পৃথিৱীৰ প্ৰথম বিজ্ঞানী কোন? (অন্তিম অংশ) ।। পূৰৱী দেৱী
প্ৰতিখন উপনিষদক ‘ব্ৰাহ্মণ’ আৰু ‘ব্রাহ্মণ’-ক বেদৰ লগত সংযুক্ত কৰি এই সকলোৰে মাজত এক ধাৰাবাহিকতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হয়। ছান্দোগ্য উপনিষদ পঞ্চবিংশ ‘ব্রাহ্মণ’ আৰু পঞ্চবিংশ ‘ব্রাহ্মণ’ সাম বেদৰ লগত সংযুক্ত। দেৱীপ্ৰসাদদেৱৰ মতে বৰ্তমান পঢ়িবলৈ পোৱা ছান্দোগ্য উপনিষদৰ ৰূপ আদি ৰূপ আছিল বুলিব নোৱাৰি। বহু যুগ ধৰি চলি অহা পুথিত নতুন অংশ সংযোজিত হোৱা একো আচৰিত নহয়। সি যি নহওক উপনিষদতেই সৰ্বপ্ৰথম সুস্পষ্ট আৰু সচেতন দাৰ্শনিক প্ৰচেষ্টাৰ পৰিচয় পোৱা যায়। তদুপৰি উপনিষদৰ সঠিক ৰচনাকাল ইতিহাসবিদে ন’দি ক’ব নোৱাৰে। বহু তথ্য-প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁলোকে উপনিষদ খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ পূৰ্বে ৰচিত বুলি ঠাৱৰ কৰিছে।
উদ্দালক আৰুণি সম্বন্ধে আলোচনা কৰিবলৈ গৈ দেৱীপ্ৰসাদদেৱে প্ৰশ্ন কৰিছে—এনে এজন মানুহ প্ৰকৃততে আছিল নে?
দুৰ্ভাগ্যবশতঃ আৰুণি সম্বন্ধে কোনো ঐতিহাসিক তথ্য পোৱা নাযায়। ছান্দোগ্য উপনিষদ আৰু শতপথ ব্রাহ্মণত তেখেতৰ সম্বন্ধে লিখা আখ্যানৰ ওপৰত ভিত্তি কৰিয়েই কিছু তথ্য সংগ্ৰহ কৰা হৈছে। ছান্দোগ্য উপনিষদত নিম্নোক্ত উপাখ্যান পোৱা যায়—
শ্বেতকেতু পাঞ্চালসকলৰ সমিতিলৈ গৈছিল। ৰাজবন্ধু প্ৰবাহণ জৈবলিয়ে তেওঁক প্ৰশ্ন কৰিলে-“হে কুমাৰ! তোমাৰ পিতৃয়ে তোমাক উপদেশ দিছে নে?” শ্বেতকেতুৱে ক’লে, “নিশ্চয় দিছে”। প্ৰবাহণে কৰা পাঁচটা প্ৰশ্নৰ শ্বেতকেতুৱে এটাৰো উত্তৰ দিব নোৱাৰিলে। শ্বেতকেতু আহি পিতৃক সেই প্ৰশ্নৰ উত্তৰ সোধাত উদ্দালকে উত্তৰ দিলে, “এইবোৰ প্ৰশ্নৰ উত্তৰ মই নাজানোঁ”। গতিকে স্বয়ং গৌতম প্ৰশ্নৰ উত্তৰ বিচাৰি ৰজাৰ ওচৰলৈ গ’ল। ৰজাই গৌতমক ক’লে, “দীৰ্ঘ কাল শিষ্য হিচাপে মোৰ বাসভৱনত বাস কৰা। তুমি মোক যিবোৰ প্ৰশ্ন কৰিছা তোমাৰ পূৰ্বে কোনো ব্রাহ্মণে এই বিদ্যা লাভ কৰা নাই। এই জ্ঞান মাথোঁ ক্ষত্ৰিয়ৰ মাজতে সীমাৱদ্ধ”।
ছান্দোগ্য উপনিষদৰ আন এটা উপাখ্যান—
পাঁচজন মহা-গৃহস্থ আৰু মহা-বেদজ্ঞ— তেওঁলোকৰ নাম, প্ৰাচীনশালওপমন্যব, সত্যযজ্ঞপৌলষি, ইন্দ্ৰদ্যুম্ন ভাল্লবেয়, জন শাৰ্কৰাক্ষ্য, বুড়িলআশ্বতৰাশ্বি-একত্ৰিত হৈ বিচাৰ কৰিছিল-“আমাৰ আত্মা কি? ব্ৰহ্ম কি?” তেওঁলোকে ঠিক কৰিলে—“সম্প্ৰতি উদ্দালক আৰুণিৰ এনেবোৰ বিষয়ে জ্ঞান আছে। গতিকে তেখেতৰ ওচৰ চপা হওক”। উদ্দালকে ভাবিলে—“এওঁলোকে কৰা সকলো প্ৰশ্নৰ উত্তৰ সম্ভৱতঃ মই দিব নোৱাৰোঁ। গতিকে আন এজন উপদেষ্টাৰ ওচৰলৈ যাবলৈ ক’ব লাগিব”। তেখেতে ক’লে, “বলক আমি কৈকেয়ৰ ওচৰলৈ যাওঁ। তেখেতেহে এনেবোৰ বিষয়ত অৱগত”।
এনেবোৰ উপাখ্যানৰ ওপৰত ভিত্তি কৰি ইতিহাসবিদে আৰুণিক খ্ৰীষ্টপূৰ্ব ছয় শতিকাৰ লোক অৰ্থাৎ থেলিছৰ সমসাময়িক বুলিব খোজে। কিন্তু শতপথ ব্ৰাহ্মণে আৰুণিক এজন জ্ঞানী পুৰুষ বুলি স্বীকৃতি দিছে। এই দিশৰ পৰা বিচাৰ কৰিলে আৰুণিক খ্ৰীষ্ট পূৰ্ব সাত বা আঠ শতিকাৰ লোক বুলিব পাৰি।
এই মানুহজনৰ ব্যক্তিগত জীৱন সম্পৰ্কে অতি কম তথ্যহে গোটাব পৰা গৈছে। বৌদ্ধিক ‘জাতক’-ৰ এটা কাহিনীত আৰুণিৰ নাম পোৱা যায়। এই কাহিনী অনুসৰি তেখেতৰ পিতৃ আছিল বেনাৰস ৰজাৰ পুৰোহিত আৰু মাতৃ এগৰাকী দাসী। এজন অতি জ্ঞানী আৰু শিক্ষিত লোকৰ ওচৰত শিক্ষা লাভ কৰিবলৈ তেখেত তক্ষশিলালৈ গৈছিল আৰু অতি শীঘ্ৰে এজন উচ্চ স্তৰৰ বিদ্বান হৈ পৰিছিল। ইয়াৰ পিচত এদল তপস্বীৰ পৰা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে তেখেতসকলৰ বাবে কায়িক শ্ৰম কৰিবলৈ ৰাজী হৈ তেওঁলোকৰ লগত ভ্ৰমণ কৰিবলৈ ধৰে। দেৱীপ্ৰাসাদদেৱৰ মতে এই সকলো তথ্য সচাঁ বুলি ধৰি লোৱাৰ আৱশ্যক নাই। কিন্তু সেই যুগত তক্ষশিলা আছিল ৰক্ষণশীল সমাজে অপৱিত্ৰ বুলি গণ্য কৰা ধৰ্ম নিৰপেক্ষ শিক্ষা কেন্দ্ৰ, বহু বাণিজ্য পথৰ মিলিত কেন্দ্ৰ আৰু সেয়েহে বহু দেশৰ মানুহ আৰু সংস্কৃতিৰ মিলনভূমি। এনেবোৰ তথ্য মাথোঁ আখ্যানভিত্তিক বুলি তৰ্ক জুৰিব পাৰি, তথাপি এনে আখ্যানৰ ভিত্তিতে ক’ব পাৰি যে যদিহে আৰুণি নামৰ এজন ব্যক্তি আছিল, তেওঁ আছিল অত্যন্ত জ্ঞান আৰু শিক্ষা সন্ধানী লোক।
দেৱীপ্ৰসাদদেৱে কৰা দাবী সম্পৰ্কে এতিয়া আলোচনা কৰা হ’ব।
প্ৰথমেই উদ্দালক আৰুণিৰ মতে শাস্ত্ৰীয় পুথিৰ পাঠ মুখস্থ কৰি গৌৰববোধ কৰা বৃথা। বিপৰীতে ‘সকলো বিদ্যাৰ সাৰ’ অৰ্থাৎ বিশ্বৰ সকলো ঘটনাৰ কাৰণ অনুসন্ধান কৰি কাৰণ সম্বন্ধে জ্ঞান আহৰণ কৰিলেহে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰি। এটা শাৰী অতি গুৰুত্বপূৰ্ণ—‘কাৰণ নহ’লে কাৰ্য নহয়’, সকলো কাৰ্যৰ এটা কাৰণ থাকে। সকলোতকৈ গুৰুত্বপূৰ্ণ বাক্য—‘এই জগতখনেই কাৰণৰ পৰা কাৰ্যৰ এটা ক্ৰম পৰিণাম’। ই এক বৈজ্ঞানিক দৃষ্টিভংগী। বিজ্ঞানে সদায় কোনো এক ঘটনাৰ অন্তৰালত লুকাই থকা কাৰণৰ সন্ধান কৰে।
দ্বিতীয়তে উদ্দালকৰ মতে মানুহৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে—জীৱন, মন আৰু বাক্য। এই বৈশিষ্ট্যৰ মূল ক’ত? এই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰি তেখেতে কৰিছে প্ৰণালীৱদ্ধ পৰীক্ষা। শ্বেতকেতুক পোন্ধৰ দিন অনাহাৰে থাকি মাথোঁ পানী খাবলৈ দি তেখেতে প্ৰমাণ কৰিছে যে মন অন্নময়। তেখেতে শ্বেতকেতুক ইয়াকো কৈছে যে এইদৰে প্ৰমাণ কৰিব পাৰি যে প্ৰাণ অপময় আৰু বাক্য তেজোময়। পানীৰ অবিহনে প্ৰাণ ধাৰণ অসম্ভৱ। মাথোঁ অনুমানৰ ওপৰত নহয়, প্ৰণালীৱদ্ধ পৰীক্ষাৰ ওপৰত (তেখেতে অলপ দিন অনাহাৰে থাকিবলৈ কোৱা নাই, ১৫ দিন বুলি এটা নিৰ্দিষ্ট সময় দিছে) প্ৰমাণ কৰা এনে পদ্ধতি সেই যুগত ব্যতিক্ৰম। সকলোতকৈ গুৰুত্বপূৰ্ণ এয়ে যে জীৱন, মন আৰু বাক্য দৈৱ বলৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে বাস্তৱ জীৱনত মানুহে গ্ৰহণ কৰা অন্ন আৰু পানীৰ ওপৰত। এই বাক্য শাৰী মন কৰক—“মন অন্নময়, বৰ্হিজগতৰ অন্নৰেহে মনে পুষ্টি লাভ কৰে, মন তেন্তে ভৌতিক পদাৰ্থ; অতি সূক্ষ্ম ভূতৰ দাৰা বৃদ্ধি প্ৰাপ্ত হয়”। সেই যুগত মন সম্বন্ধীয় এনে ধাৰণা সঁচাকৈয়ে আশ্চৰ্যজনক।
বৰ-গছৰ গুটি সম্বন্ধে পিতা-পুত্ৰৰ মাজৰ কথোপকথনত লুকাই আছে আধুনিক পৰমাণুৰ ধাৰণা। অদৃশ্য এক সূক্ষ্ম বীজকণাৰ পৰায়েই প্ৰকাণ্ড গছ এজোপাৰ উৎপত্তি। এই সত্য এটুকুৰা লৱন পানীত ডুবাই তেখেতে পৰীক্ষাৰ দাৰা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। চকু বা স্পৰ্শেন্দ্ৰিয়ৰ দাৰা গ্ৰাহ্য নহ’লেও চাকি চালে লোণৰ অস্তিত্ব জানিব পাৰি। অৰ্থাৎ লোণৰ কণা পানীত দ্ৰৱীভূত হৈ থাকিব লাগিব। এই শাৰী বাক্যৰ মাজত এজন গৱেষকৰ দৃষ্টিভংগী দেখিবলৈ পোৱা যায়, “পদাৰ্থ প্ৰত্যক্ষীভূত নহ’ব পাৰে, কিন্তু প্ৰকাৰন্তৰে বুজিব পাৰি যে সেই পদাৰ্থ আছে”।
এই উপাখ্যানৰ আন এক গুৰুত্বপূৰ্ণ অংশ হৈছে বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ উৎপত্তিক কেন্দ্ৰ কৰি হোৱা কথোপকথন। পাঠকৰ সুবিধাৰ হকে কেইশাৰী মান বাক্য আলোচনা কৰিম—
“মনত ৰাখিবা শ্বেতকেতু, ব্ৰক্ষ্মৰ এই তিনিটা শক্তিৰ (তেজঃ, অপ্, ক্ষিতি) বাহিৰে জগতত আৰু একো পদাৰ্থ নাই। এই তিনি ব্ৰক্ষ্ম শক্তিৰ সংমিশ্ৰণত বৰ্হিজগতৰ সকলো পদাৰ্থ আৰু অন্তৰ্জগতৰ মন, প্ৰাণ আদি সকলো ইন্দ্ৰিয়ৰ উৎপত্তি হৈছে”।
আৰুণিৰ মতে বিশ্ব-ব্ৰহ্মাণ্ডৰ লগতে মানৱ-জীৱনকে আদি কৰি পৰিদৃশ্যমান বাস্তৱ জগতৰ সৃষ্টিৰ মূলতে একেই তিনি শক্তি। এই বাক্যত শক্তি আৰু পদাৰ্থৰ মাজত পাৰ্থক্য নাই (উনুকিয়াই থোৱা ভাল হ’ব যে আমি বৰ্তমান বুজা অৰ্থত ‘পদাৰ্থ’ শব্দ ব্যৱহৃত হোৱা নাই)। এই বাক্যত বেদান্ত দৰ্শনৰ ছাব স্পষ্ট। শক্তিৰ উৎস পৰম ব্ৰহ্ম।
দেৱীপ্ৰসাদদেৱৰ মতে আৰুণিৰ ধাৰণা জড়বাদী (Walter Ruben নামৰ পাশ্চাত্য দাৰ্শনিকজনে একেই মত পোষণ কৰে)। অৱশ্যে এই জড়বাদ অত্যন্ত আদিম স্তৰৰ। তেখেতে নিম্নোক্ত বাক্যশাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে—এই পৰিদৃশ্যমান জগতত পশু, পক্ষী, তৰু, লতা, পৰ্বত, নদ-নদী প্ৰভৃতি বহুত বিভিন্ন পদাৰ্থ দেখিছা। কিন্তু নিশ্চয় জানিবা যে উৎপত্তিৰ আগত এই কাৰ্যাত্মক অসংখ্য দৃশ্য বস্তুবিলাক, সিহঁতৰ মূল কাৰণ, সেই সদ্বস্তুটিত বিলীন হৈ আছিল। তেতিয়া কোনো পদাৰ্থৰ প্ৰকাশ নাছিল, কোনো শক্তিৰ ক্ৰিয়া নাছিল, নাম-ৰূপ নাছিল, কাল-ভেদ নাছিল; পোহৰ নাছিল।
গভীৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি দেৱীপ্ৰসাদদেৱে আঙুলিয়াই দিছে যে এই বাক্যত ‘সাংখ্য দৰ্শন’ৰ প্ৰভাৱ স্পষ্ট আৰু মূলতে এই দৰ্শন আছিল জড়বাদী দৰ্শন। পিচৰ যুগৰ দাৰ্শনিকে ইয়াৰ ওপৰত বেদান্তবাদৰ ৰহণ বুলালে। ‘সাংখ্য দৰ্শন’-ৰ এক প্ৰধান অংশ হৈছে ‘স্বভাৱবাদ’, এই মত অনুসৰি এক আদিম পদাৰ্থৰ পৰাই সমগ্ৰ বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ উৎপত্তি।
[‘সাংখ্য দৰ্শন’ৰ এক সংক্ষিপ্ত ধাৰণা পাঠকক দিবৰ বাবে “ৰাধানাথ ফুকন ৰচনাৱলী”-ৰ ‘সাংখ্য দৰ্শন’ অধ্যায়ৰ নিম্নোক্ত বাক্য কেইশাৰীৰ উদ্ধৃতি দিছোঁ—
“এই জগতত যতমানে বস্তু আছে, যতমানে পৰিণাম হৈছে সকলোবোৰ জড় শক্তিৰ (প্ৰকৃতিৰ) ক্ৰিয়া মাত্ৰ। এই ক্ৰিয়াৰ উদ্দেশ্য আছে, ইয়াৰ নিৰ্দ্ধাৰিত নিয়ম আছে”।
“এই জগত স্বভাৱৰ কাৰ্য, সকলো নৈসৰ্গিক নিয়মে হৈছে, সকলোৰে বন্ধা নিয়ম, সকলো শৃঙ্খলাৱদ্ধ নিয়মে হৈছে। এই জগতখন অনাদি কালৰে পৰা নিয়মৰ অধীনে পৰিণাম পাই আহিছে”।
“অচেতন প্ৰকৃতিয়েই জগতৰ মূল কাৰণ” ।
“এই জগতৰ বাহিৰে একমাত্ৰ নিত্য সৎ সৰ্বব্যাপী পদাৰ্থ হে আছে”]।
“ৰাধানাথ ফুকন ৰচনাৱলী”-ৰ “বিজ্ঞানৰ সিপাৰে” পুথিত থকা ‘নিৰ্গুণ ব্ৰহ্ম’-ত পঢ়িবলৈ পাব—সাংখ্য দৰ্শনত সগুণ ঈশ্বৰৰ কথা নাই। কাৰণ ‘সাংখ্য দৰ্শন’ যুক্তিপূৰ্ণ দৰ্শন। নিভাঁজ দাৰ্শনিক যুক্তিৰে যিখিনি প্ৰমাণ কৰিব পাৰি, তাৰ বাহিৰে সাংখ্যই আৰু একো কোৱা নাই।
এনে ধাৰণাত জড়বাদী দৰ্শনৰ ছাপ স্পষ্ট। দেৱীপ্ৰসাদদেৱৰ মতে উদ্দালক আৰুণিয়ে ‘সৎ’ শব্দৰে এক আদিম পদাৰ্থহে বুজাব খুজিছে। পিচলৈ বেদান্তবাদীয়ে এই শব্দৰ অৰ্থ ‘ব্ৰহ্ম’ কৰিলে। তেখেতে কৈছে যে ঋগ্বেদত ‘ব্ৰহ্ম’ শব্দ পোৱা যায়, কিন্তু বেদৰ ‘ব্ৰক্ষ্ম’ আৰু উপনিষদৰ ‘ব্ৰহ্ম’-ৰ মাজত আকাশ-পাতাল প্ৰভেদ। কাৰণ বেদত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ ‘অন্ন’।
দৰ্শনৰ জ্ঞান আমাৰ প্ৰায় শূন্য, ইতিহাসৰ জ্ঞান সামান্য। গতিকে পণ্ডিতমহলৰ মাজৰ এনেবোৰ গভীৰ আলোচনাৰ মাজত সোমাবৰ যোগ্যতা আমাৰ নাই। কিন্তু তলৰ বাক্যশাৰীয়ে আমাৰ লগতে নিশ্চয় পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে—
কোনো কোনোৱে কয় যে এই সংসাৰখন নাইয়েই—Non-existent—ই এক মায়া বা ই যেন প্ৰহেলিকা। উৎপত্তিৰ আগত ই অসৎ (Illusion)। শ্বেতকেতু, তুমি নিশ্চয় জানিবা এইবোৰ কথা ভুল। উৎপত্তিৰ আগত এই জগত সৎ আছিল (এই বাক্য সম্পূৰ্ণ বেদান্ত বিৰোধী, কাৰণ বেদান্ত দৰ্শনে প্ৰকৃতিৰ সুকীয়া অস্তিত্ব স্বীকাৰ নকৰে। “ৰাধানাথ ফুকন ৰচনাৱলী”-ৰ “বেদান্ত দৰ্শন” অধ্যায়ত পঢ়িবলৈ পাব—“কিন্তু বেদান্তই ইফালৰ পৰা অৰ্থাৎ অব্যক্তৰ ফালৰ পৰা আৰম্ভ কৰিছে। তাত একো পাৰ্থিৱ যুক্তি বা ভাবৰ স্থান নাই। যদি বেদান্তই পাৰ্থিৱ সঁজুলি লৈ অগ্ৰসৰ হ’লহেঁতেন, যদি প্ৰকৃতিৰ সুকীয়া অস্তিত্ব মানি লৈ যুক্তি কৰিলেহেঁতেন, তেন্তে বেদান্ত গুচি সাংখ্য হ’লহেঁতেন। সেই অজ্ঞাত দেশৰ পৰা অনুসন্ধান আৰম্ভ কৰোতে বেদান্তই প্ৰকৃতিক নেদেখে”)।
আমাৰ লগতে পাঠকেও নিশ্চয় প্ৰশ্ন কৰিব এজন বেদান্তবাদীয়ে উপৰিউক্ত এনে স্ব-বিৰোধী মত প্ৰকাশ কৰিব নে?
দেৱীপ্ৰসাদদেৱে উদ্দালক আৰুণিক পৃথিৱীৰ প্ৰথম বিজ্ঞানী বুলি কৰা দাবীক সমৰ্থন কৰিছোঁ বুলি ক’লে বহু পাঠক সম্ভৱতঃ আমাৰ লগত একমত নহ’ব। ইয়াৰ কাৰণ নোহোৱা নহয়। প্ৰাচীন মিশৰ, বেবিলন, মেছোপটেমিয়া আৰু ভাৰতৰ সিন্ধু সভ্যতাত অংক শাস্ত্ৰ, জ্যোতিৰ্বিজ্ঞানৰ আৰু ধাতু শিল্পৰ আশ্চৰ্যজনক বিকাশ হৈছিল। বহু লোকৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ অবিহনে এনে বিকাশ অসম্ভৱ। কিন্তু তেওঁলোকৰ নাম-ধাম আমি নাজানোঁ। প্ৰাচীন গ্ৰীচৰ থেলিছ আমাৰ পৰিচিত। সেয়েহে তেখেতৰ লগতহে আৰুণিক তুলনা কৰা হৈছে।
আমি বৰ্তমান বুজা অৰ্থত ‘বিজ্ঞানী’ বিশেষণ আৰুণিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কাৰণ আজিৰ বিজ্ঞানৰ পৰিৱেশ সেই যুগত নাছিল। কিন্তু গৱেষণাগাৰত কাম কৰা লোকে স্বীকাৰ কৰিব যে আৰুণিৰ দৃষ্টিভংগী বৈজ্ঞানিক দৃষ্টিভংগী।
ই এটা উপাখ্যানহে মাথো বুলিও তৰ্ক জুৰিব পাৰি। মানুহৰ কল্পনাৰ আঁৰত থাকে বাস্তৱ অভিজ্ঞতা। বাস্তৱত প্ৰত্যক্ষ নকৰা কোনো ঘটনা মানুহে সম্পূৰ্ণৰূপে কল্পনা কৰিব নোৱাৰে। চৰাই আকাশত উৰা দেখা কাৰণেহে মানুহে আকাশত উৰা মৰাৰ সপোন দেখিছিল। গতিকে ক’ব পাৰি যে ছান্দোগ্য উপনিষদৰ যুগত ভাৰতত নিশ্চয় এনে এক সামাজিক পৰিৱেশ সৃষ্টি হৈছিল যি পৰিৱেশত কোনো কোনো লোকে যুক্তিৰে চিন্তা কৰায়েই নহয়, প্ৰণালীৱদ্ধ পৰীক্ষা, নিৰীক্ষণ আৰু সেই নিৰীক্ষণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ মাজৰ বিশিষ্ট, শ্ৰদ্ধাভাজন ব্যক্তিক সাধাৰণ লোকে নিশ্চয় ‘ঋষি’ যেন জ্ঞান কৰিছিল। শ্বেতকেতুৰ উপাখ্যানৰ উদ্দালক আৰুণি তেনে এজন ঋষি আছিল বুলি ধৰি ল’লে তেখেত পৃথিৱীৰ প্ৰথম বিজ্ঞানী আছিল বুলি ভাৰতবৰ্ষই গৰ্ব নকৰিব কিয়?
সহায় লোৱা গ্ৰন্থ
দেৱীপ্ৰসাদ চট্টোপাধ্যায়, “ভাৰতীয় দৰ্শন”
ৰাধানাথ ফুকন,“ৰাধানাথ ফুকন ৰচনাৱলী”, অসম প্ৰকাশন পৰিষদ
Walter Ruben, “Uddalaka and Yajnavalkya”, ”Materialism and Idealism”
Debiprasad Chattopadhyaya, “History of Science and Technology in Ancient India” Vol II
Bertrand Russell, “History of Western Philosophy”