হাতোৰা\\বিজুৰাণী মেচ
অগতানুগতিক গল্প এটা লিখাৰ তাগিদাত চৰিত্ৰ আৰু কাহিনী বিচাৰি হাবাথুৰি খাইছোঁ। ক’ৰ পৰা ধাৰ কৰোঁ, কাৰ জীৱনৰ পৰা বুটলি আনোঁ কাহানিও নোহোৱা কাহিনী এটা?
এমূৰে বহিলে ইমূৰলৈ ৰিণি ৰিণি দেখা পোৱা গোটেই পথাৰৰ মাটি কেইডৰা আছিল গগন কটকীৰ, চোতালৰ সমুখত দুটাকৈ তিনিকোঠলীয়া গুটি ধানৰ ভঁৰাল আছিল গগন কটকীৰ, গাঁওখনৰ মানুহক আকালৰ দিনত ধান-চাউলেৰে বা আপদৰ দিনত ধন-বিতেৰে সহায় কৰিব পৰা একমাত্ৰ মানুহজন আছিল গগন কটকী। খেতি সৰ্বস্ব কটকীৰ খেতিয়েই আছিল অৰ্ধ-পৃথিৱী। সেয়ে তেওঁ এই দুনিয়াৰ পৰা ওলাই আহি অন্য ব্যৱসায়ৰ কথা কোনোদিন ভবা নাছিল। অৱশ্যে খেতিৰ বাদে অন্য কোনো জীৱিকাৰ প্ৰতি তেওঁৰ ধাউতিও নাছিল বা নাছিল কোনো ব্যৱসায়িক কৰ্মপটুতা। কিন্তু যোৱা এটা দশক ধৰি দেশৰ কৃষক সকলৰ দুৰৱস্থাই কটকীৰো অৱস্থা হ’ল। কটকীৰ ভঁৰালৰ ধান এতিয়া খেতি পুৰাণ৷ ভঁৰালো নাই, চোতালো নাই, নাই গগন কটকীৰ সেই প্ৰাচীন প্ৰাচুৰ্য্য। বজাৰত ধানৰ দাম কমি যোৱাৰ পৰা কটকীৰ খেতি পথাৰ ছন পৰিল। চৰকাৰী চাউল পোৱাৰে পৰা কটকীৰ পথাৰত হালোৱাৰ হাল ননমা হ’ল। এতিয়া কটকীৰ তিনিওটা পুতেকে চাহ বাগানত পাতৰ গাড়ী চলায়।
— কথাবোৰ ভালদৰে জুকিয়াই চালোঁ। বহুদিনৰ পৰা গগন কটকীৰ এই সঁচা কাহিনীৰে গল্প এটা লিখিম বুলি ভাবি আছিলোঁ। কিন্তু একালৰ বৃন্দাবন একালত পৰে ছন বুলি এষাৰ কথা আছে। গতিকে কটকীৰ এনে অৱধাৰিত পৰিণতিত কোনো নতুনত্ব নেদেখিলোঁ। মোক লাগে এটা নতুন শৈলীৰে লিখিবলৈ এটা অগতানুগতিক গল্প। এইটো আৰু এটা কাহিনী হ’ল নে! তাতোতকৈ বাবুল দাসৰ কাহিনীটো ভাল হ’ব।
বাবুল দাস মানে সেই কাপোৰৰ দোকানী বাবুল। দোকানখনত প্ৰথমে সি ছেলছমেনহে আছিল। দোকানৰ মালিকনী ভাৰতী বাইদেউৰ মোৰ লগত ভাল৷ বাইদেউ হাইস্কুলৰ মাষ্টৰণী। বাইদেউৰ কাপোৰত বৰ চখ। অৱসৰ লোৱাৰ পাঁচবছৰমানৰ আগতে বাইদেৱে এখন কাপোৰৰ দোকান খুলি উপাৰ্জন গপগপীয়া কৰাৰ ধান্দা আছিল। কথা মতেই কাম। প্ৰথম দুবছৰমান ঠিকেই চলিছিল। পাছত সেই দোকানৰ কাষতে এখন ডাঙৰ শ্বপিং মল হোৱাত ওচৰৰ দোকানবোৰ নচলাৰ দৰে হ’ল। দিনটো বাবুলে দোকানত বোন্দাপৰ দি বহি থাকে। বিক্ৰী-বাট্টা নাই বুলিবই পাৰি। ব্যৱসায়ৰ দুৰবস্থা দেখি ভাৰতী বাইদেৱে দোকানখন বাবুলক এদিন কম দামতে এৰি দিলে। বাইদেৱে আজৰি সময়ত তাঁতকে লগাই লয়। পিছে বাইদেৱে দোকান দিয়াৰ আগতেও যুতিয়ে যুতিয়ে তাঁত বৈ মেখেলা-চাদৰ উলিয়ায়। তেওঁৰ ঘৰৰ পিছফালৰ বাৰাণ্ডাত সদায় তাঁত এযুতি ওলমি থাকেই। তাঁতত লাগোতে লাগোতে ঘৰৰ আন কামবোৰ পৰি থাকে। এদিন বাইদেউৰ ঘৰলৈ যাওঁতে বাইদেউৰ মানুহজনে, মানে দাদাই খঙতে কৈছিল—
“এই যুতি বায়েৰৰ অক্ষয় তাঁতৰ যুতি। সেই হোমাৰৰ ওডিছীৰ নায়িকা পেনিলপীৰ আনৰেভেল শালৰ যুতি। মই মৰিলে তাৰে কফিন দিব।”
“ধেইত্ নাপায় নাপায় দাদা, তেনেকৈ ক’ব নাপায়।”
সেই কথা কোৱাৰ এবছৰৰ পাছতে দুয়োজনৰ বিচ্ছেদ হ’ল। মানে মিউছুৱেল ছেপাৰেশ্বন। কাৰণটো সোধোঁতে বাইদেৱে স্পষ্টকৈ কৈছিল—
“মোৰ মেনোপজ হ’ল। শৰীৰত এষ্ট্ৰ’জেনৰ পৰিমাণ কমিল, হৰম’ন কমিল। পুৰুষৰ লগত উদ্দাম শয্যা সংগী হ’ব নোৱৰা হ’লোঁ, সেইটোৱেই কাৰণ।”
বাইদেৱে অকণো লুকঢাক নোহোৱাকৈ যিমান সহজভাৱে কথাষাৰ কৈ গ’ল, মই কিন্তু সিমান সহজভাৱে হজম কৰিব নোৱাৰিলোঁ।
“আপোনালোকৰতো প্ৰেম বিবাহ হৈছিল।”
“সেই প্ৰেম চেম সেইবোৰ সব মিছা। শৰীৰৰ প্ৰয়োজন থাকিলেহে মনৰ প্ৰয়োজন থাকে।”
বাইদেউৰ কাহিনী মনতে ৰাখিলোঁ। বাইদেউৰ কাহিনী মই লিখিব নোৱাৰোঁ। তেওঁলোকৰ ভিতৰুৱা কথাবোৰ গল্পৰ আকাৰে উদঙাই দিয়াৰ মোৰ অধিকাৰ নাই। তদুপৰি আজিকালি বিবাহ বিচ্ছেদ, পৰকীয়া প্ৰেম, জীবন সংগীৰ কামশীতলতাৰ বাবে ছেপাৰেশ্বন আদি গতানুগতিক হৈ পৰিল। আনহাতে দেশত চাৰিওফালে পুঁজিপতিৰ ৰাজত্ব। খেতি-খোলাৰ পৰা ঘৰুৱা মদৰ ব্যৱসায়লৈকে পুঁজিপতিয়ে গ্ৰাস কৰি লৈছে। এতিয়া বাবুলৰ অবস্থাও তথৈবচ। এই আদবয়সত সি বেলেগ ব্যৱসায়ত ধৰিলে ঠন ধৰিবলৈকে লাগিব বহু বছৰ। তাতে চৰকাৰে যি নিতৌ নতুন নতুন নীতি ৰচনা কৰিব ধৰিছে, কেতিয়া কি হয় ঠিক নাই। কথাবোৰ ভাবি ভাবি বাবুলৰ নিশা টোপনি নহা হ’ল। গোটেইটো খিংখিঙীয়া হৈ পৰিল। ভবা কথাবোৰকে উৰাই-ঘূৰাই বকি থকা হ’ল। মানুহে বাবুলক বলিয়া বুলিব ধৰিলে। নাই, এই কাহিনীটোও ভাল লগা নাই। আজিকালি সৰু সুৰা ব্যৱসায়ী সকলোৰে একেই অৱস্থা। গতিকে গল্পৰ বিষয় গতানুগতিক।
নহ’লে এজন বিখ্যাত সংগীতজ্ঞৰ জীৱন কাহিনীৰে গল্প এটা লিখোঁ নেকি? নাই, সেই অনাও জোৰে-জোখে। সাংস্কৃতিক বজাৰখনত আমাৰ অসমীয়াৰ অৱস্থা অতি দুখলগা। মাত্ৰ এবছৰৰ আগতে আমাৰ অঞ্চলৰে বিখ্যাত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গুৰু মাখন গগৈয়ে মদ খাই খাই লিভাৰ চিৰচিচ হৈ ঢুকাল। তেওঁৰ লগৰে তবলাবাদক অক্ষয় বৰুৱাৰো একেই লিভাৰ ক্ষয়। সৌ সিদিনা হায়দৰাবাদৰ এ আই জি হস্পাতেলত চিকিৎসা কৰি কোনোৰকম বাচি আহিল। চিকিৎসাৰ খৰচৰ বাবে স্থানীয় শিল্পীসকলে মানুহৰ দুৱাৰে দুৱাৰে অনুদান বিচাৰিছিল বুলিলেও বেছি কোৱা নহ’ব। ইয়াৰোপৰি এই বিখ্যাত সংগীতজ্ঞবোৰো নিকা ভাব-বুদ্ধিৰ একেবাৰে নহয়। দুবছৰৰ আগতে আমাৰ অঞ্চলতে সদৌ অসম ভিত্তিত পাৰ্বতী প্ৰসাদ বৰুৱাৰ সংগীত প্ৰতিযোগিতা পাতিছিল। অভাজনো সেই প্ৰতিযোগিতাস্থলিত বিৰাজমান আছিলোঁ। বিচাৰকৰ আসনত আছিল অসমৰ বিভিন্ন জিলাৰ কেইজনমান স্বনামধন্য সংগীতজ্ঞ। সেই প্ৰতিযোগিতাত বৰপেটাৰ ছোৱালী এজনীয়ে গাইছিল— “ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ। ” সুৰ, লয় সকলো সুন্দৰকৈ পৰিৱেশন কৰাৰ পিছতো ছোৱালীজনীক বিচাৰকে কেইটামান অবাঞ্চিত প্ৰশ্ন সুধি স্থান দখলৰ পৰা বঞ্চিত কৰিছিল। বিচাৰকৰ প্ৰশ্ন—
“তুমি যে গালা গানটো, কোনটো তালৰ ক’ব পাৰিবানে?”
“পাৰিম ছাৰ, ৰূপক তালৰ।”
“ঠিক আছে, বোলবোৰ ক’ব পাৰিবানে ?”
“পাৰিম ছাৰ, ধি ধি না তি না তি না। ”
“ঠিক আছে, এই বোলকেইটা হাতৰ তলুৱাত তিনিগুণত দেখুওৱা। ”
ছোৱালীজনী হতভম্ব হৈ পৰিল। মঞ্চৰ ওপৰতে কন্দনামুৱা কৰি ক’লে—
“তিনিগুণত ক’বলৈ অলপ দিগদাৰ হ’ব ছাৰ।”
“ঠিক আছে হ’ব তুমি যাব পাৰা। ”
ঠিক কেইমুহূৰ্তমানৰ পিছত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা হ’ল। সুন্দৰ পৰিৱেশনকাৰী ছোৱালীজনীৰ নাম ফলাফলৰ তালিকাৰ পৰা বাদ পৰিল। গতিকে সাংস্কৃতিক সাম্ৰাজ্যৰ মাজলৈ মই মোৰ কাহিনীৰ চৰিত্ৰ লৈ যাব নোৱাৰোঁ।
তাৰপাছত ভাবিলোঁ মই মোৰ কাহিনীৰ চৰিত্ৰ এটি ইতিহাসৰ পৰা বুটলি আনোঁ নেকি? কিন্তু ইতিহাসৰ পৰা আঁজুৰি আনিবলৈয়ো আজিকালি ইতিহাসৰ নায়কসকলকো সমালোচনা কৰি থকা সৰকা কৰিছে। সমালোচকৰ সদালোচনাত ইতিহাসৰ বহু কুখ্যাত নেতা বিখ্যাত হৈ পৰিছে আৰু বহু বিখ্যাত নেতাও সমালোচনাত পৰি কৃতিত্ব হেৰুৱাইছে। এই সকলোবোৰ মানুহৰ মানসিক স্থিতিৰ কথা ধৰিব নোৱাৰি। সৌ সিদিনা জনসাধাৰণে একেবাৰে নিকা বুলি ভবা কৃষক নেতাজনৰো সীমাহীন কু-কীৰ্তিৰ কথা বিৰোধী দলসমূহে মুকলি কৰিছে। এইবোৰ সঁচাই হওক বা মিছাই হওক বদনাম হোৱাটোতো হৈছে। একেবাৰে মিছা কথা এষাৰ মানুহ হ’ল বুলি উলিয়াব নোৱাৰে। ধোঁৱা উৰিলে তলত জুই থাকিবই।
তাতোকৈ সৌ সিদিনা আত্মহত্যা কৰা নয়নমনিৰ কাহিনীটো বেছি ভাল হ’ব।
নয়নমণি! সঁচাকৈ মাক-বাপেকৰ নয়নৰ মণি। পঢ়িছিল ছোৱালীজনীয়ে। বৰ কষ্ট কৰিছিল। কষ্টৰ মধুফল পাইছিল নয়নমণিয়ে
ডাক্তৰ নহ’ল বাৰু,
ইঞ্জিনীয়াৰো নহ’ল,
হ’ল অসম আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়া।
সকলো ঠিকেই চলিছিল। কামৰ বোজা বাঢ়িছিল। চৰকাৰী চাকৰি। যেনেকৈ ডিমাণ্ড তেনেকৈ কাম। এই আজি লখিমপুৰ, কালি নগাঁও। কাম, কাম আৰু কাম।
হঠাতে এদিন এটা অপ্ৰত্যাশিত খবৰে মাক-বাপেকক স্তব্ধ কৰি পেলাইছিল! চোতালত নয়নমনিৰ মৃতদেহ! হত্যা নে আত্মহত্যা নাজানিলে কোনেও।
এনেতে টিভিত বাজি উঠিল এটা ব্ৰেকিং নিউজ। বিশেষ ভাৱে সক্ষম পুত্ৰ আৰু পত্নীক হত্যা কৰি মানুহজনে নিজেও আত্মহত্যা কৰিলে। কি কথা! মানুহজনৰ হেনো পুত্ৰৰ চিকিৎসা আৰু পৰিচৰ্যাৰ নামত বহু লাখ টকা ধাৰ হ’ল। ধাৰ পৰিশোধ কৰিব নোৱাৰি মানুহজনে আত্মহত্যা কৰিলে।
—এই ব্ৰেকিং নিউজটোকো দেখোন গল্পৰ ৰূপ দিব পাৰি। মূল কাহিনীটো একে ৰাখি দুই এটা চৰিত্ৰ নিজেই সৃষ্টি কৰি ল’লেই হ’ল।
কাহিনী বিচাৰি হাবাথুৰি খাওঁতে এজাক নৰ-নাৰীৰ প্ৰতিমূৰ্তি মোৰ সমুখত উপস্থিত হ’ল। তেওঁলোকৰ হাতত প্ৰতিবাদৰ প্লেকাৰ্ড। এগৰাকীয়ে দুখোজমান আগুৱাই আহি জকজকাই মোক ক’ল—
“বন্ধ কৰক আপুনি গল্প লিখা ! মনে সজা কাহিনী লিখি চৰিত্ৰবোৰক কলুষিত নকৰিব৷ কাহিনী আকৰ্ষণীয় কৰিবলৈ সঁচাক মিছা মিছাক সঁচা নাসাজিব। চৰিত্ৰবোৰ আপোনাৰ হাতৰ পুতলা হ’ব পাৰে কিন্তু মানুহৰ সম্পৰ্কবোৰ নহয়। আপোনাৰ গল্পৰ চৰিত্ৰ এটাই এটা জাতিক প্ৰতিনিধিত্ব কৰে৷ সেই কথালৈ খেয়াল ৰাখিব৷ জনপ্ৰিয়তাৰ লোভত কিয় চৰিত্ৰবোৰ নষ্ট কৰিছে?”
তেনেতে আন এগৰাকীয়ে মোৰ আগলৈ আহি ক’লে—
“আপোনাৰ দৰে লেখক সকলক চিনি পাবলৈ আৰু বাকী নাই। বহুতো ধনাধ্য লেখকে আনৰ লেখা কিনি নিজৰ নামত ছপা কৰা দেখিছোঁ। এইবোৰ বন্ধ কৰক বুজিছে। ”
তেনেতে আন এজনে বৰ গহীন খোজেৰে মোৰ ফালে আগুৱাই অহা দেখিলোঁ। আৰে এইজন দেখোন আমাৰ দেশৰ ৰজা জন—
“হ’ৰা তুমি গল্পকাৰ, কবি যিয়েই নোহোৱা বা যিয়েই নিলিখা তাত মোৰ ক’ব লগা একো নাই, কিন্তু সাৱধান মোৰ দৰে ৰজাঘৰীয়াৰ কথা যদি কেনেবাকৈ অলপো বেয়াকৈ লিখা তেন্তে তোমাৰ মূৰ কটা যাব। তুমি তোমাৰ কলমৰ জোৰেৰে সদায় আমাক প্ৰশংসাৰে পোহৰাই তুলিব লাগিব। আমাৰ হাজাৰ ভুলকো পৰিহাৰ কৰি মিছা বন্দনাৰে ইতিহাসৰ পাত ভৰাই তুলিব লাগিব।”
“কিন্তু মই সেইটো কৰিব নোৱাৰিম মহাৰাজ।”
“কিয় নোৱাৰিবা? তাৰ বিনিময়ত মই তোমাক যিমান ধন লাগে সিমান দিম।”
“নাই মহাৰাজ মই তেনে লেখক নহয়।”
“চন্তৰী এই লেখকক প্ৰহাৰ কৰি বন্দী কৰা৷”
“নামাৰিব, মোক নামাৰিব”—
“কি দেউতা সপোন দেখিছিলা নেকি? টিভিটো অন কৰি টোপনিয়াই আছা যে?”
—ছেহ ভালেই হ’ল, সেয়া তাৰমানে সপোন আছিল। দুদিনমানৰ বাবে মই মোৰ গল্পৰ লিখাৰ কামটো স্থগিত ৰখাই ভাল।