বিবিধ চিন্তা

অতুল সুভাষ কাণ্ড: পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ পৰিণতি ‌(১ম অংশ) ।‌। বীথিকা হাজৰিকা

পুৰুষতান্ত্ৰিক সমাজখনত সঘনাই ঘটি থকা নাৰী নিৰ্যাতনৰ কাহিনীবোৰ দেখি দেখি বা শুনি শুনি আমি অভ্যস্ত। কাৰণ শাস্ত্ৰয়ো নাৰীক নিৰ্যাতন কৰি হ’লেও বশ কৰাৰ অনুমতি দি থৈছে। গাঁৱে-ভূঞে, চহৰ-নগৰৰ চুকে-কোণে হোৱা নাৰীৰ আত্মহত্যা, হত্যা, ধৰ্ষণ আদিৰ অসংখ্য কাহিনীক আমি ভাতৰ লগত পানীৰ দৰে গ্ৰহণ কৰোঁ। অৱশ্যে অভয়া বা নিৰ্ভয়া কাণ্ডৰ দৰে ঘটনাই কেতিয়াবা খবৰত আগস্থান পায়। কিন্তু পুৰুষো যে নিৰ্যাতিত হয় এইখন পুৰুষতান্ত্ৰিক সমাজতে! তাকো শাস্ত্ৰই অৱলা-দুৰ্বলা বুলি ঘোষণা কৰি থোৱা নাৰীৰ হাতত! পুৰুষ নিৰ্যাতনৰ এনে কাহিনী নগণ্য নহয় যদিও বহুতে পত্নীৰ হাতত লাঞ্চিত হোৱাৰ কথা প্ৰকাশ নকৰে। কাৰণ জীৱিত অৱস্থাত সমাজৰ আগত প্ৰকাশ কৰা মানে ঘৰে-বাহিৰে ইতিকিঙৰ পাত্ৰ হৈ দুগুণ লাঞ্চনা ভোগ কৰা। সেয়ে বহুতে আত্মহত্যা কৰে বা নিজকে তিল তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে সংগোপনে। কেতিয়াবা আত্মহত্যাৰ কাৰণো অজানা হৈয়েই থাকি যায়।

পত্নীৰ হাতত চৰম নিৰ্যাতন ভুগি আত্মহত্যা কৰা অতুল সুভাষে অভাবনীয় সুস্থিৰতাৰে চচিয়েল মেডিয়াত ভিডিঅ’ৰ যোগেদি পত্নীয়ে কৰা নিৰ্যাতনৰ বিষয়ে জনাই গৈছে। সেই ভিডিঅ’ ভাইৰেলো হৈছে। ঘটনাটো তেনেই চুটিকৈ এনে ধৰণৰ- অতুল সুভাষ নামৰ এগৰাকী এ আই ইঞ্জিনিয়াৰে নিকিতা সিংহানীয়া নামৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীক বিয়া পাতিছিল এটা মেট্ৰিমনিয়েল চাইটৰ মাধ্যমত চিনাকি হৈ। দুয়োজনে নিজ মাক-দেউতাকৰ আশা পূৰণ কৰিবৰ বাবেহে বিয়াত বহিছিল। অতুলে নিজে চাইটত একাউণ্ট খুলিছিল আৰু নিকিতাৰ একাউণ্ট তাইৰ মাক-দেউতাকে খুলি দিছিল। ক্ৰমে গুৰুতৰ হৈ অহা দেউতাকৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ দোহাই দি নিকিতাক একপ্ৰকাৰ ব্লেকমেইলিং কৰি মাক-দেউতাকে বিয়াত বহিবলৈ বাধ্য কৰিছিল সেইগৰাকী পাত্ৰৰ লগত যাক নিকিতাই পছন্দ কৰা নাছিল। অতুলে নিকিতাৰ অপছন্দৰ কথা জনা নাছিল যদিও নিজেও সেই সময়ত বিয়াত বহিবলৈ প্ৰস্তুত নাছিল। দুয়োজনে মাক-দেউতাকৰ কথা ৰাখি বিবাহৰ পৰম্পৰা ৰক্ষা কৰিলে। স্বাভাৱিকতে কিছুদিনৰ পাছতেই দুয়োজনৰ মাজত অশান্তিৰ সৃষ্টি হ’ল। অতুলৰ ওপৰত নিকিতাই মানসিক আৰু যৌন নিৰ্যাতন চলালে। লগতে মাক আৰু ভায়েকৰ লগ লাগি ধন দাবী কৰাতো লাগিল। তাৰ মাজতে এটা পুত্ৰ সন্তানৰ জন্ম হ’ল যদিও সমস্যাই এনে ৰূপ ধাৰণ কৰিলে যে নিকিতা পুত্ৰ সন্তানৰ সৈতে মাতৃগৃহলৈ গুচি গৈ আইনৰ ওচৰ চাপিল আৰু অভাবনীয় হাৰত ৰিমুনাৰেছন বিচাৰি অতুললৈ মোক্ষম অস্ত্ৰপাত এৰিলে। উল্লেখযোগ্য যে বিয়াৰ পাছত অতুলৰ সহযোগত তাই প্ৰায় বিছ-বাইছ লাখ দৰমহা পোৱা চাকৰি এটাও যোগাৰ কৰি লৈছিল। ন্যায়িক ব্যৱস্থাত থকা দুৰ্নীতি আৰু পত্নীৰ অত্যাচাৰে অতুল সুভাষক ইমান হতাশ কৰি তুলিলে যে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ’ল।

অৱলা নাৰীৰ ই কি চলনা! যিখন সমাজত পুৰুষো নাৰীৰ হাতত নিৰ্যাতিত হয়, তাকো আকৌ সমাজখনে অৱলা-দুৰ্বলা, লতাৰ দৰে লেহুকাকৈ তিলে তিলে গঢ়ি তোলা একোগৰাকী নাৰীৰ হাতত, সেইখন পুৰুষতান্ত্ৰিক সমাজ হ’ব পাৰে নে? এই ক্ষেত্ৰত নাৰীবাদীসকলৰ অৱস্থান কি? পূৰ্বে এইখন আলোচনীতে প্ৰকাশ পোৱা ‘পুৰুষতন্ত্ৰ আৰু নিৰ্যাতিত পুৰুষৰ যন্ত্ৰণাৰ স্বৰূপ’ নামৰ লেখাটোত এই বিষয়ে কিছু আলোচনা কৰা হৈছিল। অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাটোৰ আলমত আৰু কিছু দিশ আলোচনা কৰিবলৈ প্ৰয়াস কৰা হ’ল।

আজিৰ দিনতো ছোৱালীক বিয়া দি ঘৰৰ পৰা উলিয়াই দিব পাৰিলেই কৰ্তব্যৰ সমাপন ঘটা বুলি ভবা হয়। কন্যা সন্তানৰ জন্মৰ লগে লগে এটা চিন্তাই অভিভাৱকসকলৰ মনত খোপনি পোঁতে— কেনেকৈ জীয়ৰীক বিয়া দিবৰ বাবে এজন উপযুক্ত পাত্ৰ বিচাৰি পোৱা যায়! উপযুক্ত মানে সামৰ্থবান আৰু ধনবান। যাতে জীয়ৰীক মহাসুখত ৰাখিব পাৰে। সুখ মানে ৰাজৰাণীৰ সুখ। চাকৰে-বাকৰে তমস্কাৰ। যদি পাত্ৰৰ স্বভাৱ-চৰিত্ৰ ভাল হয় সেয়া হ’ব ‘উপৰি পাওনা’। তেনে উপযুক্ত বৃক্ষহেন পাত্ৰক আশ্ৰয় কৰি লতা হৈ বগাই যাব পৰাকৈ নাৰীক গঢ়ি তোলা হয়। গঁঢ়োতাই পিছে পাহৰি যায় নাৰীগৰাকীৰ মাজত থকা মনুষ্যৰ লোভ, মোহ, হিংসা-দ্বেষ আদি স্বভাৱিক দোষবোৰৰ কথা। কাজেই লতা ৰূপে গঢ়ি তোলোতে পুৰুষৰ দৰেই মানসিকভাৱে সৱল আৰু চতুৰ নাৰী এগৰাকীৰ মাজত দেখা পোৱা যায় পৰনিৰ্ভৰশীলতা আৰু স্বাৰ্থপৰতাৰ সমাহাৰ। জীয়ৰী শিক্ষিত হ’বই লাগিব, যাতে অৰ্থবান জোঁৱাইৰ ডিঙিত উপযুক্ত মালা এধাৰি হৈ জিলিকি থাকিব পাৰে। পিছে জী যে মালা নহৈ ‘হাৰমাল’ হোৱাৰ সম্ভাৱনাই অধিক সেই কথা পাহৰি যোৱা হয়। আনৰ কেনে অনুভৱ হয় নাজানো, পিছে লতা হৈ বৃক্ষত বগাই যোৱাৰ দৃশ্যটো কল্পনা কৰিলে আমোদজনকভাৱে আমাৰ মনলৈ আহে নাৰীয়ে পুৰুষৰ ডিঙিত ওলমি দিয়া দৃশ্য এটাহে। সামৰ্থবান জীয়ৰী একোগৰাকীক কেৱলমাত্ৰ বিবাহৰ দোহাই দি বৃক্ষৰূপী স্বামীক অৱলম্বন কৰি লতা হৈ বগাবলৈ দিলে সমস্ত বিকৃতিৰে তেওঁ সাধাৰণ লতা নহৈ আকাশীলতা নাইবা ৰঘূমলাৰ ৰূপ ধাৰণ কৰাটো তেনেই স্বাভাৱিক কথা। নিকিতা সিংহানিয়া তাৰ উৎকৃষ্ট উদাহৰণ।

সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল সমাজখনত দেখা যায় যে অভিভাৱকসকলে সুবিধা অনুসৰি প্ৰগতিশীল আৰু পচ্ছাদপদ দুয়োটা পথেই গ্ৰহণ কৰিব বিচাৰে। পচ্ছাদপদতাৰ পথত মানুহে খোজ দিয়ে শাস্ত্ৰ বা পৰম্পৰাৰ দোহাই দি। প্ৰগতিশীলতা আৰু পচ্ছাদপদতাৰ সহাৱস্থান এক অস্বাভাৱিক কাৰবাৰ। গতিকে স্বাভাৱিকতেই সন্তানৰ মাজত বিকৃতিয়ে দেখা দিয়ে। যি বিকৃতি ঘৰুৱা অশান্তি আৰু হিংসাৰ ৰূপত প্ৰকাশ পায়। তাৰ অৰ্থ এইটো নহয় যে পচ্ছাদপদতা আৰু প্ৰগতিশীলতা এই দুয়োটাৰ ভিতৰত যিকোনো এটা পথেৰে খোজ দিলেই সমস্যাৰ ওৰ পৰিব। মানুহ যিহেতু স্বভাৱতেই প্ৰগতিশীল, প্ৰগতিশীলতাৰ পথেই উত্তম পথ বুলি আমি ভাবোঁ।

প্ৰগতিশীলতাৰ পথেৰে গৈ সামৰ্থবান অভিভাৱসকলে ল’ৰা-ছোৱালী উভয়কে শিক্ষিত কৰি তোলাত গুৰুত্ব দিয়ে। (বিষয় বাচনিৰ ক্ষেত্ৰত থকা পৰম্পৰাগত অসমতাক বাদ দি)। কিন্তু পৰম্পৰাগতভাৱে শিক্ষা গ্ৰহণ কৰাৰ পাছত দেখা যায় যে জীয়ৰীৰ পেচাতকৈ বিবাহে অধিক গুৰুত্ব লাভ কৰে। জোঁৱাইৰ অনুমতি অনুসৰি ছোৱালীয়ে চাকৰি কৰিলেও কৰিব পাৰে নকৰিলেও কথা নাই। কৰিলে বেছি ভাল, কাৰণ ধনৰ সোঁতটোৱেই আচল কথা। মাতৃগৃহত থাকোঁতে জীয়ৰীগৰাকীক প্ৰগতিশীলতাৰ পাঠ এনেদৰে দিয়া হয় যে পঢ়ি-শুনি চাকৰি কৰি কেৱল স্বামীগৃহত অৰিহণা যোগালেই নহ’ব মাকৰ ঘৰখনো চাব লাগিব। মুঠতে পিতৃ-মাতৃৰ লগতে পুত্ৰ-সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ধনৰ সোঁত এটা বৈ থকাটো জৰুৰী। স্বামীগৃহৰ লোকসকলেও ভাবে যে বিয়া হৈ আহিল যেতিয়া নাৰীগৰাকী এতিয়া তেওঁলোকৰ সম্পদ। নিজৰ জীয়েকৰ ক্ষেত্ৰত অৱশ্যে কথাটো সুকীয়া। প্ৰগতিশীলতা আৰু পচ্ছাদপদতাৰ এনে অদ্ভুত সমাহাৰত মানুহ বিকৃত মানসিকতাসম্পন্ন হৈ পৰে। নিকিতা সিংহানিয়া আৰু তেওঁৰ মাতৃগৃহৰ লোকসকল এনে বিকৃতিৰে প্ৰতিভু।

এতিয়াও ছোৱালীয়ে টমটম, বাছ, ট্ৰেক্টৰ, ট্ৰেইন, হেলিকপ্তাৰ আদি চলোৱা কথাবোৰে খবৰত আগস্থান পায়। কিছুদিন আগতে আমাৰ ন বছৰীয়া জীয়ৰীৰ সৈতে হোৱা এটা সাধাৰণ অভিজ্ঞতাই মোক অন্য ধৰণে সচেতন কৰি তুলিলে। ৰাস্তাৰে গৈ থাকোঁতে এগৰাকী ছোৱালীয়ে ই-ৰিক্সা এখন চলাই আমাৰ কাষেৰে পাৰ হৈ যোৱা দেখি তাইক ক’লোঁ, “চোৱা বাজনীয়ে টমটম চলাইছে।” তাই ক’লে, “ছোৱালীয়ে টমটম চলাব নোৱাৰে নেকি?” মই বোলোঁ, “পাৰে, কিয় নোৱাৰে। পাৰে কাৰণেইতো তোমাক দেখুৱালোঁ। ” তাই ক’লে, “মইতো জানোয়েই, আমাৰ বুৰী মাহীয়েও দেখোন গাড়ী চলায়।” তাৰ পাছত কি কৈছিলোঁ মোৰ মনত নাই। মোৰ নিজকে তাইৰ ওচৰত অসহায় আৰু বুৰ্বক যেন লাগিল। আচলতে তাইক মই উৎসাহিত কৰিবলৈকে কথাটো কৈছিলোঁ। কিন্তু তাইৰ মাজত সেই উৎসাহ স্বাভাৱিকভাৱেই যে আছে কথাটো সেইসময়ত মোৰ মনলৈ নাহিল। তেনে উৎসাহ আন ল’ৰা-ছোৱালীৰ মাজতো থাকে। আমিহে লাহে লাহে সিহঁতক অদ্ভুতভাৱে লিংগ সচেতন কৰি তোলোঁ। যি লিঙ্গ সচেতনতা জৈৱিক নহয়। পিছে এটা কথা তাইক সেই সময়ত উনুকীয়াই দিয়াৰ সুযোগ নহ’ল যে বুৰী মাহীয়ে গাড়ী চলোৱা আৰু সেই ছোৱালীজনীয়ে টমটম চলোৱাৰ মাজত পাৰ্থক্য আছে। দুয়োটাই আত্মনিৰ্ভৰশীলতাৰ উদাহৰণ যদিও বুৰীমাহীয়ে গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰিব লগা হোৱা নাই। কিন্তু কথাটো সেই পৰিস্থিতিত বুজাই দিব পৰা নগ’ল। এইখিনিলৈকে মধ্যবিত্ত গণ্ডী এটাৰ মাজতে কথাবোৰ আলোচনা কৰি থকা হৈছে। কিয়নো অতুল সুভাষ কাণ্ডটোৱেই সম্পূর্ণ মধ্যবিত্তীয় এক পুৰুষতান্ত্ৰিক কাৰবাৰ।
শ্ৰমিক শ্ৰেণী বা গৰীৱ শ্ৰেণীৰ মাজতো এনে দ্বিচাৰিতা দেখা যায়। উদাহৰণ স্বৰূপে আমি নিজে প্ৰত্যক্ষ কৰা এটা কাহিনী এনেধৰণৰ —পূৰ্বে দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা এগৰাকী নাৰীয়ে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি এগৰাকী কন্যা সন্তানৰ সৈতে মাতৃগৃহত আশ্ৰয় ল’লেহি। ডাঙৰজনী জীক স্বামীগৃহতে এৰি থৈ আহিব লগা হ’ল। কিয়নো তাই স্বইচ্ছাই বৰদেউতাক আৰু বৰমাকৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তাইক বুজাই-বঢ়াই লগত লৈ অনাটো তেওঁৰ পক্ষে সম্ভৱ নহ’ল। সদ্যহতে সেই নাবালিকা কন্যাক পিতৃয়ে এগৰাকী যুৱকৰ সৈতে গাড়ীত উঠাই পলুৱাই পঠালে। মাকে এতিয়া থানালৈ অহা-যোৱা কৰি থাকিব লগা হৈছে। যি কি নহওক বৰ্তমান তেওঁ গৃহকৰ্মী হিচাপে এঘৰত কৰ্মৰত। দৰমহাৰ পইচাৰে নিজেও চলে মাতৃগৃহতো পৰ্যাপ্ত নহ’লেও যৎসামান্য অৰিহণা যোগায়। কিছুদিনৰ আগতে মাকে ঘৰে ঘৰে সাহায্য বিচাৰি ভায়েকৰ মগজুৰ জটিল ৰোগৰ অপাৰেচন কৰাই আনিছে। বচাৰ সুযোগ কমেই আছিল, কিন্তু বাচিল। তাইৰো পেটৰ জটিল অপাৰেচন প্ৰায় একে সময়তে হৈ গৈছে। সেই অপাৰেচন হৈছে তাইৰ নিজা উদ্যোগত আৰু তেওঁ কাম কৰা ঘৰখনৰ গৃহকৰ্ত্ৰীৰ সহযোগত। মাকৰ শুশ্ৰূষাত ভায়েক-বায়েক দুয়ো বৰ্তমান সুস্থ। কিন্তু আচল সমস্যাটো ইয়াতে আৰম্ভ হৈছে। তাই স্বামীগৃহৰ পৰা অহাৰ পাছতে স্বাভাৱিক কাৰণতে ঘৰত সৰু-সুৰা অশান্তি হৈ আছিল। ভায়েকে বিয়া পাতিব লাগে সেয়ে ঘৰুৱা অশান্তিৰ দোহাই দি মাকে-ভায়েকে মিলি তাইক ঘৰৰ পৰা ওলাই যাবলৈ সাতদিনৰ সময় দিলে। তাইক স্বামী গৃহলৈ উভতি যাবলৈয়ো পৰামৰ্শ দিয়া হ’ল। পুৰুষতান্ত্ৰিক সমাজৰ নিয়ম অনুযায়ী মাকে তাইক দিয়া শক্তিশালী যুক্তিটো হ’ল এয়ে যে ভায়েকেহে তেওঁক বৃদ্ধ অৱস্থাত চাব। গতিকে ভায়েকক অসন্তুষ্ট কৰি তাইক তেওঁ ৰাখিব নোৱাৰে। অথচ আমি দেখা পাওঁ যে বৃদ্ধাৱস্থাত পিতৃ-মাতৃয়ে বৃদ্ধাশ্রম বা জীয়ৰীৰ ঘৰত আশ্ৰয় ল’ব লগা হয়। শাস্ত্ৰনিৰ্ভৰ পুৰুষতান্ত্ৰিক চিন্তাৰ ভঁৰাল ওচৰ চুবুৰীয়াবোৰেও তাইক সেই পৰামৰ্শই আগবঢ়ালে। তাই গুদামঘৰ এটাৰ এভাগ ভাড়া লৈ দুদিনৰ ভিতৰতে গুচি আহিব লগা হ’ল। উল্লেখযোগ্য যে তাইৰ মাতৃয়েও স্বামীৰ নিৰ্যাতনতে স্বামীগৃহ এৰি আহিছিল নিজৰ দুটি পুত্ৰ সন্তান আৰু একমাত্ৰ কন্যা সন্তানক লগত লৈ। এটুকুৰা মাটি কিনি ঘৰো সাজিলে। তথাপি তেওঁ নিজ অভিজ্ঞতাৰে জীয়ৰীৰ দুখ বুজিবলৈ অপাৰগ হ’ল বা পুত্ৰই দিব বুলি ভবা আশ্ৰয়ৰ বিনিময়ত পুত্ৰৰ পক্ষ ল’বলৈ বাধ্য হ’ল।

কি অদ্ভুত বিভ্ৰান্তিৰে ভৰা এই পুৰুষতন্ত্র! য’ত নাৰী-পুৰুষ উভয়ে শোষিত-লাঞ্চিত হয়! এখন সুস্থ সমাজ গঢ়ি তুলিবলৈকে পুৰুষতন্ত্রক উৎখাত কৰাটো জৰুৰী নহয়নে? পিছে পুৰুষতন্ত্ৰক উৎখাত কৰাৰ প্ৰশ্নটোতে যে বান্ধখাই আছে আন এক তন্ত্ৰৰ নাম। সেয়ে বহুতৰে ভয় পুৰুষতন্ত্রৰ সৈতে যদি ধনৰ পাহাৰখনো খহি পৰে! পুৰুষতন্ত্ৰই দিয়া বিশেষ কিছু সুবিধা আদায়ৰ পথ ৰুদ্ধ হোৱাৰ আশংকাত ৰজাই-প্ৰজাই একাকাৰ হৈ সেয়ে পুৰুষতন্ত্ৰৰ পতাকাখন উৰি থাকিবলৈ দিয়াত আগ্ৰহী।

Leave a Reply

Your email address will not be published. Required fields are marked *