ভক্তি আন্দোলনৰ প্ৰতিশ্ৰুতি আৰু কালপ্ৰৱাহত ইয়াৰ পথচ্যুতি ।। ৰঞ্জিত বড়া
‘ভক্তি আন্দোলন’ৰ সূত্ৰপাত ঘটিছিল খ্ৰীষ্টীয় সপ্তম শতিকাত দক্ষিণ ভাৰতৰ তামিলনাডুত। কালক্ৰমত এই ধৰ্ম-সামাজিক আন্দোলনৰ জৰিয়তে হিন্দু ধৰ্মীয় সমাজৰ সংস্কাৰ সাধন আৰু পুনৰুত্থানৰ প্ৰচেষ্টা চলিল৷ সাহিত্য-গীত-নৃত্যৰ মাধ্যমেৰে সমগ্ৰ হিন্দু-ধৰ্মীয় সমাজৰ সাংস্কৃতিক প্ৰমূল্যবোধৰ উত্তৰণ ঘটোৱা আৰু এখন সু-সংহত সমাজ গঢ়াৰ প্ৰয়াস এই ‘ভক্তি আন্দোলন’ক মধ্যযুগৰ ভাৰতৰ সবাতোকৈ উল্লেখযোগ্য সমাজ-সাংস্কৃতিক পৰিঘটনা হিচাপে গণ্য কৰিব পাৰি।
প্ৰণিধানযোগ্য যে তামিলনাডুৰ আলৱাৰ আৰু নায়ানাৰ সম্প্ৰদায়ৰ কবি-সন্তসকলে বিষ্ণু আৰু শিৱৰ প্ৰশংসাত ৰচনা কৰা গীত-কবিতাৰে ভক্তি আন্দোলনৰ সূচনা হৈছিল। আলৱাৰসকলে বিষ্ণু আৰু নায়ানাৰসকলে শিৱক ইষ্ট দেৱতা জ্ঞান কৰিছিল আৰু তুতি-স্তুতি কৰি গাঁও-নগৰ ভ্ৰমি ফুৰিছিল। আলৱাৰ সন্তসকলে তামিল ভাষাত গোৱা-ৰচনা কৰা গীত-কবিতাক ‘তামিল বেদ’ বুলি জনা যায়৷ যিখনৰ তামিল নাম ‘নালায়িৰা দিব্যপ্ৰবন্ধম্’।
সপ্তম শতিকাত সূচনা হোৱা ভক্তিমাৰ্গৰ মাধ্যমেদি ঈশ্বৰ আৰু মোক্ষ্য প্ৰাপ্তিৰ এই ধৰ্ম-সামাজিক চিন্তাই মধ্যযুগৰ ভাৰতত অতি শক্তিশালী ৰূপ পৰিগ্ৰহণ কৰে আৰু ব্যাপক পৰিসৰত শিপাই এক সামাজিক আন্দোলনৰ স্তৰলৈ উন্নীত হয়। এই ‘ভক্তিধৰ্ম’ক সামাজিক গতিশীলতা প্ৰদানকাৰী আন্দোলনৰ স্তৰলৈ লৈ যোৱাৰ অন্তৰালত কেইবাটাও কাৰকে কাম কৰিছিল। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সামাজিক আৰু ধৰ্মীয় কুসংস্কাৰৰ ফলত সমাজৰ দুৰ্বল আৰু নিম্ন শ্ৰেণী-জাতিৰ লোকৰ ওপৰত হোৱা অত্যাচাৰ আৰু শোষণৰ কথা আঙুলিয়াব পাৰোঁ। ইবিলাকৰ ভিতৰত দেৱ-দেৱীৰ নামত হোৱা জীৱ-জন্তুৰ বলি-বিধান, অতি জঘন্য নৰবলি, সতীদাহ, দেৱদাসী পৰম্পৰা আদি অন্যতম৷ সামাজিক কাৰণৰ ভিতৰত জাতি-ব্যৱস্থা উল্লেখযোগ্য। জাতি-ব্যৱস্থাৰ ফলত নিম্ন জাতিৰ লোকৰ জীৱন-জীৱিকা ধৰ্মীয় অধিকাৰ সকলো বাৰুকৈয়ে বাধাগ্ৰস্ত হৈছিল। ব্ৰাহ্মণ্য ধৰ্মীয় গোড়ামী আৰু ধৰ্মনীতিয়ে বৃহত্তৰ জনসমূহক ক্ষোভিত কৰিছিল৷ মানুহে জাতি-ব্যৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰিছিল আৰু বিদ্ৰোহৰ ভাবে উকমুকনি দিছিল। সেয়ে জাতিগত বৈষম্য-অত্যাচাৰৰ বিৰুদ্ধে আৰু ধৰ্মীয়-সামাজিক সমতাৰ পক্ষে সাধাৰণ লোক আকৃষ্ট হৈছিল। ধৰ্মীয় দিশত ব্ৰাহ্মণ পুৰোহিতৰ একাধিপত্য আৰু পুৰোহিতসৰ্বস্ব অধিকাৰ, ৰীতি-নীতিৰ কৱলৰ পৰা সৰ্বসাধাৰণ লোকে নিস্তাৰ বিচাৰি ভক্তিধৰ্ম মাৰ্গ আঁকোৱালি ল’বলৈ বাধ্য হৈছিল। অৱশ্যে ভক্তিধৰ্ম মাৰ্গৰ উত্থানৰ অন্যতম কাৰক হিচাপে বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱৰ কথা উনুকিয়াই যাব লাগিব। দাক্ষিণাত্যত শৈৱবাদ, বৈষ্ণৱবাদ আৰু শক্তি পূজাৰ ধৰ্মীয় মাৰ্গৰ পৰা ফালৰি কাটি বৌদ্ধ আৰু জৈনধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা সাধাৰণ তামিল লোকক স্থানীয় ধৰ্মাচৰণৰ গণ্ডীতে ৰখাৰ কথায়ো এই ধৰ্ম-সামাজিক-সাংস্কৃতিক আন্দোলনক ইন্ধন যোগাইছিল। মন কৰিবলগীয়া কথা যে মগধ সাম্ৰাজ্যৰ পৰিসীমা পাৰ হৈ এই কালছোৱাত দাক্ষিণাত্যত বৌদ্ধ আৰু জৈন ধৰ্মাদৰ্শই ৰাজনৈতিক আৰু বণিক শ্ৰেণীৰ পৃষ্ঠপোষকতাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেকৈ সুদীৰ্ঘ সময় ইছলামিক ৰাজনৈতিক শাসনৰ তলত থকা হিন্দু সমাজৰ ওপৰত ইছলাম ধৰ্মৰ প্ৰভাৱ পৰিছিল আৰু নিম্ন জাতিৰ লোকে ইছলামৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল৷ ইয়াত ৰাজনৈতিক কাৰকৰ উপৰি ইছলামৰ ‘আল্লাৰ আগত সকলো সমান’ আদৰ্শই নিম্ন বৰ্গৰ মানুহক আকৰ্ষণ কৰিছিল। লগতে চুফীবাদৰ প্ৰভাৱত ভক্তি মাৰ্গৰ কবি-সন্তসকলে অনুপ্ৰেৰণা লাভ কৰি সৰ্বসাধাৰণ লোকৰ মাজত একেশ্বৰবাদী ধৰ্মাদৰ্শৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে যত্নপৰ হৈছিল। অৱশ্যে ভক্তি আন্দোলনে প্ৰসাৰতা লাভ কৰাৰ আন এটা কাৰণ হ’লগৈ বৌদ্ধ আৰু জৈন ধৰ্মৰ পশ্চাদ্পদতা। মধ্যযুগত বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰগতিশীল চৰিত্ৰৰ স্খলন আৰু ৰাজনৈতিক প্ৰভাৱ স্তিমিত হোৱাৰ ফলত ভক্তিবাদী সন্ত-কবিসকলে ভক্তিধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত সফলতা লাভ কৰিবলৈ সক্ষম হ’ল। য’ত হিন্দুধৰ্মীয় সম্প্ৰদায়ৰ বহুতো তথাকথিত নিম্ন বা অব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকে বৌদ্ধিক নেতৃত্ব দিছিল সন্ত-কবিৰূপে। এই ক্ষেত্ৰ কবীৰ, গুৰু নানক, শংকৰদেৱ, মীৰাবাঈ আদি বিভিন্নজনৰ নাম ল’ব পাৰি।
ভক্তি আন্দোলনৰ ফলশ্ৰুতিত ভাৰতত বহুকেইটা দিশত সামাজিক ৰূপান্তৰ সংঘটিত হৈছিল। হিন্দু-মুছলিম উভয় ধৰ্মীয় সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সদ্ভাৱ বৃদ্ধিৰ উপৰি ব্যাপক পৰিসৰত হিন্দু সমাজ ব্যৱস্থাৰ সংস্কাৰ সাধন হৈছিল। ভক্তি আন্দোলনৰ পৰিণতিস্বৰূপে সমতা আৰু ভ্ৰাতৃত্ববোধৰ আধাৰত সমাজ নিৰ্মাণৰ কথাই প্ৰাধান্য পাবলৈ ধৰিছিল। ইয়াৰোপৰি জাতি-বৰ্ণ-শ্ৰেণী নিৰ্বিশেষে ভক্তিৰ জৰিয়তে ঈশ্বৰ সাধনাৰ বাট সুগম হৈছিল। যিটো ব্ৰাহ্মণ পুৰোহিতৰ আধিপত্যৰ বাবে কেতিয়াও সম্ভৱপৰ নহৈছিল। ভক্তি আন্দোলনৰ বাবেই হিন্দু ধৰ্মীয় সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত তথাকথিত শূদ্ৰ বা নিম্ন জাতিৰ লোকে ধৰ্ম আৰু সামাজিক অধিকাৰৰ দাবীদাৰ হ’বলৈ সক্ষম হৈছিল। এই ধৰ্মাদৰ্শৰ অৱদান ‘সমূহীয়া উপাসনা’ আৰু ‘সমূহীয়া ভোজন’ গুৰুত্বপূৰ্ণ সামাজিক সম্প্ৰীতিৰ বাহকস্বৰূপ হৈ পৰিছিল।
ভক্তি আন্দোলনৰ অতি গুৰুত্বপূৰ্ণ দিশটো আছিল জাতি-ব্যৱস্থাৰ বিৰুদ্ধে লোৱা স্থিতি। ইয়াৰ যোগেদিয়েই বৃহত্তৰ জনসমূহে ধৰ্মৰ অধিকাৰৰ ক্ষেত্ৰত ব্ৰাহ্মণ পুৰোহিত নাকচ কৰি অতি সৰল উপায়েৰে ঈশ্বৰ প্ৰাপ্তি আৰু মোক্ষ লাভ সকলোৰে বাবে সম্ভৱ বুলি পতিয়ন গৈছিল। শংকৰদেৱে কৈছিল— “হৰিৰ সেৱাত যিটো ৰসিক৷য ব্ৰাহ্মণ জন্ম তাক লাগে কিক৷৷”
মন কৰিবলগীয়া কথা যে ভক্তি আন্দোলনৰ প্ৰভাৱৰ বাবেই হিন্দু ধমীৰ্য় সম্প্ৰদায়ৰ মাজত নৈতিকতা আৰু মূল্যবোধৰ উত্তৰণ ঘটি মানৱীয় দৃষ্টিভংগী গঢ় লৈছিল। তদুপৰি ভক্তি আন্দোলনৰ প্ৰসাৰ-প্ৰচাৰৰ সময়ছোৱাতেই লোক-সংস্কৃতিৰ বিকাশো সাধন হৈছিল। সংস্কৃতৰ পৰিৱৰ্তে মাতৃভাষাত গীত-মাত ৰচনা হোৱাৰ বাবে চহালোক অনুপ্ৰাণিত হৈছিল। অসমত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাসমূহলৈ মন কৰিলেই এই কথা স্পষ্ট হৈ পৰে৷ আজি বৃহত্তৰ অসমীয়া সমাজৰ সৰ্বস্তৰৰ লোকে অসমীয়া ভাষাত ৰচনা কৰা ভাগৱত পুৰাণ, কীৰ্ত্তন আৰু নামঘোষাৰ আলমতে ধৰ্মনীতি পালন কৰি আহিছে। [উল্লেখযোগ্য যে ভাগৱত পুৰাণেই ভক্তি আন্দোলনৰ কবি-সন্তসকলৰ চিন্তা-দৰ্শনৰ আধাৰ। ] ঠিক তেনেকৈ ‘নামঘৰ’ নামৰ সমূহীয়া উপাসনা স্থলীক কেন্দ্ৰ কৰিয়েই শতিকাৰ পিছত শতিকা এক সমন্বিত [inclusive] সামাজিক-সংস্কৃতিৰ প্ৰবাহ বৈ আছে। এই জাগৰণেই গণ-সংস্কৃতিৰ এটা ধাৰা সমগ্ৰ ভাৰততে ঠন ধৰি উঠাত মুখ্য ভূমিকা ল’লে আৰু হিন্দুধৰ্মৰ পুৰোহিততান্ত্ৰিক কাঠামো শিথিল হৈ পৰিল।
কিন্তু পৰিতাপৰ কথা যে ঐতিহাসিকভাৱে অতি প্ৰাসংগিক আৰু তাৎপৰ্যপূৰ্ণ ভক্তি আন্দোলনে বহন কৰা প্ৰতিশ্ৰুতি কালক্ৰমত স্থবিৰ হৈ পৰাই নহয়; ইয়াৰ পথচ্যুতিও ঘটিল৷ সামাজিক ন্যায়ৰ পক্ষে গৌতম বুদ্ধৰ দিনৰ পৰাই চলি অহা এখন সংগ্ৰামে ভক্তিধৰ্ম আন্দোলনৰ মাধ্যমেৰে ভাৰতৰ প্ৰান্তে প্ৰান্তে প্ৰসাৰতা আৰু প্ৰতিষ্ঠা লাভ কৰা সত্ত্বেও আজি পৰ্যন্ত এখন সমতাভিত্তিক [egalitarian] বৃহত্তৰ ভাৰতীয় সমাজ গঢ়াৰ সপোনে সাকাৰ ৰূপ নাপালে। ভক্তি আন্দোলনৰ ফলত সৃষ্টি হোৱা সকলো অনুষ্ঠান ক্ৰমান্বয়ে পুনৰ পুৰোহিত শ্ৰেণীৰ হাতোৰাত বন্দী হ’ল। ব্ৰিটিছশাসিত ভাৰতত ইংৰাজ বণিক শ্ৰেণীৰ কুমন্ত্ৰণাত সাম্প্ৰদায়িক বিভেদৰ বীজ কেউফালে সিঁচৰতি হৈ পৰিল। হিন্দু-মুছলিম সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ পুনৰ ৰোপণ কৰা হ’ল ধৰ্মৰ আলমতেই৷ ক্ৰমান্বয়ে ধৰ্মক ৰাজনীতিয়ে নিয়ন্ত্ৰণ কৰিব পৰা হ’ল। দীৰ্ঘদিনীয়া এক সংগ্ৰামৰ জৰিয়তে এখন সমন্বিত ভাৰতীয় সমাজ গঢ়াৰ যি প্ৰচেষ্টা চলিছিল তাক প্ৰতিক্ৰিয়াশীল শক্তিয়ে মষিমূৰ কৰিবলৈ উঠি-পৰি লাগিল৷ পৰিণতিস্বৰূপে আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠনৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো ব্ৰাহ্মণ্য ধমীৰ্য় ৰীতি-নীতি আৰু দৰ্শনে গোটেই সমাজ-সংস্কৃতিক কুক্ষিগত কৰি ৰাখিবলৈ সক্ষম হ’ল। তথাকথিত নিম্নজাতি আৰু জনজাতি জাতিগত বৈষম্যৰ বলি হৈয়ে আছে। ধৰ্মাধিকাৰ আৰু সামাজিক ক্ষেত্ৰখন আজিও সকলোৰে বাবে মুকলি নহয়। আধুনিক ৰাষ্ট্ৰ-ব্যৱস্থাৰ বিভিন্ন আইন-বিধিয়েও সামাজিক সমতা স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া ভক্তি আন্দোলনৰ গৰিমামণ্ডিত ইতিহাসৰ প্ৰায়বিলাক প্ৰগতিশীল অৱদান অন্তৰ্হিত হোৱাৰ পথত। বিদ্যায়তনিক চৰ্বিত-চৰ্বণ আৰু সাহিত্য-গীত-নৃত্যৰ মঞ্চায়নত ভক্তি আন্দোলনৰ কেৱল খোলাটোহে বাছি আছেগৈ।
এনে এক গভীৰ আৰু উদ্বেগজনক কালসন্ধিত সামাজিক গতিশীলতাৰ বাবে এটা আদৰ্শগত পথ কোনে কাটিব, কি উপায়েৰে কাটিব পৰা যাব এই চিন্তা কৰাৰ সময় সমাগত।