শূন্যতাৰ সাগৰত মোৰ ধূসৰ অস্তিত্ব ।। ৰাহুল শ্যাম
অৱশেষত সিদ্ধান্তটো লোৱা হ’ল। কঠিন আছিল, কিন্তু এক মুহূৰ্তত মোৰ হৃদয়ৰ ন্যূনতম কৰুণাখিনিতো ক্ষোভ নামৰ দানৱটোৱে শেষ বিজয়ধ্বজ্জা উৰুৱাই এক আসুৰিক অট্টহাস্য মাৰিলে— যাৰ ফলস্বৰূপে মোৰ শৰীৰত এড্ৰিনালিন হ’ৰমনৰ এক স্ৰোত বৈ দুচকুৰ ভ্ৰূ কোঁচ খুৱালে। পিচমুহূৰ্ততে নাইন মি.মি. পিষ্টলটোৰে লক্ষ্য স্থিৰ কৰি ট্ৰিগাৰত আঙুলি হেঁচিলোঁ: অব্যৰ্থ। আমলখি গছজোপাৰ একেবাৰে ওপৰৰ ডালটোৰ পৰা লক্ষ্যবস্তুটো মাটিত পৰিলহি; কিছুসময় ছটফটাই থাকি টেলটুপী চৰাইটো জঠৰ হৈ পৰিল। এপলক সময় চাই থাকিলোঁ, চৰাইটোৰ ঠোঁটটো তেতিয়াও মেল খাব ধৰিছিল। মই দৌৰি গৈ হাতত তুলি ললোঁ, চকুৰ মণিটোত দেখিলোঁ ভিতৰলৈ এক কুন্দলী পাক খাই গৈছে, মই সোমাই গৈ আছোঁ মন্ত্ৰমুগ্ধৰ দৰে, তাৰপাছত…?
দৰাচলতে মোৰ শোৱাপাটিৰ খিড়িকীৰ কাষতেই আমলখিজোপা। ব্ৰহ্মপুৱাতে টেলটুপী চৰাই এজনীয়ে খিড়িকীৰ আইনাখনত খুন্দিয়াই থাকেহি; পাখিৰে ঢপঢপাই, নখেৰে আঁচোৰে। কি কাৰণে ধৰিব পৰা নাই, কিন্তু কিছুদিনৰ পৰা ৰাতিপুৱা পোহৰ হোৱাৰ ঠিক আগে আগে এই কামটো চৰাইজনীয়ে দৈনন্দিন কৰিবলৈ লৈছে। এদিন-দুদিন বাহিৰলৈ ওলাই গৈ খেদি থৈ আহিলেও অলপ পাছত আকৌ একে কাৰ্য। ৰাতিপুৱাই কেঁচা টোপনি ভাঙিলে যি খং উঠে, চৰাইটোক মাৰি পেলাবলৈকে মন যায় খঙৰ ভমকত, পাচে দিনত আকৌ পাহৰি থাকোঁ। ভয় খুৱাবলৈ এদিন পুৰণা পুতলা এটা খিড়িকীৰ কাষত থৈছিলোঁ যদিও কামত নাহিল। অৱশেষত মোৰ ধৈৰ্যৰ বান্ধ চিঙিল, চিলমিল টোপনিৰ জালতে টেবুলৰ ড্ৰয়াৰৰ পৰা এয়াৰ গানটো উলিয়াই…
বাহিৰত কিনকিনিয়া বৰষুণ। ৰাতিপুৱা সোনকালে সাৰ পাইছিলোঁ যদিও বিছনা এৰোতে আজি যথেষ্ট পলম হ’ল। অক্টোবৰ মাহ যাবৰে হ’ল আৰু এয়া গোলকীয় উষ্ণতাৰ কৃপাত পলমকৈ শীতৰ মৃদু আগমন। মেঘে ঢকা আকাশখনত বেলিটো ওলাবলৈ বৃথা প্ৰচেষ্টা চলোৱাৰ ফলত এক সপোনময় দুপৰীয়া গঢ় লৈ উঠিছে, য’ত আছে কেৱল বিষাদৰ প্ৰতিশ্ৰুতি, শূন্যতাৰ সাগৰত। জীৱ হত্যা মহাপাপ। নহ’লে এনে এক মনোমোহা ভৰ দুপৰীয়াত চেঁচা দূবৰি বনবোৰ গছকি ময়ো নীড়মুখী চৰাইজাক চাই ভৱিষ্যতৰ ৰঙীন সুবাসনা ৰচিলোহেঁতেন। অথচ, এই যে মোৰ মগজুৰ ভয়ানক “seizure attack” বোৰ…বৰ যন্ত্ৰণাদায়ক! এপলক সময়ৰ বাবে মগজুৰ এক্সনবোৰ বিকল কৰি তোলে; এৰি যায় কেৱল শূন্যতা।
অৰ্থাৎ, যোৱাকালিৰ ঘটনাটো এটা সপোন আছিল। নাই, মোৰ ভুল হোৱা নাই। পুৱতি নিশাৰ সপোন বহুলোকে ফলিয়াই বুলি কয়, তথাপিও এক স্বস্থিৰ নিশ্বাস এৰিলোঁ।
আমাৰ চৌপাশৰ জগতখনৰ উপৰিও আন এখন অতি ৰহস্যময় জগত আছে যাৰ উপস্থিতিৰ বিষয়ে আমি বা আমাৰ চেতনা একেবাৰেই অপৰাগ— পৰমাণুৰ জগতখন। আমাৰ দিঠকৰ পাৰিপাৰ্শ্বিকতা আৰু পৰমাণুৰ জগতখনক এক অদৃশ্য দেৱালে পৃথক কৰি ৰাখিছে। পৰমাণুৰ জগতখনত সকলোবোৰ কেৱল সম্ভাৱনীয়তাৰ তৰংগ ফলনৰ (wave function probability) সহায়ত ব্যাখ্যা কৰা হয়, য’ত নেকি পৰমাণু এটা বা মৌলিক কণা এবিধ একে সময়তে কেইবাটাও স্থানত অৱস্থান কৰিব পাৰে। কোনো এক অৱস্থানত যিমানেই এটা তৰংগৰ প্ৰাবল্য ডাঙৰ বা বেছি হ’ব সিমানেই সেই স্থানত পৰমাণুটোৰ অৱস্থিতি পোৱাৰ সম্ভাৱনা বেছি হ’ব। কিন্তু ডাঙৰ অৱয়বৰ ক্ষেত্ৰত (যিবোৰ আমাৰ দৃষ্টিৰ আয়ত্বত) এই তৰংগ পৰ্যবেক্ষণৰ ফলস্বৰূপে লোপ পাই এক নিৰ্দিষ্ট অৱয়বলৈ ৰূপান্তৰ হয় আৰু আমাৰ চেতনাৰ দিঠক জগতখন উন্মুক্ত হয়। কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ এটা প্ৰাথমিক বিভ্ৰান্তিমূলক প্ৰেক্ষাপট হৈছে যে ‘পৃথিৱীৰ সকলো প্ৰাণী যদি হঠাৎ নোহোৱা হৈ যায়, তেন্তে নিৰীক্ষণ অবিহনে নিশাৰ আকাশৰ চন্দ্ৰটোৰ অস্তিত্ব থাকিবনে?’ বৰ্তমানলৈকে এই প্ৰশ্নৰ সৰ্বসন্মতিসূচক কোনো উত্তৰ নাই, তথাপিও বিশ্লেষণাত্মক এক তত্ত্ব মতে সমগ্ৰ মহাবিশ্বখনত এক ‘মহাজাগতিক চেতনা’ বিৰাজ কৰে যাৰ ফলস্বৰূপে আমাৰ বোধগম্য বাস্তৱ জগতখনৰ অনুভৱ হয়। প্ৰসংগক্ৰমে এইখিনিতে আন এক ধাৰণাৰ অৱতাৰণা হয়, ‘সমান্তৰাল মহাবিশ্ব’ (হিউগ্ এভাৰেট, ১৯৫৭), যাৰ মতে যেতিয়াই এক পাৰমাণৱিক সংঘটন (event) ঘটে, মহাবিশ্বখন দুটা ভাগত বিচ্ছিন্ন হয়। অৰ্থাৎ প্ৰতিটো পাৰমাণৱিক সংঘটনে এক বৃহৎ সংখ্যক শাখা-প্ৰশাখাৰ সমান্তৰাল মহাবিশ্বৰ উদ্ভৱ ঘটায়। আকৌ ‘Decoherence’ তত্ত্ব মতে এই অসীম সংখ্যক মহাবিশ্ববোৰ হৈছে একো একোটা সম্ভাৱনীয়তা; কিন্তু আমাৰ তৰঙ্গ ফলনে (wave function) সেই অসীম সংখ্যক মহাবিশ্বৰ পৰা আমাৰ মহাবিশ্বখনক Decoherence কৰিছে বা পৃথক কৰিছে (পৃথক কম্পনাংকৰ বাবে)। অৰ্থাৎ ক’ব পাৰি যে আপোনাৰ কোঠালীটোৰ চৌপাশেই একেসময়তে ডাইনোছৰ, বৰ্হিবিশ্বৰ প্ৰাণী, হিটলাৰৰ নাজী বাহিনী, মংগোলীয়াৰ ছেংগীজ খাঁৰ সাম্ৰাজ্য, বনমানুহ অথবা ভৱিষ্যতৰ জেন’মৰ্ফ এই সকলোবোৰ wave function ৰূপে সহৱস্থান কৰি আছে। তেওঁলোকৰ বাবে নিজৰ নিজৰ মহাবিশ্ব বা জগতখন আমাৰখনৰ দৰেই বাস্তৱ, মাত্ৰ আমি সেই মহাবিশ্বৰ wave function-ৰ সৈতে অমিল, পৃথক। এয়া আপোনাৰ ৰেডিঅ’টো এক নিৰ্দিষ্ট ষ্টেচনত সংযোজিত কৰাৰ দৰে। আপুনি জানে যে আপোনাৰ কোঠাটো সমগ্ৰ বিশ্বৰে বিভিন্ন ৰেডিঅ’ ষ্টেচনৰ সংকেত বা কম্পনাংকৰে ভৰি আছে, কিন্তু ৰেডিঅ’টো এটা সময়ত এটা নিৰ্দিষ্ট ষ্টেচনতহে ‘tune’ হয়, বাকিবোৰ কম্পনাংক Decoherence কৰা হয়।
যেতিয়া হিউগ্ এভাৰেটে তেওঁৰ সমান্তৰাল মহাবিশ্ব তত্ত্বৰ প্ৰথম অৱতাৰণা কৰিছিল, তেতিয়া তেওঁ বিভিন্নজন বৈজ্ঞানিকৰ বিভিন্নধৰণৰ বিভ্ৰান্তিকৰ মিশ্ৰ প্ৰতিক্ৰিয়া পাইছিল। ‘টেক্সাছ বিশ্ববিদ্যালয়’ৰ এজন পদাৰ্থবিজ্ঞানী Bryce DeWitt-এ এই তত্ত্বৰ বিপক্ষে মত প্ৰকাশ কৰিছিল এইদৰে যে ‘তেওঁটো নিজেই নিজৰপৰা বিচ্ছিন্ন হোৱা অনুভৱ কৰিব নোৱাৰে!’ ইয়াৰ প্ৰত্যুত্তৰত এভাৰেটে গেলিলিঅ’ৰ উদ্ধৃতি দি কৈছিল যে ‘ঠিক তেনেদৰেই পৃথিৱীখন নিজ মেৰুদণ্ডত ঘূৰি থকাটোওতো আমি অনুভৱ কৰিব নোৱাৰোঁ’।
শতিকাজুৰি সমান্তৰাল মহাবিশ্বৰ ধাৰণাটো বিজ্ঞান আৰু কল্পবিজ্ঞানৰ মাজত এক দুদোল্যমান ৰূপত অৱস্থান কৰি আহিছে। ধাৰণাটো সঁচা বুলি মানি ল’বলৈ যেন ই অতি বেছি উৎকৃষ্ট বা অতি বেছি কল্পনাপ্ৰসূত। কিন্তু শেহতীয়াকৈ তাত্ত্বিক পদাৰ্থবিজ্ঞানীসকলে পৰমাণু জগতৰ এই ৰহস্যময় ধৰ্মবোৰ আমাৰ মহাজাগতিক জগতৰ সৈতে সম্পৰ্ক আছে নে নাই চাবলৈ এক প্ৰচেষ্টা চলালে। যি শেষ প্ৰান্তত আমাৰ মহাজাগতিক জগতখন পৰমাণুৰ জগতখনৰ পৰা সম্পূৰ্ণৰূপে পৃথক হয়, সেই প্ৰান্তটো হৈছে স্বয়ং মহাবিশ্বখন। কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ অনিশ্চয়তা নীতিটো (Heisenberg Uncertainty principle) যদি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ওপৰত প্ৰয়োগ কৰা হয়, তেন্তে ই সমান্তৰাল মহাবিশ্বৰ ধাৰণাক ন্যায্যতা প্ৰদান কৰা দেখা যায়।
‘কোৱাণ্টাম মহাকাশবিজ্ঞান’ৰ ধাৰণাটো প্ৰথমাৱস্থাত এক সামঞ্জস্যহীন অভিধা যেন অনুভৱ হয়। কোৱাণ্টাম তত্ত্ব যিয়ে নেকি অতি সূক্ষ্ম পৰমাণুৰ জগতখনক সূচায় আৰু আনহাতে মহাকাশ বিজ্ঞানত কল্পনাতীতভাৱে বৃহৎ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ মহাজাগতিক অৱয়ববোৰৰ বিষয়ে আৰু স্থান-কালৰ আপেক্ষিকতাবাদৰ বিষয়ে অধ্যয়ন কৰা হয়। কিন্তু আমি যদি মহাবিশ্ব সৃষ্টিৰ আদিক্ষণ বিগ্ বেঙৰ অৱতাৰণা কৰোঁ, মহাবিশ্বখন সেই সময়ত এটা ইলেকট্ৰনতকৈয়ো ক্ষুদ্ৰ আছিল (inflation theory)। যিহেতু ইলেক্ট্ৰনসমূহ সম্ভাৱনীয়তাৰ তৰংগ সমীকৰণৰ (Dirac equation) সহায়ত ব্যাখ্যা কৰা হয় আৰু ইহঁতৰ অৱস্থান অনিশ্চিত অৰ্থাৎ একে সময়তে বহু স্থানত বিৰাজমান; এইহেতুকে, মহাবিশ্বখন যি সময়ত এটা ইলেকট্ৰনত কৈয়ো ক্ষুদ্ৰ আছিল, নিশ্চয়কৈ ই অনিশ্চয়তাৰ সমান্তৰাল অৱস্থানত (superposition) আছিল। এই তত্ত্বটোৱেও সমান্তৰাল মহাবিশ্বৰ অস্তিত্বৰ প্ৰশ্নবোধক ধাৰণাটোক এক যোগাত্মক দিশ প্ৰদান কৰে। কিন্তু এইখিনিতে এক সমস্যাৰ সৃষ্টি হয় যেতিয়া নীলছ ব’ৰৰ ‘Copenhagen interpretation’-টো (যি অনুসৰি wave function এটা collapse হ’বলৈ এজন নিৰীক্ষকৰ প্ৰয়োজন) সমগ্ৰ মহাবিশ্বখনত প্ৰয়োগ কৰা হয়। আমাৰ চেতনাৰ দিঠক জগতখন গঠন হ’বলৈ এক নিৰীক্ষণ প্ৰক্ৰিয়াৰ নিতান্তই প্ৰয়োজন, এক কথাত পৰম আৱশ্যকতা। কিন্তু মহাবিশ্বখন নিৰীক্ষণ কৰিবলৈ এটা সত্ত্বা (observer) মহাবিশ্বৰ “বাহিৰত” কেনেকৈ থাকিব পাৰে? যদি এক তৰংগ ফলন (wave function) মহাবিশ্বখনৰ সূচক হয়, তেন্তে ইয়াৰ “বাহিৰৰ” এক সত্ত্বাই (outsider) কেনেকৈ মহাবিশ্বখনৰ তৰংগ ফলনক নিৰীক্ষণৰ যোগেদি এক স্থাৱৰ ৰূপ দিব (collapse the wave function of the universe)? এই সমস্যাৰ এক সৰল ব্যাখ্যা হ’ল, বিশ্বব্ৰহ্মাণ্ডখন বহু সমান্তৰাল অৱস্থানত বিৰাজমান, এই সকলোবোৰ সম্ভাৱনীয়তাৰ অৱস্থানক এক “পৰম তৰংগ ফলন”-ৰ (Master wave equation) সহায়ত সংজ্ঞাবদ্ধ কৰিব পাৰি, যাক কোৱা হয় “মহাবিশ্বৰ তৰংগ ফলন” (Wave function of the universe)। কোৱাণ্টাম মহাকাশ বিজ্ঞানৰ ধাৰণা মতে, মহাবিশ্বৰ সৃষ্টি হৈছিল শূন্যতাৰ পাৰমাণৱিক তাৰতম্যৰ (Quantum fluctuation of vaccum) ফলত; স্থান-কালৰ মিশ্ৰণৰ ফেনত যেন এক বুৰবুৰণি। প্ৰায়বোৰ ক্ষুদ্ৰ মহাবিশ্ব এই স্থান-কালৰ ফেনত (শূন্যতাত), মহাবিস্ফোৰণ (big bang) আৰু পাছ মুহূৰ্ততে মহাসংকোচন (big crunch) ঘটি লোপ পায়। সেয়ে এই মহাবিশ্ববোৰ নিৰীক্ষণৰ কোনো উপায় নাই, যিহেতু এইবোৰ অতিশয় ক্ষুদ্ৰ আৰু ক্ষণস্থায়ী; শূন্যৰ পৰা উদ্ভৱ হৈ পিছ মুহূৰ্ততে শূন্যত বিলীন হৈ যোৱা, ঠিক বুৰবুৰণিৰ দৰে। কিন্তু কিবা এক কাৰণত এই ক্ষুদ্ৰ মহাবিশ্ববোৰৰ বুৰবুৰণিৰ মাজৰ পৰা এটা বুৰবুৰণি (bubble) ফুটি নগৈ ডাঙৰ হৈ গৈ থাকিল, অৰ্থাৎ সম্প্ৰসাৰণ ঘটি থাকিল। এই Bubble-টোৱেই হৈছে আমাৰ মহাবিশ্বখন। বিশিষ্ট পদাৰ্থবিজ্ঞানী এলান গুথৰ মতে সমগ্ৰ মহাবিশ্বখন হৈছে শূন্যতাত হোৱা স্বতঃস্ফূৰ্ত এক মুক্ত উৎক্ষেপণ (Free Launch)।
শূন্যতাৰ পৰা সৃষ্টি হোৱা আমাৰ মহাবিশ্বখনৰ এই তত্ত্বটো পৰীক্ষা কৰাৰ কোনো উপায় নাই, কিন্তু কেইবাটাও সৰল বৈজ্ঞানিক পৰ্যবেক্ষণৰ দ্বাৰা সাংকেতিক ব্যাখ্যা আগবঢ়াব পাৰি। প্ৰথমতেই, বহু পদাৰ্থবিদে এইটো আঙুলিয়াইছে যে আমাৰ মহাবিশ্বখনৰ সৰ্বমুঠ ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ অনুপাত আশ্চৰ্যজনকভাৱে শূন্য পোৱা যায়, অন্ততঃ পৰিসাংখ্যিক পৰীক্ষাৰ দিশৰ পৰা। ইয়াৰ কাৰণ হৈছে যে ধনাত্মক আৰু ঋণাত্মক আধানে পূৰাপূৰিকৈ ইটোৱে সিটোক খণ্ডন কৰিছে (cancel out)। পৃথিৱীত এই ধনাত্মক আৰু ঋণাত্মক আধানৰ ক্ষুদ্ৰতমো যদি হেৰ-ফেৰ হ’লহেঁতেন, তেন্তে ই পৃথিৱীখনক ইয়াৰ মধ্যাকৰ্ষণ বলক (যাৰ বাবে পৃথিৱীৰ এক নিৰ্দিষ্ট গোলাকাৰ অৱয়ব আছে) নেওচা দি খণ্ড-বিখণ্ড কৰি দিলেহেঁতেন। দ্বিতীয়তে, আমাৰ মহাবিশ্বখনৰ ঘূৰ্ণন শূন্য (zero spin)। যদিওবা কূৰ্ট গডেল নামৰ এজন বিজ্ঞানীয়ে বিশ্বব্ৰহ্মাণ্ডখন ঘূৰ্ণীয়মান বুলি বৰ্ণনা কৰিছিল (তাৰকামণ্ডলীৰ ঘূৰ্ণন গতি পৰ্যবেক্ষণ কৰি), বৰ্তমান মহাকাশ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ ঘূৰ্ণন শূন্য বুলি প্ৰকাশ কৰিছে। ইয়াৰপৰা ক’ব পাৰি যে মহাবিশ্বখনৰ উৎপত্তি শূন্যৰ পৰা যিহেতু শূন্যতাৰ কোনো ঘূৰ্ণন গতি নাই। তৃতীয়তে, আমাৰ মহাবিশ্বখনৰ পদাৰ্থ আৰু শক্তিৰ সৰ্বমুঠ পৰিমাণৰ অনুপাত নিচেই কম, প্ৰায় শূন্য। মহাবিশ্বত পদাৰ্থৰ ধনাত্মক বল আৰু মহাকৰ্ষণীয় ঋণাত্মক বল যেতিয়া একেলগ কৰা হয়, তেতিয়া ইটোৱে-সিটোক খণ্ডন কৰি ইয়াৰ মান শূন্যত ৰাখে; অৰ্থাৎ মহাবিশ্বখন শূন্যৰ পৰা উদ্ভৱ হোৱাৰ ই এক যুক্তিসংগত কাৰণ। সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব মতে যদি মহাবিশ্বখন সসীম আৰু ৰুদ্ধ হয়, তেন্তে ইয়াৰ পদাৰ্থ আৰু বলৰ মুঠ পৰিমাণৰ অনুপাত পূৰা-পূৰি শূন্য হ’ব। আকৌ যদি মহাবিশ্বখন অসীম আৰু মুক্ত হয়, তেনেহলেও সম্প্ৰসাৰণ তত্ত্বই সূচোৱা মতে পদাৰ্থ আৰু বলৰ মুঠ পৰিমাণৰ অনুপাত নিচেই ক্ষুদ্ৰ হয়, প্ৰায় শূন্য। গতিকে দেখা যায় যে শূন্যতা হৈছে সৃষ্টিৰ একক উৰ্বৰ উপাদান, আমাৰ চেতনাৰ পৰম সৃষ্টিশীল ৰূপক।
এনেবোৰ অধিবিদ্যা সম্বন্ধীয় বৈজ্ঞানিক দৰ্শন প্ৰকৃততেই মৌলিক বাস্তৱ নে পৃথিৱীৰ কেইজনমান অতি উৰ্বৰ মস্তিষ্কৰ বিজ্ঞানীৰ এক বিমূৰ্ত গাণিতিক কল্পনা— সেয়া সময়ে এদিন নিশ্চয় কৈ যাব। এইবোৰ ভাবি-গুণি শূন্যতাৰ অথাই-সাগৰত বুৰ গৈ জানো কিবা লাভ আছে? এই বুলিয়েই বাহিৰত অলপ মুকলি বতাহ লৈ আহোঁ বুলি ওলালোঁ। হঠাৎ খিড়িকীৰ কাষৰ আমলখি গছজোপালৈ মন কৰিলোঁ। মৃদু বতাহজাকে শুকান ডাল এটা মাটিত পেলালে। ওচৰতে দেখিলোঁ, ক’লাকে কিবা এটা পৰি আছে। মই চক্ খাই উঠিলোঁ। এইটো দেখোন এটা টেলটুপী চৰাই! হাতত তুলি লৈ চালোঁ। হয়, গঢ়টো চাই সেই খিৰিকীত খুন্দিয়াই থকা চৰাইটোৱেই হ’ব লাগে। চকুৰ মণিটোত মোৰ দৃষ্টি নিৱদ্ধ হ’ল : ভিতৰলৈ এটা কুণ্ডলী পাক্ খাই গৈছে…মই সোমাই গৈ আছোঁ মন্ত্ৰমুগ্ধৰ দৰে, শূন্যতাৰ অতল সাগৰত, লগত মোৰ ধূসৰ অস্তিত্ব!