নিবন্ধবিশ্বাস-অবিশ্বাস

সৰ্বধৰ্ম পৰিত্যাজ্য ‌।। অঞ্জন  শইকীয়া

১) ধৰ্ম বিভ্ৰাট
গীতাৰ শেষ অধ্যায়ত কৃষ্ণৰ দ্বাৰা কোৱা হৈছে : “সৰ্বধৰ্মান পৰিত্যাজ্য, মামেকং শৰণং ব্ৰজ। অন্য অধ্যায়ত শ্রীকৃষ্ণই স্বয়ং ঘোষণা কৰিছে যে তেৱেঁই সমস্ত জগতৰ আৰু সমস্ত জীৱনৰ কাৰণ। তেৱেঁই পৰমপ্ৰভু।
বৌদ্ধধর্মই ক’লে, বুদ্ধং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। বুদ্ধই কোনো ভগৱানৰ কথা নক’লে, জৈনধৰ্মতো ভগৱানক স্বীকাৰ কৰা নাই। বৌদ্ধমত আৰু জৈনমতে সনাতন ধৰ্মৰ চতুৰ্বৰ্ণ, যাগ-যজ্ঞ, বলি-বিধান আদি স্বীকাৰ নকৰিলে। “অহিংসা পৰম ধৰ্ম” বুলিহে ক”লে।
ইছলামৰ আল্লাহৰ বাণী বুলি ঘোষিত কোৰাণৰ চূড়াই চূড়াই কেৱল মাত্ৰ কেৱল আল্লাহৰ হুকুম মানিবলৈ কঠোৰ নিৰ্দেশ। কিছুমান কাম হাৰাম, কিছুমান হালাল। বলি-বিধান, মূৰ্তি-পূজা হাৰাম। কোৰবাণী হালাল।ইছলাম ধৰ্মই আৰু কয়— আল্লাৰ বান্দা শ্ৰেষ্ঠ, আল্লাৰ হুকুম মতে নচলাসকল কাফিৰ। মুছলমানসকলেই শ্ৰেষ্ঠ আৰু উত্তম মানুহ। বাকী সকল অধম।
সনাতনী বেদৰ পন্থাই কয় বৈদিক পন্থাই সনাতন, সৰ্বোত্তম! ই সুপ্ৰাচীন হৈয়ো অৰ্বাচীন। ইয়াত যাগ-যজ্ঞৰ বিধান আছে, মানুহক চতুৰ্বৰ্ণত ভাগ কৰা হয়। বৈদিক সনাতনী পন্থাৰ বহুকেইটা ভাগ বা উপপন্থাও আছে, ধৰ্মীয় আচাৰ ৰীতিৰো প্ৰভেদ আছে।
শৈৱপন্থীয়ে কয় শিৱই সবাতোকৈ শ্ৰেষ্ঠ। সদাশিৱ সকলো দেৱৰো ওপৰৰ দেৱ— মহাদেৱ। শিৱৰ বন্দনা কৰি শিৱবাবাৰ প্ৰসাদৰ নামত ভাং, গাঞ্জা সেৱন কৰি মহাদেৱৰ আশিস পাব পাৰি।
শাক্তই কয় দুৰ্গাই সকলোতকৈ শক্তিশালী সৰ্বভূতত প্ৰতিষ্ঠিত দেৱী। শক্তিধৰ্ম সাধনৰ মূল আধাৰ শক্তিৰ সাধনা কৰা, পশু-পক্ষী বলি দিয়া।
বৈষ্ণৱে কয় পৰম ভগৱান কৃষ্ণহে। শংকৰদেৱেও আন দেৱদেৱীক ভজা মানেই মহা-ব্যভিচাৰ বুলি কৈ অলংঘনীয় ধৰ্মনীতি দিলে। “কৃষ্ণ বিনে নাহি কোনো দেৱ” বুলি লিখিলে। আৰু লিখিলে—

“আন দেৱ দেৱী নকৰিবা সেৱ
প্ৰসাদো নাখাইবা তাৰ,
মূৰ্তিকো নাচাইবা গৃহো নপশিবা
ভক্তি হইব ব্যভিচাৰ”।
লগতে ক”লে, “হংস ছাগ কাটি যিটো পূজে আন দেৱ।৷
জানিবাহা সিটো নৰ ৰাক্ষস অসুৰ৷
হিয়াত থাকন্তে মঞি তাহান্ত বিদূৰ”।৷

যীশুৱে কৈ গ’ল “গড”ৰ বাণী বাইবেলত কোৱা কথাহে মানি চলিব লাগে, অন্য ধৰ্ম পৰিত্যাজ্য। যিশুহে ভগৱানৰ একমাত্ৰ পুত্ৰ, সেয়ে কেৱল তেওঁৰ কথাহে পালনীয়।
শিখধৰ্মত তেওঁলোকৰ পবিত্র গ্ৰন্থ “গুৰু গ্ৰন্থ চাহিব”ৰ বাণী আৰু ১০-গৰাকী ধৰ্মীয়গুৰুৰ উপদেশ একান্তই পালনীয় বুলি কয়। এই ধৰ্মত যাগ-যজ্ঞ, মূৰ্তি-পূজা আৰু ঈশ্বৰৰ অৱতাৰবাদ স্বীকৃত নহয়।
অনান্য ধৰ্মপন্থা, উপ-পন্থাবোৰেও নিজৰ পন্থাটোকে সৰ্বশ্ৰেষ্ঠ, সৰ্বোত্তম বুলি দাবী কৰে।

প্ৰতিষ্ঠানিক ধৰ্মবোৰৰ গণ্ডগোল তাতেই।
নিজৰ পন্থা বা পদ্ধতিহে উত্তম। আনৰ পন্থা পদ্ধতি ত্যাজ্য।
কোনটো পথনো ল’ম, কাৰ বাণীনো শুনিম, কাকনো মানিম? এটা পন্থা ল’লে আন সকলো পন্থাকে পৰিত্যাগ কৰিব লাগিব। সচৰাচৰ সকলোৱে তেনেই কৰে। কিছুমানে দুই-তিনিটা পন্থাৰ কিছু কিছু স্ব-বিৰোধী নীতি নিয়ম মানি চলি দ্বিচাৰিতা, ত্ৰিচাৰিতা কৰি থাকে। সকলোৰে অলপ চলপ মিলাই খিচিৰি ৰান্ধে। দুৰ্গা পূজাৰ বলি-বিধানো পালন কৰে, শিৱক উপাসনা কৰি শিৱলিংগটো গাখীৰ ঢালে আৰু শংকৰদেৱৰ পন্থা মানি “আন দেৱ-দেৱী নৰকিবা সেৱ” বুলি নাম-কীৰ্তনো কৰে। এটাপন্থাক ধৰিলে আনটোক অবমাননা কৰা হ’য় দেখোন। পন্থাবোৰৰ ইমান ভিন্নতা আৰু বৈপৰীত্যৰ মাজত প্ৰকৃততে কিবা এটা পন্থা লোৱাৰ প্ৰয়োজন আছে জানো?

গতিকে সকলো পন্থাই  আমাৰ বাবে পৰিত্যাজ্য।
অৱশ্যে ধৰ্মগ্ৰন্থ, ধৰ্মশ্ৰয়ী সংস্কৃতিবোৰ বা ধৰ্ম-উৎসৱবোৰ সকলো পৰিত্যাগ কৰাৰ সকাম নাই।  বিভিন্ন ধৰ্মত থকা মানৱীয় প্ৰমূল্যবোধৰ কথাবোৰ, নৈতিক উপদেশবোৰ নিশ্চয় গ্ৰহণ কৰিম। কিন্তু মানৱীয় মূল্যবোধৰ আধাৰত  যুক্তি আৰু বিজ্ঞানমনস্কতাৰে বিচাৰ কৰি ধৰ্মৰ মাজত থকা কুসংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ বৰ্জন কৰি যাম।কোনো নিৰ্দিষ্ট প্ৰতিষ্ঠানিক ধৰ্মপন্থী নহওঁ। সকলোবোৰ মানুহক ভাগ ভাগ কৰা পন্থা। কোনো এটা পন্থাৰ দ্বাৰা বিশ্ব-মানৱক একত্ৰিত কৰাৰ উপায় নাই। সকলো ধৰ্মৰে সংস্কাৰ সাধন কৰি এক পন্থালৈ অহাটো আজি অকল্পনীয়। প্ৰায় সকলো পন্থাতে অতীজতে ঘোষণা কৰি থোৱা সত্য(?)বোৰ চৰম সত্য আৰু অলংঘনীয় বুলি মানি লোৱা হয়। এৰাধৰা কৰিলেনো কিমান কৰিব?
যিহেতু কোৱা হয় যে সকলো ধৰ্মৰে মূল উদ্দেশ্য মানৱ কল্যাণ, গতিকে পাৰ্থিৱ মানৱ কল্যাণৰ উদ্দেশ্যে চিধা চিধি কথা—“সবাৰ উপৰে মানুহ সত্য, ঈশ্বৰ নহয়”,  “মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ”। সৰ্বধৰ্মান পৰিত্যাজ্য, মানব একং শৰণং ব্ৰজ।

২) আধ্যাত্মিকবিভ্ৰান্তি
“আত্মা”ৰ ধাৰণাটোক ভিত্তি কৰিয়েই “আধ্যাত্মিকতা” নামৰ বিষয়টোৰ চৰ্চা চলি থাকে। ভিন ভিন ধৰ্ম, আৰু ধৰ্মবোৰৰ ভাগ তথা উপপন্থাত, ভিন ভিন জাতি জনগোষ্ঠীৰ মাজত প্ৰচলিত “আত্মা”ৰ ধাৰণাৰ মাজত পাৰ্থক্য আৰু বৈপৰীত্য বিৰাজমান।

সংক্ষেপে আত্মাৰ ধাৰণাৰ ভিন্নতা:
সনাতনী বেদান্ততত্ত্বমতে আত্মাৰ মৃত্যু নাই, আত্মা নিত্য!
গীতাৰ মতেও আত্মা অখণ্ড। ইয়াক কাটিব নোৱাৰি, পুৰিব নোৱাৰি, আত্মা অমৰ। আত্মাৰ পুনৰ্জন্ম হয়।
বুদ্ধ মতবাদ মতে আত্মা আছে কিন্তু এই আত্মাৰ ধাৰণা সনাতনী তত্ত্বতকৈ বহুত বেলেগ। এই আত্মা অমৰ নহয়, ই অনিত্য। দেহ বৃদ্ধ হোৱাৰ লগে লগে আত্মাও বৃদ্ধ হয়। দেহৰো মৃত্যু হয়, আত্মাৰ মৃত্যু হয়। বৌদ্ধমতত চেতনাৰ প্ৰৱাহ স্বীকাৰ কৰা হয়। জন্মান্তৰবাদ বৌদ্ধমতত আছে, যদিও এয়া সনাতনী তত্ত্বতকৈ বেলেগ।
বাইবেলৰ তত্ত্বমতে যিলোকে যীশুৰ ওপৰত অগাধ আস্থা ৰাখে তেওঁলোকৰ আত্মাৰ মৃত্যু নহয়। দেহৰ মৃত্যুৰ পাছত তেনে আত্মা হেভেনলৈ যায় আৰু হেভেনত অনন্ত সুখ ভোগ কৰে। যীশুৰ ওপৰত আস্থা নৰখা সকলৰ আত্মাৰ মৃত্যু হয়। আত্মাৰ পুনৰ্জন্ম নহয়।
যীশুখ্ৰীষ্টৰ জন্মৰ আগত জন্ম হোৱা মানুহবোৰৰ আত্মাৰ বা কি হ”ল? যিহেতু যীশুতকৈ তেওঁলোকৰ জন্ম আগত, তেওঁলোকে যীশুৰ ওপৰত আস্থা ৰখাৰ প্ৰশ্নই নাহে। তেওঁলোকৰ আত্মাসোপা মৰিল নিশ্চয়?
ইছলাম ধৰ্মৰ কোৰানমতে শৰীৰৰ মৃত্যুৰ পাছত আল্লাৰ হুকুম মানি নচলাসকলৰ আত্মা দোজোখলৈ গৈ দুখ ভোগ কৰি থাকিব লাগে, আল্লাৰহুকুম মানি চলাসকলৰ আত্মা বেহেস্তলৈ গৈ সুখ ভোগ কৰি থাকে! বহুযুগৰ পাছত কিয়ামতৰ দিন আহে। আৰু সেইদিনা আত্মাবিলাকৰ পুনৰুত্থান হয়। আল্লাহে আত্মাবিলাকৰ শেষ বিচাৰ কৰে। বিচাৰ কৰি কাৰোবাক শাস্তি দিয়ে আৰু কাৰোবাক পুৰষ্কাৰ দিয়ে। আত্মাৰ পুনৰ্জন্ম নহয়।
সনাতনী তত্ত্বতো আছে বহুতো শাখা।
শংকৰাচাৰ্য-প্ৰণীত আধাত্মতত্ত্বৰ নাম অদ্বৈতবাদ। মায়াবাদী এই তত্ত্বমতে জগত মায়াহে, আচল নহষ। ব্ৰহ্ম সত্য জগত অসন্ত(শংকৰাচাৰ্য যদি জাগতিক, তেৱোঁ তেওঁৰ কথা অনুসৰি মিথ্যা হ”ব। তেওঁ মিথ্যা হ”লে তেওঁৰ বচননো কেনেকৈ সত্য হ’ব?)। জীৱাত্মা পৰমাত্মা এক। মায়াৰ কুঁৱলীৰে জীৱাত্মাক আৱৰি থাকে বাবে জীৱাত্মাই পৰমাত্মাক চিনিব নোৱাৰে।
মাধবাচাৰ্যৰ প্ৰণীত তত্ত্ব হৈছে “দ্বৈতবাদ”। জীৱাত্মা পৰমাত্মা ভিন্ন।
ৰামানুজৰ দ্বাৰা প্ৰণীত সনাতনী তত্ত্ব আকৌ “বিশিষ্টাদ্বৈতবাদ”। ৰামানুজৰ মতে জগত মিথ্যা নহয়, জগতৰ প্ৰকৃত সত্তা আছে।
অসমৰ শংকৰদেৱৰ ভক্তিধৰ্মৰ দৰ্শনো বেদান্ততত্ত্বৰ পৰাই আহৰণ কৰা। অৱশ্যে শংকৰদেৱৰ তত্ত্ব শংকৰাচাৰ্যৰ অদ্বৈতবাদ নে ৰামানুজৰ বিশিষ্ট দ্বৈতবাদ নে দুয়োটাতকৈ পৃথক তাক লৈ বিদ্বানসকলৰ মতান্তৰ আছে। কিছু বিদ্বানে শংকৰদেৱৰ দৰ্শনক “ব্ৰহ্মেশ্বৰবাদ” আৰু অন্য কিছু বিদ্বানে “সবিশেষ অদ্বৈতবাদ” বুলি অভিহিত কৰা পোৱা যায়।
চৈতন্যদেৱৰ আধ্যাত্মতত্বক “অচিন্ত্যভেদাভেদবাদ” বুলি কোৱা হয়।
তদুপৰি বল্লভাচাৰ্যৰ “শুদ্ধাদ্বৈতবাদ”, নিম্বাৰ্কৰ “দ্বৈতাদ্বৈতবাদ”, ভাস্কৰাচাৰ্যৰ “ভেদাভেদবাদ”, আদি বহুকেইটা বেদান্তদৰ্শনৰ শাখা আছে।প্ৰতি শাখাতে আত্মা পৰমাত্মাৰ ধাৰণাৰ প্ৰভেদ আছে।বিষ্ণুপুৰাণৰ মতে আত্মাই ৮২ লাখবাৰ বিভিন্ন জীৱৰূপে জন্মগ্ৰহণ কৰাৰ পাছতহে পুনৰ মানুহৰূপে জন্ম লয় যদিহে ভাল কাম কৰে।এইবিলাক ধাৰণাৰ যিকোনো এটা সত্য বুলি ধৰিলে বাকীবিলাক অসত্য হৈ পৰিব।
বেদান্ততত্ত্বও আকৌ সনাতনধৰ্মৰ ষড়দৰ্শনৰ এটা ভাগহে। সনাতনধৰ্মৰ আনকেইটা ভাগ হ’ল— সাংখ্য, মীমাংসা, যোগ, ন্যায়িক আৰু বৈষয়িক। এইকেইটা দৰ্শনৰ স্বৰূপ বেদান্ততকৈ বেলেগ। আত্মাৰ ধাৰণাও প্ৰত্যেকতে বেলেগ বেলেগ। সাংখ্য মতত দেহবিহীন আত্মা নাই।
হিন্দুধৰ্মমতৰ পুৰাণ, ভাগৱত, উপনিষদ আদি শাস্ত্ৰত থকা বৰ্ণনাত আত্মাসম্পৰ্কত বহু বৈসাদৃশ্য আৰু প্ৰভেদ আছে। এফালে যিদৰে আত্মা অমৰ, নিত্য, ইয়াক পুৰিব নোৱাৰি, কাটিব নোৱাৰি আদি ধাৰণা আছে, আনফালে যমপুৰীত দেহ নথকা আত্মাক তেলত ভাজি, শূলত দি শাস্তি দিয়াৰ ধাৰণাও আছে।

এজনমানুহৰ আত্মা এটানে? কিছুমান ক্ষুদ্ৰধৰ্মমতত আৰু কিছুমান জনগোষ্ঠীয় বিশ্বাসত আত্মা একাধিক। আমাৰ ওচৰৰে কুকি আৰু মণিপুৰৰ পূৰম সম্প্ৰদায়ে বিশ্বাস কৰে যে এজন মানুহৰ আছে পাঁচটাকৈ আত্মা! ছোটনাগপুৰ আৰু মধ্যপ্ৰদেশৰ কিছু আদিবাসী গোটৰ মতে মানুহৰ ছাঁটোৱেই মানুহৰ আত্মা। বীৰহোড়াসকলে আকৌ ভাবে, মানুহৰ আত্মা তিনিটা। তাৰে এটা হ’ল ছাঁটো।
ওপৰত মাত্ৰ কেইটামান উদাহৰণহে দিয়া হ’ল। অনান্য ধৰ্ম পন্থা-উপপন্থাত, পুৰাণ-উপনিষদতআৰু জাতি, জনগোষ্ঠীৰ মাজত প্ৰচলিত “আত্মা”ৰ ধাৰণাবোৰৰ মাজত আছে বহুত প্ৰভেদ।
ভিন ভিন ধৰ্ম, আৰু ধৰ্মবোৰৰ ভাগ তথা উপপন্থাত, ভিন ভিন জাতি জনগোষ্ঠীৰ মাজত প্ৰচলিত “আত্মা”ৰ বিশ্বাসবোৰৰ মাজত ইমান পাৰ্থক্য আৰু ইমান বৈপৰীত্য আছে যে সেয়া অলপ অধ্যয়ন কৰিলেই স্পষ্ট হৈ পৰে যে  আত্মাৰ ধাৰণাবোৰ সম্পূর্ণ কাল্পনিক। আত্মা বা প্ৰেতাত্মাই হওক বা ভূত-প্ৰেতেই হওক— সমজুৱাৰ মগজুত গভীৰভাৱে প্ৰোথিত হৈ থকা এই অন্ধবিশ্বাসবোৰৰ বিপক্ষে সবলভাৱে যুঁজিবলৈ এই কাল্পনিক ধাৰণাবিলাকক বিশদভাৱে জানি লোৱাটো প্ৰয়োজনীয়। বাস্তৱত আত্মাৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই। আত্মাৰ ধাৰণাটোৰ ভিত্তিত চৰ্চা হৈ থকা “আধ্যাত্মিকতা” বিষয়টিও এক বিভ্ৰান্তি।

প্ৰসংগ গ্ৰন্থ
১) বৈজ্ঞানিক দৃষ্টিভংগীৰে ধৰ্ম, আত্মা আৰু জন্মান্তৰবাদ, খৰ্গেশ্বৰ ভূঞা।
২) ভাৰতীয় চিন্তা, শিৱনাথ বৰ্মন।
৩) দৰ্শন : এক সমীক্ষা, গিৰীশ বৰুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *