নিবন্ধবিবিধ চিন্তা

মানৱ সম্পদ সৃষ্টি : দেশৰ প্ৰগতিৰ চাবিকাঠি ‌।। ড° অৱনী কুমাৰ দাস

দেশ এখনৰ প্ৰগতিত কাৰ্যকুশলতাৰে অৰিহণা যোগাব পৰা মানুহবোৰেই “মানৱ সম্পদ”। নাগৰিক জীৱনৰ মান উন্নীতকৰণৰ ক্ষেত্ৰতো মানৱ সম্পদৰেই আৱশ্যকতা অনুভব কৰা হয়। জনসংখ্যা বৃদ্ধি এখন দেশৰ বাবে বোজা নহ’বও পাৰে যদিহে দেশবাসী মানুহ জ্ঞান-গৰিমা, কাৰ্য-নিপুণতা, উৎপাদনশীলতা, সৃজনী প্ৰতিভা ইত্যাদি বৈশিষ্ট্যৰে শক্তিশালী হৈ উঠে। সাম্প্ৰতিক সময়ৰ বহুল চৰ্চিত বিষয়বোৰ যেনে মানৱ অধিকাৰ, মানৱ উন্নয়ন আৰু মানৱীয় নিৰাপত্তাৰ সৈতে মানৱ সম্পদ সম্পর্কযুক্ত। মানৱ সম্পদ সৃষ্টি এটি পদ্ধতিগত জটিল প্রক্রিয়া। মানুহক সম্পদলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত জীৱনমুখী শিক্ষা-ব্যৱস্থা, সংস্কৃতিবান সামাজিক পৰিমণ্ডল, সবল অর্থনৈতিক বুনিয়াদ প্রভৃতি দিশবোৰ অতি গুৰুত্বসহকাৰে বিচাৰ কৰিবলগীয়া হয়। ভাৰতীয় প্ৰেক্ষাপটত মানৱ সম্পদ সৃষ্টিৰ সৈতে সংপৃক্ত কেইটামান দিশৰ বিষয়ে এই নিবন্ধত আলোচনা কৰিবলৈ বিচৰা হৈছে।
মানৱ সম্পদ সৃষ্টিৰ প্ৰক্ৰিয়া আচলতে জীৱন গঢ়াৰ প্ৰক্ৰিয়া। জীৱনজোৰা সাধনা আৰু অধ্যবসায়ৰ ফলতহে মানৱ সম্পদ সৃষ্টি হ’ব পাৰে। মানুহৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক অনুশীলন মানৱ সম্পদ সৃষ্টিৰ বাবে লাগতিয়াল উপকৰণ। শৈশৱ কালৰে পৰাই আচলতে মানুহৰ গুণগত উৎকর্ষ সাধনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। শিশুৰ সুস্থ, সবল মানসিকতাৰ ওপৰতে ব্যক্তিত্ব, আচৰণ, সুবুদ্ধি, বৃত্তি-প্ৰবৃত্তিৰ নিয়ন্ত্রণ, নীতিজ্ঞান আদি নিৰ্ভৰ কৰে। এই গুণবোৰৰ বেছিভাগেই সংস্কাৰ। পৰিৱেশৰ পৰা আহৰণ কৰা গুণ বা দোষবোৰৰ সৈতে জন্মগত আৰু বংশগত গুণেও মানুহৰ চৰিত্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা গ্ৰহণ কৰে। দূষিত পৰিৱেশত শিশুৰ মনৰ বিকাশৰ প্ৰক্ৰিয়া ব্যাহত হয়। ক্ষতিকৰ বস্তু বা ঘটনা এৰাই চলিব পাৰিলে জীৱন যাত্ৰা মধুৰ হয়। প্রস্তুতি, সংগ্ৰাম আৰু সাধনাৰে মানুহে সম্পদ হিচাপে আত্মপ্রকাশ কৰিব পাৰে। মানুহৰ ভাব, চিন্তা আচৰণক যদি সুচিন্তিতভাৱে নিয়ন্ত্ৰণ কৰা নহয়, জীৱন দুর্বিষহ হৈ পৰাটো নিশ্চিত। মানুহৰ উচ্ছৃংখল আৰু অস্থিৰ মানসিকতা মানৱ সম্পদ সৃষ্টিৰ অন্তৰায়। মানৱতা আৰু ব্যক্তিত্বৰ উৎকৰ্ষ সাধনৰ পৰিৱৰ্তে হতাশা আৰু সীমাহীন নিৰাশাৰ আৱৰ্তত সোমাই পৰিলে সমাজৰ কোনো মানুহ সম্পদলৈ উন্নীত হ’ব নোৱাৰে। দৃঢ় সংকল্প আৰু সাহসী উদ্যম অবিহনে মানৱ সম্পদৰ অপচয় হয়। সু-অভ্যাস গঠনৰ ওপৰতে মানৱ জীৱনৰ ভেটি গঢ় লৈ উঠে। শৰীৰ আৰু মনৰ অসুস্থতাৰ বাবেই মানুহৰ সজ অভ্যাস গঢ়ি নুঠে। বহুতে সহজাত প্রবৃত্তিৰ সৈতে মিতিৰালি পাতি অনীতি, অনাচাৰ আৰু অবিচাৰ আদিত লিপ্ত থাকে। শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনত সু-অভ্যাস মজ্জাগত নহ’লে মানুহ সম্পদ নহৈ আপদহে হয়। সু-অভ্যাসতঘাটি থকা জনক মানৱ সম্পদ বুলি সঠিককৈ ক’ব নোৱাৰি। মানুহৰ আত্ম-প্ৰতিষ্ঠাৰ মনোভাব নীতিগত হ’ব লাগে। প্রত্যেকে প্রত্যেকৰ বাবে হ’লেহে প্রকৃত স্বাধীনতা আহে। সেৱা আৰু ভালপোৱাৰ মাজেৰে স্বাধীনতা উপভোগ কৰিব পাৰি। উইলিয়াম হেজলিটৰ ভাষাত, “স্বাধীনতাক ভালপোৱাৰ অৰ্থ হ’ল আনক ভালপোৱা, ক্ষমতাক ভালপোৱাৰ অৰ্থ হ’ল নিজক ভালপোৱা”।
মানৱ সম্পদ সৃষ্টিৰ একান্ত লক্ষ্য আৰু উদ্দেশ্য হ’ল— এখন ব্যভিচাৰমুক্ত, সুস্থ আৰু সবলসমাজ গঠন কৰা। হেঁপাহৰ এইখন সমাজ গঠন কৰিবলৈ শিষ্ট আৰু শুভ ব্যক্তিত্বৰ নাগৰিক সৃষ্টি কৰিব লাগিব। কোৱা হয় যেশ্ৰেয় আৰু প্ৰেয় দুয়োটাকে বাটত লগ পোৱা যায়, দুর্বুদ্ধিয়ে শ্রেয়ক এৰি প্ৰেয়ৰ লগত যায়, ধীৰ বুদ্ধিয়ে শ্রেয়ক ধৰি অনন্ত কাল সুখ পায়। ন্যায়নিষ্ঠা, সত্যবাদিতা, শক্তি, সাহস, ব্যক্তিত্ব, চৰিত্ৰ প্রভৃতি গুণ বিকাশৰ অৰ্থে মানৱীয় প্ৰচেষ্টাৰ অন্ত নাই। মানৱ সম্পদ সৃষ্টিত এইবোৰ অপৰিহাৰ্য উপাদান ।
সাম্প্রতিক সমাজত গা কৰি উঠা তীব্র অর্থনৈতিক বৈষম্য, পৰিৱেশৰ ভয়াবহ প্ৰদূষণ আৰু জনসংখ্যাৰ অত্যাধিক বৃদ্ধিয়ে মানৱ সম্পদ সৃষ্টি প্রক্ৰিয়াত ব্যাঘাত জন্মাইছে। এইবোৰ অশুভ পৰিস্থিতিয়ে সমগ্র মানৱ সমাজকে ছিন্ন-বিচ্ছিন্ন কৰিছে। শান্ত সমাহিত হৈ যিসকল ব্যক্তিয়ে বহল সমাজত জীৱন যাপন কৰিব বিচাৰে, তেওঁলোকেও শংকাবিহীনভাৱে চলিব নোৱাৰা পৰিস্থিতি আহি পৰিছে। দক্ষ আৰু গুণী-জ্ঞানী ব্যক্তিসকলেও প্ৰতিকূল পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণলৈ আনিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে। ব্যাপকদৰিদ্ৰতা, কর্মসংস্থাপনহীনতা, বয়বস্তুৰ মূল্যবৃদ্ধি, ৰোগব্যাধি, শিক্ষাহীনতা ইত্যাদি নেতিবাচক পৰিঘটনাই ভাৰতৰ নিচিনা উন্নয়নশীল দেশত মানৱ সম্পদ সৃষ্টিৰ প্ৰক্ৰিয়াৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান থিয় কৰাইছে। ব্যক্তি-জীৱনৰ মাধ্যমেদি বিশ্ব-জীৱনক জনা সম্ভৱ। বিশ্ব-জীৱনক বুজি পোৱা মানেই ব্যক্তি-জীৱন তথা আত্ম-জীৱনক বুজি পোৱা। এই দুই জীৱনৰ মাজত পাৰস্পৰিক অবিচ্ছিন্ন সম্পর্ক আছে। মই আছোঁ বুলিয়ে যিদৰে তেওঁ আছে, তেনেদৰে মানুহ বুলিয়েই সমাজো আছে। লগতে, মানুহ সমাজ নহ’লে জীয়াই থাকিবই নোৱাৰে। এইটোও সঁচা যে দেশ মানে দেশৰ মানুহ। দেশৰ সংহতি মানে দেশৰ মানুহৰ সংহতি। সংহতি নিৰ্ভৰ কৰে মানুহৰ সন্মিলিত চিন্তা, সহযোগিতাৰ আদান-প্রদান, নৈতিকতাবোধ, ত্যাগ, সহিষ্ণুতা আদি চাৰিত্ৰিক গুণাৱলীৰ সংহতিৰ বিকাশত। এয়ে মানুহৰ জীৱনমুখী চৰিত্ৰ হোৱা উচিত। সমাজত জীৱপ্রেমী জনেহে জীয়াই থাকে আৰু আত্মপ্রীতিত মগ্ন হৈ থকাজনৰ মৰণ হয়।
পাৰস্পৰিক সেৱাৰ ৰাজ্যই আচলতে আদৰ্শ ৰাষ্ট্ৰৰ সোপান। মানৱপ্রেমী মহৎ ব্যক্তিয়ে মানৱ সম্পদ বিকাশৰ কথা চিন্তা কৰে। বাস্তৱ ক্ষেত্ৰত কিন্তু তেনে ব্যক্তি বাধাৰ সম্মুখীন হয়। জ্ঞান-বিজ্ঞান, শিক্ষা-দীক্ষা, আচাৰ-আচৰণ, কৃষ্টি-সংস্কৃতি আৰু সভ্যতা নিখুঁতভাৱে গঢ়ি তুলিব পাৰিলে মানৱ সম্পদ সৃষ্টিৰ প্ৰক্ৰিয়া ফলবতী হৈ উঠে। খোৱা-পিন্ধা, উঠা-বহা, কথা-বতৰা, খেতি-বাতি, শিল্প, জ্ঞান-বিজ্ঞান জড়িত চাকৰি, ব্যৱসায়, উদ্যোগ প্রভৃতি সকলো কামতে নীতি-কৌশল আয়ত্ত কৰি অনুশীলনেৰে মূৰ্ত কৰি তোলাটো অতি প্রয়োজনীয়। আচলতে মানুহ তৈয়াৰ হ’লে সহযোগী সমাজ নিৰ্মাণ হৈ উঠিবলৈ বেছি পৰ নেলাগিব।
শিক্ষাৰ মূলতে জীৱন আৰু বর্ধন, সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ। যথার্থ শিক্ষাই মানুহক অচল অটল কৰি ৰাখে। স্বাভিমান ৰক্ষাকাৰী শিক্ষাই নীতি, আদৰ্শ আৰু আত্মমর্যাদা ৰক্ষা কৰাত সহায় কৰে। আত্মবিশ্বাস থকা মানুহে স্বাধীনতা ৰক্ষা কৰি চলিব পাৰে। সম্প্ৰতি সমগ্ৰ ভাৰতবৰ্ষত প্ৰবৰ্ত্তন কৰা ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ ৰূপায়নত এই দিশটোলৈ মনোনিবেশ কৰাটো অতি প্রয়োজনীয় হৈ উঠিছে।
মানুহৰ বাবে মানুহ। যি শিক্ষাই মানুহক নিষ্ঠুৰ কৰে, অনুভূতিহীন কৰে, হিংসাৰ আশ্ৰয়ী কৰে, সেই শিক্ষা গ্ৰহণ কৰি বা প্ৰদান কৰি সমাজৰ হিত কেতিয়াও সাধন নহয়। এজন মানুহৰ আশা- আকাংক্ষা তেওঁৰ নিজৰ জীৱনতে আবদ্ধ নহয়। সমাজৰ (জনসাধাৰণৰ) নিষ্ফলতাই তেওঁৰো নিষ্ফলতা আৰু সমাজৰ সফলতাই তেওঁৰো সফলতা।
আমাৰ দেশত অনাথ আৰু ‘অবৈধ’ শিশুৰ বাহিৰেও বেমাৰী শিশু, শ্রমিক, বিকলাংগ, জড়বুদ্ধি,অন্ধ, বধিৰ, মানসিকভাৱে বাধাগ্রস্ত আদি শিশুও আছে। ভিক্ষাৰী আৰু যৌনকৰ্মীৰ সংখ্যাও কম নহয় এইখন দেশত। দ্রুতগতিত জনসংখ্যা বাঢ়ি যোৱাৰ ফলত পুষ্টিকৰ খাদ্যৰ অভাৱত বহু শিশু নানা ৰোগত আক্ৰান্ত হৈছে। পুষ্টিহীনতাই বহু নাৰীৰ জীৱনলৈ অকাল বার্ধক্য নমাই আনিছে। ঘাইকৈ পুষ্টিহীনতাৰ বাবে নানা ৰোগৰ কবলত কৰি ভাৰতৰ বহু নাৰী মৃত্যু মুখত পৰে।
ন্যস্তস্বার্থৰ কুৰুচিসম্পন্ন মানুহক আমি মানৱ সম্পদ বুলি ক’ব নোৱাৰোঁ। কিয়নো দেশৰ প্ৰগতি আৰু কল্যাণৰ প্রতি অসাধু আৰু দুৰাচাৰী মানুহে অৰিহণা যোগাব নোৱাৰে। ব্যক্তি-জীৱনৰ পূর্ণতা নিৰ্ভৰ কৰে সমাজ-জীৱনৰ ওপৰত। সমাজে কি দিলে, সেইটো ডাঙৰ কথা নহয়, কিন্তু সমাজক কি দিছোঁ, সেইটোহে গুৰুত্বপূৰ্ণ কথা। বিশ্বক ভালপোৱাটোৱেই মানুহৰ সবাতকৈ মহৎ গুণ। এই গুণৰ অধিকাৰীজনহে প্ৰকৃত মানৱ সম্পদ।
বৰ্তমানৰ ভোগবাদী সভ্যতাৰ যুগত চৌপাশৰ পৰা ভোগ-বিলাস আৰু ইন্দ্ৰিয়-চৰ্চাৰ নানাধৰণৰ উপকৰণে আমাক লোভী, ভোগী, বিবেচনাশূণ্য আৰু আত্মকেন্দ্ৰিক কৰি তুলিছে। ষড়ৰিপুৰ প্রাদুর্ভাব বাঢ়ি গৈছে এতিয়াৰ মানৱ সমাজত। যিসকলে অসৎ উপায় অৱলম্বন কৰি অসৎ প্রবৃত্তিৰ দাস হৈ চলিছে, তেওঁলোক স্বাৰ্থপৰ, সুবিধাবাদ আৰু ভোগ-বিলাসৰ সৰ্বময় কৰ্ত্তা হৈ উঠিছে । সমাজ তথা ৰাষ্ট্ৰক হীন আৰু নীচ কৰি তুলিছে। প্ৰাপ্তিৰ আশাত অথবা ইন্দ্ৰিয় লালসা-চৰিতাৰ্থ কৰাৰ বাবে মানৱতা বিসর্জন দিছে।
মানৱ সম্পদ সৃষ্টিত এখন দেশৰ কৰ্মসংস্কৃতিয়ে নির্ণয়াত্মক ভূমিকা লয়। জীৱনৰ কৰ্মযজ্ঞত সমৰ্পিত মনোভাবেৰে আগুৱান হ’লেহে শ্ৰমৰ মৰ্যাদা ৰক্ষা পৰাৰ লগতে ব্যক্তিগত তথা সামাজিক উৎকর্ষ সাধন হয়। দৈহিক পৰিশ্ৰমক উপেক্ষা নকৰি বুদ্ধিগত অনুশীলনৰ উৰ্দ্ধলৈ গৈ উচ্চ খাপৰ শাৰিৰীক দক্ষতা (Physical Efficiency) অৰ্জন কৰাটো মানৱ সম্পদ সৃষ্টিৰ লাগতিয়াল দিশ। ইয়াৰ ব্যতিৰেকে জাতিৰ উন্নতি বাধাপ্রাপ্ত হ’ব। এটা ভ্রান্ত মানসিক গাঁথনি আৰু ভুৱা আত্মমৰ্যাদাবোধ আঁতৰ কৰাৰ বাবে আমি সকলোৱে যত্নপৰ হোৱা উচিত।
দেশ তথা জাতিৰ প্ৰগতিৰ সহায়ক হোৱাকৈ অৰ্থনৈতিক উন্নয়নমুখী শিক্ষা-ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰিবই লাগিব। কঠোৰ প্ৰচেষ্টা, অধ্যৱসায়, কৃতজ্ঞতা, আনুগত্য, প্রেম, দয়া, সহানুভূতি, বন্ধুত্ব আৰু বিশ্বাসে মানুহক অতি প্ৰতিশ্ৰুতিপূৰ্ণ সত্ত্বালৈ ৰূপান্তৰিত কৰিব পাৰে। চৰিত্ৰ শক্তিৰ বলত নিজৰ দুৰাৱস্থাৰ অৱসান ঘটাই মানুহে উন্নতিৰ জখলাত আগুৱান হ’ব পাৰে। মেক্সিম গৰ্কীয়ে কৈছিল, “The life is action, creativity whose aim is for the great happiness of living on earth.” (জীৱনটোৱে কৰ্ম, ইয়াৰ লক্ষ্য মহৎ সুখেৰে বিশ্বত বাস কৰা)।
আচলতে সাধাৰণ বিদ্যালয় নিৰ্মাণ কৰাতকৈ “Pauper Reforming School with arrangement for literacy” (লিখা পঢ়া শিকাৰ ব্যৱস্থাসহ দাৰিদ্র্য নিবাৰণী বিদ্যালয়) প্রতিষ্ঠাতহে গুৰুত্ব আৰোপ কৰিব লাগে। সকলো দেশতেই ইয়াৰ প্ৰয়োজন আছে। তথাকথিত মুখস্থ-নিৰ্ভৰ-শিক্ষাই মানুহক অক্ষম কৰে, অলস কৰে। এনে শিক্ষাই প্রকৃতিপ্রদত্ত সদ্‌অভ্যাস নষ্ট কৰে আৰু পৰমুখাপেক্ষী কৰে। অর্থনৈতিক দিশত স্বাৱলম্বিতা অর্জন আৰু পেটৰ ভাত মুঠি মোকলোৱাৰ কাৰণে সক্ৰিয় ব্যৱস্থা গ্রহণ বৰ্তমান সময়ৰ জৰুৰী আৱশ্যকতা হৈ পৰিছে। সক্ৰিয় জীৱন শৈলীয়েহে মানুহক সমৃদ্ধিশালী জীৱনৰ পাঠ শিকাব পাৰে। চল-চাতুৰিৰে লোকসমাজৰ চকুত ধূলি মাৰি আমি যি ভাওনা কৰি আছোঁ, সেই ভাওনাই আমাক মানসিকভাৱে দুৰ্বল কৰিছে। তেনে লোক কেতিয়াও মানৱ সম্পদ নহয়, আপদহে। বর্তমান সময়ত, দেশত নীতিহীন ৰাজনীতিয়ে আমাকসকলোকে ঢোকে ঢোকে পানী খুৱাব লাগিছে। বিনা পৰিশ্ৰমত সম্পদ লাভৰ নিৰ্লজ্জ প্রতিযোগিতা চলিছে। বোধ-বিবেচনা নকৰাকৈ আমি সুখ-আনন্দ বিচাৰি ফুৰিছোঁ। নৈতিকতা বিসর্জন দি অতি লাভৰ বাবে অবৈধ ব্যৱসায় কৰিছোঁ আৰু ত্যাগহীন সংস্কৃতিয়ে আমাৰ জীৱন নিয়ন্ত্ৰণ কৰিব ধৰিছে। পৰিতাপৰ কথা, বিজ্ঞান-প্রযুক্তিক মানৱতাহীন সম্পদৰূপে হীন, নীচ আৰু ধ্বংসৰ কামত দাম্ভিক ৰাষ্ট্ৰশক্তিয়ে প্ৰায়োগ কৰি আহিছে।
শিক্ষাৰ প্ৰসাৰণৰ ক্ষেত্ৰত থিওৰিৰ পিছত থিওৰি ওলাই আছে। বৈঠকৰ পিছত বৈঠক বহিছে। নিত্য নতুন শিক্ষানীতিও সাৰোগত কৰা হৈছে। বহুতো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছে। শিক্ষিত যুৱক-যুৱতীৰ সংখ্যাও বাঢ়িছে, কিন্তু যুৱ-মানসিকতা অস্থিৰ হৈ পৰিছে। কৰ্মসংস্থাপনহীনতাৰ হতাশাই আজিৰ যুৱ-সমাজত সৃষ্টি কৰিছে অসহনীয় পৰিস্থিতিৰ।শিক্ষাই মানুহৰ সুকুমাৰ গুণৰাজিৰ বিকাশ সাধন কৰি প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ় দিব লাগে। অমংগল, অসূয়া, অশান্তি নাশ কৰি শুভবোধ বিবেচনাৰে যি শিক্ষাই মানুহক সুখ শান্তি দিব নোৱাৰে তেনে শিক্ষাই অপসংস্কৃতি সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাবনা থাকে। যি শিক্ষাই মানুহক বিচ্ছিন্ন, বিভ্ৰান্ত আৰু দায়িত্বজ্ঞানহীন কৰে, তেনে শিক্ষাই সমাজ তথা দেশৰ সংহতি, শক্তি আৰু শান্তি আনি দিয়াত বিফল হয়। মানব সম্পদ সৃষ্টিৰ প্ৰক্ৰিয়াতো আউল লাগে।
এখন উন্নয়নশীল দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবলৈ প্ৰতিজন নাগৰিকক উচ্চ-শিক্ষা প্ৰদান কৰাটো অৱশ্যে আৱশ্যকীয় নহয়। বিশেষকৈ ভাৰতীয় বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমূহত যি পদ্ধতিৰে শিক্ষাদান কৰি অহা হৈছে, তাৰে অধিকাংশ বিষয় দেশখনৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াটোৰ লগত কোনো প্ৰকাৰে জড়িত নহয়। তেনে প্ৰক্ৰিয়াৰে লাভ কৰা বিদ্যা অসম্পূৰ্ণ আৰু সামাজিকভাৱে তাৎপৰ্যহীনষ মানৱ সম্পদৰ বিকাসত তাৰ কোনো অৰিহণা নাথাকে। বহু সময়ত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে লাখ লাখ স্নাতক আৰু স্নাতকোত্তৰ উপাধিধাৰী লোক সৃষ্টি কৰাৰ বাহিৰে অইন একো মহান উদ্দেশ্য সাধন কৰিব পৰা নাই বুলি অভিযোগ শুনা যায়। অথচ এই সকলো শিক্ষানুষ্ঠান পৰিচালনা কৰোতে জনগণৰেই হাজাৰ হাজাৰ কৌটি টকা ৰাজকোষৰ মাধ্যমেৰে বছৰি ব্যয় কৰিবলগীয়া হয়। উপযুক্ত মানৱ সম্পদ সৃষ্টিৰ বাবে জীৱনমুখী আৰু বাস্তবসন্মত শিক্ষা-ব্যৱস্থা প্ৰবৰ্ত্তন কৰাটো নিতান্তই প্রয়োজনীয়। এনে শিক্ষাইহে শিক্ষাৰ্থীৰ মনত কৰ্ম তৎপৰতাৰ ভাব জগাই তুলি দেশ তথা জাতিৰ প্ৰগতি ত্বৰান্বিত কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *