অনুবাদপ্ৰবন্ধ

সময়ৰ সাঁথৰ‌।‌। বাংলাৰ পৰা অনুবাদ, দেৱীকা শইকীয়া

(Edwin E. Slosson ৰ মূল গ্ৰন্থ Easy Lessons In Einstein: A Discussion Of The More Intelligible Features Of The Theory Of Relativity (1920) গ্ৰন্থৰ বাংলা অনুবাদ কৰিছিল সৌমেন হাজৰাই‌। অনুদিত গ্ৰন্থখনৰ শিৰোনাম আছিল আইনষ্টাইনৰ সহজ পাঠ। উক্ত অনুবাদ গ্ৰন্থখনৰ পৰা ‘সময়েৰ হেঁয়ালি’ শীৰ্ষক প্ৰৱন্ধটিৰ অসমীয়া অনুবাদ মুক্ত চিন্তাৰ পাঠকৰ বাবে আগবঢ়োৱা হ’ল)

দুহেজাৰ চাৰিশ বছৰ ধৰি দাৰ্শনিক চিন্তা-চৰ্চাই সময় আৰু স্থানৰ সম্পৰ্কক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজিও যদি কোনো বৈজ্ঞানিক মহলত প্ৰৱেশ কৰা হয়, তেতিয়া আকাশ অসীম নে সসীম, স্থিতি আৰু গতিৰ মাজত কোনো পাৰ্থক্যই বিস্তাৰ কৰিছে নে নাই, স্থান আৰু সময়ৰ বাস্তৱ অস্তিত্ব থাকিব পৰাটো সম্ভৱ নে অসম্ভৱ… আদি প্ৰশ্ন উত্থাপিত হোৱা শুনিবলৈ পাম।

এইবোৰ সেইসমূহ প্ৰশ্ন যিবোৰ এসময়ত গ্ৰীচৰ এছিয়া মাইনৰ চহৰত পাইথাগোৰাচ আৰু জিনোৰ মাজত আলোচিত হৈছিল। এই প্ৰশ্ন বা চিন্তাধাৰাৰ ওপৰত আজি পৰ্যন্ত সুদীৰ্ঘ সময় ব্যয় হৈছে যদিও সঁচা অৰ্থত তাক অপচয় বুলিব নোৱাৰি। কাৰণ, এই দাৰ্শনিক চিন্তাসমূহ এক চূড়ান্ত সিদ্ধান্তত উপৱিষ্ট হ’ব নোৱাৰিলে যদিও ইয়াৰ দ্বাৰাই আমাৰ বোধগম্য হোৱাকৈ গণিত আৰু পদাৰ্থ বিজ্ঞানে ইমানখিনি প্ৰসাৰতা লাভ কৰিলে। এই বিষয়বোৰৰ প্ৰতি উৎসাহী সকলে নিশ্চয় এটা পাথৰ্ক্য মন কৰিছে , সেয়া হৈছে, — বৰ্তমান আধুনিক বিজ্ঞানীসকলে তেওঁলোকৰ মতবাদবোৰক পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমেৰে প্ৰমাণ কৰিব খোজে, আনহাতে প্ৰাচীন বিজ্ঞানীসকলে কেৱল চিন্তাৰ মাধ্যমেৰেই তাক প্ৰমাণ কৰাৰ চেষ্টা কৰিছিল।

সম্প্ৰতি বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য বিষয়ক যিবোৰ জল্পনা-কল্পনা কৰা হৈছে সেইবোৰৰ কোনোটোৱেই ১৯০৫ চনত ”Annalen der physics” নামৰ আলোচনীত প্ৰকাশিত আইনষ্টাইনৰ চাৰি-পাঁচ পৃষ্ঠাৰ এটি প্ৰবন্ধৰ দৰে সাহসী আৰু বৈপ্লৱিক নহয়। আচলতে এই বৈপৰীত্যই বুজায় যে কেৱল শুদ্ধ চেতনা আৰু যুক্তিতেই জগতখন সীমাবদ্ধ নাছিল! কাৰণ বিজ্ঞানী সকলো সমাজত বাস কৰা অন্যান্য মানুহৰ দৰেই মানুহ, তেওঁলোকো কিছু পৰিমাণে পূৰ্বৰ ধাৰণাৰ পৰা অপ্ৰভাৱিত নহয়।

এই সংক্ষিপ্ত প্ৰৱন্ধটোত আইনষ্টাইনে বিশ্বব্ৰহ্মাণ্ডৰ এক অভিনৱ তত্ব আগবঢ়াইছে, যি দুটা স্বত:সিদ্ধতাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হৈছে আপেক্ষিকবাদ। অৰ্থাৎ সকলো গতিয়েই আপেক্ষিক। উদাহৰণ স্বৰূপে ৰে’লৰ খিৰিকিবোৰ বন্ধ কৰি ৰাখিলে মসৃণ গতিৰে কৰা ৰে’লৰ গতিৰ বিষয়ে আমি কোনো ধাৰণা কৰিব নোৱাৰোঁ। তেনেকৈয়ে, কোনো জ্যোতিষ্ক আমাৰ দৃষ্টিগোচৰ নোহোৱাকৈ আমি পৃথিৱীৰ সন্মুখগতি সম্পৰ্কে ধাৰণা কৰিব নোৱাৰিলোহেঁতেন‌।

আইনষ্টাইনৰ দ্বিতীয় সিদ্ধান্তটো হৈছে, যে পোহৰৰ গতি কোনো উৎসৰ গতিৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ সাধাৰণ বুদ্ধিৰে যাৰ ধাৰণা কৰা কিছু কষ্টকৰেই‌। আন ধৰণেৰে ক’বলৈ গ’লে, পোহৰতকৈ বেছি বেগেৰে একোৱেই যাব নোৱাৰে, ছেকেণ্ডত যাৰ মান ১,৮৬,০০০ মাইল‌। আনকি যিমান দ্ৰুততাৰেই লাগিলে উৎসক সন্মুখলৈ ঠেলি নিদিওঁ কিয়, পোহৰৰ বেগ তাতকৈ অকণো নাবাঢ়ে‌। ঘটনাটো ঠিক এনেকুৱা, কোনো এজন মানুহে ৰে’লৰ ইঞ্জিনৰ ওপৰত থিয় হৈ বল এটা আগলৈ দলিয়াই দিলে, ৰে’লখন স্থবিৰ হৈয়ে থাকক বা দ্ৰুত গতিৰে আগলৈ, পিছলৈ বা যি কোনো দিশত গতি কৰি নাথাকক কিয় বলৰ গতিৰ ক্ষেত্ৰত কিন্তু কোনো পৰিৱৰ্তন নহ’ব। মাইকেলছন আৰু মৰ্লি নামৰ দুজন আমেৰিকান পদাৰ্থ বিজ্ঞানীয়ে পৰীক্ষাৰ দ্বাৰা দেখুৱাইছে যে পৃথিৱীখন লাগিলে পোহৰৰ উৎসৰ ফালে গতি কৰক বা উৎসৰ পৰা আতৰি যাওক বা পোহৰৰ গতিপথৰ সৈতে সমকোণত থাকক পোহৰৰ দ্ৰুতি সদায় একেই থাকিব । এই পৰীক্ষাই আইনষ্টাইনৰ দ্বিতীয়টো সিদ্ধান্তৰ ভেটি সুদৃঢ় কৰে।
আইনষ্টাইনৰ প্ৰাৰম্ভিক সিদ্ধান্ত দুটা যদি আমি মানি লওঁ আৰু তাৰ লগতে তেওঁৰ “শক্তি-সাম্য-তত্ত্ব” (Principle of Equivalence) সম্বন্ধে নি:সন্দেহ হওঁ, তেন্তে তাৰ দ্বাৰা ই বহু জটিলতাৰ অৱসান ঘটাৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ আৰু বহুতো ৰহস্যৰ সমাধানো ই দিব পাৰিব‌। ই বুধৰ কক্ষপথৰ অক্ষৰ অৱস্থানৰ ব্যাখ্যা দিব পাৰে, যিটো নিউটনৰ সূত্ৰৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়। আইনষ্টাইনৰ প্ৰাৰম্ভিক সূত্ৰ দুটাই সূৰ্য্যৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পোহৰৰ গতিপথৰ আগজাননী দিছিল, যিটো আজি গ্ৰহণ পৰ্যবেক্ষণৰ দ্বাৰা ভালদৰে প্ৰমাণিত হৈছে। কিন্তু মধ্যাকৰ্ষণৰ ফলত সৌৰ বৰ্ণালীৰ অনন্য ৰং ৰঙাৰ ফালে বিচ্যুত হোৱাটো এতিয়াও প্ৰমাণিত হোৱা নাই। যদিও কিছুমান ব্যৱহাৰিক বিষয় কেৱল পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী সকলৰ সৈতে জড়িত , আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব- যাৰ তিনিটা ভৱিষ্যতবাণীৰ দুটা ইতিমধ্যেই প্ৰমাণিত হৈছে য’ত স্থান আৰু সময়ৰ নিৰ্ভৰযোগ্য ব্যাখ্যা সন্নিৱিষ্ট কৰা হৈছে যিয়ে বৰ্তমানৰ সকলো ধাৰণা ওলোটা কৰি পেলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *