জাতি-বৰ্ণ ব্যৱস্থাৰ অৰ্থনীতি সংক্ৰান্তীয় কিছু আলোচনা ।। মূল: কাজল হালদাৰ, অনুবাদ: গৌতম গোস্বামী
(অনুবাদকৰ টোকাঃ মই ব্যক্তিগতভাৱে চাহ-বাগিচা অঞ্চলৰ সৈতে জড়িত। এই লেখাটো পঢ়াৰ সময়ত মূৰ্ত হৈ উঠিছিল কেনেদৰে ‘চাহ-জনজাতি’ৰ সৃষ্টি হ’ল, তথা কিয় এতিয়াও তেওঁলোকৰ মাজৰ পৰা বাগিচাৰ পৰিচালক প্ৰায় শূন্য। মূলতঃ এক পুঁজিবাদী উৎপাদন ব্যৱস্থা হ’লেও, বাগিচাত সামন্তীয় ধ্যানধাৰণা আৰু গোষ্ঠীগত অৱদমনৰ যি অৱস্থা তাক এই লেখাটোৱে ব্যাখ্যা কৰিব পাৰিছে। অমাৰ সমাজখনত বৰ্তি থকা অন্যান্য বৰ্ণবাদী তথা জাতিগত অৱদমন আৰু সেইবোৰৰ পৰা মুক্তিৰ পথ এই লেখাটোৱে আগবঢ়াবলৈ সক্ষম হৈছে যেন বোধ হয়।)
এই লেখাৰ উদ্দেশ্য হ’ল জাতি-বৰ্ণবাদ বিনাশৰ আন্দোলনৰ বিভিন্ন স্তৰ সমন্ধে এক সামূহিক সিদ্ধান্তত উপনীত হোৱা আৰু মাৰ্ক্সবাদী চৰ্চা আৰু বিতৰ্কক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে কিছু প্ৰাথমিক ব্যক্তিগত মতামত দাঙি ধৰা। এই লেখাৰ এটা বিষয় হ’ল – ইতিহাসৰ বস্তুবাদী বিশ্লেষণৰ মাৰ্ক্সীয় পদ্ধতিত ভাৰতৰ জাতি-বৰ্ণ ব্যৱস্থা সম্পৰ্কে চৰ্চা কৰা আৰু সেইবোৰৰ পৰা জাতি-বিনাশৰ বাবে কি ধৰণৰ সামাজিক-ৰাজনৈতিক প্ৰকল্প তৈয়াৰ হয়, সেয়া বুজাৰ প্ৰয়াস কৰা। দ্বিতীয় বিষয় হ’ল– ভাৰতৰ জাতি-ব্যৱস্থাক প্ৰধানকৈ সামন্তীয় উৎপাদন ব্যৱস্থাৰ ‘অৱশেষ’ হিচাপে চোৱা হ’বনে, যি প্ৰকৃত পুঁজিবাদী বিকাশৰ লগে লগে অৰ্থনৈতিক আৰু উৎপাদন সম্পৰ্কৰ পৰা নিজেই লোপ পাব? নে, পুঁজিবাদী অৰ্থনীতিৰ ভিতৰতো ই নিজস্ব স্থান নিৰূপণ কৰি ল’ব পাৰিব, অঙ্গীভূত হৈ থাকি যাব পাৰিব জাতি-বৰ্ণ ব্যৱস্থা।
(১)
ভাৰতৰ সাম্যবাদী আন্দোলনত জাতি-বৰ্ণ ব্যৱস্থাটোক দীৰ্ঘসময় ধৰি ‘উপৰিকাঠামো’ হিচাপে গণ্য কৰি অহা হৈছিল। অৰ্থাৎ ই ‘অৰ্থনৈতিক ভিত্তি’ৰ অংশ নহয়— এনে দৰেই গণ্য কৰা হৈছে। ভিত্তি-উপৰিকাঠামো সংক্ৰান্তত মাৰ্ক্সবাদী তত্ত্ব অতি যান্ত্ৰিকভাৱে কমিউনিষ্ট আন্দোলনৰ বিভিন্ন স্তৰত যথেষ্ট শক্তিশালীভাৱে কাৰ্যকৰী আছিল বা এতিয়াও আছে। মোটামুটিভাৱে মানি লোৱা হয় যে ইতিহাসৰ গতিপথ নিৰ্ধাৰণৰ বাস্তৱ বা নিৰ্ণায়ক কাৰক হ’ল ‘ভেটি’ আৰু ‘উপৰিকাঠামো’ মূলতঃ ভেটিৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেয়েহে জাতি-বৰ্ণ ব্যৱস্থা যদি ‘উপৰিকাঠামো’ হয়, তেন্তে জাতি-বৰ্ণ ব্যৱস্থাক ধ্বংস কৰিবলৈ হ’লে, জাতি-বৰ্ণ ব্যৱস্থা যি সামন্তীয় অৰ্থনৈতিক ব্যৱস্থাৰ ভিত্তিত উৎপন্ন— সেই ব্যৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ এটা বৃহৎ পৰ্যায়ত এই ধাৰণাটোৱেই প্ৰাধান্য পাইছিল (আৰু এতিয়াও কিছু পৰিমাণে প্ৰাধান্য পায়)। তাৎপৰ্যপূৰ্ণভাৱে ভিত্তি-উপৰিকাঠামো সংক্ৰান্তীয় তাত্ত্বিক ধাৰণাটোৰ যান্ত্ৰিক ব্যাখ্যাই জাতি-বৰ্ণ বিৰোধী সংগ্ৰামখনকে প্ৰভাৱিত বা জটিল কৰি তোলাই নহয়, ‘পিতৃতন্ত্ৰ’ বিৰোধী সংগ্ৰামখনতো কমিউনিষ্টসকলৰ ভূমিকাৰ ক্ষেত্ৰত তাত্ত্বিক আৰু কাৰ্যশৈলীগত সীমাবদ্ধতাৰ সৃষ্টি কৰিছিল।
ভাৰতীয় উপমহাদেশীয় সমাজত বিদ্যমান জাতি-বৰ্ণ ব্যৱস্থাৰ সৈতে সাধাৰণতে সামাজিক-গোষ্ঠী/সম্প্ৰদায় বুলিলে যি বুজা হয় তাৰ সৈতে সাদৃশ্য আৰু বৈসাদৃশ্যৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰাটো জৰুৰী। জাতি(cast) একে সময়তে এটা সামাজিক গোষ্ঠী, যি অন্যান্য জনগোষ্ঠী বা সম্প্ৰদায়ৰ দৰেই একে ধৰণৰ সামাজিক ৰীতি-নীতি, পৰম্পৰা, বিশ্বাস-অনুশাসন-অনুষ্ঠান অনুসৰণ কৰে। জাতিৰ ভিতৰত স্ব-জাতিৰ মাজতহে বিবাহ চলি থকাৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সেই ৰীতি-নীতিবোৰৰ ধাৰক আৰু বাহক এই সমাজ। আধুনিক যুগত কিছু পৰিমাণে আন্তঃজাতিগত বিবাহ হ’লেও, যিহেতু পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে পুৰুষৰ ওপৰতেই বংশৰ ধাৰাবাহিকতা ৰক্ষা, জাতিগত পৰিচয়, ৰীতি-নীতি আৰু সম্পত্তিৰ বণ্টন মূলতঃ নিৰ্ভৰশীল, গতিকে দুই-এটা আন্তঃজাতীয় বিবাহে, জাতি-বৰ্ণ ব্যৱস্থাটো ভাঙি পেলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পৰা নাই। আনহাতে জাতি হৈছে সেই সামাজিক সম্পৰ্ক, যাৰ জৰিয়তে ভাৰতীয় সমাজত প্ৰাচীন কালৰে পৰা এক দীঘলীয়া সময়ৰ বাবে উদ্বৃত্ত উৎপাদন, বণ্টন আৰু আত্মসাতৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। কোনো এটা জাতিৰ জন্মসূত্ৰে নিৰ্ধাৰিত বিশেষ বৃত্তি যি অনুক্ৰমিক বিন্যাসত (hierarchically arranged), বংশগতভাৱে পালনৰ জৰিয়তেই ভাৰতৰ সমাজত সামাজিক শ্ৰম বিভাজনৰ প্ৰয়োজনীয়তা গঢ় লৈ উঠিছিল। অৰ্থাৎ ইতিহাসৰ দীঘলীয়া সময় এছোৱাত শ্ৰম বিভাজন আৰু শ্ৰেণী সম্পৰ্ক বিভিন্ন জাতিৰ সমষ্টি সমাহাৰ হিচাপে সমাজ মূৰ্ত হৈ উঠিছিল। অৰ্থাৎ ঐতিহাসিকভাৱে জাতি আছিল শ্ৰেণীৰ মূৰ্ত ৰূপ।
আৰ্থ-সামাজিক পৰিৱৰ্তন যি পৰিমাণত ঘটিছে, সমাজত প্ৰযুক্তিৰ উন্নতি ঘটিছে, পুৰণি বিভিন্ন ধৰণৰ শ্ৰমৰ প্ৰক্ৰিয়াৰ বিলুপ্তি বা ৰূপৰ পৰিৱৰ্তন হৈছে– সেই পৰিমাণেই পুৰণি জাতি ব্যৱস্থাটোৰো ভাঙোন আৰম্ভ হৈছে। ঔপনিৱেশিক যুগতেই অৰ্থনৈতিক পৰিৱৰ্তনৰ সৈতেই এই প্ৰক্ৰিয়া ত্বৰান্বিত হৈ, স্বৰাজোত্তৰ কালতো এই প্ৰক্ৰিয়া অব্যাহত আছে। এই সকলোবোৰ মিলি আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতি আজিৰ ভাৰতত জাতি-বৰ্ণ ব্যৱস্থাই শ্ৰেণী সম্পৰ্কৰ মূৰ্ত ৰূপ বুলিব নোৱাৰি। এফালেদি যেনে দৰে বিভিন্ন জাতিভিত্তিক বহুতো বৃত্তি বিলুপ্ত হৈ গৈছে, তেনে দৰেই সেই জাতি-বৰ্ণৰ বহু ব্যক্তি আৰু সেই বৃত্তিৰ সৈতে জড়িত নহয়, আন কোনো বৃত্তিৰে জীৱিকা নিৰ্বাহ কৰিছে। আনহাতে একে সময়তে এই কথাও সত্য যে, শ্ৰমজীৱী জনগণৰ মাজত তুলনামূলকভাৱে, যিবোৰ কামত কম পাৰিশ্ৰমিক, শাৰীৰিকভাৱে অধিক পৰিশ্ৰমী, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বা সামাজিকভাৱে অপমানজনক কাম, সেইসমূহ মূলতঃ দলিত-নিম্ন জাতি, জনজাতীয় বা মুছলমানসকল নিয়োজিত, আনহাতে, উচ্চ পদবী বা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মালিকীস্বত্ব আৰু ভোগদখলৰ অধিকাৰ ক্ষেত্ৰখনত বৰ্ণহিন্দুৰ আধিপত্য। অৰ্থাৎ জাতি আৰু শ্ৰেণীৰ মাজৰ আন্তঃসম্পৰ্ক আজিও যথেষ্ট গভীৰ। আৰু এই প্ৰশ্নটো কেৱল আৰ্থ-সামাজিক বৈষম্যৰ প্ৰশ্নই নহয়— ইয়াক ৰাজনৈতিক ক্ষমতাৰ দৃষ্টিকোণৰ পৰা চালেও দেখা যায়— ভাৰতৰ সশস্ত্ৰ বাহিনী, ন্যায়পালিকা বা আমোলাতন্ত্ৰ বা সংবাদ মাধ্যম, গৱেষণা প্ৰতিষ্ঠান, চৰকাৰী বা বেচৰকাৰী প্ৰতিস্থানসমূহৰ কৰ্ণধাৰ, উচ্চপদবী সমূহত বৰ্ণহিন্দু সকলৰ একাধিপত্য মাৰাত্মকভাৱে বেছি। ইয়াৰ সমান্তৰালকৈ যদি ভাৰতীয় সমাজত ব্ৰাহ্মণ্যবাদী মতাদৰ্শৰ শক্তি আৰু সামাজিক আৰু ৰাজনৈতিক প্ৰতিষ্ঠানসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰা হয়, তেন্তে দেখা যাব যে ‘ভিত্তি’ আৰু ‘উপৰিকাঠামো’ দুয়োটাতেই ভাৰতীয় সমাজত জাতি-বৰ্ণ ব্যৱস্থা আৰু শ্ৰেণী-সম্পৰ্ক দুয়োটাই যথেষ্ট প্ৰভাৱশালীভাৱে অৱস্থান কৰিছে।
ভূমি বিতৰণৰ বাবে কৰা আন্দোলন (বা চৰণীয়া পথাৰ বা জলসম্পদ ব্যৱহাৰৰ অধিকাৰৰ বাবে আন্দোলন) জাতি-বৰ্ণবাদৰ বিনাশৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিন্তু এই জাতি-বৰ্ণবাদ ধ্বংসৰ আন্দোলনগত ৰণনীতিক কেৱল ভূমি দখলৰ আন্দোলনতেই সীমাবদ্ধ ৰাখিলে সমস্যাজনক হ’ব। জাতি-বৰ্ণবাদ ধ্বংসৰ বাবে সমাজৰ সকলো স্তৰতে ব্ৰাহ্মণ্যবাদী মতাদৰ্শৰ বিৰুদ্ধে ব্যাপক সামাজিক-সাংস্কৃতিক-মতাদৰ্শগত সংগ্ৰাম গঢ়ি তুলিব লাগিব, নিপীড়িত জাতি-বৰ্ণসমূহৰ ন্যায়সঙ্গত ৰাজনৈতিক অধিকাৰৰ (যেনে, গণতান্ত্ৰিক প্ৰতিষ্ঠান সমূহত প্ৰতিনিধিত্ব আৰু সংৰক্ষণৰ প্ৰশ্ন) বাবে, সামাজিক সমতাৰ বাবে, সকলো ধৰণৰ দমন-অত্যাচাৰ-বৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাটো অতি জৰুৰী। সেয়েহে এই সংগ্ৰামসমূহ গঢ়ি তুলিবলৈ সমাজৰ এনে অংশক সংগঠিত কৰা প্ৰয়োজন হ’ব, যাৰ বহুতেই প্ৰকৃততে পুঁজিবাদ-সাম্ৰাজ্যবাদ বিৰোধী নহয়। প্ৰগতিশীল আৰু বাওঁপন্থী আন্দোলনৰ ফালৰ পৰা এক দীৰ্ঘকালীন সংগ্ৰাম গঢ়ি তোলা আৰু এই সংগ্ৰামৰ সপক্ষে সমাজৰ বৃহত্তৰ অংশক একত্ৰিত কৰা প্ৰয়োজন, আনহাতে নিপীড়িত আৰু অৱমাননাৰ যি দিশ সমূহ তৎকালীন আন্দোলনৰ জৰিয়তে আংশিকভাৱে হ’লেও মীমাংসা কৰা সম্ভৱ, সেইসমূহৰ বাবে আমি আন্দোলন গঢ়ি তোলাৰ চেষ্টা কৰিবই লাগিব। সামন্তবাদ বিৰোধী বা পুঁজিবাদ-সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰাম আগবাঢ়িলে জাতি-বৰ্ণজনিত সমস্যাটো নিজেই সমাধান হ’ব— এই মানসিকতাৰ পৰা মুক্ত হোৱাটো প্ৰয়োজনীয়।
জাতি-বৰ্ণ ব্যৱস্থাৰ আনুক্ৰমিক বৈষম্য (graded inequality)ৰ বাবে প্ৰতিটো অৱদমিত জাতিৰ নিকটতম আন অৱদমিত জাতিৰ সৈতে প্ৰতিযোগিতা আৰু সহযোগিতাৰ এক জটিল সম্পৰ্ক বিদ্যমান; বস্তুগত স্বাৰ্থৰ লগতে সামাজিক সম্পৰ্কৰ বাবেই এই সংঘাত। এই জাতি-বৰ্ণসমূহৰ মাজত আকৌ বহুতো উপজাতি তথা বৰ্ণ, জনগোষ্ঠী আছে। সকলো অৱদমিত জাতি তথা জনগোষ্ঠীসমূহক কেৱল মাত্ৰ ‘এক জাতি হিচাপে’ দীৰ্ঘ সময় ধৰি পৰস্পৰৰ নিকটৱৰ্তী কৰি ঐক্য বজাই ৰখাটো প্ৰায় অসম্ভৱ। নিপীড়িত জাতি-জনগোষ্ঠীৰ মাজত একতাৰ ভাব সৃষ্টি কৰিবলৈ হ’লে জাতি-জনগোষ্ঠী হিচাপে বঞ্চনাৰ প্ৰশ্নৰ উপৰিও সকলো নিপীড়িত জাতি-জনগোষ্ঠীৰ লগতে সকলো শোষিত-নিপীড়িত মানুহৰ অৰ্থনৈতিক-সামাজিক-ৰাজনৈতিক প্ৰশ্নসমূহো শক্তিশালীভাৱে উত্থাপন কৰাটো প্ৰয়োজনীয়। সকলোৰে বাবে শিক্ষা বা স্বাস্থ্যৰ দাবী, অৰ্থনৈতিক বৈষম্যৰ বিৰুদ্ধে, গণতন্ত্ৰৰ দাবী বা শ্ৰেণী শোষণৰ প্ৰশ্ন উত্থাপন কৰাটোৱে নিপীড়িত জনগোষ্ঠী সমূহক সংগঠিত কৰি আন্দোলনৰ ক্ষেত্ৰখনৰ ওচৰ চপাই অনাত সহায়ক হ’ব পাৰে, একে সময়তে শাসকশ্ৰেণীৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰাত অৱদমিত জাতি-জনগোষ্ঠীৰ অংশটোক বিচ্ছিন্ন কৰাত সহায় হ’ব পাৰে।
(২)
জাতি-বৰ্ণবাদী ব্যৱস্থাটো সামন্তবাদৰ (বা আন কোনো প্ৰাক-পুঁজিবাদী ব্যৱস্থাৰ) অৱশিষ্ট থাকি যোৱাৰ বাবে বিদ্যমান নেকি? যদি কেৱল সেই কাৰণেই, তেন্তে সামন্তবাদ যেতিয়া অৰ্থনৈতিক ব্যৱস্থাৰ পৰা দুৰ্বল বা নোহোৱা হৈ যায়, তেতিয়া জাতিব্যৱস্থাৰো অৰ্থনীতিৰ পৰা দুৰ্বল বা বিলুপ্ত হোৱা উচিত। পুঁজিবাদী উৎপাদন-বিতৰণ-পুনৰউৎপাদন ব্যৱস্থা কি জাতি-বৰ্ণ ব্যৱস্থাৰ প্ৰতি উদাসীন, নে কোনো ব্যক্তি বা সম্প্ৰদায়ৰ জাতিগত পৰিচয়ৰ বাবে সেই জাতি বা ব্যক্তিয়ে পুঁজিবাদী ব্যৱস্থাত পোৱা নিজস্ব স্থানৰ সৈতে কোনো সম্পৰ্ক আছে— পুঁজিবাদৰ বাস্তৱসন্মত প্ৰয়োজনৰ বাবেই পুঁজিৰ বিকৃতি, অসম্পূৰ্ণ বিকাশ বা সামন্তবাদৰ অৱশিষ্টৰ বাবে নহয়? প্ৰশ্নটো আৰু অধিক সৰলীকৰণ কৰি ক’ব পাৰি- সমান ‘যোগ্যতা’ৰ এজনক তেওঁৰ জাতিগত পৰিচয়ে, পুঁজিবাদী ব্যৱস্থাত শ্ৰম বা ব্যৱসায় কৰাৰ ক্ষেত্ৰত কোনো বিশেষ সুবিধা আনি দিয়ে নেকি? ‘যোগ্যতা’ অৰ্জনৰ বাবে সমান অৰ্থনৈতিক অৱস্থানৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বাবে বেলেগ বেলেগ ঢাপ পাৰ হ’ব লগা হয় নেকি? কেৱল ব্যক্তিৰ, আন ব্যক্তিৰ প্ৰতি পক্ষপাতিত্বমূলক ব্যৱহাৰৰ বাবেই এইটো এটা সমস্যা নেকি, নে পুঁজিবাদী অৰ্থনীতিৰ কাম-কাজৰ ধৰণত এনেকুৱা কিবা এটা আছে, যে ব্যক্তিৰ পক্ষপাতিত্বৰ প্ৰৱণতা যিয়েই নহওক কিয়, সামাজিকভাৱে নিপীড়িত সম্প্ৰদায়সমূহ অৰ্থনৈতিক শোষণ-দমনৰ বলি হ’বই লাগিব? পুঁজিবাদে জাতি-বৰ্ণবাদী ব্যৱস্থাটোক নৱৰূপ দি অৰ্থনৈতিক ব্যৱস্থাটোত জীয়াই ৰাখে নেকি বা বহু ক্ষেত্ৰত পুনৰুজ্জীৱিত কৰাত সহায় কৰিব পাৰে নেকি? ইয়াত এটা কথা মনত ৰখাটো জৰুৰী যে আমি ইয়াত অৰ্থনীতিৰ ওপৰত জাতি-বৰ্ণবাদী ব্যৱস্থাৰ প্ৰভাৱৰ বিষয়েহে আলোচনা কৰিছোঁ, অৰ্থনৈতিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ থাকিলেও বা নাথাকিলেও কিন্তু ইয়াৰ প্ৰভাৱ সাংস্কৃতিক-ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱশালীভাৱে থাকিব পাৰে, যদিও ইয়াত আমাৰ আলোচনাটো কেৱল অৰ্থনীতিক লৈয়েই সীমাবদ্ধ ৰখা হৈছে। লগতে আমাৰ এই আলোচনাত, আলোচনাৰ বিষয় এইটো নহয় যে সামন্তব্যৱস্থা কি পৰিমাণত জীয়াই আছে, আমাৰ প্ৰশ্ন হ’ল— অৰ্থনীতিত জাতি-বৰ্ণবাদী ব্যৱস্থাটো কেৱল সামন্তীয় ব্যৱস্থাৰ বাবেই জীয়াই আছে নে পুঁজিবাদো ইয়াৰ জীয়াই থকাৰ কাৰণ হ’ব পাৰে?
পুঁজিৰ পৰিচালনাৰ স্বাৰ্থত সামাজিক বিভাজন আৰু সামাজিক বৈষম্যৰ সম্পৰ্ক কি সেই বিষয়ে আলোচনা কৰা হওক— নব্য ধ্ৰুপদী অৰ্থনীতিৰ পৰিকাঠামোৰ ভিতৰতেই। পুঁজিবাদে এজন ব্যক্তিৰ সামাজিক পৰিচয়ক গুৰুত্ব নিদিয়ে, পুঁজিবাদী অৰ্থনীতিত এই দুটা সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যথা— ‘তথ্যৰ অবিৰত আৰু ব্যয়হীন প্ৰবাহ’ (ceaseless and costless flow of information) আৰু ‘ব্যক্তিৰ বিশেষত্বৰ গুৰুত্বহীন বজাৰ ব্যৱস্থা’ (de-personalised factor market)। ধাৰণা কৰা হৈছিল যে – সামন্তীয় ব্যৱস্থাই যেনেদৰে জনসাধাৰণৰ সামাজিক অৱস্থানৰ ওপৰত ভিত্তি কৰি উদ্বৃত্তৰ শোষণ কৰে, ‘পুঁজি’ৰ গতিবিধিৰ ধৰণ বেলেগ। ‘পুঁজি’য়ে ব্যক্তিৰ পৰা উদ্বৃত্ত আহৰণ কৰে, যাৰ সামাজিক-পৰিচয় পুঁজিৰ বাবে গুৰুত্বপূৰ্ণ নহয়। সেয়েহে ধাৰণা কৰি লোৱা হৈছিল যে পুঁজিবাদী অৰ্থনীতিত কোনো বিশেষ সামাজিক গোষ্ঠীৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ কোনো প্ৰৱণতা নাই যদিও ব্যক্তি হিচাপে মালিক/পৰিচালক/শ্ৰমিকে অৱশ্যেই বেলেগ ধৰণে আচৰণ কৰিব পাৰে আৰু তেওঁলোকৰ সামাজিক পৰিচয়ৰ ভিত্তিত আনৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিব পাৰে। অৰ্থনৈতিকভাৱে প্ৰতিপন্ন কৰা হৈছিলে যে এনে বৈষম্যমূলক আচৰণে প্ৰকৃততে মালিকৰ ক্ষতি সাধন কৰে, অৰ্থাৎ বৈষম্যমূলক আচৰণ নকৰা মালিক অৰ্থনৈতিকভাৱে অধিক লাভবান হয়।
আমেৰিকাত মহিলাৰ শ্ৰম আৰু কৃষ্ণাংগ লোকৰ বিৰুদ্ধে বৈষম্য সম্পৰ্কিত চৰ্চাই এই বিষয়ে অধ্যয়নৰ বহু নতুন ক্ষেত্ৰ মুকলি কৰে। দেখা গ’ল যে “তথ্যৰ নিৰৱচ্ছিন্ন আৰু ব্যয়হীন প্ৰবাহ” বাস্তৱত নঘটে।
যিহেতু একো-একোজন পদপ্ৰাৰ্থীৰ যোগ্যতা ব্যক্তিগতভাবে সঠিকভাৱে নিৰ্ণয় কৰাটো যথেষ্ট কঠিন, সেয়েহে বহু সময়ত এটা সম্প্ৰদায়ৰ মানুহৰ সামাজিক গড় অৰ্হতাক ব্যক্তিগত প্ৰাৰ্থীৰ অৰ্হতা বুলি ধৰি লোৱা হয় আৰু সেয়েহে, যিবোৰ সম্প্ৰদায় ঐতিহাসিকভাৱে নিপীড়িত (যেনে মহিলা, কৃষ্ণাংগ, বা নিপীড়িত জাতিৰ লোক) হৈছে, ফলস্বৰূপে. সেই সম্প্ৰদায়সমূহৰ গড় দক্ষতা বজাৰৰ মানদণ্ডত কম হয়৷ নিয়োগকৰ্তাসকলে তেওঁলোকক সম্ভাৱ্য কম উৎপাদনশীল শ্ৰমিক বুলি গণ্য কৰে আৰু নিযুক্তি নিদিয়ে বা কম পাৰিশ্ৰমিক দিয়ে। ফলত এই সম্প্ৰদায়সমূহৰপৰা অহা লোকসকলৰ বাবে প্ৰচেষ্টাৰ সুফল (return to unit efforts towards improvement) গড় অনুপাততকৈ কম হয় যিয়ে নিম্ন কৰ্ম-দক্ষতা (low-performance trap)ৰ প্ৰৱণতাৰ সৃষ্টি কৰে। এই প্ৰৱণতাক বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ এফালে দেখুওৱা হয় যে বৈষম্যমূলক আচৰণৰ বাবে মালিকসকলৰ বাধ্যতামূলকভাৱে বৈষম্যমূলক মানসিকতাৰ হোৱাটো জৰুৰী নহয় আৰু বৈষম্যমূলক ব্যৱহাৰ কৰিলে মালিকসহ অৰ্থনৈতিকভাবে সদায় লোকচানৰে সন্মুখীন হ’ব৷ সেয়া বাধ্যতামূলক নহয়, বৈষম্যমূলক ব্যৱহাৰে অৰ্থনৈতিক লাভৰো সৃষ্টি কৰিব পাৰে। আনহাতে, ই ব্যাখ্যা আগবঢ়ায় যে কি কাৰণে বহু ক্ষেত্ৰত সামাজিকভাৱে বঞ্চিত লোকসকলে একেখন বিদ্যালয়তে পঢ়াই হওক, মহাবিদ্যালয়ত পঢ়াই হওক বা কোনো কাৰ্যালয়/প্ৰতিষ্ঠানত একে লগে কৰ্মৰত হ’লেও, বিভিন্ন ক্ষেত্ৰত যি সকল অৱদমিত তেওলোকৰ, শিক্ষা বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অগ্ৰগতি লাভৰ বাবে ‘আগ্ৰহ/প্ৰয়াস/পদক্ষেপ’ কম যেন অনুভৱ হয়।
ইয়াত এইটোও উল্লেখ কৰাটো প্ৰয়োজনীয় যে, শ্ৰমৰ বজাৰৰ স্বৰূপ আপাতত ব্যক্তিৰ সামাজিক পৰিচয়ৰহিত যদিও, এজন ব্যক্তিয়ে কি ধৰণৰ বৃত্তিত লিপ্ত হ’ব সেইটো নিৰ্ণয় কৰাত সামাজিক পুঁজিয়ে (প্ৰতিষ্ঠানিক, সাংগঠনিক, সাংস্কৃতিক ইত্যাদি) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। “তথ্যৰ বৈষম্য” (information asymmetry)ৰ বাবে সকলো ধৰণৰ বিশ্বাসৰ নেটৱৰ্কে শ্ৰম আৰু পণ্যৰ বজাৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে আৰু এই উপাদানৰ বাবেই ভাৰতৰ দৰে দেশত, য’ত ৯০ শতাংশতকৈ অধিক লোকে অসংগঠিত খণ্ডত কাম কৰে, সেই অৰ্থনীতিত জাতি আৰু সম্প্ৰদায়বোৰ গেঠেলা মাৰে। সংগঠিত খণ্ডৰ ব্যক্তিগত খণ্ডতো এই উপাদানটি শক্তিশালীভাৱে ক্ৰীড়াৰত, কিয়নো ইয়াতো নিযুক্তি হয় বিভিন্ন নেটৱৰ্কৰ জৰিয়তে। শ্ৰমিক নিযুক্তি, কেঁচামাল ক্ৰয়ৰ নেটৱৰ্ক, উৎপাদিত সামগ্ৰী বিক্ৰীৰ নেটৱৰ্ক, সেৱা প্ৰদান আৰু সেৱা গ্ৰহণৰ নেটৱৰ্ক বহুলাংশে অসংগঠিত আৰু সেইবোৰৰ উপাদান সমূহৰ বজাৰ (অৰ্থাৎ ভূমি, শ্ৰমিক, কেঁচামাল, প্ৰযুক্তি, বিত্তীয় মূলধন ব্যৱস্থাপনাৰ দক্ষতা ইত্যাদিৰ বজাৰ) যথেস্ত পৰিমাণে ব্যক্তিপৰিচয়গত তথা বিশ্বাসৰ বা পূৰ্বপৰিচিতিৰ নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল। এনেক্ষেত্ৰত জাতি, ধৰ্ম, লিংগ, সম্প্ৰদায় আদি সকলো বিষয় অৰ্থনৈতিক কাম-কাজৰ মাধ্যমেৰে ক্ৰিয়াশীল হ’বলৈ আৰম্ভ কৰে আৰু অৰ্থনীতিত যথেষ্ট পৰিমাণে ছাপ ৰাখি যায়। পুঁজিপতি আৰু নিয়োগকৰ্তা সকলৰ ক্ষেত্ৰত কোনো এক সম্প্ৰদায়ৰ নিৰ্দিষ্ট সামাজিক প্ৰক্ৰিয়াৰ জৰিয়তে তৈয়াৰ হোৱা বিশেষ ধৰণৰ দক্ষতাক কামত লগালে, অৰ্থাৎ পূৰ্বৰে পৰা বিদ্যমান সামাজিক বিভাজনৰ বিপৰীতে নগৈ সেই বিভাজনক ব্যৱহাৰ কৰিলে, বেছিভাগ ক্ষেত্ৰতেই পুঁজিপতিসকলৰ অধিক লাভ হয়। ইয়াৰ কাৰণ হ’ল এখন বিভাজিত শ্ৰম বজাৰে শ্ৰমিকৰ গতিশীলতাক বাধা দিয়ে (segmented labour market restricts labour mobility) আৰু কিছুমান সম্প্ৰদায়ৰ ক্ষেত্ৰত কম মজুৰি বজাই ৰখাত সহায় কৰে আৰু সেইবাবেই জাতি (race), লিংগ, জাতপাত (cast), ধৰ্ম আদিৰ প্ৰশ্নত শক্তিশালী সামাজিক-বিভাজনৰ উপস্থিতি আৰু অৰ্থনীতিত তাৰ প্ৰভাৱ পুঁজিবাদৰ অসম্পূৰ্ণ বা পিছপৰা বা বিকৃত বিকাশৰ বাবে নহয়, বৰং বিপৰীতভাৱে, পৌৰাণিক পৰম্পৰাৰ ধাৰাবাহিকতাত পুঁজিবাদৰ নিৰ্দিষ্ট বিকাশৰ বাবেই। এজন ব্যক্তিৰ সামাজিক পৰিচয়ৰ লগত বিমূৰ্ত পুঁজিৰ কোনো সম্পৰ্ক নাই, কিন্তু বাস্তৱত বিদ্যমান পুঁজিবাদত এজন ব্যক্তিৰ সামাজিক পৰিচয়ৰ ক্ষেত্ৰত বহুখিনি প্ৰাসংগিকতা আছে। বাস্তৱত বিদ্যমান পুঁজিবাদত তলত দিয়া প্ৰৱণতাসমূহ পৰিলক্ষিত হয়—
ক) পুঁজিয়ে ইয়াৰ সঞ্চয়ৰ স্বাৰ্থতেই সামাজিক-বৈষম্যক অৰ্থনৈতিকভাৱে শোষণৰ আহিলা কৰে। যেনে— একেটা কামৰ বাবে এগৰাকী মহিলা শ্ৰমিকক পুৰুষ শ্ৰমিকতকৈ কম মজুৰি দিয়া বা বিদেশী শ্ৰমিকক তুলনামূলকভাৱে কম মজুৰি দিয়া।
খ) কোনো বিশেষ সামাজিক গোটৰ জনসাধাৰণৰ এক বৃহৎ অংশক শ্ৰম বজাৰ আৰু অন্যান্য উপাদানৰ বজাৰত, বিভিন্ন স্তৰ আৰু খণ্ডৰ এটা বিশেষ স্থানত আবদ্ধ কৰি ৰখা আৰু তাৰ ববে সমগ্ৰ সম্প্ৰদায়টোকে বিদ্যমান সামাজিক পৰিকাঠামো (social structure of accumulation)ৰ মাধ্যমেৰে শোষণ কৰা। এনে প্ৰক্ৰিয়াৰ মাজেদিয়েই এনে সামাজিক-গোটে অধিক গেঠেলা মাৰে। এই প্ৰক্ৰিয়াত সাধাৰণতে ঐতিহাসিকভাৱে বিদ্যমান দক্ষতা আৰু সামাজিক-পুঁজিক ব্যৱহাৰ কৰা হয় আৰু এনে দৰেই সেইবোৰৰ পুনৰ উৎপাদন কৰা হয় যাতে মুনাফা অধিক কৰিব পাৰি। উদাহৰণস্বৰূপে, কুৰেশ্বী মুছলমানসকলে বংশপৰম্পৰা অনুসৰি কছাই হিচাপে কাম কৰা, বাল্মিকী সম্প্ৰদায়ৰ লোকে বংশ পৰম্পৰা অনুসৰি চাফাই কৰ্মী হিচাপে কাম কৰা, মহিলাসকলে গৃহকৰ্মী আৰু পৰিচাৰিকা হিচাপে কাম কৰা, চহৰৰ কিছুমান বিশেষ অঞ্চলত মুছলমান সকলৰ বসবাস কৰা আৰু কিছু অসংগঠিত গৃহ-ভিত্তিক অঞ্চলৰ বিস্তাৰ, শিক্ষা আৰু গৱেষণাৰ কামত ব্ৰাহ্মণ (বাঙালীৰ ক্ষেত্ৰত কিছুমান কায়স্থ আৰু বৈদ্য)ৰ সংখ্যা গৰিষ্ঠতা, দলিত সকলে তুলনামূলক ভাবে কম মজুৰি, অসন্মানজনক আৰু বিপদজনক চাকৰিত উপাৰ্জনৰ সুযোগ পোৱা, পাৰ্চী/মাৰোৱাৰীসকলে যোৱা শতিকা ধৰি বিভিন্ন ব্যৱসায়ত নিৰঙ্কুশ আধিপত্য বজাই ৰাখিব পৰা ইত্যাদি।
গ) বাস্তৱত সংখ্যাগত মান পুঁজিবাদৰ ভিতৰত এই প্ৰৱণতাও বিদ্যমান যে সামাজিক বাধাসমূহ ভাঙি মানুহক বিচ্ছিন্ন ব্যক্তিত পৰিণত কৰা। উৎপাদিত সামগ্ৰী বা কেঁচামাল বা সস্তীয়া শ্ৰমৰ বজাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত পুঁজিবাদে এনে ভূমিকা ল’ব পাৰে। (উদাহৰণস্বৰূপে পুঁজিবাদে আনকি সস্তীয়া শ্ৰমৰ বাবে ৰাতি ঘৰৰ বাহিৰত থকাৰ অধিকাৰৰ সংগ্ৰামত নাৰীক সমৰ্থন তথা সাহায্য কৰিব পাৰে, সমাজত অধিক সামগ্ৰী বিক্ৰী কৰিবলৈ সাজ-পোছাকৰ স্বাধীনতাৰ পোষকতা কৰা, শ্ৰমিক শক্তিৰ গতিশীলতাৰ বাবে কিছু পৰিশীলিত মাত্ৰাত অস্পৃশ্যতাৰ বিৰুদ্ধে মাত মতা ইত্যাদি। তথাপিও কিন্তু কোনো কাৰণতেই এই দাবীবোৰ অযুক্তিকৰ বুলি সিদ্ধান্ত ল’ব নোৱাৰি।)
এই বিভিন্ন প্ৰৱণতাৰ ভিতৰত কোনটো প্ৰৱণতাই বাস্তৱত পুঁজিবাদত ক্ৰিয়াৰত হ’ব সেয়া নিৰ্ভৰ কৰিব এটা নিৰ্দিষ্ট বিশেষ স্থান-কালৰ বাস্তৱ প্ৰয়োজনীয়তা সাপেক্ষে। পুঁজিবাদৰ অধীনত- শ্ৰমৰ বজাৰ, সম্পদৰ মালিকীস্বত্ব, উৎপাদন মাধ্যমৰ মালিকীস্বত্বৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায় অসমান অৱস্থানত অৱস্থান কৰিছে। পুঁজিবাদৰ যি সমূহ প্ৰৱণতাৰ বিষয়ে আমি আলোচনা কৰিলোঁ সেইসমূহৰ মাজত পুঁজিবাদী ব্যৱস্থাত কোনো স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়াৰে সাম্প্ৰদায়িক বৈষম্য বিলুপ্ত নহয়। আৰ্থ-সামাজিকভাৱে নিম্ন স্তৰত থকা সম্প্ৰদায়সমূহে কোনোপধ্যেই সমতা স্থাপন কৰিব নোৱাৰিব, তেওঁলোক বেছিভাগেই কোনো পধ্যেই ওপৰলৈ উঠি আহিব নোৱাৰিব। বৰঞ্চ এই অৱদমিত সম্প্ৰদায়বোৰৰ বেছিভাগ মানুহেই আৰু তললৈ যোৱাৰ সম্ভৱনাহে বেছি, কাৰণ সাধৰণতেই পুঁজিবাদত বৈষম্য অধিক বৃদ্ধি পায়। অৰ্থাৎ বৰ্তমানৰ পুঁজিবাদৰ অধীনত অধিকাংশ মহিলা, দলিত বা কৃষ্ণাংগ লোকে কেতিয়াও অৰ্থনৈতিক আৰু সামাজিকভাৱে উন্নত অৱস্থানত উপনীত হ’ব নোৱাৰিব। পুঁজিবাদৰ মাজতেই কিছুমান সম্প্ৰদায় বিশেষ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে (যেনে ধৰক, সেউজ বিপ্লৱ), ৰাজনৈতিক আন্দোলনৰ মাধ্যমেৰে বা ৰাষ্ট্ৰই লোৱা ইতিবাচক পদক্ষেপৰ (affirmative action) মাধ্যমেদি ওপৰলৈ উঠিবলৈ যাব পাৰে, কেৱল আন কোনো সম্প্ৰদায়ৰ অধিক তললৈ নামি যোৱাৰ মাধ্যমেদিহে। কোনো এটা সম্প্ৰদায়ৰ মাজতেই বিভিন্ন শ্ৰেণী সৃষ্টি হ’ব পাৰে আৰু পাৰস্পৰিক বৈষম্য বৃদ্ধি পাব পাৰে আৰু সেই সম্প্ৰদায়ৰ ভিতৰতে অতি ক্ষুদ্ৰ এটা অভিজাত শ্ৰেণীৰ উত্থান ঘটিব পাৰে, যেনেকৈ ভাৰতৰ অৱদমিত জাতিসমূহৰ ক্ষেত্ৰত দেখা গৈছে। পুঁজিবাদ আৰু সম্প্ৰদায়/পৰিচয়সত্তাৰ যি কাঠামোগত সম্পৰ্ক আলোচনা কৰা হ’ল তাৰ পৰা আমি ভাবিবলৈ বাধ্য হওঁ যে— জাতিৰ প্ৰশ্ন বা নাৰী-প্ৰশ্নৰ বিষয়বোৰৰ মীমাংসা ‘গণতান্ত্ৰিক’ কৰ্তব্য নহয়, বৰঞ্চ ‘বিপ্লৱী’ কৰ্তব্য কাৰণ বৰ্তমানৰ পুঁজিবাদী ব্যৱস্থাৰ মাধ্যমেৰে সম্প্ৰদায়/পৰিচয়সত্তা সমূহৰ মাজত সমতা স্থাপন কৰাটো অসম্ভৱ।