কেন্দ্ৰীয় নিবন্ধ

অমলেন্দু গুহ : ব্যক্তিত্বৰ জলঙাৰে ।। প্ৰসেনজিৎ চৌধুৰী

(১)

প্ৰকৃতিৰ দৰে মানুহৰ ব্যক্তিত্বৰ পৃথিৱীখনো বাৰেবৰণীয়া। এইখন পৃথিৱীত আছে নম্ৰতাৰ মৃদুসুৰীয়া সোঁত, আছে দম্ভৰ সুউচ্চ পর্বত— বিচ্ছিন্নতাবোধৰ হিম-চেঁচা সমীৰণ আৰু সমাজ প্ৰীতিৰ উষ্ণ সূৰ্য্যালোকো তাত বিদ্যমান। এইবোৰৰ উপৰি তাত আছে মনৰ গহন গুহাত চলি থকা ইচ্ছা-অনিচ্ছাৰ আঁজোৰা-আঁজুৰিৰ অথিৰ অভিব্যক্তি। আমি অৱশ্যে এই বৈচিত্র্যময় আৰু জটিল জগতখনত সোমাই – দিগভ্রান্ত হৈ – আমাৰ লেখাৰ শিৰোনামটো অবান্তৰ কৰি পেলাব বিচৰা নাই। পিছে এই লেখাটোৰ বাট-চ’ৰাতেই এটা কথা থোৰতে উল্লেখ কৰা সমীচীন আৰু প্ৰাসংগিক হ’ব ইতিহাসকাৰ অমলেন্দু গুহৰ ব্যক্তিত্বত নম্ৰতাৰ নীৰৱ সোঁত আৰু গণমনস্কতাৰ উমাল উন্মেষ সদাবিদ্যমান। (আমাৰ সীমিত সামর্থ্যৰে দাঙি ধৰা এই পৰ্যালোচনাই অৱশ্যে গুহৰ ব্যক্তিত্বৰ কাব্যিক দিশটো সাঙুৰি লোৱা নাই।)

মস্তিস্কৰ টাইপৰ পৰা আৰম্ভ কৰি সুগভীৰ বিশ্ববীক্ষা— একাধিক কাৰকে ব্যক্তিত্বৰ গঠন আৰু বৰ্ধনত নানাভাৱে অৰিহণা যোগায়। কিছু লোক অচঞ্চল, সংযমী, একাগ্র আৰু অক্লান্ত পৰিশ্রমী। পাভলভীয় মনোবিজ্ঞানীসকলে মস্তিষ্কৰ টাইপ অনুযায়ী এনে ব্যক্তিত্বক ফ্লেগমেটিক (Phlegmatic) বোলে। (ধীৰেন্দ্রনাথ গঙ্গোপাধ্যায়, পাভলভ পৰিচিতি, দ্বিতীয় খণ্ড, কলিকাতা, ১৯৭৫,পৃঃ ১১২) অতীত-অধ্যয়নৰ একনিষ্ঠ সাধক অমলেন্দু গুহৰ সৈতে বাক-বিনিময় কৰা যি কোনো লোকে স্বীকাৰ কৰিব যে— পাভলভীয় পৰিভাষাত তেওঁৰ ব্যক্তিত্ব মূলতঃ ফ্লেগমেটিক। তেওঁৰ সংযত ৰচনা-শৈলী বা উত্তেজনা ৰহিত বিতৰ্ক পদ্ধতিতো সচৰাচৰ ব্যক্তিত্বৰ এই বৈশিষ্ট্য দেখা যায়। এয়া ব্যক্তিত্ব গঠনৰ এটা দিশহে আৰু — উনুকিয়াই থোৱা যুগুত হ’ব – এই বিজ্ঞান-নির্ভৰ বিষয় সন্দৰ্ভত আমাৰ জ্ঞান শোচনীয়ভাৱে সীমিত। ব্যক্তিত্ব গঠনত অন্য কিছুমান কাৰকৰো যেনে শ্ৰেণী-অৱস্থানৰ – ভূমিকা থাকে। এইবোৰৰ ভিতৰত এটা অতিশয় গুৰুত্বপূৰ্ণ কাৰক হ’ল বিশ্ববীক্ষা (world outlook)। বিশ্ববীক্ষাক মানুহৰ ব্যক্তিত্বৰ স্নায়ুকেন্দ্র আখ্যা দি কোৱা হৈছে …. a world outlook is the sum of a person’s ideas about the world and his own place in it, it is a totality of his scientific, philosophical, ethical, religious and esthetic convictions and ideals. It is the core, the nucleus of the human personality (G. Kirilenko / L. Korshunova, What is Personality? Moscow, 1989, P. 153 ), অমলেন্দু গুহৰ ব্যক্তিত্বৰ মূল্যায়নৰ ক্ষেত্ৰত এই বক্তব্যই নিশ্চয় যথেষ্ট সহায় কৰিব। গুহৰ কথা-বতৰা, কাম-কাজ, চিন্তা-চৰ্চা আৰু লিখা-মেলাৰ এটা প্ৰধান উৎস আছিল তেওঁ অত্যান্তিক আন্তৰিকতাৰে আত্মস্থ কৰি লোৱা বিশ্ববীক্ষা – মার্ক্সীয় সমাজ-দৰ্শন। গুহৰ ইতিহাস-চৰ্চাৰ পদ্ধতিৰ উপৰি তেওঁৰ ব্যক্তিত্বৰ একাধিক দিশত এই দর্শনে পৰোক্ষভাৱে হ’লেও সাঁচ বহুৱাইছিল বুলি অনুমান কৰিব পাৰি। তেওঁৰ বিশ্ববীক্ষা ধৰ্ম-সৰ্বস্ব হোৱা হ’লে – যদি তেওঁ বিশ্বাস কৰিলেহেঁতেন যে জগত আৰু জীৱনৰ ঘটনাপ্রবাহ ঈশ্বৰ-নিয়ন্ত্রিত, তেনেহ’লে তেওঁৰ সংগ্ৰামকামী ব্যক্তিত্বই নিশ্চয় অন্য ৰূপ ধাৰণ কৰিলেহেঁতেন। কোনে জানে, ইতিহাসকাৰ হিচাপে তেওঁ হয়তো প্লেণ্টাৰ-ৰাজৰ নেপথ্যত ঐশ্বৰিক ইচ্ছাৰ ইন্ধন বিচাৰি পালেহেঁতেন। ব্যক্তিত্বৰ নিৰ্মাণ আৰু বৰ্ধনৰ লগত বিশ্ববীক্ষাৰ প্ৰশ্নটো ক্ষেত্র বিশেষে কিমান গভীৰভাৱে সম্পৃক্ত তাৰ আভাস দিবলৈ বিষয়টো উনুকিয়াই থ’লোঁ।

(২)

সাধৰণীকৰণৰ জনপ্ৰিয় অথচ বিপজ্জনক প্ৰৱণতাৰ ফান্দত নপৰাকৈ আমি ক’ব পাৰোঁ যে একাংশ প্রতিষ্ঠিত/প্রতিষ্ঠাকামী মেধাজীৱীৰ মনত এক ধৰণৰ আত্মমুগ্ধতা (narcissism) লক্ষ্য কৰা যায়। নিজৰ জ্ঞান, ক্ষমতা তথা গুৰুত্ব সম্পর্কে এওঁলোকে উচ্চ ধাৰণা পোষণ কৰে — যাক অস্বাভাৱিক অহংমন্যতা (megalomania) বুলি অভিহিত কৰিব পাৰি। অসুস্থ প্রতিযোগিতা, অযুক্তিকৰ সন্দেহপ্রৱণতা, ঈৰ্ষা-তাড়িত/উগ্রতাজনিত আক্রমণ-প্রতিআক্রমণ এই চাম মেধাজীৱীৰ মাজত সুলভ। ব্যক্তিত্বক বিকাৰগ্রস্ত কৰা এই ধৰণৰ ব্যাধিৰ কোনো লক্ষণ কিন্তু আমি অমলেন্দু গুহৰ ব্যক্তিত্বত নাপাওঁ। তেওঁৰ মতাদৰ্শগত স্থিতি আছিল স্বচ্ছ, আপোচহীন আৰু দৃঢ়-প্রোথিত। অর্থনীতিবিদ অশোক মিত্ৰই এই দিশটোৰ ওপৰত আলোকপাত কৰি লিখিছে যে উত্তৰ-বিশ্বায়নৰ কালছোৱাত সমাজত নানা উত্থান-পতন ঘটিলেও গুহৰ মতাদর্শগত স্থিতি পূৰ্বৰ দৰে অটল অক্ষয় হৈ থাকিল : ‘He has not forsworn his early ideological beliefs. He remains what he was.’ (শিৱনাথ বৰ্মণ আৰু অন্যান্য সম্পাদিত, ঐতিহ্য আৰু ইতিহাস : অমলেন্দু অভিনন্দন গ্রন্থ, নলবাৰী, ২০০৫, পৃঃ ২৪৬) এই সশ্রদ্ধ মন্তব্যৰ অৰ্থ অৱশ্যে এই নহয় যে বিগত শতিকাৰ নব্বৈৰ দশকত জাতীয় আৰু আন্তর্জাতিক ক্ষেত্ৰত যি ৰাজনৈতিক পট-পৰিৱর্তনৰ সুচনা হৈছিল সি অমলেন্দু গুহৰ চিন্তা-ভাবনাৰ ওপৰত কোনো ৰেখাপাত কৰা নাছিল। এই দিশটোৰ বিষয়ে বোধহয় বিশেষ পৰ্যালোচনা হোৱা নাই। আদৰ্শৰ অবিচলতাৰ লগত কাম্য নমনীয়তা গুহই কেনেকৈ আৰু কিমান দূৰ আদৰি লৈছিল তাৰ স্বৰূপ চৰিত্ৰ অনুধাৱনাৰ্থে এনে পৰ্য্যালোচনাৰ প্ৰয়োজন অনস্বীকাৰ্য।

সি যি নহওক, গুৰুত্ব সহকাৰে উল্লেখনীয় বিষয়টো হ’ল, অটল-অক্ষয় প্রত্যয়-প্ৰমূল্যৰ লগত পাণ্ডিত্য, প্রতিষ্ঠা আৰু প্ৰজ্ঞাৰ সংযোগ ঘটিলেও স্থিতধী অমলেন্দু গুহৰ ব্যক্তিত্ব কিন্তু অনমনীয় মনোভাৱ, আত্মমুগ্ধতা বা অহংমন্যতাৰ কবলত পৰা নাছিল। গুহৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা লোকে এটা কথা ভালদৰে জানে – আপাতদৃষ্টিত তেওঁ চকুৰ ভাষা নির্লিপ্ত আৰু কথন-ভংগী আৱেগ-ৰহিত যেন লাগিলেও সামাজিক সম্পর্ক স্থাপনৰ বেলিকা তেওঁ আছিল উদাৰ, উমাল আৰু আন্তৰিক। স্বভাৱজাত গাম্ভীৰ্য্যৰ কাৰণে তেওঁৰ আত্মীয়তা তথা অনুৰাগৰ বাহ্যিক উত্তাপৰ পৰা বঞ্চিত হোৱা বুলি বহুতে ভাবিব পাৰে। সেইদৰে মতাদৰ্শগত বক্তব্য সন্দৰ্ভত কোনোবাই – বিশেষকৈ তেওঁৰ সৈতে মত-পার্থক্য / বিৰোধ থকা ব্যক্তি বা গোষ্ঠীয়ে তেওঁৰ মাজত যান্ত্রিকতা বা অনমনীয়তা বিচাৰি পাব পাৰে। কোৱা বাহুল্য যে এই বিধ বিচাৰ ক্ষেত্রবিশেষে বৈৰীমূলক বা বিশ্লেষাত্মকো হয়। দৃষ্টান্ত হিচাপে ইতিহাসকাৰ নিৰোদ কুমাৰ বৰুৱাৰ মন্তব্য উল্লেখ কৰা যায় ‘বঙ্গীয় আক্রমণক বাধা দিবলৈ বিচৰা অসমীয়াখিনি ড° গুহৰ মানত চৌভিনিষ্ট।’ (নিৰোদ কুমাৰ বৰুৱা, মোহিনী কলাৰ ছবি, গুৱাহাটী, ১৯৯৭, পৃঃ ৭০) অমলেন্দু গুহৰ ব্যাখ্যা-বক্তব্যৰ লগত কাৰোবাৰ যুক্তিসংগত মত-পার্থক্য/ বিৰোধ থাকিব পাৰে, তেওঁ দাঙি ধৰা কিছুমান মূল্যায়নৰ পূৰ্ণমূল্যায়ন বা সংশোধনৰ প্রয়োজনো কোনোবাই অনুভৱ কৰিব পাৰে, কিন্তু বিশিষ্ট ইতিহাসকাৰ বৰুৱাৰ গ্ৰন্থত আমি যি ভাষা আৰু ভংগীৰ পৰিচয় পাওঁ তাত বিজ্ঞজনোচিত সংযম আৰু সৌজন্য অনুপস্থিত। এই প্রসংগত বিশেষভাৱে বীক্ষনীয় বিষয় হ’ল, এই ধৰণৰ বিদ্বেষপূর্ণ সমালোচনাই অমলেন্দু গুহক উত্তেজিত বা আবেগপ্রৱণ কৰাৰ কোনো প্রমাণ আমি এতিয়ালৈকে পোৱা নাই। ব্যক্তিগত আলাপ-আলোচনাতো তেওঁ কোনোদিনেই আমাৰ আগত এই সন্দৰ্ভত অভিমান অভিযোগ কৰাৰ কথা মনত নপৰে। আচলতে যি বিতৰ্কৰ ফলত নতুন তথ্য, ব্যাখ্যা আদি উন্মোচিত হোৱাৰ সম্ভাৱনা নাই তেনে বন্ধ্যা বিতৰ্কৰ পৰা তেওঁ নিলগত থাকিব পাৰিছিল। এই প্ৰকাৰ বিৰল আত্ম-সংযম স্থিৰচিত্ত অমলেন্দু গুহৰ ব্যক্তিত্বৰ অন্যতম উজ্জ্বল বৈশিষ্ট্য।

এই কথা নিশ্চয় বহলাই কোৱাৰ সকাম নাই যে আত্মমুগ্ধ ব্যক্তিত্বই আত্ম-সমালোচনাক প্ৰশ্ৰয় নিদিয়ে। এওঁলোকৰ দৃষ্টিত নিজৰ ভুল বা সীমাবদ্ধতা স্বীকাৰ কৰাৰ অৰ্থই হ’ল আত্ম-অৱমাননা। ইতিপূর্বে আমি উনুকিয়াই আহিছোঁ যে অমলেন্দু গুহৰ ব্যক্তিত্বত এই অনিষ্টকৰ প্রৱণতা অবিদ্যমান। এই খিনিতে ব্যক্তিগত অভিজ্ঞতাৰ আলমত আমি এই দিশটোলৈ চকু দিব পাৰোঁ। গুহই এটা সাক্ষাৎকাৰত কৈছিল যে নৰনাথ শৰ্মাৰ ‘স্বাধীন অসম’ নামৰ পুথিখনত বিচ্ছিন্নতাবাদৰ পোষকতা কৰা হৈছে। (হেমন্ত বর্মন সম্পাদিত, জীৱন দৃষ্টি আৰু ভাবনা, গুৱাহাটী, ১৯৯৫, পৃঃ ৩৬) তেওঁ পৰিৱেশন কৰা তথ্যৰ ওপৰত ভেজা দি আমি দুই-এঠাইত কথাটো উল্লেখ কৰিলোঁ। পিছে নৰনাথ শৰ্মাৰ পুথিখনৰ দ্বিতীয় তাঙৰণ আমাৰ হাতত পৰাৰ পিছত দেখিলোঁ — পুথিখনৰ নাম ‘স্বাধীন অসম’ নহয়, ‘স্বাধীন অসমীয়া হে। তাত বিচ্ছিন্নতাৰ বিষয়টোও উত্থাপন কৰা হোৱা নাই। গুহই সাক্ষাৎকাৰত উল্লেখ কৰা তথ্যটো শুদ্ধ নহয় বুলি তেওঁক জনালোঁ। তথ্য-সন্ধানী ইতিহাসকাৰ গৰাকীয়ে কোনো দ্বিধা নোহোৱাকৈ সহজ-সুধীৰ ভংগীৰে ক’লেঃ “মই জানো ভুল কৰিব নোৱাৰোঁ? ভুলটো দেখুৱাই দিয়া। জ্ঞানৰ ভাণ্ডাৰ তেনেকৈয়ে বাঢ়ি যায়।’ কথাখিনি স্বনামধন্য গুহৰ নিৰহংকাৰ ব্যক্তিত্বৰ এক নির্মল নমুনা। সত্য এষণাৰ যি বৈজ্ঞানিক পদ্ধতি, য’ত তথ্যৰ প্রমাণিকতাৰ গুৰুত্ব সৰ্বাধিক সেই পদ্ধতিৰ প্ৰতি অকুণ্ঠ আনুগত্যও তেওঁৰ অহং-ৰহিত বক্তব্যত প্রকট। অমলেন্দু গুহৰ এখন বহুপঠিত গ্ৰন্থ “বৈষ্ণবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ’। এইখন গ্ৰন্থত গুহই মায়ামৰীয়া বিদ্ৰোহৰ আৰ্থ-সামাজিক পটভূমিৰ চৰিত্ৰ মার্ক্সীয় দৃষ্টিভংগীৰে বিচাৰ-বিশ্লেষণ কৰিছে। এই ব্যাখ্যা পণ্ডিত মহেশ্বৰ নেওগৰ মনঃপুত হোৱা নাছিল। গুহই নেওগৰ ওজৰ-আপত্তিৰ সীমাবদ্ধতা আঙুলিয়াই দেখুৱালেও তেওঁ খোলাখুলিকৈ কৈছে যে ‘নানা গুৰুত্বপূৰ্ণ তথ্যৰ বাবে আমি নেওগৰ ওচৰতো ঋণী।’ (অমলেন্দু গুহ, বৈষ্ণবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ, গুৱাহাটী, ১৯৯৩, পুঃ VI) নেওগৰ অসম্মতিৰ বিষয়টো উল্লেখ কৰি গুহই আত্ম-সমালোচনামূলক আত্ম-মূল্যায়নৰ আভাস দিবলৈ পিছ-হোঁহকা নাই: ‘তেওঁৰ [নেওগৰ] আপত্তি যদি তথ্যৰ বিকৃতি ঘটাই বিদ্ৰোহৰ অর্থনৈতিক ব্যাখ্যাৰ অতিসৰলীকৃত উপস্থাপনাৰ বিৰুদ্ধে, তেনেহ’লে সেই আপত্তি গ্রহণযোগ্য। আমাৰ কিছুমানৰ ৰচনাত অসতর্ক মুহূৰ্তত তেনে প্রৱণতাই ঠাই নোপোৱা নহয়।’ (উক্ত গ্রন্থ, পুঃ VI) এই প্ৰকাৰ অকপট-আন্তৰিক আত্মসমীক্ষণ মতাবদ্ধতা-মুক্ত আৰু অহং-ৰহিত ব্যক্তিত্বৰ পৰিচায়ক। (লক্ষণীয়, তেওঁৰ স্বীকাৰোক্তিয়ে সমমনস্ক অন্য লেখকৰ – ‘আমাৰ কিছুমানৰ’ — ৰচনাকো সাঙুৰি লৈছে।) সমসুৰীয়া বক্তব্য উল্লিখিত গ্ৰন্থখনৰ অন্তিমাংশতো পঢ়িবলৈ পাওঁ : যান্ত্ৰিক উপস্থাপনাৰ সলনি ‘পৰিস্থিতিৰ জটিলতা আৰু বৈচিত্র্যখিনি’ স্বীকাৰ কৰি লোৱাটোৱেই শ্রেয় বুলি কৈ গুহই লিখিছেঃ ‘এতেকে কিছুমান আসোঁৱাহ আমাৰ এই বিশ্লেষণতো থাকি গ’ল। এইবোৰ দূৰ কৰিবলৈ যত্ন কৰি থাকিব লাগিব। (উক্ত গ্রন্থ, পৃ: ৯৪) নিজৰ ব্যাখ্যা-বিশ্লেষণৰ সীমাবদ্ধতা সম্পর্কে অকপটচিত্তে ব্যক্ত কৰা এনে পক্ষপাতহীন মতামতৰ ওপৰত ভেজা দি আমি গুহৰ ব্যতিক্রমী ব্যক্তিত্বত ভুমুকি মাৰিব পাৰোঁ।

তেওঁৰ বহুচর্চিত বহুপঠিত গবেষণা গ্রন্থ ‘Planter Raj to Swarajৰ দ্বিতীয় সংশোধিত সংস্কৰণৰ পাতনিতো আমি কেতবোৰ সুস্পষ্ট- সুক্ষ্মদর্শী মূল্যৱান মতামত পঢ়িবলৈ পাওঁ। তেওঁৰ বৌদ্ধিক ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰা এনে এটা মত হ’ল ‘History-writing by others from their respective points of view will continue; and, in due course, I believe, a consensus will emerge that is established as the core of historical truth, my own findings inclusive. That, at the least, is my belief. (A. Guha, Planter Raj to Swaraj: Freedom Struggle and Electoral Politics in Assam, 1826-1947, New Delhi, 2006, p. xxi) সহিষ্ণুতাজনিত বিনয় আৰু সংযত আত্মপ্রত্যয়ৰ এক সুষম সমন্বয় এই মনন-সমৃদ্ধ উক্তিত সুস্পষ্ট।

মায়ামৰীয়া বিদ্ৰোহ বিষয়ক গ্ৰন্থখনত সন্মানীয় ঐতিহাসিকৰ অৱদানক সশ্রদ্ধ স্বীকৃতি দিবলৈ অমলেন্দু গুহই অকণো কার্পণ্য কৰা নাই। মহেশ্বৰ নেওগৰ ওচৰত ঋণ স্বীকাৰৰ বিষয়টো আমি ইতিমধ্যে উনুকিয়াইছোঁ। মায়ামৰীয়া বিদ্ৰোহৰ ‘বিশ্লেষণৰ পথিকৃৎ’ ৰূপে – অকুণ্ঠচিত্তে সূৰ্য্যকুমাৰ ভূঞালৈ সন্মান যাচি তেওঁ কৈছে : ‘আমি থূলমূলতে তেওঁৰ [ভূঞাৰ] পথকে অনুসৰণ কৰিছোঁ। কিন্তু, আমাৰ দৃষ্টিভংগী বেলেগ।’ (অমলেন্দু গুহ, পৃঃ৯৩) বাক্য দুটাত দুই ধৰণৰ মনোভাব প্রকট। প্রথমটোত প্রগাঢ় শ্রদ্ধা, দ্বিতীয়টোত দ্বিধাহীন বিসম্বাদ। যুক্তিপুষ্ট গুহই চোকা সমালোচনাৰ চাবুকেৰে ভূঞাৰ সীমাবদ্ধতাক গৰিহণা দিয়া নাই। তেওঁ কৈছে যে ভূঞা আছিল এডৱাৰ্ড গেইটৰ মন্ত্ৰশিষ্য। সেই গতিকে তেওঁৰ দৃষ্টিভঙ্গীত সীমাবদ্ধতা থাকি গৈছে – যেনে, প্রতিষ্ঠিত কর্তৃত্বৰ প্রতি আনুগত্য। (উক্ত গ্রন্থ, পুঃ৯৩) এই কথাত অৱশ্যে আচৰিত হ’বলগীয়া একো নাই। কিয়নো ‘The historian, before he begins to write history, is the product of history (E.H. Corr, What is History, Hanman dsworth, 1982, P. 40 ) । পিছে আমাৰ আলোচনাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ কথাটো হ’ল নিন্দা বা নস্যাৎপ্ৰৱণতা গুহৰ ভূঞা-মূল্যায়নত অনুপস্থিত। কোৱা বাহুল্য মূলতঃ বৌদ্ধিক সততাৰ বাবেই অমলেন্দু গুহই দৃষ্টিভঙ্গী সমধর্মী নোহোৱা সত্বেও, সূৰ্য্যকুমাৰ ভূঞা বা মহেশ্বৰ নেওগক যথাযোগ্য মৰ্য্যদা দিবলৈ তিলমানো সংকোচবোধ কৰা নাই। এই শ্লাঘনীয় উদাৰ্য্যৰ সৈতে তেওঁৰ উগ্ৰতা-মুক্ত ব্যক্তিত্বৰ সম্পৰ্ক নথকা নহয়।

(৩)

অমলেন্দু গুহৰ ৰচনা যিসকলে পঢ়িছে তেওঁলোক ঐতিহাসিক গৰাকীৰ মনন, চৰ্চা আৰু গদ্য-শৈলীৰ নিশ্ছিদ্র গাম্ভীৰ্য্যৰ সৈতে সুপৰিচিতি। গুহৰ সান্নিধ্যলৈ অহা সকলেও তেওঁৰ নিৰ্মোহ নিৰীক্ষণ, শব্দৰ সতৰ্ক ব্যৱহাৰ, অন্তর্ভেদী চাৱনি, শৰীৰৰ সুনিয়ন্ত্রিত ভাষা— এইবোৰ প্ৰত্যক্ষ নকৰাকৈ থকা নাই। এনে এগৰাকী গহীন ব্যক্তিত্বৰ গৰাকীৰ কথা-বতৰাত যে হাস্য-উদ্ৰেকাৰী বিষয় বা মন্তব্যই ঠাই পাব পাৰে সেই কথা বহুতেই বিশ্বাস কৰিবলৈ টান পাব। আমাৰ এই নাতিদীর্ঘ লেখাটোৰ শেষ খণ্ডত আমি গুহৰ ব্যক্তিত্বৰ এই প্ৰায়-অজ্ঞাত দিশটোৰ বিষয়ে কিঞ্চিৎ আভাস দিব বিচাৰিছোঁ। অলপ অস্বস্তিকৰ হ’লেও হাস্যৰসিক গুহৰ প্ৰসংগত ব্যক্তিগত অভিজ্ঞতাৰ কথা বাদ দিব পৰা নগ’ল।

গুৱাহাটীলৈ গ’লে বন্ধুবৰ ইন্দিবৰ দেউৰীক লগত লৈ অগ্রজপ্রতিম শ্রদ্ধেয় অমলেন্দু গুহৰ ঘৰলৈ যোৱাটো এসময়ত আমাৰ এক অভ্যাসত পৰিণত হৈছিল। এবাৰ ইন্দিবৰে তেওঁৰ এখন পুথি গুহক উপহাৰ দিলে। গুহই পুথিখনৰ পাত লুটিয়াই ইন্দিবৰৰ পিনে চাই ক’লে -“তুমি ইতিহাস ষ্টাডি কৰা মানুহ। তোমাৰ নামটো লিখিছা, অথচ চন-তাৰিখ নাই’। তাৰ পিছত স্মিত হাঁহি মাৰি নিৰ্দেশ দিলে – “চন- তাৰিখ লিখি দিয়া। কোনে জানে, মোক দিয়া এই কিতাপখনেই কেতিয়াবা তথ্যৰ উৎস হৈ পৰিব পাৰে। গুহৰ সূক্ষ্ম ৰসবোধৰ ৰসাস্বাদন কৰি ইন্দিবৰে মৰা প্ৰাণবন্ত হাঁহিটো আজিও পাহৰিব পৰা নাই। আৰু এবাৰ গুহৰ পুস্তক পৰিবেষ্টিত বৈঠকখানাত বহা মাত্ৰকে স্বভাৱসিদ্ধ স্বল্প-স্ফুট হাঁহি মাৰি তেওঁ ক’লে – ‘আজি পুৱা এজনে আহি এখন মৎস্য – পুৰাণ দি গ’ল’। ভাবিলোঁ, কোনো গুণগ্রাহীয়ে হয়তো তেওঁক মৎস্য – পুৰাণৰ অসমীয়া অনুবাদ দি গৈছে। কিন্তু আমাৰ অনুমান মিছা প্ৰমাণ কৰি স্মিত ভংগীৰে তেওঁ এখন পুথি দেখুৱালে। দেখিলোঁ, পুথিখনৰ বিষয়বস্তু মৎস্য পালন! এইখনেই গুহই উল্লেখ কৰা মৎস্য-পুৰাণ। এইখিনিতে ‘অমলেন্দু গুহ অভিনন্দন গ্রন্থৰ প্ৰস্তুতি পৰ্বৰ এটা আমোদজনক কথালৈ মনত পৰিছে। অভিনন্দন গ্ৰন্থ’ৰ বাবে আমি অনিমা গুহ বাইদেউক লেখা এটা দিবলৈ অনুৰোধ কৰিলোঁ। যথাসময়ত বাইদেৱে তেওঁলোকৰ অগতানুগতিক সংসাৰ সম্পৰ্কে এটা সুন্দৰ লেখা আমাক দিলে। এই লেখাটোত অমলেন্দু গুহৰ ব্যক্তিত্বৰ কেতবোৰ অধুনা-দুষ্প্রাপ্য বৈশিষ্ট্যৰ পৰিচয় বাইদেৱে সাৱলীলভাৱে দাঙি ধৰিছে। এইবোৰৰ ভিতৰত জীৱনৰ বৈষয়িক দিশটোৰ প্ৰতি গুহৰ নিশ্চল নির্লিপ্ততা অন্যতম। এদিন কথা প্ৰসংগত গুহক ক’লোঁ যে অভিনন্দন গ্রন্থৰ কাৰণে তেওঁলোকৰ ব্যতিক্রমী দাম্পত্য জীৱনৰ বিষয়ে বাইদেৱে এটা লেখা দিছে। তেওঁ ততালিকে প্রশ্ন কৰিলে। – ‘বৰ বেছিকৈ গৰিহণা দিছে নেকি?” প্রশ্নটো কৰোঁতে তেওঁৰ মুখভংগীত দেখা গ’ল হাঁহিৰ অৰ্থপূৰ্ণ আভাস। এই ধৰণৰ সৰু-সুৰা কথাত প্ৰায়-অনুচ্চাৰিত ৰসবোধৰ ৰেঙণি স্পষ্ট।

হাস্যৰসৰ প্ৰসংগ সামৰাৰ আগতে গুহৰ মুখত শুনা এটা অতি ৰসাল ৰাজনৈতিক কৌতুকৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। (আমি যদিও কৌতুক বুলিছোঁ, আমোদজনক ঘটনাটো সঁচাও হ’ব পাৰে – অন্তত আংশিকভাৱে।) ১৯৮৮ চনত কলকাতাৰ Centre for Studies in Social Scienceৰ ভৱনলৈ গৈছিলোঁ অমলেন্দু গুহক দেখা কৰিবলৈ। প্ৰসংগক্ৰমে সত্তৰৰ দশকত নক্সাল আন্দোলনকাৰীয়ে বিদ্যাসাগৰ, ৰবীন্দ্ৰনাথ প্ৰমুখ্যে মনীষীসকলৰ মূৰ্ত্তিৰ ওপৰত চলোৱা আখেজমূলক আক্ৰমণৰ বিষয়টো ওলাল। গুহক ক’লো, মূৰ্তি ভঙাৰ সেই উষ্মাময় উগ্রতাক উদ্‌গনি দিছিল সৰোজ দত্ত (শশাংক) নামৰ নক্সালপন্থী তাত্বিকজনে – যাৰ মেজাজ আছিল ৰূঢ়, ভাব-ভাষা বিদ্বেষপূর্ণ আৰু ব্যংগাত্মক। আমাৰ এই মন্তব্য শুনাৰ লগে লগে গুহই সৰোজ দত্তৰ মন-মেজাজৰ আভাস দিবলৈ এটা কাহিনী ক’লে। সৰোজ দত্তৰ ব্যক্তিত্বৰ এটা দিশৰ ওপৰত আলোকপাত কৰা এই কৌতুকধর্মী কাহিনীটো এই ধৰণৰ- এবাৰ এগৰাকী আদর্শনিষ্ঠ কমৰেডে তেওঁৰ বিয়াৰ অভ্যর্থনালৈ সৰোজ দত্তক আমন্ত্ৰণ জনালে। যথাসময়ত দত্ত উপস্থিত হ’ল। ন-বোৱাৰীৰ মুখ দৰ্শনৰ উদ্দেশ্যে সন্মানীয় দত্তক কমৰেডে লৈ গ’ল। বোৱাৰীৰ পুৰুষসুলভ চেহেৰা পাতি দত্তৰ পছন্দ নহ’ল – তেওঁ হয়তো কাম্য কমনীয়তা তাত বিচাৰি নাপালে। অনুচ্চাৰিত আক্ষেপেৰে তেওঁ সদ্য-বিবাহিত কমৰেডক ক’লে – ‘এ কি ধৰনেৰ বৌমা আনলে কমৰেড’? অকণো অসন্তুষ্ট নহৈ দৃঢ়ব্ৰত কমৰেডে নিজৰ সিদ্ধান্তৰ সপক্ষে জোৰদাৰ যুক্তি দাঙি ধৰিলে ‘যাকে বিয়ে কৰেছি সে খুব ভালো শ্রমিক সংগঠক’। সৰোজ দত্তই ততালিকে ব্যংগ মিশ্রিত ভংগীৰে ক’লে – -“তাহলে তো মুজফ্ফৰ আহমদকে বিয়ে কৰলেই পাৰতে’। (আহমদ আছিল সেই সময়ৰ এগৰাকী আগশাৰীৰ কমিউনিষ্ট নেতা)। আপাদমস্তক গম্ভীৰ ব্যক্তি অমলেন্দু গুহৰ পৰা শুনা এই কৌতুকধর্মী কাহিনীৰ স্মৃতি আজিও কঢ়িয়াই লৈ ফুৰিছোঁ হর্ষান্বিতচিত্তে।

Leave a Reply

Your email address will not be published. Required fields are marked *