কথা কোৱা গছৰ সাধু।। সীমান্ত কোঁৱৰ
বহুত দিনৰ আগতে এখন দেশত এজন ৰজা আছিল৷ বুঢ়ী আইৰ সাধুকথাত বেজবৰুৱাদেৱে কোৱাৰ দৰেই এজন ৰজা, প্ৰবল প্ৰতাপী, উচ্চাকাংক্ষী, কঠোৰ, প্ৰজাক ভাল দিনৰ সপোন দেখুওৱা এজন ৰজা৷ এইজন ৰজাৰো দুগৰাকী ঘৈণীয়েক আছিল, লাগী আৰু এলাগী৷ ধনে-ধানে, মানে-সন্মানে দেশখন আছিল চাৰিওফালে নদন বদন আৰু বছৰৰ বাৰ মাহ দেহৰ ঘাম মাটিত পেলাই খেতি কৰি ভঁৰালত গোটোৱা ফচলৰ এভাগ প্ৰতিজন প্ৰজাই ৰজাৰ ভঁৰাললৈ দিয়াৰ অঘোষিত বাধ্যতামূলক নিয়ম আছিল৷ সেই ফচলৰে ৰজা আৰু তেঁওৰ মন্ত্ৰীমণ্ডলীৰ পৰিয়ালে নিজে অকণমানো কষ্ট নকৰাকৈ বছৰটো উদৰ পূৰাই খাইছিল আৰু ৰাহী হোৱা খিনি আনক দান দি দানী হিচাপে যশস্যা লভিছিল৷ ৰজাৰ উদ্যোগত দেশত বছৰি বিয়াগোম সাতদিনীয়া বিহু মেলা বা আন-আন উৎসৱ পতা হৈছিল৷ সেইবোৰ উৎসৱত ৰাজপ্ৰসাদৰ বাকৰিত প্ৰজাৰ মন ভূলাবলৈ বিভিন্ন খেল -ধেমালি, শেন চৰাই বা কুকুৰাৰ যুঁজ, মল্লযুদ্ধ, হাতী-ঘোঁড়াৰ দৌৰ, বিহু হুঁচৰিৰ লগতে স্বল্পবসনা নৰ্তকীৰ নৃত্য হৈছিল আৰু সেইবোৰ উপভোগ কৰি ৰাইজে কিৰিলি পাৰি উঠিছিল তথা ভাল দিন দিয়া ৰজাৰ গুণ-গান গাইছিল৷ মুঠতে ৰাজ্যৰ সকলো প্ৰজাই সুখত বাস কৰিছিল আৰু ৰজাও গৰ্বত গঙ্গাটোপৰ দৰে উফন্দি আছিল৷
প্ৰজাৰ সুখ-দুখৰ খবৰ ল’বলৈ ৰজাই প্ৰায়ে গাঁৱে-গাঁৱে ঘূৰি ফূৰিছিল৷ এদিন তেনেকৈ ৰথত উঠি ঘূৰি ফুৰোঁতে এখন গাঁৱত হঠাতে মানুহ এঘৰৰ পৰা মলমলাই থকা জহা চাউলৰ ভাতৰ গোন্ধ আহি ৰজাৰ নাকত লাগিল৷ জহা চাউলৰ ইমান ভাল গোন্ধ ৰজাই ইয়াৰ আগতে কোনোদিনেই পোৱা নাছিল৷ সেই চাউলেৰে ভাত এসাঁজ খাবলৈ ৰজাৰ খুব মন যোৱাত লগুৱা এটাক মাতি সেই মানুহ ঘৰৰ পৰা জহা চাউল বিচাৰি আনিবলৈ ক’লে৷ ৰজাৰ আদেশ মানি লগুৱাটোৱেও সেইদিনাই চাউল আনিবলৈ প্ৰজাজনৰ ঘৰলৈ গ’ল যদিও সেইদিনা উলিয়াই থোৱা চাউল নাছিল৷ লগুৱাটোৱে ভাবিলে ’এইবেলিহে নিগমে মৰিলোঁ, জহা চাউল নিব নোৱাৰিলে ৰজাই ডিঙি কাটিব৷ কি কৰা যায়!’ কি কৰোঁ নকৰোঁ ভাবি থাকোঁতেই লগুৱাটোৱে ঘৰৰ এচুকৰ ডলা এখনত গৰুলৈ বুলি গোটাই থোৱা জহা ধানৰ তুঁহ এখিনি দেখা পালে৷ লগুৱাটোৱে ভাবিলে খালী হাতেৰে উভটি যোৱাতকৈ তুঁহ খিনিকে ৰজালৈ লৈ যোৱা যাওক আৰু সেই মতেই প্ৰসাদলৈ উভটি আহি তুঁহ ডোং ৰজাৰ হাতত তুলি দিলে৷ ৰজাইও মলমলাই থকা জহা ধানৰ তুঁহৰ গোন্ধত ৰ’ব নোৱাৰি লগুৱাটোৰ সন্মুখতে মকৰা-মকৰকৈ তুঁহ খাবলৈ ধৰিলে৷ লগুৱাৰ মেলা মুখ মেলাভাগেই থাকিল৷ খোৱাৰ শেষত ৰজাই লগুৱাটোক সকিয়াই ক’লে যে কেনেবাকৈ যদি ৰজাই তুঁহ খোৱা কথাটো আন কোনোবাই গম পায়, তেন্তে লগুৱাটোক কাটি দুচেও কৰিব৷ লগুৱাটোৱেও প্ৰাণে মৰাৰ ভয়ত ৰজাৰ ভৰিত ধৰি কাকো নোকোৱাৰ শপত খালে৷
পিছে দুদিনৰ পাছত লগুৱাটোৰ শোৱন-খাৱন নোহোৱা হ’ল৷ ৰজাই তুঁহ খোৱা কথাটো কাকো ক’ব নোৱৰাৰ বাবে তাৰ পেট ফুলি ঢোলটোৰ দৰে হ’ল আৰু বিষত সি কেঁকাবলৈ ধৰিলে৷ কথাটো কাৰোবাক ক’ব পাৰিলেহে সি যেন পেটৰ বিষটোৰ পৰা ৰেহাই পাব কিন্তু আন কাৰোবাক ক’লেও ৰজাই দুচেও কৰাৰ ভয়ত সি উপায় নোপোৱা যেন হ’ল৷ এফালে ৰজাৰ হাতত মৰাৰ ভয়, আনফালে কথাটো গোপনে ৰখাত সহ্যাতীত পেটৰ বিষ! ইমান অশান্তিত থাকিব নোৱাৰি এদিন সি ঘৰৰ পৰা অলপ আঁতৰৰ জয়াল হাবি এখনত চিপ লৈ মৰিবলৈ গ’ল৷ হাবিৰ মাজত এজোপা বিয়াগোম গছ দেখি সেইজোপাৰ ডালতে চিপ ল’বলৈ সি ঠিৰাং কৰিলে৷ পিছে চিপ লোৱাৰ আগতে সি ভাবিলে যে ৰজাই তুঁহ খোৱা কথাটো মুখ ফুটাই কোৱা যাওক, তাতে হাবিৰ মাজত কোনেনো শুনিব? গছজোপাৰ তলত বহি সি কথাটো কোৱাৰ লগে-লগে তাৰ পেটৰ বিষ নাইকিয়া হৈ গ’ল৷ ইমান পতককে পেটৰ বিষ ভাল পোৱাত সি আনন্দিত হোৱাৰ লগতে আচৰিতো হ’ল৷ কোনোবা আছে বুলি ইফালে-সিফালে চাই কাকো নেদেখি আস্বস্ত হৈ সি আত্মহত্যাৰ চিন্তা বাদ দি ঘৰলৈ উভটি আহিল৷
কেইমাহমানৰ পাছত ৰজাঘৰৰ নামঘৰত ডবা এটাৰ প্ৰয়োজন হোৱাত খৰিকটীয়াই বিচাৰি-বিচাৰি হাবিৰ মাজত সেইজোপা গছেই পালেগৈ, যিজোপাত লগুৱাটোৱে চিপ লোৱাৰ কথা আছিল৷ বিয়াগোম গছজোপা কাটি ডবা বনাবৰ বাবে ৰাজপ্ৰসাদলৈ লৈ অনা হ’ল৷ এদিন গধুলি সাঁজ লগাৰ পৰত গছজোপাৰ পৰা নতুনকৈ বনোৱা ডবাটোত প্ৰথম কোব মৰাৰ লগে-লগে ডবাটোৰ পৰা ‘ৰজাই তুঁহ খালে, ৰজাই তুঁহ খালে’ বুলি মাত উলাবলৈ ধৰিলে৷ ডবাৰ মাত শুনি সকলো অবাক হ’ল আৰু এজনে আনজনৰ মুখলৈ চাব ধৰিলে৷ কথা বিষম দেখি নামঘৰীয়াই ডবা কোবোৱা বন্ধ কৰিলে যদিও ৰজাৰ কথা সকলোৱেই গম পালে৷ গোপনীয়তা ভংগ কৰাৰ বাবে ৰজাৰ লগুৱাটোৰ ওপৰত খুব খং উঠিল আৰু সেই লগুৱাটোক ধৰি আনি নচচা শূলত দিলে৷
সাধুটো ইমানতে শেষ হ’ব লাগিছিল! কাৰণ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুকথাত সাধুবোৰ এইদৰেই শেষ হোৱাটো নিয়ম৷
কিন্তু নহ’ল৷ পিছৰটো বাৰিষাত ন বৰষুণ পাই খৰিকটীয়াই ৰজাঘৰৰ ডবাৰ বাবে কটা গছজোপাত এটা নতুন পোখা মেলি সকলোৰে অলক্ষিতে ডাঙৰ হ’বলৈ ধৰিলে৷ ইতিমধ্যে সকলোৱে পাহৰিছিল কথা কোৱা গছৰ কথা৷ একেদৰে পাহৰিছিল ৰজাই তুঁহ খোৱাৰ কথাও৷ গছজোপা পুলিৰ পৰা বাঢ়ি যিমানেই ডাঙৰ গছ হ’ল, সেইদৰে ৰজাৰো লোভ-মোহ-ভোক বাঢ়ি গৈ থাকিল৷ দেশখনক বিৰাট সাম্ৰাজ্য গঢ়াৰ লক্ষ্যৰে কাষৰ ৰাজ্যৰ ৰজাক যুদ্ধত হৰুৱাই সন্ধি কৰি সেই ৰজাৰ ফুল কুমলীয়া জীয়ৰীক আদহীয়া বয়সত বিয়া পাতি ঘৰ সোমোৱালেহি৷ কিন্তু কি হ’ব! ৰজাৰ মনৰ কামনা-বাসনাৰ দুৰ্দান্ত ঘোঁৰাটোক শৰীৰে আৰু বয়সে যথাযোগ্য ভাৱে সহায় কৰিব নোৱৰাত ৰজাই বিভিন্ন বেজ-কবিৰাজৰ কাষ চাপিল৷ তেনেকুৱা এজন কবিৰাজে ৰজাক পৰামৰ্শ দি ক’লে যে শৰীৰত ক’তো ঘা নথকা, অসূৰ্যস্পৰ্শা, তাকো কন্যা ৰাশিৰ এজনী ছোৱালীক বলি দি ৰক্ত পান কৰিলে ৰজাই চিৰযৌবন লাভ কৰিব৷ কবিৰাজৰ পৰামৰ্শ শুনি চিৰযৌবন লাভ কৰাৰ আশাত ৰজাই লগে-লগে নিজৰ বিশ্বাসভাজন দুজন সৈন্যক গোপনে এজনী অসূৰ্যস্পৰ্শা ছোৱালী বিচাৰিবলৈ আদেশ দিলে৷
এদিন, ৰাজধানীৰ পৰা বহু আঁতৰৰ গাঁও এখনত নৈৰ ঘাটৰ পৰা কলহত পানী আনিবলৈ আবেলি ওলাই যোৱা পঞ্চদশী ছোৱালী এজনী চৰাই-চিৰিকটি বাঁহলৈ উভতাৰ পাছতো ঘৰলৈ উভতি নাহিল৷ ছোৱালীজনীৰ মাক-দেউতাকে হিয়ালি-জিয়ালিকৈ কান্দি-কান্দি গগন ফালিলে যদিও তাইৰ খবৰ কোনেও দিব নোৱাৰিলে৷ কিবা বনৰীয়া জীৱ-জন্তুৱে ধৰি নিলে বুলি গাঁৱৰ সকলোৱে হাতে-হাতে দা-কটাৰী, জোঁৰ লৈ হাবিয়ে-জংগলে ছোৱালীজনীক বিচাৰি চলাথ কৰিলে কিন্তু ছোৱালীজনী ক’তো বিচাৰি পোৱা নগ’ল! ডেকা ল’ৰা দুটামানে নৈৰ কাষে-কাষে বিচাৰ-খোচাৰ কৰোঁতে হঠাতে নৈৰ পাৰৰ বালিত ছোৱালীজনীৰ পিতলৰ কলহটো আৰু ৰূপৰ খাৰু এপাট পৰি থকা দেখা পালে৷ সকলোৱে ভাবি ল’লে যে কলহত পানী ভৰাবলৈ লওঁতে হয়তো নৈৰ গৰাত পিচলি ছোৱালীজনী পানীৰ কোবাল সোঁতত উটি গ’ল৷ বাপেক-মাকে কান্দি-কান্দি ঘৰলৈ উভটি গ’ল যদিও বুকুৰ আমঠু ছোৱালীজনীক কোনোদিনে পাহৰিব নোৱাৰিলে৷
দেশখনৰ ওপৰেদি ইতিমধ্যে বহুকেইটা বসন্ত পাৰ হৈ গ’ল৷ হেৰাই যোৱা ছোৱালীজনী না ঘৰলৈ উভটি আহিল, না কোনোবাই কিবা শুংসূত্ৰ বিচাৰি পালে, যেন ছোৱালীজনী বতাহতহে মিলি গ’ল৷ আন মানুহৰ লগতে মাক-দেউতাকেও হেৰাই যোৱা ছোৱালীজনীৰ কথা লাহে-লাহে পাহৰিবলৈ আৰম্ভ কৰিলে৷ ইফালে কবিৰাজে দিয়া ঔষধে ৰজাৰ দেহাত কাম কৰিলে নে নাই সেয়া প্ৰজাৰ অলক্ষিতে ৰাজপ্ৰসাদৰ অন্তেষপুৰতে গোপন হৈ থাকিল৷
সময়ৰ লগে-লগে হাবিৰ মাজৰ সেই গছজোপাও বাঢ়ি-বাঢ়ি এদিন এজোপা বিয়াগোম আকাশ ঢকা গছ হ’ল৷ মানুহে গম নোপোৱাকৈ হাবিত গছজোপাৰ কাষেৰে পাৰ হৈ যোৱা যিকোনো বাটৰুৱাই পতা সকলো কথা গছজোপাই শুনি শুনি নিজৰ মাজত জমাই ৰাখিবলৈ ল’লে৷ কিন্তু আগৰ জোপা গছৰ দৰে এই জোপা গছ মাত মতা গছ নাছিল বৰঞ্চ বতাহত গছজোপাৰ সেউজীয়া পাতবোৰৰ পৰা মানুহে পতা কথাবোৰ জিৰ-জিৰ শব্দৰে বতাহত বিয়পি পৰিছিল৷ এদিন হাবিৰ মাজেৰে পাৰ হৈ যোৱা বাটৰুৱা এজনে গছজোপাৰ তলত বহি জিৰাবলৈ লওঁতে গছজোপাৰ পৰা কিবা-কিবি শব্দ শুনা পালে৷ অস্পষ্ট, ফুচ-ফাচ শব্দবোৰ শুনি বাটৰুৱাজন চক খাই উঠিল৷ অলপ সময় ৰৈ ইফালে-সিফালে চাই কাকো নেদেখি বাটৰুৱাজন আকৌ গছজোপাৰ কাষ চাপিল৷ গছজোপাৰ পৰা আকৌ সৰু সৰু বতাহৰ দৰে শব্দ কিছুমান ভাহি আহিল৷
বাটৰুৱাজনে ভয়ত ৰৈ নাথাকি গাঁৱলৈ উভটি গৈ গাঁৱৰ সকলোকে হাবিৰ মাজৰ মানুহৰ দৰে কথা ক’ব পৰা গছজোপাৰ কথা কোৱাত সকলোৱে গছজোপা চাবলৈ ঢাপলি মেলিলে৷ সঁচাকৈ বতাহত লৰি থকা গছজোপাৰ পাতৰ পৰা অস্পষ্ট শব্দবোৰ ভাহি আহিছিল আৰু গছজোপাৰ সন্মুখত কথা কোৱা মানুহবোৰে এক অদ্ভুত প্ৰশান্তি লাভ কৰিছিল৷
“এইজোপা সেই ’ৰজাই তুঁহ খোৱা কথা’ কোৱা গছজোপাৰ পুলি বুজিছ’! মই ভাল চিনিছোঁ৷“ বুঢ়া এজনে ইফালে-সিফালে চাই হঠাতে গোট খোৱা মানুহবোৰৰ আগত চিঞৰি ক’লে৷
বুঢ়াজনে কোৱাৰ লগে-লগে গছজোপা হয় নে নহয় পৰীক্ষা কৰি চাবলৈ, গাৰ বিষত কেঁকাই থকা এজন মানুহে তেওঁ আনৰ ঘৰৰ পৰা চুৰ কৰা ৰূপৰ মুদ্ৰা এটা লুকুৱাই ৰখা কথা সকলোৰে সন্মুখতে গছজোপাৰ আগত স্বীকাৰ কৰিলে আৰু লগে-লগে তেওঁঁৰ গাৰ বিষো নোহোৱা হ’ল৷
গোপন কথা ক’লে ৰোগ উপশম হোৱা গছজোপাৰ কথা চাৰিওফালে ফাটি-ফুটি গ’ল৷ বিভিন্ন ঠাইৰ পৰা মানুহে গছ জোপা চাবলৈ আহিল৷ এদিন কোনোবা মহিলা এগৰাকীয়ে নিজৰ হেৰুৱা গৰুটো বিচাৰি চাকি এগছ জ্বলাই গছজোপাৰ আগত গৰু হেৰুওৱাৰ কথাটো ব্যক্ত কৰিলে৷ কিবা বিড়ম্বনাত কাষতে ৰৈ থকা বুঢ়া মানুহ এজনে তেনে গৰু এটা ওচৰৰ গাঁওখনত দেখি আহিছিল৷ মানুহজনে মহিলাগৰাকীক সেই গাঁওখনত বিচাৰি চাবলৈ কোৱাত মহিলাগৰাকীয়ে সেইমতে গৈ গৰুটো বিচাৰি পালে৷ ইমানদিনে বিচাৰি ফুৰা গৰুটো পতককে বিচাৰি পোৱাত কথা কোৱা গছজোপাৰ মাহাত্ম্য আছে বুলি ভাবি মহিলাগৰাকীয়ে শৰাই এখন আগৱঢ়ালে৷ কোনোবাই এদিন সৰুকে গছজোপাৰ তলত মন্দিৰ এটাও সাজি দিলে৷ সময়ৰ লগে-লগে গছজোপাৰ মাহাত্ম্যৰ কথা হোৱাই নোহোৱাই চাৰিওফালে বিয়পি পৰিল৷ সকলোৱে আহি শৰীৰৰ ব্যাধিৰ উপশম পাবলৈ নিজৰ গোপন কথাবোৰ গছজোপাৰ আগত ক’বলৈ ধৰিলে৷ গছজোপাইও সকলোৰে কথাবোৰ সেইজীয়া পাতৰ কঁপনিৰে বতাহত বিলাই দিলে৷ বহুতে কেৱল গছজোপাৰ বতাহত ওলোৱা ফুচফুচনিবোৰ শুনিবলৈ আহিল৷ গছজোপা চাবলৈ মানুহে শাৰী পাতিবলগীয়া অৱস্থা হ’ল৷ বেলেগ-বেলেগ মানুহ, প্ৰত্যেকৰে বেলেগ-বেলেগ গোপনীয়তা, নিজৰ বাহিৰে আন কাকো ক’ব নোৱৰা গোপনীয়তাবোৰ মৰাৰ আগতে গছজোপাৰ আগত উদঙাই শান্তি লভিব খোজা মানুহবোৰ বাট কুৰি বাই আহিল৷ কোনোবাই নিজে কৰা হত্যা, চুৰি-ডকাইটিৰ কথা ক’লে আন কোনোবাই আকৌ নিজৰ-নিজৰ গোপন প্ৰেম-অভিসাৰৰ কথা উজাৰ কৰিলে৷
ৰাজ্যখনৰ মন্ত্ৰী এজনেও এবাৰ গাঁওখনৰ ফালে ফুৰিবলৈ আহোঁতে গছজোপাৰ কথা শুনি চাবলৈ আহিল৷ গছজোপা চাবলৈ শাৰী পাতি ৰৈ থকা মানুহৰ সংখ্যা দেখি তেওঁ আচৰিত হ’ল৷ লগত অহা সৈন্য এজনে মন্ত্ৰীজনৰ কাণত ফুচফুচাই ক’লে- “মহোদয়, এইজোপাই সেই ’মহাৰাজে তুঁহ খালে’ বুলি কোৱা গছজোপাৰ পুলি৷ মাত্ৰ এতিয়া এইজোপাই একো নকয়, মানুহৰ সকলো গোপন কথা বতাহত এৰি দিয়ে।”
কথা শুনি মন্ত্ৰীজনেও ইমানদিনে মনত সাঁচি থোৱা গোপন কথা এটা গছজোপাৰ আগত ক’লে, কোৱাৰ লগে-লগে তেওঁৰ গাটো ইমান পাতল লাগিল যে তেওঁ হতভম্ব হ’ল৷ ৰাজধানীলৈ উভটি গৈ তেওঁ ৰজাৰ আগতো গছজোপাৰ কথা সবিশেষ জনালে৷
ইফালে ভাল দিনৰ নামত প্ৰজাৰ ওপৰত কৰা ৰজাৰ জোৰ-জুলুম দিনে-দিনে বৃদ্ধি পাইছিল৷ হোৱাই-নোহোৱাই প্ৰজাৰ ওপৰত কৰ-কাটল বৃদ্ধি পাইছিল আৰু ৰজাৰ বিৰূদ্ধে মাত মতা সকলোকে ৰজাই একো বাছ-বিচাৰ নকৰি পোতাশাললৈ প্ৰেৰণ কৰিছিল বা চাউদাঙৰ হতোৱাই নচচা শূলত দিছিল৷ তদুপৰি বছৰি-বছৰি কোনোবা নহয় কোনোবা এখন গাঁৱৰ পৰা সদ্য পুষ্পিতা গাভৰু ছোৱালী এজনী-দুজনীকে অন্তৰ্ধান হৈছিল, যাৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা নগৈছিল৷ মানুহবোৰেও ছোৱালীবোৰ কৰবালৈ পলাই যোৱা বা বনৰজাই খালে বুলি ভাবি আওকাণ কৰিছিল৷
দিনবোৰ তেনেকৈয়ে পাৰ হৈ গৈছিল৷ কিন্তু এদিন হঠাতে ৰাজপ্ৰসাদৰ শুৱনি কোঠাত ৰজাৰ ছিন্ন শিৰ দেহৰ পৰা নিলগত তেজৰ ডোঙাৰ মাজত উদ্ধাৰ হৈছিল৷ নিচিদ্ৰ নিৰাপত্তাৰ মাজত মহাৰাজৰ হত্যাৰ খবৰটো পাই সকলো আচৰিত হৈছিল, ৰজাৰ শাসনত অতিষ্ঠ বহুতে মনে-মনে ভাল পাইছিল যদিও আনৰ আগত হায়ৈ-বিয়ৈ কৰিছিল৷ কোনোবাই কৈছিল হয়তো প্ৰধানমন্ত্ৰীয়েই ক্ষমতাৰ লোভত মহাৰাজক হত্যা কৰিছিল, আন কোনোবাই আকৌ সৰু ৰাণীৰ সৈতে মিলি সেনাপতিয়ে ৰজাক হত্যা কৰি সংসাৰ কৰাৰ সন্দেহ কৰিছিল৷
গোটেই ৰাজ্যতে বতাহৰ দৰে বিয়পিছিল গুজববোৰ, পানী অনা নৈৰ ঘাটৰ বা পথাৰৰ কটা ধানৰ নৰানিৰ মাজৰ ফুচফুচনিবোৰতো মহাৰাজৰ অন্তেষপুৰৰ কোনেও নজনা বিশ্বাস কৰিব নোৱৰা খবৰবোৰ জুইৰ দৰে বিয়পিছিল৷ হাবিৰ মাজৰ সেই গছজোপাক চাবলৈ অহা মানুহবোৰেও নিজৰ শৰীৰৰ ব্যাধি আৰু গোপনতা পাহৰি ৰাজপ্ৰসাদৰ গোপনতাৰ কথা আলোচনা কৰিছিল৷
তেনে এটা দিনতে গছজোপাক গোপন কথা ক’বলৈ অহা মানুহৰ শাৰীত থিয় দিছিলহি এজন যুবক৷ দাড়ি-চুলিৰে জপৰা, বিমৰ্ষ অচিনাকি যুবকজনক দেখি সকলোৱে আচৰিত হৈছিল৷ এক অদ্ভুত বেদনাৰ চাপে আবৰি আছিল যুবকজনৰ মুখত৷ যুবকজনক চিনি পোৱা এজনে ফুচফুচাই কৈছিল, “সেইটো সেই কলীয়াটিঙৰ গান গোৱা, কবিতা লিখা আধা বলিয়া ল’ৰাটো, আমাৰ অমুকাৰ পুতেক!” কাৰোৰ লগতে একো কথা নাপাতি যুবকজনে শাৰীত ৰৈ নিজৰ সুযোগৰ বাবে অপেক্ষা কৰি আছিল৷ বহুত সময় অপেক্ষাৰ পাছত যুবকজনৰ সুযোগ অহাত তেওঁ গছজোপা সাবটি নিজৰ গোপন কথাকেইটা ক’বলৈ আৰম্ভ কৰিছিল৷ তেওঁ কৈ গৈছিল পাহাৰৰ দাঁতিৰ গাঁওখনত একেলগে পখিলা খেদি-খেদি ডাঙৰ হোৱা, গান গোৱা এজনী ষোড়শী গাভৰুৰ কথা, দুয়োটাই মিলি একেলগে এখন ঘৰ বনোৱাৰ মিঠা সপোন দেখা ছোৱালীজনী এদিন হঠাতে কোনেও গম নোপোৱাকৈ হেৰাই যোৱাৰ কথা, এদিন গধূলি সাঁজ লগাৰ সময়ত দুয়োটা এফালৰ পৰা আহি থাকোঁতে, তাৰ সন্মুখতে দুটা ৰজাঘৰীয়া সৈন্যই কেনেদৰে তাক মাৰি-পিটি অচেতন কৰি ছোৱালীজনীক জোৰ-জবৰদস্তি ৰথত উঠাই ৰাজপ্ৰাসাদৰ দিশে পলায়ন কৰাৰ কথা, তাইক বিচাৰি তেওঁ পাগলৰ দৰে গোটেই ৰাজ্যখন চলাথ কৰাৰ কথা আৰু শেষত কৈছিল তেজৰ দাগ লগা চোকা তৰোৱাল এখন তেওঁ লুকুৱাই ৰখা ঠাইডোখৰৰ কথা৷
গছজোপাক সাবটি কথাখিনি কওঁতে তেওঁৰ চকুৰে পানী বৈ আহিছিল, যুবকজনে কন্দা দেখি শাৰী পাতি ৰৈ থকা বাকী মানুহবোৰে যুবকজনৰ ফালে আচৰিত হৈ চাই ৰৈছিল৷ গান গোৱা, কবিতা লিখা যুবকজনে ফুচফুচাই কোৱা কথাবোৰ কোনেও শুনা পোৱা নাছিল যদিও তেওঁৰ চকুৰ পানীবোৰ সকলোৱে দেখিছিল৷ কোনোৱে একো বুজি পোৱা নাছিল, তেওঁ কোৱা কথাবোৰ গছজোপাই বতাহত এৰি দিছিল নে নাই চাবলৈ সেইদিনা আনকি বতাহো মৰা নাছিল৷
চকুৰ পানী বন্ধ নোহোৱালৈকে বহুত সময় গছজোপাক সাবটি ধৰি এটা সময়ত যুবকজনে পিচলৈ নোচোৱাকে শাৰীত অপেক্ষাৰত মানুহবোৰক অতিক্ৰমি মূল পথৰ দিশে খোজ লৈছিল আৰু সেইসময়তে এটা আচৰিত ঘটনা ঘটিছিল৷ আকাশৰ পৰা তীব্ৰ শব্দৰ সৈতে চকু চাট মাৰি ধৰা বিজুলী এচাট পৃথিৱীলৈ নামি আহিছিল আৰু হতভম্ব মানুহবোৰৰ সন্মুখতে শিপাৰে সৈতে গছজোপাক জ্বলাই পেলাইছিল৷ ঘটনাৰ আকস্মিকতাত হতবাক মানুহবোৰক আচৰিত কৰি লাহে-লাহে শুকাবলৈ লোৱা গছজোপাৰ পাতৰ পৰা বিজুলীৰ শব্দতকৈ তীব্ৰ স্বৰত গৰজি উঠিছিল এটা বাক্য “ৰজাই তেজ খালে, ৰজাই তেজ খালে৷”
যুবকজনে তেতিয়াও পাচলৈ ঘূৰি চোৱা নাছিল৷ মানুহবোৰে নিজৰ মাজতে কোৱা-কুই কৰিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁ নিজৰ গাঁৱৰ ফালে খোজৰ গতি বঢ়াবলৈ আৰম্ভ কৰিছিল৷ বিজুলীৰ আঘাটত মৰি যোৱা গছজোপাৰ স্থানত যদিও সেইসময়ত থাকি গৈছিল এখিনি ক’লা ছাই আৰু এক আকাশ নীলাভ শূন্যতা, কাপোৰ-কানি ক’লা হোৱা মানুহবোৰে নিজ-নিজ ঘৰলৈ উভতাৰ সময়ত লক্ষ্য কৰিছিল, ক’লা ছাইৰ মাজতে দুখিলা কুঁহিপাতেৰে এটা সৰু পুলি ৰ’দৰ পোহৰত জিলিকি উঠিছে৷৷