ছিকিমৰ নদীবান্ধ, বানপানী আৰু স্থানীয় ৰাইজৰ বিৰোধিতা ।। মূল : বৈষ্ণৱী ৰাঠোড়; অনুবাদ : ময়ূৰ চেতিয়া
চাৰি অক্টোবৰ ২০২৩ চন। পুৱতি নিশা, ছিকিমৰ উত্তৰ অঞ্চল। হঠাৎ অহা এক বানপানীয়ে ছিকিমৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প ১২০০ মেগাৱাট শক্তিৰ তিস্তা তৃতীয়ক উটুৱাই লৈ গ’ল। নামনিৰ গেংটক, নামচি আৰু পাকয়ং জিলাত ই ভীষণ তাণ্ডৱ সৃষ্টি কৰিলে। ৮ অক্টোবৰৰ সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে আৰু ১০৫ জন নিৰুদ্দেশ হৈছে।
ছিকিমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই দুৰ্যোগক “অপ্ৰত্যাশিত প্ৰাকৃতিক দুৰ্যোগ” বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, হঠাতে হোৱা এই বিপর্যয়ৰ কাৰণ আছিল দক্ষিণ লোনাক হিমবাহ (গ্লেচিয়েল) হ্ৰদত হোৱা অতিৰিক্ত বৰষুণ তথা হ্ৰদটোত সৃষ্টি হোৱা এক বিস্ফোৰক বান (জিএলঅ’এফ)। জিএলঅ’এফ তেতিয়া সৃষ্টি হয়, যেতিয়া গলিবলৈ ধৰা হিমবাহবিলাকে হ্রদৰ সীমা অতিক্রম কৰে। হঠাতে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত, বা ভূমিস্খলনৰ পাছত প্রাকৃতিক মঠাউৰিবিলাক ক্ষতিগ্রস্ত হলে এনে জিএলঅ’এফ সৃষ্টি হ’ব পাৰে।
ছিকিমত ৬৯৪টা হিমবাহ হ্ৰদ আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ৫২০০ মিটাৰ উচ্চতাত অৱস্থিত দক্ষিণ লোনাক হ্রদটোক ২০২১ চনতেই এক বৈজ্ঞানিক অধ্যয়নে “উচ্চ বিস্ফোৰণৰ সম্ভাৱনাযুক্ত বিপজ্জনক হ্রদ” বুলি চিনাক্ত কৰিছিল। ইয়াৰ লগতে অন্যান্য ২০টা বিপজ্জজনক হ্ৰদকো চিনাক্ত কৰা হৈছিল।
পিছে স্থানীয় পৰিৱেশ বিশেষজ্ঞ তথা কর্মীসকলে আঙুলিয়াই দিছে যে হিমবাহ হ্ৰদটোৰ বিস্ফোৰক বানপানীয়ে সৃষ্টি কৰা ক্ষতিৰ পৰিমাণ বহুগুণে বৃদ্ধি কৰা কাৰণটো হৈছে তিস্তা নদীৰ অৱবাহিকাত ধাৰাবাহিকভাৱে নির্মাণ কৰা এলানি নদীবান্ধ। হ্ৰদটোৰ পৰা নিৰ্গত হোৱা বানপানীয়ে নামনিৰ তিনিটা বান্ধৰ গাঁথনি ধ্বংস কৰি সিবিলাকৰ জলাশয়ত জমা হৈ থকা পানী মুকলি কৰি দিলে, যাৰ ফলত বানপানী আৰু ক্ষতিৰ পৰিমাণ বহুগুণে অধিক ভয়াৱহ হৈ পৰিল।
পৰিৱেশ কৰ্মীসকলে এইবুলিও অভিযোগ কৰিছে যে ছিকিমৰ দৰে ভূমিকম্পপ্ৰৱণ অঞ্চলত নদীবান্ধ নিৰ্মাণ কৰাটো বিপজ্জনক বুলি তেওঁলোকে বহুবাৰ কৰ্তৃপক্ষক সকীয়াই দিছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ২০২০ চনৰ এক প্ৰতিবেদনত হিমালয় অঞ্চলৰ সম্ভাৱ্য জটিল হ্ৰদসমূহৰ তুলনা কৰাৰ সময়ত উল্লেখ কৰিছিল যে “জলবিদ্যুতৰ প্ৰতি ভাবুকি ছিকিমত সৰ্বাধিক”। চৰকাৰে ভালকৈয়ে জানিছিল যে তিস্তা নদীত নিৰ্মাণ কৰা নদীবান্ধসমূহলৈ দক্ষিণ লোনাক হ্ৰদে বিপদ কঢ়িয়াই আনিব পাৰে।
স্থানীয় নাগৰিক গোট “এফেক্টেড চিটিজেন অফ তিস্তাৰ”-ৰ সদস্য তথা জংগুৰ (Dzongu) বাসিন্দা মায়ালমিট লেপচাই এই প্রতিবেদকক কয় যে “আমি দীৰ্ঘদিন ধৰি তিস্তাৰ বুকুত ধাৰাবাহিকভাৱে বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছিলোঁ। তিস্তা তৃতীয়ৰ জলাশয়ত ইতিমধ্যেই বহু টন পানী আছিল, আৰু ফলত যেতিয়া হঠাৎ বান আহিল, ই বহু অধিক বেগ লাভ কৰিলে”।
কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই স্বীকাৰ কৰিছে যে বর্তমানৰ বানপানীটোৰ ক্ষেত্রত নদীবান্ধসমূহে ক্ষতি বহু অধিক কৰি পেলালে। এই প্রতিবেদকক তেওঁ কয় “যদি ধাৰাবাহিকভাৱে বহুকেইটা বান্ধ থাকে, তেন্তে নামনিত ই তাৎক্ষণিক বানৰ ক্ষেত্রত বহুবর্ধিত প্রভাৱ (cascading effect) সৃষ্টি কৰে”।
এই প্রতিবেদকক সংশ্লিষ্ট চৰকাৰী বিষয়াসকলে জনাইছে যে ভৱিষ্যতে এনে দুৰ্যোগ ৰোধ কৰিবলৈ হিমবাহযুক্ত হ্ৰদবিলাকৰ অধিক ফলপ্ৰসূ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। কিন্তু পৰিৱেশ-বিশেষজ্ঞসকলে কয় যে কথা এইখিনিতে শেষ নহয়। ছিকিমৰ জল প্রশাসনৰ বিষয়ে চাৰি বছৰ ধৰি অধ্যয়ন কৰা নেদাৰলেণ্ডস্থিত আই এইচ ই ডেলফ্ট নামৰ জল শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা অমিতাংশু আচাৰ্যই জনাইছে যে “আমি জানো যে হিমালয় অঞ্চলত টেকটনিক কাৰ্যকলাপ চলি থাকে। আমি জানো যে ইয়াৰ নদীবোৰেও বিপুল পৰিমাণৰ গেদ কঢ়িয়াই লৈ ফুৰে। আমি জানো যে হিমালয় অঞ্চলত ঐতিহাসিকভাৱে বহুতো ডাৱৰ বিস্ফোৰণ ঘটিছে”। এনে অনিশ্চয়তাবিলাকৰ বিষয়ে চৰকাৰে ভালকৈয়ে জানে বুলিও আচাৰ্যই কয়। “তেনেস্থলত আমি কিয় এই নদীবান্ধবিলাক নিৰ্মাণ কৰিছোঁ, যিবোৰে নদীৰ তলত মাইনফিল্ডৰ ৰূপ লৈছে? এইবিলাক যিকোনো মুহূর্ততে ফুটিব পৰা বোমা বুলিয়েই কব লাগিব”।
কিয় নদীবান্ধবিলাকে পৰিস্থিতি বহু অধিক শোচনীয় কৰি পেলালে?
বৰ্তমান ছিকিমৰ তিস্তা অৱবাহিকাৰ বুকুত পাঁচটা জলবিদ্যুৎ প্ৰকল্প আছে। ইয়াৰ বাহিৰেও ১৫টা বান্ধ নির্মাণ হ’বলৈ গৈ আছে তথা ২৭টা সম্পর্কে গুণা গথাঁ চলি আছে। ৪ অক্টোবৰৰ বানপানীত এনে তিনিটা বান্ধ ক্ষতিগ্রস্ত হৈছে বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ২০১৭ চনত আৰম্ভ হোৱা “তিস্তা তৃতীয় পর্যায়” প্ৰকল্পটোৱে সর্বপ্ৰথমে বানৰ আঘাত বহন কৰিব লগা হয় আৰু ই নিমিষতে জাহ যায়। নামনিৰ ফালে আছিল তিস্তা পঞ্চম, যাৰ দলংবিলাক আৰু বিদ্যুৎ কেন্দ্ৰ পানীত ডুব গ’ল। ইয়াৰ পিছত নিৰ্মাণৰত ৫০ মেগাৱাটৰ তিস্তা ষষ্ঠলৈ বানৰ পানী নামি আহিল আৰু বান্ধৰ দলং তথা শক্তিকেন্দ্ৰ বুৰাই পেলোৱাৰ লগতে ই দুখন ক্ৰেন নিঃচিহ্ন কৰিলে।
তিস্তা তৃতীয় আছিল এক “ৰান অৱ দ্য ৰিভাৰ প্ৰকল্প”, যি নদীৰ প্রবাহক উচ্চ বিন্দুৰ পৰা নমাই আনি গতিশক্তি সৃষ্টি কৰি টাৰ্বাইন ঘূৰোৱাৰ বাবে তাক ব্যৱহাৰ কৰে। এনে বান্ধত জলাশয় ব্যৱহাৰ কৰা নহয়। তথাপিও বান্ধটোৰ ওচৰত ৫০.৮ মিলিয়ন ঘনমিটাৰ যুক্ত জলাশয়ৰ ক্ষমতা আছিল।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উত্তৰ পূর্বাঞ্চল বিষয়ক বিশেষ অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক বিমল খাৱাছে কয় যে “বান্ধটোৰ জলাশয়ত ইতিমধ্যেই পানী আছিল, আৰু যেতিয়া হ্ৰদটোত বিস্ফোৰণ ঘটিল, তেতিয়া নদীৰ বুকুৱেদি পানীৰ লগতে গেদ তথা ধ্বংসাৱশেষ নামি আহিল। কাজেই বান্ধটোৱে পানী ধৰি ৰাখিব নোৱাৰিলে”। খাৱাছে পূব হিমালয়ৰ জলবিদ্যুৎ আৰু দুৰ্যোগৰ বিষয়ক কাম কৰি আহিছে, তথা ইয়াৰ পূৰ্বে ছিকিম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছে।
বান্ধৰ দৰে আন্তঃগাঁথনিয়ে নদীৰ পথত বাধা সৃষ্টি কৰে; আনহাতে পূর্বে উপত্যকাৰ মাজেৰে বৈ যোৱা বানপানীৰ বাবে পথত বাধা নাছিল বুলি খাৱাছে কয়। তেওঁৰ মতে ধাৰাবাহিকভাৱে বান্ধ নির্মাণ কৰাৰ উপৰিও তেনেই নদীৰ বুকুৰ কাষতে মানুহে বসতি স্থাপন কৰাৰ ফলতো পানীৰ সোঁতত বাধাৰ সৃষ্টি হৈছে। ছিকিমত ইয়াৰ পূৰ্বেও জিএলঅ’এফৰ দেখা গৈছিল যদিও আগতে ক্ষতি বেছ সীমিত আছিল বুলিও তেওঁ কয়। খাৱাছৰ মতে জলবিদ্যুৎ শক্তিয়ে “নিশ্চিতভাৱে দুৰ্যোগটোক সৰ্বাধিক কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছে”। খাৱাছে কয়, “আমি হয়তো জিএলঅ’এফ আৰু ডাৱৰ বিস্ফোৰণক প্ৰাকৃতিক বুলি ক’ব পাৰোঁ, কিন্তু বান্ধটো ভাঙি যোৱাৰ পিছত যি দুৰ্যোগ হৈছে সেয়া সম্পূৰ্ণৰূপে মানুহৰ দ্বাৰা নিৰ্মিত”।
তিস্তাৰ আক্ৰান্ত নাগৰিকসকলৰ প্রতিনিধি লেপচাই কয় যে তেওঁলোকে ছিকিম উচ্চ ন্যায়ালয়ত বান্ধৰ বিৰোধিতা কৰি আবেদন দিছিল। কিন্তু ২০১০ চনত আদালতে বিষয়টো খাৰিজ কৰি কলে যে প্ৰকল্প কৰ্তৃপক্ষই পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন তথা বন নিষ্কাশন (forest clearance) লাভ কৰাৰ দৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
সতর্কবাণীৰ আওকাণ
২০০৩ চনৰ পৰা ২০২১-ৰ সময়ত ছিকিমৰ হিমবাহ হ্ৰদবিলাকৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে কেইবাটাও প্ৰচেষ্টা চলোৱা হৈছিল। এনে সকলো তথ্য-পাতিতে দক্ষিণ লোনাকক বিস্ফোৰণৰ আশংকা থকা হিমবাহ হ্ৰদ হিচাপে চিনাক্ত কৰা হৈছিল।
ইয়াৰ এটা প্রধান কাৰণ আছিল হ্রদটোৰ দ্ৰুত বৃদ্ধিৰ হাৰ। গলিত হিমবাহৰ বাবে ১৯৭৭-২০০৮ সময়ছোৱাত হ্রদটোৰ আয়তন ছয় গুণ বৃদ্ধি পায় (১৭ হেক্টৰৰ পৰা ৯৯ হেক্টৰলৈ)। পাকয়ং জিলাৰ জিলা উপায়ুক্ত টাছি চপেলে জনায় যে “শেহৰবাৰলৈ আমি হ্রদটো ছেপ্টেম্বৰ মাহত পৰিদর্শন কৰিছিলোঁ। তেতিয়া তাৰ আকাৰ আছিল ১৬৫ হেক্টৰ”।
গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ৰ হিমবাহবিলাক গলাৰ গতিও বৃদ্ধি পাইছে। ১৯৬০ চনৰ পৰা ২০০০ চনৰ ভিতৰত ছেটেলাইটৰ চিত্ৰৰ ভিত্তিত হিমালয়ে ১৩% হিমবাহযুক্ত এলেকা হেৰুৱাই পেলাইছে বুলি অনুমান কৰা হৈছে। এই অঞ্চলবিলাক জলবায়ু পৰিৱৰ্তনৰ ফলত ভীষণ সংবেদনশীল অঞ্চললৈ পৰিণত হৈছে।
২০২১ চনত জলসম্পদ সম্পৰ্কীয় স্থায়ী সমিতিৰ এখন বৈঠকত দক্ষিণ লোনাক হ্ৰদৰ বিস্ফোৰণে জলবিদ্যুৎ প্ৰকল্পবিলাকক ক্ষতিসাধন কৰিব পৰাৰ সম্ভাৱনা বিষয়ক কিছু কথা উত্থাপন কৰা হৈছিল। তাত কেন্দ্ৰীয় জলসম্পদ, নদী উন্নয়ন আৰু গংগা চাফাইকৰণ বিভাগৰ এজন প্ৰতিনিধিয়ে লক্ষ্য কৰিছিল যে “হিমবাহ হ্ৰদবিলাকে হিমালয়ৰ উচ্চ অঞ্চলত নিৰ্মাণ হৈ থকা সকলো জলবিদ্যুত প্ৰকল্পৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে”।
নাম প্রকাশত অনিচ্ছুক কেন্দ্ৰীয় জল আয়োগ বিভাগৰ বিষয়াগৰাকীয়ে এইবুলিও কয় যে এই হিমবাহ হ্রদবিলাকে আনিব পৰা বিপদ সম্পর্কে প্ৰকল্প নিৰ্মাতাসকল ভালকৈয়ে জ্ঞাত আছিল। বিষয়াগৰাকীয়ে লগতে কয় যে ডেভেলপাৰসকলে এনে হিমবাহ হ্ৰদে সৃষ্টি কৰিব পৰা প্ৰভাৱৰ হিচাপ কৰে, আৰু সম্ভাৱ্য ক্ষতিৰ বাবে যথোপযুক্ত ব্যৱস্থাও গ্রহণ কৰে। এই সজাগতাৰ ভিত্তিতেই তেওঁলোকে বান্ধৰ ডিজাইন কৰে বুলিও তেওঁ কয়।
কিন্তু, বান্ধটোৰ পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ(environmental impact assessment) সময়ত তিস্তা উর্জা লিমিটেড নামৰ সংশ্লিষ্ট চৰকাৰী নিগমটোৱে (যাক পাছলৈ ছিকিম উর্জা লিমিটেড নাম দিয়া হ’ল) এই বিপদসমূহ অন্তৰ্ভুক্ত কৰা নাছিল।
২০০৬ চনত তিস্তাৰ আক্ৰান্ত নাগৰিকসকলেৰাষ্ট্ৰীয় পৰিৱেশ আপীল কৰ্তৃপক্ষৰ (বর্তমানে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ) ওচৰত আবেদন দাখিল কৰিছিল। আবেদনকাৰীসকলে যুক্তি দিছিল যে তিস্তা তৃতীয়ৰ বাবে কৰা পৰিৱেশ প্ৰভাৱৰ মূল্যায়নত ভূমিকম্প আৰু জিএলঅ’এফৰ দৰে কোনো প্রাকৃতিক বিপদৰ মূল্যায়ন অন্তৰ্ভুক্ত কৰা হোৱা নাই, যদিও প্ৰকল্পটো নির্মাণ কৰা হৈছে পূব হিমালয় অঞ্চলত, য’ত “বহুতো পৰিৱেশমূলক বিপদ” থকাৰ বিষয়ে জনা যায়।
“আমি তীব্ৰ বেগত হিমবাহ গলি যোৱাৰ বিষয়টো উত্থাপন কৰি আহিছিলোঁ আৰু আশংকা কৰিছিলোঁ যে যিকোনো মুহূর্ততে সিবিলাক ফাটিব পাৰে”, বিগত ১৭ বছৰ ধৰি অঞ্চলটোত জলবিদ্যুৎ বিকাশৰ বিৰোধিতা কৰি অহা আন্দোলনৰ সদস্য লেপচাই কয়। “আমি কৈছিলোঁ যে যদি তেনেকুৱা হয়, তেন্তে তিস্তাত নিৰ্মাণ কৰা ধাৰাবাহিক বান্ধৰ ফলত ই বিধ্বংসী ৰূপ ধাৰণ কৰিব”। এতিয়া দুৰ্ভাগ্যজনকভাৱে সেয়াই হ’ল, লেপচাই ক’লে।
ইয়াৰ পূৰ্বেও ২০১১ চনৰ ছেপ্টেম্বৰ মাহত অহা ৬.৯ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পৰ ফলত তিস্তা তৃতীয় জলপ্ৰকল্পটো ক্ষতিগ্রস্ত হৈছিল। ভূমিকম্পটোৱে ১১৯৬ টা নতুন ভূ-স্খলন সৃষ্টি কৰিছিল। উপগ্ৰহৰ ছবি ব্যৱহাৰ কৰি বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিছিল যে এই ভূমিস্খলনে অঞ্চলটোৰ কেইবাটাও পথ তথা জল প্ৰকল্পত ভয়াৱহভাৱে প্ৰভাৱ পেলালে। ভূমিকম্পৰ ফলত তিস্তা তৃতীয় জল প্ৰকল্পত কর্মৰত ১৬ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ উপৰিও অনেকবোৰ চৰকাৰী অট্টালিকা, শ্ৰমিকৰ কলনি, তম্বু আৰু পথৰ ক্ষতিসাধন হৈছিল।
লেপচাই কয়, “তেতিয়াৰ ডেভেলপাৰসকলে ভালকৈয়ে জানিছিল যে তেওঁলোকে বান্ধটো ভূমিকম্প-সংবেদনশীল অঞ্চলত বনাইছে। ইয়াৰ ফলত কি কি ক্ষতি হ’ব পাৰে, সেয়াও তেওঁলোকে জানিছিল। তথাপিও তেওঁলোকে কাম অব্যাহত ৰাখিলে। “আজি তাৰ মূল্য বহন কৰিছোঁ আমি, ইয়াত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীবিলাকে”।
এই প্রতিবেদকে বহুবাৰ ছিকিম উৰ্জা লিমিটেডৰ কাৰ্যালয়ত মন্তব্যৰ বাবে ফোন কৰিছিল যদিও কোনো বিষয়াৰ মন্তব্য লাভ কৰিব পৰা নগ’ল।
এই বিপজ্জনক কাৰকসমূহৰ উপস্থিতি সত্ত্বেও বান্ধনির্মাণ হৈছে আজিৰ দিনত এক লাভজনক ব্যৱসায়। অঞ্চলটোত নিতৌ এনে নিৰ্মাণ চলিয়েই আছে। আচার্যই মতে, “নদীবান্ধসমূহ হৈছে ব্যক্তিগত পুঁজিৰ বাবে স্পঞ্জ(sponge) স্বৰূপ। বান্ধ নির্মানৰ বাবে দীৰ্ঘ সময় প্রয়োজনীয় হোৱাৰ বাবে ব্যক্তিগত বিনিয়োগকাৰীসকলে দীৰ্ঘম্যাদী বিনিয়োগ কৰি উচ্চ হাৰত ৰিটার্ণ লাভ কৰিবলৈ সক্ষম হয়। এইবাবেই অঞ্চলটোত আজি ইমানবিলাক অধিক বান্ধ নির্মাণ হৈছে; আমাৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে সিবিলাক নির্মিত হোৱা নাই”।
হিমবাহ হ্রদবিলাকৰ নিৰীক্ষণৰ প্রশ্ন
গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে ছিকিমত জিএলঅ’এফৰ বিপদৰ ওপৰত আলোকপাত কৰা কেইবালানি প্ৰতিবেদনৰ পিছতো পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ লোৱা হোৱা নাছিল।
অজিম প্রেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিমাংশু উপাধ্যায়ে আঙুলিয়াই দিছে যে হিমালয় অঞ্চলৰ হিমবাহ হ্ৰদ বিষয়ক প্রথমটো হিচাপত দেখা হৈছিল যে ২০০০ৰো অধিক এনে হ্ৰদ আছে, যাৰ আকাৰ ১০ হেক্টৰতকৈ অধিক। কিন্তু ২০১৭ চনৰ নিয়ন্ত্ৰক আৰু নিৰীক্ষকৰ(Comptroller and Auditor) এক প্ৰতিবেদনত দেখা গ’ল যে ২০১১ চনৰ পৰা ইয়াৰে মাত্ৰ ৪৭৭ টা হ্রদৰহে নিৰীক্ষণ কৰি থকা হৈছে।
ছিকিমৰ দক্ষিণ লোনাক হ্ৰদটো ২০১৬ চনৰ পৰাই নিৰীক্ষকসকলৰ ৰাডাৰত আছিল, যেতিয়া পানীৰ স্তৰ নিৰীক্ষণ কৰিবলৈ এটা চেন্সৰ লগোৱা হৈছিল, তথা অতিৰিক্ত পানী আঁতৰাবলৈ পাইপ স্থাপন কৰা হৈছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাকয়ঙৰ জিলা উপায়ুক্ত চপেল দক্ষিণ লোনাক হ্ৰদটোৰ জৰীপ কৰা বহুবিশেষজ্ঞ দলৰ অংশ আছিল।দলটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ভাৰতীয় ভূতাত্ত্বিক জৰীপ, চুইছ এজেন্সী ফৰ ডেভেলপমেণ্ট এণ্ড ক’অপাৰেশ্যন আদিৰ বিষয়াসকল আছিল।
চপেলে জনাই যে“তেওঁলোকে এটা অল ৱেদাৰ ষ্টেচন স্থাপন কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আগতীয়া সতৰ্কবাণী ব্যৱস্থা এটা স্থাপন কৰিবলৈ ওলাইছিল”। “দুৰ্ভাগ্যজনকভাৱে তাৰ আগতেই হ্ৰদটোত বিস্ফোৰণ হ’ল”। তেওঁ স্বীকাৰ কৰে যে যদিও অতিৰিক্ত পানী আঁতৰোৱাৰ কামটো চলি আছিল, তথাপিও হঠাৎ হোৱা দুৰ্যোগ ৰোধ কৰিব পৰাকৈ ই ফলপ্ৰসূ নাছিল।
যিহেতু নিৰীক্ষণৰ বহুখিনি কাম ছেটেলাইটৰ চিত্ৰৰ জৰিয়তে কৰা হয়, সেয়েহে কেৱল spatial monitoring-হে সম্ভৱপৰ আছিল। এই spatial monitoring-এমাথোহ্ৰদটোৰ আকাৰপৰীক্ষা কৰে।কেন্দ্ৰীয় জল আয়োগৰ বিষয়াগৰাকীয়ে কয়, “সদ্যহতে আমাৰ হাতত ৰিয়েল টাইম মনিটৰিং কৰিব পৰা প্ৰযুক্তি নাই”। তেওঁ কয় যে ডাটাৰ নিৰীক্ষণ মাহেকীয়া ভিত্তিত কৰা হয় আৰু তাৰ পিছত ডাটাখিনি “সকলো সংশ্লিষ্ট কৰ্তৃপক্ষ”ৰ সৈতে শ্বেয়াৰ কৰা হয়, যেনে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে। বান্ধৰ বিষয়াসকলকো এই বিষয়ে নিয়মীয়াকৈ অবগত কৰাৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে কয় যে এনে কোনো ধৰা-বন্ধা নিয়ম নাই। ই বহুলাংশে এই প্রশ্নটোৰ ওপৰত নির্ভৰ কৰে যে “আমাৰ সৈতে তেওঁলোকৰ যোগাযোগ আছে নে নাই”। মূলতঃ ডাটাবিলাক ৰাজ্যিক কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়, যি তাৰ পাছৰ পদক্ষেপ সম্পর্কে সিন্ধান্ত লয়।
অঞ্চলটোৰ ভূগোলৰ সৈতে পৰিচিত লোকসকলে কয় যে নদীবান্ধ আৰু জল প্রশাসনৰ ক্ষেত্ৰত হোৱা ভুলৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাটোৱেই যথেষ্ট নহয়। আচার্যৰ মতে, অপৰ্যাপ্ত নিৰীক্ষণ বিষয়ক আনুষ্ঠানিক স্বীকাৰোক্তিবিলাকে আচলতে এনে এখন ছবি প্রস্তুত কৰিবলৈ যত্ন কৰে যেন “তেওঁলোকে বিষয়টো সম্পর্কে অন্ততঃ কিছুমান কাম কৰি আছে”। “কিন্তু মূল প্রশ্নটো হৈছে- তিস্তাৰ বুকুত ইমানবিলাক নদীবান্ধ আমাক কেলেই লাগে?”
(মূল প্রকাশন – https://scroll.in/article/1057269/ticking-time-bombs-sikkim-floods-a-reminder-of-why-locals-opposed-dams-in-the-himalayas-for-years)