২০২৪ বৰ্ষৰ এখন শ্ৰেষ্ঠ ছবি ।। অচ্যুৎ মাধৱ দাস
বিশ্বৰ এটা অতি আগশাৰী সন্মানীয় ফটোগ্ৰাফী সংস্থা হ’ল World Press Photo, যিটো সংস্থাই ১৯৫৫ চনৰ পৰা বিশ্ব-দৰ্শকক আগত ৰাখি ফটোগ্ৰাফিক লৈ কাম কৰি আহিছে। তেওঁলোকে প্ৰতিবছৰে আয়োজন কৰা World Press Photo Contest ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ ফটোখনক এইবাৰ মুক্ত চিন্তাৰ “পিপ’লচ ফটোগ্ৰাফি” শিতানৰ দৰ্শক আৰু পঢ়ুৱৈৰ বাবে আগবঢ়ালোঁ।
বৰ্তমান সময়ত ভাৰতৰ সাংবাদিক আৰু সংবাদ সংস্থা সমূহৰ অতি নিৰ্লজ্জভাৱে প্ৰকট হৈ পৰা শাসকৰ আলধৰা আত্মসমৰ্পণৰ চৰিত্ৰৰ বিপৰীতে বিশ্বত এতিয়াও এনে কিছু সাংবাদিকতা হৈ আছে যি আচলতে সঁচা অৰ্থতেই জনতাক প্ৰতিনিধিত্ব কৰে। অৱশ্যে এই সততা, সাহস আৰু দায়বদ্ধতাৰ বাবে তেওঁলোক গভীৰ ক্ষতিৰ সমুখীন হ’ব লগা হৈছে।
আপোনালোকে জানি আচৰিত হ’ব ২০২৩ চনত সংবাদ সংগ্ৰহ কৰি থাকোঁতে মৃত্যু হোৱা গোটেই বিশ্বৰ সংবাদিকৰ সংখ্যাৰ ৭৫ শতাংশ সাংবাদিকৰেই মৃত্যু হৈছিল পেলেষ্টাইনত। এই বৰ্ষত পেলেষ্টাইনত বৰ্তমানলৈকে প্ৰায় ১৭৫ জনৰ মৃত্যু আৰু শতাধিক সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। তেনে এটা সময়তে পেলেষ্টাইনৰ সেই নাৰকীয় ভয়াৱহ পৰিৱেশৰ মাজতো ফটো সাংবাদিকতা কৰা মহম্মদ চালেমৰ এই বিশেষ ফটোখনৰ বাবে তেখেতৰ ফটোখনক World Press Photo সংস্থাৰ ফালৰ পৰা ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ ফটো সন্মান দিয়া হৈছে।
ফটোখনত এগৰাকী ৩৬ বছৰীয়া পেলেষ্টাইনী মহিলা ইনাচ আবু মামাৰে তেওঁৰ ৫ বছৰীয়া ভতিজী চেলিৰ প্ৰাণহীন শৰীৰটোক কোলাত সাৱটি হাস্পতালৰ মৰ্গতে শোকত ভাগি পৰা এটা বিশেষ মুহূৰ্তৰ ছবি। ৫বছৰীয়া চেলিৰ ঘৰত ইজৰাইলী বাহিনীয়ে কৰা মিছাইল আক্ৰমণত চেলিৰ লগতে তাইৰ মাক আৰু ভনীয়েকৰ মৃত্যু হৈছিল। সেই ছবিখনতকৈ সাম্ৰাজ্যবাদী দানৱৰ অমানবীয় হত্যালীলাৰ জীৱন্ত দলিল আৰু কি হ’ব পাৰে! ফটোখনত সাংঘাতিক ধৰণৰ ৰঙৰ বৈপৰীত্য অথবা খুব জটিল ৰঙৰ সমাহাৰে আকৰ্ষণীয় কৰি তোলা নাই। ৰঙৰ অথবা পোহৰৰ সাংঘাতিক ধৰণৰ অনুভৱৰ গাঢ়তাক স্পৰ্শ কৰা নাই। তাৰ পাছতো অতি সৰলভাৱেই ফটোখনে এটা বিশেষ মুহূৰ্তক ধৰি ৰাখিছে। মৃত আত্মীয়ক সাৱটি ধৰি থকাৰ শোক-ক্ষোভৰ অনুভৱক ফ্ৰেমত বন্দী কৰি ৰাখিছে। যাক দেখি আচলতে যিকোনো অনুভৱী মানুহ কঁপি উঠিব। সেয়েহে এই কথা নিশ্চিতভাৱেই ক’ব পাৰি বৰ্তমানলৈকে পেলেষ্টাইনৰ যুদ্ধত মৃত্যু হোৱা ৪২০০০ লোকৰ দানবীয় পৰিস্থিতিক যেন ফটোগ্ৰাফাৰ মহম্মদ চালেমৰ ফটোখনে প্ৰতিনিধিত্ব কৰিছে।
ফটোগ্ৰাফ এখনক মই সদায় এখন খিৰিকীৰ স’তে তুলনা কৰোঁ। ফটোগ্ৰাফ এখনে আমাক মাথোঁ খিৰিকী খুলি দিয়ে। সেই খিৰিকীৰে আমি কিমান দূৰলৈ আৰু বহলকৈ দেখোঁ সেয়া নিৰ্ভৰ কৰিব আমাৰ অনুভৱৰ স্পৰ্শকাতৰতা আৰু বিগত সময়ৰ জীৱন-অভিজ্ঞতাই। ফটোগ্ৰাফাৰে ফটোৰ জৰিয়তে মাথোঁ আপোনাৰ সমুখত এটা বিশেষ “Decisive moment”হে তুলি ধৰিছে। মহম্মদ চালেমেও ধৰি ৰখা সেই বিশেষ Decisive moment-টোৱে যেন গাজাত চলি থকা সাম্ৰাজ্যবাদীৰ নাৰকীয় জিঘাংসাক জুমি চাবলৈ যেন এখন খিৰিকী খুলি দিছে। মহম্মদ চালেমৰ পত্নীয়ে সন্তান জন্ম দিয়াৰ এদিনৰ পাছতে তোলা এই ফটোখনৰ বিষয়ে তেওঁ ব্যাখ্যা কৰিছিল এনেকৈ— “powerful and sad moment that sums up the broader sense of what was happening in the Gaza Strip.”
এই ফটোখনৰ জৰিয়তে ফটোগ্ৰাফাৰ মহম্মদ চালেমলৈ শুভেচ্ছা জনোৱাৰ লগতে গজাৰ পৰিস্থিতিৰ বাবে সহমৰ্মিতা জনালোঁ।