গল্প-কবিতা

‘এনিমোন ক’ৰ’নাৰিয়া’ ।। মণিকংকনা বৰবৰা

(জেইলত এদিনেই বাহিৰত হেজাৰ বছৰ যেন লাগে
আচলতে চাৰিমাহ মই সামান্য খাদ্যৰেই বাচি আছোঁ
চাৰিমাহ মই কেতিয়াও সুখৰ নিদ্ৰা যোৱা নাই
চাৰিমাহ কেতিয়াও মই কাপোৰ সলোৱা নাই
চাৰিমাহ মই কেতিয়াও গা ধোৱা নাই
-হো চি মিন)

জীৱনৰ অনেকটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে তাই। প্ৰতিবাৰেই প্ৰাণে-পণে যুঁজ দিছে। কেতিয়াবা হাৰিছে, কেতিয়াবা জিকিছে। কিন্তু এই সময়ছোৱাত এনেকুৱা অনুভৱ হৈছে তাই যেন তুমুল যুদ্ধ এখনৰ এক পৰাজিত সৈনিক। শক্তি-সম্বল সকলো হেৰুৱাই ধূলিত লেটি খাই পৰিছে তাইৰ হনা-খোচা ৰক্তাক্ত শৰীৰটো। তাইৰ শৰীৰটো গচকি-ফেনেকি বিজয়ী সেনানীৰ দল এটা উদভ্ৰান্ত হৈ দৌৰিব ধৰিছে এক নতুন ঔপনিৱেশিক খোঁপনি পোতাৰ বন্যানন্দত।

উঠিব খুজিছে, উঠিব পৰা নাই। দৌৰিব খুজিছে, দৌৰিব পৰা নাই। যুঁজিব খুজিও যুঁজিব পৰা নাই তাই।

নিজকেই নিজৰ প্ৰবোধ।

যুঁজাৰু হ’ব পাৰিবনে নাই সেয়া পিছৰ কথা। প্ৰথম কথা হ’ল তাই মানুহ। সেয়েহে মানুহে জীয়াবলৈ হ’লেতো হাজাৰবাৰ পৰিলেও উঠি আহিব লাগিব। বাৰে বাৰে হাৰি যোৱাৰ পাছতো জীয়াবলৈকে যুঁজি যুঁজি জিকিব লাগিব।

প্ৰতিবাৰেই ৰূপেশক লগ কৰি ঘূৰি অহাৰ সময়খিনিত তাইক এক গভীৰ হতাশাবোধে হেঁচা মাৰি ধৰে। দঢ়াই দঢ়াই একেখিনি কথাকে তাইক দুটা বছৰ ধৰি ৰূপেশে কৈ আহিছে।

-“খুউব সোনকালেই মুকলি হ’ম। সকলো ঠিক হৈ যাব!”

তাই লগ কৰিবলৈ যোৱা প্ৰত্যেকটো দিনতে ৰূপেশৰ শুকান ওঁঠযুৰি এই কথাখিনি ফুটুৱাবলৈকে যেন তেজগোৰা হৈ উঠে।

বহুদিনৰ মূৰত মুখামুখি হ’লেই ডেৰকুৰি বসন্তৰ দুৱাৰ গৰকা দুজন মানুহৰ বুকু দুখনত ফুটিবলৈ নোপোৱা অনেক শব্দব্যঞ্জনাৰ হেন্দোলনি উঠে। সুৰুঙা বিচাৰি স্ফূৰণ ঘটিব খোজে হেঁচুকি ৰখা ভৰপক ভালপোৱাই। ক’ব খুজিও ক’ব নোৱাৰা, কাণপাতি ৰৈও শুনিবলৈ নোপোৱা, চুওঁ বুলিও চুব নোৱাৰা ভালপোৱা খিনি টুটি নাহে, ক্ৰমাৎ গভীৰ বিশ্বাসেৰে সুউচ্চ হৈ উঠে আন কোনো শক্তিয়ে স্পৰ্শ কৰিব নোৱাৰাকৈ।

অৱশেষত লোৰ জলঙা লগা প্ৰাচীৰখনে শোষণ কৰি লয় পৰস্পৰৰ বুকুত বলি থকা অস্থিৰ ধুমুহাৰ হোঁহোৱনি খিনি।

ইমানতো মানুহ বিচলিত নোহোৱাকৈ ৰ’ব পাৰেনে?

থাকেনে তেজ-মঙহে গঢ়া শৰীৰত আৱেগ সামৰি থোৱাৰ এনে প্ৰবল শক্তি?

ফাঁট মেলা কংক্ৰীটৰ পথৰ দৰে ৰূপেশৰ শুকান ওঁঠ!

দেও পাহাৰৰ দুটুকুৰা জোঙা শিলৰ দৰে হনু ওলোৱা দুখন শুকান গাল!

উমনিত ঘোলা হোৱা কণীৰ দৰে চকুৰ নিস্তেজতা!

আসঃ! ইমান চেঁচা। ইমান চেঁচা ৰক্তহীন আঙুলিৰ স্পৰ্শ। যেন চিকিৎসালয়ৰ মৰ্গত পৰি থকা এটা নিশ্চল দেহ।

এয়া জীয়া মানুহৰ দেহ এটা নহয়, যেন ডাল-পাত শুকাই মৰি অহা এজোপা শিপা কাটি দিয়া গছ।

-” মাৰ্ডাৰ কৰিছিল?” -“কেলেংকাৰী?”

-“ঠগিছিল?”

উচপ্ খাই উঠে তাই। ৰূপেশকো পাহৰি পেলাইছে নেকি মানুহে! যিদৰে উৱঁলি পৰিছে গছ, দেৱালবোৰত ওলমাই থোৱা ওমৰ খালিদৰ পোষ্টাৰখন।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ওমৰ খালিদে চুৰি কৰা নাছিল, লেখক-সাংবাদিক ৰূপেশ কুমাৰেও।

ওমৰ, ৰূপেশহঁতে ডকাইতি কৰা নাছিল; হত্যা কৰা নাছিল কাকো। কাকো ঠগা নাছিল। জড়িত নাছিল কোনো কেলেংকাৰীত।

তেন্তে বাৰে বাৰে ওমৰহঁতক অন্ধকাৰ পৃথিৱীলৈ নিৰ্বাসন দিয়া হয় কিয়!

ওমৰহঁতে মানুহ এখিনিৰ হকে মাত মাতিছিল। মানুহখিনিৰ হকে কলম চলাইছিল।

ৰূপেশৰ সতীৰ্থবোৰে আহি তাইক সাহস দি কৈছে –

“কলমৰ শক্তি যুদ্ধাস্ত্ৰতকৈয়ো যে উৰ্দ্ধত !”

ৰূপেশে কোনোদিনেই মানুহৰ মাজৰ পৰা নিজকে বিচ্ছিন্ন কৰিব খোজা নাছিল অথচ সেই ৰূপেশকে এতিয়া গণবিচ্ছিন্ন কৰা হ’ল ।

ৰূপেশ কুমাৰৰ হাতত অনবৰতে এটা কলম আছিল; এখন টোকাবহী আছিল। তাই জানে। বন্ধু-বৰ্গই জানে । গাঁও-চহৰে জানে। অৰণ্য আৰু বস্তিবোৰে জানে।

উচ্ছেদৰ বলি হোৱা কনচেইনট্ৰেইশ্যন কেম্পৰ ভোকাতুৰ মানু্হবোৰে জানে।

হাতত কাগজ-কলম বিহীন ৰূপেশ এটাক তাই এটা মুহূৰ্ত্তৰ বাবেও কল্পনা কৰি নাই পোৱা । আৰু নোৱাৰিব। দূৰত্বৰ ব্যৱধান সময়েৰে হওক বা দেহ-মনেৰেই হওক যিমানেই সহিব লগাত পৰিছে আটাইবোৰেই তাই নিৰলে সহি আহিছে।

গভীৰ নিশাবোৰত প্ৰতিখন ট্ৰেইনৰ দীঘলীয়া উকিবোৰে তাইৰ বুকুৰ ভিতৰত সৃষ্টি কৰা ঝকঝকনি!

দুৱাৰত পৰা টোকৰকেইটা শুনিবলৈকে পাৰ কৰি দিয়া উজাগৰী নিশাবোৰ!

অপেক্ষাত অস্থিৰ হৈ পৰা তাইৰ দিন-ৰাতি!

চকুৰ আন্ধাৰ-পোহৰ!  পেটৰ ভোক-পিয়াহ!

কাকো নকয় তাই। কাকো নেদেখুৱায়। বা-মাৰলীয়ে আহি বুকুৰ ভিতৰখন দকচি থৈ গ’লেও ৰূপেশক বিচলিত কৰিব নোখোজে তাই।

দীৰ্ঘদিনৰ মূৰত যেতিয়া ৰূপেশৰ মাতষাৰ ধাতৱ প্ৰাচীৰ খনেদি সৰকি আহি তাইৰ কাণত বাজি উঠে, তেনে মুহূৰ্তবোৰত তাই হৈ উঠে মাটিত কেলঢুপীয়াই থাকি হঠাতে পানীৰ খাল এটা বিচাৰি পোৱা মাছ এজনী। তেনেকুৱাত নিজক সামৰি-সুতৰি তাই ৰূপেশৰ শেঁতা পৰা মুখলৈ ৰং ফিৰাই আনিবলৈ ৰশ্মিৰেখা বৰাৰ নতুন কবিতাৰ শাৰী এটা আওৰায়

” দেশ মানে ন্যায় দেশ মানে স্বপ্ন

দেশ মানে আজাদীৰ বিউগল

দেশ মানে ধান দেশ মানে নদী দেশ মানে শংকৰ-আজান

দেশ মানে ৰক্তজৱা ৰক্তপলাশ আৰু প্ৰেমে-প্ৰতিবাদে গান.. ”

সংকট,প্ৰত্যাহ্বান যিয়েই নাহক কিয় ,তাই দেখি আহিছে যে ৰূপেশে জীৱনত বিচাৰি থকাখিনিৰ আশা কেতিয়াও হেৰুৱাই পেলোৱা নাই।

ৰূপেশে কয় –

“মানুহক মানুহেই যিদৰে ভাঙি-ছিঙি নিঃশেষ কৰে, সেই ভগ্নাৱশেষ বুটলি মানুহেই মানুহক দুনাই গঢ়ি তুলিব পাৰে। মানুহেই মানুহক ভূমিৰ পৰা আকাশলৈ মূৰ তুলি চাবলৈ শিকায়, অনেক সংঘাত -সংঘৰ্ষৰ মাজেদিও বেলিৰ তপত পোহৰৰ টুকুৰাবোৰ ছিঙি আনিবলৈ মানুহেই মানুহক সাহসী কৰি তোলে।”

ৰূপেশ আৰু তাই সিহঁত দুয়োজনেই একে আদৰ্শত বিশ্বাসী সহযোদ্ধা। সেয়েহে জীৱন যাত্ৰাৰ আৰম্ভণিৰে পৰাই সহজতে ব্যথিত হৈ নপৰা কঠোৰ কলিজা একোখন দুয়োজনেই পিন্ধি লৈছে। নিজৰ জীৱনৰ সৰ্বস্ব জলাঞ্জলি দিব লগা হৈছে যদিও পৰ্বত এটাৰ দৰে অলৰ -অচৰ হৈ থাকিব পৰা সহনশক্তি নিজৰ মাজত গোটাই লৈছে দুয়ো।

“জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সাহস আৰু ধৈৰ্যৰে

মুখামুখি হ’ব পৰাটোৱেই আমি নিজক পৰিশীলিত কৰিব পৰা অনুশীলন।

অসংখ্য ভুলৰ পৰা সঠিক আৰু শুদ্ধতাক নিৰ্ণয় কৰি ল’ব পৰাটোৱেই আমাৰ বুদ্ধিত্ব ত্বৰান্বিত কৰিব পৰা সম্পৰীক্ষা।

আমি আমাৰ হৃদয়খনত মানুহৰ বাবে অজস্ৰ ভালপোৱাৰ ফুল ফুলাই তুলিব নোৱাৰালৈকে জানিম যে আমি আমাৰ ব্যক্তি স্বাৰ্থৰ সংকীৰ্ণতাৰ শিপাডাল চিঙি দলিয়াবই পৰা নাই।”

ৰূপেশে কোৱা কথাবোৰ মনত পৰিলে কেতিয়াবা তাইৰ নিজকে এনেকুৱা লাগে তাইৰ মাজৰ আটাইবোৰ গতিশীলতাই যেন শেষ হৈ গৈছে।

প্ৰতি তিনি ফেব্ৰুৱাৰীত ৰূপেশে বয়সৰ পিনৰ পৰা নতুন বৰ্ষ এটাত ভৰি দিয়াৰ দিন। মনৰ বল অটুট ৰাখিবলৈ এই বৰ্ষৰ তিনি ফেব্ৰুৱাৰীৰ দিনা তাই ৰূপেশৰ হাতত চিঠি এখনকে লিখি গুঁজিথৈ আহিছে

“বহু কথা ৰৈ গৈছে এতিয়াও কমৰেড!

আমি আমাৰ যাত্ৰাটোৰ কথা পাতিছিলোঁহে মাত্ৰ

বেলিটোক ছিঙি অনাৰ কথা থাকি গ’ল

মাটিলৈ বৰষুণ জাকক নমাই অনাৰ কথা থাকি গ’ল

ভোকাতুৰ মানুহখিনিৰ বাবে ৰুবলৈ থাকি গ’ল   ধানগছবোৰ

আমি একেলগে নমাৰ কথা পাতিছিলোঁ এখন ৰক্তাক্ত যুদ্ধত

আমি লেনিনৰ দেশলৈ যোৱাৰ কথা পাতিছিলোঁ

আমি পৰ্যালোচনা কৰিছিলোঁ মাৰ্ক্স-এংগ্ৰেলছৰ দ্বন্দ্বাত্মক সূত্ৰক

আমাক প্ৰয়োজন নে ফিডেলৰ গেৰিলা কৌশল!

পাতিছিলোঁ মাত্ৰ

মাও চে তুঙৰ লাল ফৌজৰ পদধ্বনি কাণ পাতি শুনিব  খুজিছিলোঁ একেলগে

আমি হো চি মিনক লগ পাবলৈ ভিয়েটনাম নাযামনে কমৰেড !

কাণ পাতাছোন

দামামা নে আইনষ্টাইনৰ বেহেলা

নে হিটলাৰৰ কনচেনট্ৰেইছন কেম্পৰ  মৃত্যুৰ আৰ্তনাদ

নে এন ফ্ৰাংকৰ উচুপনি

ব’লা কমৰেড, মাইনক্ৰাফখন জুইত জ্বলাই দিওঁ

মই ৰৈ আছোঁ তোমালৈ কমৰেড

মেণ্ডেলাৰ দেশলৈকো যাম

সমতাৰ কথা পাতিম

মানুহে মানুহক ভালপোৱাৰ কথা পাতিম

যুদ্ধবিধস্ত দেশৰ চৰাইবোৰৰ বাবে সাজি থৈ আহিম বাহ

আমি ভগাই ল’ম পৃথিৱীৰ ভোকাতুৰ মানুহৰ ভোকবোৰ

আমি আঁচল পাতি ধৰিম কঁপি থকা শিশুৰ কান্দোনৰ চকুপানী

আমি পাৰিম

নহয়নে কমৰেড?”

ৰূপেশক জেইলৰ পৰা মুকলি কৰি অনা সকলো প্ৰচেষ্টাই ব্যৰ্থ হৈছে। তাৰপিছতো তাই ৰূপেশৰ বাবে তিলমানো হাৰ নমনাকৈ অক্লান্ত সৈনিকৰ দৰে যুঁজি গৈছে।

লাহে লাহে তাইৰ তলপেটটোৱে বুকুৰ অংশৰ পৰা মঙহ চুঁচি আনিছিল। কৰঙণৰ পৰা সিৰামুৰি ধৰি ভৰি দুখনে হঠাতে হেৰুৱাই পেলাইছিল ভাৰসাম্য। নাকলৈ উৰি অহা বিচিত্ৰ গন্ধত দিনটোত বাৰে বাৰে ওকালি আহিছিল। ৰূপেশৰ কথা ভাবিয়েই এইবোৰ কষ্ট তাইৰ মনত হৈ পৰিছিল সামান্য । মাথোঁ নিৰাপদ আৱৰণত হাত-ভৰি আছাৰি থকা এধানিটিক পেটৰ ওপৰতে হাতখন বোলাই থোকাথুকি মাতেৰে কৈছিল –

“শুই থাকা দেহলাউটী মোৰ! দেউতাৰা সোনকালেই ঘৰলৈ উভতিব!”

কলেজীয়া বান্ধৱী অনুৰিতাই মাজে-সময়ে তাইক লগ দিবলৈ আহে। দুখৰ মাজতো হাঁহি থকা মুখখনত তাইৰ বুকুৰ ভিতৰৰ যাতনা খিনি থাপিথুপি থ’লেও অনুৰিতাই বুজি পায়।

মানুহ যিমানেই শক্তিশালী মনৰ গৰাকী নহওক কিয়, লোৰ কপাট মানুহে শৰীৰতহে মেৰিয়াই ল’ব পাৰে, মনত নহয়। প্ৰিয় মানুহৰ বিচ্ছিন্নতাৰ যাতনাত কোনেও নকন্দাকৈ থাকিব নোৱাৰে, নভঙাকৈ থাকিব নোৱাৰে। সেয়ে তাইয়ো যে কান্দে। অকলশৰে। গোপনে।

কলেজৰ শিক্ষকতাৰ চাকৰিটোত নাম কটা যোৱাৰ আশংকা থাকিলেও অনুৰিতাই বুজে, এই সময়ছোৱাত তাইৰ কান্ধত বন্ধুত্বৰ হাতখন থোৱাটো খুবেই দৰকাৰ।

পোতাশালৰ পৰা সোনকালেই মুকলি হৈ ওলাই অহাৰ  আশ্বাস দিয়া ৰূপেশৰ ওঁঠ দুখন আজি কঁপা কঁপা। যাতনাৰ মাজতো ৰ’দৰ পৰশ লাগি তিৰবিৰাই উঠা নিয়ৰৰ টোপাল দুটিৰ দৰে তীখৰ চকুহাল আজি মৰা মাছৰ দৰে থৰ লগা। পচিব ধৰা হাড়ৰ শৰীৰটো লৈ ৰূপেশে তাইৰ সমুখত এনেকৈ থিয় দিবলৈ চেষ্টা কৰিছে যেন সি এই মাত্ৰ ডাৱৰ ফালি ওলাই অহা তজবজীয়া বেলিটোহে !

জেইলত বন্দী হৈ থকা আপোন জনক চাবলৈ আহি অপেক্ষা কৰি থকা কিছু সংখ্যক মানুহৰ কলিজাখন থেতালি পেলোৱা অসংখ্য প্ৰশ্ন। শেন চৰাইৰ চাৱনিবোৰে শালি পেলাইছে কোলাৰ কণমানি জনীকো।

তাৰমানে ৰূপেশক পাহৰি পেলাইছে মানুহে!

এনে লাগিছে চিৰকালৰ বাবেই যেন থমকি ৰৈ গৈছে তাইৰ চকুৰ সমুখৰ চিনাকি পৃথিৱীখন। না পোহৰ দেখিছে, না বতাহ কোবাই উৰি ফুৰা চৰাই দেখিছে ! না ৰং চিনিছে,না তৰা ফুটা আকাশখন দেখিছে। ব্যস্ত মানুহবোৰো তভক লাগি ৰৈ গৈছে নে গৈ আছে একো নজনা হৈ গৈছে তাই। হঠাতে মূৰটো এনেকৈ ঘূৰাইছে এইমাত্ৰ তাই যেন ধাঁচ্ কৈ মাটিত বাগৰি পৰিব।

চৰকাৰে বিলোৱা বিনামূলীয়া পচা ৰেচনতে শেষ হৈ আহিছে নেকি মানুহৰ পেটৰ ভোক? ইমানতেই শেষ হৈ গৈছে নেকি সৰ্বহাৰা জনৰ জীৱন যুঁজৰ তাড়ণা?

নে ৰাম মন্দিৰ, বাবৰি মচজিদ কৰি থকা জিভাবোৰতে জঠৰ লাগি ৰৈ গ’ল ভুৱা অপৰাধত কাৰাবন্দী হৈ থকা গুলফিশা ফাতিমা, ওমৰ খালিদ, ৰূপেশ কুমাৰ, সুনীতা পটেম, অনিৰুদ্ধ ৰাজনহঁতৰ নাম!

ৰূপেশে লিখিছিল –

খোৱা পানীৰ অভাৱত হোৱা শৌচ-বমিত একেলেথাৰিয়ে মৰি গৈছে বস্তিৰ মানু্হবোৰ। কনচেইনট্ৰেইশ্যন কেম্পৰ মানু্হবোৰ। ঘৰ নাই। ৰেচন নাই।পানী নাই। ঔষধ নাই। স্কুল নাই। মৰাশ কবৰ দিবলৈকো নাই এচিকুট মাটি।

ৰূপেশে চৰকাৰক সুধিছিল –

গেলা-পচাত পোতন যাব ধৰা বস্তি অঞ্চলবোৰ কিয় গম্বুজৰ দৰে ওখ দেৱালেৰে ঢাকি পেলোৱা হৈছে?

ৰূপেশে সুধিছিল-

অৰণ্যখনক নিজৰ সন্তানৰ দৰে সাবটি থকা সৰল আদিবাসী মানুহ খিনিক বাৰে বাৰে মাওবাদী সজাই কিয়?

ভুৱা সংঘৰ্ষৰে ৰাষ্ট্ৰৰ কিয় এই নৃশংসতা?

বাৰে বাৰে কিয় উলংঘন দেশৰ সংবিধান?

ঘৰলৈ উভতি আহি আজি তাইৰ এনে লাগিছে,

অৱহেলিতজনৰ বাবে শক্তিশালী কলমৰ যুঁজ এখন চলাই ৰাষ্ট্ৰৰ ৰোষত পৰা লেখক, সাংবাদিক ৰূপেশ কুমাৰ সিঙক মানুহবোৰে সঁচাকৈয়ে পাহৰি পেলালে! ৰূপেশৰ নামটো কিজানি পোতাশালৰ আন্ধাৰ খিনিতে ডুব গ’ল! জে. এন.ইউৰ চৌহদত উঠা গুণগুণনিবোৰৰ পৰাও হেৰাই থাকিল ৰূপেশ কুমাৰৰ নাম! দেৱাল বোৰৰ পৰা মচ খাই গ’ল ৰূপেশৰ প্ৰতিচ্ছবি! গান্ধী ময়দানৰ জনসভাৰ পৰাও বিচ্ছিন্ন হৈ গ’ল ৰূপেশ কুমাৰৰ নামত উঠা শ্লোগান!

বয়সৰ হেঁচাতকৈ মনৰ যাতনাৰ হেঁচাতহে শয্যাগত ৰূপেশৰ মাক-দেউতাকৰ মুখলৈ চাবলৈ লাহে লাহে সাহস কমি আহিছে তাইৰ।

এই দুটা বছৰত কতবাৰ উদং কলিজাখন লৈ কি স’তে ঘৰলৈ উভতি আহিছে তাই কাক ক’ব? ৰূপেশহীন মৰিশালী যেন ঘৰখনৰ নিৰ্জনতা খিনি কাক দেখুৱাব?

ক’বই বা কাক তাই! ৰূপেশক জামিনত উলিয়াই অনাৰ চেষ্টা খিনিতে সাঁচতীয়া টকাখিনি উদং হোৱাৰ পাছত চৰুত চাউল সিজিছে নে শিল সিজিছে!!

তাই কাৰোবাৰ হাতলৈ চাব পাৰে না মুখলৈ!!

দেশদ্ৰোহীৰ পৰিয়াল বুলি চাকৰিৰ বাবে লোৱা প্ৰতিটো সাক্ষাৎকাৰতে তাইৰ নামটোও যে খচককৈ কটা যায়।

অভাৱ-অনাটন, সহনহীন যাতনাবোৰৰ পিছতো নিজকে নিজেই সান্ত্বনা দি তাই ভাবিছে – সময়ৰ গতি হঠাতে স্থবিৰ হৈ পৰা মানে জীৱনৰ পোহৰ খিনি চিৰকাললৈ স্তিমিত হৈ পৰা নুবুজায়। আন্ধাৰত বুৰিলেহে মানুহে পোহৰৰ গভীৰতা কিমান চিনে। আন্ধাৰৰ সমাধিত যে বিন্দুমাত্ৰ পোহৰেই জীৱন সঞ্জীৱনী। তাকে ভাবি তাই কণমানি জনীক জোৰকৈ বুকুত সাবটি ধৰিলে।

“দে’তা… !”

যেন পাহাৰৰ শিলনি ভাঙি মৰুভূমিৰ বুকুলৈ শীতল জলধাৰা বৈ আহিল!

বোমা-বাৰুদৰ জুই আৰু ছাইৰে পুতি পেলোৱা মাটিত হঠাতে যেন ফুলি উঠিল হেজাৰ-বিজাৰ ‘এনিমোন ক’ৰ’নাৰিয়া’ ফুল !

এটি দুটিকৈ মাত ফুটিবলৈ লোৱা কণমানিজনীক তাই অলেখ বাৰ দেউতাকৰ নামটো ক’বলৈ শিকাইছে। প্ৰাচীৰৰ বাহিৰৰ পৰাই দেউতাকক দেখি আজি তাই চিঞৰি উঠিছিল। প্ৰথমবাৰলৈ শুনা দেউতা শব্দটোৱে ৰূপেশৰ ইমান দিনে কঠিনকৈ বান্ধি থোৱা বুকুৰ ভেটাটো ভাঙি পেলালে। ঢলঢলাই বৈ আহিল পাৰ ভঙা চকুলো।

নিজৰেই গাৰ মঙহ চপৰাক আলফুলে বুকুত এবাৰ সাবটি ধৰাৰ হেঁপাহকণ পূৰাবলৈ নোপোৱা ৰূপেশ খন্তেকলৈ বিচলিত হ’ব খুজিও ৰৈ গ’ল।

এই একেখিনি সময়!

এই একেখিনি সময়তে যুদ্ধই ক’লা কৰি পেলোৱা পেলেষ্টাইনৰ আকাশত, তেজেৰে ক’লা কৰি পেলোৱা পেলেষ্টাইনৰ মাটিত শ-শ আহত শিশুৰ কলিজা দুফাল কৰা উচুপনি আৰু আৰ্তনাদ।

ৰূপেশেও বিচাৰে যুদ্ধভূমিত ফুলি উঠক ‘এনিমোন ক’ৰ’নাৰিয়া’ দৰে শিশুহঁতৰ হাঁহিবোৰ।

আজিৰ পৰা একেলগে দুখন উদং কলিজাৰ ওভতনি! সহজকৈ ল’ব পৰাকৈ  পৰিশীলনৰ বাট বুলি ভাবি ল’ব পৰা থল তাই বিচাৰি নাপালে।  গোটেই শৰীৰটোতে জুই যেন তাপৰ ভমভমনি লৈ ওভতি আহিল।

তৃতীয় বাৰৰ বাবে সলনি হৈছে ৰূপেশৰ জেইলৰ দুৱাৰ। বিছ ফুট ওখ দেৱাল। পৰুৱা এটাৰো বাট নাই। চকুৰ পতা টানি পেলোৱা আন্ধাৰ। মাজে মাজে কামিহাড়ো ভাঙি গুড়ি হৈ যাব ধৰা যেন একোটা কৰ্কশ মাত আৰু ভৰিৰে চোঁচৰাই ফুৰা শিকলিৰ ঝনঝননি।

আকাশলৈ মূৰ তুলি চাওঁতা কোনো নাই। ইয়াত পোহৰ লাহে লাহে এটা অপৰিচিত হৈ যোৱা নাম। কেঁচা তেজ-মঙহৰ হুমুনিয়াহ আৰু হাহাকাৰ শুনি বাহিৰত ৰৈ থকা বতাহ এজাকে এই উত্তপ্ত পৃথিৱীৰ দুৱাৰখন ঠেলি সোমাই আহিবলৈ উখল-মাখল কৰে।

নিষিদ্ধ।

বতাহ নিষিদ্ধ। পোহৰ নিষিদ্ধ। কলম-কাগজ নিষিদ্ধ । গান-কবিতা নিষিদ্ধ।

নিষিদ্ধ পিয়াহৰ পানী। ভোকৰ ভাত। অসুখৰ ঔষধ। চেনেহৰ মাত ।

সকলো নিষিদ্ধ।

মানুহক ভালপোৱা মানু্হ একোটাক নিঃস্ব কৰি পেলাবলৈ ইয়াত সকলো প্ৰকাৰৰ নিৰ্দয়তাৰ সীমা ভঙা আয়োজন চলোৱা যায়।

মাজে-সময়ে ৰূপেশক লগ পাই অহাটো এতিয়া তাইৰ বাবেও নিষিদ্ধ কৰা হ’ল। পৃথিৱীৰ দিন-ৰাতিবোৰ এটা দীঘল যুগৰ দৰে নাযায়-নুপুৱাই লগা হৈছে। বাৰে বাৰে এটাই সিদ্ধান্ত মনলৈ আহিছে তাইৰ –

“ৰণ জিকিবলৈ যুঁজাৰু মানু্হৰ হাতত যুঁজাৰ বাদে অন্য বিকল্প নাথাকে।”

তাইয়ো যুঁজিব।

অন্ধকূপৰ পৰা কণমানিটিৰ দেউতাকক মুকলি কৰি অনাৰ বাবে যিমান দিনলৈ যুঁজিব লাগে তাই যুঁজিব। মেঘৰ বুকু ফালি বৰষুণ, বেলি যি ছিঙি আনিব লাগে আনিব তাই। মাকবোৰ বকৰাণিতো গজি উঠিব পৰা ফচলৰ দৰে। ৰ’দৰ দহনত বাঢ়ে । বৰষুণত সজীৱ হয়। মুখে মুখে বাগৰি ৰং-ৰূপ সলনি হৈ আহিলেও মৰি নিঃশেষ হৈ নোযোৱা একোটা প্ৰাচীন লোককথাৰ দৰেই মাকবোৰ।

পুৱাবেলাৰ অতিব্যস্ত মানুহৰ চকুবোৰ থৰ লাগিল। কোলাত কণমানি এটি লৈ চহৰৰ ৰাজপথৰ মাজতে বহি ৰৈছে এগৰাকী মানুহ । মানুহজনীৰ দুয়োহাতে ওপৰলৈ তুলি ধৰা এখন পোষ্টাৰ।

বহুদিন ধৰি শুই থকা চহৰখন যেন হঠাতে সাৰ পাই উঠিল। যেন অনাবৃষ্টিত ফাঁটমেলা মাটিৰ বুকুলৈ নামি আহিল এজাক কলহৰ মুখেৰে ঢলা বৰষুন।

জোৱাৰত কোনো ক’তো ৰৈ নাথাকিল। সৰগৰ জখলা বগাই হাতে হাতে ৰং-তুলিকা লৈ নামি অহা দল এটাইও গোটেই চহৰখন এফালৰ পৰা শ্লোগান-ছবিৰে ভৰাই গ’ল –

“ৰূপেশক মুক্তি দিয়ক!”

“ৰূপেশক ন্যায় দিব লাগিবই…!”

হাতৰ পতাকা-পোষ্টাৰবোৰত, দেৱালবোৰত, গছবোৰত, পদপথত চাৰিওফালে ৰূপেশ কুমাৰ।

দুয়োহাত শিকলিৰে বান্ধি থোৱা ৰূপেশ।

পোতাশালে ঢাকি থোৱা ৰূপেশ। মুষ্টিবদ্ধ হাতখন সূৰুজলৈ তুলি ধৰা ৰূপেশ। কাগজ-কলমত বিভোৰ হৈ থকা ৰূপেশ। জনগণৰ মাজত ৰূপান্তৰৰ জগত এখনৰ কথা কৈ থকা ৰূপেশ।

মানুহবোৰে ৰ’ লাগি লাগি চাইছে, দেশৰ দীৰ্ঘদিনৰ কাৰাবন্দী ৰূপেশ কুমাৰে কণমানি এজনীৰ আঙুলিত ধৰি পঢ়াশালি এখনলৈ গৈ আছে।

বোমা-বাৰুদৰ জুই আৰু ছাইৰে পুতি পেলোৱা মাটিত এইবাৰ যেন সঁচাকৈয়ে ফুলি উঠিল হেজাৰ-বিজাৰ ‘এনিমোন ক’ৰ’নাৰিয়া’ ফুল !

*(এনিমোন ক’ৰ’নাৰিয়াঃ পেলেষ্টাইন দেশৰ এবিধ জনপ্ৰিয় ফুল।)

Leave a Reply

Your email address will not be published. Required fields are marked *