অনুবাদপ্ৰবন্ধ

ভুলৰ পৰা শিক্ষা ।।  মূল (বাংলা) : জয়দীপ ঘোষ; ভাষান্তৰ : দ্বীপেন শৰ্মা

(এক)
সুচৰিতাৰ ঘৰখনৰ পৰিপাতি ৰুচিবোধ দেখি বিনয় মুগ্ধ হৈ পৰিছিল।বেজী-সূতাৰে চানেকি তোলা টেবুল ক্লথ, বেৰত ওলমোৱা ছবি, ৰঙা কপাহী কাপোৰেৰে মেৰিওৱা কিতাপেৰে ভৰা আলমাৰি আৰু মজিয়াত চকীৰ তলত পাৰি থোৱা এখনি হৰিণাৰ ছাল-
“এই সকলোবোৰে বিনয়ৰ মনৰ মাজত এটি গভীৰতৰ সুৰ বজাই তুলিবলৈ ধৰিলে”।
কিন্তু আজিৰ তাৰিখত নিশ্চয় মোৰ দৰেই আপোনালোকৰ কাৰো কাৰো এইখিনিত সামান্য ছন্দ-পতন হোৱা যেন অনুভৱ হৈছে, নহয়নে বাৰু? হৰিণৰ ছাল? ই জানো প্ৰকৃত ৰুচিবোধ সূচায়?
মই একো দোষ দিবলৈ যোৱা নাই সুচৰিতা, বিনয় অথবা ৰবীন্দ্রনাথক। কুৰি শতিকাৰ আৰম্ভণিতে ওলমাই ৰখা হৰিণৰ ছালখনক আমাৰৰুচি বুলি গ্ৰহণ কৰাৰ অভ্যাসে মনত কোনো অস্বস্তি জগোৱা নাছিল, সেইবাবেই ‘গোৰা’ নামৰ উপন্যাসখনত দ্বিধাহীনভাৱে এনেদৰে লিখিব পাৰিছিল ৰবীন্দ্ৰনাথে।
কিন্তু আজি অস্বস্তি জগায়। আমাৰ সলনি হৈছে অভ্যাস— ভাবনাৰ অভ্যাস, ৰুচিবোধৰ অভ্যাস।
মানুহৰ সভ্যতাৰ ইতিহাসৰ বহুখিনি মানুহৰ অভ্যাস সলাই সলাই নিয়াৰেই ইতিহাস।

(দুই)
সুকুমাৰ ৰায়ে লিখিছিল, “সেই প্ৰাৰ্থী ভালেই, নহয় মুঠেও বেয়া / গাৰ বৰণ যদিও ভীষণ কলীয়া” (“মন্দ নয় সে পাত্র ভালো/রং যদিও বেজায় কালো”)। গাৰ বৰণৰ কথাটো ইয়াত হঠাতে আহিল কিয়? বগা নহ’’লে জানো ‘ভাল’ প্ৰাৰ্থী হ’ব নোৱাৰি একোতেই? আচলত যি শিশুৰ গাৰ বৰণ ক’লা, তেনে শিশুৱে এই শাৰীটো অতদিনে কেনেধৰণে পঢ়িছে, সেইকথা আমি ডাঙৰবোৰে তেনেধৰণে ভবা নাই বহুদিন।
মই সুকুমাৰ ৰায়ক বৰ্ণবিদ্বেষী বুলিছো নেকি? ছিঃ ছিঃ। তেনে কথাই নুঠে। লিখাৰ খাতিৰত, ৰসৰ খাতিৰত, আৰু কিছু ছন্দ মিলোৱাৰ খাতিৰতেই এই শব্দ আহি পৰিছিল, তাত সন্দেহ নাই। কিন্তু আজি আমাৰ সলনি হৈছে অভ্যাস— পঢ়াৰ অভ্যাস, ভবাৰ অভ্যাস।
সেয়ে সেই বাক্যটোত আজি অস্বস্তি লাগে। এই অস্বস্তিত এজন ব্যক্তি হিচাপে আপোনাৰ বা মোৰ একো কৃতিত্ব নাই, এই কৃতিত্ব আজিৰ এই সময়খিনিৰ।

(তিনি)
সৰুকালত দেখিছিলোঁ, কালীপূজাৰ ৰাতি কুকুৰৰ নেজত ফটকাৰ মালা বান্ধি তাত জুই লগাই দিয়া হৈছিল। ভয় আৰু সন্ত্ৰাসত অসহায় কুকুৰটোৰ ছটফটনি দেখি আনন্দ পাইছিল চুবুৰিৰ ডাঙৰসকলে।
ময়ো পাইছিলোঁ। মনত আছে, এবাৰ আমাৰ পাকঘৰলৈ লুকাই-চুৰকৈ এটি বোন্দা সোমাই গৈছিল। জোৰকৈ একোব লাঠীৰে তাৰ পিঠিত বহাইছিলোঁ ঘাৰ দাগ। তাৰ বিতত চিঞৰত নিজকে এজন ডাঙৰ বীৰ যেনেই ভাব হৈছিল! আজি তিনিটা বোন্দা আমাৰ ঘৰত থাকে, খায়। সিহঁতক কোলাত তুলি ল’লে, প্ৰতিবাৰেই গম পাওঁ‌ মোৰেই পিঠিত এটা মচিব নোৱৰা দাগ ৰৈ গৈছে। লাঠীৰ দাগ।
আকৌ কৈছোঁ, এই গম পোৱাখিনিও আনকি মোৰ ব্যক্তিগত কৃতিত্ব নহয়। চৌপাশ ভালেখিনি সলনি হৈছে, ময়ো তাৰেই অংশ।

(চাৰি)
সেয়ে কৈছোঁ যে আমি পুৰুষবিলাকৰ এতিয়া কেইটামান অভ্যাস সলাবৰ সময় হৈছে। তাৰ ভিতৰত এটা হ’ল: ক’তোৱেই, কোনো কাৰণতেই নাৰীৰ প্ৰতি অৱমাননামূলক কোনো শব্দ কথা-বতৰাত ব্যৱহাৰ কৰা নহ’ব।
‘মেখেলা পিন্ধা’ বা ‘লেডিজ’ বুলি আমি আমাৰ পুৰুষ বন্ধুসকলক তাচ্ছিল্য কৰোঁ। এতিয়া তাচ্ছিল্য কৰাৰ আন পদ্ধতি বিচৰাৰ সময় আহিছে।  আমাৰ গালি-শপনি ভৰি আছে মাথোন মা-ভনীহঁ‌তৰ প্ৰতি কদৰ্য যৌন ইংগিতেৰে।  সেই শব্দবিলাকক কথা-বতৰাৰ পৰা সম্পূৰ্ণকৈ বিদায় দিব লাগিব। সম্পূৰ্ণকৈ। ‘গালিশপনি হ’ল গালিশপনিয়েই, ইয়াৰ মাজত ইমান তাৎপর্য বিচৰাটো ঠিক নহয় বোপাই’—এই যুক্তি আজি সমূলি অবান্তৰ।
কিন্তু কথাটো হ’ল, এনেকৈ ‘সম্পূৰ্ণকৈ বিদায়’ দিয়া জানো সম্ভৱ? মোৰ মতে সম্ভৱ।এটা দশক আগেয়ে ভীৰ ৰে’লত ছিগাৰেট-খোৱাটো আছিল এটি সাধাৰণ অভ্যাস। ইয়াত নাখাব প্লিজ,এনে অনুৰোধ কৰিলে কোনো কোনোৱে এনেভাৱে ট-টকৈ চাইছিল যেনিবা এটা কিডনিহে ধাৰলৈ বিচাৰিছো। আজি ৰে’লত কোনেও আৰু ছিগাৰেট নাখায়। অভ্যাস সলাই পেলাইছোঁ আমি।

আমাৰ প্ৰচলিত ভাষাৰ অভ্যাসো সলনি হ’ব।
চেষ্টা তো আৰম্ভ হওক। নহ’লে গতিশীল মিছিলত যোগ দিম কোনখন মুখেৰে, কওকচোন?

মানুহৰ সভ্যতাৰ ইতিহাসৰ বহুখিনিয়েইতো ভুলৰ পৰা শিক্ষা লোৱাৰেই ইতিহাস।

Leave a Reply

Your email address will not be published. Required fields are marked *