইটো বোধকৰোঁ পুনৰ নক’লেও হ’ব। তাতোতকৈও ডাঙৰ কথা, ধৰ্ম-ঈশ্বৰ-অন্ধবিশ্বাস আদিৰ ক্ষেত্রত বিভিন্ন নৃতাত্ত্বিক, ঐতিহাসিক, আৰ্থ-সামাজিক ইত্যাদি কাৰকে কিদৰে নিৰ্ণায়ক ভূমিকা গ্রহণ কৰে, ধৰ্মৰ সৈতে শোষণ-শাসনৰ সম্পৰ্ক কি—তেনে গুৰুতৰ আৰু জৰুৰী দিশসমূহ তেওঁলোকৰ ৰচনাই মুকলি কৰি দিলে। তাৰ লগে লগে কিন্তু আমি মনত ৰাখিব লাগিব, যদিও অমাৰ্ক্সবাদী যুক্তিবাদী লেখকসকলে তেওঁলোকৰ ৰচনাত সমাজতাত্ত্বিক, আৰ্থসামাজিক দিশবোৰ অপাংক্তেয় কৰি ৰাখিলে, তথাপি তেওঁলোকৰ সহজ-সৰল বিচাৰ-বিশ্লেষণে অন্ধবিশ্বাসবোৰৰ ভিত্তিহীনতা কেনেকৈ উন্মোচন কৰিব লাগে, তাৰ যৌক্তিক ঢাপবোৰ কি—সেইবোৰ কথা বহুতৰ মনত গভীৰভাৱে প্রোথিত কৰিবলৈ সক্ষম হৈছিল। দুয়োটা মাৰ্গৰ মাজেদিয়েই অসমৰ একাংশ মানুহৰ মনত বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ মুকুলোদ্গম ঘটিছিল।

অৱশ্যে আমি উক্ত প্রসংগত অন্য কাৰকসমূহৰ পৰা দৃষ্টি আঁতৰাই আনিলে ভুল হ’ব। অস্থিৰ-উত্তাল সত্তৰ দশকৰ অন্তত আহিছিল কুখ্যাত অসম আন্দোলন। নানাবিধ অযুক্তিৰ উদ্গাতা সেই আন্দোলনৰ এটা প্রধান চৰিত্র আছিল মাৰ্ক্সবাদ বিৰোধিতা। যুক্তিবাদী চিন্তা-চৰ্চাৰ মুকলি পৰিৱেশ সমূলি বিনষ্ট কৰা আন্দোলনটিৰ এটা লজ্জাজনক পৰিণতি সকলোৱে দেখিছিল। তাৰ কেইবছৰমানৰ পাছতেই ভাৰতবৰ্ষৰ দুৱাৰত টুকুৰিয়াবলৈ আৰম্ভ কৰিছিল এটি পৰম শক্তিধৰ অনাহুত আগন্তুকে—সূচনা হৈছিল বিশ্বায়নৰ প্রচণ্ড আগ্রাসনৰ যুগ। বৈশ্বিক প্রেক্ষাপটতো বহুতো যুগান্তকাৰী ঘটনা সংঘটিত হৈছিল। তাৰ মাজত সকলোতকৈ গুৰুতৰ ঘটনাটো আছিল ছোৱিয়েট য়ুনিয়নৰ শিবিৰটোৰ অৱলুপ্তি। মহাচীনেও মাওৰ ধাৰা সলাইছিল। মাত্র দুটিমান দশকৰ ভিতৰতে অহা তেনে পৰিৱৰ্তনৰ দ্রুতি আছিল অতি চমক্‌প্রদ, অভাবনীয় আৰু নাটকীয়। ঘটনাবোৰে বহুতো মানুহক নানান কথা নতুনকৈ ভাবিবলৈ উদ্বুদ্ধ কৰিছিল, মানসিক জাড্যৰ সংকীৰ্ণ পৰিসীমাৰ পৰা ওলাই বহুতেই চিন্তাৰ পুনৰ্গঠনত ব্রতী হৈছিল। অসমত যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ প্রসাৰৰ কথাটো এইসমূহ সামাজিক-ৰাজনৈতিক ঘটনাৱলীৰ পৰা বিচ্ছিন্নকৈ চাব নোৱাৰি। উদাহৰণ এটি দিলে কথাটো স্পষ্ট হ’ব। বিশ্বায়নৰ বিবিধ কুপ্রভাৱৰ কথা শুভবুদ্ধিসম্পন্ন মানুহৰ বাবে তৰ্কাতীত। কিন্তু বিশ্বায়নে যে কিছুমান ৰক্ষণশীল আৰু ক্ষতিকাৰক ধ্যান-ধাৰণাৰ ওপৰত মাধমাৰ সোধালে, সেইটোও সঁচা। যৌনতা, বিবাহ, পৰিয়াল, ব্যক্তি-স্বাধীনতা আদিৰ প্রসংগত এনে কিছুমান প্রশ্ন উত্থাপিত হ’ল, যিবোৰৰ কথা অসমৰ দৰে প্রান্তীয় প্রদেশ এখনৰ সৰ্বসাধাৰণ মানুহে আগতে ভাবিবই পৰা নাছিল। ৰক্ষণশীলতাৰ ওপৰত তেনে প্রচণ্ড অভিঘাতৰ অন্যতম পৰিণতিত যে সমাজলৈ সংকীৰ্ণ ব্যক্তিকেন্দ্রিক মাৰ্কিন উৎকেন্দ্রিকতাই অনুপ্রৱেশ কৰিছিল, তাক অস্বীকাৰ কৰাৰ প্রশ্ন নুঠে। কিন্তু ৰক্ষণশীলতাৰ পশ্চাৎসৰণৰ পাৰ্শ্ব-পৰিণতিত যে বহু ক্ষেত্রত চিন্তাৰ উন্মুক্ততাৰো সূচনা হৈছিল, সেইটো কথাও আমি লক্ষ্য কৰিব লাগিব।

বিগত দহ-পোন্ধৰ বছৰৰ আগতে আমাৰ মাজলৈ আৰু এটি অতি গুৰুত্ত্বপূৰ্ণ কাৰকৰ আগমন হৈছিল। ইণ্টাৰনেটৰ জৰিয়তে আমাৰ সমাজখনত ভূমুকি মাৰিছিল ফে’চবুকৰ দৰে শক্তিশালী সামাজিক মাধ্যমে। প্রকৃততে ফে’চবুকৰ জনপ্রিয়তা আৰু তৎজনিত বহুল ব্যৱহাৰ হৈছে সাম্প্রতিক সময়ৰ এটা অতি গুৰুত্ত্বপূৰ্ণ আৰু বহুমাত্রিক সামাজিক পৰিঘটনা। আৰম্ভণিতে কিছুমানে মাধ্যমটিক আচহুৱা যেন পাই তাৰ তেনেকৈ ব্যৱহাৰ কৰা নাছিল, কোনো কোনোৱে ফে’চবুকক মাত্র তৰল বিনোদনৰ মাধ্যম হিচাপেহে লৈছিল। অথচ, পৰিৱৰ্তিত পৰিস্থিতিত সামাজিক মাধ্যমৰ গুৰুত্ত্বৰ কথাটো কৰিৎকৰ্মা আৰু চতুৰ ফেচিষ্ট মহলটোৱে তৎক্ষণাত বুজি উঠিছিল, আৰু সেই মৰ্মে নিজৰ ভাবাদৰ্শৰ প্রচাৰ-প্রসাৰত ফে’চবুকৰ অবাধ ব্যৱহাৰ কৰিছিল—তাকো অতি সংগঠিত আৰু সুসংঘবদ্ধভাৱে। অজস্র কল্প-কাহিনী, হৰেক ৰকমৰ উৰাবাতৰি, ভুৱা আলোকচিত্র আদিৰ জৰিয়তে ধৰ্মীয় সাম্প্রদায়িকতাৰ ঘৃণা-বিদ্বেষৰ বিষবাস্প মানুহৰ মনত সুমুৱাই দিয়া হৈছিল। তাৰ লগে লগে কৰা হৈছিল ফেচিষ্ট নেতাৰ ভাবমূৰ্তি নিৰ্মাণৰ বাবে কৰা নিৰন্তৰ মিথ্যা প্রচাৰ। তাৰ বিপৰীতে—সেইসমূহক প্রতিহত কৰিবলৈ—সামাজিক মাধ্যমত প্রগতিশীল মহলটোৰ উপস্থিতি আছিল তেনেই নিস্প্রভ। এটা দশক পূৰ্বে ফেচিবাদীয়ে ক্ষমতা দখল কৰাৰ আঁৰত ফে’চবুকৰ যে এটা ডাঙৰ ভূমিকা আছিল, সেই কথাটো এতিয়া আৰু অস্বীকাৰ কৰাৰ কোনো উপায় নাই।

সামাজিক মাধ্যমৰ কথা-কাণ্ডবোৰ অলপ গমি চালেই আমি দেখিবলৈ পাম যে এই সময়চোৱাত আমাৰ সমাজখনৰ ধৰ্মীয় সম্প্রদায়ভিত্তিক বিভৎস আৰু সুস্পষ্ট মেৰুকৰণ ঘটিছে, সেইটো সঁচা। কিন্তু দিন বাগৰাৰ লগে লগে—ফেচিবাদী বাধাৰ মাজতেই—বুজন সংখ্যক মানুহে প্রচলিত অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে সন্দেহৰ প্রশ্ন উত্থাপন কৰিবলৈ যে আৰম্ভ কৰিছে, সেইটোও সত্য। ওপৰৰ এটি দফাত যুক্তি-চৰ্চা, ৰক্ষণশীলতাৰ বিৰোধিতা আদিৰ সামাজিক পটভূমিৰ সংক্রান্তত কিছু ইংগিত আমি পাই আহিছিলোঁ। তেনে প্রেক্ষাপটত, ক্রমাৎ সামাজিক মাধ্যমতেই অন্যায়-অযুক্তিৰ প্রতিমুখে বহুতেই সৰৱ হৈ উঠিবলৈ ধৰিলে। কথাটো কিছু আমোদজনক, কিয়নো ফেচিষ্টক শাসনলৈ অহাত প্রভূত সহায় কৰা একেটা সামাজিক মাধ্যমতেই ধৰ্মীয় সাম্প্রদায়িকতা, অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে একাংশ মানুহ সৰৱ হৈ উঠিল। জ্যোতিষ, ৰাশিফল, বেজ-বেজালি আদিৰ যে বৈজ্ঞানিক ভিত্তি নাই, তেনেবোৰ কৰ্মকাণ্ড ব্যক্তি আৰু সমাজ-জীৱনৰ বাবে ক্ষতিকৰ—তেনেবোৰ কথা তেওঁলোকে প্রতিপন্ন কৰিবলৈ আৰম্ভ কৰিলে। তাৰে মাজৰে একাংশই, বিশেষকৈ তৰুণ-তৰুণীসকলে ধৰ্মৰ মূল প্রমেয়সমূহকো ক্ষতিকাৰক আৰু সেয়েহে পৰিত্যাজ্য বুলি অতি স্পষ্টকৈ ৰাজহুৱাভাৱে মতামত দাঙি ধৰিছে। তেনে প্রসংগত কেতিয়াবা হয়তো উগ্র ভাব-ভংগীৰে জংগী বিতৰ্কতো লিপ্ত হৈছে বিভিন্ন সামাজিক মাধ্যমত। ধৰ্ম আৰু ঈশ্বৰৰ সংক্রান্তত তেনে উগ্র আৰু প্রত্যক্ষ বিৰুদ্ধাচাৰণ কেইটিমান দশকৰ আগলৈকে অসমৰ কাকত-আলোচনীত তেনেকৈ চকুত পৰা নাছিল।

আপাতঃদৃষ্টিত তেনে অন্ধবিশ্বাসবিৰোধী, ধৰ্মীয় সাম্প্রদায়িকতাৰ প্রতিমুখে দাঙি ধৰা মত-মন্তব্যবোৰে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদক নিঃচৰ্তভাৱে সমৰ্থন কৰা যেন লাগে। কিন্তু প্রকৃততে তেনেজাতীয় কৰ্মকাণ্ড বহুতো সচেতন মানুহৰ বাবে পূৰ্বে উল্লিখিত উদ্বিগ্নতাৰো উৎস। এইটো টোকাৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে সমাজ-পৰিৱৰ্তনৰ মূল সংগ্রামৰপৰা প্রকৃততে যুক্তিবাদী আন্দোলনক পৃথক কৰিব নোৱাৰি। এই প্রসংগত যুক্তিবাদী মেধাজীৱী প্রসেনজিৎ চৌধুৰীদেৱৰ এটা অসাধাৰণ প্রবন্ধ আছে (প্ৰসেনজিৎ চৌধুৰী, যুক্তিবাদী আন্দোলন : অন্তৰ্নিহিত সমস্যা আৰু আনুষংগিক প্ৰসংগ, বৃত্তৰ বাহিৰত, জাৰ্ণাল এম্পৰিয়াম, ২০০৮, পৃ.২০-৩০। এই মূল্যবান প্রবন্ধটো প্রথমে প্রকাশ পাইছিল ‘ডেউকা’ নামৰ লিটি্‌ল মেগাজিন এখনত, ১৯৯৭ চনত)। প্রবন্ধটোত স্পষ্টভাৱে কোৱা হৈছে, “আলোচনাৰ সুবিধাৰ্থে যুক্তিবাদক আমি বহলভাৱে দুটা শিবিৰত ভাগ কৰিব পাৰো : এটা মাৰ্ক্সবাদী, আনটো অ-মাৰ্ক্সবাদী। মাৰ্ক্সবাদী যুক্তিবাদী সকলে ধৰ্মীয় আৰু অন্যান্য অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰোতে আৰ্থ-সামাজিক উৎস তথা পটভূমিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। যিবোৰ আৰ্থ-সামাজিক কাৰণৰ লগত বিভিন্ন অন্ধবিশ্বাসৰ অস্তিত্ব আৰু সম্প্ৰসাৰণ সম্পৰ্কিত তাৰ উচ্ছেদ বিচাৰে তেওঁলোকে মানুহৰ চেতনাৰ মুক্তিৰ স্বাৰ্থত৷ ফলস্বৰূপে তেওঁলোকৰ যুক্তিবাদী আন্দোলন যুক্ত হয় সমাজ ৰূপান্তৰৰ বৃহৎ সংগ্ৰামৰ লগত” (প্রবন্ধটি ‘মুক্ত চিন্তা’-ৰ প্রথম বছৰ, প্রথম সংখ্যাত পুনৰ্প্রকাশ কৰা হৈছিল। লিখাটি পঢ়িবলৈ ইয়াতে টিপক)। তেনে এটা দৃষ্টিকোণৰ পৰাই “মুক্ত চিন্তা”-ৰ ষষ্ঠ বছৰ, তৃতীয় সংখ্যাৰ সম্পাদকৰ টোকাত মত দিয়া হৈছিল যে মনোগত দিশত প্ৰচণ্ড প্ৰভাৱ পেলোৱা ধৰ্ম হৈছে এটা অমিত শক্তিধৰ আৰ্থ-ৰাজনৈতিক-সামাজিক শক্তিৰ বিশ্বস্ত সহচৰ, সেইবাবেই ধৰ্মৰ বিপক্ষে যুঁজখনো অনিবাৰ্যভাৱে আৰ্থ-ৰাজনৈতিক-সামাজিক সংগ্ৰামৰ অংগীভূত হ’বই লাগিব। টোকাটিত লগতে উনুকিয়াই দিয়া হৈছিল যে সামাজিক দ্বন্দ্ব, আৰ্থ-ৰাজনৈতিক দিশৰ প্ৰতি নিৰ্লিপ্ত ব্যক্তিকেন্দ্ৰিক নিৰালম্ব নাস্তিকতা আৰু ধৰ্মবিৰোধিতা এইক্ষেত্ৰত হ’বগৈ তেনেই সীমাবদ্ধ আৰু অফলপ্ৰসূ (কৌশিক দাস, সম্পাদকৰ টোকা : ধৰ্মমুক্ততাৰ পথ আৰু পাথেয়, মুক্ত চিন্তা, ডিচেম্বৰ ২০২০; লিখাটো পঢ়িবলৈ ইয়াতে টিপক)।

এতিয়া প্রশ্ন কৰা যাওক—বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ সাম্প্রতিক সময়ত শোষিত শ্রেণীৰ মুক্তি-সংগ্রামৰ সৈতে সম্পৰ্কিত হ’ব পাৰিছেনে‌? উত্তৰটো বৰ এটা ইতিবাচক বুলি ধাৰণা নহয়। কিন্তু নেতিবাচক উত্তৰটোতেই আমি মাত্র থমকি ৰ’লে নহ’ব। তাতোতকৈও অস্বস্তিকৰ আৰু অনিবাৰ্য প্রশ্ন এটা এইখিনিতেই উত্থাপিত হ’ব—যি “শোষিত শ্রেণীৰ মুক্তি-সংগ্রাম”-ৰ সৈতে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ সন্তুলিত-সন্মিলিত যাত্রাৰ কথা কোৱা হৈছে, সেই “শোষিত শ্রেণীৰ মুক্তি-সংগ্রাম”-খনিৰ নিজৰেই বা সজীৱতা এতিয়া কিমান‌? কোনো সন্দেহ নাই, আৰ্থ-সামাজিক দিশত ফেচিষ্টমহলে বিগত দশকটোত কোনো চমৎকাৰিতা দেখুৱাব পৰাতো নায়েই, বৰঞ্চ দিনে দিনে বৃদ্ধি পাইছে নানাবিধৰ সমস্যা। তাৰ নিশ্চিত প্রভাৱ বিগত সংসদীয় নিৰ্বাচনত পৰিছে, ফেচিষ্টে পূৰ্বৰ তুলনাত ভোটৰ অংকত সিমান ভাল ফল দেখুৱাবলৈ সক্ষম নহ’ল এইবাৰ। এই কথাটো কোনো বৃহত্তৰ শোষিত শ্রেণীৰ সজীৱ মুক্তি-সংগ্রামৰ সৈতে সম্পৰ্কিত হয় জানো? জনগণৰ অসন্তোষ বিপুল আৰু তীব্র, কিন্তু সি এতিয়াও বিক্ষিপ্ত, অসংগঠিত আৰু দিশাহীন; তাৰ পৰা শোষিত শ্রেণীৰ সংঘবদ্ধ আৰু নিৰন্তৰ মুক্তি-সংগ্রাম বহু যোজন আঁতৰত।

এই পৰিস্থিতিত কৰণীয় কি—এইটো নিসন্দেহে এটা ডাঙৰ আৰু জটিল প্রশ্ন। কথাটো লগতে অতিশয় চিন্তনীয় আৰু উদ্বেগজনক—ফেচিষ্টমহলে সন্মুখীন হোৱা সাময়িক আহুকালৰ বাবে উৎফুল্লিত হোৱাৰ কোনো অৱকাশ তাত নাই। কিয়নো, উক্ত মহলটোৱে সমগ্র দেশব্যাপি এটা প্রতিসাংস্কৃতিক পৰিমণ্ডল নিৰ্মাণ কৰাত বাৰুকৈয়ে সফল হ’ল। এই প্রতিসাংস্কৃতিক পৰিমণ্ডলটো বৰ্ণবাদ, ধৰ্মীয় সাম্প্রদায়িকতা, বিজ্ঞান-বিৰোধিতা, ঘৃণা আৰু বিদ্বেষেৰে পৰিপূৰ্ণ। সংসদীয় ক্ষমতাৰ পৰা প্রতিক্রিয়াশীল শক্তিবোৰ আঁতৰি গ’লেও, উক্ত প্রতিসাংস্কৃতিক পৰিমণ্ডলটো সহজে কিম্বা নিজে নিজে আঁতৰি যোৱাৰ কোনো সম্ভাৱনা নাই, যদিহে তাৰ প্রতিমুখে সজীৱ সাংস্কৃতিক বিপ্লৱ এটাই বলিষ্ঠভাৱে থিয় নিদিয়ে। প্রতিসাংস্কৃতিক পৰিমণ্ডলটো অৱলুপ্ত কৰিব নোৱাৰিলে সি সদায় আৰ্থ-ৰাজনৈতিক ক্ষমতাৰ বাটটি ফেচিষ্টৰ বাবে সুগম কৰি ৰাখিব।

ফেচিষ্ট-সৃষ্ট প্রতিসাংস্কৃতিক পৰিমণ্ডলটো সমুলঞ্চে ধ্বংস কৰিবলৈ মাত্র সংসদীয় ৰাজনৈতিক ক্ষমতা দখল কৰাটোৱেই যথেষ্ট নহয়। প্রতিসাংস্কৃতিক পৰিমণ্ডলটোৰ উপাদানবোৰ চিনাক্ত কৰাটো হৈছে এটা অতি প্রাথমিক কাম। দেখ্‌দেখ্‌ কথা, উক্ত পৰিমণ্ডলটোৰ মূল ভিত্তিটো মানুহৰ ধৰ্ম বিশ্বাসক কেন্দ্র কৰি প্রায় এশ বছৰ ধৰি নিৰ্মাণ কৰি থকা হৈছে। মাৰ্ক্সে কোৱাৰ দৰেই ধৰ্ম যেনেকৈ জনগণৰ বাবে আফিম, তেনেকৈ ই নিষ্পেষিতৰ হুমুনিয়াহো। ইয়াৰ প্রভাৱ সৰ্বাত্মক—ইমানেই সৰ্বাত্মক যে ইয়াত আফিমৰ সদাগৰজনেও আফিম সেৱনত নিমগ্ন হৈ থাকে। ধৰ্মই মানুহৰ জাগতিক দুখ-কষ্টক স্বীকৃতি দিয়ে, সেইবোৰৰ নিজৰ মতে কিছুমান সমাধানো দিয়ে। ধৰ্মই দিয়া সেইবোৰ যিমানেই অলীক আৰু অবাস্তৱ নহওক, তাতেই মানুহে পায় একধৰণৰ শান্তি, যি শান্তি বাস্তৱৰ কঠিন জীৱনত প্রকৃততে অন্তৰ্হিত হৈ পৰে কেতিয়াবাই। মানুহ আৰু সমাজৰ ওপৰত ধৰ্মৰ আছে সহস্র বছৰৰ প্রভাৱ—তাৎক্ষণিক নিৰ্বাচনত ধৰ্মীয় সাম্প্রদায়িক দলৰ সামান্য পশ্চাৎসাৰণ দেখিয়েই ধৰ্মচিন্তাই মানুহক আমুৱালে বুলি জানো স্বস্তি লভিব পাৰি‌? ক্ষমতা দখলৰ বাটত প্রতিক্রিয়াশীল মহলে ধৰ্মক ব্যৱহাৰ কৰিবলৈ বৰ সুবিধা পায়। তেনে সুবিধা গ্রহণ কৰিয়েই ভাৰতত নিৰ্মাণ কৰা হ’ল বিৰাট এটা প্রতিসাংস্কৃতিক পৰিমণ্ডল—যিটোৱে ফেচিষ্টৰ ক্ষমতা দখল কৰাৰ বাটটি তেনেই সহজ কৰি পেলালে। এইটো প্রক্রিয়া ভৱিষ্যতেও চলি থাকিব।

ধৰ্মৰ কথাটো মাত্র ফেচিষ্টৰ আগ্রাসনতেই সীমাবদ্ধ নহয়। সহস্র বছৰ ধৰি এই উপমহাদেশত ধৰ্মই আৰ্থ-ৰাজনৈতিক ক্ষেত্রত এটা নিৰ্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে। কিয়নো, ভাৰতত শ্রম-শোষণ প্রক্রিয়াটোৱে—বিশ্বৰ অন্য প্রান্তৰ তুলনাত—এটা বিশেষ ৰূপ ধাৰণ কৰিছিল। শ্রম-শোষণৰ প্রক্রিয়াটো হৈ পৰিছিল বৰ্ণাশ্রমভিত্তিক—ধৰ্ম আছিল যাৰ কেন্দ্রত। সাধাৰণতে ধৰ্মক সমাজ-ব্যৱস্থাটোৰ উপৰিসৌধৰ অংগ বুলি গণ্য কৰা হয়। কিন্তু ভাৰতত বৰ্ণাশ্রমৰ জৰিয়তে অৰ্থনৈতিক ভিত্তিৰ সৈতে ধৰ্ম অতি অংগাংগীভাৱে মেৰ খাই আছিল। তেনে কাৰণৰ বাবে, জয়ন্তানুজ ব্যন্দ্যোপাধ্যায়ৰ দৰে মাৰ্ক্সবাদী পণ্ডিতে ভাৰতত ধৰ্মক মাত্র উপৰিসৌধৰ অংগ বুলি বিবেচনা কৰিব নোৱাৰি, ধৰ্ম অৰ্থনৈতিক ভিত্তিটোৰ সৈতেও সাঙোৰ খাই আছে—, এনে এটা চিত্তাকৰ্ষক মত আগ বঢ়াই গৈছে। বিষয়টোৰ সংক্রাম্তত পণ্ডিত-বিদ্বানসকলে অধিক আলোচনা কৰাৰ থল আছে বুলি অনুভৱ কৰাৰ পিছতো এটা কথা আমি নিৰ্দ্বিধাই ক’ব পাৰোঁ এইদৰে—ভাৰতত ধৰ্মক মাত্র নিষ্ক্রিয় উপৰিসৌধ বুলি বিবেচনা কৰা নাযায়। কিয়নো, সমাজৰ বিভিন্ন দিশৰ ওপৰত ধৰ্মই অতি গভীৰ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম।

সি যিয়েই নহওক, দশকজোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পাছত, সংসদীয় ৰাজনীতিত ফেচিষ্ট মহলৰ সামান্য পশ্চাৎসাৰণ যেন বহুতৰ মনলৈ এটা ডাঙৰ সকাহ। কিন্তু বাস্তৱ সত্যটি হ’ল, ফেচিষ্টৰ হাতৰ পৰা ক্ষমতা অপসাৰিত হোৱা নাই, দেশৰ শাসন এতিয়াও সিহঁতৰ হাততেই। লগতে লক্ষণীয়, গোটেই কথাটো মাত্র সংসদীয় নিৰ্বাচনৰ জয়-পৰাজয়ৰ সৈতেহে যে সম্পৰ্কিত, সেইটো মুঠেও নহয়। কিয়নো সংসদীয় ৰাজনীতিত প্রতিক্রিয়াশীল মহলটোৰ যৎসামান্য অসুবিধাই কোনো সুদূৰপ্রসাৰী প্রভাৱ পেলাব বুলি ভাবিব নোৱাৰি, যদিহে প্রতিবাদী সংগ্রাম নিস্তেজ হৈ পৰে। আমাৰ বোধেৰে মাত্র প্রত্যক্ষ সংসদীয় ৰাজনীতিৰ মাজেৰে তেনে সংগ্রাম চলাই গ’লে সি কাহনিও ফলপ্রসূ নহ’ব।

কিন্তু বাস্তৱত আমি কি দেখিছোঁ‌? প্রত্যক্ষ সংসদীয় ৰাজনীতিৰ ক্ষেত্রত যথেষ্ট সক্রিয়তা সময়ে সময়ে দেখা গ’লেও, প্রকৃতাৰ্থত শোষিত শ্রেণীৰ আৰ্থ-সামাজিক সংগ্রামৰ অৱস্থাটো সাম্প্রতিক সময়ত অতি বিভ্রান্তিকৰ, লগতে হতাশাজনকো। এই বাস্তৱ সত্যটোক যিকোনো মুক্ত চিন্তাৰ লোকেই স্বীকাৰ কৰিব। এই পৰিস্থিতিত বহল ভিত্তিত ফেচিষ্ট বিৰোধী গণতান্ত্রিক গণ-ঐক্যই নিশ্চয় এটা ফলপ্রসূ দিশ উন্মোচন কৰিব। এই সময়ৰ ভয়ংকৰ আৰু তাৎক্ষণিক বিপদ হৈছে ফেচিষ্টৰ আগ্রাসন। তাৰ বাবে, প্রত্যক্ষ ৰাজনৈতিক ক্ষেত্রৰ বাহিৰেও, সাংস্কৃতিক সংগ্রামখনত যথোচিত গুৰুত্ত্ব দিবই লাগিব। সাংস্কৃতিক পৰিৱৰ্তনৰ প্রয়াস সমাম্তৰালভাৱে চলাই লৈ নগ’লে ভাৰতত ৰাজনৈতিক বিপ্লৱ সংঘটিত হ’বনে‌? প্রবীৰ ঘোষৰ দৰে ব্যক্তিয়ে কৈছিল যে ভাৰতত কমিউনিষ্ট বিপ্লৱৰ বিফলতাৰ এটা ঘাই কাৰণ হৈছে সাংস্কৃতিক দিশৰ প্রতি থকা অমনোযোগিতা। গতিকে এক সৰ্বাত্মক আমূল পৰিৱৰ্তনৰ বাবে আৰ্থ-সামাজিক সংগ্রামৰ সৈতে সন্তুলিত হ’ব লাগিব এক সাংস্কৃতিক বিপ্লৱৰ কৰ্মসূচী। ইয়াৰ পূৰ্বে বহুবাৰ “মুক্ত চিন্তা”-ত এই বিষয়ে লিখা হৈছিল বাবে সেইসমূহৰ পুনৰাবৃত্তি পৰিহাৰ কৰিছোঁ। মাত্র গুৰুত্ত্বসহকাৰে উনুকিয়াইছোঁ যে তেনে সাংস্কৃতিক আলোড়ন আৰু সংগ্রামৰ ভিত্তি হ’ব বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ। তেতিয়াহে অন্ধকাৰৰ মাজেদি কৰা স্পৰ্ধিত যাত্রাই অভীপ্সিত লক্ষ্যৰ সঠিক বাটৰ সন্ধান পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *