গান শুনো আহক

সংগীতজ্ঞ ৰাই কুডাৰ আৰু ৰাজনৈতিক চেতনা  ।। ভূমিধৰ তালুকদাৰ

আমেৰিকান সংগীতজ্ঞ ৰাই কুডাৰক আমেৰিকাৰ মূল সুঁতিৰ সংগীতকাৰৰ ভিতৰত ধৰা নহয়। খুব কমেইহে কুডাৰৰ বিষয়ে আলোচনা হয়। কাৰণ কেইবাটাও। ৰাই কুডাৰৰ সংগীত আমেৰিকাৰ মনোৰঞ্জন ধাৰাৰ সংগীতৰ পৰা সম্পূৰ্ণ পৃথক ধাৰাৰ লগত সংপৃক্ত। কুডাৰ একেধাৰে সংগীতজ্ঞ সংমিশ্ৰিত বাদ্যযন্ত্ৰী চলচ্চিত্ৰৰ সংগীত পৰিচালক ভাৰতীয় সংগীত, লেটিন আমেৰিকাৰ স্থানীয় সংগীত, টুভান গলা সংগীত,  অথবা কেৰিবিয়ান সংগীতকাৰৰ লগত যুটীয়া শৈলীৰ সংগীত সৃষ্টিকৰ্তা। কিন্তু কুডাৰ যে এগৰাকী লোকশিল্পী এগৰাকী প্ৰতিবাদী গায়ক সেই কথাটো খুব কমেইহে উচ্চাৰিত হয়। গীতৰ জৰিয়তে কুডাৰে সামাজিক বিষয় উপস্থাপন কৰি উডী গাথ্‌ৰী পীট চিগাৰ, ফিল অকচ্ বা বব ডিলানৰ যি ধাৰা, তাৰ লগত সংপৃক্ত হোৱা কথাটো কোনেও উচ্চাৰণ কৰিব নোখোজে। কাৰণ আলোচনাই কুডাৰৰ (গীতৰ জৰিয়তে) সামাজিক স্থিতিক মান্যতা দিয়ে। সেই মান্যতা পুঁজিবাদী সংস্কৃতিত নৈৱ নৈৱ চ। কাজেই ৰাই কুডাৰৰ সাংগীতিক প্ৰতিভা অনাবিষ্কৃত হৈ ৰয়। 

কিন্তু ৭৭ বছৰীয়া ৰাই কুডাৰৰ শেহতীয়া ৰাজনৈতিক চেতনাৰে পৰিপুষ্ট সাংগীতিক কৰ্মৰাজি নিশ্চয়কৈ আলোচনাৰ যোগ্য। আজিৰ বিশ্বৰ আৰ্থ সামাজিক অস্থিৰতা পুঁজিবাদৰ দুৰ্বাৰ আগ্ৰাসনত ৰাই কুডাৰৰ সংগীতে নতুন দিশ শ্ৰোতা দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰে। 

১৯৪৭ চনত  জন্ম গ্ৰহণ কৰা কুডাৰৰ বৈচিত্ৰ্য মন কৰিবলগীয়া। প্ৰথমাৰ্ধত ৰাই কুডাৰে Taj Mahal-ৰ লগত লগ লাগি Rising Sun দল গঠন কৰি সংগীতৰ মায়াজাল সৃষ্টি কৰিছিল। লগতে  ব্লুজ সংগীতত John Lee Hooker  ভাৰতৰ বিশ্বমোহন ভাট অথবা ৰোনু মজুমদাৰ, Rolling Stone দলৰ লগতো বিভিন্ন দলীয় কাম কৰিছিল। পিছলৈ Little Village দল গঠন কৰি সংগীতৰ জগততত ইতিহাস সৃষ্টি কৰা Buena Vista Social Club এলবাম জনসাধাৰণক উপহাৰ দি গৈছে। এলবামটো প্ৰস্তুতিৰ পৰাই এটা ইতিহাস। ১৯৯৬ চনত কিউবাত অনুষ্ঠিত World Music-ত ৰাই কুডাৰ আমন্ত্ৰিত হৈছিল। আমেৰিকাই কিউবাৰ ওপৰত আঁৰি থোৱা অৰ্থনৈতিক নিষেধাজ্ঞাক আওকাণ কৰি যোৱা বাবে ২৫০০০ ডলাৰ জৰিমনা বিহিছিল কুডাৰৰ ওপৰত। এই বাধা নেওচি কুডাৰে কিউবাৰ সংগীতজ্ঞসকলৰ লগত স্পেনিছ ভাষাত অৰ্থপূৰ্ণ এলবাম তৈয়াৰ কৰিছিল। ১৪ টা গীতৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা এলবামৰ প্ৰথম গীতটোৱেই হ’ল Chan Chan

গীতটোৰ গীতিকাৰ কম্পে চেগাণ্ডো। সাগৰৰ পাৰৰ বালিত ঘৰ সাজি খেলা কৰা দুজন কিশোৰ-কিশোৰীৰ কাহিনী। মূলতঃ কৃষকৰ কাহিনীৰে সংপৃক্ত গীতটোৰ মধুৰ সুৰ, আবেগিক অথচ নিপোটল সুৰ ব্যঞ্জনাই গীতটোৰ অৰ্থ নুবুজাকৈও গভীৰতালৈ লৈ যাব পাৰে। 

আমেৰিকান চৰকাৰে ২০২২ চনত এলবামটো সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ বিবেচনা কৰি সংৰক্ষণৰ যোগ্য বিবেচনা কৰিছে। 

১৯৬০—৮০ দশকলৈ কুডাৰে শ্লাইড গীটাৰৰ কামেই কৰিছিল। অন্য সংগীতকাৰৰ লগত যুটীয়াভাৱে কাম কৰাৰ উপৰিও বিভিন্ন বাদ্যযন্ত্ৰেৰে সংগীতৰ নতুন দিশ উলিওৱাত গুৰুত্ব দিছিল। পুৰণি ঠাচৰ গীত আমেৰিকাৰ স্থানীয় সুৰ ধৰ্মীয় অনুৰণন কাণ্ট্ৰি মিউজিক আদিৰ সংমিশ্ৰণেৰে মৌলিক সংগীতৰ সমাহাৰ ঘটোৱাই নহয়, সাৰ্থকভাবে বিভিন্ন সংগীতকাৰক একেখন মঞ্চত বহুৱাই গীতবোৰত নতুনত্ব দিছিল। ১৯৮৮ চনত Ry Cooder &The Moula Banda Rhythm Aces : Lets Have A Ball  ত গোৱা প্ৰতিটো গীতেই হৃদয় চুই যায়। ইয়াৰ প্ৰথম গীতটো হ’ল Jesus in the mainline। গীতটো ধৰ্মীয় অনুৰণন gospel আৰ্হিত ৰচিত। কুডাৰৰ মেণ্ডোলিন বাদন পিয়ানোবাদক একৰডিয়ানৰ শ্ৰুতিমধুৰ সুৰে গীটটো অৰ্থবহ কৰিছে। 

আমেৰিকাৰ ত্ৰিশৰ দশকত চলা অৰ্থনৈতিক মন্দাবস্থাক তুলি ধৰা এটি গীত How can a poor man stand in such time and live। গীতটোৰ কথাই পুঁজিবাদ আৰু একাংশ ক্ষমতালিপ্সুৰ অৰ্থনৈতিক আক্ৰোশ ফুটাই তুলিছে। পুঁজিবাদত চৰম দুৰ্দশাগ্ৰস্ত সাধাৰণ জনতা কেনেধৰণে পিষ্ট হয় সেয়াই এই গীতত ধ্বনিত হৈছে। 

https://youtu.be/6efQ_GyQW3o?si=aa3ym278q7xjYGPu

কুডাৰৰ ৰাজনৈতিক চেতনা সম্পন্ন গীতৰ উপৰিও চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে কৰা সংগীতৰ আৱেগিক ঝংকাৰে মনত সাঁচ বহুৱাই যায়। Paris Texus ৰ Paris Texus. Last Man Standing চিনেমাৰ Sanctuary, Southern Comfort চিনেমাৰ  Themes Blues অথবা Crossroads চিনেমাৰ Feeling Bad Blues. এই গীতবোৰৰ সুৰে হৃদয়ৰ কোণত এৰি অহা দিনবোৰৰ অনুভূতিয়ে নষ্টালজিক কৰি তোলে। 

https://youtu.be/ParIMYd-QV0?si=34f9eNQLq0qf2YZp

 https://youtu.be/saayRBU2O1M?si=9pxpYorrrX9lgJ7g

 https://youtu.be/31FrrSlQoxo?si=D0GkVNSaWpVPVw6y

https://youtu.be/Ga6RAwIMxD4?si=2St1PqYPdtJ_P70H

চলচ্চিত্ৰ পৰিচালক Walter Hills-ৰ আঠখনৈক চিনেমাৰ সংগীত পৰিচালনাৰে কুডাৰে অনন্য সুৰ আগবঢ়াই গৈছে। কুডাৰ সম্পৰ্কে হিলে কৈছে যে He does not feel a need to shout about himself. কুডাৰৰ ব্যক্তিত্ব কুডাৰৰ চিন্তা চেতনাত Woody Guthrie-ৰ প্ৰভাব কেনেকুৱা তলৰ আত্মকথনৰ জৰিয়তে চোৱা যাওক Woody Guthrie ৰ do re mi গীতটো নিজৰ এলবামত অন্তৰ্ভুক্ত কৰাৰ উপৰিও কুডাৰে কৈছে Woody Guthrie, I probably first heard him when I was 5. And those records, those photographs, and the Farm Security Administration photographs they made a big impact. I was intrigued by his voice. সংগীত সম্পৰ্কত কুডাৰে কৈছে music has contributions to make and transform it into a collective mind. গতিকে এনে চিন্তাৰ সংস্পৰ্শলৈ অহা সংগীতকাৰক আলোচনা নকৰাই স্বাভাৱিক। 

কুডাৰৰ সংগীতৰ পৈণত অৱস্থা তথা ৰাজনৈতিক চেতনা সমৃদ্ধ সৃষ্টি প্ৰকাশ পায় ২০০৫  চনত ওলোৱা Chaveze Ravine এলবামৰ জৰিয়তে। এই এলবামত  লছ এঞ্জেলচৰ কাষত থকা মেক্সিকান মূলীয় নাগৰিকৰ গাওঁ এখন উৎখাত কৰি শান্ত সৌম্য পৰিৱেশ ষ্টেডিয়াম নিৰ্মাণ কৰি ধংস কৰি পেলোৱা নিৰ্মম কাহিনী বৰ্ণিত হৈছে। লেটিনো চিকানো ৰক লেটিন জেজ সুৰৰ সংমিশ্ৰণত লেটিন ইংৰাজীত গোৱা গীতবোৰত শ্ৰমজীৱী জনসাধাণৰ মানসিক উত্তৰণৰ সুৰ নিহিত হৈ আছে৷এলবামৰ প্ৰথম গীত poor mans sangri La এই ইংগিতকে বহন কৰে। 

My Name Is Buddy (২০০৭) এলবামতো সামাজিক ৰাজনৈতিক চেতনাগত কথাই প্ৰকাশ পাইছে। ৰূপক ধৰ্মীভাৱে এই এলবামৰ গীতবোৰত পুঁজিবাদ আৰ্থিক শ্ৰেণী বৈষম্য শ্ৰমিক শ্ৰেণীৰ বঞ্চনা বিক্ষোভ ধৰ্না আদি বিষয়ে স্থান পাইছে৷ cat and mouse গীতৰ যোগেদি ৰূপক ধৰ্মীভাবে শ্ৰমিকশ্ৰেণীৰ ৰাজনৈতিক চেতনাৰ উন্মেষৰ ভাব প্ৰকাশ কৰিছে। আনহাতে কুৰি শিতকাৰ এগৰাকী দক্ষ ইউনিয়নিষ্ট Joe Hill বিষয়ৰে উপস্থাপিত একত্ৰিত ধাৰণাৰ গুৰুত্ব কেনেকুৱা Strike গীতৰ যোগেদি দেখুৱাইছে। 

২০১১ চনত প্ৰকাশিত এলবাম PULL Up Some Dust And Sit Down ৰাজনৈতিকভাৱে পৰিপুষ্ট এলবাম। প্ৰতিটো গীততেই আৰ্থ সামাজিক বিষয় ৰাজনৈতিক শক্তিৰ পক্ষপাতিত্ব ব্যৱহাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি শ্ৰমিক জনসাধাৰণৰ প্ৰাত্যাহিক জীৱনৰ ছন্দপতন (চৰম পুঁজিবাদী ব্যৱস্থাত) সাম্যতা আদি নিপোটল ছন্দোবদ্ধ ৰূপত ৰূপক ধৰ্মীভাৱে উপস্থাপন হৈছে। সমসাময়িক আমেৰিকান সমাজত চলা বৰ্ণ বৈষম্য প্ৰবজনৰ সমস্যা যুদ্ধবাজ ৰাজনৈতিক সমীকৰণত হেৰুওৱা মানৱীয় আবেগ অনুভূতি। কি নাই গীতবোৰত! বেংক কৰ্মচাৰী, ৰাজনীতিবিদ, আৰক্ষী আদিয়ে কেনেদৰে সাধাৰণ জনতাৰ জীয়াই থকাৰ অধিকাৰ সংগ্ৰাম মানবীয় সত্ত্বা কাঢ়ি নিছে সেইবোৰ The Guardian কাকতৰ ভাষাত bleak or thoughtful lyrics against jaunty melodies and no elaborative narrative and albums motif to be that of a broken divided. Society and the gap of between rich and poor .আনহাতে Phip’s Majorin’s-ৰ উক্তিৰে এই এলবামটো an attempt at the existential providing an everyman’s view of struggle during economic downtown class disparity injustice and abuse of power .তেখেতে পুনৰ উল্লেখ কৰিছে, – a direct voice of protest both musically and lyrically that will not be mistaken for being impressionistic.

No bankers left behind 

My telephone rang one evening,

My buddy called for me

Said the bankers are all leavin’,

You better come round and see

It start in revelation,

They robbed the nation blind,

They’re all down at the station,

No banker left behind.

No banker, no banker,

No banker could I find.

They were all down at the station,

No banker left behind

Well the bankers called a meetin’,

To the White House they went one day

They was going to call one the President,

In a quiet and a sociable way

The afternoon was sunny and the weather it was fine

They counted all our money

And no banker was left behind

No banker, no banker,

No banker could I find.

They were all down at the White House,

No banker was left behind

Well I hear the whistle blowin’,

It plays a happy tune

The conductor is calling “all abort”,

We’ll be leavin’ soon

With champagne and shrimp cocktails

And that’s not all you’ll find

There’s a billion dollar bonus

And no banker left behind

No banker, no banker,

No banker could I find.

When the train pulled out next mornin’,

No banker was left behind

No banker, no banker,

No banker could I find.

When the train pulled out next mornin’,

No banker was left behind

Hallelujah

No banker, no banker,

No banker could I find.

They were all down at the station,

No banker left behind

No banker, no banker,

No banker could I find.

When the train pulled out next mornin’,

No banker was left behind

আনহাতে Election Special (২০১১) এলবামটোত আমেৰিকান roots সংগীত ব্লুজ সংগীতৰ আধাৰত অতি মাৰ্জিতভাৱে সমসাময়িক  ৰাজনীতি সমাজনীতিক ৰূপক ধৰ্মীভাৱে তুলি প্ৰতিবাদী সত্ত্বা গঢ়ি তুলিছে। ই সেই সত্ত্বা কেৱল একক প্ৰতিবাদী সত্ত্বা নহয়; তাৰ মাজত নিহিত আছে বিষয়গত ভাবে গণতন্ত্ৰত বিশ্বাসী জনসাধাৰণৰ একত্ৰিত শক্তিক বিশ্বাসী ভাবধাৰা। গীতবোৰৰ মাজেদি গুৱান্টানামোবেৰ জেইলৰ নিৰ্দয় পাশৱিক অত্যাচাৰ সোতৰবছৰীয়া কৃষ্ণাঙ্গ কৈশোৰক শ্বেতাংগ পুলিচে গুলীয়াই মৰাৰ কাহিনী প্ৰতিফিলত হৈছে। সংগীত পৰিচালক Jeff Schwager  কৈছে যে Robert Johnson আৰু Woddy Guthrie ৰ প্ৰভাৱ এই এলবামৰ সাংগীতিক গাঁঠনি আৰু কথাংশত পৰিছে। Mutt Romney Blues. Guantanamo. বা Brother is Gone গীতৰ যোগেদি প্ৰতিবাদী সত্ত্বাক কুডাৰে দায়বদ্ধ ৰূপত প্ৰকাশ কৰিছে। 

শেষত ক’ব পাৰি ৰাই কুডাৰৰ গীটাৰেৰেই অকল সংগীত সৃষ্টি নকৰি সামাজিক দায়বদ্ধতা প্ৰকাশ কৰিছে তেখেতৰ গীতৰ কথাই৷ অসমৰ দৰে ঠাইত ঠেৰুছিগা সংগীত চৰ্চাকাৰীৰ মাজত ৰাই কুডাৰ নিশ্চয়কৈ চৰ্চাৰ বিষয় হ’ব পাৰে। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *