তিনিখন সদ্য প্ৰকাশিত গ্ৰন্থৰ খবৰ ।। মীনাক্ষী বৰুৱা
ৰেইকি- বিজ্ঞান নে অবিজ্ঞান
এই গ্ৰন্থখনিৰ লেখক ড০ বৰ্ণালী বৰুৱা দাস। ৰেইকি বিষয়ক মুঠ সাতোটা লেখাৰে গ্ৰন্থখনি সংকলিত কৰা হৈছে। সাধাৰণ মানুহৰ সৰল বিশ্বাস আৰু অজ্ঞানতাৰ সুযোগ লৈ এচাম ধূৰ্ত লোকে মন ভুলোৱা বিজ্ঞাপনেৰে কেনেকৈ ৰোগীক আভুৱা ভাৰে আৰু পৰৱৰ্তী সময়ত আৰ্থিকভাৱে জুৰুলা কৰে তাকেই তথ্য আৰু যুক্তিপূৰ্ণভাৱে সকলোৰে বোধগম্য হোৱাকৈ লেখকে গ্ৰন্থখনিত বৰ্ণনা কৰিছে। বিপদত পৰিলে পৰিত্ৰাণৰ উপায় হিচাপে সমুখত যি পায় তাকেই খামুচি ধৰাটো মানুহৰ স্বাভাৱিক প্ৰৱণতা। বিচাৰ-বিবেচনা অথবা যুক্তিৰ ভেটি দুৰ্বল হ’লে মানুহ সহজ বিধানৰ প্ৰতি তৎক্ষণাৎ আকৰ্ষিত হয়। দেখিও নিশিকা-ঠেকিও নুবুজা মানুহেৰে সমাজ ভৰি থকা বাবেই আমাৰ দেশত অন্ধবিশ্বাস-কুসংস্কাৰ আদিৰ ৰমৰমীয়া ব্যৱসায় চলে। এই গ্ৰন্থখনিত বিগত কেইটামান বৰ্ষৰ ভিতৰতে দ্ৰুত গতিত সমাজত বিয়পি পৰা ৰেইকি কি, মানুহৰ দেহত ৰেইকি শক্তিৰ প্ৰভাৱ সত্য নে প্ৰৱঞ্চনা, সামাজিক মাধ্যমত ইয়াৰ প্ৰভাৱ, বিজ্ঞানে কি কয়, আইনে কি কয়, ৰেইকিৰ ইতিহাস আৰু ৰাজনীতি আদি বহল পৰিসৰক সামৰি বৈজ্ঞানিক দৃষ্টিকোণেৰে বিষয়টোৰ আলোচনা কৰা হৈছে। গ্ৰন্থখনি প্ৰকাশৰ উদ্দেশ্য হৈছে সাধাৰণ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু কোনো মানুহেই যাতে এনে ভুৱা চিকিৎসাৰ বলি হ’ব লগা নহয় তাৰ প্ৰতি সতৰ্ক কৰি তোলা। গ্ৰন্থখনিত ৰেইকিৰ লগতে বেজালি, ফেংছুই, এক্সেছ বাৰ, টেৰ’ট কাৰ্ড ৰিডিং, নিউমাৰ’ল’জী আদিৰো উত্থানৰ আঁৰৰ কাৰকবোৰ বৈজ্ঞানিক দৃষ্টিকোণেৰে আলোচনা কৰা হৈছে। বিজ্ঞাপনে কোৱা কথাবোৰ সঁচানে, চকুৰ সমুখত দেখুওৱা প্ৰমাণবোৰৰ আঁৰৰ ৰহস্য কি, স্পৰ্শ চিকিৎসাৰ দেহ-মানসিক প্ৰভাৱ, উপকাৰ-অপকাৰ আদি বিষয়বোৰৰ যুক্তিযুক্ত ব্যাখ্যাই পাঠকক এই বিষয়ে ভাবিবলৈ নিশ্চয় বাধ্য কৰাব। মানুহৰ শৰীৰত স্পৰ্শৰ প্ৰভাৱৰ কথা লেখকে নুই কৰা নাই। ইয়াৰ বৈজ্ঞানিক ভিত্তিৰ কথাও উল্লেখ কৰা হৈছে। তেনেদৰেই ৰেইকি হিলাৰৰ স্পৰ্শতো দুৰ্বল মনৰ ৰোগীয়ে সাময়িকভাৱে মানসিক সকাহ নিশ্চয় লাভ কৰিব পাৰে। কিন্তু ৰেইকিয়ে ইয়াক সাধাৰণ স্পৰ্শ বুলি নকৈ ‘উৰ্জা’, ‘মহাজাগতিক প্ৰাণশক্তি’, ‘সপ্ত চক্ৰ ‘ আদি বিজ্ঞান বিজ্ঞান গোন্ধোৱা অবৈজ্ঞানিক শব্দৰ সংযোগেৰে ৰোগীক যে চলনা কৰে সেই কথা ৰোগীয়ে নাজানে। এই প্ৰসংগত লেখকে “প্লেচিব’ প্ৰভাৱ” অৰ্থাৎ নিচুকণিৰ দেহ-মানসিক প্ৰভাৱৰ কথাও উল্লেখ কৰিছে। সৰু-সুৰা ৰোগ বা সমস্যাত যেনেকৈ placebo medicine ব্যৱহাৰ হয় তেনেকৈ ৰেইকি হিলাৰৰ নিচুকণিমূলক চিকিৎসাৰ দ্বাৰাও কিছুমান সৰু-সুৰা ৰোগৰপৰা আৰোগ্য লভা সম্ভৱ। ইয়াত ক্ৰিয়া কৰে কেৱল ৰোগীৰ মনত উদয় হোৱা বিশ্বাসেহে। চিকিৎসাই নহয়। এই প্ৰসংগত এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিবলৈ মন গৈছে। এসময়ত উচ্চ ৰক্তচাপৰ সমস্যাই মোক বাৰুকৈয়ে ভোগাইছিল। মই নাজানিছিলোঁ গেছৰ সমস্যাৰ সৈতে মূৰৰ বিষ আৰু মূৰৰ বিষৰ সৈতে ৰক্তচাপৰো এটা সম্পৰ্ক থাকে। মোৰ যেতিয়া মূৰ বিষাইছিল তাৰ লগে লগে ৰক্তচাপো বৃদ্ধি হৈছিল আৰু ভয়তে চিকিৎসালয়ত ভৰ্তি হৈছিলোঁগৈ। কোনো ডাক্তৰে মোক বুজাই দিয়া নাছিল ৰক্তচাপ বৃদ্ধিৰ প্ৰকৃত কাৰণ কি। চিকিৎসালয়ত কেৱল এটাৰ পিছত এটাকৈ অদৰকাৰী পৰীক্ষাবোৰ কৰিছিল। এদিন ডাক্তৰ শশাংক বৰুৱাক কথাখিনি জনালোঁ। তেখেতে হাঁহিলে। ক’লে, “কেৱল মূৰৰ বিষেই নহয়, শৰীৰৰ যিকোনো অসুখ, পেটৰ অসুখ, জ্বৰ, দুশ্চিন্তা আদিৰ বাবেও ৰক্তচাপৰ বঢ়া-টুটা হ’ব পাৰে। ই সাময়িক।” এই কথাষাৰ মোৰ বাবে ঔষধৰ সমতুল্য আছিল। এয়া প্ৰায় দহ বছৰৰ আগৰ কথা। ডাঃ শশাংক বৰুৱাৰ এষাৰ মাত্ৰ কথাই মোক এই সমস্যাৰপৰা উদ্ধাৰ কৰিলে। আচলতে সঠিক চিন্তাও এক ঔষধ। ইয়াত “মহাজাগতিক শক্তি”, “উৰ্জা” বা “সপ্ত চক্ৰ” কেৱল ব্যৱসায়িক শব্দ। লেখকে লিখিছে, “যিখন সমাজত কুসংস্কাৰৰ প্রকোপ বেছি সেইখন সমাজত নিউৰটিক ৰোগৰ প্রকোপো বেছি। আমাৰ দৰে ধৰ্মৰ প্ৰবল প্রভাব থকা সমাজত স্বাভাৱিকতেই মানুহৰ মনবোৰ ধৰ্ম বিশ্বাসে অযৌক্তিক, বিজ্ঞানবিমুখ আৰু অদৃষ্টবাদী কৰি তোলে। এনেকুৱা মনবোৰ মানসিক ৰোগ অংকুৰণৰ উৰ্বৰ ক্ষেত্ৰ।”
ভাৰতীয় আইনত অবৈজ্ঞানিক চিকিৎসাৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা আছে। তেনে কেতবোৰ আইনৰ বিষয়ে আৰু আইনী ব্যৱস্থা ল’ব খোজা পদ্ধতিৰ বিষয়ে গ্ৰন্থখনিত আলোচিত হৈছে। কোনো ভুক্তভোগীৰ বাবে ই সহায় হ’ব বুলি আশা কৰিব পাৰি।
যিকোনো পণ্য বিক্ৰীৰ ক্ষেত্ৰত ব্যৱসায়ীয়ে অতি সৌজন্যতাৰে এটা কৌশলী বাক্য প্ৰয়োগ কৰা সাধাৰণতে শুনা যায়, “এবাৰ ব্যৱহাৰ কৰি চাওক”! লেখকে লিখিছে, ৰেইকিৰো একেই পদ্ধতি। প্ৰথম প্ৰশিক্ষণত ১৫০০ টকা, চিকিৎসকে ভাল কৰিব নোৱৰা ৰোগত ২১০০ বা তাতোধিক টকা, তাৰপিছৰ খৰচ ঘণ্টা হিচাপত। কিন্তু ৰোগীক কেতিয়াও কোৱা নহয়, ৰেইকিৰ জনক মিকাই উশুইয়ে নিজৰ ২২ বছৰীয়া পুত্ৰক ৰেইকি পদ্ধতিৰে মৃত্যুৰপৰা বচাবলৈ সক্ষম হোৱা নাছিল। তাতোকৈ ডাঙৰ কথা মানুহৰ সমস্ত সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া স্বয়ং উশুইৰে মৃত্যু হয় ষ্ট্ৰ’কত।
এই গ্ৰন্থখনি মূলতঃ অন্ধবিশ্বাসত নিমজ্জিত আৰু বিভ্ৰান্ত সমাজলৈ এক দৰকাৰী অৱদান। দৰিদ্ৰতা, অতিমাত্ৰা মানসিক চাপ, ব্যয়বহুল চিকিৎসা সেৱা, খাদ্যবস্তুৰ চ’ৰাদাম আদিৰ ফলত প্ৰতিনিয়ত দুৰ্ভোগ ভুগি থকা মানুহক এনেবোৰ প্ৰৱঞ্চনাই নাজল-নাথল নকৰক বুলিয়েই লেখিকাৰ এই অধ্যয়নপুষ্ট শ্ৰম।
গ্ৰন্থখনি প্ৰকাশ কৰা হৈছে মুক্ত চিন্তা প্ৰকাশন আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ যুটীয়া সহযোগত। মুদ্ৰণ সম্পৰ্কত দুটামান কথা নক’লে দোষে চুব। ৮৩ পৃষ্ঠাৰ এই গ্ৰন্থখনিৰ ক্ৰয় মূল্য ধাৰ্য কৰা হৈছে ২৩০ টকা। সাধাৰণতে কিতাপ এখনৰ পৃষ্ঠা সংখ্যাৰ হিচাপতে মূল্য ধাৰ্য কৰা দেখা যায়। তেনেক্ষেত্ৰত এই মূল্য যথেষ্ট বেছি হোৱা যেন অনুভৱ হ’ল। ইয়াৰোপৰি আগকথাৰ বৰ্ণাশুদ্ধিয়ে ঘনে ঘনে উজুটি খুওৱাত প্ৰকাশকক কথাটো অৱগত কৰা হ’ল। প্ৰকাশকে আন্তৰিকতাৰে কথাখিনি শুনি তাৎক্ষণিকভাৱে কিতাপখনৰ পৰৱৰ্তী সংস্কৰণত সেইখিনি শুধৰোৱাৰ ব্যৱস্থা কৰি থকাৰ কথা জনালে। সকাহ পালোঁ।
মগজুত তলা মৰা থাকক
প্ৰগতিশীল কাব্য-অনুবাদৰ ক্ষেত্ৰখনত সম্প্ৰতি বিতোপন গগৈ এক চৰ্চিত নাম। তেওঁৰ প্ৰথমখন অনুবাদ কাব্য সংকলন ‘সত্যৰ পেৰেলাইছিছ হৈছে’ৰ যোগেদি ইতিমধ্যে পাঠক সমাজত এক বিশেষ পৰিচিতি লাভ কৰিছে। ‘মগজুত তলা মৰা থাকক ‘ গ্ৰন্থখনি তেওঁৰ দ্বিতীয় কাব্য সংকলন। এই সংকলনখনিত দেশী-বিদেশী কবিৰ মুঠ ৬৩ টা প্ৰতিবাদী আৰু প্ৰেমৰ অনুদিত কবিতা সন্নিৱিষ্ট হৈছে। প্ৰতিবাদী কবিতাসমূহ মূলতঃ ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক দমন, বৈষম্য, শোষণ, অন্যায়-অবিচাৰ, স্বেচ্ছাচাৰ, ধৰ্মীয় ভেদভাৱ আদিৰ বিৰুদ্ধে এক গমগমীয়া আৱাজ। গ্ৰন্থখনিৰ প্ৰকাশক: প্ৰয়াস অধ্যয়ন চক্ৰ। শিৰোনামৰ কবিতা ‘মগজুত তলা মৰা থাকক’ৰ মূল কবি আদম গ’ণ্ডৱি এজন পুৰস্কাৰপ্ৰাপ্ত ভাৰতীয় হিন্দী কবি। তেওঁৰ কবিতাসমূহে মূলতঃ প্ৰান্তীয় জাতি আৰু দলিত শ্ৰেণীৰ দুৰ্দশাৰ ছৱি অংকিত কৰে। ইয়াৰোপৰি দুৰ্নীতিগ্ৰস্থ ৰাজনীতিৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ বাবেও তেওঁ পঢ়ুৱৈৰ মাজত সমাদৃত। দেশৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাপনাক লৈ কবিৰ মনত তীব্ৰ ক্ষোভ। তলত শিৰোনামৰ কবিতাটোৰ দুটা স্তৱক উল্লেখ কৰা হ’ল –
“দুচকুত কাপোৰ বন্ধা আৰু
মগজুত তলা মৰা থাকক
সময়ৰ সোঁত নিজৰ মতে বৈ থাকক
বিচৰা খ্যাতি যেনেকৈয়ে নহওক আহি থাকক
অহা দিনবোৰত লাগিলে বাতৰিকাকতত
ঋণ কেলেংকাৰীৰ কথা ওলায়ে থাকক”
কাব্যিক শব্দেৰে প্ৰকাশ কৰা সাম্প্ৰতিক সময়ৰ এই ছবিখন কাৰো অচিনাকী নহয়। অনুবাদকে মূল কবিতাৰ মৰ্মাৰ্থ উপলব্ধি কৰি যথোচিত শব্দৰ প্ৰয়োগেৰে প্ৰতিটো কবিতাৰে সাৱলীল অনুবাদ কৰিছে।
অন্য এটা কবিতাৰ কথা কওঁ। কবিতাৰ শিৰোনাম “নতুন মধ্যযুগ”। কবি বিহাগ বৈভৱ। তেওঁ বাৰানসী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। নবপ্ৰজন্মৰ এই সম্ভাৱনাপূৰ্ণ কবিজন ভাৰতভূষণ আগৰৱালা পুৰস্কাৰেৰে সন্মানিত। তেওঁৰ “নতুন মধ্যযুগ” নামৰ কবিতাটিত সময়ে কঢ়িয়াই অনা মনস্তত্ত্বৰ স্খলনৰ ছবিখন জলজল-পটপটকৈ জিলিকি উঠিছে।
“..নতুনে যেতিয়া বলাৎকাৰী আৰু হত্যাকাৰীবোৰক মালা পিন্ধাইছিল
পুৰণিয়ে তেতিয়া হাতত ধৰিছিল
দুহেজাৰ চৈধ্যই যেতিয়া স্বাধীনতাৰ শুভকামনা দিছিল
উনৈছ শ সাতচল্লিছৰ তেতিয়া হাঁহি উঠিছিল..”
গ্ৰন্থখনিত সংকলিত হৈছে সাম্যবাদৰ স্ৰষ্টা কাৰ্ল মাৰ্ক্সৰো এটা কবিতা – “সংঘাতত সুখ আছে”। চৰকাৰী শোষণ আৰু দমনৰ বিৰুদ্ধে মাৰ্ক্সৰ দীৰ্ঘকালীন অধ্যয়নৰ ফলশ্ৰুতিত উদ্ভৱ হৈছিল কনফ্লিক্ট থিয়ৰি। এই কবিতাটি যেন মাৰ্ক্সৰ মনৰ সেই ধুমুহাৰে ফচল। শাসকে জনগনৰ ওপৰত জাপি দিয়া ফোপোলা, উদ্দেশ্যহীন, লক্ষ্যহীন জীৱনৰ বিৰুদ্ধে ৰচিত এই কবিতাটিৰ শেষ পংক্তিটোৱে সমাজ-বাস্তৱতাৰ ছবিখন স্পষ্টকৈ তুলি ধৰিছে –
“আমি আকাংক্ষা, আক্ৰোশ, আৱেগ
আৰু অভিমানেৰে জীয়াই থাকিম।
আমি প্ৰকৃত মানুহৰ দৰে জীয়াই থাকিম।”
মুন্সী প্ৰেমচান্দ, গুলজাৰ, হো চি মিন, ৱিলফ্ৰেড’ ডেৰেকিট’ প্ৰমুখ্যে ন-পুৰণি, জ্ঞাত-অজ্ঞাত মুঠ পঞ্চাশজন কবিৰ কবিতাৰ অনুবাদেৰে গ্ৰন্থখনি সংকলিত কৰা হৈছে। প্ৰতিবাদী কবিতাৰ মাজত প্ৰেমৰ কবিতাৰ অন্তৰ্ভুক্তি প্ৰসংগত অনুবাদকে উল্লেখ কৰিছে, “কোৱা হয় যে প্ৰেম আৰু বিপ্লৱ নলে-গলে লগা। সেয়ে দুই এটা প্ৰেমৰ কবিতাও অনুবাদ কৰা হৈছে।” প্ৰেমৰ কবিতাৰ ভিতৰত প্ৰগতিশীল লেখিকা অমৃতা প্ৰীতমৰ “মই তোমাক আকৌ লগ পাম”, প্ৰগতিশীল উৰ্দু কবি ফেইজ আহমদ ফেইজ আৰু কাইফী আজমীৰ কবিতা উল্লেখযোগ্য। লগতে কুমুদ অনুঞ্জনাৰ সম-অধিকাৰৰ কবিতা “মোৰ কি আহে যায়” বিশেষভাৱে উল্লেখনীয় আৰু তাৎপৰ্যপূৰ্ণ।
১০৬ পৃষ্ঠাৰ এই গ্ৰন্থখনিৰ পৰিশিষ্টত প্ৰতিজন কবিৰে পৰিচিতি দাঙি ধৰা হৈছে। গ্ৰন্থখনিৰ মূল্য ২৫৫ টকা। কাগজ উন্নত মানৰ হ’লেও পৃষ্ঠাৰ তুলনাত এই কিতাপখনৰ মূল্যও অধিক হোৱা বুলি ভাব হ’ল। বৰ্ণাশুদ্ধিৰ দোষে এইখন কিতাপকো চুই গৈছে। উদাহৰণস্বৰূপে, “ঠিয়”(থিয়), “সিয়ে”(সীয়ে), “উভতে” (ওভতে), “চতিয়াই” (ছটিয়াই) ইত্যাদি। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অমনযোগীতা চকুত পৰিল। আশাকৰোঁ পৰৱৰ্তী সংস্কৰণত এই দুৰ্বলতাসমূহ আঁতৰ হ’ব।
ৰজাৰ ভয়
“প্ৰয়াস অধ্যয়ন চক্ৰ”ৰপৰা প্ৰকাশিত এই কাব্য গ্ৰন্থখনিৰ মূল কবি সঞ্জয় কুন্দন। কবিতাসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰিছে পল্লৱ হাজৰিকাই। কবিতাসমূহত বিষয়বস্তুৰ নিৰ্বাচন লক্ষণীয়। অনুবাদকে লিখিছে, “সঞ্জয় কুন্দনৰ কবিতাই বৰ্তমান সময়ত আমাৰ চাৰিওদিশে হৈ থকা বিদ্ৰূপ, বিপৰ্যয় আৰু পৰিবৰ্তনৰ অন্তৰ্ভাগলৈ লৈ যায় আৰু এনেকুৱা এটা দৃশ্যপটৰ সৃষ্টি কৰে য’ত আমি ৰাজনৈতিক ক্ষমতা, একনায়কত্ববাদী হিংস্ৰতা, ছলনাময়ীতা আৰু বিশেষকৈ মধ্যবিত্তীয় সংবেদনহীনতাক দেখিবলৈ পাওঁ।” গ্ৰন্থখনিত মুঠ ৬২ টা কবিতা একত্ৰ কৰা হৈছে। প্ৰতিটো কবিতাই দেশ, সমাজ আৰু ৰাজনীতিৰ ফোপোলা স্বৰূপটো পঢ়ুৱৈৰ সমুখত দাঙি ধৰিছে। চকু ৰৈ গ’ল এটা বিশেষ কবিতাত। কবিতাৰ শিৰোনাম “দৃষ্টিৰ পৰা বাহিৰত”।
“এনেকুৱা নহয় যে
সদায় টিভিত দেখি থকা
সেই বদ্ধমূল চেহেৰাৰ তাৰ্কিকসকলেই
দেশৰ আচল বিচাৰক
আৰু পৰিসংখ্যাকেই আওৰাই থকাসকল
কোনো মুখ্যমন্ত্ৰী এজনক
দেৱদূতৰ শাৰীলৈ উঠোৱা স্বেচ্ছাসেৱী
তেওঁলোকেই মহৎ অৰ্থনীতিবিদ”
“খেল”, “সুখী মানুহ”,”ৰজাৰ ভয়”কে আদি কৰি “প্ৰশ্ন”, “মিডিয়া”, “ৰজাৰ কঁপনি”, “ফেচিষ্ট সময়ত উৎসৱ”, “ভদ্ৰ সাম্প্ৰদায়িকতাবাদী”, “ঘৃণাৰ উদ্যোগ”, “চকু” আদি বহুকেইটা কবিতাই চমৎকৃত কৰিলে। বঞ্চনা, বিভেদ, বৈষম্য আৰু অন্য সামাজিক সমস্যাক কাব্যিক ভাষাৰে পোহৰাই তুলি মানুহৰ চেতনা জাগ্ৰত কৰাৰ অৰ্থেই কবিতাসমূহ ৰচিত। “সুখী মানুহ” কবিতাটোৱে সত্যক ঢাকি ৰাখি মিথ্যাৰ প্ৰচাৰ কৰা প্ৰদৰ্শনকামী চৰকাৰ আৰু চৰকাৰী প্ৰবক্তাসকলৰ প্ৰকৃত ছবিখন পাঠকৰ সমুখত উন্মুক্ত কৰি তুলিছে। শাসকে কয় দেশৰ শ্ৰীবৃদ্ধিৰ কথা, দেশ সমৃদ্ধিশালী হৈ উঠাৰ কথা। জনতাই কয়, “ইমান ভাল দিন কোনোকালেই অহা নাছিল”। আলোচনা হয় সুখৰ আৰু এনেকৈ ভবা হয় যেন দুখৰ আলোচনা নিষিদ্ধ কথা। শোষণ আৰু প্ৰৱঞ্চনাক বিচক্ষণতাৰে উদঙাই দিয়া এই কাব্যগ্ৰন্থখনি এদিন সময়ৰ দলিল ৰূপে নিশ্চয় চিহ্নিত হৈ উঠিব। একনায়কত্ববাদী শাসকৰ ভক্তিত গদগদ হৈ থকা মানুহবোৰৰ লালসাৰ প্ৰতি কবিৰ মনত তীব্ৰ ক্ষোভ জাগে। তেওঁলোকৰ বাবেই বাৰে বাৰে জিকি থাকে দেশৰ শতৰু। অথচ সেই মানুহবোৰ কবিৰ আপোন মানুহ। ব্যক্তিগত জীৱনৰ প্ৰয়োজনত যাক নস্যাৎ কৰা নাযায়। সমস্যা তাতেই।
ফেচিষ্ট ৰাজনৈতিক ব্যৱস্থাই মানুহৰ মানৱীয় অনুভূতিসমূহক কেনেকৈ শুকুৱাই আনে তাৰেই উদাহৰণস্বৰূপে “বিনিয়োগকাৰী” শিৰোনামৰ কবিতাটো উল্লেখ কৰিব পাৰি। কবিতাটিৰ শেষ স্তৱকটোত চকু ফুৰালেই এই ব্যৱস্থাৰ নিদাৰুণ ছবিখন দৃষ্টিগোচৰ হয় –
“কাৰোবাৰ ভাল বেয়াৰ খবৰ ল’বলৈ
তেওঁ যেতিয়া ফুলৰ তোড়া আৰু ফলৰ টোপোলা লৈ যায়
তেওঁ ভিতৰত আগন্তুক পঞ্চবাৰ্ষিক যোজনাৰ
নক্সা তৈয়াৰ হৈ থাকে
তেওঁ ভাবি থাকে এই ৰুগীয়া ব্যক্তিজনৰ দ্বাৰা
কেতিয়া আৰু কি কি কাম কৰাই ল’ব পৰা যাব।”
ন্যায়পালিকাত ন্যায়াধীশৰ ভূমিকাই মূখ্য। দোষী-নিৰ্দোষীৰ বিচাৰত ন্যায়াধীশৰ ৰায়দানৰ ওপৰতেই ভৰসা কৰা হয় আৰু ইয়েই প্ৰকৃত সত্য হিচাপে বিবেচিত হয়। অথচ বাস্তৱ ক্ষেত্ৰত এই ৰায়দান কাৰ্য্যতো দেখা যায় অনেক সুৰুঙা। গ্ৰন্থখনিত “ন্যায়াধীশ” শিৰোনামৰ দুটা কবিতা অন্তৰ্ভুক্ত হৈছে। দুয়োটা কবিতাই শ্লেষাত্মক।
এখন সুন্দৰ পৃথিৱীৰ সপোন দেখা সঞ্জয় কুন্দনৰ প্ৰতিটো কবিতাই শোষিত, বঞ্চিত, নিপীড়িত মানুহৰ ক্ষোভিত কণ্ঠ।
“সত্য আৰু প্ৰমাণৰ মাজত
এটা গভীৰ খাৱৈ আছে, মহাশয়
য’ত উৰি আছে বিশাল ডেউকাৰ আইনৰ ৰক্ষক
যি সংবিধান নহয় সেৱা কৰি আছে টকাৰ।”
আন এটা কবিতা “মিডিয়া”। মিডিয়া হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। মিডিয়াৰ কৰ্তব্য আৰু কৰ্তব্য-পালনৰ মাজত আকাশ-পাতাল পাৰ্থক্য সৰ্বজনবিদিত। প্ৰকৃততে শাসক আৰু জনতাৰ যোগাযোগৰ মাধ্যম মিডিয়া। মিডিয়াৰ হাতত প্ৰচুৰ শক্তি থাকে। শুদ্ধ-সত্য সাংবাদিকতাৰে মিডিয়াই সলাই পেলাব পাৰে দেশৰ নক্সা। কিন্তু বাস্তৱ বিপৰীত। কবিতাটোৰ এটা স্তৱকত লিখা হৈছে –
“সুখী আৰু সুৰক্ষিত হৈ থকাৰ ইয়েই একমাত্র উপায় যে ক্ষমতাৰ এটা আৱেষ্টনীৰ নাগৰিক হৈ যোৱা
এজন স্বেচ্ছাচাৰীৰ একোটা উগাৰত হাতচাপৰি বজোৱা
কোনো অপৰাধীৰ মূত্ৰ বিসর্জনত বিভোৰ হৈ যোৱা”
কবিতাসমূহৰ শব্দ-চয়ন আৰু লয় কিছু ৰুক্ষ। অৱশ্যে বক্তব্য স্পষ্ট। অৱশ্যে ক্ৰোধৰ বাবে ৰুক্ষ ভাষাৰেই প্ৰয়োজন। গ্ৰন্থখনিৰ কেঁচা বন্ধা জেকেট-বেটুপাতে পঠন কাৰ্য্যত ঘনে ঘনে ব্যাঘাত জন্মালে। পল্লৱ হাজৰিকাৰ অনুবাদ সুন্দৰ। প্ৰতিটো কবিতাতে মূল কবিতাৰ সৈতে একাত্মতা প্ৰতিফলিত হৈছে। অনুবাদকে কোৱাৰ দৰেই কবিতাসমূহে সাম্প্ৰতিক সমাজব্যৱস্থাক আঁহ ফালি বিশ্লেষণ কৰিছে। ১০৫ পৃষ্ঠাৰ এই গ্ৰন্থখনিৰ মূল্য ২৫৫ টকা।